Assam Board Exam

তেজৰে কমলাপতি | Class 7 Assamese Chapter 1

Class 7 Assamese Chapter 1 তেজৰে কমলাপতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 7

Class 7 Assamese Chapter 1 তেজৰে কমলাপতি| Complete Question Answer in Assamese Medium


তেজৰে কমলাপতি

সপ্তম শ্ৰেণী

অসমীয়া

৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?

উত্তৰঃ- বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ’ল – শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।

(খ) তেজৰে কমালাপতি  নামৰ বৰগীতটোৰ ৰচক কোন?

উত্তৰঃ- তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ’ল -মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ ।

(গ) তিমিৰ ফেৰিয়া কি বাজ হয়?

উত্তৰঃ- তিমিৰ ফেৰিয়া ৰবিৰ কিৰণ বাজ  হয়  ।

(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল।

উত্তৰঃ- যশোদাই  কৃষ্ণক  পুৱা সুৰভি অৰ্থাৎ গায় গৰুজনীক চৰাবলৈ যাবৰ বাবে জগাইছিল ।


৪। তলত দিয়া পদ দুশাৰীত কোনে, কাক, কি কৈছে – নিজৰ কথাৰে লিখা।

নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভী চাৰিতে লাগে উঠৰে গোপাল।।

উত্তৰ:— উক্ত কবিতাটোত ৰাতিপুৱাৰ অপূর্ব প্রাকৃতিক সৌন্দর্য বর্ণনা দি মাতৃ যশোদাই পুত্র কৃষ্ণক শোৱাপাটীৰ পৰা জগাইছে। যশোদাই  কৃষ্ণক কৈছে যে ৰাতিৰ আন্ধাৰ আঁতৰি গৈ চৌদিশ সূৰ্যৰ পোহৰত আলোকিত হৈ পৰিছে। পদুম ফুলবোৰো ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমাৰবোৰ উৰি ফুৰিছে। ব্রজবধূসকলে কৃষ্ণৰ নামগুণ গাই দধি মথি আছে। কৃষ্ণৰ লগৰীয়া দাম সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে। বলৰামে বিচনা ত্যাগ কৰি উঠি আহিছে। দেউতাক নন্দও গৰু ৰখা ঠাইলৈ  গৈছে আৰু গোৱালসকলে গৰুৰ পাল চৰাবলৈ লৈ গৈছে। গতিকে কৃষ্ণই শোৱাপাটী ত্যাগ কৰি উঠি আহিব লাগে আৰু গৰু চৰাবলৈ যাব লাগে।


৫। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।


উত্তৰ  কমলাপতি -লক্ষ্মীপতি, বিষ্ণু, ভগৱান।
তিমিৰ—আন্ধাৰ, তমসা।
ডাকে—মাতে।
ব্রজবধূ—ব্রজধামৰ বোৱাৰী।
শতপত্র -পদুম।
ভ্ৰমৰ—ভোমোৰা।
ত্রিজগত – স্বর্গ, মর্ত্য আৰু পাতাল।
ৰয়নী—ৰজনী, ৰাতি।


৬। বৰগীতটোত প্রকাশ পোৱা পুৱাৰ প্রাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া।

উঃ- তেজৰে কমলাপতি’ বৰগীতটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে  ৰাতিপুৱাৰ অপূর্ব প্রাকৃতিক সৌন্দৰ্যৰ মাজেৰে মাতৃ যশোদাই পুত্র কৃষ্ণক জগোৱা এটি দৃশ্য  বর্ণিত কৰিছে। বৰগীতটিত প্ৰকাশ পোৱা ৰাতিপুৱাৰ প্রাকৃতিক দৃশ্যটো এনেধৰণৰ ৰাতিৰ অন্ধকাৰ আঁতৰি যোৱাৰ লগে লগে বগা বৰণে পৃথিৱীখন আৱৰি ধৰিছে আৰু অন্ধকাৰ আঁতৰাই চৌদিশ সূৰ্যৰ পোহৰত আলোকিত হৈ পৰিছে।পদুম ফুল ফুলি উঠিছে তাৰ আকৰ্ষণত ভোমাৰবোৰ উৰি ফুৰিছে। ব্রজবধূসকলে কৃষ্ণৰ নাম গুণ গাই দধি মথি আছে। দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে আৰু বলৰামে বিচনা ত্যাগ কৰি উঠি আহিছে। দেউতাক নন্দও গৰু ৰখা ঠাইলৈ  গৈছে আৰু গোৱালসকলে গৰুৰ জাক চৰাবলৈ নিছে। গতিকে কৃষ্ণই শয্যা ত্যাগ কৰি ক্ষীৰ, লৱনু, শিঙা, বেত, বেণু আদি লৈ সুৰভি গাই গৰুজনীক চৰাবলৈ যাব লাগে। কাৰণ পোৱালিবোৰৰ অবিহনে গাই গৰু বোৰে হেম্বেলিয়াব ধৰিছে। এইদৰে মাধৱদেৱৰ বৰগীতত ৰাতিপুৱাৰ এটা সুন্দৰ দৃশ্য প্রকাশ কৰিছে।


৮) (ক)শব্দৰ আগত  ‘ত্ৰি’ শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা ।
উত্তৰঃ-

  জগত—ত্ৰিজগত

শূল—ত্ৰিশূল

ভূজ—–ত্ৰিভূজ

কোণ—ত্ৰিকোণ

কাল—-ত্ৰিকাল 

নয়ন—ত্ৰিনয়ন


(খ) তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য় ৰচনা কৰা।

উত্তৰঃ- 

                  মুখ —- বিমুখ                      

                  দূৰ  —- বিদূৰ            

              কিৰণ  —- বিকিৰণ     

                  নন্দ —- বিনন্দ

বিমুখ   – মানুহজনে তেওঁক বৰ বিমুখ কৰি থৈ গ’ল।

বিদূৰ- জোন , তৰা , বেলি পৃথিৱীৰ পৰা বিদূৰত অৱস্থিত।

বিকিৰণ-  সূৰ্য্যৰ পোহৰ বিকিৰণে মানুহৰ ৰোগ নিৰাময় হোৱাত সহায় কৰে।

বিনন্দ – ল’ৰা বিলাকে খেলপথাৰত আনন্দ- বিনন্দৰে খেলি আছে।


৯। তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।


ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
উত্তৰঃ- ৰাতিৰ আন্ধাৰ আঁতৰি গৈ দশোদিশ বগা বৰণে আৱৰি ধৰিলে।

(খ) শতপত্র বিকশিত ভ্ৰমৰ উৰায়।
উত্তৰঃ- পদুম ফুল ফুলি উঠিছে, ভোমাৰবোৰ উৰিব ধৰিছে।

(গ) দাম-সুদাম ডাকে তেৰি লৈয়া নাম।
উত্তৰঃ- দাম আৰু সুদামে তোমাৰ নাম লৈ মাতিবলৈ ধৰিছে।

(ঘ) ক্ষীৰ লৱনু লৈয়া শিঙ বেত বেণু।
উত্তৰঃ-  ক্ষীৰ লৱনু লোৱা আৰু গৰু চৰাবলৈ যোৱা।


১০) এটা শব্দত প্ৰকাশ কৰা।

উত্তৰঃ-গৰু বন্ধা ঠাই  – গোহালী   

যিজন সকলোৰে মাজত প্ৰিয় – জনপ্ৰিয়  

যিয়ে ৰাতি নেদেখে  –   কুকুৰিকণা   

যাক সহজে লাভ কৰিব নোৱাৰে – দুৰ্লভ  

যিজনে সকলো জানে  –  জ্ঞানী  

যিজনে বিষ্ণুক উপাসনা কৰে  – বৈষ্ণৱ


Class 7 Assamese All Question Answer- Click Here


Class 7 Assamese Chapter 1 তেজৰে কমলাপতি  Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


🎥 Class 7 Assamese Video Lessons

Boost your understanding with our visual explanations on YouTube. Watch summary videos, question-answers, and concept breakdowns.

▶️ Watch Now: Class 7 Assamese Playlist by ExamPedia Assam »


🔗 Join Our Class 7 Learning Community

Stay updated with our latest study materials, mock tests, and educational videos.


✅ Also Explore:

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top