Assam Board Exam

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা | Class 4 Assamese Chapter 3

Class 4 Assamese Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 4

🧾 Chapter Details:

  • 📖 Chapter Name: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
  • 📘 Subject: Assamese
  • 🎓 Class: 4
  • 🏫 Board: SEBA (Assam Board)
  • 🌐 Medium: Assamese Medium
  • 📄 Book Type: SCERT Textbook

🔍 Chapter Overview (পাঠ পৰিচয়)

এই পাঠখনত “কলাগুৰু” ৰূপে খ্যাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ এক চমু পৰিচয় দিয়া হৈছে। তেওঁ এজন কাব্য-সাহিত্য, সংগীত আৰু নাট্যশিল্পৰ জগতে অগ্ৰগণ্য ব্যক্তি আছিল। পাঠটোৱে শিক্ষাৰ্থীসকলক বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ জীৱন আৰু শিল্প, সংস্কৃতি প্ৰতি তেওঁৰ অৱদানৰ বিষয়ে অৱগত কৰায়।

Class 4 Assamese Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা| Complete Question Answer in Assamese Medium


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

চতুৰ্থ শ্ৰেণী

অসমীয়া

(১) পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) ‘বিলতে হালিছে ধুনীয়া পদুমী’…গীতটি কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘বিলতে হালিছে ধুনীয়া পদুমী’ গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিছিল।

(খ) বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও লৈছিল।

(গ) বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশিনীৰ নৃত্য দেখি অনুপ্রাণিত হৈছিল?

উত্তৰঃ ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটিয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্রাণিত হৈছিল।

(ঘ) কি কি বাদ্য-যন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসম্মত চৰ্চা কৰিছিল?

উত্তৰঃ অসমৰ বিভিন্ন বাদ্য-যন্ত্র যেনে- ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল।

(ঙ) বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন কি কি?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন হল শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু ‘বাঁহী’ আলোচনীৰ বেটু-পাতৰ বাবে অঁকা সাতখলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 

চ) বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন হয়?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো ‘বিষ্ণুৰাভা দিৱস’ হিচাপে পালন হয়।

(ছ) তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? 

উত্তৰঃ তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম হ’ল- বাণ থিয়েটাৰ।


(২) শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰৰ পৰা বিচাৰি লিখা।

শব্দঅর্থ
সংস্কৃতিবিশেষ জনগোষ্ঠীৰ বিশ্বাস,কৃষ্টি
প্রতিভাসম্পন্নপ্ৰখৰ বুদ্ধিসম্পন্ন, অসধাৰণ বুদ্ধিসম্পন্ন,
অনুপ্রাণিতউৎসাহিত
সুনিপুণঅতি পটু, পার্গত
সুদক্ষপাকৈত
ৰচকলিখক
তীক্ষ্ণচোকা
ভূয়সীঅতিশয়

(৩) কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা ৩টা নৃত্যৰ নাম?

উত্তৰঃ কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা ৩টা নৃত্যৰ নাম শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি নৃত্য আৰু কালীয় দমন নৃত্য।


(৪) কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচার্যজনৰ নাম কি?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য দার্শনিক পণ্ডিত সর্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈছিল।


(৫) বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম?

উত্তৰঃ সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালাচাঁদ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল।


(১২) তলৰ বাক্যবোৰত থকা বিশেষ্য পদৰ তলত আঁচ টানি দেখুওৱা।

(ক) মুকুট ডিব্রুগড়লৈ যাব।

(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্রিয় পাত্র।

(গ) ৰমেন বৰ চঞ্চল।

(ঘ) গাইগৰুৱে গাখীৰ দিয়ে।

(ঙ) শৰৎ কালত শেৱালি ফুলে।

উত্তৰঃ (ক) মুকুট ডিব্রুগড়লৈ যাব।

(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্রিয় পাত্র।

(গ) ৰমেন বৰ চঞ্চল।

(ঘ) গাইগৰুৱে গাখীৰ দিয়ে।

(ঙ) শৰৎ কালত শেৱালি ফুলে।

(১৫) শব্দ গঠন কৰোঁ আহা-

উত্তৰঃ নাটক  —  নাট্যকাৰ

সুৰ — সুৰকাৰ

প্রবন্ধ  —  প্ৰবন্ধকাৰ

নিবন্ধ — নিবন্ধকাৰ


(১৬) কাক কি নামেৰে জনা যায় আঁচ টানি মিলোৱা

(ক) পাৰ্বতী প্ৰসাদ বৰুৱা(গ) গীতি কবি 
(খ) বিষ্ণু প্ৰসাদ ৰাভা(ঘ) কলাগুৰু 
(গ) জ্যোতিপ্ৰাসদ আগৰৱালা(ঙ) ৰূপকোঁৱৰ
(ঘ) ফণী শৰ্মা(ক) নটসূর্য
(ঙ) ৰুদ্ৰ বৰুৱা(খ) লুইত কোঁৱৰ

(১৮) কোনে ৰচনা কৰিছিল?

(ক) বৰগীত_________________________।

উত্তৰঃ (ক) বৰগীত-শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ।

(খ) বিষ্ণু ৰাভা সংগীত___________________।

উত্তৰঃ  বিষ্ণু ৰাভা সংগীত – বিষ্ণু প্ৰসাদ ৰাভা।

(গ) জ্যোতি সংগীত_____________________।

উত্তৰঃ জ্যোতি সংগীত – জ্যোতি প্ৰসাদ আগৰৱালা।

(ঘ) ৰবীন্দ্র সংগীত______________________।

উত্তৰঃ  ৰবীন্দ্র সংগীত – ৰবীন্দ্ৰ নাথ ঠাকুৰ।


✍️ Summary (সাৰাংশ)

বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী কালজয়ী অসমীয়া ব্যক্তিত্ব। তেওঁৰ জীৱন দৰ্শন, দেশপ্ৰেম আৰু শিল্পৰ বাবে কৰা ত্যাগ এই পাঠত প্ৰকাশ পাইছে। “কলাগুৰু” নামখন তেওঁক কিয় দিয়া হৈছিল, কিদৰে তেওঁ অসমীয়া সংস্কৃতিৰ গৌৰৱ বঢ়াইছিল—এইবোৰ পঢ়ুৱৈয়ে সহজ ভাষাত জানিব পাৰে। শিল্প, সংগীত আৰু সমাজ সেৱাৰ জৰিয়তে তেওঁ এগৰাকী অনন্য ব্যক্তি হিচাপে পৰিগণিত।

Class 4 Assamese All Question Answer- Click Here


Class 4 Assamese Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

🔗 Important Links

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment