Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কাৰ্বিসকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
- 🔢 Chapter Title: কাৰ্বিসকল
- 📕 Book: বৈচিত্ৰময় অসম (দ্ৰুতপাঠ)
- 🎓 Class: 9
- 📚 Subject: Assamese
- 🏫 Board: SEBA (Assam Board)
- 🌐 Medium: Assamese Medium
🔍 Chapter Overview (পাঠ পৰিচয়)
এই পাঠটোৱে অসমৰ কাৰ্বি জনজাতি সম্পৰ্কে বিশদভাবে আলোচনা কৰিছে। কাৰ্বিসকলৰ বাসস্থান, ভাষা, ধৰ্ম, পৰম্পৰা, উৎসৱ আৰু জীৱনধাৰা পাঠটোৰ মুখ্য বিষয়বস্তু। এই অধ্যায়ৰ জৰিয়তে শিক্ষাৰ্থীয়ে অসমৰ সমাজিক বৈচিত্ৰ্য আৰু জনজাতিগত ঐতিহ্যৰ ওপৰত এখন স্পষ্ট ধাৰণা লাভ কৰিব পাৰে।
কাৰ্বিসকল
Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কাৰ্বিসকল‘ | Complete Question Answer in Assamese Medium
বৈচিত্র্যময় অসম দ্ৰুতপাঠ
‘কাৰ্বিসকল’
নৱম শ্ৰেণী
অসমীয়া
অনুশীলনী
১/ কাৰ্বিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল?
উত্তৰ: বিষ্ণুপ্ৰসাদ ৰাভাই কাৰবি সকলক অসমৰ কলম্বাচ বুলি কৈছিল।
২। কাৰ্বি সকলৰ পৰম্পৰাগত সাজ-পাৰৰ বিষয়ে লিখা।
উত্তৰ: কাৰ্বি পুৰুষ সকলে আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ, চই ইক্, চই লক্ ,পহ’ আদি পৰম্পৰাগত সাজ পৰিধান কৰে। তাৰোপৰি ডেকা সকলে ‘চেপান আবু’ নামৰ প্রায় ৩ ইঞ্চি বহল আৰু ৬ ফুট দীঘল, দুয়োমূৰে কড়িৰে সম্বলিত এবিধ ক’লা কাপোৰ পৰিধান কৰে।
কাৰ্বি নাৰী সকলৰ পৰম্পৰাগত সাজপাৰ হ’ল-পিনি, পেকক আৰু ৱানকক। তাৰোপৰি পে ছেলেং, পে খনজাৰি, পে ছাৰপি আদিও পৰিধান কৰে।
৩/ কাৰ্বি সকলৰ উৎসৱ-পার্বণ সম্পর্কে লিখা।
উত্তৰ কাৰ্বি সকলৰ উৎসৱ-পার্বণৰ ভিতৰত পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই উৎসৱত ৰিৎ আংলং, বুইচম আৰু পেং নামৰ তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰটোত কোনো ধৰণৰ অপায় অমংগল নহয়। চজুন উৎসৱ প্রতিবছৰে উদ্যাপন নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে এই উৎসৱ পালন কৰা হয়। ৰংকেৰ উৎসৱ গাঁৱৰ উৎসৱ। বছৰৰ আৰম্ভণিতে এই উৎসৱ পালন কৰা হয়, আৰু উপাস্য দেৱতাৰ সন্তষ্টিৰ বাবে পূজাৰ বেদীত জীব-জন্তু উছৰ্গা কৰা হয়।
৪/ কাৰ্বি সকলৰ মূল ফৈদ কেইটা কি কি?
উত্তৰ: কাৰ্বিসকলৰ মূল ফৈদ পাঁচটা। সেইকেইটা হৈছে- টিমুং, টেৰন, তেৰাং, ইংহি আৰু ইংতি।
৫/ কাৰ্বিসমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজপাৰ তথা আ-অলংকাৰৰ নাম লিখা।
উত্তৰ কাৰবিসমাজৰ নাৰীসকলে পৰিধান কৰা সাজপাৰবোৰ হৈছে-
পিনি, পেকক আৰু বানকক। তাৰোপৰি পে ছেলেং, পে খনজাৰি, পে ছাৰপি আদিও তেওঁলোকে পৰিধান কৰে। কেঁচুৱাক বোকোচাত ল’বৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰা কাপোৰবিধৰ নাম হ’ল ‘পিবা’।
কাৰ্বি নাৰীসকলে পৰিধান কৰা আ-অলংকাৰ বোৰ হৈছে-লেক হিকি, নথেংপী, ন’লাংপং, ন’জাংচাই, লেক ৰূৱে , লেক পাংখাৰা, লাং আৱ’, ৰই পাংখাৰা, ৰই পাহু ইত্যাদি
৬/ চমুটোকা লিখা
(ক) ছেমছনছিং ইংতি
ছেমছনছিং ইংতিহ’ল কাৰ্বি আংলঙৰ স্বপ্নদ্রষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰি আংলঙৰ টিকা পাহাৰত জন্ম গ্রহণ কৰিছিল। ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হয়। ১৯৩৩ চনত চিলেটৰ মুৰাৰী চাঁন্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈ কাৰ্বি জাতিৰ প্ৰথম স্নাতক ৰূপে সুখ্যাতি অর্জন কৰে। তেওঁ স্নাতক ডিগ্রী গ্ৰহণ কৰাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৩৪ চনত ইংৰাজ চৰকাৰে তেখেতক নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজেই কেইবাখনো কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায়। তেওঁ লিখা পুথিকেইখন হ’ল ‘বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’, ‘তেমপুক আৰু ৱপী।
(খ) ছামছিং হাঞ্চে
ছামছিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্রযোজক, ৰাজনীতিক, সাহিত্যপ্রেমী ব্যক্তি। নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আর্হিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্রিল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয়। ভাষা-সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনো পুথি কাৰ্বি আৰু অসমীয়া ভাষাত প্রণয়ন কৰি প্রকাশ কৰিছিল। সেইবোৰৰ ভিতৰত ‘নাম তাই হাঈমু’, ‘কাৰ্বি প্ৰণয়ী গীত’, ‘ছাবিন আলুন’ ,’কুমলীন’, ‘বোমীৰ এমুঠি কাৰ্বি কবিতা’আৰু ‘ছেৰ্ হনজেং’ নামৰ গ্ৰন্থ উল্লেখযোগ্য। ১৯৮৩-৮৪ চনত কাৰ্বি লামেত আমেইৰ (কাৰ্বি সাহিত্য সভা) সাধাৰণ সম্পাদক ১৯৮৪-৮৫ চনত সভাপতিৰ আসন অলংকৃত কৰে।
১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নির্বাচনত ডিফু সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্রীসভাত কেবিনেট মন্ত্রিত্ব লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে এইজনা মহান ব্যক্তিয়ে ইহ সংসাৰৰ পৰা চিৰকালৰ বাবে বিদায় ল’লে। কাৰ্বি ভাষা-সাহিত্যৰ সাধক আৰু এজন পথপ্রদর্শক হিচাপে তেওঁৰ নাম আমাৰ মাজত সদায় অমৰ হৈ থাকিব।
(গ) বংলং তেৰাং
কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে নিহাংলাংছ নামৰ ঠাইত। তেৱেঁই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্রদান কৰে। তেওঁ মাত্ৰ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ লিখা বিভিন্ন কিতাপসমূহ হ’ল- ‘Word Book’ ‘আদাম আছাৰ’ ‘ৰূকাছেন’, ‘হাঈমু’, ‘ছেৰ হংথম’, ‘কাৰ্বি কপুছন’, ‘কাবি চ ৰংজে’, ‘আৰণ আতেং’, ‘বংলিন’, ‘ছাব আলুন’ আৰু ‘ছাৰ লামছাম’।১৯৭৩ চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয়। অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্রদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্রদান কৰে। এইজনা পুৰোধা ব্যক্তিয়ে সকলোকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে।
(ঘ) লংকাম তেৰণ
সু-সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জন সম্পৰ্কৰক্ষী বিষয়া পদত তেখেত মনোনীত হয়। তেওঁ কাৰ্বি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত হৈছিল। কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদতো কার্যনির্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্রন্থ মুঠ ৪১-খন। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহ হ’ল ‘বং কেছেং’, ‘টামাহিদি’, ‘কিতাপ কিমি’, ‘কাৰ্বি লামকুৰু’, ‘কাৰ্বি জনগোষ্ঠী’, ‘কাৰ্বি লামকুৰু-লামছেং’, ‘কাৰ্বি ভাষা পৰিচয়’, ‘কাৰ্বি লামতাছাম’ আদি
✍️ Summary (সাৰাংশ)
কাৰ্বি হ’ল অসমৰ এটা গুৰুত্বপূর্ণ জনজাতি, যি প্ৰধানকৈ কাৰ্বি আংলং জিলাত বাস কৰে। তেওঁলোকৰ নিজৰ ভাষা, ধৰ্মীয় বিশ্বাস, নৃত্য-গীত, পোছাক-পিন্ধন, উৎসৱ-পাৰ্বণ আৰু আদি পৰম্পৰাৰ এক বিশেষত্ব আছে। তেওলোকৰ মূল ধৰ্ম হ’ল ‘হেমফু ধৰ্ম’, যাৰ পৰা তেওঁলোকৰ সামাজিক আৰু ধৰ্মীয় কৰ্মবোৰ উৎসাহিত হয়। “কাৰ্বিসকল” পাঠটোৱে অসমীয়া সমাজৰ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সংহতিৰ এটা জীৱন্ত প্ৰতিচ্ছবি দাঙি ধৰে।
📌 Important Links
- 📚 Class 9 All Subjects: Click Here
- 🧪 Class 9 Assamese: Explore Now
- 🌍 Class 9 Social Science: Check Here
- অসমীয়া ৰচনা – Click Here
🔗 More Study Materials
🔔 Join Our Study Groups
📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now
▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com
Class 9 Assamese All Question Answer- Click Here
Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কাৰ্বিসকল’ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
অসমীয়া ৰচনা – Click Here