Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহা – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
উদ্যোগী হওঁ আহা
Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহা | Complete Question Answer in Assamese Medium
উদ্যোগী হওঁ আহা
দশম শ্ৰেণী
অসমীয়া
১। ক) দশম শ্রেণীৰ শ্রেণী কোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি ?
উত্তৰ: দশম শ্রেণীৰ শ্রেণী কোঠাত সোমোৱা শ্রেণী শিক্ষক গৰাকীৰ নাম-প্রকাশ গোস্বামী।
খ) শ্রেণী শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?
উত্তৰ: শ্রেণী শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল- এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে।
গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?
উত্তৰ: এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধানটো হৈছে এলাহ।
ঘ) এজন সফল উদ্যোগী হবলৈ কি কি গুণৰ প্রয়োজন?
উত্তৰ: এজন সফল উদ্যোগী হবলৈ প্রয়োজন হোৱা গুণবোৰ হৈছে-ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ-নমনা মনোবৃত্তি, আগ্রহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন।
ঙ) ক’কা কলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?
উত্তৰ: ককা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে-“Eat cricket, sleep cricket, dream cricket, drink cricket.” অর্থাৎ খাওঁতে, শোওঁতে, উঠোঁতে- বহোঁতে অনবৰতে উদ্যোগী ব্যক্তি গৰাকীয়ে নিজৰ লক্ষ্য বা সপোন সার্থক কৰিবৰ বাবে একেৰাহে কাম কৰি যাব লাগিব।
চ) নাৰায়ণ মূর্ত্তী কোন।
উত্তৰ: নাৰায়ণ মূর্ত্তী ‘ইন্ফচিচ কোম্পানীৰ প্রতিষ্ঠাপক।
ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?
উত্তৰ: বিজিতে ছাৰক উদ্যোগী সম্পর্কে এনেদৰে কৈছিল-উদ্যোগী-সকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্মসংস্থান দিবলৈ সক্ষম হয়।
জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?
উত্তৰ: প্রথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।
ঝ) টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?
উত্তৰ: টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ এনেদৰে কৈছিল-“মই বিফল হোৱা নাই। মাত্র বুজিলো যে ১০০০০ ধৰণে ই কাম নকৰে।”
২। চমুকৈ বুজাই লিখা:
ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহৱা কাপুৰুষৰ নিচান।’- শিক্ষক গৰাকীয়ে কিয় এইদৰে কলে বুজাই লিখা।
উত্তৰ: শিক্ষক গৰাকীয়ে উদ্যোগী পুৰুষক সিংহ আৰু এলেহুৱাক কাপুৰুষৰ লগত তুলনা কৰিবলৈ যোৱাৰ প্ৰসংগত উক্ত কথাফাঁকি উল্লেখ কৰিছে।
শিক্ষক গৰাকীয়ে উদ্যোগী ব্যক্তি আৰু এজন এলেহুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটোক এলাহ বুলি অভিহিত কৰিছে। উদ্যোগী লোকে জীৱনৰ বাটত আগবাঢ়ি যাওঁতে সাহসেৰে আগবাঢ়ি যায়। যিকোনো কাম কৰিবলৈ সাজু হৈ থাকে আৰু কেতিয়াও পিছুৱাই নাহে। তেওঁ নিজকে প্ৰতিস্থা কৰাৰ লগতে সমাজৰ ভেটি সুদৃঢ় কৰাত অৰিহনা যোগায়।
তাৰ বিপৰীতে এলেহুৱা লোক সকলে কাম কৰাৰ ভয়তে সদায় পিছুৱাই থাকে আৰু তাৰ ফলত তেওঁলোক অধিক অকৰমন্য আৰু কৰ্মভীৰু হৈ পৰে। এইদৰে উদ্যোগী পুৰুষ সিংহ সদৃশ আৰু এলেহুৱা লোকসকল কাপুৰুষৰ প্ৰতীক স্বৰূপ হৈ পৰে।
খ) সফল উদ্যোগী হবলৈ কিয় কঠিন?
উত্তৰ: উদ্যোগী যিকোনো লোক হ’ব পাৰে। কিয়নো এজন উদ্যোগী হ’বলৈ বহুত ডাঙৰ ডিগ্রী বা বিশেষ শিক্ষাগত অৰ্হতাৰ সিমান প্রয়োজন নহয়। কিন্তু আচল কথাটো হ’ল সকলো উদ্যোগী সফল হ’ব নোৱাৰে। কাৰণ এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলো লোকৰে এই গুণ সমূহ নাথাকে। সেইবাবে সফল উদ্যোগী হবলৈ বৰ কঠিন।
গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষক গৰাকীয়ে কিয় কৈছে বুজাই লিখা।
উত্তৰ: এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰ কাম। চাইকেলখন ইঞ্জিন চালিত নহয়। সেয়ে এইখন সঠিক দিশেৰে ভালকৈ চলাই যাবলৈ হ’লে চলাওঁত জনৰ থাকিব লাগিব অদম্য উৎসাহ, সাহস, ধৈর্য, একাগ্রতা ইত্যাদি। চাইকেল চলাবলৈ শিকোঁতে প্ৰথম অৱস্থাত পৰি হাত-ভৰিত আঘাট পোৱা দেখা যায়। সেই বুলি ভয় কৰি বা উৎসাহ এৰি দি চলাবলৈ এৰি দিলে জীৱনত কেতিয়াও চাইকেল চলোৱাৰ আমেজ ল’ব নোৱাৰিব।
ঠিক একেদৰে এজন সফল উদ্যোগী হ’বলে হ’লে প্রথম অৱস্থাত সন্মূখীন হোৱা সমস্যালৈ ভয় কৰিলে নহ’ব। ধৈর্য, একাগ্রতা আৰু নিৰৱচ্ছিন্ন প্রচেষ্ঠাৰ অন্ততহে মানুহে সফলতাৰ মুখ দেখে। গতিকে উদ্যোগী জনে বিফলতাক প্রশ্ৰয় নিদি বা সফল হোৱাৰ আশা বাদ নিদি চেষ্টা অব্যাহত ৰাখিলে এদিন নিশ্চয় সফল হব। চাইকেল-চলাবলৈ শিকা আৰু এজন সফল উদ্যোগী হব’লৈ চেষ্টা কৰা, দুয়োটা কমাৰ মাজত সামঞ্জস্যও এয়ে।
ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।
উত্তৰ: উদ্যোগী সেইসকল ব্যক্তিক কোৱা হয়, যিসকল লোকে নিজে ব্যবসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্রী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্মসংস্থান দিবলৈ সক্ষম হয়।
৩। ইনফ্চিচ কোম্পানীৰ প্রতিষ্ঠ্যাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বর্ণনা কৰা।
উত্তৰ: ইন্ফুচিচ কোম্পানীৰ প্রতিষ্ঠাপক নাৰায়ণ মূর্ত্তী।
তেখেত আছিল এক নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্রহণ কৰা ব্যক্তি। অভিযান্ত্রিক শিক্ষা সমাপ্ত কৰি তেখেতে কিছুদিন চাকৰি কৰিছিল যদিও এজন উদ্যোগী হোৱাৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস থকাৰ বাবে চাকৰি ত্যাগ কৰি ‘softronics’ নামৰ এটা কোম্পানী প্রতিষ্ঠা কৰিছিল। কিন্তু প্রতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কিন্তু তেওঁ নিৰাশ নহৈ পুনৰ তেওঁ মাত্র দহ হাজাৰ টকাৰ মূলধনেৰে কেইজনমান বন্ধুৰ লগ লাগি ‘ইন্ফুচিচ’ নামৰ কোম্পানীটো আৰম্ভ কৰে। প্রথম অৱস্থাত বহুতো বাধা, ঘাত-প্রতিঘাটৰ সন্মূখীন হ’ব লগা হৈছিল। কিন্তু নব্বৈ দশকত ভাৰত চৰকাৰে মুক্ত অর্থনৈতিক নীতি ঘোষণা কৰাত ইন্ফুচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সেই সুযোগ গ্রহণ কৰি বিশ্বৰ এটা নাম জ্বলা কোম্পানীত পৰিণত হয়। ফলস্বৰূপে আজি নাৰায়ণ মূর্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ ভিতৰতে এজন সফল উদ্যোগী হিচাপে পৰিগণিত হল।
৪। ছাৰ, এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হব লাগিব?” এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।
উত্তৰ: “চাৰ, এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হব লাগিব? এইদৰে প্রীতম নামৰ ছাত্ৰ এজনে সুধিছিল।
প্ৰীতমৰ প্ৰশ্ন উত্তৰত শিক্ষক গৰাকীয়ে কৈছিল যে ব্যক্তি এজনে কোনটো দিশত উদ্যোগী হ’বলৈ বিচাৰে, তাৰ ওপৰত তেওঁৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নির্ভৰ কৰে।কিছুমান ক্ষেত্ৰত উদ্যোগী হ’বলৈ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাথাকে। উদাহৰণ স্বৰূপে এখন ধাঁৱা বা গেলামাল দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ’বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্রয়োজন নাই। আনহাতে এখন বিউটি পার্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি-ভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা skill থকাটো প্রয়োজন। আকৌ প্রযুক্তি তথ্যপ্রযুক্তি আদি বিষয়ত উদ্যোগী হ’ব বিচাৰিলে সেই বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতি গুৰুত্বপূর্ণ।
৫। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”- কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰ: “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”- কথাষাৰ তাৎপৰ্য পাঠৰ আধাৰত তলত বুজাই লিখিবলৈ প্ৰয়াস কৰা হ’ল-
কথাষাৰ তাৎপৰ্য হ’ল এয়ে যে এজন উদ্যোগী হ’বলৈ শিক্ষাগত ডিগ্রী বা বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই। যিকোনো ব্যক্তিয়ে সহজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি উদ্যোগী হিচাপে নিজকে চিনাকি দিব পাৰে। কিন্তু সকলো উদ্যোগীয়ে সফল উদ্যোগী হিচাপে নিজকে গঢ়ি তুলিব নোৱাৰে।এজন সফল উদ্যোগী হবলৈ হ’লে প্ৰথম অৱস্থাত জোতা চিলাই পৰা চণ্ডী পাঠলৈকে সৰুতকৈও সৰু কাম কৰিবলৈ সাজু থাকিব লাগিব। সফল হ’বলৈ উদ্যোগী এজনে নিজৰ গাত ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ দৰে গুণ সমূহৰ বিকাশ সাধন কৰিব লাগিব । লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি পুনৰ উঠিবলৈও সাজু থাকিব লাগিব।
উদাহৰণস্বৰূপে, বৈজ্ঞানীক টমাছ আলভা এডিচনে হওঁক বা আলেকজেণ্ডাৰ গ্ৰাহামবেল অথবা বিশ্বৰ সবাটোকৈ বৃহৎ উদ্যোগপতি বিল গেটচে হওঁক, সকলোৱে এদিনতে সফলতা লাভ কৰিব নাছিল। জীৱনত তেঁওলোকে বহুতো সংঘাটৰ সন্মূখিন হৈছিল, তাৰ পিছতহে সফলতাৰ মুখ দেখিছিল। গতিকে এইবোৰৰ পৰা আমি ক’ব পাৰো যে ধৈর্য, একাগ্রতা, আত্মবিশ্বাসৰ লগতে এজন সফল উদ্যোগী হ’বলৈ উপস্থাপন ক্ষমতা, কৰ্মদক্ষতা আৰু বিক্ৰী কৌশল আদিৰ দৰে বহুতো গুণৰ প্ৰয়োজন হয়। সেয়েহে ক’ব পাৰি যে সকলো ব্যক্তিয়ে সহজে উদ্যোগী হ’ব পাৰে যদিও সফল উদ্যোগী হৈ উঠিব নোৱাৰে।
৬।” ভাৰতৰ সর্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।’- ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অর্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বর্ণনা কৰা।
উত্তৰ: বহুতে ধাৰণা কৰে যে উদ্যোগী হ’বৰ বাবে বহুতো মূলধন প্ৰয়োজন কিন্তু ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যবসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল আৰু তেওঁৰ শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ এজন সফল ব্যৱসায়ী বা উদ্যোগী হিচাপে নিজকে প্রতিষ্ঠিত কৰিব পাৰিলে। ইয়াৰ গুৰিতে আছিল তেওঁৰ উদ্যোপী হোৱাৰ প্রবল ইচ্ছাশক্তি, আগ্রহ আৰু আত্মবিশ্বাস। প্রথমে পেট্রল ডিপোত তেল ভৰোৱা কাম কৰি মেনেজাৰ পদলৈ উন্নীত হোৱা আম্বানীয়ে চাকৰি বাদ দি ব্যৱসায় কৰাৰ মন মেলে। হাতত মূলধন নথকাৰ বাবে তেওঁ কিছু লোকৰ পৰা ধন লৈ কাপোৰ উৎপাদন আৰম্ভ কৰে। উৎপাদিত কাপোৰ পুনৰ সেইলোক সকলৰ মাজতে বিক্রী কৰি মুনাফা বা লাভ অর্জন কৰে। ধন লোৱা লোকসকলকো তেওঁ লাভৰ অংশীদাৰ কৰে। এনেদৰে তেওঁ ব্যৱসায় বহলাই নিয়ে আৰু অৱশেষত এজন আগ-শাৰীৰ সফল ব্যবসায়ী বা উদ্যোগী হিচাপে নিজকে প্রতিষ্ঠিত কৰে।
৭ ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?
উত্তৰ: বর্তমান জনবিস্ফোৰণৰ ফলস্বৰূপে সকলোকে চৰকাৰে চাকৰি দিব নোৱাৰে। গতিকে ছাত্র-ছাত্রী সকলক কেৱল চাকৰিমুখী নকৰি উদ্যোগী -হিচাপে প্রস্তুত কৰি তোলাটো সময়ৰ আহ্বান। সেয়ে বিদ্যালয়, মহাবিদ্যালয় আদিৰ পাঠ্যক্রমত এই বিষয়ৰ বিতং ভাবে পাঠ অন্তভূক্ত হ’ব লাগে, যাতে ছাত্র-ছাত্রী-সকল এই বিষয়ত উৎসাহিত হয়। দ্বিতীয়তে, যিবোৰ প্রতিষ্ঠানত উদ্যোগী কোষ (entrepreneur cell) গঠন কৰি কর্মশালা, প্রশিক্ষণ আদিৰ আয়োজন কৰে, তাত ছাত্র-ছাত্রীৰ অংশগ্রহণ বৃদ্ধি কৰাত গুৰুত্ব দিব লাগে আৰু এই ব্যৱস্থা সকলো অঞ্চললৈ সম্প্ৰসাৰণ কৰিব লাগে। তৃতীয়তে, চৰকাৰী ঋণ বা অন্য সাহার্য সমূহৰ বিষয়ে ছাত্ৰ-ছাত্রী সকল অৱগত হ’বৰ বাবে উপযুক্ত প্রচাৰ ব্যৱস্থা হ’ব লাগে। সর্বতোপৰি ছাত্র ছাত্রী সকলক এই বিষয়ত মানসিক ভাৱে প্রস্তুত কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলে সাহস আৰু উৎসাহ যোগাব লাগে।
৮। চমুটোকা লিখা
(ক) টমাচ আলভা এডিচন: বিজ্ঞান জগতত অভূতপূর্ব বৰঙণি আগবঢ়াই খলকনিৰ সৃষ্টি কৰা বিজ্ঞানী সকলৰ ভিতৰত টমাচ আলভা এডিচন অন্যতম। তেখেতৰ জন্ম হৈছিল ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত, আমেৰিকা যুক্তৰাষ্ট্ৰত। মানৱ সমাজলৈ তেখেতৰ আটাইতকৈ গুৰুত্বপূর্ণ অৱদান হৈছে ইলেকট্রিক বাল্ব। তাৰোপৰি বিদ্যুৎ শক্তিৰ সৰববাহ, চাউণ্ড ৰেকর্ডিং, ফটোগ্রাফ ম’শ্বন পিকচাৰ কমেৰা (motion picture camera) ইত্যাদি অনেক অৱদান আগবঢ়াই গৈছে। তেখেত এগৰাকী উদ্যোগীও আছিল। বিশ্বৰ প্ৰথমটো উদ্যোগীক গৱেষণাগাৰ তেখেতেই প্রতিষ্ঠা কৰিছিল। সৰু কালৰে পৰা বহুত সংগ্ৰামৰ মাজেৰে জীৱন কটাব লগীয়া হোৱা এডিচনে নিজৰ অদম্য মনোবল, কর্মস্পৃহা আত্মবিশ্বাসৰ বলত বিশ্ববাসীৰ বাবে আশীর্বাদ স্বৰূপ হব পাৰিলে।
(খ) ৰাডাৰফৰ্ড: বিশ্ববিখ্যাত পদার্থবিদ আর্নেষ্ট ৰাডাৰফৰ্ডৰ জন্ম হৈছিল ১৮৭১ চনৰ ৩০ আগষ্ঠত, নিউজিলেণ্ডত। তেখেতক পৰমাণু পদার্থ বিজ্ঞানৰ পিতৃ আখ্যা দিয়া হৈছে। তেখেতৰ আৱিষ্কৃত উল্লেখযোগ্য অৱদান সমূহ হৈছে-আলভা আৰু বেতা ৰেডিঅ’ এক্টিভিটি, এটমিক নিউক্লিয়াচ, প্রটন, ৰেডন, স্প্ৰেকট্রস্কপি, ইত্যাদি। প্রায়োগিক পদার্থ বিজ্ঞানৰ সর্বশ্রেষ্ঠ এইজনা মহান বিজ্ঞানীৰ মৃত্যু হয় ১৯৩৭ চনৰ ১৯ অক্টোবৰ তাৰিখে।
গ) আলেকজেণ্ডাষ গ্রাহাম বেল: বিশ্ববিখ্যাত বিজ্ঞানী আলেকজেণ্ডাৰ গ্রাহাম বেলৰ জন্ম হৈছিল ১৮৪৭ চনৰ ৩ মার্চত, স্কটলেণ্ডত। তেওঁ আছিল এজন বিখ্যাত আৱিষ্কাৰক, অভিযন্তা আৰু আমেৰিকান টেলিফোন এণ্ড টেলিগ্রাফ কোম্পানীৰ সহ প্ৰতিষ্ঠাপক। বর্তমান প্রযুক্তি বিদ্যাৰ আটাইতকৈ গুৰুত্বপূর্ণ বস্তু টেলিফোন আৱিষ্কাৰ কৰি গোটেই পৃথিৱী খনকে যোগাযোগৰ ক্ষেত্রত এক অভূতপূর্ব বৰঙনি আগবঢ়ায়।
ঘ) চেষ্টাৰ কাৰ্লচন: চেষ্টাৰ কাৰ্লচন আছিল এজন আমেৰিকাৰ পদার্থবিদ, আৰু আৱিষ্কাৰক। তেখেতৰ জন্ম হৈছিল ১৯০৬ চনৰ ৪ ফেব্রুৱাৰীত, আমেৰিকা যুক্তৰাষ্ট্রৰ বাক্সিংটন চহৰত। বর্তমান যুগৰ এটি অতি গুৰুত্বপূর্ণ আৰু ব্যৱহাৰযোগ্য জেৰক্স মেচিন আৱিষ্কাৰ কৰি তেখেতে চমৎকাৰ সৃষ্টি কৰিছিল।
ঙ) বিল গেট্চ: আমেৰিকা যুক্তৰাষ্ট্রৰ এজন প্রখ্যাত ব্যৱসায়ী, লিখক, জনহিতৈষী ব্যক্তি বিল গেট্চৰ জন্ম হৈছিল ১৯৫৫ চনৰ ২৮ অক্টোবৰত। আধুনিক কম্পিউটাৰ যুগৰ বিখ্যাত ‘Microsoft ‘ৰ আৱিষ্কাৰক বিল গেট্চে যোগাযোগৰ পৃথিৱীখনত এক নতুন যুগৰ সূচনা কৰে। তেখেত ভালেমান ঔদ্যোগিক প্রতিষ্ঠানৰ প্রতিষ্ঠাপক আৰু কার্যকৰী সভাপতি।
চ) উইলিয়াস শ্বেইক্সপীয়েৰ: ইংৰাজী সাহিত্যৰ প্রখ্যাত কবি, সাহিত্যিক, ইংলেণ্ডৰ জাতীয় কবি হিচাপে স্বীকৃত উইলিয়াম শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল ১৫৬৪ চনৰ ২৩ এপ্রিলত। তেখেতে ৩৯ খন নাটক, ১৫৪ টা চনেট, আৰু অসংখ্য সাহিত্যৰ সৃষ্টি কৰি এক অদ্বিতীয় সাহিত্যিক হিচাপে পৰিচিত হৈ আছে। তেখেতৰ সাহিত্য পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে।
ছ) জুবিন গাৰ্গ: অসম তথা ভাৰতৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্র জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নবেম্বৰত, যোৰহাটত। তেওঁ একাধাৰে সংগীত শিল্পী, সংগীত পৰিচালক, লেখক, অভিনেতা, ছবি পৰিচালক ইত্যাদি। অসমীয়া সংগীত আৰু ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা জুবিন গাৰ্গে বিভিন্ন ভাষাত সর্বাধিক সংখ্যক গীত পৰিবেশষন কৰি অভিলেখ সৃষ্টি কৰিছে।
জ) অংগৰাগ পাপন মহন্ত: অসমৰ বিহু সম্রাট বুলি খ্যাত স্বর্গীয় খগেন মহন্ত আৰু প্রখ্যাত শিল্পী অর্চনা মহন্তৰ সু-পুত্র অংগৰাগ পাপন মহন্তৰ জন্ম হৈছিল ১৯৭৫ চনৰ ২৪ নবেম্বৰত। অসমৰ লোক সংগীতক বিশ্বত চিনাকি কৰাবলৈ এইজনা শিল্পীয়ে অহোপুৰুষার্থ কৰিছে। কেৱল অসমীয়া সংগীতেই নহয়, ভাৰতৰ বিভিন্ন ভাষাত তেওঁ গীত পৰিবেশন কৰি সমাদৃত হৈছে। বলিউদৰ জগততো তেওঁ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।
৯/ সমার্থক শব্দ লিখা:
প্রভাত – ৰাতিপুৱা
কঠিন– টান
এলেহুৱা– সৰোপা/উদ্যমহীন
হাবিয়াস– হেঁপাহ/বাঞ্ছা
সপোন – স্বপ্ন
ডাঙৰ– বৃহৎ
চেষ্টা – যত্ন
লগৰীয়া– বন্ধু/সংগী
লক্ষ্য – উদ্দেশ্য
নিৰচ্ছিন্ন– একেৰাহে/অবিৰত
১০/ বিপৰীতার্থক শব্দ লিখা:
নতুন -পুৰণি
ক্ষুদ্র– ডাঙৰ
সফল – বিফল
কর্মহীন– কর্মী
এলেহুৱা– উদ্যগী
টান – সহজ
সপোন– দিঠক
সুবিধা -অসুবিধা
আৰম্ভ– শেষ
জন্ম-মৃত্যু
সমান – অসমান
১১। যুৰীয়া শব্দকেইটাৰে বাক্য সাজা:
ক) লৰা-ছোৱালী: লৰা-ছোৱালীবোৰে শ্ৰেণীকোঠাটো পৰিষ্কাৰ কৰিছে।
খ) হাত-ভৰি: খোৱাৰ আগত ভালকৈ হাত-ভৰি ধুব লাগে।
গ) খুৱাই-বুৱাই: মাকজনীয়ে কেঁচুৱাটোক খুৱাই-বুৱাই ওলিয়াই নিছে।
ঘ) জীৱন-জীৱিকা: চাকৰিয়েই একমাত্র জীবন-জীৱিকাৰ উপায় নহয়।
(ঙ) পা-পইচা: ঘৰখনত পা-পইচা এটকাও নাই।
১২/ ভাব সম্প্রসাৰণ কৰা:
(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান: এই বচনটি মানুহৰ ব্যৱহাৰিক জীৱনত খাপ খোৱা এটি সুন্দৰ বচন। মানুহ আৰ্থিক ভাৱে টনকীয়াল হ’বলে হলে কর্ম কৰিবই লাগিব। যিবোৰ লোকে এলাহ নকৰি নিজ পৰিশ্ৰমৰ দ্বাৰা জীৱনত প্রতিষ্ঠা লাভৰ চেষ্টা কৰে তেনে লোককে উদ্যোগী পুৰুষ বোলা হয়। তেওঁলোকৰ দেহ-মনত থাকে সিংহৰ দৰে অসীম বল আৰু সাহস। তেওঁলোকে উৎসাহ, উদ্যম আৰু একাগ্ৰতাৰে কাম কৰি বিপুল ধন সম্পত্তিৰ গৰাকী হয় আৰু সমাজ আৰু দেশলৈ বিশেষ অৰিহণা যোগায়। কৰ্মৰ দ্বাৰাই তেওঁলোকে জগতত চিনাকি দিবলৈ সক্ষম হয়। আনহাতে যিসকল লোক এলেহুৱা, কাম-বন নকৰি অবাবত সময় নষ্ট কৰে, তেনে লোকে নিজেও জীৱনত উন্নতি কৰিব নোৱাৰে আৰু সমাজৰো মংগল সাধিব নোৱাৰে। এলেহুৱা লোকসকলে কাপুৰুষৰ দৰে পৰনির্ভৰশীল হৈ জীৱন কটায়। সেয়ে তেনেলোকক কাপুৰুষৰ নিচান বোলা হৈছে।
খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন: মূলা মাটিৰ তললৈ বাঢ়ি যোৱা এবিধ শাকৰ মূল। পুলি অৱস্থাতে বা দুপতীয়া হওঁতেই গছজোপা যদি ভাল হয়, বা লহপহকৈ বাঢ়ি আহে, তেন্তে সেইজোপা গছৰ মূলাটোও ডাঙৰ হয়।গছজোপা বেমাৰী হলে মূলা ডাঙৰ হোৱা আশা নাথাকে। গতিকে মূলা ডাঙৰ হ’বনে নহয়, সেইকথা পুলিটো সৰু হৈ থাকোতেই ধৰিব পাৰি। ঠিক তেনেকৈ মানুহৰ ক্ষেত্ৰটো এই কথা প্রযোজ্য হয়। যিবোৰ ল’ৰা-ছোৱালী সৰুতেই সজ, কামত আগৰণুৱা আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন হয়, সেইবোৰ লৰা-ছোৱালীৰ ভবিষ্যৎ উজ্জ্বল হয়। আনহাতে সৰুৰে পৰা যদি, অসৎ, এলেহুৱা আৰু অধ্যয়নবিমুখ হয়, তেনেবোৰ লৰা-ছোৱালীয়ে জীৱনত কেতিয়াও সফলতা অর্জন কৰিব নোৱাৰে। প্রবচনটিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে মানুহৰ স্বভাৱ-চৰিত্ৰ, বুদ্ধিমত্তা আদি গুণবোৰ সৰুকালৰে পৰা ধৰিব পাৰি।
গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে: হাঁহ শিয়ালৰ প্রিয় খাদ্য।কিন্তু হাঁহবোৰ শিয়ালৰ মুখলৈ আপোনা-আপুনি নাযায়। সেয়ে হাঁহ ধৰিবলৈ শিয়ালে যত্ন বা কষ্ট কৰিব লাগিব। হাঁহ ধৰিবলৈ চেষ্টা নকৰি শুই থাকিলে শিয়ালৰ পেট নভৰিব। মানুহৰ ক্ষেত্ৰটো একেই কথা। দুখ-কষ্ট নকৰি কেৱল শুই-বহি থকা মানুহে কেতিয়াও সুখ ভোগ কৰিবলৈ নাপায়। আনকি এলেহুৱা লোকৰ হাতত নিজৰ পৈতৃক সম্পত্তিও ৰক্ষা নপৰে। উদ্গতিৰ মূল আহিলা হৈছে পৰিশ্রম। পৰিশ্রম নকৰাকৈ কোনো বস্তুৱেই মানুহে হাততে নাপায়। শ্রমবিমুখ বা এলেহুৱা লোকৰ যে উদ্গতি নাই, তাকে বুজাবলৈ এই প্রবচনটি ব্যৱহাৰ কৰা হয়।
Class 10 Assamese All Question Answer- Click Here
Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহা Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam