Assam Board Exam

অন্যৰ প্ৰতি ব্য়ৱহাৰ | Class 9 Assamese Chapter 6

Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্য়ৱহাৰ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

📚 Chapter Overview:

“অন্যৰ প্ৰতি ব্য়ৱহাৰ” is a chapter from Class 9 Assamese that teaches important lessons about how we should treat others. The chapter emphasizes the values of respect, kindness, and empathy in our interactions with others. The author conveys how our behavior toward others reflects our upbringing and moral character.

Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্য়ৱহাৰ | Complete Question Answer in Assamese Medium


অন্যৰ প্ৰতি ব্য়ৱহাৰ

নৱম শ্ৰেণী

অসমীয়া

১।(ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?

উত্তৰ: ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।


খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্রৱ ভুগিবলৈ পায়?

উত্তৰ: সমাজত কাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্রৱ ভুগিবলৈ পায়।


গ) কোনটো শ্রেণীৰ মানুহৰ শত্রু সৰহ ?

উত্তৰ: নির্বোধ খিংখিঙীয়া স্বভাৱৰ মানুহৰ শত্ৰু সৰহ।


ঘ) সজ ব্যৱহাৰৰ অনুপান কি?

উত্তৰ: সজ ব্যৱহাৰৰ অনুপান হৈছে- নম্রতা বা নম্র আচৰণ।


ঙ) মনত অহংকাৰ ৰাখি মুখত নম্র হ’লে কি কৰা হয়?

উত্তৰ: মনত অহংকাৰ ৰাখি মুখত নম্র হলে মানুহক ছল কৰা হয়।


চ) ‘এই শ্রেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল’ ইয়াত কোনটো শ্রেণীৰ মানুহৰ কথা কোৱা হৈছে?

উত্তৰ: যি শ্রেণীৰ মানুহে লগ লগৰীয়াক হহুঁৱাবলৈ আনৰ গুপ্ত কথা সদৰী কৰে, তেনে শ্রেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল


ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?

উত্তৰ: শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্নয় দিয়া হয়।


জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

উত্তৰ: ‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।


২।(ক) ব্যৱহাৰ প্রণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

উত্তৰ: ব্যৱহাৰ প্ৰণালী মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশ। ভাল ব্যৱহাৰৰ দ্বাৰা মানুহ আনৰ প্রিয়পাত্র হব পাৰে আৰু বেয়া ব্যৱহাৰৰ ফলত মানুহ আনৰ ওচৰত অপ্রিয় হয়। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়। আকৌ অনেক কপটীয়া ছলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়। এতেকে ব্যৱহাৰ প্রণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি।


খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?

উত্তৰ: দান মানুহৰ এটা মহৎ গুণ। দুখীয়াক দান কৰিলে পুণ্য হয় বুলি কোৱা হয়। কিন্তু দান কৰা সময়ত দানী গৰাকীয়ে যদি দান গ্রহণ কৰোঁতাজনক মিঠা মাতেৰে দান নকৰে বা বিনয় ভাবত দান নকৰি তিতা মুখে বা কর্কশ মাতেৰে দান কৰে, তেতিয়া দান লোৱাজনৰ অন্তৰত আঘাট লাগিব। ফলত সেই দানৰ ফল নধৰিব। সেয়ে দান কৰা সময়ত দানী গৰাকী বিনয়ী হৈ মিঠা মাতেৰে দান কৰিব লাগে।


৩/ তাৎপর্য ব্যাখ্যা কৰা:

ক) নম্রতা সজ ব্যৱহাৰৰ অনুপান।

উত্তৰ: অনুপান হৈছে দৰৱৰ লগত মিহলাই খোৱা আনুষঙ্গিক উপাদান। উচিত অনুপানেৰে দৰৱ খালে সি বেছি গুণ দিয়ে। ঠিক সেইদৰে মানুহৰ সজ ব্যৱহাৰত যদি নম্রতা মিহলোৱা হয়, সেই ব্যৱহাৰে মানুহৰ মনত সন্তোষ জন্মায়। ব্যৱহাৰ সজ হোৱাৰ লগতে মানুহ নম্র আৰু বিনয়ী হলে সকলোৰে প্রিয়পাত্র হ’ব পাৰে। আচাৰ-ব্যৱহাৰত দাম্ভিক নহৈ নম্র হ’লে মানুহৰ উচ্চ মনৰ পৰিচয় দিয়ে।


খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰ: সোণ এবিধ মূল্যবান ধাতু। এই উজ্জ্বল ধাতুবিধৰ মূল্য, আদৰ আৰু চাহিদাও বেছি। কিন্তু এই মূল্যবান ধাতুবিধক যদি মানুহে অন্য সস্তীয়া ধাতুৰ দৰে পেলাই থয় বা অনাদৰ কৰে, তেতিয়াও তাৰ উজ্জ্বলতা নকমে। ঠিক সেইদৰে সমাজৰ গুণী, জ্ঞানী আৰু বিজ্ঞ লোক সকলক যদি কোনোবাই অশ্রদ্ধা কৰে বা সন্মান নকৰে, তেতিয়াও তেওঁলোকৰ গুণ গৰিমা কমি নাযায়। এয়ে হৈছে বাক্যশাৰীৰ তাৎপর্য।


৪।বিপৰীতার্থক শব্দ লিখা

সুখ – দুখ

সন্তোষ – অসন্তোষ

চৰিত্ৰৱন্ত – চৰিত্ৰহীন

কপটীয়া – সৰল

মিঠা – তিতা

বিনয় – গর্ব

নম্রতা – উগ্রতা

লঘু – গুৰু

উচ্চ – নিম্ন

নিন্দা – প্রশংসা

গুপ্ত – প্রৌঢ়ী

দোষ – গুণ

গহীন – চঞ্চল

আঢ্যৱন্ত – দৰিদ্ৰ


✍️ Chapter Summary:

In this chapter, the author discusses the importance of respecting others and how our behavior affects society. The story revolves around the theme of mutual respect, where the protagonist learns valuable lessons in treating others with kindness and understanding. It highlights the importance of patience and compassion in fostering healthy relationships and a harmonious society.


Conclusion

Class 9 Assamese Chapter 6 “অন্যৰ প্ৰতি ব্য়ৱহাৰ” emphasizes treating others with respect and kindness. It helps students understand the value of empathy in building stronger relationships and a better society. Use this page for a comprehensive understanding and exam preparation.

Class 9 Assamese All Question Answer- Click Here


Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্য়ৱহাৰ  Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment