Assam Board Exam

Class 12 Education Chapter 2 | অগতানুগতিক শিক্ষা (Page 3)

Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium (PAGE 3)

Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 2 in Assamese Medium

দ্বিতীয় অধ্যায়

অগতানুগতিক শিক্ষা

24.  মুক্ত শিক্ষাৰ সুবিধা সমূহ লিখা।

উত্তৰ: মুক্ত শিক্ষণ ব্যৱস্থাৰ বহুবোৰ সুবিধা দেখিবলৈ পোৱা যায়। সুবিধাসমূহ চমুকৈ তলত উল্লেখ কৰা হ’ল-

  1. এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হৈছে। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল, চাকৰি কৰি থকা ব্যক্তিসক, ৰক্ষণশীলতা বা ঘৰুৱা দায়িত্বৰ বাবে সাধৰণ শিক্ষা লোৱাৰ সুবিধা নোপোৱা মহিলাসকল এই ব্যৱস্থাৰ পৰা অধিকভাবে লাভবান হয়।
  2. এই শিক্ষা ব্যৱস্থাৰ খৰচ কম হোৱা বাবে ব্যক্তিসকল ইয়াৰ প্ৰতি আগ্ৰহী হৈ পৰা দেখা যায়। নিয়মীয়া শিক্ষাত যিমানখিনি খৰচ হয়, তাৰ তিনিভাগৰ এভাগ এই শিক্ষা ব্যৱস্থাত খৰচ হয়।
  3. এই শিক্ষা ব্যৱস্থাৰ অধিক সংখ্যক পাঠ্যক্রম চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী ধৰণৰ।
  4. এই শিক্ষা ব্যৱস্থাৰ শিকাৰুসকলৰ বাবে ব্যক্তিগত সান্নিধ্যৰ কাৰ্যসূচীৰ ব্যৱস্থা থাকে আৰু প্রয়োজন সাপেক্ষে নির্দেশনা দিয়াৰ ব্যৱস্থাও আছে।
  5. এই শিক্ষা ব্যৱস্থাত যিকোনো পাঠ্যক্রমত সময়ৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা থকা দেখা যায়। এবছৰীয়া পাঠ্যক্রম শেষ কৰাৰ বাবে চাৰি বছৰলৈ সময় পায়।

25.  মুক্ত শিক্ষাৰ দূৰ্বলতাসমূহ লিখা।

উত্তৰ:

  1. মুক্ত শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবোৰৰ সংখ্যা এতিয়াও সীমাবদ্ধ হৈ আছে।
  2. এই শিক্ষা ব্যবস্থাই সুবিধা পাবলৈ সক্ষম নোহোৱা ব্যক্তিসকলৰ প্রয়োজন পূৰণ কৰিব পৰা নাই।
  3. মুক্ত শিক্ষা ব্যৱস্থাই গ্রাম্যঞ্চলৰ লগতে একেবাৰে ভিতৰুৱা অঞ্চল স্পর্শ কৰিবলৈ সামগ্রিকভাবে সক্ষম হোৱা নাই।
  4. মুক্ত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ সংখ্যা কম। ইয়াৰ সীমাবদ্ধতা চহৰ অঞ্চলৰ জনসাধৰণৰ মাজতে থকা দেখা যায়।
  5. মুক্ত শিক্ষাৰ পৰা একমাত্র মধ্যবিত্ত শ্রেণীটোহে লাভাৱান্বিত হোৱা দেখা যায়।
  6. মুক্ত শিক্ষাৰ কেন্দ্ৰবোৰত সা-সুবিধাৰ সংখ্যা কম আৰু সেৱা আগবঢোৱা ব্যক্তিৰ সংখ্যাও তাকৰীয়া। ইয়াৰ সকলোবোৰ নিৰ্দেশক অভিজ্ঞতা সম্পন্ন নহয়।

26.  পত্র বা ডাকযোগে শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ: পত্র বা ডাকযোগে শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল-

  1. পত্র বা ডাকযোগে শিক্ষা হৈছে এক নমনীয় শিক্ষা পদ্ধতি।
  2. এই শিক্ষা পদ্ধতি আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি- নিয়মৰ পৰা মুক্ত।
  3. আনুষ্ঠানিক শিক্ষাই সামৰিব নোৱাৰা সকলোবোৰ লোকেকেই এই শিক্ষাৰ পৰিসৰৰ অন্তর্ভুক্ত হয়।
  4. যোগাযোগ বা পত্রযোগে শিক্ষা পদ্ধতি এক শিক্ষার্থীকেন্দ্রিক শিক্ষা পদ্ধতি।
  5. এই শিক্ষা পদ্ধতি হৈছে এক জীৱনব্যাপি চলা প্রক্রিয়া।
  6. পত্রযোগে শিক্ষাই সকলোকে শিক্ষাৰ সা-সুবিধাসমূহ সমানে প্রদান কৰে।
  7. এই শিক্ষা পদ্ধতিত শিক্ষণ সামগ্রীসমূহ ছপা কৰি ডাকযোগে শিক্ষার্থীলৈ পঠোৱা হয়।

27.  পত্র বা ডাকযোগে শিক্ষা বুলিলে কি বুজা ?

উত্তৰ: পত্র বা ডাকযোগে শিক্ষা হৈছে অগতানুগতিক শিক্ষাৰ এক কৌশল। এই শিক্ষা ব্যৱস্থাৰ যোগেদি শিক্ষা জগতৰ পৰিবর্তিত প্রয়োজন সমূহ পূৰণ কৰিব পৰা যায়। পত্র বা ডাকযোগে শিক্ষাত বিশেষজ্ঞ সকলে বিভিন্ন পাঠৰ  ওপৰত শিক্ষণ সামগ্রী প্ৰস্তুত কৰে আৰু পাঠৰ লগত জড়িত আৰু নিদ্ধাৰিত প্রশ্নাৱলী ছপা কৰি ডাকযোগে শিক্ষার্থীসকলৰ বাবে প্ৰেৰণ কৰে। ছাত্র- ছাত্রীসকলে ঘৰত এই বিষয়সমূহ অধ্যয়ন কৰিব লাগে আৰু প্রশ্নসমূহৰ উত্তৰ কৰি শিক্ষার্থীসকলে শিক্ষকলৈ পঠাবও পাৰে। এই শিক্ষা ব্যৱস্থাত প্রয়োজন সাপেক্ষে বছৰৰ কোনো কোনো সময়ত নিদ্ধাৰিত এক- দিনৰ বাবে ছাত্র-ছাত্রীসকল শ্রেণীকক্ষত মিলিত হৈ শিক্ষকৰ পৰা প্রত্যক্ষভাৱে দিহা-পৰামর্শও লব পাৰে।

            পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথমে আইজাক পিটমেনে 1840 চনত ব্যৱহাৰ কৰিছিল। কিন্তু ভাৰতবর্ষত ডাকযোগে শিক্ষা 1962 চনত আৰম্ভ হয়। প্রথমে দিল্লী বিশ্ববিদ্যালয়ত ডাকযোগে শিক্ষা আৰু অবিৰত শিক্ষা সঞ্চালকালয় খুলি এনে পাঠ্য ক্ৰম আৰম্ভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ এই পাঠ্যক্রমবোৰ জনপ্রিয় হৈ পৰিছিল আৰু পিছত এনে পাঠ্যক্রমৰ ব্যৱস্থা কৰিবলৈ দেশৰ বিশ্ববিদ্যালয়ে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছিল।

পত্র বা ডাকযোগে শিক্ষাৰ মুখ্য উদ্দেশ্যসমূহ তলত আলোচলা কৰা হ’ল

(i) অনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত লোকসকলক সুযোগ প্রদান কৰা।

(ii) কম ব্যয় সাপেক্ষে সমাজৰ দুখীয়া লোকসকলৰ বাবে শিক্ষাৰ সুবিধা আগবঢ়োৱা ।

(ⅲ) কর্মৰত লোকসকলৰ দক্ষতাৰ উৎকর্ষ সাধনৰ বাবে সুবিধা প্রদান কৰা।

(iv) শিক্ষানুষ্ঠানৰ অভাৱ থকা অঞ্চলসমূহৰ ইচ্ছুক ব্যক্তিক শিক্ষাৰ প্ৰদান কৰা।

(v) শিক্ষকসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা।

28) দূৰ শিক্ষা বুলিলে কি বুজা? দূৰ শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ: দূৰ শিক্ষা ব্যৱস্থা হ’ল আধুনিক শিক্ষা জগতৰ এক অভিনৱ সংযোজন। আনুষ্ঠানিক শিক্ষাই সামৰিব নোৱাৰা শিক্ষাৰ প্ৰায় সকলোবোৰ দিশেই দূৰ শিক্ষাই সামৰি লবলৈ প্রয়াস কৰা দেখা যায়। এই শিক্ষা ব্যৱস্থাক সমাজৰ বিভিন্ন প্ৰান্তলৈ সম্প্রসাৰিত কৰা হৈছে। এই শিক্ষা- ব্যৱস্থাই প্রথমে শিক্ষার্থীসকলক সামৰি লয় আৰু তাৰ পিছতহে বাকীবোৰ দিশত গুৰুত্ব প্রদান কৰে। ইয়াত শিক্ষার্থীসকলৰ প্ৰয়োজনীয়তা সমূহৰ লগতে শিক্ষার্থী সকলৰ মাজত থকা ব্যক্তিগত ভিন্নতাকো চকু দিয়া হয়। দূৰ শিক্ষা পদ্ধতি হৈছে এক নমনীয় শিক্ষা পদ্ধতি যত শিক্ষার্থীসকলে নিজস্ব যোগ্যতা অনুযায়ী নিজ নিজ পাঠ্যক্রমৰ কাম কাজ স্বাধীনভাবে কৰিব পাৰে।

দূৰ শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল –

(ⅰ) দূৰ শিক্ষা হৈছে এনে এক শিক্ষা ব্যৱস্থা যি সকলোৰে বাবে উপলব্ধ। এই শিক্ষাত কোনো ধৰণৰ বাধা বাধকতা নাথাকে।

(ⅱ) এই শিক্ষা সম্পূর্ণৰূপে শিক্ষার্থী কেন্দ্রিক।

(iii) দূৰ শিক্ষা ব্যৱস্থাত  আনুষ্ঠানিক শিক্ষাৰ দৰে ডিগ্ৰী ,ডিপ্লমা, চার্টিফিকেট প্রদান কৰা হয়।

(iv) এই শিক্ষাত খৰচৰ মাত্রা আনুষ্ঠানিক শিক্ষাৰ তুলনাত কম হোৱা দেখা যায়।

(v) দূৰ শিক্ষা ব্যৱস্থাত সময়, স্থান, ব্যক্তি, বয়স ইত্যাদি সকলো দিশৰ পৰাই এক নমনীয় শিক্ষা ব্যৱস্থা।

(vi) এই শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী আহিলা ব্যৱহাৰ কৰা হয়।

29.  দূৰ শিক্ষাৰ তাৎপর্য বা গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰ: দূৰ শিক্ষা হৈছে অগতানুগতিক শিক্ষাৰ এনে এক অভিনৱ কৌশল যিয়ে আনুষ্ঠানিক শিক্ষাই সামৰিব নোৱাৰা প্ৰায় সকলোবোৰ দিশেই সামৰি লবলৈ প্রয়াস কৰিছে। জনসংখ্যাৰ অত্যাধিক বৃদ্ধিৰ ফলত শিক্ষাৰ সা-সুবিধাসমূহ বৃদ্ধি কৰাৰ সত্ত্বেও এক বৃহৎ সংখ্যক লোক আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে। সেইদৰে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে জ্ঞানৰ নতুন নতুন ক্ষেত্রৰ সৃষ্টি হৈছে আৰু জ্ঞান লাভৰ স্পৃহাও বৃদ্ধি হৈছে। ফলত আনুষ্ঠানিক শিক্ষাই ব্যক্তি আৰু সমাজৰ সকলো ধৰণৰ প্ৰয়োজন পূৰণ কৰাত ব্যৰ্থ হৈছে। শিক্ষা জগতৰ এই পৰিবর্তিত প্রয়োজন সমূহ পূৰণ কৰিবৰ বাবেই দূৰ শিক্ষাৰ গুৰুত্ব আহি পৰে। এই শিক্ষা ব্যক্তিয়ে দেশৰ যিকোনো ঠাইৰ পৰা গ্রহণ কৰিব পাৰে। বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী আহিলা যেনে: ছপা সামগ্রী, দূৰ সংযোগ আহিলা শ্রৱণ, দর্শন আহিলা, কম্পিউটাৰ ইত্যাদি ব্যৱহাৰ কৰি দূৰ শিক্ষা প্ৰায় সকলো বোৰ  দিশৰ পৰাই তাৎপর্যপূর্ণ। ইয়াৰ কিছুমান দিশ তলত আলোচনা কৰা হल-

i)  দূৰ শিক্ষা এক নমনীয় শিক্ষা পদ্ধতি ইয়াত কোনো ধৰণৰ কঠোৰ নীতি-নিয়ম মানি চলাৰ বাধ্য বাধকতা নাথাকে।

(ⅱ) এই শিক্ষাই সমাজৰ আর্থিক ভাৱে পিছপৰি থকা শ্রেণীকে ধৰি সকলোকে শিক্ষা লাভৰ  সুযোগ প্রদান কৰে।

(iii)দূৰ শিক্ষা ব্যৱস্থাত ব্যক্তিগত ভিন্নতাক গুৰুত্ব দিয়া হয়।

(iv) শিক্ষার্থীসকলে নিজস্ব প্রযোজন সাপেক্ষে আৰু যিকোনো ঠাইৰ পৰা দূৰ শিক্ষা গ্রহণ কৰিব পাৰে।

            দূৰ শিক্ষাৰ ধাৰণাটো এটা গণতান্ত্রিক আদর্শ।এই শিক্ষাৰ মাধ্যমেৰে শতসহস্র শিকাৰুৱে একেলগে স্বাধীনভাৱে শিক্ষা আহৰণ কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। দূৰ শিক্ষা হৈছে দেশত নিৰক্ষৰতা দূৰ কৰি দেশ খনক  অগ্রগতিৰ দিশে আগবঢ়াই নিয়াৰ এক  তাৎপর্যপূর্ণ কৌশল।


12 Education All Question Answer– Click Here


Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 2 in Assamese Medium

HS 2nd Year Education Chapter 2 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment