Class 4 Assamese Chapter 1 মোৰ দেশ ভাল – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 4
📑 Chapter Details
- 📖 Chapter Name: মোৰ দেশ ভাল
- 📚 Class: 4
- 📘 Subject: Assamese
- 🏫 Board: SEBA (Assam Board)
- 🌐 Medium: Assamese Medium
- 📓 Book Type: SCERT Textbook
🔍 Chapter Overview (পাঠ পৰিচয়)
এই পাঠখনত ভাৰতৰ সৌন্দৰ্য, ঐতিহ্য আৰু জাতীয় গৰিমাৰ বৰ্ণনা কৰা হৈছে। “মোৰ দেশ ভাল” নামৰ এই কবিতাখনে দেশপ্ৰেমৰ অনুভৱ জাগ্ৰত কৰে। দেশত থকা পৃথিৱীৰ সুন্দৰ দৃশ্য, লোকসংস্কৃতি আৰু জনজাতি বৈচিত্ৰ্যৰ বিষয়ে কবিতাখনে যাথাৰ্থ ছবি আঁকে।
মোৰ দেশ ভাল
Class 4 Assamese Chapter 1 মোৰ দেশ ভাল| Complete Question Answer in Assamese Medium
মোৰ দেশ ভাল
চতুৰ্থ শ্ৰেণী
অসমীয়া
(২) পদ্যটিৰ কথাখিনি নিজৰ কথাৰে কোৱা।
উত্তৰ কবিৰ মতে নিজৰ দেশখন সকলো দেশতকৈ ভাল। সেইবাবে তেওঁ চিৰদিন চিৰকাল আই মাতৃৰ চৰণত সেৱা কৰিব।সোণৰ চপৰা সদৃশ মাটি, মানুহৰ তৃষ্ণা দূৰ কৰিব পৰা পানী আন কোনো দেশতে বিচাৰি পোৱা নাযায়। কবিৰ জন্ম্ভূমি অৰ্থাৎ অসমৰ মাটিত উৎপাদিত ধানে ইয়াৰ মানুহৰ ক্ষুধা নিবাৰণ কৰে লগতে অসমৰ হাবি বননিত পোৱা বিভিন্ন প্ৰকাৰৰ গছ, এৰি, মুগা, পাট আদি বিক্ৰী কৰি ধন সংগ্ৰহ কৰিব পাৰি এনে এখন দেশ পৃথিৱীৰ আন ক’তো নাই। অসমৰ চৰাই – চিৰিকটি মাত শুণিলে মন প্ৰাণ আনন্দৰে ভৰি পৰে। অসমত বাৰ মাহে ফুলা ফুলবোৰ আৰু ফলমূলে কবিক বাৰুকৈয়ে আকৰ্ষিত কৰে। এনে এটুকুৰা ঠাইত সকলোৱে মিলিজুলি থাকিব পাৰে। সেয়ে কবিয়ে সকলো দেশতকৈ নিজৰ দেশক বহুত বেছি ভাল বুলি কৈছে।
(৩) উত্তৰ দিয়া।
(ক) কবিয়ে ‘সকলো দেশত কৰি মোৰ দেশ ভাল’ বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি?
উত্তৰঃ কবিয়ে ‘সকলো দেশত কৰি মোৰ দেশ ভাল’ বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হল অসম।
(খ) ‘ক’ত আছে এনে ঠাই সৰগ-ফুলনি ক’ত আছে এনে আই সোণৰ গোসানী।’ -পদ্যছোৱাত ‘ঠাই’ আৰু ‘আই’ক কাৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ ‘ক’ত আছে এনে ঠাই সৰগ-ফুলনি ক’ত আছে এনে আই সোণৰ গোসানী।’ -পদ্যছোৱাত ‘ঠাই’ আৰু ‘আই’ক সৰগ-ফুলনি আৰু সোণৰ গোসানী লগত তুলনা কৰা হৈছে।
(গ) পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা।
উত্তৰঃ পদ্যটিত কবিয়ে সোণৰ চপৰা, সুধাৰ নিজৰা,অমাতৰ মাত,সৰগ-ফুলনি, সোণৰ গোসাঁনী কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে।
(৪) নামৰ তালিকা কৰা।
(ক) ‘ক’ত আছে এনে ফুল ফুলে বাৰমাহ’
বাৰমাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা।
ফুলৰ তালিকা | ফুলৰ তালিকা |
জৱা | গোলাপ |
চম্পা | মালতী |
কৰবী | নয়নতৰা |
চামেলী | অপৰাজিতা |
(খ) ‘ক’ত আছে এনে ধান এই ধৰণীত’
কেইবিধমান ধানৰ নাম লিখা।
ধানৰ তালিকা | ধানৰ তালিকা |
ৰঞ্জিত | আইজং |
জহা | বৰা ধান |
বাচমতি | সোণামাচুৰী |
শালি | লাকি শালি |
(৫) তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা।
উদাহৰণ- ‘সকলো দেশত কৰি মোৰ দেশ ভাল’ ওপৰৰ পদ্যশাৰী গদ্যত লিখিলে এনে হ’ব-মোৰ দেশ সকলো দেশতকৈ ভাল।
(ক) ক’ত আছে এনে মাটি সোণৰ চপৰা ক’ত আছে এনে পানী সুধাৰ নিজৰা।
উত্তৰঃ এনেকোৱা সোণৰ চপৰা থকা মাটি আৰু তৃষ্ণা দূৰ কৰিব পৰা পানী ক’ত আছে।
(খ) ভাই-ভনী মিলি য’ত থাকোঁ চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল।
উত্তৰঃ ভাই-ভনী মিলি এখন দেশতে থাকো, মোৰ দেশ সকলো দেশতকৈ ভাল।
(৭) সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূর্ণ কৰা।
(ক) ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা __________ দীঘল আৰু ব্রহ্মপুত্র___________ বহল।
উত্তৰঃ ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্রহ্মপুত্র আটাইতকৈ বহল।
(খ) মাজুলী পৃথিৱীৰ ভিতৰত ___________ডাঙৰ নদী-দ্বীপ।
উত্তৰঃ মাজুলী পৃথিৱীৰ ভিতৰত সবাতোকৈ, ডাঙৰ নদী-দ্বীপ।
(গ) কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড়_________________ আপুৰুগীয়া।
উত্তৰঃ কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় সকলোতকৈ আপুৰুগীয়া।
(ঘ) আনৰ বস্তুৰ প্রতি লোভ কৰা __________বেয়া গুণ।
উত্তৰঃ আনৰ বস্তুৰ প্রতি লোভ কৰা সবাতোকৈ, বেয়া গুণ।
(৮) আঁচটনা ঠাইত ‘-তকৈ’ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া।
(ক) অসমৰ আটাই_________ দীঘল নদ ব্রহ্মপুত্র।
উত্তৰঃ অসমৰ আটাইতকৈ দীঘল নদ ব্রহ্মপুত্র।
(খ) মাজুলী আটাই ___________ডাঙৰ নদী-দ্বীপ।
উত্তৰঃ মাজুলী আটাইতকৈ ডাঙৰ নদী-দ্বীপ।
(গ) মাউন্ট এভাৰেষ্ট সকলো _________ ওখ শৃংগ।
উত্তৰঃ মাউন্ট এভাৰেষ্ট সকলোতকৈ ওখ শৃংগ।
শব্দৰ খেল খেলো আহাঁ
ভাল ➝ লতা ➝ তাম ➝মন ➝ নদী ➝ দীপ-লিপ ➝ প্ৰত্যাহ্বান➝ নমস্কাৰ ➝ ৰ’দ ➝ দ’ৰা ➝ ৰাতি ➝ তিয়ঁহ ➝ হলৌ ➝ লৌকিক ➝ কলম ➝ মগনিয়াৰ ➝ ৰছী ➝ ছীল ➝ লয়লাস ➝ সভা
শব্দ গঠন কৰা :– চিৰ
চিৰ + কাল – চিৰকাল
চিৰ + দিন – চিৰদিন
চিৰ + স্থায়ী – চিৰস্থায়ী
চিৰ + স্মৰণীয় – চিৰস্মৰণীয়
অনি
বন +অনি – বননি
ধান + অনি – ধাননি
ঘাহঁ + অনি – ঘাহঁনি
শাক + অনি – শাকনি
তলৰ বাক্য়াংশৰ লগত খাপখোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা ।
চিৰদিন নমস্কাৰ কৰিবলগীয়া – চিৰনমস্য
মাহ খেতিয়ে জুৰি থকা ঠাই – মাহনি
চিৰদিন মনত ৰাখিবলগীয়া – চিৰস্মৰণীয়
বাঁহ গছেৰে ভৰি থকা ঠাই – বাহঁনি
বাক্য ৰচনা কৰা ।
অমাতৰ মাত – ছোৱালীজনিৰ অমাতৰ মাত সকলোকে আকৰ্ষিত কৰে।
উলাহ- পখিলাটোৱে উলাহেৰে উৰি আছে।
চিৰকাল – পিতৃ মাতৃ আমাৰ চিৰকাল নমস্য
✍️ Chapter Summary (সাৰাংশ)
“মোৰ দেশ ভাল” এটা দেশপ্ৰেমমূলক কবিতা। কবিতাখনত কবিয়ে নিজৰ দেশক কেনেকৈ ভাল পায় সেয়া ব্যক্ত কৰিছে। তেওঁ পৰ্বত, নদী, জংগল, ফুল, মানুহ—এই সকলোবোৰক দেশৰ গৌৰৱ হিচাপে মানি লয়। শিক্ষাৰ্থীসকলে এই পাঠৰ জৰিয়তে দেশক ভালপোৱাৰ বোধ, দেশৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহ্যৰ বিষয়ে বুজিব পাৰে।
Class 4 Assamese All Question Answer- Click Here
Class 4 Assamese Chapter 1 মোৰ দেশ ভাল Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
🔗 Important Links
- 📘 Class 4 Assamese Content: Visit Class 4 Page
- 💬 Join Telegram: Click Here
- 📱 Join WhatsApp Channel: Join Now