Assam Board Exam

Class 7 Social Science Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান

Class 7 Social Science Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান– সমাধান in Assamese Medium | All Question Answer

Class 7 Social Science Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান – Complete Question Answer in Assamese Medium


গুপ্ত সাম্ৰাজ্যৰ উত্থান

অনুশীলনী

১। উত্তৰ লিখা-

(ক) কোনে গুপ্তবংশ প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ শ্ৰীগুপ্তই গুপ্তবংশ প্ৰতিষ্ঠা কৰিছিল।

(খ) কোনজন গুপ্ত সম্রাটে প্রথম মহাৰাজাধিৰাজ উপাধি লৈছিল?

উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্তই প্রথমে মহাৰাজাধিৰাজ উপাধি লৈছিল।

(গ) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি?

উত্তৰঃ এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম হ’ল– হৰিসেন।

(ঘ) গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম কি?

উত্তৰঃ গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম হ’ল– তাম্ৰলিপ্তি।

(ঙ) সমুদ্রগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হল– পুষ্যবৰ্মন।


২। ক্রম অনুসৰি লিখা–

ফাহিয়ান, শ্রীগুপ্ত, হৰিসেন, পুষ্যবর্মণ, স্কন্দগুপ্ত

উত্তৰঃ শ্রীগুপ্ত, পুষ্যবর্মণ, হৰিসেন, ফাহিয়ান, স্কন্দগুপ্ত।


৩। শুদ্ধ-অশুদ্ধ নির্ণয় কৰাঃ

(ক) প্রথম চন্দ্রগুপ্তই কামৰূপ, ডবাক জয় কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) শুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

(গ) গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) ‘পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে’— এই ধাৰণাটো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল ।

উত্তৰঃ অশুদ্ধ।


৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ‘খ’ অংশ
(ক) চ’পাৰ(ঘ) বন্দৰ
(খ) হৰিসেন(ক) এলাহাবাদ প্ৰশস্তি
(গ) ভৰত(ঙ) নাট্যশাস্ত্ৰ
(ঘ) বৰাহমিহিৰ(খ) বৃহৎ সংহিতা
(ঙ) সুশ্ৰুত(গ) চিকিৎসা শাস্ত্ৰবিদ

৫। চমুকৈ লিখা–

(ক) গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল?

উত্তৰঃ গুপ্ত ৰাজত্বকালত সোণ-ৰূপৰ মুদ্ৰাৰ লগতে কড়িৰো প্ৰচলন আছিল।


(খ) গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ গুপ্তযুগত ভাৰতৰ পৰা ৰোমলৈ মছলা, চন্দন কাঠ, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মণি-মুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ-জন্তুও ৰপ্তানি কৰা হৈছিল।


(গ) গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰীৰ লোকে বাস কৰিছিল?

উত্তৰঃ গুপ্ত ৰাজত্বকালৰ বিভিন্ন বৃত্তিধাৰীৰ লোকসকল হৈছে-

1) খেতি বাতিত নিয়োজিত কৃষক,

2) বেপাৰ-বাণিজ্যৰ লগত জড়িত ব্যৱসায়ী,

3) দেশৰক্ষাৰ কামত নিয়োজিত সামৰিক বাহিনী ,

4) পূজা-পাতল বা উপাসনা ( ব্ৰাহ্মণ, বৌদ্ধ ভিক্ষু)।

5) জ্যোৰ্তিবিদ,

6)  চিকিৎসক,

7)  দাৰ্শনিক,

8)  ভাস্কৰ্য শিল্পী।


(ঘ) গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্য-কলাৰ নিৰ্দশন উল্লেখ কৰা।

উত্তৰঃ গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্য-কলাৰসমূহ হ’ল–

(১) সাঁচীৰ বিষ্ণু মন্দিৰ।

(২) দেওগড়ৰ দশাৱতাৰ মন্দিৰ।

(৩) আইহোলৰ দুৰ্গা মন্দিৰ।

(৪) সৰনাথৰ ধ্যান মগ্ন বুদ্ধ।

(৫) মথুৰাৰ থিয় দি থকা মূৰ্তি আদি।


ঙ) অজন্তা-ইলোৰা চিত্রাঙ্কনসমূহৰ বৈশিষ্ট্য কি?

উত্তৰ অজন্তা-ইলোৰা চিত্রাঙ্কনসমূহৰ বৈশিষ্ট্যসমূহ হল –

১/ অজন্তা-ইলোৰা চিত্রাঙ্কনসমূহ বিদেশী প্ৰভাৱৰ পৰা মুক্ত।

২/ চিত্রাঙ্কনসমূহত  ব্ৰহ্মা , বিষ্ণু আৰু শিৱৰ বাহিৰেও অন্যান্য দেৱ-দেৱীৰ মূৰ্তি প্রতিফলিত হৈছিল।

৩। এই চিত্রাঙ্কনসমূহে গুপ্তযুগৰ গৰিমা আজিও আমাক সোঁৱৰাই দিয়ে।


(চ) অসমৰ ক’ত ক’ত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়?

উত্তৰঃ তেজপুৰৰ দ’  পৰ্বতীয়াত, নগাঁওৰ মিকিৰ আতি আৰু বৰগংগা, গুৱাহাটীৰ কামাখ্যা, দুধনৈৰ বৰমেধী পাৰা আদিত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।

Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment