Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium (PAGE 2)
অগতানুগতিক শিক্ষা
Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 2 in Assamese Medium
দ্বিতীয় অধ্যায়
অগতানুগতিক শিক্ষা
16. অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
উত্তৰ: বর্তমান আমাৰ দেশখন জটিলতাৰ দিশে আগবঢ়া দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হল জনসংখ্যা অত্যাধিক বৃদ্ধি , জ্ঞানৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত সা-সুবিধাসমূহ বৃদ্ধি কৰাৰ স্বত্ত্বেও এক বৃহৎ সংখ্যক লোক আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হব লগা হয় । গতিকে শিক্ষা জগতৰ পৰিবর্তিত প্রয়োজনসমূহ পূৰণ কৰিবৰ বাবে অগতানুগতিক শিক্ষাৰ ব্যবস্থা কৰা হৈছে। অগতানুগতিক শিক্ষাই বর্তমানৰ শৈক্ষিক জগতখনৰ এক বৃহৎ সংখ্যক চাহিদা পূৰণ কৰা দেখা গৈছে। এই শিক্ষাৰ গুৰুত্বসমূহ তলত বর্ণনা কৰা হৈছে-
- অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অর্থনৈতিক প্রয়োজন পূৰণ কৰিব পাৰে।
- এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।
- প্রাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
- অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়ায়।
- অগতানুগতিক শিক্ষা এক চাহিদা ভিত্তিক শিক্ষা। গতিকে এই শিক্ষা ব্যৱস্থাৰ যোগেদি শিক্ষার্থীয়ে নিজস্ব ইচ্ছা, আগ্রহ আৰু প্রয়োজন অনুযায়ী শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰে।
- এই শিক্ষাই শিক্ষাৰ্থীক কোনো বিষয়ৰ সর্বাধুনিক জ্ঞান প্ৰদান কৰাৰ লগতে কৰ্মৰত লোকসকলৰ কৰ্মদক্ষতা বঢ়াবৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থাও কৰে।
- সমাজৰ নিষ্পেষিত লোকসকলক প্রয়োজনীয় জ্ঞান আৰু দক্ষতা প্রদানত এই শিক্ষা বিশেষ সহায়কাৰী।
17. IGNOU সম্পর্কে চমুকৈ লিখা। (HS 2013)
উত্তৰ: প্রধানমন্ত্রী ৰাজীৱ গান্ধী ভাৰতবৰ্ষৰ প্রধানমন্ত্রী হৈ থকা সময়ত 1985 চনত ৰাষ্ট্ৰীয় পর্যায়ত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় নতুন দিল্লীত স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষৰ প্রায় সকলোবোৰ গুৰুত্বপূর্ণ স্থানতে ইয়াৰ অধ্যয়ন কেন্দ্র আছে।
18. অগতানুগতিক শিক্ষাক কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয়? (HS 2015)
উত্তৰ: অগতানুগতিক শিক্ষাত ভৰ্ত্তি হ’বৰ বাবে কোনো নিৰ্দ্ধাৰিত বয়সৰ সীমা নাই। সেয়ে যি কোনো বয়সৰ লোকে এই শিক্ষা গ্রহণৰ সুযোগ গ্রহণ কৰিব পাৰে। এই শিক্ষাত কোনো অপৰিবর্ত্তনীয় পাঠ্যক্ৰমৰ ব্যৱস্থা নাই। এই শিক্ষা ব্যৱস্থাৰ দ্বাৰা শিক্ষার্থীক পর্যায়ক্রমে কোনো বিষয়ৰ জ্ঞান আহৰনত সহায় কৰে আৰু কৰ্মৰত ব্যক্তিৰ কৰ্মদক্ষতা বৃদ্ধিৰ বাবে প্রশিক্ষনৰো ব্যৱস্থা দিয়ে। সেয়ে ইয়াক নমনীয় শিক্ষা ব্যবস্থা বোলে।
19. অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই শ্ৰেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ ক) নিৰক্ষৰ লোক।
খ) শাৰিৰীক অক্ষম লোক।
20. অগতানুগতিক শিক্ষাক কিয় এক সহায়কাৰী শিক্ষা ব্যৱস্থা হিচাপে বিবেচনা কৰা হয়? (HS 2017)
উত্তৰ: অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোৱে শৈক্ষিক আৰু অর্থনৈতিক প্রয়োজন পূৰণ কৰিব পাৰে। এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীন কৰণত এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। আনুষ্ঠানিক শিক্ষাত দেখা দিয়া অনেক ত্রুটি এই শিক্ষাৰ যোগেদি সংশোধন কৰিব পাৰি সেয়ে ইয়াক সহায়কাৰী শিক্ষা ব্যবস্থা হিচাপে গন্য কৰা হয়।
21. মুক্ত শিক্ষা বুলিলে কি বুজা ? ইয়াৰ লক্ষ্য সম্পৰ্কে লিখা।
উত্তৰ: মুক্ত শিক্ষা হৈছে আধুনিক শিক্ষা জগতৰ এক অন্যতম সংযোজন যিয়ে পৰম্পৰাগত ভাৱে চলি অহা শিক্ষা ব্যৱস্থাটোৱে সামৰিব নোৱাৰা দিশবোৰ সামৰিবলৈ প্ৰয়াস কৰিছে। বর্তমান দেখা গৈছে যে জনসংখ্যাৰ অত্যাধিক বৃদ্ধি হৈছে আৰু লগে লগে জ্ঞান লাভৰ স্পৃহাও বৃদ্ধি পাইছে। ফলত এক বৃহৎ সংখ্যক লোক গতানুগতিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈ পৰিছে। সেয়ে শিক্ষাৰ পৰা বঞ্চিত, কর্মৰত লোকৰ কর্মদক্ষতা বৃদ্ধি, সমাজৰ আৰ্থিক ভাৱে পিছপৰা ব্যক্তি এই সকলোবোৰ লোকক শিক্ষা দিয়াৰ প্রচেষ্টাৰে এক নমনীয় শিক্ষা পদ্ধতি গঢ় লৈ উঠিছে যাক মুক্ত শিক্ষা শিক্ষা বুলি কোৱা হয়।
মুক্ত শিক্ষাৰ মূল লক্ষ্য সমূহ তলত আলোচনা কৰা হল-
- দেশ এখনৰ সকলো পর্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুযোগ পায় তাক কাৰ্যকৰী কৰা।
- শিক্ষা আৰু ব্যক্তিৰ মাজত সমন্বয় সাধন কৰি শিক্ষাক জীৱনজোৰা প্রক্রিয়া হিচাপে পৰিগণিত কৰাৰ ব্যৱস্থা কৰা।
- অবিৰত প্ৰক্ৰিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আৰু শিক্ষা লাভৰ সুযোগ নোপোৱা সকলক শিক্ষাৰ সুবিধা দিয়া।
- অর্ধশিক্ষিত অৱস্থাতে কর্মত নিয়োগ হোৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূর্ণ কৰাৰ সুযোগ দান কৰা।
- প্রাথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তোলাৰ ক্ষেত্ৰত কৰ্মকর্তাসকলক প্রয়োজনীয় দক্ষতাৰে শিক্ষা দিয়া।
- বয়স্ক শিক্ষাৰ প্ৰসাৰতা অনাৰ লগতে সংৰক্ষণ আৰু সাফল্যতা অনাৰ দিহা কৰা।
- ৰাষ্ট্ৰৰ কল্যাণৰ অৰ্থে ব্যক্তিসকলক উৎপাদনমুখী হবলৈ প্রয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণৰ দিহা কৰা।
- শিক্ষাৰ সামগ্রিক মানদণ্ড উন্নত কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ হাতত লোৱা।
- জাতীয় জীৱনৰ উন্নতি আৰু সাফল্যতা অনাৰ বাবে শিক্ষাৰ প্ৰয়োগ বাস্তৱমুখী কৰি তোলা।
- সমাজৰ চাহিদালৈ লক্ষ্য ৰাখি মাধ্যমিক আৰু উচ্চ শিক্ষাক অধিকভাৱে ফলপ্ৰসু কৰি তোলাৰ ব্যৱস্থা কৰা।
- দেশৰ সৰহসংখ্যক ব্যক্তিয়ে যাতে উচ্চ শিক্ষা ঘৰত থাকিয়ে লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা।
22. মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্য সম্পৰ্কে লিখা।
উত্তৰ: মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰাৰ কেইটামান উদ্দেশ্য আছে। সেইবোৰ হ’ল-
- সমাজত পিছ পৰি ৰৈ যোৱা ব্যক্তিসকলক শিক্ষা লাভৰ বিশেষ সুযোগ দান কৰা।
- কম সময়তে অধিক সংখ্যক লোকক কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা লাভৰ সুযোগ দিয়া।
- দূৰ শিক্ষণ পদ্ধতি আৰু আধুনিক সংযোগ কৌশলৰ মাধ্যমত নমনীয় ধৰণৰ উদ্ভাৱনমূলক শিক্ষাৰ ব্যৱস্থা কৰা।
- ব্যক্তি, অনুষ্ঠান, প্রতিষ্ঠান আৰু সমাজৰ বিকাশ আৰু উন্নতিৰ বাবে কাৰ্যকৰী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা।
- বয়স্ক শিক্ষা, অবিৰত শিক্ষা আৰু সম্প্ৰসাৰণ শিক্ষাক সকলোৰে বাবে উন্মুক্ত কৰি ৰখা।
- স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা আৰু গৱেষণাৰ উপৰিও শৈক্ষিক প্রযুক্তিবিদ্যা, দূৰ শিক্ষা আৰু সংবাদ কৌশৰ উন্নয়নৰ বাবে সুযোগ মুকলি ৰখা।
- পৰিৱৰ্তিত সময়ত উদ্ভাৱিত হোৱা বিভিন্ন নতুন কৌশল আৰু সংবাদ মাধ্যমক প্রয়োগ কৰা।
23. মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ: মুক্ত বিশ্ববিদ্যালয় বৈশিষ্ট্য সমূহ হ’ল-
- মুক্ত বিশ্ববিদ্যালয় মাধ্যমেৰে কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থকা আগ্রহী ব্যক্তিসকলক উচ্চ শিক্ষা অংশকালীনভাৱে লোৱাৰ সুবিধা কৰি দিয়া হয়
- মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভৰ্তিকৰণ ব্যৱস্থা মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন হয়।
- মুক্ত বিশ্ববিদ্যালয়ত নিৰ্ধাৰিত বয়সৰ যিকোনো ব্যক্তিয়ে নিজকে শিকাৰু হিচাপে পৰিগণিত কৰাব পাৰে।
- মুক্ত বিশ্ববিদ্যালয়ত শিকাৰুসকলে স্বাধীনভাবে নিজৰ যোগ্যতা অনুসাৰে পাঠ্যক্ৰম নিৰ্বাচন কৰি লব পাৰে। ইয়াত শিক্ষার্থী ৰুচি-অভিৰুচিৰ গুৰুত্ব আছে।
- মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিয়াত দূৰ সংযোগৰ ব্যৱস্থা কৰা হয়।
- মুক্ত বিশ্ববিদ্যালয়ৰ কোনো ক্ষেত্রতে কোনো ধৰণৰ বাধ্যবাধকতা নাই।
- মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোৱে কৰ্মৰত ব্যক্তি বা আন আন ব্যক্তিসকলক দীর্ঘকালীনভাবে উচ্চ শিক্ষা লাভৰ সুযোগ দান কৰে।
- মুক্ত বিশ্ববিদ্যালয়ৰ পঠনীয় বিষয়বস্তুবোৰ ডাকযোগ পঠোৱা হয় যদিও কিছুমান বিষয় দূৰদৰ্শন আৰু ৰেডিঅ’ৰ মাধ্যমেৰেও শিকোৱা হয়।
12 Education All Question Answer– Click Here
Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 2 in Assamese Medium
HS 2nd Year Education Chapter 2 in Assamese Medium
For More details check our Youtube Channel Assam Board Exam