Class 8 Assamese Chapter 1 নিয়ৰ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 8
নিয়ৰ
Class 8 Assamese Chapter 1 নিয়ৰ| Complete Question Answer in Assamese Medium
নিয়ৰ
অষ্টম শ্ৰেণী
অসমীয়া
২। উত্তৰ দিয়া।
(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?
উত্তৰঃ- মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে।
(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
উত্তৰঃ- নিয়ৰক কবিয়ে মুকুটা মণিৰ আৰু নিশাৰ আকাশৰ তৰা এটি লগত তুলনা কৰিছে।
(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰঃ- নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে।
(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল?
উত্তৰঃ- ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ’ল।
(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ- কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।
৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।
উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ‘নিয়ৰ’ কবিতাটিত প্ৰকৃতিৰ এক শোভাৰ কথা বৰ্ণনা কৰিছে সাধাৰন এটি নিয়ৰৰ টোপালৰ জৰিয়তে। কবিৰ কল্পনাত কাহিলি পুৱাতে ঘাঁহ বনৰ ওপৰত পৰি থকা নিয়ৰৰ টোপালবোৰ যেন একো একোটা মুকুতা। আৰু সেই মুকুতা অতি পৰিষ্কাৰ পানীৰে ধোৱা বুলি কবিয়ে কৈছে। আকৌ কবিয়ে ভাবিছে যে নিশাৰ আকাশৰ তৰাৰ দৰে যেন নিয়ৰৰ টোপালবোৰ সৰগৰ পৰা সৰি পৰিছে।
কবিয়ে কল্পনা কৰিছে নিজম আকাশ অৰ্থাৎ নিজান ৰাতিৰ আকাশৰ তলত কোনোবাই যেন হৃদয়ত সাচি ৰখা সপোন লৈ আনন্দত হাঁহি ধেমালিৰে নাচিছে আৰু ৰঙিলীৰ হাঁহি নাচোনৰ বাবেই ডিঙিৰ পৰা মণি ছিগি ফুলনিত সৰি পৰিছিল। নাইবা ৰাতিপুৱা উদয় হোৱা ৰঙা বেলিটিলৈ চাই টোকা এটোপাল চকুৰ পানী যেন এই নিয়ৰৰ কনাটো।
কবিয়ে ভাবত বিভোৰ হৈ ফুলত পৰি থকা নিয়ৰৰ কনাবোৰৰ শোভা চাই থকা সময়তে বতাহে আহি ফুল জোপাৰ পাহি বোৰ লৰাই সৌন্দৰ্য্য নি:শেষ কৰিলে। এইয়ে হৈছে কবিতাটিৰ মূলভাৱ
৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰ ফটিক – স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ।
শোভে – শুৱনি কৰি তোলা।
হেঙুলি – হেঙুল বৰণীয়া।
নিজম – নি:শব্দ , নীৰৱ, নিস্তব্ধ।
নিচুক – কান্দোন এৰি শান্ত হোৱা
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
”নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।”
উত্তৰ উক্ত কবিতাফাঁকি আমাৰ অংকুৰণ পাঠ্যপুথি অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা বিৰচিত “নিয়ৰ” কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিত এটা নিয়ৰ কনা সৌন্দৰ্য্যৰ বিষয়ে ক’বলৈ গৈ উক্ত কবিতা ফাঁকি অৱতাৰণা কৰিছে।
কবিতাটোত কবিয়ে নিয়ৰৰ কনাবোৰক বিভিন্ন ধৰণে কল্পনা কৰিছে। নিজান আকাশৰ নিচুপ কথা এটি হিয়াত সাঁচি থৈ কোনোবা নৰ্তকীয়ে আহি আনন্দত আত্মহাৰা হৈ নাচোতে ডিঙিৰ মণি সৰি পৰিল। এই মণি কবিয়ে নিয়ৰৰ টোপালবোৰৰ লগত তুলনা কৰিছে। নিয়ৰৰ টোপাল কবিৰ বাবে মুকুতা মনিৰ দৰে মূল্যবান আৰু অতিকৈ সৌন্দৰ্য্যসাধক।
৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা।
উদাহৰণ 一 ধোৱা ⟶ যোৱা
উত্তৰঃ- সাঁচি 一 নাচি
মণি 一 কণি
ভাহি 一 পাহি
৭। উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
টোপনি 一 নিদ্ৰা, ঘুমতি
বেলি 一 সূৰ্য্য, ৰবি
পানী 一 জল,
ফুল 一 পুষ্প, কুসুম
নিশা 一 ৰাতি, ৰজনী
সপোণ 一 স্বপ্ন
আকাশ 一 গগণ, অম্বৰ
চকু 一 নয়ন, নেত্ৰ
৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
ছিগা 一 জোৰা
পুৱা 一 গধূলি
নিজম 一 কোলাহল
সৰগ 一 নৰক
দিন 一 ৰাতি
হাঁহি 一 কান্দোন
৯। বাক্য ৰচনা কৰা।
মুকুতাঃ নিয়ৰৰ কনাবোৰ মুকুতা সদৃশ
পাহি : ফুলৰ পাহিবোৰ বতাহত সৰি পৰিছে।
শোভেঃ গোলাপ ফুলে গোটেই বাগিচাখনত শোভা বঢ়াইছে।
নিচুক : বহু সময়ৰ পিছত ল’ৰাটো নিচুক হৈছে।
ফুলজুপি : ফুলজুপি বৰ ধুনীয়া
ফটিকঃ নৈখনৰ ফটিক পানীত পদুমফুলবোৰ ধুনীয়াকৈ ফুলি আছে।
১২। এটা শব্দত প্ৰকাশ কৰা।
(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে ⇒ চকুচৰহা বা পৰশ্ৰীকাতৰ বা হিংসাকুৰীয়া।
(খ) একে মাকৰ সন্তান ⇒ সহোদৰ।
(গ) যাৰ ঘৰ-বাৰী নাই ⇒ অঘৰী।
(ঘ) যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে ⇒ অবিবেচক।
(ঙ) যি আগেয়ে হোৱা নাই ⇒ অভূতপূৰ্ব।
১৩। ‘নিয়ৰ’ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা।
তৰা নৰা ছিগি – বৰষুণ অহাৰ আগজাননী পাই সি তৰা নৰা ছিগি ঘৰ পালেগৈ।
আকাশত চাং পতা = আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে।
পানীৰ তলৰ কাঁইটঃ = ৰিতুৱে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।
কথা চহকী= কথা চহকী লোকক কোনেও ভাল নাপায়।
হিয়াৰ আমঠুঃ = তাই মাক-দেউতাকৰ হিয়াৰ আমঠু।
অলীক সপোনঃ = তেঁও মিচাতে অলীকসপোন দেখি সময় নষ্ট কৰিব নালাগে।
চকু- চৰহাঃ = চকু- চৰহা লোক সকলোৱে অপ্ৰিয় হয়।
১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।
উত্তৰঃ (ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল।
(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।
(গ) পুৰণি হোৱা বাবে ৰছীডাল ছিগি থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ভাগি গ’ল।
(চ) বানপানীয়ে মথাউৰিটো ভাঙি পেলালে।
Class 8 Assamese All Question Answer- Click Here
Class 8 Assamese Chapter 1 নিয়ৰ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam