Class 3 Chapter 5 আমাৰ দৈনন্দিন জীৱনত পানী | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 3
আমাৰ দৈনন্দিন জীৱনত পানী
Class 3 Chapter 5 আমাৰ দৈনন্দিন জীৱনত পানী | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
আমাৰ দৈনন্দিন জীৱনত পানী
তৃতীয় শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। উত্তৰ লিখা-
(ক) কি কি উৎসৰ পৰা আমি পানী পাওঁ।
উত্তৰঃ বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ, কুঁৱা আৰু দমকল আদি পৰা আমি পানী পাওঁ।
(খ) তুমি আৰু ওচৰ-চুবুৰীয়াই পানী ক’ৰ ক’ৰ পৰা পোৱা?
উত্তৰঃ নদী,পুখুৰী,দমকল,কুঁৱা আৰু টেংকি আদিৰ পৰা আমি আৰু ওচৰ-চুবুৰীয়াই পানী পাওঁ।
(গ) তোমালোকৰ অঞ্চলত বা ওচৰে-পাজৰে থকা বিল, জান-জুৰিৰ নাম লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অঞ্চলৰ ওচৰত থকা বিল খনৰ নাম লিখিবা।
উদাহৰণঃ আমাৰ ওচৰত থকা বিল খনৰ নাম হ’লঃ চান্দডুবি বিল।
(ঘ) দূষিত পানী খোৱাৰ উপযোগী হয়নে?
উত্তৰঃ দূষিত পানী খোৱাৰ উপযোগী নহয়।
ঙ) পানী কি কি কামত ব্য়ৱহাৰ কৰা হয়?
উত্তৰঃ খাবলৈ , গা ধুবলৈ, ঘৰ মচিবলৈ, ৰান্ধিবলৈ, বাগিচাত পানী দিবলৈ, কাপোৰ ধুবলৈ আদি।
(চ) ভূ-জল কি?
উত্তৰঃ মাটি তলত থকা পানীক ভূ – জল বোলে। যেনে দম-কলৰ পানী, কুঁৱাৰ পানী।
২। তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত ⚪ চিনেৰে ঘেৰ দিয়া-

উত্তৰঃ ১। নিজৰা, ২। নদী , ৩। হ্ৰদ, ৪। বিল, ৫। পুখুৰী, ৬। বৰষুণ, ৭। খাল, ৮। সাগৰ, ৯। দমকল।
৩। ঘৰত আৰু বিদ্য়ালয়ত পানীৰ অপচয় দূৰ কৰিবলৈ তুমি কি কৰিবা?
উত্তৰঃ পানী কলটো খুলি থৈ আঁতৰি যাব নালাগে। ফল-মূল, শাক-পাচলি, চাউল-দাইল ধোৱা পানী পেলাই দিব নালাগে।
৪। তলত দিয়াবোৰত অমিলটো বাছি উলিয়াই তাত চিনেৰে ঘেৰ দিয়া—
(ক) গা-ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফণিওৱা
উত্তৰঃ মূৰ ফণিওৱা
(খ) নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল
উত্তৰঃ পাহাৰ
গ) মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ
উত্তৰঃ বান্দৰ
(ঘ) জাহাজ,নাও, ৰে’লগাড়ী, ফেৰী
উত্তৰঃ ৰে’লগাড়ী
(ঙ) নাজী, পদুম, ভেট, মেটেকা
উত্তৰঃ মেটেকা
৫। পানী দূষিত হোৱাৰ তিনিটা কাৰণ লিখা।
উত্তৰঃ ১। পুখুৰীত গা ধুলে, গৰু-ম’হে পানী খালে আৰু লেতেৰা বস্তু পৰি থাকিলে পানী দূষিত হয়।
২। নদ-নদী গেলা-পচা বস্তু, মৰা জীৱ-জন্তু পেলালে নদীৰ পানী দৃষিত হয়।
৩। বিভিন্ন কীটনাশক বস্তু পানীত মিহলি হ’লে পানী দৃষিত হয়।
Class 3 Environment All Question Answer- Click Here
Class 3 Chapter 5 আমাৰ দৈনন্দিন জীৱনত পানী| আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam