Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium
আমাৰ পৃথিৱী
Class 6 social science assamese medium question answer|| Class 6| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সূৰ্যৰ পৰিয়ালটোৰ নাম কি?
উত্তৰ:- সূৰ্যৰ পৰিয়ালটোৰ নামহ’লসৌৰজগত।
(খ) পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা।
উত্তৰ:- পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ’লচন্দ্ৰ।
২. সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্রমে লিখা।
উত্তৰ:- সূর্যৰপৰা দূৰত্ব অনুসৰি গ্রহবোৰৰ নাম হ’ল- (১) বুধ (Mercury), (২) শুক্র (Venus), (৩) পৃথিৱী (Earth), (৪) মংগল (Mars), (৫) বৃহস্পতি (Jupiter), (৬) শনি (Saturn), (৭) ইউৰেনাচ (Uranus) আৰু (৮) নেপচুন (Neptune)।
৩. চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ’লেও পৃথিৱীৰপৰা দুয়োটাকে কিয় সমান দেখি?
উত্তৰ:- চন্দ্রটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰপৰা চন্দ্ৰ আৰু সূর্য দুয়োটাকে আকাৰত প্রায় সমান দেখি।
অনুশীলনী – ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আর্হিটো কি?
উত্তৰ:-বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আর্হিটো হ’ল গোলক
(খ) পৃথিৱীৰ পৰিধি কিমান?
উত্তৰ:- পৃথিৱীৰ পৰিধি হ’ল প্ৰায় ৪০,০০০ কিলোমিটাৰ।
(গ) পৃথিৱীয়ে কোন দিশৰপৰা কোন দিশলৈ ঘূৰে?
উত্তৰ:- পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূৱ দিশলৈ ঘূৰে ।
(ঘ) পৃথিৱীৰ মেৰুদণ্ড কাক বোলে?
উত্তৰ:- পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।
২. পৃথিৱীৰ দুই মেৰু আৰু বিষুৱৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা।
উত্তৰ:-

অনুশীলনী – ৩
(ক) অক্ষৰেখা কাক বোলে?
উত্তৰ:- বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বোলে।
(খ) বিষুৱৰেখাৰ কৌণিক মান কিমান?
উত্তৰ:- বিষুৱৰেখাৰ কৌণিক মান হ’ল ০০ ।
(গ) সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান?
উত্তৰ:- সুমেৰু কৌণিক মান হ’ল ৯০০ উত্তৰ আৰুকুমেৰুৰ কৌণিক মান হ’ল ৯০০ দক্ষিণ ।
২. বিষুৱৰেখাৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ:- আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূবা-পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালকে বিষুৱৰেখা বুলি কোৱা হয়। এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলার্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলার্ধ বোলা হয়। বিষুৱৰেখাৰ অন্য এক নাম হ’ল নিৰক্ষৰেখা। বিষুৱৰেখাৰ কৌণিক মান হ’ল ০০ অর্থাৎ, ০০ অক্ষাংশ ।
৩. এটা গোলকৰ ছবি আঁকি তাত প্রধান অক্ষৰেখা কেইডাল দেখুওৱা।
উত্তৰ:-

অনুশীলনী – ৪
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দ্রাঘিমাৰেখা কাক বোলে?
উত্তৰ:- প্ৰাথমিক দ্রাঘিমাৰ পূৱ আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অর্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা বোলা হয়।
বা
উত্তৰ-মেৰুৰ পৰা দক্ষিণ-মেৰুলৈকে অংকন কৰা কাল্পনিক অর্ধবৃত্ত ৰেখাবোৰকে দ্রাঘিমাৰেখা বোলে।
(খ) দ্রাঘিমাংশ কি?
উত্তৰ:- দ্রাঘিমাৰেখাৰ কৌণিক মানকে দ্রাঘিমাংশ বুলি কোৱা হয়। দ্রাঘিমাৰেখাৰ কৌণিক মান বা জোখক ডিগ্রী (০) হিচাপে প্রকাশ কৰা হয়।
(গ) পৃথিৱীৰ পূব আৰু পশ্চিম- এই দুয়ো দিশে মুঠ কিমানডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে?
উত্তৰ:- পৃথিৱীৰ পূব আৰু পশ্চিম- এই দুয়ো দিশে মুঠ 360 ডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে ।
(ঘ) মুখ্য দ্রাঘিমাৰেখা কাক বোলে?
উত্তৰ:- ০০ আৰু ১৮০°পূব বা ০০ আৰু ১৮০০ পশ্চিম দ্রাঘিমাৰেখা লগ হৈ পৃথিৱীৰ উপৰিভাগত এটা পূর্ণ বৃত্তৰ সৃষ্টি কৰে। এই পূর্ণ বৃত্তাকাৰ দ্রাঘিমাৰেখাডালকেই মুখ্য দ্রাঘিমাৰেখা বুলি কোৱা হয়। মুখ্য দ্রাঘিমাৰেখা ডালে পৃথিৱীখনক পূবা-পশ্চিমাকৈ দুটা সমান অংশত ভাগ কৰে। পূব দিশৰ ভাগটোক পূব গোলার্ধ আৰু পশ্চিম দিশৰ ভাগটোক পশ্চিম গোলার্ধ বোলা হয়।
বা
উত্তৰ:- উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দু সংযোগ কৰি পৃথিৱীৰ উপৰিভাগত যি এডাল কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাকে মুখ্য দ্রাঘিমাৰেখা বুলি কোৱা হয়। মুখ্য দ্রাঘিমাৰেখাভালে পৃথিৱীখনক পূবা-পশ্চিমাকৈ দুটা সমান অংশত ভাগ কৰে। পূব দিশৰ ভাগটোক পূব গোলার্ধ আৰু পশ্চিম দিশৰ ভাগটোক পশ্চিম গোলার্ধ বোলা হয়।
তলত মুখ্য দ্রাঘিমাৰেখা চিত্ৰ অংকণ কৰা হ’ল –

২. দ্রাঘিমাৰেখাৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ:-প্ৰাথমিক দ্রাঘিমাৰ পূৱ আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অর্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা বোলা হয়। পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360 ডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে । দ্রাঘিমাৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সর্বাধিক আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্রমান্বয়ে কমি গৈ মেৰুবিন্দুত দ্রাঘিমাৰেখাবোৰ লগ হৈ যায়। তলত দ্রাঘিমাৰেখা চিত্ৰ অংকণ কৰা হ’ল –

৩. অক্ষৰেখা আৰু দ্রাঘিমাৰেখাৰ মাজৰ পার্থক্য লিখা।
উত্তৰ:- (ক) বিষুৱৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ পূৱা-পশ্চিমাকৈ যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক অক্ষৰেখা বোলে।
আনহাতে প্ৰাথমিক দ্রাঘিমাৰ পূৱ আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা বোলা হয়।
(খ) অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল ।
আনহাতে দ্রাঘিমাৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয়।
(গ)অক্ষৰেখাবোৰ হৈছে পূর্ণবৃত্ত ।
আনহাতে দ্রাঘিমাৰেখাবোৰ হৈছে অর্ধবৃত্ত।
(ঘ)পৃথিৱীৰ উপৰিভাগত মুঠ 180 ডাল অক্ষৰেখা আছে।
আনহাতে পৃথিৱীৰ উপৰিভাগত মুঠ 360 ডাল দ্রাঘিমাৰেখা আছে।
অনুশীলনী – ৫
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ‘NASA’ৰ সম্পূর্ণ ৰূপটো কি?
উত্তৰ:-NASA ৰ সম্পূর্ণ ৰূপটো হ’ল National Aeronautics and Space Administration
(খ) সূর্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে?
উত্তৰ:- সূর্যই নিজ কক্ষপথেৰে হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।
(গ) পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ২৪ ঘণ্টা অৰ্থাৎ২৩ ঘন্টা ৫৬ মিনিট ৪ ছেকেণ্ড সময় লাগে।
(ঘ) অপসূৰ আৰু অনুসূৰ কাক বোলে?
উত্তৰ:- পৃথিৱীয়ে সূর্যক প্রদক্ষিণ কৰি থাকোঁতে ৪ জুলাইৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰপৰা আটাইতকৈ দূৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অপসূৰ বোলে।
আনহাতে পৃথিৱীয়ে সূর্যক প্রদক্ষিণ কৰি থাকোঁতে ৩ জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অনুসুৰ বোলে।
(ঙ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ১২ মাহ অৰ্থাৎ ৩৬৫ দিন ৫ ঘণ্টা ৫৬ মিনিট ১৬ ছেকেণ্ড সময় লাগে।
২. আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা।
উত্তৰ:- পৃথিৱীয়ে নিজ কক্ষতলৰ লগত ৬৬০৩০’ কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাবে ঘূৰি আছে। ইয়েই হৈছে পৃথিবীৰ আহ্নিক গতি বা আৱর্তন গতি। এইদৰে এপাক ঘুৰোঁতে পৃথিৱীক ২৩ ঘন্টা ৫৬ মিনিট ৪ ছেকেণ্ড সময় লাগে।
ইয়াৰ দুটা ফলাফল হ’ল –
(ক) আহ্নিক গতি ফলত দিন ৰাতি হয়।
(খ) আহ্নিক গতি বা আৱৰ্তন গতিৰ ফলত ভূ-পৃষ্ঠৰ ভিন্-ভিন্ ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয়।
৩. বার্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা।
উত্তৰ:- পৃথিৱীয়ে নিজে ঘুৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘুৰোঁতে এবছৰ সময় লাগে। ইয়াকেই পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্রমণ গতি বোলে।
ইয়াৰ দুটা ফলাফল হ’ল –
(ক) বাৰ্ষিক গতিৰ ফলত মাহ , বছৰ, ঋতু পৰিৱৰ্তন হয়।
(খ) সাগৰীয় সোঁত, বতাহৰ গতি, তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ মূল কাৰণ হ’ল বার্ষিক গতি।
(গ) উদ্ভিদৰ বৃদ্ধি, ফল-মূল আদি বছৰৰ সকলো সময়তে একেধৰণে নোহোৱাটোও বার্ষিক গতিৰে ফল।
৪. পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন-ৰাতি নহয়?
উত্তৰ:- পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাবে ঘুৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটোত ৰাতি হয়। যাৰ ফলত পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন-ৰাতি নহয়।
Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here