Assam Board Exam

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ| Class 9 Assamese Chapter 8

Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Complete Question Answer in Assamese Medium


অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

নৱম শ্ৰেণী

অসমীয়া

১) চমু উত্তৰ দিয়াঃ

ক) উৰাবাতৰি মানে কি?

উত্তৰ:- যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছুলোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই উৰাবাতৰি।


খ) কুসংস্কাৰ বুলিলে কি বুজা?

উত্তৰ:- যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ।


গ) ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’। – কথাষাৰ কোনে কৈছিল?

উত্তৰ:- ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা’ – কথাষাৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।


ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়?

উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়।


ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?

উত্তৰ:- অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল।


২। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।

উত্তৰ :- যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস।

       অন্ধবিশ্বাসে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। লগতে মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিবর্তে স্থিতাৱস্থাক বাহাল ৰাখে, সেয়েহে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল- “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।”


৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?

উত্তৰ :- বিভিন্ন কাৰণত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্রভাৱিত হয়। তাৰে উল্লেখযোগ্য কাৰণবোৰ এনে ধৰণৰ –

ক) প্রথমতেঃ সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ অনুপাতে মানুহৰ জ্ঞানৰ পৰিধি বৃদ্ধি হোৱা নাই। বর্তমান যুগৰ উন্মত্ত ভোগবাদে মানুহক কৃচ্ছ্ৰ সাধনাৰ পৰা আঁতৰাই নিছে আৰু অধ্যয়ন বিমুখিতা কৰিছে।                                                                                                       *(কৃচ্ছ্ৰ সাধনাৰ  অৰ্থ পৰিশ্ৰম কৰি লাভ কৰা)

খ) দ্বিতীয়তে: মানুহৰ মনত ইতিবাচক চিন্তাৰ অভাৱ। বর্তমান প্রতিটো সমস্যাৰ সহজ আৰু শান্তিপূর্ণভাবে ইতিবাচক সমাধানৰ পথ বিচৰাৰ পৰিৱৰ্তে নেতিবাচক দৃষ্টিভঙ্গীৰে সমস্যাবোৰ জটিল কৰি তোলা দেখা যায়।

গ) তৃতীয়তে: সমাজৰ দায়িত্বশীল মানুহবোৰে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে নেতিবাচক কাম কৰে আৰু তেওঁলোকৰ অনুগামীসকলেও তেনে কামকে কৰা দেখা যায়।

ঘ) চতুৰ্থতে: ভ্ৰমণৰ অভাৱ। বেছিভাগ ভিতৰুৱা অঞ্চলত বাস কৰা লোক সকল নিজৰ অঞ্চলটোৰ ভিতৰতে আৱদ্ধ হৈ থকাৰ বাবে তেওঁলোকৰ জ্ঞানৰ পৰিধি প্ৰসাৰিত হোৱা নাই।

ঙ) পঞ্চমতে: যুক্তিবাদী আৰু বাস্তৱমুখী চিন্তাৰ অভাৱ। কিছুমান উৰাবাতৰি মানুহে যুক্তিৰে, বিজ্ঞানসন্মত ভাবে বিচাৰ নকৰাৰ বাবেও অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কবলত পৰে।

চ) ষষ্ঠতে: নিজ স্বার্থ পূৰণৰ কাৰণেও কিছু লোকে জানি – শুনিও অসৎভাব লৈ মানুহৰ মাজত অন্ধবিশ্বাস , কু – সংস্কাৰৰ কথা প্রচাৰ কৰাত সাধাৰণ লোকে  সেইবোৰ  বিশ্বাস কৰাত সমাজত কু প্রভাৱ পৰে । 

ছ) সপ্তমতে: কষ্ট নকৰাকৈ কম আয়াসতে আমাক সকলো লাগে। কষ্ট নকৰাকৈ সাফল্য লাগে, কষ্ট নকৰাকৈ ধন-সম্পত্তি ঘটিবলৈ লাগে, ভোগ-বিলাসত মত্ত হ’বলৈ লাগে। সহজে সকলো পাবৰ বাবেও অন্ধবিশ্বাসী হয়


৪/ অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্রহণ কৰিব পাৰি?

উত্তৰ: অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্রত অটাইতকৈ ফলপ্রসু উপায় হল জনসাধাৰণৰ মনত সজাগতাৰ সৃষ্টি কৰা।

তথ্যচিত্র বা আন প্ৰচাৰমাধ্যম সমূহৰ জৰিয়তে অন্ধ – বিশ্বাস আৰু কু-সংস্কাৰৰ বেয়া দিশবোৰ প্ৰচাৰ কৰি জন-সাধাৰণক সজাগ আৰু সচেতন কৰিব পাৰি। লগতে অন্ধবিশ্বাস আৰু কু-সংস্কাৰে যে সমাজ এখনক পংগু কৰে, একৈশ শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায়, সেইকথা বুজি পাব পৰাকৈ বিদ্যালয় সমূহৰ পাঠ্যক্রমত এই বিষয়টো অন্তর্ভুক্ত কৰিব লাগে। তাৰোপৰি বিভিন্ন পর্যায়ত ৰচনা প্রতিযোগিতা পাতি বা তেনে ধৰণৰ অন্যান্য প্রতিযোগিতাৰে  ছাত্র-ছাত্রী সকলক জড়িত কৰিও সজাগতা আনিব পৰা যায়।


৫। ‘ডাইনী’, `সোপাধৰা’ – এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহুলোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা?

উত্তৰ: ডাইনী’ অথবা ‘সোপাধৰা’ৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্রহণ কৰি এচাম স্বাৰ্থপৰ লোকে সমাজত হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কার্য সমাধা কৰিছে। সাধাৰণতে দেখা গৈছে, সম্পত্তিৰ লোভত বা ওচৰ-চুবুৰীয়া কাৰোবাৰ যদি উন্নতি হয় তেওঁৰ প্ৰতি ঈর্ষান্বিত হৈও সেই বিশেষ মানুহঘৰৰ কাৰোবাক ‘ডাইনী’ বুলি অভিহিত কৰি অসৎ মনোবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বার্থসিদ্ধিৰ বাবেই ‘সোপাধৰা’ৰ অপপ্ৰচাৰ চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয়।

‘ডাইনী’ অথবা ‘সোপাধৰা’ বিষয়টো সমাজৰ আৱেগ-অনুভূতি আৰু ভুল বুজা-বুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থান্বেষী লোকক উৎসাহিত কৰে।


৬। তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল’বা – এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ  আমাৰ অঞ্চলত শিক্ষাৰ পোহৰ পৰিছে যদিও  অন্ধবিশ্বাস , কু – সংস্কাৰৰ পৰা অঞ্চলটো সম্পূর্ণ মুক্ত হ’ব পৰা নাই ।এতিয়াও অঞ্চলটোৰ সাধাৰণ মানুহৰ মাজত জৰা – ফুকা কৰা , ৰোগ নিৰাময় বাবে বেজৰ ওচৰত যোৱা,  গ্রহৰ কু – দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বা ব্যৱসায় – বাণিজ্য , ভাগ্যোন্নতিৰ উদ্দেশ্যে বিভিন্ন পাথৰ ধাৰণ কৰা আদি অন্ধবিশ্বাস বোৰ পৰা আঁতৰা নাই । আনকি এওঁ উচ্চ জাতৰ , এওঁ নীচ জাতৰ , উচ্চ জাতৰ মানুহে নীচ জাতৰ ছোৱালী বিয়া কৰাব বা বিয়া দিব নাপায় , সম্পর্ক স্থাপন কৰিব নাপায় , তেনে বৈবাহিক সম্পর্ক কৰিলে সমাজচ্যুত কৰা বা এঘৰীয়া কৰা , আদি কু – সংস্কাৰৰ পৰা এতিয়াও অঞ্চলৰ মানুহ মুক্ত হ’ব পৰা নাই ।

সেই অন্ধবিশ্বাস , কু – সংস্কাৰ বোৰ নিৰাময়ৰ বাবে অঞ্চলৰ ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজৰ মনত থকা তথা তেনেবোৰ কাৰ্য কৰা মনোভাৱ আঁতৰ কৰিবলৈ আলোচনা বিলোচনা , মত বিনিময় আদি কৰি সজাগতা আনিব পৰা যায় । অন্ধবিশ্বাস , কুসংস্কাৰৰ ফলত সততে ঘটি থকা ঘটনাবোৰ , কুফলবোৰ সবিস্তাৰে খবৰ কাগজ , ৰেডিঅ ’ , টি ভি আদিত প্ৰচাৰ হৈ থকা কথাবোৰ প্ৰতি অঞ্চলৰ মানুহ সকলৰ মনোযোগ আকর্ষণ কৰি তাৰ প্রতি সজাগ হ’বলৈ বুজাব পৰা যায় । আনহাতে এইবোৰৰ ওপৰত নাটক লিখি , অভিনয় কৰি চিত্র প্রদর্শন কৰিও মানুহক ইয়াৰ কুফলৰ জ্ঞান দিব পৰা যায় ।  এনেধৰণেৰে ব্যৱস্থা ল’লে মানুহে লাহে লাহে কু – সংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰতি থকা বিশ্বাসৰ ভাব আঁতৰি যাব । শিক্ষণৰ লগে লগে প্রকৃত জ্ঞান লাভ হ’ব যদি এনেদৰে ব্যৱস্থা লব পৰা যায় । 


৭। ব্যাখ্যা কৰা 

ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা দেৱে লিখা ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ পাঠটিৰ পৰা অনা হৈছে।

বাক্যফাকিৰ জৰিয়তে বৰ্তমান সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰে কেনেদৰে প্ৰভাৱ পেলাইছে তাৰ কথাৰ প্ৰসংগতে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে উক্ত কথাষাৰ কৈছিল।

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ একবিংশ শতিকাৰ বাবে এক অভিশাপ। ই মানুহৰ সুস্থ জীৱন পৰিবেশৰ প্ৰণালীত প্রতিকূলতাৰ সৃষ্টি কৰে। মানুহৰ মাজত থকা প্রেম, মমতা, মানৱতা আদি মানৱীয় প্রমূল্য সমূহক আঘাট কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন-ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। বহু ক্ষেত্ৰত মানুহেই মানুহৰ শত্রু হৈ পৰে। তাৰোপৰি মানুহৰ যুক্তি আৰু চিন্তাৰ দিগন্তত বাধাৰ সৃষ্টি কৰে। সেয়ে ড° সর্বপল্লী ৰাধাকৃষ্ণণে কৈছিল – অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।”


খ) সংস্কাৰ এক জীৱন পদ্ধতি।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰা দেৱে লিখা ‘অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ’ নামৰ পাঠটোৰ পৰা অনা হৈছে।

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ মুক্ত জীৱনহে যে প্ৰকৃত জীৱন এই কথা প্ৰসংগত উক্ত বাক্যশাৰী অৱতাৰণা কৰিছে।

সমাজত এক সুস্থ জীৱন-যাপন কৰি শান্তিপূর্ণভাৱে জীয়াই থাকিবলৈ কিছুমান সংস্কাৰৰ প্রয়োজন। যিবোৰ নীতি-নিয়ম, ব্যৱস্থা আৰু পৰম্পৰা এখন সুস্থ সমাজৰ বাবে প্রয়োজন, সেইবোৰেই হৈছে সংস্কাৰ। এনে সংস্কাৰে সামাজিক জীৱন শান্তিপূর্ণ আৰু শৃংখলাবদ্ধ ভাবে আগবঢ়াই নিয়াত সহায় কৰে। সংস্কাৰ মানি নচলিলে সমাজ হৈ পৰে বিশৃংখল আৰু প্ৰদূষিত, যি গোটেই সমাজখনক কলুষিত কৰে আৰু সুস্থ জীৱন যাপনত বাধাৰ সৃষ্টি কৰে। সেয়ে কোৱা হৈছে- সংস্কাৰ এক জীৱন পদ্ধতি।


গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তর্গত জয়ন্ত মাধব বৰা দেৱে লিখা ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ নামৰ পাঠটিৰ পৰা অনা হৈছে ।

মানুহ শিক্ষিত হলেও অধ্যয়ণ নকৰিলে যে প্ৰকৃত জ্ঞানী নহয় আৰু জ্ঞানৰ অভাৱতেই যে সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰে গা কৰি উঠিছে এই কথা প্ৰসংগত উক্ত বাক্যশাৰী অৱতাৰণা কৰিছে।

বর্তমান মানুহ শিক্ষিত হৈছে, অর্থাৎ সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে। কিন্তু সেই অনুপাতে জ্ঞানী মানুহৰ সংখ্যা বৃদ্ধি হোৱা নাই। কিয়নো আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেই এজন মানুহক জ্ঞানী বুলি ক’ব নোৱাৰি। অধ্যয়ন বিমুখীতাই মানুহৰ জ্ঞানৰ পৰিধি হ্রাস কৰে। দেখা গৈছে মানুহবোৰ বেছি  আবেগিক হৈছে আৰু আবেগক নিয়ন্ত্রণ কৰিব নোৱাৰাৰ ফলত বহুতো নকৰিবলগীয়া কাম কৰিছে। ইয়াৰ মূল কাৰণ হৈছে জ্ঞানৰ অভাৱ। অধ্যয়নৰ অভাৱে মানুহৰ জ্ঞানৰ পৰিধি কমাই আনিছে। বিভিন্ন ধৰণৰ কিতাপ-আলোচনী, বাতৰি কাকত আদিৰ অধ্যয়নে মানুহষ জ্ঞানৰ পৰিধি বঢ়ায়। কিন্তু বর্তমান মানুহবোৰে নিজকে অধ্যয়নৰ পৰা আঁতৰাই আনিছে আৰু উন্মত্ত ভোগবাদত ব্যস্ত হৈ পৰিছে।


ভাষা- বিষয়কঃ

৮) উদাহৰণটো চাই বাকীকেইটা কৰা :

উদাহৰণ: 

মানৱীয় – অমানবীয়

সজাগতা – অসজাগতা

সামাজিক – অসামাজিক

ৰাজনৈতিক – অৰাজনৈতিক

সাংবিধানিক – অসাংবিধানিক

প্ৰচাৰ – অপপ্ৰচাৰ।


৯) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখাঃ

ইতিবাচক – নেতিবাচক

সৎ – অসৎ

যোগাত্মক – বিয়োগাত্মক

সক্ষম – অক্ষম

উচিত – অনুচিত

অভিশাপ – আশীৰ্বাদ।


১১) বাক্য ৰচনা কৰাঃ

মৌলিক অধিকাৰ : ভাৰতীয় সংবিধানে নাগৰিক সকলক ছটা মৌলিক অধিকাৰ প্ৰদান কৰিছে।

 অমানৱীয় কাৰ্য : অন্ধবিশ্বাসৰ কবলত পৰি কিছুমান মানুহে অমানৱীয় কাৰ্য সংঘটিত কৰে।

 প্ৰচাৰ মাধ্যম:- বাতৰি কাকত, টি. ভি আদিবোৰ হৈছে প্ৰচাৰমাধ্যম।

 সজাগতা সভা : সজাগতা সভা আয়োজন কৰি সমাজৰ মানুহবোৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰা কিছু পৰিমাণে হ’লেও বচাব পাৰি।

 স্বাৰ্থান্বেষী লোক :-  স্বাৰ্থান্বেষী লোকে আনৰ উপকাৰ কৰিব নোৱাৰে।  

 আদিম স্তৰ : অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়ে সমাজ এখনক পশ্চাদপদ কৰি আদিম স্তৰলৈ অৱনমিত কৰে।


Class 9 Assamese All Question Answer- Click Here


Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ  Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment