অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Chapter 1 (Geography) – as per the New Exam Pattern Complete MCQs in Assamese Medium Part 3
📘 Chapter Overview (in Assamese):
এই অধ্যায়ত অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু আৰু সম্পদৰ প্ৰকাৰসমূহ আলোচনা কৰা হৈছে। এটি স্থানবিশেষৰ ভৌগোলিক অৱস্থা আৰু সম্পদে কিদৰে তাৰ অৰ্থনৈতিক গঠন প্ৰভাৱিত কৰে, সেয়া শিকিব পাৰি। সম্পদৰ প্ৰকাৰ – প্ৰাকৃতিক, মানবিক আৰু প্ৰযুক্তিগত দিশসমূহ এই অধ্যায়ৰ মুখ্য অংশ।
অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ
Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete MCQs in Assamese Medium
দশম শ্ৰেণী
অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ
ভূগোল খণ্ড
অতি চমু প্রশ্নোত্তৰ :
1. ভূগোল বিষয়টোৰ প্ৰধান শাখা বা ভাগ দুটাৰ নাম লিখা।
উত্তৰ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল।
2. কাক আধুনিক অর্থনৈতিক ভূগোল“ৰ পিতৃ স্বৰূপে গণ্য কৰা হয়?
উঃ জর্জ ছিজহ’ম।
3. সম্পদ হিচাপে গণ্য হ‘বলৈ প্ৰয়োজন হোৱা অপৰিহাৰ্য গুণ দুটা কি কি?
উঃ কাৰ্যকাৰিতা আৰু উপযোগিতা।
4. এখন দেশৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সম্পদটো কি?
উত্তৰ মানৱ সম্পদ।
5. মানুহৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্রাথমিক বৃত্তিটো কি?
উঃ কৃষি কার্য।
6. ভাৰতৰ এবিধ জাতীয় সম্পদৰ উদাহৰণ দিয়া।
উঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
7. অসমৰ কেইবিধমান বিলুপ্ত হ‘বলৈ ধৰা উদ্ভিদ প্রজাতিৰ নাম লিখা।
উঃ সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন, অগৰু, চিৰতা, জাইফল, শতমূল, শুকলতি ইত্যাদি।
8. অসমৰ কেইবিধমান বিলুপ্ত হ‘বলৈ ধৰা জীৱ–জন্তুৰ নাম লিখা।
উঃ সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ, নল গাহৰি, শিহু, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকেন
9. প্রাথমিক বৃত্তিৰ কেইটামান উদাহৰণ দিয়া।
উত্তৰ কৃষিকার্য, বনজ সম্পদ আহৰণ, মাছধৰা কাৰ্য ইত্যাদি।
10. দ্বিতীয়ক বৃত্তিৰ কেইটামান উদাহৰণ দিয়া।
উত্তৰ শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন প্ৰকাৰৰ নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।
11. অর্থনৈতিক ভূগোল অধ্যয়নৰ বিভিন্ন পদ্ধতিসমূহ কি কি?
উত্তৰ আচৰণগত পদ্ধতি, নীতি-নিয়মগত পদ্ধতি, তন্ত্র-বিশ্লেষণ পদ্ধতি, আঞ্চলিক পদ্ধতি আৰু প্রতিষ্ঠানীয় পদ্ধতি।
12. জিম্মাৰমানৰ মতে যিকোনো বস্তু সম্পদ হ‘বলৈ হ‘লে দুটা ধর্ম থকা বাঞ্চনীয়। এই দুটা কি কি?
উঃ কাৰ্যকাৰিতা আৰু উপকাৰিতা।
13. মানুহ দুই প্ৰকাৰে সম্পদৰ সৈতে জড়িত। এই প্ৰকাৰ দুটা কি কি?
উত্তৰ সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে।
14. মানবসৃষ্ট সম্পদৰ উদাহৰণ দিয়া।
উঃ কৃষিৰ সঁজুলি, যান-বাহন , কার্যালয়, বিদ্যালয়, উদ্যোগ, বাট-পথ, ঘৰ ইত্যাদি।
15. নিৰপেক্ষ বা নিষ্ক্রিয় সম্পদ বুলিলে কি বুজা?
উত্তৰ প্রকৃতিত উপলব্ধ যিবোৰ সম্পদ মানুহৰ বাবে উপকাৰীও নহয় অপকাৰীও নহয়, তেনেবোৰ সম্পদক নিৰপেক্ষ বা নিষ্ক্রিয় সম্পদ বুলি কোৱা হয়।
16. প্রতিৰোধক বুলিলে কি বুজা?
উঃ যিবোৰ পদার্থ বা পৰিঘটনা মানুহৰ বাবে ক্ষতিকৰ সেইবোৰক প্ৰতিৰোধক বুলি কোৱা হয়।
17. প্ৰতিৰোধকৰ উদাহৰণ দিয়া।
উত্তৰ বানাক্রান্ত অঞ্চল, অনুৰ্বৰ ভূমি ইত্যাদি।
18. শক্তিৰ উৎস হিচাপে ব্যবহৃত কিছুমান প্রাকৃতিক সম্পদৰ নাম উল্লেখ কৰা।
উঃ প্রাকৃতিক গেছ, খনিজ তেল, কয়লা ইত্যাদি।
19. ভূগোলৰ কোনটো শাখাৰ সৈতে ‘শস্যৰ উৎপাদন‘ জড়িত?
উঃ কৃষি ভূগোল।
20. IUCN ৰ সম্পূর্ণ ৰূপটো কি?
উত্তৰ International Union for Conservation of Nature.
21. তলত দিয়াবোৰৰ সৰ্ম্পূণ ৰূপসমূহ লিখা:
1. IUCN
2. CSE
3. UNESCO
4. GIS
5. UNDP
6. WWF :
উত্তৰসমূহ:
1. IUCN : International Union for Conservation of Nature
2. CSE : Centre for Science and Environment
3. UNESCO : United Nations Educational, Scientific and Cultural Organisation
4. GIS: Geographical Information System
5. UNDP : United Nations Development Programme
6. WWF : World Wide Fund for Nature
22. তলত দিয়া উক্তিকেইটা সত্য নে অসত্য উল্লেখ কৰা
1. মানুহৰ কাৰ্যকলাপসমূহ ভিন্ন ভিন্ন ধৰণৰ হোৱা বাবে অর্থনৈতিক ভূগোলত বিভিন্ন বিশেষ শাখা গঢ় লৈ উঠিছে।
উঃ সত্য
2. পৃথিৱীৰ বিভিন্ন স্থানৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানবসৃষ্ট পৰিৱেশ বেলেগ বেলেগ হয়।
উঃ সত্য
3. পৃথিৱীত উপলব্ধ সকলোবোৰ পদার্থই সম্পদ।
উঃ অসত্য
4. অৰণ্য হৈছে নৱীকৰণযোগ্য সম্পদ।
উঃ সত্য
5. সম্পদৰ প্ৰকৃতি গতিশীল।
উঃ সত্য
6. প্ৰতিৰোধক আৰু নিষ্ক্রিয় সামগ্রী সম্পদলৈ ৰূপান্তৰিত কৰিব নোৱাৰি।
উঃ অসত্য
7. সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ’বও পাৰে
উত্তৰ সত্য
8. সোণ এবিধ অজীবীয় সম্পদ আৰু একে সময়তে ই প্রাকৃতিক সম্পদ, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদো হয়।
উত্তৰ সত্য
9. প্রাকৃতিক সম্পদসমূহ অধাতৱ ৰূপত বিৰাজ নকৰে।
উঃ অসত্য
10. ঘৰ হৈছে সম্পত্তিৰ এটা উদাহৰণ।
উঃ সত্য
খালী ঠাই পূৰণ কৰা :
1. অর্থনৈতিক ভূগোল হ’ল……ভূগোলৰ এক অন্যতম গুৰুত্বপূৰ্ণ শাখা।
উঃ মানৱ
2. উৎপাদন বা নির্মাণ কার্যকলাপসমূহ….বৃত্তিৰ অন্তর্গত।
উঃ দ্বিতীয়ক বৃত্তিৰ
3. বিনিময় মূল্য থকা সামগ্রীসমূহক…. বোলে।
উঃ সম্পত্তি
4. মহাকাশ ….সম্পদৰ শ্ৰেণীভূক্ত।
উঃ আন্তর্জাতিক সম্পদৰ
5. সাম্প্রতিক কালত অর্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত….পদ্ধতি…..পদ্ধতি আৰু….. নিদর্শন ব্যৱহাৰ কৰা হয়।
উঃ সাংখ্যিক, ভৌগোলিক তথ্য বিশ্লেষণ , বিভিন্ন সূত্র-নিদর্শন
6. চি. এফ. জন্ম আৰু জি. জি. ডার্কেনৱাল্ডৰ মতে অর্থনৈতিক ভূগোল ….কাৰ্যকলাপৰ লগত জড়িত।
উঃ উৎপাদনক্ষম
7. ….বৃত্তিৰ কেইটামান উদাহৰণ হৈছে পৰিবহণ, যোগাযোগ, বিপণন, পর্যটনমূলক কার্যকলাপ ইত্যাদি।
উঃ তৃতীয়ক
8. এখন দেশৰ অৰ্থনৈতিক উন্নয়ন….. ৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে।
উঃ সম্পদ
9. কৃষি ভূগোল হৈছে ….ভূগোলৰ এটা শাখা।
উঃ অর্থনৈতিক
10. মানুহৰ বাবে অত্যাৱশ্যকীয় আটাইবোৰ সামগ্রীক….. বুলি জনা যায়।
উত্তৰ সম্পদ
11. …… মানে হৈছে সেইবোৰ সামগ্ৰী যাৰ বিনিময় মূল্য আছে।
উঃ সম্পত্তি
12. গঠনৰ ভিত্তিত সম্পদক……আৰু….. হিচাপে শ্রেণীবিভাজন কৰিব পাৰি।
উঃ জীৱীয় সম্পদ; অজীৱীয় সম্পদ
13. প্রাকৃতিক ভাৱে সৃষ্টি হোৱাৰ পাছত পৃথিবীত বিতৰণ হোৱা সম্পদ সমূহক ….. বুলি জনা যায়।
উঃ প্রাকৃতিক সম্পদ
14. ব্যৱহাৰৰ পাছত পুনঃসৃষ্টি কৰিব নোৱৰা সম্পদ সমূহক …..বুলি কোৱা হয়।
উঃ অনৱীকৰণযোগ্য সম্পদ
15. ব্যক্তিগত সম্পদক …..বুলিও জনা যায়।
উঃ নিজস্ব সম্পদ
16. মহাসাগৰ, সাগৰ, অৰণ্য, বায়ুমণ্ডল আদি…… ৰ উদাহৰণ।
উঃ আন্তর্জাতিক সম্পদ
17…..ৰ কল্যাণৰ বাবে আন্তর্জাতিক সম্পদ ব্যৱহাৰ কৰা হয়।
উঃ মানৱ জাতি
18. CSE ৰ সম্পূৰ্ণ ৰূপটো হৈছে।
উঃ Centre for Science and Environment
19. …..মানে হৈছে এনে কিছুমান মানৱ কাৰ্যকলাপ যাৰ জৰিয়তে দ্বিতীয়ক আৰু তৃতীয়ক কার্যকলাপসমূহ অধিক উৎপাদনক্ষম আৰু সহজ কৰিব পৰা যায়।
উঃ চতুর্থক বৃত্তি
21. যিবিলাক মানৱ কাৰ্যকলাপৰ দ্বাৰা প্ৰাথমিক কাৰ্যকলাপৰ জৰিয়তে যোগান ধৰা কেঁচামালক প্ৰযুক্তিৰ সহায়ত ব্যৱহাৰোপযোগী ৰূপলৈ পৰিৱৰ্তন কৰিব পৰা যায়, তেনে কার্যকলাপ বা বৃত্তিক ….. বুলি জনা যায়।
উঃ দ্বিতীয়ক বৃত্তি
🧠 Chapter Summary (Assamese):
অৰ্থনৈতিক ভূগোল হৈছে সেই শাখা যি এটা অঞ্চলত লোক, সম্পদ, আৰু উৎপাদনৰ সংযোগ অধ্যয়ন কৰে। সম্পদবোৰ প্ৰাকৃতিক (মাটি, জল, খনিজ), মানবিক (জনশক্তি, শিক্ষা), আৰু প্ৰযুক্তিগত (যন্ত্ৰপাতি, গৱেষণা) হিচাপে ভাগ কৰিব পাৰি। এই অধ্যায়ত এই সকলো দিশ বিশ্লেষণ কৰা হৈছে।
📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
🔸 অসমীয়া ৰচনা – Click Here
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel →