Assam Board Exam

লঘোন | Class 4 Assamese Chapter 4

Class 4 Assamese Chapter 4 লঘোন – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 4

🧾 Chapter Details:

  • 📖 Chapter Name: লঘোন
  • 🏫 Board: SEBA (Assam Board)
  • 📘 Subject: Assamese
  • 🎓 Class: 4
  • 🌐 Medium: Assamese Medium
  • 📄 Book Type: Textbook (SCERT Prescribed)

Class 4 Assamese Chapter 4 লঘোন | Complete Question Answer in Assamese Medium


🔍 Chapter Overview (পাঠ পৰিচয়)

এই পাঠখনত “লঘোন” শব্দৰ পৰা সৃষ্টি হোৱা এক মজাদাৰ কাহিনী পোৱা যায়। পাঠটোৱে এটি শিশুৰ দৃষ্টিৰে “লঘোন” (অৰ্থাৎ বন্যাই সৃষ্টি কৰা ক্ষতি আৰু অভিজ্ঞতা) বৰ্ণনা কৰে। ই পাঠৰ সহায়ত শিশুসকলে প্ৰাকৃতিক দুৰ্যোগৰ পৰিণাম, সহানুভূতি আৰু সহায়তাৰ মূল্য বুজি পায়।


লঘোন

চতুৰ্থ শ্ৰেণী

অসমীয়া

১। পদ্যটি শুদ্ধ আৰু স্পষ্টকৈ আবৃত্তি কৰা।

উত্তৰঃ ছাত্র- ছাত্ৰী নিজে সুন্দৰকৈ আবৃত্তি কৰিবা।


২। উত্তৰ দিয়া।

(ক) ‘লঘোন’ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি?

উত্তৰঃ ‘লঘোন’ পদ্যটো ৰচনা কৰা কবিজনৰ নাম-নৱকান্ত বৰুৱা।

খ) লঘোন শব্দৰ অৰ্থ কি।

উত্তৰঃ লঘোন শব্দৰ অৰ্থ একো নোখোৱাকৈ থকা বা উপবাস ।

গ) পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে ?

উত্তৰঃ  পালোৱান বুলিলে  শকত – আৱত মানুহ এজনৰ ছবি মোৰ মনলৈ আহে।


৩। লঘোন’ পদ্যটিৰ ভিত্তিত ক-অংশৰ কথাখিনিৰ লগত খ- অংশৰ কথাখিনি মিলাই লিখা।

উত্তৰঃ

ক- অংশ                             খ- অংশ 

১) আছে যদি আধা সেৰ   –    চিৰা দিবি ভাল চায়

২) দৈ মোক নালাগেই    –    গাখীৰৰ সৰ পালে  

৩) নাই যদি মালভোগ    –   জাহাজী কলকে আন 

৪) পাপৰ আছিল বোলে    –   আঙঠাত সেকচোন 

৫) ৰৌ মাছ ভজা আছে    –   তাৰো দুচকল দে 


৪। ‘লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্যটোৰ কথাখিনিৰ লগত মিলিছেনে? যদি মিলা নাই, কিয় মিলা নাই লিখা।

উত্তৰঃ লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্যটোৰ কথাখিনিৰ লগত মিলা নাই। কিয়নো ‘লঘোন’ মানে হ’ল খাদ্য নোখোৱাকৈ উপাবাসে থকা। কবিতাটোত যিমানবোৰ খাদ্য বস্তু ব্যক্তি জনে খাইছে সেইবোৰ বস্তু খালে লঘোনে থকা নুবুজায়। গতিকে পদ্যটোৰ লগত লঘোন থকা নুবুজায়।


৫। তলত উল্লেখ কৰা বস্তুকেইবিধৰ বিষয়ে দলত আলোচনা কৰি চমুটোকা লিখা।

(ক) মালভোগ কল।

উত্তৰঃ মালভোগ কল হৈছে এবিধ সুস্বাদু পুষ্টিকৰ ফল। কলত ভিটামিন, খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে বাবে কল শৰীৰ কাৰণে বৰ উপকাৰী ।


(খ) গাখীৰৰ সৰ 

গাখীৰ গৰম কৰোঁতে গাখীৰৰ ওপৰত এখন চামনী উঠে। ইয়াকে গাখীৰৰ সৰ বোলে। গাখীৰৰ সৰ খাবলৈ সোৱাদ হয়। ইয়াৰ পৰা মানুহে ঘি প্ৰস্তুত কৰে।


গ) আচাৰ

 আচাৰ এবিধ মুখ ৰুচীকৰ খাদ্য। ইয়াক মানুহে ভাত বা ৰুটীৰ লগত খায়। বিভিন্ন ফল, শাক – পাছলিৰে আচাৰ তৈয়াৰ কৰা হয়। আচাৰত তেল, নিমখ আৰু বিভিন্ন মা-মছলা দিয়া হয় খাবলৈ জুতি লগা হয়। 


(ঘ) পাপৰ।

উত্তৰঃ পাপৰ এবিধ ৰুচিকৰ খাদ্য। ইয়াক তেলত ভাজি বা জুইত সেকি খোৱা হয়। পাপৰ বেচন, জালুকৰ গুৰি, বেকিং পাউদাৰ, নিমখ মিহলাই প্ৰস্তুত কৰে। 


৬। উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নঞর্থক ৰূপ লিখা।

উদাহৰণ-

ন + চায় = নাচায় বা নেচায়।

ন + কাটে = _____বা _____।

ন + পালে = _____বা______।

ন + খালে = _____বা______।

উত্তৰঃ ন + চায় = নাচায় বা নেচায়।

ন + কাটে = নাকাটে বা নেকাটে।

ন + পালে = নাপালে বা নেপালে।

ন + খালে = নাখালে বা নেখালে।


৭। তলত দিয়া স্বৰবৰ্ণেৰে আৰম্ভ হোৱা ক্ৰিয়াবোৰৰ নঞর্থক ৰূপ লিখোঁ আহা।

ন + এৰে = ________।

উত্তৰঃ ন + এৰে = নেৰে।

ন + অহা =________।

উত্তৰঃ ন + অহা  = নাহা।

ন + উঠে =________।

উত্তৰঃ ন + উঠে  = নুঠে।

ন + আছিল=________।

উত্তৰঃ ন + আছিল = নাছিল।

ন + আহিবা =________।

উত্তৰঃন + আহিবা = নাহিবা।

ন + ওলায় =_________।

উত্তৰঃ ন + ওলায় = নোলায়।


৮। এটা শব্দত প্রকাশ কৰা।

(ক) ভোকত আতুৰ হোৱা লোক __________।

উত্তৰঃ (ক) ভোকত আতুৰ হোৱা লোক – ভোকাতুৰ।

(খ) নিয়ম মতে খৰচ কৰা লোক ________।

উত্তৰঃ নিয়ম মতে খৰচ কৰা লোক ― মিতব্যয়ী।

(গ) বেছিকৈ ভাত খোৱা মানুহ_________।

উত্তৰঃ (গ) বেছিকৈ ভাত খোৱা মানুহ ―ভতুৱা।

(ঘ) ৰন্ধা বঢ়া কৰা তিৰোতা _________।

উত্তৰঃ (ঘ) ৰন্ধা বঢ়া কৰা তিৰোতা ― ৰান্ধনী।


৯। কোৱা আৰু লিখা।

(ক) কি কি কল তুমি খোৱা আৰু কিয় খোৱা?

উত্তৰঃ জাহাজী কল, চেনী – চম্পা কল,আঠিয়া কল, মালভোগ কল আদি কল মই খাওঁ।

 কলত ভিটামিন, খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে বাবে কল শৰীৰ কাৰণে বৰ উপকাৰী সেই বাবে মই খাওঁ।


(খ) কলগছ আমাৰ কি কি কামত লাগে?

উত্তৰঃ কলগছ আমি পূজা, বিয়া-সভাত ব্যৱহাৰ কৰোঁ। কলগছ ফালি চিৰি ৰ’দত শুকাই পুৰি কলাখাৰ তৈয়াৰ কৰা হয়।


(গ) তোমাৰ কি কি ফল খাই ভাল লাগে?

উত্তৰঃ মোৰ আম, আপেল,লিচু ,ডালিম, আঙুৰ, কঁঠাল, কল আদি ফল খাই ভাল লাগে।


১০) বাক্য ৰচনা কৰাঃ

কল (সুখাদ্য ফল বিশেষ)-  কল হৈছে এবিধ সুস্বাদু পুষ্টিকৰ ফল।

কল (যন্ত্র) –  কল – কাৰখানাৰ পৰা নিৰ্গত হোৱা ধূৱাই বায়ু প্ৰদূষণ কৰে।

চিৰা (ফুট কঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল) –  চাউলৰ পৰা চিৰা  প্ৰস্তুত কৰা হয় ।

চিৰা (ছেই , গুটিৰ দীঘলীয়া ভঁৰাল) – আমাৰ ঘৰত চিৰাৰ এটা ভৰাঁল আছে।

দৈ (দৈ গাখীৰ) – গাখীৰৰ পৰা দৈ প্ৰস্তুত হয়।

দৈ  (বাঁহৰ চেপেটা আৰু মিহি কাঠি ) –ৰহিমে বাঁহৰ দৈ ৰে জেওৰা দিছে।

আলু (এবিধ পাচলি) – মই আলু  ভাজি খাই বৰ ভাল পাওঁ ।

আলু (দাঁতৰ গুৰি) –   দাঁতৰ গুৰিক আমি আলু বুলি কোৱা হয়।

কোণ (চুক)  –  ঘৰৰ খন চোক কোণ মাৰি চাফা কৰি ৰাখিব লাগে।

 কোন (প্রশ্নবোধক শব্দ)  –  তুমি কোন, তোমাৰ পৰিচয় দিয়া বুলি অচিনাকি মানুহ জনে মোক প্ৰশ্ন কৰিছে।


১২) বহলাই লিখা।

অল্প অর্জন, বিস্তৰ ভোজন।

সেই পুৰুষৰ দৰিদ্ৰৰ লক্ষণ।

উত্তৰঃ কিছুমান মানুহে অলপ উপাৰ্জন কৰে আৰু বেছি খাই যাৰ ফলত তেওঁলোক দৰিদ্ৰতাৰ কবলত পৰে।দৰিদ্ৰ জীৱন বৰ দুখকৰ। দৰিদ্ৰ লোকক সকলোৱে অৱজ্ঞাৰ চকুৰে চায়। সমাজতো আগস্থান নাপায়। সেয়ে মানুহে যিমান উপাৰ্জন কৰে তাতকে কম খৰচ কৰিব লাগে অৰ্থাৎ আয় চায় ব্যয় কৰিব লাগে।যিখিনি উৰ্পাজন কৰে সেইখিনি আধা সাঁচি আধা খালে মানুহৰ উন্নতি হয় কিন্তু এনে নকৰি উৰ্পাজনতকৈ বেছিকৈ খালে মানুহ দুখিয়া হয় ।


✍️ Summary (সাৰাংশ)

“লঘোন” পাঠখনত এজন শিশুৰ অভিজ্ঞতাৰ জৰিয়তে এজনৰ জীৱনত বন্যাৰ প্ৰভাৱ বৰ্ণনা কৰা হৈছে। ঘৰখন পানীৰ তলত সোমাই যোৱাত তেওঁলোকে কিদৰে কষ্ট সহ্য কৰিলে, পৰিয়ালৰ সদস্যসকল কিদৰে একে ঠাইত একেলগে থাকিবলৈ বাধ্য হ’ল—সেই সকলো দৃশ্যবোৰ পাঠখনত সহজ ভাষাৰে উপস্থাপন কৰা হৈছে। পাঠটোৱে সহানুভূতি, ধৰ্য্য আৰু জীৱনসংগ্ৰামৰ কথা শিকায়।

Class 4 Assamese All Question Answer- Click Here


Class 4 Assamese Chapter 4 লঘোন Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

🔗 Important Links

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment