Assam Board Exam

জ্ঞানপীঠ অথবা সাহিত্য অকাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক: মামণি ৰয়চম গোস্বামী | Assamese Essay on Favourite Writter | Mamani Raisom Goswami

অসমীয়া ৰচনা – জ্ঞানপীঠ অথবা সাহিত্য অকাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক: মামণি ৰয়চম গোস্বামী – সাহিত্যিক গৰাকীৰ পৰিচয়, সাহিত্যকৃতি,সাহিত্যিক গৰাকীৰ বঁটাপ্রাপ্ত গ্ৰন্থ, সাহিত্যৰাজিৰ সামগ্রিক বিশ্লেষণ সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Favourite Writter | Mamani Raisom Goswami

Assamese Essay on Favourite Writter | Mamani Raisom Goswami


আৰম্ভণি:

যিসকল মহান মনিষীয়ে স্ব-প্রতিভাৰে উজ্জ্বলি উঠি দেশ মাতৃক পোহৰাই তুলিছে, তাৰ ভিতৰত অন্যতম হ’ল ড°মামণি ৰয়চম গোস্বামী। সাহিত্য অকাডেমী আৰু জ্ঞানপীঠৰ দৰে সৰ্বোচ্চ বঁটা লাভ কৰাৰ উপৰিও আন বহুতো সন্মানেৰে বিভূষিতা এই গৰাকী মহান সাহিত্যিকে তেওঁৰ জ্ঞান আৰু সাধনাৰ দীপ্তিৰে দেশক উজ্জ্বলাই তুলি বিশ্বত চমকণিৰ সৃষ্টি কৰিলে।


সাহিত্যিক গৰাকীৰ পৰিচয়:

মামণি ৰয়চম গোস্বামীৰ প্রকৃত নাম ইন্দিৰা গোস্বামী। তেখেতৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নবেম্বৰ তাৰিখে গুৱাহাটীৰ জগলিয়াত। পিতৃ আছিল উমাকান্ত গোস্বামী আৰু মাতৃ অগ্নিকা দেৱী। লতাশিল প্রাইমেৰী স্কুলৰ পৰা প্রাথমিক শিক্ষা, তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা, কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। ১৯৭৩ চনত “মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসীদাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন শীর্ষক বিষয়ত পি.এইচ.ডি-ডিগ্রী লাভ কৰে ।গোৱালপাৰাৰ সৈনিক স্কুলত কিছুদিন শিক্ষকতা কৰাৰ পাচত দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা-সাহিত্য বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত হয়।


সাহিত্যকৃতি:

মামণি ৰয়চম গোস্বামীয়ে অসমীয়া সাহিত্যলৈ অনেক অবদান আগবঢ়াই গৈছে। তেখেতৰ সাহিত্যকৃতি সমূহ হৈছে

গল্প সংকলন: চিনাকি মৰম, হৃদয় এক নদীৰ নাম, আৰু কইনা ।

উপন্যাস: চেনাবৰ স্রোত, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, নীলকণ্ঠী ব্রজ, অহিৰণ, দঁতাল হাতীৰ উঁৰে খোৱা হাওদা, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ, দাসৰথীৰ খোজ, ছিন্নমস্তাৰ মানুহটো, ইত্যাদি।

আত্মজীৱনীমূলক গ্রন্থ: আধা লেখা দস্তাবেজ

জীৱনী: মহীয়সী কমলা

অনুদিত গ্রন্থ: প্রেমচন্দৰ চুটিগল্প, আধাঘন্টা সময়, জাতক কথা। কলম, আহ্নিক আৰু Ramayana from Ganga to Brahmaputra.

সম্পাদনা: এৰি অহা দিনবোৰ আৰু Indian Floklo.


সাহিত্যিক গৰাকীৰ বঁটাপ্রাপ্ত গ্ৰন্থ:

‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ নামৰ সংকলনখনৰ বাবে তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।’ সংস্কাৰ, উদয়ভানুৰ চৰিত্র ‘ইত্যাদি নামৰ তিনিখন উপন্যাসৰ সংকলনৰ বাবে ১৯৮৯ চনত ভাৰত নিৰ্মাতা বঁটা লাভ কৰে। তদুপৰি ২০০১ চনত জীৱনজোৰা সাহিত্যকৃতিৰ বাবে ভাৰতৰ সর্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা লাভ কৰে। তেখেতে লাভ কৰা অন্যান্য বঁটা সমূহ হৈছে উত্তৰ প্রদেশ হিন্দী সন্থাৰ পৰা সৌহাদ বঁটা, আন্তর্জাতিক তুলসী বঁটা, ভাৰত চৰকাৰ পদ্মশ্রীসন্মান (প্রত্যাখ্যান কৰে), ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট উপাধি, আহোম সভাৰ জয়মতী বঁটা, শান্তিৰ ৰাষ্ট্রদূত বঁটা, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰফেছাৰ অৱ এমেৰিটাছ সন্মান , অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম ৰত্ন, কলকাতাৰ পৰা বটবৃক্ষ সন্মান ইত্যাদি।


সাহিত্যৰাজিৰ সামগ্রিক বিশ্লেষণ:

ব্যতিক্রমী চিন্তাধাৰাৰ গৰাকিনী, শৃংখলিত কার্যক্রমণিকাৰে সাহিত্য চর্চাৰ অত্যুৎসাহী ড° মামণি ৰয়চম গোস্বামীৰ সাহিত্যিক প্রতিভা অতুলনীয়। সাহিত্যিক হিচাপে তেওঁ যি কর্মৰ নিদর্শন দি গ’ল, সেয়া টান অর্থাৎ মজবুত। তেখেতৰ লিখনিত আমি বিচাৰি পাওঁ দুর্দশাগ্রস্ত, নিপীড়িত, দুখীয়া-নিচলা অর্থাৎ অসহায় মানুহৰ প্রতি নিগৰিত হোৱা কোমলতা আৰু অসহায় মানুহৰ তেজ শুহি খোৱা অমানুহৰ প্রতি কঠোৰতা। নাৰী-পুৰুষৰ সম মর্যাদা, ভেদাভেদ হীন সমাজ আৰু শান্তিৰ বাৰ্তা তেখেতৰ লিখনিত আমি বিচাৰি পাওঁ।


সামৰণি:

অসমীয়া ভাষা-সাহিত্যক বিশ্ব দৰবাৰত এক সুকীয়া স্থান দিবলৈ অহোপুৰুষাৰ্থ কৰা ড° মামণি ৰয়চম গোস্বাসী আছিল এক উদাৰ আৰু কৰুণাময়ী নাৰী। তেওঁৰ আদর্শত অনুপ্রাণিত হব শত-কোটি মানৱ। শান্তিপ্রিয় এই মহিয়সী নাৰী গৰাকীয়ে অসমৰ বুকুত চলি অহা হিংসা-প্রতিহিংসাৰ জুই নির্বাপিত কৰিবলৈ প্রচেষ্টা চলাইছিল। কিন্তু তেওঁৰ এই সপোনে বাস্তৱ ৰূপ নৌ পাওঁতেই শুই পৰিব লগীয়া হল নিয়তিৰ বুকুত। ২০১১ চনৰ ২৯ নৱেম্বৰত তেওঁ ইহ-সংসাৰ ত্যাগ কৰে। মামণি ৰয়চম গোস্বামীৰ প্রস্থান অসমীয়া কৃাতিৰ বাবে এক অপূৰণীয় ক্ষতি।


অসমীয়া ৰচনা – জ্ঞানপীঠ অথবা সাহিত্য অকাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক: মামণি ৰয়চম গোস্বামী – সাহিত্যিক গৰাকীৰ পৰিচয়, সাহিত্যকৃতি,সাহিত্যিক গৰাকীৰ বঁটাপ্রাপ্ত গ্ৰন্থ, সাহিত্যৰাজিৰ সামগ্রিক বিশ্লেষণ সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Favourite Writter | Mamani Raisom Goswami


For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top