Complete question-answer guide for Class 7 Science Chapter 1, ‘উদ্ভিদৰ পৰিপুষ্টি’ (Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
উদ্ভিদৰ পৰিপুষ্টি
Class 7 Science Chapter 1 (Part 1) in Assamese Medium | উদ্ভিদৰ পৰিপুষ্টি Complete Question Answer in Assamese Medium
সপ্তম শ্ৰেণী
বিজ্ঞান
উদ্ভিদৰ পৰিপুষ্টি
অনুশীলনী
(1) জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন?
উত্তৰ— শৰীৰৰ বৃদ্ধি আৰু পৰিচালনাৰ বাবে আৱশ্যকীয় শক্তি পাবলৈ জীৱক খাদ্যৰ প্ৰয়োজন।
(2) পাৰ্থক্য লিখা— পৰজীৱী আৰু মৃতজীৱী।
উত্তৰ—
- পৰজীৱী জীৱই আন জীৱিত জীৱৰ পৰা খাদ্য শোষণ কৰি তাৰ পুষ্টি সাধন কৰে । আনহাতে মৃতজীৱী জীৱই মৰা, পচা আদি বস্তুৰ পৰাহে খাদ্য শোষণ কৰি জীয়াই থাকে।
- পৰজীৱী জীৱই পোষকৰ অনিষ্ট সাধন কৰে, কিন্তু মৃতজীৱী জীৱই এনে নকৰে।
- অমৰলতা বা আকাশীলতা পৰজীৱী জীৱৰ উদাহৰন, আনহাতে কাঠফুলা মৃতজীৱী জীৱৰ উদাহৰন।
(3) পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?
উত্তৰ— আয়’ডিন পৰীক্ষাৰ সহায়ত আমি পাতত থকা শ্বেতসাৰৰ উপস্থিতি চাব পাৰো। দুটা টাবত একেধৰণৰ উদ্ভিদৰ দুটা পুলি ৰুই ৭২ ঘণ্টাৰ বাবে ইয়াৰে এজোপা আন্ধাৰত আৰু আনজোপা সূৰ্যৰ পোহৰত ৰখা হ’ল। ৭২ ঘণ্টাৰ পিছত দুইজোপা উদ্ভিদৰ পৰা দুটা পাত আনি তাত দুটোপালমান আয়’ডিন পেলাই দিয়া হ’ল। ইয়াৰে পোহৰত ৰখা পাতটো গাঢ় নীলা ৰঙৰ হৈ পৰিল আৰু আন্ধাৰত ৰখা পাতটোৰ বৰণৰ কোনো সলনি নহ’ল। যিটো পাতৰ ৰং গাঢ় নীলা হৈ গ’ল, সেই পাতটোত শ্বেতসাৰ আছিল বুলি বুজিব পৰা গ’ল।
(4) সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা দিয়া।
উত্তৰ— সেউজীয়া উদ্ভিদে পাতৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী, খনিজ লৱণ গ্ৰহণ কৰে। পাতে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পাতত থকা পত্ৰহৰিতৰ সহায়ত সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰি ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত খাদ্য প্ৰস্তুত কৰে।
(5) চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস।
উত্তৰ— সেউজীয়া উদ্ভিদ -> তৃণভোজী প্ৰাণী -> মাংসভোজী প্ৰাণী -> সৰ্বভোজী উদ্ভিদ -> বিয়োজক
যেনে – সেউজীয়া ঘাঁহ -> ছাগলী -> বাঘ -> চিলনী -> ভেঁকুৰ
(6) খালী ঠাই পূৰ্ণ কৰা—
(a) সেউজীয়া উদ্ভিদক …………….. বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।
উত্তৰ— সেউজীয়া উদ্ভিদক স্বপোষী বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।
(b) উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ ……………. হিচাপে সঞ্চিত হৈ থাকে।
উত্তৰ— উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে।
(c) সালোকসংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক …………….. বোলা হয়।
উত্তৰ— সালোকসংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক পত্ৰহৰিৎ বোলা হয়।
(d) সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে …………… লয় আৰু …………… এৰি দিয়ে।
উত্তৰ— সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে কাৰ্বন-ডাই অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে।
(7) তলত দিয়াসমূহৰ নাম লিখা।
(a) এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিনি আৰু নলীকাসদৃশ।
উত্তৰ— অমৰলতা।
(b) এবিধউদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰনে পৰিপুষ্টি গ্ৰহণ কৰে।
উত্তৰ— কলচী উদ্ভিদ।
(c) পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে।
উত্তৰ— পত্ৰৰন্ধ্ৰ।
(8) শুদ্ধ উত্তৰত চিন দিয়া।
(a) অমৰলতা
(i) স্বপোষী (ii) পৰজীৱী (iii) মৃতজীৱী (iv) পোষকৰ উদাহৰণ।
উত্তৰ— (ii) পৰজীৱী
(b) এবিধ উদ্ভিদ যি পোক-পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে—
(i) অমৰলতা (ii) জৱাফুল (iii) কলচী উদ্ভিদ (iv) গোলাপ
উত্তৰ— (iii) কলচী উদ্ভিদ
(9) 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা।
1 নং স্তম্ভ | 2 নং স্তম্ভ |
পত্ৰহৰিৎ | বেক্টেৰিয়া |
নাইট্ৰ’জেন | পৰপুষ্ট জীৱ |
অমৰলতা | কলচী উদ্ভিদ |
প্ৰাণী | পাত |
পোক-পতংগ | পৰজীৱী |
উত্তৰ—
1 নং স্তম্ভ | 2 নং স্তম্ভ |
পত্ৰহৰিৎ | পাত |
নাইট্ৰ’জেন | বেক্টেৰিয়া |
অমৰলতা | পৰজীৱী |
প্ৰাণী | পৰপুষ্ট জীৱ |
পোক-পতংগ | কলচী উদ্ভিদ |
(10) শুদ্ধ বাক্যত (শু) আৰু অশুদ্ধ বাক্যত (অ) লিখা।
(i) সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হয়। (শু/অ)
উত্তৰ— শু।
(ii) যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়। (শু/অ)
উত্তৰ— অ।
(iii) সালোকসংশ্লেষণত প্র’টিন উৎপন্ন নহয়। (শু/অ)
উত্তৰ— শু।
(iv) সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয়। (শু/অ)
উত্তৰ— শু।
(11) তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা।
সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে?
(i) মূলৰোম (ii) পত্ৰৰন্ধ (iii) পাতৰ সিৰা (iv) বৃতি
উত্তৰ— (ii) পত্ৰৰন্ধ
(12) তলত দিয়াসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা।
উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে?
(i) শিপা (ii) কাণ্ড (iii) ফুল (iv) পাত
উত্তৰ— (iv) পাত
Class 7 Science All Question Answer- Click Here
Class 7 Science Chapter 1 (Part 1) in Assamese Medium | উদ্ভিদৰ পৰিপুষ্টি Complete Question Answer in Assamese Medium
Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam