Class 3 Chapter 3 আমাৰ পৰিয়াল | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 3
আমাৰ পৰিয়াল
Class 3 Chapter 3 আমাৰ পৰিয়াল | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
আমাৰ পৰিয়াল
তৃতীয় শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। উত্তৰ দিয়া
(ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে?
উত্তৰঃ পৰিয়াল এটা ঘৰৰ মূৰব্বীজনে পৰিচালনা কৰে।
(খ) একক পৰিয়ালত কোন কোন সদস্য থাকে?
উত্তৰঃ একক পৰিয়ালত মাক, দেউতা, আৰু তেওঁলোকৰ ল’ৰা আৰু ছোৱালী থাকে।
(গ) যৌথ পৰিয়াল কাক বোলে?
উত্তৰঃ যিবোৰ পৰিয়ালত ককাক – আইতাক , বৰদেউতা- বৰমা, খুড়াক – খুড়ীয়েক, পেহীয়েক, মাক -দেউতাক আৰু তেওঁলোকৰ ল’ৰা ছোৱালী থকাৰ উপৰিও আন আন সদস্যও থাকে তাকে যৌথ পৰিয়াল বোলে।
বা
যি পৰিয়ালত দুটা বা তিনিটা সৰু পৰিয়াল এক গোট হৈ এটা ডাঙৰ পৰিয়াল হৈ থাকে তাক যৌথ পৰিয়াল বোলে।
(ঘ) বৃদ্ধ বয়সৰ ককা-আইতাক কোনে কোনে আলপৈচান ধৰে?
উত্তৰঃ বৃদ্ধ বয়সৰ ককা-আইতাক নাতি আৰু নাতিনীহঁতৰ লগতে পৰিয়ালৰ আন আন সদস্যই আলপৈচান ধৰে।
২। খালী ঠাই পূৰ কৰা—
(ক) পৰিয়াল ______ প্রাথমিক গোট।
উত্তৰঃ সমাজৰ।
(খ) প্ৰতিটো পৰিয়ালৰে নিজা নিজা ______ থাকে।
উত্তৰঃনীতি- নিয়ম ।
(গ) আইতাই নাতিহঁতক _______ শুনায়।
উত্তৰঃ সাধু, ওমলা গীত, নিচুকনি গীত।
(ঘ) ল’ৰা-ছোৱালীয়ে পৰিয়ালৰ জ্যেষ্ঠজনক _____ কৰিব লাগে।
উত্তৰঃ সন্মান।
৩। পৰিয়ালৰ জ্যেষ্ঠ /বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকৰ বাবে আমি কিয় বিশেষ যতন ল’ব লাগে?
উত্তৰঃ পৰিয়ালৰ জ্যেষ্ঠ /বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকৰ বাবে আমি বিশেষ যতন ল’ব লাগে যাতে তেওঁলোকেও সকলো ক্ষেত্ৰতে সমানে আগুৱাই যাব পাৰে।
৪। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি নেথাকিলে কি কি অসুবিধা হ’ব পাৰে?
উত্তৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি নেথাকিলে বিভিন্ন অসুবিধা হ’ব পাৰে
(ক) সাফল্য অৰ্জন কৰিব নোৱাৰি।
(খ) বিভিন্ন বিপদ আহিব পাৰে।
(গ) পৰিয়ালত অশান্তি সৃষ্টি হয়।
(ঘ) পৰিয়ালত বল শক্তি কমি যায়।
৫। সম্পৰ্কটো এটা শব্দত লিখা।
(ক) মাকৰ ভায়েক মাহী
উত্তৰঃ মামা।
(খ) দেউতাকৰ দেউতাক
উত্তৰঃ ককা।
(গ) দেউতাৰ ককায়েক
উত্তৰঃ বৰদেউতা।
(ঘ) খুড়াৰ ককায়েকৰ ল’ৰা
উত্তৰঃ ভাইতি বা দাদা।
(ঙ) মাহীৰ বায়েকৰ ছোৱালী
উত্তৰঃ বাইদেউ বা ভণ্টি।
Class 3 Environment All Question Answer- Click Here
Class 3 Chapter 3 আমাৰ পৰিয়াল | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam