Assam Board Exam

Class 12 Political Science Chapter 9 গোলকীকৰণ বা বিশ্বায়ন

Class 12 Political Science Chapter 9 in Assamese Medium গোলকীকৰণ বা বিশ্বায়ন – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

Class 12 Political Science Chapter 9 গোলকীকৰণ বা বিশ্বায়ন || সমসাময়িক বিশ্ব ৰাজনীতি All Question Answer


দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড

গোলকীকৰণ বা বিশ্বায়ন

1. বিশ্বায়ন বুলিলে কি বুজা? ইয়াৰ গুৰুত্বপূর্ণ প্ৰত্যাহ্বানসমূহ আলোচনা কৰা।

উঃ- অতি সাধাৰণ ভাষাত বিশ্বায়ন হৈছে এখন দেশৰ অর্থনীতি বিশ্ব অর্থনীতিৰ লগত সংযোগকৰণ বা অর্থনৈতিক সংযোগীকৰনৰ জৰিয়তে শ্রম, মূলধন, ধাৰণা তথা মানৱ মস্তিষ্কৰ  বিশ্বজনীন প্রবাহ। সাধাৰণতে বিশ্বায়নে দেশ বা অঞ্চলৰ সীমা অতিক্রম কৰি কোনো এখন দেশৰ ৰাজনীতি, অর্থনীতি বা সংস্কৃতি পৃথিৱীৰ অন্যবোৰ দেশৰ সৈতে সংযুক্ত আৰু নিৰ্ভৰশীল হোৱা গোটেই পৰিস্থিতি আৰু প্রক্রিয়াটোক বিশ্বায়ন নামেৰে অভিহিত কৰা হয়।

যদিও বিশ্বায়নে পৃথিৱীৰ ৰাষ্ট্ৰসমূহক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে, তথাপি ইয়াৰ প্রভাৱত সাধাৰণ জনগণৰ জীবন বহু ক্ষেত্রত প্রত্যাহ্বানৰ সম্মুখীন হৈছে। তলত সেই সম্পর্কে আলোচনা কৰা হল –

(i) নিৱনুৱা সমস্যা বৃদ্ধিঃ- বিশ্বায়ণৰ ফলত পুজিপতি শ্রেণীৰ পুঁজি অধিক বৃদ্ধি হৈছে যদিও এনে ব্যৱস্থাই কর্ম সংস্থাপন হীনতাৰ লগতে বহু ক্ষেত্ৰত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে। যিয়ে দেশৰ অর্থনীতিৰ লগতে ৰাজনৈতিক ব্যৱস্থাটোত বিৰূপ প্রভাৱ পেলাইছে।

(ii) কৃষ্টি-সংস্কৃতি আৰু জাতীয় স্বকীয়তাৰ ধ্বংস:- বিশ্বায়নৰ আন এটা শুৰুত্বপূর্ণ প্রত্যাহ্বান হৈছে কৃষ্টি-সংস্কৃতি আৰু স্বকীয়তাৰ ধ্বংস। বিশেষকৈ তৃতীয় বিশ্বৰ উন্নয়ন আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহ এই ক্ষেত্রত বৰকৈ ক্ষতিগ্রস্ত হৈছে।

(iii) ধনী-দুখীয়াৰ মাজৰ পার্থক্য বৃদ্ধিঃ- বিশ্বায়ণৰ ফলত মুক্ত বজাৰ ব্যৱস্থাৰ সৃষ্টি হৈছে । এনে ব্যৱস্থাৰ মুক্ত প্রতিযোগিতাক প্রাধান্য দিয়া হয়। যাৰ ফলত  ধনী সকল অধিক ধনী আৰু দুখীয়াসকল অধিক দুখীয়া হৈ গৈ থাকে।

(iv) ৰাষ্ট্ৰসংঘৰ নীতি নিয়মক প্ৰভাৱ – বৰ্তমান সময়ত ৰাষ্ট্রসংঘ এক অতি গুৰুত্বপূর্ণ আন্তঃ ৰাষ্ট্ৰীয় অনুষ্ঠান। এই সৰ্ব বৃহৎ আন্তঃ ৰাষ্ট্রীয় সন্থা টোৱে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ কাৰণে কাম কৰি আহিছে। কিন্তু বিশ্বায়নৰ ফলত অধিক প্ৰভাৱশালী হৈ পৰা আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নীতি-নিয়ম উলংঘা কৰিবলৈ কুণ্ঠাবোধ নকৰে।

(v) জাতীয় ৰাষ্ট্রৰ ধাৰণাক অস্বীকাৰঃ- বিশ্বায়ণে জাতীয় ৰাষ্ট্রৰ ধাৰণাক বাধাগ্রস্ত কৰিছে। কিয়নো ই সমগ্র বিশ্বকে এখনে গোলকীয় গাঁৱত পৰিণত কৰিছে।

ওপৰত উল্লেখ কৰা ধৰণে বিশ্বায়নে বিশ্বৰ ৰাষ্ট্ৰ সমূহৰ মাজত ব্যাপক প্রত্যাহ্বান সৃষ্টি কৰিছে। বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ওপৰত আন্তঃ ৰাষ্ট্রীয় বাণিজ্য আৰু বিনিয়োগ ব্যৱস্থা উন্নত হৈছে যদিও কিছু ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ নিজস্ব নীতি-নিয়মক বিসর্জন দিব লগা হৈছে।

2. বিশ্বায়ণৰ দুটা কাৰণ লিখা।

 উত্তৰ i) প্রযুক্তিবিদ্যাষ প্রয়োগ আৰু প্রসাৰে (টেলিভিছন, ডাক-টাঁৰ, ইন্টাৰনেট, ছপাশাল) বিশ্বায়নৰ প্রবাহক খৰটকীয়া কৰিছে।

ii) পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ ধ্যান-ধাৰণাক, মূলধন, দ্রব্য সামগ্রী মানৱ মস্তিষ্ক তথা জন সমষ্টিত প্রবাহ বা গতি খৰটকীয়া হোৱাটো বিশ্বায়ণৰ আন এটা কাৰণ।

3. বিশ্বায়নৰ ফল শ্রুতিসমূহ আলোচনা কৰা।

উঃ- বিশ্বায়নৰ ধাৰণাই সাধাৰনতে পৃথিৱীৰ কোনো এক প্রান্তৰ ৰীতি-নীতি তথা ধ্যান ধাৰণা আন এক প্রান্তলৈ হোৱা গতি, দুখন বা তাতোধিক ঠাইৰ মাজৰ পুঁজিৰ বিনিয়োগ, এখন দেশৰ উৎপাদিত সামগ্রী আন এখন দেশৰ বজাৰত মুকলি, জীৱিকাৰ সন্ধানত এখন ঠাইৰ মানুহ আন এখন ঠাইলৈ চলাচল, কোনে এখন সমাজৰ কৃষ্টি-সংস্কৃতি আন কোনো সমাজৰ জনসাধাৰণৰ দ্বাৰা অনুকৰণ ইত্যাদিৰ এক অবিৰত প্ৰবাহক বুজায়। ই হৈছে এক বহুমুখী প্রক্রিয়া যাক কেৱল অর্থনৈতিক বা সাংস্কৃতিক ক্ষেত্রতেই সীমাবদ্ধ কৰিব নোৱাৰি। বিশ্বায়নৰ যেনেকৈ ভাল দিশ আছে, তেনেদৰে ইয়াৰ বেয়া প্রভাৱো পৰিলক্ষিত হয়।

বিশ্বায়নৰ ৰাজনৈতিক ফলশ্ৰুতিসমূহ হল- (HS 2016, 2022)

  1. বিশ্বায়নে ৰাষ্ট্ৰৰ সার্বভৌম ক্ষমতাৰ ক্ষেত্রত সীমাবদ্ধতা আনি দিছে।
  2. বিশ্বায়ণৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্রক্রিয়াই ৰাষ্ট্ৰৰ কল্যানকামী কার্যক সংকুচিত কৰিছে।
  3. বিভিন্ন দেশৰ চৰকাৰ ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিক ব্যস্ত হৈ পৰিছে।
  4. বিশ্বায়নে বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দুর্নীতিৰো সূচনা কৰিছে। এই ক্ষেত্রত ভাৰতবর্ষও এক গুৰুত্বপূর্ণ উদাহৰণ।

বিশ্বয়নৰ অর্থনৈতিক ফল শ্রুতিসমূহ হ’ল- (HS 2018)

  1. পৃথিৱীৰ বিভিন্ন দেশৰ অর্থনীতি বজাৰৰ ওপৰত  নির্ভৰশীল হৈ পৰিছে।
  2. আর্ন্তজাতিক মুদ্রানিধি তথা বিশ্ব বেংকৰ দৰে আন্তর্জাতিক প্রতিষ্ঠানে বিভিন্ন দেশৰ অর্থনীতিৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰিছে।
  3. বিশ্বায়ণৰ ফলত বিশ্ব বাণিজ্য ব্যৱস্থাত বিভিন্ন বৈষম্য গঢ়ি উঠিছে যিয়ে পুঁজিবাদী দেশসমূহক অধিক সহায় কৰিছে।
  4. বিশ্বয়নৰ ফলত হোৱা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণে সমাজত অসমতা সৃষ্টি কৰা অভিযোগ উত্থাপন হৈছে।

বিশ্বায়নৰ সাংস্কৃতিক ফল শ্রুতিবোৰ হ’ল- (HS 2014, 2019)

  1. বিশ্বায়ন এক সাংস্কৃতিৰ ক্ষেত্রত আক্রমণৰ লক্ষ্য হিচাপে লৈছে। যি সংস্কৃতিত ব্যাপক পৰিবর্তন আনি দিছে।
  2. বহুজাতিক কোম্পানীৰ বজাৰ প্রসাৰণত অৰিহণা যোগাব পৰাকৈ মানুহৰ চিন্তা-চর্চা সাজপাৰ, খাদ্যভাষ, সাংস্কৃতিক ৰুচিবোধ আদি নির্মাণ কৰা হৈছে।
  3. বিশ্বায়ণে অপসংস্কৃতিৰ বেহা পতা বুলিও অভিযোগ উত্থাপিত হৈছে। য’ত বৰ্হি সংস্কৃতি আদৰাৰ নামত নিজস্বতা পৰিহাৰ কৰি উপৰুৱা সংস্কৃতিৰ আগমন ঘটোৱা হৈছে।
  4. বিশ্বায়নৰ ফলত অবিৰতভাবে প্রচাৰিত আমোদ-প্রমোদৰ অনুষ্ঠানসমূহে মানুহক সমাজৰ পৰা বিচ্ছিন্ন কৰি ঘৰৰ চাৰি বেৰৰ মাজত বন্দী কৰিছে।

ওপৰত উল্লেখ কৰাবোৰেই হৈছে বিশ্বায়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক ফলাফল।

4. বিশ্বায়নে ভাৰতবৰ্ষত পেলোৱা প্রভাৱ আলোচনা কৰা।

উঃ ভাৰতবৰ্ষত বহু পুৰণিকালৰ পৰাই বাহিৰা দেশৰ লগত মূলধন, দ্রব্য সামগ্রী, ধ্যান ধাৰণা আৰু জনসমষ্টিৰ আদান প্রদান দেখা যায়। ইংৰাজসকলেও ভাৰতবৰ্ষক কেচাঁমাল ৰপ্তানীকাৰী দেশ হিচাপে ব্যৱহাৰ কৰিছিল। ভাৰতৰ পৰা কেচাঁমাল সংগ্রহ কৰি তাৰ সহায়ত ইংলেণ্ডত আধুনিক বস্তু নির্মাণ কৰি পুনৰ ভাৰতৰ বজাৰতেই বিক্রী কৰা হৈছিল। যাৰ লগত ভাৰতীয় কুঁটিৰ শিল্পই ফেৰ মাৰিব পৰা নাছিল।

বর্তমান সময়ৰ বিশ্বায়ন প্রক্রিয়াৰ লগত ভাৰতবর্ষ জড়িত হৈ পৰে 1991 চনৰ পৰা। P.V. নৰসিংহ ৰাও চৰকাৰৰ বিত্তমন্ত্রী ড. মনমোহন সিঙে ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ আৰম্ভ কৰি ব্যক্তিগতকৰণ প্রক্রিয়া আৰম্ভ কৰাৰ উপৰিও ভাৰতৰ বজাৰ, উৎপাদন আৰু সেৱাখণ্ডত বৈদেশিক পুঁজি বিনিয়োগৰ বাবে মুকলি কৰি দিয়ে। ইয়াৰ ফলত দেশৰ GDP যথেষ্ট বৃদ্ধি পায় কিন্তু এনে অর্থনৈতিক সমৃদ্ধিয়ে সমাজৰ সকলো শ্রেণীৰ লোকক সমানে উপকৃত কৰা নাই। অৱশ্যে তথ্য যোগাযোগ আৰু প্রযুক্তিৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট সফলতা লাভ কৰিছে। উত্তৰ পূব ভাৰত আৰু অসমতো পৃথিৱীৰ অন্য দেশ বা প্ৰান্তৰ দৰে বিশ্বায়নৰ প্ৰভাৱ স্পষ্ট। যিবোৰ তলত দিয়াধৰণে দাঙি ধৰিব পাৰি –

  1. বর্তমান অসমৰ গাঁৱে-ভূঞে মোবাইল সেৱাৰ দ্রুত প্রসাৰণ ঘটিছে। এই ক্ষেত্রত ব্যক্তিগত মোবাইল সেৱা যেনে- Jio, Airtel, Vodafone ইত্যাদিৰ প্ৰসাৰণ বেছি। আনকি গাঁৱৰ বহু মানুহৰ ঘৰৰ বাৰীত মোবাইল সেৱাৰ টাৱাৰ সমূহ সংস্থাপিত কৰা হৈছে।
  2. বিশ্বায়নৰ ফলত অসম তথা উত্তৰ পূব ভাৰতত  ইলেকট্রনিক মাধ্যমৰো দ্রুত প্রসাৰণ ঘটিছে।  যাৰ ফলত  অসমত বহু ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেল আৰম্ভ হৈছে।
  3. বিশ্বায়নৰ ফলত শিক্ষা, স্বাস্থ্য, যাতায়ত ব্যৱস্থাৰো দ্রুত হাৰত ব্যক্তিগতকৰণ প্রক্রিয়া আৰম্ভ হৈছে। অসমৰ ৰাজধানীকে ধৰি বহু চহৰত দিল্লী পাব্লিক স্কুল, সৰলা-বিৰলাকে ধৰি বহুবোৰ নামী-দামী বিদ্যালয় প্রতিষ্ঠা হৈছে। ঠিক সেইদৰে স্বাস্থ্যৰ ক্ষেত্ৰতো বহু ব্যক্তিগত হস্পিতাল যেনে- ইন্টাৰনেচনেল হস্পিতাল, GNRC, Downtown ইত্যাদি। তাৰোপৰি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহৰ ঠাইতো বহু ব্যক্তিগত খণ্ডৰ পৰিবহণ ব্যৱস্থাই স্থান দখল কৰিছে।
  4. বিশ্বায়নৰ ফলত পৃথিৱীৰ উৎপাদিত প্ৰায়বোৰ সামগ্রীয়েই উত্তৰ পূব ভাৰতত উপলব্ধ হৈছে। বিশ্বায়নৰ অন্যতম উপহাৰ – Big Bazar, Vishal আদিত ঘৰুৱা ব্যৱহৃত সকলো সামগ্রী উপলব্ধ হৈছে।
  5. বিশ্বায়নে উপৰোক্ত সুবিধাসমূহ প্রদান কৰাৰ লগে লগে অসমত সমাজিক বৈষ্যমৰো সৃষ্টি কৰিছে। বর্তমান গাঁৱে- ভূঞে, চহৰে নগৰে বিশেষ এচাম লোকৰ মতত বিলাসী বহু সা-সুবিধা, পণ্য আহি পৰাৰ বিপৰীতে সংখ্যাগৰিষ্ঠ লোকে তেনে সুবিধা গ্ৰহণ কৰিব পৰা নাই।

5. বিশ্বায়নৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিৰোধ আৰু ভাৰতবৰ্ষত বিশ্বায়ন বিৰোধী প্রতিৰোধ সম্পর্কে আলোচনা কৰা।

উঃ- বিশ্বায়নৰ ইতিবাচক দিশসমূহৰ লগে লগে নেতিবাচক প্রভাৱো ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে বিৰাজমান। এই ঋনাত্মক প্রভাৱসমূহৰ ফলত ভাৰতৰ নিচিনা ৰাষ্ট্ৰসমূহৰ জনসাধাৰনে ক্রমে মূল্যবোধ আৰু ধ্যান- ধাৰণা হেৰুৱাই পেলাইছে। বিশ্বায়নৰ এনে নেতিবাচক প্রভাৱৰ বিৰুদ্ধে বহু প্রতিৰোধ গঢ়ি উঠিছে। এই প্রতিৰোধ বা আন্দোলনসমূহো কোনো নির্দিষ্ট অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই। বৰঞ্চ বিশ্বায়নে ইয়াক ওচৰ চপায় আনিছে। অৱশ্যে বিশ্বায়ন বিৰোধী আন্দোলনসমূহে বিশ্বায়ন ব্যৱস্থাটোৰ বিৰোধিতা নকৰে। তাৰ পৰিবর্তে এই ব্যৱস্থাই সমাজত কৰা ক্ষতিৰহে বিৰোধিতা কৰে।

1999 চনত চিটলত অনুষ্ঠিত হোৱা বিশ্ব বাণিজ্য সন্থাৰ ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠে। আন্দোলনকাৰী দেশৰ প্রতিনিধিসকলে যুক্তি দিয়ে যে, মুক্ত বিনিয়োগৰ ফলত অর্থনৈতিকভাৱে শক্তিশালী দেশসমূহে বাণিজ্যিক ক্ষেত্রত অর্থনৈতিক কাম কৰাৰ সুবিধা পায়। কিন্তু অনুন্নত আৰু উন্নয়নশীল দেশৰ স্বার্থক সম্পূর্ণ আওকাণ কৰা হৈছে। বিশ্বায়নৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিৰোধৰ আন এক নেতৃত্ব দিছে বিশ্ব সামাজিক সম্মিলনে। এই সম্মিলনে নব্য উদাৰনৈতিক বিশ্বায়নৰ বিৰুদ্ধে প্রতিবাদ গঢ়ি তুলিছে। ইয়াৰ উপৰিও বিভিন্ন দেশ যেনে- বলিভিয়া, ভেনেজুৱেলা, আর্জেন্টিনা আদি দেশেও ইয়াৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে।

ভাৰতবর্ষত বিশ্বায়নৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিৰোধসমূহ আমি 4 ধৰণে দেখিবলৈ পাওঁ। সেইবোৰ হ’ল –

  1. বিভিন্ন ট্রেড ইউনিয়নসমূহে বিশ্বায়নৰ বিৰুদ্ধে প্রবল প্রতিৰোধ গঢ়ি তুলিছে
  2. ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰত গঢ়ি উঠা তৃণমূল আন্দোলন সমূহেও বিশ্বায়ন বা অৰ্থনৈতিক উদাৰীকৰণ বা ব্যক্তিগতিকৰণৰ বিৰুদ্ধে প্রতিবাদ আৰু প্রতিৰোধ সাব্যস্ত কৰি আহিছে।
  3. সোঁ-পন্থী ৰাজনৈতিক শক্তিসমূহে ভাৰতীয় সংস্কৃতিৰ ওপৰত বিদেশী পুঁজিৰ আগমনে পেলোৱা নেতিবাচক প্রভাৱৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি আহিছে।
  4. মাক্সবাদী আৰু বাওঁপন্থী ৰাজনৈতিক দলসমূহে সংসদ বা বিধানসভাৰ ভিতৰে- বাহিৰে চৰকাৰৰ নীতিক সমালোচনা কৰি আহিছে।

এনেদৰে বিভিন্ন দেশত বিশ্বায়নে পেলোৱা নেতিবাচক প্রভাৱৰ বিৰুদ্ধে পৃথিৱীৰ বিভিন্ন প্রান্তৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষতো বিভিন্ন প্রতিবাদ আৰু প্রতিৰোধ গঢ়ি উঠিছে। বৈষম্যৰে ভৰা এনে ব্যৱস্থাৰ দ্বাৰা পুঁজিবাদী দেশ তথা বহুজাতিক কোম্পানীসমূহ ব্যাপক হাৰত লাভাম্বিত হোৱাৰ বিপৰীতে তৃতীয় বিশ্বৰ বাবে ই বহু প্রত্যাহ্বান  গঢ়ি তুলিছে।

6. বিশ্বায়নৰ প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা। (HS 2015)

উত্তৰঃ (ক) আন্তর্জাতিক মুদ্রা নিধি।

(খ) বিশ্ব বেংক।

7. অর্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা। (HS 2016)

উত্তৰ:(i) বিশ্ব বেংক।

(ii) বিশ্ব বাণিজ্য সংস্থা।

8. বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি দিয়া। (HS 2020, 2015)

উত্তৰ: সপক্ষে যুক্তি-

(i) বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মানুহে যিকোনো দেশত ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হৈছে।

(ii) বিশ্বয়নৰ ফলত বিশ্বৰ উন্নত প্রযুক্তিবিদ্যাসমূহ সকলো দেশে গ্রহণ কৰিব পাৰিছে।

বিপক্ষে যুক্তি:

(i) বিশ্বায়নৰ দ্বাৰা বহুজাতিক কোম্পানী বা পুঁজিপতি সকলে ৰাষ্ট্ৰসমূহত হস্তক্ষেপ কৰাৰ সুবিধা লাভ কৰিছে। যিটোই ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত প্ৰশ্নবোধক চিহ্নৰ অবতাৰণ কৰিছে।

(ii) বিশ্বায়নৰ ফলত ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীসকল ক্ষতিগ্রস্থ হৈ আহিছে।


Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 9 in Assamese Medium গোলকীকৰণ বা বিশ্বায়ন – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

HS 2nd Year Political Science Chapter 9 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment