Class 6 | ভাৰতঃপৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য || Class 6 social science chapter 5 Assamese Medium
📚 পাঠৰ নামঃ ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য – সমাজ বিচিত্ৰা
- Subject: Social Science (সমাজ বিচিত্ৰা)
- Class: 6
- Chapter Number: 5
- Medium: Assamese
- Board: SCERT/SEBA Assam
🧾 পাঠৰ সংক্ষিপ্তসাৰ
এই পাঠত ভাৰতৰ ভৌগোলিক অৱস্থান, বিস্তৃতি, প্ৰাকৃতিক বৈচিত্র্য, জলবায়ু, নদ-নদী, পৰ্বত, আৰু উপত্যকাৰ বিষয়ে বিৱৰণ দিয়া হৈছে। ভাৰত এক বিস্তৃত, বৈচিত্র্যপূৰ্ণ দেশ — ইয়াৰ ভৌগোলিক গঠন ছাত্ৰ-ছাত্ৰীৰ ভৌগোলিক বোধ উন্নত কৰিব।
✅ Class 6 Chapter 5 – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ
ভাৰতঃপৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য
Class 6 Social Science Assamese Medium question answer || Class 6|| ভাৰতঃপৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য || Class 6 social science chapter 5 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|| সমাজ বিচিত্ৰা
অনুশীলনী
ভাৰতঃপৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) ভাৰতৰ মুঠ মাটিকালি কিমান?
উত্তৰ: ভাৰতৰ মুঠ মাটিকালি ৩২,৮৭,৭৮২ বৰ্গ কিলোমিটাৰ।
(খ) ভাৰত আৰু শ্রীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি?
উত্তৰ: ভাৰত আৰু শ্রীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম পক্ প্রণালী।
(গ) ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পর্বতখনৰ নাম কি?
উত্তৰ: ভাৰতৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পৰ্বত।
(ঘ) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি?
উত্তৰ: বিন্ধ্য পৰ্বতে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা নিৰ্ধাৰণ কৰিছে।
(ঙ) এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা?
উত্তৰ: এখন দেশৰ চাৰিসীমা বুলিলে সেই দেশখনৰ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম দিশৰ সীমাক বুজায়।
২. ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা।
উত্তৰ: ভাৰতৰ চাৰিসীমাটো আছে –
উত্তৰত: চীন, নেপাল ,ভূটান
দক্ষিণত: শ্ৰী লংকা আৰু ভাৰত মহাসাগৰ।
পূবত : বাংলাদেশ আৰু ম্যানমাৰ আৰু বংগোপসাগৰ।
পশ্চিমত: আৰৱ সাগৰ
উত্তৰ –পশ্চিমত: আফগানিস্তান, পাকিস্তান ।
অনুশীলনী-২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) ভাৰতৰ সীমাৰ প্ৰাচীৰ কি?
উত্তৰ: ভাৰতৰ সীমাৰ প্ৰাচীৰ হিমালয় পৰ্বত।
(খ) ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা।
উত্তৰ: ভাৰতৰ দুখন বন্দৰ নগৰ হৈছে—মুম্বাই আৰু চেন্নাই।
(গ) ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি?
উত্তৰ: এই অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি হ’ল সাগৰীয় মাছ ধৰা।
(ঘ) জাৰোৱাসকলে ক’ত বাস কৰে?
উত্তৰ: জাৰোৱাসকলে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বাস কৰে।
২. চমু টোকা লিখা—
(ক) উত্তৰৰ পার্বত্য অঞ্চল:
উত্তৰ: হিমালয় পর্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু-বৰ পৰ্বত-পাহাৰেৰে উত্তৰৰ পাৰ্বত্য অঞ্চল গঠিত ।উত্তৰৰ পার্বত্য অঞ্চলে কাশ্মীৰৰপৰা আৰম্ভ কৰি অৰুণাচল প্রদেশলৈকে এক দীঘলীয়া অংশ আগুৰি আছে।উত্তৰৰ পার্বত্য অঞ্চলে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্রভাব পেলায়। গ্রীষ্মকালত ভাৰত মহাসাগৰৰ পৰা অহা জলীয় ভাপযুক্ত দক্ষিণ-পশ্চিম মৌচুমী বতাহক বাধা দি ইয়াৰ নামনি অঞ্চলত প্ৰচুৰ বৰষুণ হোৱাত সহায় কৰে। আনহাতে, শীতকালত উত্তৰৰ চাইবেৰিয়া অঞ্চলৰ পৰা অহা চেঁচা বতাহক হিমালয়ে বাধা দি ভাৰতক প্রচণ্ড শীতৰ পৰা ৰক্ষা কৰে। এই অঞ্চলটো বনজ সম্পদ,খনিজ সম্পদ আৰু পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া।
(খ) উত্তৰৰ সমভূমি অঞ্চল:
উত্তৰ: উত্তৰৰ সমভূমি অঞ্চলটো তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে পশ্চিমৰ পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান সমভূমি; মাজৰ গংগা-যমুনা সমভূমি আৰু পূবৰ ব্ৰহ্মপুত্ৰ- বৰাক উপত্যকা। উত্তৰ ভাৰতৰ এই বিশাল নদীগঠিত সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্রহ্মপুত্র নদীৰ পলসুৱা মাটিৰে গঠিত। এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী বাবে এই অঞ্চলত জনবসতিও ঘন।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল:
উত্তৰ: গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰব সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূ-ভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। এই মালভূমিৰ তিনিও দিশে সাগৰ-মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়।দাক্ষিণাত্য মালভূমিৰ উত্তৰ অংশত পশ্চিমৰপৰা পূবলৈ যথাক্রমে আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল আৰু ৰাজমহল পাহাৰ অৱস্থিত। এই অঞ্চলৰ উল্লেখযোগ্য নদী কেইখনমান হ’ল- গোদাবৰী, কাবেৰী, তুংগভদ্রা আৰু কৃষ্ণা।দাক্ষিণাত্য মালভূমিৰ ক’লা মাটি অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত
(ঘ) উপকূলীয় নিম্নভূমি অঞ্চল:
উত্তৰ: ভাৰতৰ উপকূল অঞ্চল পূব আৰু পশ্চিম এই দুই ভাগত বিভক্ত। পূব উপকূল তুলনামূলকভাবে বহল আৰু সাৰুৱা, আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা। এই উপকূলীয় অঞ্চলত অৱস্থিত সাগৰীয় বন্দৰসমূহৰ যোগেদি ভাৰতৰ অধিকাংশ বহির্বাণিজ্য সম্পাদন হয়।
🗺️ মুখ্য টপিক (Key Points)
- ভাৰতৰ ভৌগোলিক অৱস্থান
- পৰ্বতৰেখা আৰু উপত্যকা
- নদ-নদী আৰু নদীনিৰ্ভৰ সভ্যতা
- জলবায়ু আৰু মৌসুম
- অঞ্চলভেদে ভৌগোলিক বৈচিত্র্য
🎯 Why Use Our Notes?
✅ SCERT Based Content
✅ Written in Simple Assamese
✅ Exam-Oriented Approach
✅ Free and Easy to Access
🔗 Related Study Materials:
- Class 6 Social Science Full Notes – Assamese Medium
- Class 6 Science Notes – Assamese Medium
- Class 6 Assamese Book Question Answer
📲 Stay Connected
Get the latest updates and chapter releases via:
Class 6 Social Science Chapter 5 Asaamese Medium
class 6 social science chapter 5 assamese medium question answer|| Class 6|| ভাৰতঃপৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য || Class 6 social science chapter 5 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam | সমাজ বিচিত্ৰা
For More details check our Youtube Channel ExamPedia Assam