Class 9 Assamese Chapter 15 চোৰধৰা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
- 🏫 Subject: Assamese
- 🎓 Class: 9
- 📚 Board: SEBA (Assam Board)
- 🔢 Chapter Number: 15
- 📖 Chapter Name: চোৰধৰা
🔍 Chapter Overview (পাঠ পৰিচয়)
“চোৰধৰা” পাঠটিত এটি দৈনন্দিন জীৱনত সংঘটিত চোৰ ধৰা ঘটনাৰ জড়িত নাটকীয়তা আৰু সামাজিক চিন্তা ধাৰণাৰ এক বাস্তব ছবি উপস্থাপন কৰা হৈছে। এই পাঠটোৱে সমাজৰ সচেতনতা, ন্যায়-বিচাৰ আৰু বিবেকৰ গুৰুত্বৰ বিষয়ে শিক্ষামূলক বাৰ্তা দিয়ে।
চোৰধৰা
Class 9 Assamese Chapter 15 চোৰধৰা | Complete Question Answer in Assamese Medium
চোৰধৰা
নৱম শ্ৰেণী
অসমীয়া
অনুশীলনী
ভাৱ-বিষয়ক :
১। অতি চমুকৈ উত্তৰ লিখাঃ
(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰ: কানাই বুলি শিশু কৃষ্ণৰ কথা কোৱা হৈছে।
খ) লবণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?
উত্তৰ: লবণু-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল।
গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তস্তু কি?
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হৈছে-নামঘোষা ।
ঘ) ‘ওহি বান্দীসৱক থানে আৱৰ নাহি।’
-আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল?
উত্তৰ: আৱৰ নাহি বুলি যশোদাই কৃষ্ণক কৈছিল।
২) ক) ‘হে মাই যশোদে, তোহোঁ তাপ তেজহ।’
-যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক’ব লগা হৈছিল?
উত্তৰ: যশোদাই কৃষ্ণক বহু সময় নেদেখি দুখ মনেৰে বিচাৰি ফুৰিছিল। তেনেতে গোপীয়ে কৃষ্ণ ক’ত আছে, কিদৰে গোপীসকলৰ লগত ধেমালি কৰি নৃত্য গীত কৰিছে, নিজকে ‘লৱণ চোৰ’ বদনামৰ পৰা বচাবৰ বাবে গোপীৰ মুখত কেনেকৈ লৱণু সানি দিছে ইত্যাদি সমস্ত বিৱৰণ দিলে। কৃষ্ণই নিজৰ চতুৰালি আৰু ৰং ধেমালিৰ যোগেদি গোটেই গোকুলবাসীকে আনন্দিত কৰোৱাৰ কথা জনাই গোপীয়ে কৈছিল যে বহু পুণ্যৰ ফলতহে যশোদাই কৃষ্ণক পুত্র ৰূপে পাইছে। সেয়ে তেওঁ শোক-তাপ’ কৰাৰ প্রয়োজন নাই।
খ) শ্রীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল?
উত্তৰ: কৃষ্ণ আছিল অতি চতুৰ। গোপীৰ ঘৰত লৱণু চুৰ কৰি থাকোতে গোপীয়ে ধৰা পেলায় আৰু কৃষ্ণক ধৰি আন গোপী সকলক দেখুৱাবলৈ লৈ যায়। তেনেতে কৃষ্ণই নিজে লবণু চুৰ কৰা নাই বুলি প্রমাণ কৰিবৰ বাবে হাতত লাগি থকা লৱণু বোৰ গোপীৰ মুখত সানি দি কয় যে গোপীৰ মুখেই সাক্ষী। তেওঁহে লৱণু চুৰ কৰি খাইছে।
৩। ‘ইহা শুনি চিন্তা-শোক তেজিৱে পৰম হৰষিত ভেল।’
– কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল?
