Assam Board Exam

অসমৰ প্ৰাকৃতিক সম্পদ | Class 4 Chapter 11 | আমি আৰু আমাৰ পৰিৱেশ

Class 4 Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4

📘 Chapter Details

শ্ৰেণী (Class)চতুৰ্থ (Class 4)
বিষয় (Subject)পৰিৱেশ অধ্যয়ন (Environmental Studies)
পাঠ (Chapter)11ম পাঠ (Chapter 11)
পাঠৰ নাম (Title)আমাৰ প্ৰাকৃতিক সম্পদ
পাঠ্যপুথি (Book)আমি আৰু আমাৰ পৰিৱেশ
শিক্ষা মণ্ডলী (Board)SEBA, Assam
মাধ্যম (Medium)অসমীয়া (Assamese Medium)

📖 Chapter Overview (পাঠ পৰিচয়)

এই পাঠটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে “প্ৰাকৃতিক সম্পদ” সম্পৰ্কে বুজ পাব। পৃথিৱীত পোৱা বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদান যেনে পানী, মাটি, বায়ু, খনিজ আদি কিদৰে মানুহৰ জীৱনলৈ প্ৰভাৱ পেলায়, আৰু সেইবোৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা এই পাঠে শিক্ষায়।

Class 4 Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium


অসমৰ প্ৰাকৃতিক সম্পদ

চতুৰ্থ শ্ৰেণী

আমি আৰু আমাৰ পৰিৱেশ

১। উত্তৰ লিখা

(ক) প্রাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি ,খনিজ পদাৰ্থ, অৰণ্য় আৰু বন্য়প্ৰাণীৰে ভৰা। এইবোৰ প্ৰত্য়েকেই একো একোটা সম্পদ। এইবোৰ আমাৰ বিভিন্ন কামত প্ৰয়োজন হয়। প্ৰকৃতিৰ পৰা পোৱা বাবে এইবোৰক প্ৰাকৃতিক সম্পদ বোলে। 


(খ) খনিজ সম্পদ কাক বোলে?

উত্তৰঃ ভূ-গৰ্ভত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। ভূ-গৰ্ভত পোৱা এই সম্পদবোৰেই হৈছে খনিজাত বা খনিজ সম্পদ। 

বা

যিবোৰ প্ৰাকৃতিক সম্পদ ভূ-গৰ্ভত পোৱা যায় তেনে সম্পদবোৰকেই খনিজাত বা খনিজ সম্পদ। 


(গ) অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি ?

উত্তৰঃ অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ’ল- খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি। 


(ঘ) অসমক কিয় ‘পনীয়া সোণৰ ৰাজ্য’বুলি কোৱা হয়?

উত্তৰঃ খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য়। সেয়েহে অসমক ‘পনীয়া সোণৰ ৰাজ্য়’ বুলি কোৱা হয়। 


(ঙ) জলজ সম্পদ কি?

উত্তৰঃ নদ-নদী, খাল-বিল, পুখুৰী, আদিৰ পানী আমি বিভিন্ন কামত ব্য়ৱহাৰ কৰোঁ। পানীত বিভিন্ন প্ৰাণী, যেনে- মাছ, কাছ, ঘঁৰিয়াল, শিহু আদি থাকে। এইবোৰ আমাৰ বৰ উপকাৰী। পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ আমাৰ জলজ সম্পদ। 

বা

পানীত পোৱা বা পানীৰ পৰা আহৰণ কৰা প্ৰাকৃতিক সম্পদ সমূহক জলজ সম্পদ বোলে।  যেনে- মাছ, কাছ, ঘঁৰিয়াল, শিহু আদি


(চ) অসমৰ তিনিবিধ কৃষিজাত সম্পদ নাম লিখা।

উত্তৰঃ অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম হ’ল- ধান, মাহ আৰু সৰিয়হ। 


(ছ) তিনিবিধ বনজ সম্পদ নাম লিখা।

উত্তৰঃ তিনিবিধ বনজ সম্পদৰ নাম হ’ল- গছ-গছনি, জীৱ-জন্তু আৰু চৰাই-চিৰিকটি। 


২। আমি কিয় প্রাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে ?

উত্তৰঃ সকলো প্ৰাকৃতিক সম্পদসমূহ অতি মূল্যৱান। সেয়ে আমি এই মূল্যৱান প্ৰাকৃতিক সম্পদসমূহ সদব্যৱহাৰ কৰিব লাগে যাতে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায়। 


৩। শুদ্ধ উত্তৰটোত‘✔’চিন দিয়া

(ক) আল্‌কতৰা কয়লাখনিত পোৱা যায়।

উত্তৰঃ অশুদ্ধ।

(খ) চূণশিল এবিধ বনজ সম্পদ।

উত্তৰঃ অশুদ্ধ।

(গ) প্রাকৃতিক সম্পদ আমি সদ্ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ শুদ্ধ। 

(ঘ) অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়।

উত্তৰঃ অশুদ্ধ।

(ঙ) ভূ-গৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী।

উত্তৰঃ অশুদ্ধ । 


৪। ‘ক’অংশৰ লগত ‘খ’অংশ মিলোৱা

কয়লা                                                   খনিজ সম্পদ

খাৰুৱা তেল                                          পনীয়া সোণ

গঁড়, হাতী                                             বনজ সম্পদ

পানীত থকা প্ৰাণীসমূহ                          জলজ সম্পদ


📚 Chapter Summary (সাৰাংশ)

“আমাৰ প্ৰাকৃতিক সম্পদ” পাঠটোত পৃথিৱীৰ মূল্যবান উপহাৰ – প্ৰাকৃতিক সম্পদৰ বিৱৰণ দিয়া হৈছে। পানী, বায়ু, খনিজ, মাটি, বনৰ সম্পদ আদি মানুহৰ জীৱনৰ সৈতে গভীৰভাৱে জড়িত। এই সম্পদবোৰ অপচয় নকৰাকৈ ব্যৱহাৰ কৰা, ৰক্ষা কৰা আৰু সংৰক্ষণ কৰা আমাৰ দায়িত্ব। শিশু অৱস্থাৰ পৰাই এই মূল্যবোধ গঢ়ি তোলা অত্যন্ত প্ৰয়োজনীয়।


Class 4 Environment All Question Answer- Click Here


Class 4 Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ| আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


📲 Join Our Class 4 Study Group

📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment