Assam Board Exam

বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘নেপালী বা গোর্খা সকল’ | Class 10 Assamese Rapid Reader

Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘নেপালী বা গোর্খা সকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

This chapter of বৈচিত্র্যময় অসম, titled “নেপালী বা গোর্খা সকল”, focuses on the Nepali-speaking Gorkha community of Assam. It highlights their history, lifestyle, religious beliefs, festivals, and contributions to Assamese society. These notes will help Class 10 students thoroughly prepare for their Rapid Reader section in SEBA examinations.


পাঠ পৰিচয়

এই পাঠটোত নেপালী বা গোর্খা জনগোষ্ঠীৰ উৎপত্তি, বসবাসৰ অঞ্চল, ধৰ্মীয় বিশ্বাস, আঞ্চলিক পৰম্পৰা, খাদ্যাভ্যাস, সমাজত ভূমিকা আৰু সাহিত্য-সংস্কৃতিৰ ওপৰত আলোকপাত কৰা হৈছে।


পাঠৰ মূল চৰ্চাৰ বিষয়বস্তু

  • নেপালী বা গোর্খা জনগোষ্ঠীৰ উৎপত্তি
  • ধৰ্মীয় বিশ্বাস আৰু উপাসনাৰ পদ্ধতি
  • খাদ্য-পৰিধান, উৎসৱ-অনুষ্ঠান
  • সমাজত অংশগ্ৰহণ
  • অসমীয়াৰ সৈতে সম্পৰ্ক

Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘নেপালী বা গোর্খা সকল’ | Complete Question Answer in Assamese Medium


বৈচিত্র্যময় অসম দ্ৰুতপাঠ

‘নেপালী বা গোর্খা সকল’

দশম শ্ৰেণী

অসমীয়া

১। নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ?

উত্তৰ: নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল আৰ্য, মঙ্গোলীয় আৰু কিৰাট আদি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ।


২। ‘লাল মোহৰীয়া পাণ্ডা’ বুলি ক’লে কি বুজা যায়?

উত্তৰ: পূৰ্বতে কামাখ্যা মন্দিৰত পূজা কৰাবৰ বাবে প্রাগজ্যোতিষপুৰৰ ৰজা নৰকে নেপালৰ পৰা পূজাৰী আনিছিল। পিছলৈ সেই পূজাৰীসকল ‘লাল মোহনীয়া পাণ্ডা’ হিচাপে খ্যাত হৈ পৰে।


৩। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতিগৰাকীৰ নাম লিখা।

উত্তৰ: অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতিগৰাকীৰ নাম আছিল ছবিলাল বাবু।


৪/ ‘ট্রাইবেল বেল্ট এণ্ড ব্লক’ত নেপালীভাষী লোকসকলে কেতিয়া ‘সংৰক্ষিত শ্রেণী’ৰ মর্যাদা পাইছিল?

উত্তৰ: ট্রাইবেল বেল্ট এন্ড ব্লকত নেপালীভাষী লোকসকলে ১৯৪৭ চনত সংৰক্ষিত শ্ৰেণীৰ মর্যাদাপাইছিল।


৫/ ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত কত সত্র স্থাপন কৰিছিল?

উত্তৰ: ৰতিকান্ত উপাধ্যায় আছিল এজন নেপালী ব্রাহ্মণ আৰু শ্রীমন্ত-শংকৰদেৱৰ শিষ্য। তেওঁ টিয়ক আৰু নগাঁৱত নেপালী সত্র স্থাপন কৰিছিল।


৬/ গোর্খা সম্প্রদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?

উত্তৰ: গোর্খা সম্প্রদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱ কেইটা হৈছে- তীজ, বড়াদশৈ আৰু তিহাৰ।


৭/ ‘জম্বুদ্বীপে, আর্যাৱর্তে, ভাৰতবর্ষে, অসম প্রান্তে বোলা কথাষাৰৰ তাৎপর্য কি?

উত্তৰ: প্রায় পাঁচ হেজাৰ বছৰ আগৰ পৰাই অর্থাৎ মহাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্রব্রজন আছিল। তেতিয়া এই সমগ্র অঞ্চলটো ‘জম্বুদ্বীপ’ বা ‘আর্যাৱর্ত ‘নামেৰে জনাজাত আছিল। অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃশ্রাদ্ধত পিণ্ড দান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি ‘জম্বুদ্বীপে, আর্যাৱর্তে, ভাৰতবর্ষে, অসম প্রান্তে’ বুলি কয়।


৮/ সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধি মতে কোনখন দেশৰ ভূ-ভাগ আৰু জন সমষ্টি ভাৰতৰ অন্তর্ভুক্ত হৈছিল?

উত্তৰ: সুগৌলী সন্ধি হৈছিল ১৮১৫-১৬ চনত, ব্রিটিছ আৰু নেপালৰ মাজত। এই সন্ধিসতে নেপালৰ বহু ভূ-ভাগ আৰু জনসমষ্টি ভাৰতৰ অন্তর্ভূক্ত -হৈছিল।


৯/ চমুটোকা লিখা:

ক) ছবিলাল উপাধ্যায়: গোর্খা জনগোষ্ঠীৰ ছবিলাল উপাধ্যায় আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্রিয় সংগামী । তেখেতৰ জন্ম হৈছিল ১৮৮২ চনৰ ১২ মে’ত, বিশ্বনাথ জিলাৰ বুঢ়ীগঙত।

তেখেত ‘অসম এছোচিয়েচনৰ লগত ওতঃপ্রোত: ভাৱে জড়িত আছিল। তেখেতৰ সভাপতিত্বত ১৯২১ চনত যোৰহাটত অনুষ্ঠিত হোৱা সভাত অসম এছোচিয়েচনক অসম প্রদেশ কংগ্রেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয়। ছবিলাল বাবু অসম প্রদেশ কংগ্রেছ কমিটিৰ প্রথম-সভাপতি আছিল। মহাত্মা গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত সক্রিয় সহযোগ কৰা বাবে তেখেতে ছয়মাহ কাৰাবাস খাটিব লগীয়া হৈছিল। তেখেতে ‘অখিল ভাৰত গোর্খা লিগ’ৰো নেতৃত্ব দিছিল


খ) হৰি প্রসাদ গোর্খা ৰাই: হৰি প্রসাদ গোর্খা ৰাই আছিল আবাহন যুগৰ এজন বিশিষ্ট লেখক। তেখেতৰ জন্ম হৈছিল ১৯১৫ চনৰ ১৫ মার্চত, নগালেণ্ডৰ কহিমাত। তেখেতে অসমীয়া মাধ্যমত শিক্ষা গ্রহণ কৰি অসমীয়া ভাষা-সাহিত্যৰ চর্চাত ব্রতী হয়। অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য চর্চা কৰা গোর্খা ৰাই দেৱৰ অৱদান সমূহ হল

১/ মিকিৰ শব্দকোষ

২। পুমেইতাঙখুল শব্দকোষ

৩/ মেইৰিঙ শব্দকোষ

৪। মাৰাম শব্দকোষ

৫। অসমীয়া শব্দকোষ

৬। নেপালী শব্দকোষ ইত্যাদি

নেপালী ভাষাত সৃষ্টি কৰা তেখেতৰ পুথিসমূহ হল

১। বাবৰী (কবিতা সংকলন)

২। মনচৰিকো বোলী (কবিতা সংকলন) আৰু

৩। মহা বদনাম হুঞ্চ (গল্প সংকলন)


গ) দলবীৰ সিং লোহাৰ: দলবীৰ সিং লোহাৰ অসমৰ প্ৰথমজন নেপালী ভাষী বিধায়ক আছিল। তেখেতৰ জন্ম হৈছিল ১৯১৫ চনৰ ২৬ জানুৱাৰীত, ডিব্ৰুগড়ৰ খলিহামাৰীত। তেখেতে খুব কম বয়সতে ভাৰতৰ জাতীয় আন্দোলনত যোগদান কৰিছিল। ব্রিটিছৰ গণবিৰোধী নীতিৰ বিৰোধিতা কৰা বাবে তেখেতক ছয়মাহ কাৰাদণ্ড বিহা হৈছিল। তেখেত শ্রমিক আন্দোলনৰ নেতা আছিল আৰু ট্রেড ইউনিয়ন গঠনত মনোনিৱেশ কৰিছিল ১৯৪৬ চনত তেখেত শ্রমিক আৰু পিছপৰা শ্রেণীৰ প্রতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা বিধান সভালৈ নির্বাচিত হৈছিল। ২৯ জুলাই, ১৯৬৯ চনত দলবীৰ সিং লোহাৰৰ দেহাৱসান ঘটে।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘নেপালী বা গোর্খা সকল’ Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


FAQs – Frequently Asked Questions

Q1: What is the focus of the chapter “নেপালী বা গোর্খা সকল”?
A: It discusses the Gorkha community’s traditions, religion, and lifestyle in Assam.

Q2: Why is this chapter important for SEBA exams?
A: It helps students understand the ethnic and cultural diversity of Assam.

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top