উত্তৰ: গোপীৰ মুখত কৃষ্ণৰ কথা শুনি যশোদা হৰষিত হৈছিল।
কৃষ্ণক বহু সময় নেদেখি যশোদাই যেতিয়া দুখ মনেৰে বিচাৰি ফুৰিছিল, তেতিয়া এজনী গোপীয়ে কৃষ্ণই কৰা চতুৰালিৰ বৰ্ণনা দি কৈছিল যে বালক কৃষ্ণই গোপী-সকলৰ লগত নানা কৌতুক, গীত-নৃত্য কৰি আছে। কৃষ্ণৰ ৰং তামাচাই গোপী সকলক মোহিত কৰিছে আৰু সমগ্র গোকুল বাসীক আনন্দিত কৰিছে। যশোদাই বহু পুণ্যৰ বলতহে কৃষ্ণক পুত্র ৰূপে লাভ কৰিছে।
গোপীৰ মুখত কৃষ্ণৰ এনে গুণানুকীর্তন শুনি যশোদা হৰষিত হৈছিল।
৪/ মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্রকাশ কৰিছিল?
উত্তৰ: কানাইক চোৰ বদনাম দিয়াৰ বাবে মাক যশোদাই গোৱালীহঁতক গালি দি কয় যে এই বান্দীহঁতৰ ঘৰলৈ আৰু নাহিবা। আমাৰ ঘৰত দধি, দুগ্ধ, লবণু সকলো আছে। যিমান খাব পাৰা সিমান খাবা। তুমি মোৰ কোটি পুৰুষৰ দেৱৰো দেৱতা, মূৰৰ মুকুট, গলৰ সাতসৰী আৰু বুকু শীতল কৰা চন্দন।
এনেদৰে কৈ যশোদাই কৃষ্ণক কোলাত লৈ নিজ গৃহলৈ আনে আৰু শীতল পানীৰে গা ধুৱাই পঞ্চামৃত খাবলৈ দিয়ে। কৃষ্ণক সুগন্ধি চন্দন, দিব্য বস্তু-অলংকাৰ আদিৰে ভূষিত কৰি যশোদাই পৰম সন্তোষ লাভ কৰে।
ভাষা- বিষয়ক
৫। তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ
তেজহ – ত্যাগ কৰা
তোহাৰি – তোমাৰ
হামু – মই
থিক – আছে
মাখিয়ে- সানি
উনিকৰ- এওঁৰ
ফিৰত- ঘূৰি ফুৰা
গাৰি – গালি
৬/ বিপৰীত শব্দ
চোৰ – সাধু
উত্তৰ – প্রশ্ন
কাতৰ – অকাতৰ
পুণ্য – পাপ
শোক – আনন্দ
হর্ষ – বিষাদ
শীতল – উষ্ণ
✍️ Summary (সাৰাংশ)
এই পাঠত এখন গাঁওত সংঘটিত চুৰিৰ ঘটনা আৰু তাৰ পাছত চোৰ ধৰাৰ নাটকীয় পৰিৱেশৰ কাহিনী দিয়া হৈছে। চোৰ ধৰা যদিও এটা সামান্য ঘটনা বুলি মনত হয়, কিন্তু এই পাঠত দেখুওৱা হৈছে যে সমাজৰ প্ৰতিটো সদস্যৰ বিবেক, সচেতনতা আৰু দায়িত্ববোধে এনেধৰণৰ ঘটনাৰ পৰিণামত গভীৰ প্ৰভাৱ পেলাব পাৰে। পাঠটোৱে ন্যায়, সত্য, আৰু ধৈৰ্যৰ মূল্য বুজাবলৈ চেষ্টা কৰিছে।
Class 9 Assamese All Question Answer- Click Here
Class 9 Assamese Chapter 15 চোৰধৰা Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
📌 Important Links
- 📚 Class 9 All Subjects: Click Here
- 🧪 Class 9 Assamese: Explore Now
- 🌍 Class 9 Social Science: Check Here
- অসমীয়া ৰচনা – Click Here
🔗 More Study Materials
🔔 Join Our Study Groups
📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now
▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com