Class 7 Assamese Chapter 3 | আনন্দৰাম বৰুৱা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 7
আনন্দৰাম বৰুৱা
Class 7 Assamese Chapter 3 আনন্দৰাম বৰুৱা | Complete Question Answer in Assamese Medium
আনন্দৰাম বৰুৱা
সপ্তম শ্ৰেণী
অসমীয়া
২) (ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম গুৱাহাটীৰ ৰাজদুৱাৰত হৈছিল।
(খ) তেওঁৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰঃ তেওঁৰ পিতৃ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম হল দুর্লভেশ্বৰী বৰুৱা।
(গ) আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সী কলেজত নাম ভর্তি কৰিছিল।
ঘ) ‘আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা’ কিয় প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ- ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত তেওঁৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা ।
৩। ABILAC – ৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা।
উত্তৰঃ ABILAC- ৰ সম্পূর্ণ নামটো ইংৰাজীত হ’ল- Anundoram Borooah Institute of Language. Art and Culture, Assam. আৰু অসমীয়াত হ’ল- আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা।
৪। তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা।
(i) কৌটিল্যৰ অর্থশাস্ত্ৰ।
(ii) উচ্চ সংস্কৃত ব্যাকৰণ।
(iii) প্ৰাচীন ভাৰতৰ ভূগোল।
(iv) সৰস্বতী কন্ঠাভৰণ।
(v) ভৱভূতিৰ মহাবীৰ চৰিত।
(vi) ভাগৱতৰ দশম স্কন্ধ।
(vii) ইংৰাজীত – সংস্কৃত অভিধান।
(viii) সংস্কৃতি ভাষাৰ বৃহৎ ব্যাকৰণ।
(ix) মহাভাৰত।
(x) সংস্কৃত শিক্ষাৰ্থী সহচৰ।
উত্তৰঃ আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ হ’ল—
(i) প্রাচীন ভাৰতৰ ভূগোল।
(ii) ভৱভূতিৰ মহাবীৰ চৰিত।
(iii) ইংৰাজী – সংস্কৃত অভিধান।
(iv) উচ্চ সংস্কৃত ব্যাকৰণ।
(v) সৰস্বতী কণ্ঠাহৰণ।
(vi) সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ।
(vii) সংস্কৃত শিক্ষার্থীসহচৰ।
৫। আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. গ্রেন্ট ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা।
উত্তৰঃ- মেধাসম্পন্ন যুৱক আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়ত নূন্যতম বয়স কম আছিল। সেয়েহে বৃটিছ পার্লেমেন্টত ইয়াকে লৈ বিতর্ক হৈছিল। পিছে সেই বিতৰ্কত মহানুভৱ মি: গ্রেন্ট ডাফে এই বুলি মন্তব্য আগবঢ়াইছিল যে আই. চি. এচ পৰীক্ষাৰ নিয়মাৱলীতকৈ ভিতৰুৱা উদ্দেশ্যহে আচল কথা। সুদুৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান কষ্ট সাধনাৰে এজন ছাত্রই তীব্র প্রতিযোগিতাৰ অন্তত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে গতিকে তেখেতৰ আকাংক্ষাৰ বাটত হেঙাৰ সৃষ্টি কৰাটো সঠিক নহ’ব।
৬। আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰী মান বাক্য লিখা।
উঃ-আই. চি. এছ. পৰীক্ষাত উত্তীর্ণ হৈ স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্রেট হিচাপে কামত যোগদান কৰে। ইয়াৰ পাছত তেওঁ মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্রেট আৰু কালেক্টৰ নিযুক্তি পায়। ১৮৮৪ চনত নোৱাখালি জিলাৰ মেজিস্ট্রেট হিচাপে নিযুক্ত হয়। নোৱাখালিত থাকোঁতে তেখেতে বহুতো উন্নয়নমূলক কাম কৰিছিল। তেওঁ স্ত্রী-শিক্ষাৰ প্ৰচাৰৰ বাবে এখন বালিকা বিদ্যালয় স্থাপন কৰে। বংগদেশৰ আঞ্চলিক ভাষাৰ বৈষম্য আঁতৰ কৰিবলৈ বংগদেশৰ ভাষাবিদসকলৰ লগ লাগি মান্য ভাষাৰ এখন অভিধানৰ কামো তেখেতে হাতত লৈছিল যদিও সম্পূর্ণ নহ’ল। বিভিন্ন পুথি ৰচনা কৰি অসমীয়া আৰু সংস্কৃত ভাষা সাহিত্যলৈ তেখেতে অনবদ্য অৱদান আগবঢাই থৈ গৈছে।
৭) ‘ক’ অংশত থকা শব্দৰ লগত ‘খ’ অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা ।
ক অংশ | খ অংশ |
অধ্যৱসায় | নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য |
মন্থন | মথা বা ঘোটা কাৰ্য |
সুখ্যাতি | সুনাম, যশস্যা |
জাকত জিলিকা | অতি শুৱনি, বহুতৰ মাজত চকুত পৰা |
অৱদান | বৰঙণি বা অৰিহণা |
সংকল্প | কোনো কাম কৰিবলৈ দৃঢ় |
অপ্ৰত্যাক্ষিত | আশা নকৰা |
প্ৰতিযোগী | প্ৰতিদ্বন্দী |
নিযুক্ত | কামত লগোৱা, কামত নিয়োগ কৰা |
মনীষী | জ্ঞানী |
৯। খালী ঠাই পূৰ কৰা-
(ক) কালি মই গুৱাহাটিলৈ ___________।
উত্তৰঃ কালি মই গুৱাহাটীলৈ গৈছিলোঁ। (অতীত কাল)
(খ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন __________।
উত্তৰঃ কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব। (ভৱিষ্যৎ কাল)
(গ) ল’ৰা বিলাকে খেলপথাৰত বল __________।
উত্তৰঃ ল’ৰা বিলাকে খেলপথাৰত বল খেলিছে। (বর্তমান কাল)
১১) চেষ্টাৰ অসাধ্য একো নাই।
মানৱ সভ্যতাৰ বিকাশৰ মূল কাৰণেই হ’ল চেষ্টা। মানুহৰ চেষ্টাৰ ফলতেই মানৱ সভ্যতাই বিকাশ লাভ কৰি আজিৰ অৱস্থাত উপনীত হৈছে। মানুহ নিজৰ ভাগ্যৰ নিৰ্মাতা। জন্মতে কোনেও ঐশ্বৰ্য্য-সম্ভাৰত হাত দি নাহে। নিজৰ চেষ্টাৰ বলতহে সকলো সম্ভৱ হয়।
মানুহে সুপ্ত প্রতিভাক নিজৰ চেষ্টাৰে জাগ্ৰত কৰি কৰ্ম কৰিব লাগিব। কর্মই আনিব সফলতা। প্রত্যেক সফল ব্যক্তিয়েই নিজৰ চেষ্টাৰ বলতহে জ্যোতিষ্মান হৈছে। সেইবাবেই কোৱা হয় মানৱ জীৱনত চেষ্টাৰ অসাধ্য একো নাই।
Class 7 Assamese All Question Answer- Click Here
Class 7 Assamese Chapter 3 আনন্দৰাম বৰুৱা Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
🎥 Class 7 Assamese Video Lessons
Boost your understanding with our visual explanations on YouTube. Watch summary videos, question-answers, and concept breakdowns.
▶️ Watch Now: Class 7 Assamese Playlist by ExamPedia Assam »
🔗 Join Our Class 7 Learning Community
Stay updated with our latest study materials, mock tests, and educational videos.
- 📱 Telegram Channel:Join Now
- 📱 WhatsApp Channel:Click Here
- 🌐 Website:https://assamboardexam.com