Assam Board Exam

Class 10 Science Chapter 15 | আমাৰ পৰিবেশ – Complete Question-Answer Guide (Assamese Medium)

Complete question-answer guide for Class 10 Science Chapter 15, ‘আমাৰ পৰিবেশ,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

📌 Chapter Overview:

এই অধ্যায়ত “আমাৰ পৰিবেশ”ৰ গঠন, উপাদান, আৰু মানুহৰ দ্বাৰা হোৱা পৰিৱেশ প্ৰদূষণৰ দিশসমূহ ব্যাখ্যা কৰা হৈছে। ই এছ well-balanced ecosystem, trophic levels, food chain আৰু ozone layer ৰক্ষাৰ বাবে পদক্ষেপবোৰৰ ওপৰতো ভিত্তি কৰি বানানো হৈছে।

Class 10 Science Chapter 15 | আমাৰ পৰিবেশ- Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

বিজ্ঞান 

আমাৰ পৰিবেশ

1. জীৱ নিম্নিকৰণ (Biodegradable) আৰু জীৱ অনিম্নিকৰণ (Non Biodegradable) পদার্থ বুলিলে কি বুজা?

উত্তৰ:   যিবিলাক পদাৰ্থৰ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় তেনেবিলাক পদার্থক জীৱ নিম্নিকৰণ (Biodegradable) পদার্থ বুলি কোৱা হয়।

যিবিলাক পদার্থ জৈৱিক প্রক্রিয়াৰে সৰল পৰ্যায়লৈ সলনি নহয় সেই পদার্থখিনিয়েই হ’ল জীৱ অনিম্নিকৰণ (Non Biodegradable) পদার্থ।


2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ: জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা হ’ল-

  1. এই পদাৰ্থবোৰ সহজে পচি যোৱাৰ বাবে পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে।
  2. এই পদাৰ্থবোৰ ভূ-ৰাসায়নিক চক্ৰৰ জৰিয়তে পুনঃব্যৱহাৰ কৰা হয়।

3. জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ: জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা হ’ল-

  1. এই পদাৰ্থবোৰে বায়ু, পানী আৰু মাটি প্ৰদূষণ কৰে।
  2. খাদ্য শৃংখলত জৈৱিক বিবৰ্ধকৰ সৃষ্টি কৰিব পাৰে।

4. বিয়োজক কি? পৰিৱেশত ইহতঁৰ ভূমিকা কি?

উত্তৰ: কিছুমান অণুজীৱ যেনে বেক্টেৰীয়া, ভেঁকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বর্জিত পদার্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে। এই অণুজীৱবিলাককে বিয়োজক (Decomposer) বুলি কোৱা হয়।

 ইহঁতে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিবৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে যাতে সেইবিলাককে উদ্ভিদে পুনৰ গ্ৰহণ কৰে।


5. পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।

উত্তৰ: খাদ্য শৃংখলত খাদ্য বা শক্তিৰ স্থানান্তৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন স্তৰত ভাগ কৰা হৈছে আৰু এই স্তৰসমূহকে পৌষ্টিক স্তৰ বুলি কোৱা হয়।

Class 10 Science Chapter 15 Q 5

ইয়াত ঘাঁহ হ’ল – প্ৰথম পৌষ্টিক স্তৰ

ছাগলী হ’ল – দ্বিতীয় পৌষ্টিক স্তৰ

মানুহ হ’ল – তৃতীয় পৌষ্টিক স্তৰ।


6. খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজৰ পাৰ্থক্য কি?

উত্তৰ: খাদ্যশৃংখল হ’ল এটা জীৱৰপৰা অন্য এটা জীৱলৈ শক্তি আৰু পোষক দ্রব্য প্রবাহৰ ৰৈখিক উপস্থাপন। আনহাতে খাদ্যজালত শক্তি আৰু পোষক দ্ৰব্যৰ প্রবাহৰ শৃংখলতাৰ সম্বন্ধ শাখাবিন্যাসৰ দৰে হোৱা দেখা যায়।


7. এটা পৰিস্থিতিতন্ত্ৰৰ বাবে শক্তি প্রবাহৰ ৰৈখিক চিত্র অংকন কৰা। ইয়াৰ বৈশিষ্ট্য কি?

উত্তৰ:

Class 10 Science Chapter 15 Q 7

শক্তি প্রবাহৰ ৰৈখিক চিত্ৰৰ বৈশিষ্ট্য হ’ল-

(a) শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়।

(b) স্ব-পোষী জীৱই সূৰ্যৰপৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে।


8. জৈৱিক বিবৰ্ধক বুলিলে কি বুজা?

উত্তৰ: যিকোনো খাদ্য শৃংখলত একেবাৰে শীর্ষস্থানত থকা প্ৰাণীবোৰৰ শৰীৰত ৰাসায়নিক পদাৰ্থবোৰ আটাইতকৈ বেছি পৰিমাণে জমা হয়। এই পৰিঘটনাটোক জৈৱিক বিবর্ধক বোলে।


9. অজ’ন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্রভাব পেলায়?

উত্তৰ: অ’জন হৈছে অক্সিজেনৰ তিনিটা পৰমাণুৰ দ্বাৰা গঠিত অণু। ই হৈছে অক্সিজেনৰ এটা সমস্থানিক।

            অ’জন গেছে সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বেঙুনীয়া ৰশ্মি সমূহ পৃথিৱীলৈ অহাত বাধা দিয়ে। এই বিষাক্ত ৰশ্মিসমূহ পৃথিৱীত যদি আহি পৰে তেন্তে জীৱসমূহৰ বিভিন্ন ছালৰ ৰোগ তথা কেঞ্চাৰ হ’ব পাৰে। এনেদৰে পৃথিৱীৰ বায়ুমণ্ডলৰ উপৰিভাগৰ অ’জন স্তৰে পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰক ৰক্ষা কৰি আছে।


10. পেলনীয়া আবৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।

Ans. পেলনীয়া পদাৰ্থবোৰৰ সমস্যা দূৰ কৰাৰ বাবে প্ৰয়োগ কৰা দুটা পদ্ধতি হ’ল– 

  1. জীৱ নিম্নিকৰণ পদাৰ্থসমূহ অধিক ব্যৱহাৰ কৰা।
  2. জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ পদাৰ্থসমূহ পৃথক কৰা আৰু জীৱ অনিম্নিকৰণ পদাৰ্থসমূহ পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰা।

1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে? 

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

(c) ফল মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰ: (a),(c) আৰু (d)


2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? 

(a) ঘাঁহ, ঘেঁহ আৰু আম

(b) ঘাঁহ, ছাগলী আৰু মানুহ

(c) ছাগলী, গৰু আৰু হাতী

(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰ: (b) ঘাঁহ, ছাগলী আৰু মানুহ।


3. তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?

(a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা

(b) অপ্রয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।

(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস।

(d) ওপৰৰ আটাইকেইটা অভ্যাস। 

উত্তৰ: (d) ওপৰৰ আটাইকেইটা অভ্যাস। 


4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব?

উত্তৰ: যদি আমি এটা পৌষ্টিক স্তৰত সকলো জীৱক ধ্বংস কৰো তেন্তে পৰৱৰ্তী স্তৰলৈ খাদ্যৰ যোগান বন্ধ হৈ যাব, যাৰ ফলত পৰিস্থিতি তন্ত্ৰ ভাৰসাম্যহীনতা হ’ব। ফলত উচ্চ পৰ্যায়ৰ জীৱ-জন্তুৰ মৃত্যু হ’ব, যাৰ ফলত নিম্ন ট্ৰফিক স্তৰৰ জীৱ-জন্তুৰ বৃদ্ধি অতিশয় বৃদ্ধি পাব। এই সকলোবোৰে পৰিৱেশ তন্ত্ৰৰ সামগ্ৰিক ভাৰসাম্যত প্ৰভাৱ পেলাব।


5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাৱ পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে?

উত্তৰ: বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ বাবে প্রভাৱ বেলেগ বেলেগ হ’ব। উদাহৰণস্বৰূপে যদিহে তৃণভোজী প্ৰাণীবোৰ আঁতৰাই পেলোৱা হয় তেন্তে উৎপাদকবোৰ নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি পাব আৰু মাংসভোজী প্ৰাণীয়ে খাদ্য নাপাব। যদি মাংসভোজী প্ৰাণীবোৰ আঁতৰাই পেলোৱা হয় তেন্তে তৃণভোজী প্ৰাণীবোৰ বৃদ্ধি পাব আৰু উৎপাদকসকলক ধ্বংস কৰিব পাৰে।

গতিকে পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰোৱা সম্ভৱ নহয়।


6. জৈৱিক বিবর্ধক বুলিলে কি বুজা? পৰিস্থিতি তন্ত্ৰত বেলেগ বেলেগ স্তৰত ইয়াৰ প্রভাৱ বেলেগ বেলেগ হবনে?

উত্তৰ: যিকোনো খাদ্য শৃংখলত একেবাৰে শীর্ষস্থানত থকা প্ৰাণীবোৰৰ শৰীৰত ৰাসায়নিক পদাৰ্থবোৰ আটাইতকৈ বেছি পৰিমাণে জমা হয়। এই পৰিঘটনাটোক জৈৱিক বিবর্ধক বোলা হয়।

            এই জৈৱিক বিবর্ধক বিভিন্ন স্তৰত বিভিন্ন হয়। উচ্চ স্তৰত ইয়াৰ গাঢ়তা সবাতোকৈ বেছি আৰু নিম্নতম স্তৰত এই ৰাসায়নিক পদার্থ কম জমা হয়।


7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে? 

উত্তৰ: জীৱ অনিম্নিকৰণ পদাৰ্থবোৰৰ পৰা হ’ব পৰা সমস্যাবোৰ হ’ল— 

  1. এই পদাৰ্থবোৰে বায়ু, পানী আৰু মাটি প্ৰদূষণ কৰে।
  2. খাদ্য শৃংখলত জৈৱিক বিবৰ্ধকৰ সৃষ্টি কৰিব পাৰে।
  3. এই পদাৰ্থবোৰে ৰোগৰ সৃষ্টি আৰু বিস্তাৰত কৰাত অৰিহণা যোগায়।
  4. এই পদাৰ্থবোৰে মাটিৰ সাৰুৱা গুণ হ্ৰাস কৰে।

8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাৱ নপৰাকৈ থাকিবনে? 

উত্তৰ: আমি সৃষ্টি কৰা সকলো আৱৰ্জনা যদি জীৱ নিম্নিকৰণ হয় তেন্তে ইয়াৰ প্ৰভাৱ পৰিবেশত কমকৈ পৰিব। যদি ইয়াক সঠিকভাৱে নিস্কাশন কৰা হয় তেন্তে বায়ু, পানী আৰু মাটি প্ৰদূষণৰ সমস্যা কিছু পৰিমাণে হ্ৰাস পাব পাৰে। স্বাস্থ্যজনিত সমস্যা কম হ’ব আৰু মানুহ ৰোগমুক্ত হ’ব৷ কিন্তু ইয়াক যদি সঠিকভাৱে নিস্কাশন কৰা নহয় ই পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাব।


Complete question-answer guide for Class 10 Science Chapter 15, ‘আমাৰ পৰিবেশ,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!


📝 Summary (সাৰাংশ):

Ozone স্তৰৰ ৰক্ষা আৰু মানৱ দায়িত্ব

পৰিবেশৰ উপাদান: জৈৱ আৰু অজৈৱ উপাদান

খাদ্য শৃংখল আৰু খাদ্য জাল

trophic level আৰু শক্তি স্থানান্তৰ

বায়ুৰ, পানীৰ, মাটিৰ আৰু শব্দ প্ৰদূষণ

জৈৱ অপচয় আৰু অজৈৱ অপচয়


Class 10 Science Chapter 15 আমাৰ পৰিবেশ– Complete Question Answer in Assamese Medium

📌 Related Resources:

🔸 অসমীয়া ৰচনা – Click Here

📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment