Assam Board Exam

Class 12 Education Chapter 1 | স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা (Page 3)

Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 1 in Assamese Medium

প্রথম অধ্যায়

স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু

অসমৰ মাধ্যমিক শিক্ষা


27.  মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিবৰ্ত্তন উল্লেখ কৰা। (HS 2016)

উত্তৰ: মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন হ’ল-

ক) অসমত বহুমুখী বিদ্যালয় প্রতিষ্ঠা।

(খ) অসম মাধ্যমিক শিক্ষা আইন বলবৎ।

28.  1986 চনৰ জাতীয় শিক্ষানীতি অনুযায়ী শিক্ষাৰ লক্ষ্য কি আছিল?

উত্তৰ: 1986 চনৰ পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্য সমূহ হ’ল-

ক) নির্দিষ্ট পর্যায় এটালৈকে ছাত্র-ছাত্রী সকলে জাতি, ধর্ম, বর্ণ, লিংগ, স্থান নির্বিশেষে উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰিব লাগে।

খ) উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ অনুষ্ঠান বোৰৰ মাজত আদান-প্রদানৰ ব্যৱস্থা কৰিব লাগে।

29.  অসম মাধ্যমিক শিক্ষা আইনৰ 1961 ৰ চাৰিটা দফা লিখা। (HS 2017)

উত্তৰ: অসম মাধ্যমিক শিক্ষা আইনৰ চাৰিটা দফা হ’ল-

ক) এই আইনখন সমগ্র অসমত প্রযোজ্য হ’ব।

খ) অসম মাধ্যমিক শিক্ষা সংস্থাই মাধ্যমিক শিক্ষাৰ দায়িত্ব লব।

গ) “মাধ্যমিক শিক্ষা সংস্থা” চৰকাৰে জাননীৰ যোগে গঠন কৰিব। শিক্ষাৰ প্রশাসন, নিয়ন্ত্রণ আৰু বিকাশ সাধনৰ দায়িত্ব এই সংস্থাই বহন কৰিব।

ঘ) মাধ্যমিক শিক্ষা সংস্থাৰ সভাপতি হ’ব শিক্ষা বিভাগৰ সঞ্চালক।

30.  শিক্ষাৰ 10+2+3 গাঁঠনিটো কোনখন শিক্ষা আয়োগে আগবঢ়াইছিল? (HS 2014)

উত্তৰ:  কোঠাৰী আয়োগে 1964-66 চনত 10+2+3 শিক্ষা গাঁঠনিৰ পৰামৰ্শ প্রদান কৰিছিল।

31.  অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম লিখা। (HS 2013)

উত্তৰ : গুৱাহাটী ছেমিনাৰী স্কুল। গুৱাহাটী ছেমিনাৰী স্কুল বর্তমান কটন কলেজিয়েট স্কুল নামে জনাজাত।

32. ECCE মানে কি? (HS 2015, 2017)

উত্তৰ: Early Childhood Care and Education মানে হ’ল আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা।

33.  “জাতীয় শিক্ষানীতি গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তি জনৰ নাম লিখা। (HS 2016)

উত্তৰ : ৰাজীৱ গান্ধী।

34.  কিমান চনত মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ স্থানান্তৰ কৰা হয়।

উত্তৰ: 1948

35. 1969-70 চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা কিমান আছিল?

উত্তৰ: 70 খন।

36.  বর্তমান কটন কলেজিয়েট স্কুলৰ মূল নামাটো কি আছিল। (HS 2016)

উত্তৰ : গুৱাহাটী ছেমিনাৰী স্কুল।

37. বৰ্তমান ভাৰতৰ ভাগ্য শ্রেণীকক্ষ সমূহত গঢ় লয়” -এই মন্তব্যটো কোন আয়োগে আগবঢ়ইছিল। (HS 2013, 2016)

উত্তৰ: কোঠাৰী।

38.  অসম মাধ্যমিক শিক্ষা আইনখন কিমান চনত গ্রহণ কৰা হৈছিল। (HS 2014)

উত্তৰ : 1961 চনত।

39.  অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কিমান চনত স্থাপন কৰা হয়। (HS 2015)

উত্তৰ: 1986 চন।

40.  স্বাধীনতাৰ পিছত অসমত মধ্যিমিক শিক্ষাৰ বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰ: স্বাধীনতা লাভৰ পিছৰ কালছোৱাত অসমৰ মাধ্যমিক শিক্ষাক আধুনিকীকৰণ কৰি তুলিবৰ বাবে কিছুমান গুৰুত্বপূর্ণ ব্যৱস্থা গ্রহণ কৰা হয়। ইয়াৰ বাবে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰি তোলা হয় আৰু শিক্ষা প্রশাসন ব্যবস্থাৰো আমূল পৰিবর্তন সাধন কৰা হয়। সর্বভাৰতীয় ভিত্তিত গঠন কৰা মুডালিয়াৰ আয়োগ, কোঠাৰী আয়োগ আৰু ৰাষ্ট্রীয় শিক্ষা নীতি আদিৰ পৰামর্শ আৰু সিদ্ধান্ত সমূহেও অসমৰ মাধ্যমিক শিক্ষাৰ গতি নিৰ্ধাৰণ আৰু নিয়ন্ত্রণ কৰে।

            স্বাধীনতাৰ পিছত গোটেই ভাৰতবর্ষতে মাধ্যমিক বিদ্যালয়ৰ সংখ্যা দ্রুতভাৱে বাঢ়িছিল যদিও অসমত সেই অনুপাতে বিদ্যালয়ব সংখ্যা সিমান বৃদ্ধি পোৱা নাছিল। 1926 চনৰ পৰা অসমৰ মাধ্যমিক বিদ্যালয়বোৰৰ প্রশাসনৰ দায়িত্ব আৰু প্রবেশিকা পৰীক্ষাৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্রহণ কৰিছিল। স্বাধীনতাৰ পিছত যেতিয়া 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হয়, তেতিয়াৰ পৰা অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে গ্রহণ কৰে। ইয়াৰ পিছত 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি 1962 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড স্থাপন কৰে। তেতিয়াৰ পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্রশাসনৰ ভাৰ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰিবৰ্তে এই বোৰ্ডৰ হাতলৈ আছে।সেই সময়ৰ পৰা  মাধ্যমিক শিক্ষা বোৰ্ডে দুটা পৰীক্ষা চলায়। এটা হল প্রবেশিকা আৰু আনটো হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষা। এনেকৈয়ে মাধ্যমিক শিক্ষা পুনৰগঠন আঁচনি কার্যকৰী কৰা পাছত  উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰে। অসমত 1969-70 চনৰ হিচাপ অনুসৰি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সংখ্যা হয়গৈ 70 খন আৰু হাইস্কুলৰ সংখ্যা 1200 খন। 1973 চনত এই মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হয়গৈ 1500 খন। 1964-66 চনৰ কোঠাৰী আয়োগৰ পৰামর্শ অনুসৰি 1973 চনৰ পৰা দুবছৰীয়া স্কুলীয়া শিক্ষাৰ প্রবর্তন কৰি ইয়াৰ পাঠ্যক্রম যুগুত কৰা হয়। এই প্ৰতিবেদন অনুসৰিয়েই উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটাৰ স্বীকৃতিৰে জুনিয়ৰ কলেজ গঠন কৰাৰ চিন্তা কৰে আৰু  অসমত বর্তমান ই প্রযোজ্য। এই কোঠাৰি আয়োগৰ অনুমোদন অনুসৰিয়েই 1984 চনত উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ পৰিচালনা নিয়ন্ত্ৰণ আৰু প্রশাসনৰ দায়িত্ব অসম  মাধ্যমিক শিক্ষা বোৰ্ডৰ হাতৰ পৰা এই সংসদৰ হাতলৈ যায়।

এনেদৰেই অসমত স্বাধীনতাৰ পিছত মাধ্যমিক শিক্ষাৰ বিকাশ সাধন হৈছিল আৰু এই বিকাশৰ ক্ষেত্ৰত মুডালিয়াৰ আয়োগ, কোঠাই আয়োগ ৰাষ্ট্রীয় শিক্ষানীতিয়ে গুৰুত্বপূর্ণ ভূমিকা আৰু গ্রহণ কৰিছিল।



Class 12 Education All Question Answer

See Also: শৈক্ষিক পৰিসংখ্যা বিজ্ঞান

Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 1 in Assamese Medium

HS 2nd Year Education Chapter 1 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment