অসমৰ কুটীৰ শিল্প || অসমীয়া ৰচনা || Assamese Essay || Assam Board Exam
Discover a comprehensive Essay on “Handicraft in Assam” that explores the causes, impact, and measures to mitigate this recurring natural disaster. Enhance your understanding with detailed analysis and insights tailored to the SCERT Assam curriculum. Downloadable PDF available. Join AssamBoardExam.com for more educational resources.
Table of Contents
অসমৰ কুটীৰ শিল্প
আৰম্ভণি:
কুটীৰ শিল্পত অসম প্ৰাচীন কালৰে পৰা অতি চহকী। প্ৰাচীন কালৰে পৰা মানুহে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ নিজ হাতে সামান্য সা-সজুঁলিৰ সহায়ত প্ৰস্তুত কৰি লৈছিল। কল-কাৰখানা বা যন্ত্ৰ-পাতিৰ সহায়বিহীনভাৱে নিজ হাতেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ শিল্পকলাকে কুটীৰ শিল্প বোলে। অসমৰ সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত অতীতৰ পৰাই কুটীৰ শিল্পই এক বিশেষ অৰিহনা যোগাই আহিবলৈ সক্ষম হৈছে। আমাৰ অসমত এনে বহুতো শিল্প গঢ়ি উঠা দেখা যায়।
ইতিহাসত অসমৰ কুটীৰ শিল্প:
কেৱল ইতিহাসতেই যে কুটীৰ শিল্পৰ কথা উল্লেখ আছে, তেনে নহয়। মহাভাৰতৰ দৰে মহাকাব্যতো অসমৰ কুটীৰ শিল্পৰ বৰ্ণনা আছে। শ্ৰী মন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ সাত-খলপীয়া সিংহাসন খনো অসমীয়া থলুৱা শিল্পীয়ে মূৰৰ ঘাম মাটিত পেলাই সাজিছিল। অসমৰ কুটীৰ শিল্পৰ অনেক চানেকি যাদুঘৰত সংগ্ৰহ কৰি থোৱা আছে। আচলতে অসমৰ মানুহে এটা সময়ত নিজৰ প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰী নিজ হাতেৰে তৈয়াৰ কৰি লৈছিল। কুটীৰ শিল্পত চহকী দেশৰূপে এটা সময়ত বিদেশীৰ চকুত চমক লগাইছিল।
বৰ্তমান অসমৰ কুটীৰ শিল্প:
(ক) তাতঁশিল্প:
তাতঁশিল্প অসমৰ এটা প্ৰাচীন শিল্প। জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি প্ৰশংসা কৰি গৈছিল- : “ অসমীয়া শিপিনীয়ে তাতঁশালত সপোন ৰচে।“ তাতঁশালত বোৱা গামোচা আৰু মেখেলা-চাদৰে অসমীয়া শিপিনীৰ গৌৰৱ বৃদ্ধি কৰিছে।
(খ) ৰেচম শিল্প:
অসমৰ ৰেচম শিল্পৰ ক্ষেত্ৰত এৰি, মূগা আৰু পাট উল্লেখযোগ্য। অসমৰ এৰি-মূগাৰ কাপোৰে সমগ্ৰ বিশ্বতে সমাদৃত। অসমৰ শুৱালকুছি ৰেচম শিল্পৰ বাবে বিখ্যাত।
(গ) কাহঁ-পিতলৰ শিল্প:
কাহঁ-পিতল শিল্প অসমৰ এবিধ জনপ্ৰিয় কুটীৰ শিল্প। অসমীয়া লোকসমাজত কাহঁৰ কাঁহী-বাতি, চৰিয়া, বঁটা, শৰাই, গছা আদিৰ আদৰ আৰু সন্মান আজিও যথেষ্ঠ আছে। অসমৰ হাজো আৰু সৰ্থেবাৰী এই শিল্পৰ বাবে বিখ্যাত।
(ঘ) সোণ- ৰূপৰ অলংকাৰ:
সোণ- ৰূপৰ অলংকাৰ নিৰ্মাণত অসমীয়াক কোনেও চেৰ পেলাব নোৱাৰে। গামখাৰু, কেৰু, ডুগডুদি, জোনবিৰি, ঢোলবিৰি,, লোকাপাৰ, আঙুঠি অসমীয়াৰ অতি আপোন অলংকাৰ। বৰপেটা জিলা অসমীয়া অলংকাৰৰ বাবে বিখ্যাত।
(ঙ) ভাস্কৰ্য্য- স্থাপত্য শিল্প:
ভাস্কৰ্য্য- স্থাপত্য শিল্পটো অসমীয়াৰ নৈপুন্য চাবলগীয়া। নামঘৰৰ সিংহাসন, ভগৱানৰ মূৰ্তি, ভাওঁনাৰ মূখা আৰু বিভিন্ন বাদ্যযন্ত্ৰ নিৰ্মাণৰ মাধ্যমেৰে এইবিধ শিল্প জাকত জিলিকা হৈছিল। হাতী-দাঁতৰ শিল্পৰ ক্ষেত্ৰত বৰপেটাৰ নাম আছিল।
অৱনতিৰ কাৰণ:
অসমত ইমানবোৰ কুটীৰ শিল্প থকা সত্বেও অসম আৰ্থিক অনাতনত জৰ্জৰিত, উদ্যোগত অতিশয় পিছপৰা। যন্ত্ৰৰ উদ্ভাৱনা, অনুন্নত পৰিবহন, কেঁচামালৰ নাতনি, চৰকাৰৰ ক্ৰমাত কমি অহা সাহাৰ্য্য, বিদেশী বস্তুৰ চমক আদিয়ে কুটীৰ শিল্পৰ মৃত্যুৰ ঘণ্টা বজাইছে। আজিৰ পুৰুষেও কুটীৰ শিল্পক উদ্যোগ বুলি গ্ৰহণ নকৰে।
উন্নয়নৰ উপায় আৰু মন্তৱ্য:
এতিয়াও কুটীৰ শিল্পৰ ভৱিষ্যত শেষ হোৱা নাই। কুটীৰ শিল্পক পুনৰ জীৱন দিব পৰা যাব। শুৱালকুছিৰ বস্ত্ৰ শিল্পক অসমৰ বিভিন্ন ঠাইত লৈ যোৱাৰ ব্যৱস্থা কৰিব পৰা যাব। সৰ্থেবাৰীৰ কাঁহ শিল্পৰ ক্ষেত্ৰটো একে কথা প্ৰযোজ্য। সকলোৱে হাতে-কামে লাগিলে অসাধ্য সাধন নিশ্চয় হ’ব।
সামৰণি:
কুটীৰ শিল্প আমাৰ ৰাজ্য আৰু অসমৰ মানুহৰ সুন্দৰ পৰিচয়। কাৰো ওপৰত নিৰ্ভয় নকৰাকৈ ঘৰতে যদি সামগ্ৰী তৈয়াৰ কৰি নিজকে স্বাৱলম্বী কৰিব পৰা যায়। তেন্তে নিবনুৱা সমস্যাও কিছু পৰিমাণে দূৰ হ’ব। ইয়াতকৈ আৰু ভাল কথা কি হ’ব পাৰে?
For More details check our Youtube Channel Assam Board Exam