Assam Board Exam

সময় | Class 9 Assamese Chapter 7

Class 9 Assamese Chapter 7 সময়– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 9 Assamese Chapter 7 সময় | Complete Question Answer in Assamese Medium


সময়

নৱম শ্ৰেণী

অসমীয়া

১) চমু উত্তৰ দিয়াঃ

ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰ:- সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।


খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?

উত্তৰ:- কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।


গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰ:- সময়ৰ ডাঙৰ ভাগবোৰ হৈছে – যুগ, কল্প আৰু শতাব্দী।


ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?

উত্তৰ:- সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ ভগ্নাংশ বোলা হয়।


ঙ) সময় কি গতিত ঘূৰে?

উত্তৰ:- সময় বৃত্তাকাৰ গতিত ঘূৰে।


২) তাৎপৰ্য ব্যাখ্যা কৰা :

ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়।

উত্তৰ: এলেহুৱা মানে উদ্যমহীন বা কাম কৰিবলৈ ইচ্ছা নকৰা লোক। যি সকল লোক কর্মী, তেওঁলোকৰ মানত দিনটো চকুৰ পচাৰতে গ’ল যেন লাগে। কাম কৰি থাকোতে সময় কেতিয়া পাৰহৈ যায় ধৰিবই নোৱাৰি। কিন্তু যি সকল লোক এলেহুৱা, কেৱল শুই বহি থাকে, তেওঁলোকৰ কাৰণে সময়বোৰ বৰ দীঘল আৰু নাযায় নুপুৰাই যেন হয়। যিহেতু কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি; সেয়ে কর্মহীন বা এলেহুৱা লোকৰ বাবে সময় যেন স্থিৰ হৈ আছে, এনে হয়। সেয়ে কোৱা হৈছে এলেহুৱাৰ দিন নাযায় নুপুৱায়।


খ) মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন।

উত্তৰ: কল্প মানে হৈছে এহেজাৰ যুগ বা চাৰিশ বত্রিশ কোটি বছৰ। মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্রহ্মাৰ মাত্র এদিন আৰু এৰাতি। বিশ্বব্রহ্মাণ্ডৰ খণ্ড আৰু মহাপ্রলয়ৰ মাজেদি ব্রহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কর্মক্ষেত্র পাতিব লগা হৈছে সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্রহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন-ৰাতিৰ কামৰ তুলনাত যথার্থতে এহেজাৰ যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থও এয়েই।


(গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।

উত্তৰ: নৈৰ সোঁতৰ দৰে সময় সদা প্রবাহমান। সময়ৰ এই গতি দৃশ্যমান নহয় বা ধৰিব নোৱাৰি। মানুহে বৈজ্ঞানিক যন্ত্র-পাতিৰ সহায়ত সময়ৰ ক্ষুদ্রতম অংশবিলাককো স্থিৰ কৰিব পাৰিছে যদিও সময়ৰ প্রকৃত যন্ত্র-পাতি হৈছে কর্ম।কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। অর্থাৎ কাম কৰি থাকিলে সময় তীব্র গতিত পাৰ হৈ যোৱা যেন অনুভব হয়। কাম নকৰি শুই বহি থাকিলে সময়ৰ গতি স্থবিৰ হৈ পৰা যেন লাগে।


৩ / পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।

উত্তৰ:- ‘সময়’ পাঠটিৰ লেখক হ’ল – নীলমণি ফুকন। ককা নীলমণি ফুকনদেৱৰ সাহিত্য কৃতি হ’ল – ‘সাহিত্য কলা’, ‘চিন্তামণি’, ‘জ্যোতিকণা’, ‘মানসী’, ‘সন্ধানী’। তেখেতে ‘আলোচনী’ আৰু ‘ন-জোন’ কাকতৰ সম্পাদক আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে।


৪। ক) প্রাকৃতিক জগত বুলিলে কাক বুজায়?

উত্তৰ: প্রকৃতি সৃষ্ট সকলো জড় আৰু জীৱ পদার্থ যেনে-মাটি, পানী; বায়ু, নদ-নদী, পর্বত-পাহাৰ, গছ-লতা, চৰাই-চিৰিকটি, জীৱ-জন্তু, আকাশ-মহাকাশ ইত্যাদিৰে পৰিবেষ্টিত সামূহিক জগত খনকে প্রাকৃতিক জগত বুলিব পাৰি।


খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?

উত্তৰঃ একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰিও সময় ভাগ কৰিব পাৰি। ধর্ম, কলা-সাহিত্য, ‘বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্রহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। উদাহৰণ স্বৰূপে আহোম ৰাজত্ব বুলি কন্নঞ্জলে ১২২৮ চনৰ পৰা ১৮২৬ চনলৈকে সেই সময়ছোৱাক বুজো। খ্রীষ্টাব্দ বুলি ক’লে যীশু খ্রীষ্টৰ জন্মৰ সময়ৰ পৰা গণনা কৰা বছৰক বুজো। ঠিক তেনেকে উল্লেখযোগ্য আৰু স্মৰণীয় ঘটনাৰ আলম লৈও সময় ভাগ কৰা হয়।


গ) লক্ষণাক্রান্ত মানে কি?

উত্তৰ: ‘লক্ষণা’ শব্দৰ অর্থ হৈছে এটা বস্তুক আন এটাৰে তুলনা কৰা উক্তি বা উপমা। সময়ৰ ভাগ বিলাকো বিশেষ বিশেষ লক্ষণাক্রান্ত। অর্থাৎ সময়ৰ একোটা ভাগ একোটা কাৰ্যৰ লগত তুলনা কৰিছে বা কিছুমান উপমা প্রয়োগৰ দ্বাৰা বুজাব বিচৰা হৈছে। উদাহৰণ স্বৰূপে কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন। ইয়াত সত্য যুগৰ পৰা আৰম্ভ হৈ কল্কি যুগত শেষ হৈছে আৰ পুনৰ সত্যযুগৰ আৰম্ভ হোৱা বুজাইছে।অর্থাৎ সময় বৃত্তাকাৰ গতিত ঘূৰিছে। গতিকে সময়ক’ এটা বৃত্তৰ লগত তুলনা কৰিছে।


ঘ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল?

উত্তৰ: বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্রকৃতি জগতৰ পৰিৱৰ্তন বিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব, সেই কথা ৰিংটোৱে, তামোলখন খাই শেষ কৰা কথাটোৱে একেটা উশাহে নির্দ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল-চুটি হয়, তাক চাই সময় ঠিক কৰিছিল।


৫/ তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰাঃ

ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত।

উত্তৰ:- কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী; মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন-ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একো যুগৰ লক্ষণ। অর্থাৎ সময় বৃত্তাকাৰ গতিত ঘূৰিছে। গতিকে সময়ক’ এটা বৃত্তৰ লগত তুলনা কৰিছে।


খ) সময়ৰ টিকনিডাল হেনো আগফালে।

উত্তৰ:- সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে। কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে। সময়ৰ টিকনিত ধৰিবলৈ হ’লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব। অর্থাৎ সময় দ্রুত গতিত আগবাঢ়ি যায়। ইয়াক ক’তো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি। ইয়াৰ দ্বাৰা সময়ৰ বিশেষত্ব বুজাবলৈ বিচৰা হৈছে।


গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।

উত্তৰ: সময় তীব্র বেগত আগবাঢ়ি গৈ থাকে। ঘড়ীৰ কাঁইটকেইডালে সময় সূচিত কৰে যদিও কৰ্মৰ জৰিয়তেহে প্রকৃতাৰ্থত সময়ৰ মূল্যায়ন কৰিব পাৰি। সময়ৰ সদব্যৱহাৰ কৰি উৎকৃষ্ট কর্ম চানেকি ৰাখি যোৱাটোৱেই সময়ৰ প্রকৃত মূল্যায়ন।


ঘ) সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।

উত্তৰ: সময় অমূল্য ধন। আমাৰ বাস্তৱ জীৱনৰ বহুতো উদাহৰণৰ পৰা এই কথা প্রমাণিত হৈছে। একোজন ধন ফুবেৰে একা মিনিটত হাজাৰ হাজাৰ টকা উপর্জন কৰে।আন বহুতো মানুহে হয়তু গোটেই জীৱনত একেলগে হাজাৰ টকা চকুৰে নেদেখে। ঘোঁৰা চেকুৰত এক মুহূৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লাখ লাখ টকা ঘটিব পাৰে। ঘন্টাত বিশ/ত্রিশ মাইল যোৱা মটৰ গাড়ী এখনৰ উপার্জন ঘন্টাত দুমাইল যোৱা গৰু গাড়ীখনতকৈ নিশ্চয় বেছি। ঘনাই মাকো মাৰি তাঁত বোৱা শিপিনীৰ উপার্জন লাহে লাহে বোৱা শিপিনীতকৈ বেছি হবই। এনেবোৰ উদাহৰণৰ পৰা আমি নিশ্চিতকৈ ক’ব পাৰো যে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।


৬। “প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।” প্রাকৃতিক জগতৰ গতি বিধিবোৰ কি কি? কেনেকৈ এই গতি বিধিৰ দ্বাৰা সময় নির্ণয় কৰিব পাৰি?

 উত্তৰ: প্রাকৃতিক জগতৰ গতিবিধি বুলিলে চন্দ্র-সূর্যৰ উদয়-অস্ত, গছ-গছনিৰ পাত সৰা, পুনৰ কুঁহিপাত ওলোৱা, বিভিন্ন ধৰণৰ ফল-ফুলে গছৰ সৌন্দর্য বৃদ্ধি কৰা, জীৱ-জন্তু, চৰাই চিৰিকতিৰ আচৰণ আৰু বংশ বিস্তাৰ ইত্যাদি।প্রাকৃতিক জগতৰ এই গতি বিধিবোৰ লক্ষ্য কৰিও সময় সম্পর্কে অৱগত হ’ব পাৰি। উদাহৰণ স্বৰূপে-

জাৰকালি লঠঙা হৈ পৰা গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমন ধৰিব পাৰি। ঠিক তেনেকৈ আমে মলিয়ালে, কঁঠালে মুচি পেলালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়।

জীৱ-জন্তুৰ ক্ষেত্ৰতো তেনেকৈ কেঁকোৰা গাঁতত সোমালে, পথাৰত শামুক ওলালে, কুলি-কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে ইত্যাদিবোৰৰ পৰা একোটা ঋতুৰ ওমান পোৱা যায়। শিয়ালে হোৱা দি দি প্রতি প্ৰহৰৰ বাতৰি দিয়ে। ফেঁচুৱে জালি দি, পাৰই ৰুণ দি, কুকুৰাই ডাক দি ৰাতিপুৱাবৰ হ’ল বুলি জনাই দিয়ে।


৭/ ‘নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ ব্য়ৱহাৰ’- ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।

উত্তৰ: সময় সচেতন আৰু তাৰ উচিত ব্যৱহাৰৰ জৰিয়তে শৃংখলিত জীৱন যাপনৰ প্ৰথ নিদৰ্শন হয়। সময়ৰ সদ্‌ ব্যৱহাৰ কৰি উৎকৃষ্ট কাৰ্য চানেকি ৰাখি যাব পৰাটোৱে সময়ৰ প্ৰকৃত মূল্যায়ণ । সময়ৰ কাল্পনিক টিকণিডাল সদায় আগফালে থাকে। সময়ৰ টিকণিডাল  ধৰিবলৈ হ’লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব কিয়নো সময় দ্ৰুত গতিত আগবাঢ়ি যায়।সেয়ে আমি আমাৰ কাম খিনি শৃংখলিত ভাৱে যদি কৰো তেতিয়াহলে সময়ৰ সদ্‌ ব্যৱহাৰ কৰিব পাৰো। গতিকে নিয়মানুৱৰ্তিতাআৰুসময়ৰ সদ্ ব্য়ৱহাৰেই জীৱনৰ উন্নতিৰ মূল মন্ত্ৰ।


৮। ভাব সম্প্ৰসাৰণ কৰা

ক) আইৰো বার্তা, গংগাৰো যাত্রা।

উক্ত কথাষাৰ অসমীয়া ভাষাৰ এটি জনপ্রিয় প্রবচন। এগৰাকী বিবাহিতা নাৰীয়ে বিয়া হৈ স্বামী গৃহলৈ যোৱাৰ পিছত নিজৰ আইৰ ঘৰলৈ যাবলৈ বহু হাবিয়াস কৰে।আইৰ ঘৰলৈ যাবলৈ বিচৰা নাৰী গৰাকীয়ে নিজৰ আইৰ বাতৰি পাবলৈ আশা কৰে। গতিকে নিজৰ আইৰ ঘৰলৈ যোৱা বা আইৰ বাতৰি লাভ কৰাটো নাৰী গৰাকীৰ বাবে অতি আনন্দৰ বিষয়। সেইদৰে, হিন্দু আদর্শমতে গংগা এখন পবিত্র নদী। প্রতিজন ভাৰতীয়ৰ বাবে গংগা নদী দর্শন কৰাটো আৰু গংগাত স্নান কৰাটো অতি আনন্দৰ কথা, গতিকে গংগালৈ যাত্রা কৰা জনৰ মনতো আনন্দৰ সঞ্চাৰ হয়।

উক্ত প্রবচনটিৰ যোগেদি একে সময়তে দুটি গুৰুত্বপূর্ণ আৰু আনন্দদায়ক কাৰ্য সমাপণ কৰাৰ কথা বুজাব বিচৰা হৈছে। আইৰ ঘৰলৈ যোৱাৰ পথত যদি গংগা নদীৰো দর্শন হয়, তেতিয়া আনন্দৰ মাত্রা দুগুন বাঢ়ে। একেটা সুবিধাতে দুটা গুৰুত্বপূর্ণ কাম কৰি আনন্দিত হোৱাকে প্রবচনটিৰ দ্বাৰা বুজোৱা হৈছে।


খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰ: এটোপ এটোপ পানী লগ হৈয়ে একোখন নদীৰ সৃষ্টি হয়। সেইদৰে একত্রিত হোৱা অজস্র ‘মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হব পাৰে; আৱশ্যক মাত্র একত্রিত হোৱাৰ। ঠিক একেদৰে বহুতো মানুহ এক হৈ প্রত্যেকেই অলপ অলপ প্রচেষ্টা আগবঢ়ালে একোটা মহৎ কার্য সম্পাদন কৰিব পাৰে। এটকা দুটকাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বর্তমান যুগত বহুতো মহৎ অনুষ্ঠান গঢ়ি উঠিছে।গতিকে অকলে কৰিব নোৱাৰা কোনো মহৎ কাম ৰাইজৰ সন্মিলিত শক্তিৰ দ্বাৰা কৰিব পাৰি। এয়ে হৈছে প্রবচনটিৰ অর্থ।


গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পশুৰ মঙহ খাবলৈ আশা কৰা মিছা।

উত্তৰ: শৰমানে কাঁড়। ইয়াক ধনুত গুণ লগাই জীৱ-জন্তু নির্ধন কার্যত ব্যৱহাৰ কৰা হয়। শৰ পহু হৈছে এক তীব্রবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোবাদ। এই সোৱাদ লগা পহুৰ মঙহ খাবলৈ হ’লে উচিত সময়ত শৰ মাৰি পহু নিধন কৰিব পাৰিব লাগিব। অর্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হলে উচিত সময়ত কাম কৰিব পাৰিব লাগিব। গতিকে প্রবচনটিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে সময়ৰ কাম সময়মতে কৰা উচিত।


৯/ সন্ধি ভাঙা :

 শকাব্দ – শক + অব্দ

খ্ৰীষ্টাব্দ – খ্ৰীষ্ট + অব্দ

শংকৰাব্দ – শংকৰ + অব্দ

চৈতন্যাব্দ – চৈতন্য + অব্দ

লক্ষণাক্ৰান্ত – লক্ষণা + আক্ৰান্ত

কল্পান্তৰ – কল্প + অন্তৰ

কৰায়ত্ত – কৰ + আয়ত্ত

মনস্তাপ – মনঃ + তাপ


Class 9 Assamese All Question Answer- Click Here


Class 9 Assamese Chapter 7 সময়  Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment