Assam Board Exam

সুখ | Class 9 Assamese Chapter 14

Class 9 Assamese Chapter 14 সুখ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

🔍 Chapter Overview (পাঠৰ পৰিচয়)

“সুখ” পাঠটিত সুখৰ প্ৰকৃত অৰ্থ, জীৱনৰ প্ৰয়োজনীয়তা, আৰু মনুষ্য জীৱনৰ বিভিন্ন দৃষ্টিকোণৰ আলোচনা কৰা হৈছে। এই পাঠত লেখকে দেখুৱাইছে যে ভোগ-বিলাস নহয়, সত্যিকাৰ সুখ পোৱা যায় আত্মসন্তুষ্টি, মানবিক মূল্যবোধ আৰু অন্যক সহায় কৰাৰ আনন্দত।

  • 🏫 Subject: Assamese
  • 🎓 Class: 9
  • 📚 Board: SEBA (Assam Board)
  • 🔢 Chapter Number: 14
  • 📖 Chapter Name: সুখ

Class 9 Assamese Chapter 14 সুখ  | Complete Question Answer in Assamese Medium


সুখ 

নৱম শ্ৰেণী

অসমীয়া

১। অতি চমুকৈ উত্তৰ দিয়া : 

(ক) মানুহৰ সুখ – দুখৰ আচল কথা কি ? 

উত্তৰঃ মানুহৰ সুখ – দুখৰ আচল কথা হৈছে মনটো । 

(খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে? 

উত্তৰঃ ‘মই’, ‘মোৰ’ ভাবে অৰ্থাৎ মোহত অন্ধ হৈ যি মানুহে কেৱল নিজৰ স্বার্থ  সিদ্ধিৰ বাবে জীয়াই থাকে, তেনে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে।

গ) নিস্বাৰ্থৰ বাট কেনেকুরা?

উত্তৰ: নিস্বাৰ্থৰবাট সেন্দুৰীয়া, অর্থাৎ নিস্বাৰ্থৰবাটত কোনো বিপদ নাথাকে আৰু সুখ-শান্তিৰে ভৰা।

ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি কোঁৱৰ’ বোলা হয়?

উত্তৰ: আনন্দচন্দ্র আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰিছিল, সেইবাবে তেওঁক ‘ভাঙনি কোঁৱৰ’ বোলা হয়।

ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে?

উত্তৰ: পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি’ কবিয়ে ব্যক্ত কৰিছে।

চ) কবিৰ মতে প্রকৃত সুখ কেনেকৈ পাব পাৰি?

উত্তৰ: কবিৰ মতে প্রকৃত সুখ পাবলৈ হ’লে মানুহে স্বার্থ ত্যাগ কৰি আনৰ কাৰণে খাটিব লাগিব আৰু আনৰ দুখত দুখী হব পাৰিব লাগিব।


২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা।

উত্তৰ: কবি আনন্দচন্দ্ৰ আগৰৱালা দেৱে সুখ নামৰ কবিতাটিৰ মাজেৰে জীৱশ্ৰেষ্ঠ মানুহে এই পৃথিৱীত কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপাই সেই কথাটোকে সুন্দৰ ভাষাত সাৰ্বজনীন ৰূপত প্ৰতিফলিত কৰি তুলিছে । মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে। কিন্তু হাতৰ মুঠিতেই থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোক ব্যৰ্থ হয়।সুখ হৈছে মূলত: মন বা শৰীৰত অনুভূত হোৱা তৃপ্তিকৰ অৱস্থা; মানসিক বা শাৰীৰিক সন্তুষ্টি। ব্যক্তিভেদে সুখৰ সূত্র বেলেগ বেলেগ হ’ব পাৰে। সুখ বিচাৰি মানুহ ব্যাকুল হ’লেও প্ৰকৃত সুখ পাবলৈ হ’লে মানুহে স্বার্থত্যাগ কৰিব পাৰিব লাগিব। নিঃস্বার্থ ভাবে আনক আপোন কৰিব পাৰিলে, আনৰ কাৰণ খাটিব পাৰিলে আৰু আনৰ দুখত দুখী হ’ব পাৰিলে মানুহৰ জীৱন সুখময় হৈ পৰে। সেয়ে যি সকল লোকে নিঃস্বার্থ মনোভাবেৰে এক সুন্দৰ জীৱন যাপন কৰে, পৃথিৱীখনেই আমাৰ ঘৰ আৰু পৃথিৱীৰ সকলো মানুহকে আপোন বুলি ভাবি বিশ্বপ্ৰেমৰ বাণী বিলাব পাৰে, তেনে লোকৰ বাবে সুখৰ ওৰ নপৰে।


৩। ব্যাখ্যা কৰাঃ

ক) অকল নিজৰ   নিমিত্তে নহয় 
           আমাৰ জীৱন ভাই,
      লোকৰ কাৰণে   খাটিব পাৰিলে 
               সংসাৰ সুখৰ ঠাই, 

উত্তৰঃ    উক্ত  কবিতাফাঁকি আমাৰ পাঠ্যপুথি  ‘সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।

                    মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কথাফাঁকিৰ ব্যৱহাৰ কৰা হৈছে ।

                        পৃথিৱীৰ প্রত্যেক মানুহেই সুখৰ সন্ধান কৰে বা সুখত থাকিবলৈ বাঞ্ছা কৰে। সুখ হৈছে মনৰ অনুভূতি। কোনো লোকে অজস্র ধন সম্পদ থাকিও সুখী হ’ব নোৱাৰে, আন কোনোবাই আকৌ একেবাৰে দৰিদ্ৰ অৱস্থাতো সুখী হ’ব পাৰে। যি লোকে কেৱল নিজৰ কাৰণেহে ভাবে, নিজৰ বাবেহে জীয়াই থাকে, তেনে স্বাৰ্থপৰ মনোবৃত্তিৰ মানুহে কেতিয়াও ক’তো সুখ বিচাৰি নাপায়। আনহাতে যিসকল লোক নিঃস্বার্থ, নিজৰ লগতে আনৰ কাৰণেও খাটিব পাৰে, সকলোকে আপোন কৰি ল’ব পাৰে, তেনে লোকে হাততে সুখ বিচাৰি পায়। গতিকে আমাৰ জীৱনটো কেৱল নিজৰ কাৰণে বুলি নাভাবি আনৰ কথাও ভাবিব লাগে, পাৰ্যমানে আনক সহায় কৰিব লাগে আৰু আনৰ সুখ-দুখৰ সমভাগী হ’ব লাগে। তেতিয়া সকলোৰে মৰম-চেনেহ, আশীর্বাদ লাভ কৰি জীৱনটো সুন্দৰকৈ যাপন কৰিব পাৰে।


খ) গাই- গোটা     পেটে ভঁৰাল নহ’বা

লোকৰ দুখলৈ চোৱা, 

মানুহৰ সেৱা            মানুহৰ পূজা 

পৱিত্ৰ বৰত লোৱা।

উত্তৰঃ    উক্ত  কবিতাফাঁকি আমাৰ পাঠ্যপুথি  ‘সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে

                  মানুহ যে স্বাৰ্থপৰ হ’ব নালাগে সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।

                                    ‘গাই-গোটা পেটে ভঁৰাল’ৰ অর্থ হৈছে নিজৰ কাৰণেহে ভবা বা স্বাৰ্থপৰ। মানুহৰ জীৱনটো ভগৱানৰ এক অনুপম উপহাৰ। এই অনুপম মানব জীবনটো সার্থক কৰি তুলিবলৈ হ’লে আমি কেৱল নিজৰ কথাকে নাভাবি আনৰ কথাও চিন্তা কৰিব লাগে। আনৰ দুখৰ সমভাগী হ’ব পাৰিলে, পাৰ্যমানে আনৰ বিপদে-আপদে সহায় কৰিব পাৰিলে আমাৰ জীৱন সুন্দৰ হৈ পৰে।

মানৱ সেৱা পৰম ধর্ম, সেয়ে পৃথিৱীৰ প্ৰতিগৰাকী মানুহক আপোন বুলি ভাবিব লাগে আৰু দুখীয়া, দৰিদ্ৰ, ক্ষুধাতুৰ, বিকলাঙ্গ, ৰুগীয়া আদি লোক-সকলক সামর্থ্য অনুযায়ী সেৱা-শুশ্রূষা আৰু সহায় কৰিব লাগে। এনে মানৱ সেৱা কৰিব পৰা জনেই মহান হয়। সেয়ে মানৱ সেৱাক সকলোৱে পবিত্র বৰ হিচাপে লোৱা উচিত।


গ) স্বাৰ্থৰ বাটত         দুখৰ কাঁই

খোজেপতি বিন্ধে হুলে,

নিস্বাৰ্থৰ বাট         সেন্দুৰীয়া আলি

  সুগন্ধি কুসুম ফুলে ।

উত্তৰঃ    উক্ত  কবিতাফাঁকি আমাৰ পাঠ্যপুথি  ‘সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে

স্বাৰ্থপৰ মানুহে যে জীৱনত পদে পদে দুখ পাবলগীয়া হয় সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।

মানুহে কাঁইটীয়া বাটত খোজ কাঢ়োতে অতি সাৱধান হ’ব লাগে, নহ’লে কাঁইটে বিন্ধাৰ ভয় থাকে। সেইদৰে স্বাৰ্থপৰ মানুহে যিহেতু নিজৰ বাদে আন কাৰো কাৰণে চিন্তা নকৰে, আনকি নিজৰ স্বার্থসিদ্ধিৰ বাবে আনৰ অপকাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে, সেয়ে তেনে লোকক মানুহে ভাল নাপায় আৰু শত্রুও বেছি। গতিকে স্বাৰ্থপৰ মানুহৰ বাট সুগম নহয়। আনহাতে যি সকল লোক নিঃস্বার্থ, নিজৰ লগতে আনৰ মঙ্গলৰ কাৰণেও কাম কৰে, আনৰ কাৰণে খাটিব পাৰে আৰু আনৰ দুখত দুখী হ’ব পাৰে, তেনে লোকক সকলোৱে ভাল পায় আৰু আদৰ সন্মান কৰে। গতিকে তেনে লোকৰ পথ সদায় নিৰাপদ আৰু সুন্দৰ।


ভাষা বিষয়কঃ 

১। উদাহৰণটো চাই বাকীকেইটা কৰাঃ 

উদাহৰণঃ আপোন – পৰ

                  দুখ- সুখ 

                  স্বাৰ্থ- নিঃস্বাৰ্থ

                  অভাৱ- উভৈনদী

                  সন্তোষ- বেজাৰ

                  হাঁহি- কান্দোন


২। উদাহৰণটো চাই বাকীকেইটা কৰাঃ 

 উদাহৰণঃ সামৰথ – সামৰ্থ্য 

                 ধৰম- ধৰ্ম 

                 কৰম – কৰ্ম

                  বিৰিখ- বৃক্ষ

                  যতন – যত্ন

                  মুকুতি- মুক্তি


✍️ Summary (সাৰাংশ)

“সুখ” পাঠটিত লেখকে আমাৰ দৃষ্টিভংগীৰে সুখৰ অৰ্থ বুজাবলৈ চেষ্টা কৰিছে। মানুহে সাধাৰণতে বস্তুগত সম্পদ, ধন-সম্পত্তি, আৰু ভোগবিলাসক সুখ বুলি ভাৱে, কিন্তু পাঠটিত এই ধাৰণাৰ উল্টো বুজাব খোজা হৈছে। প্ৰকৃত সুখ মেলে সদাচাৰ, পৰোপকাৰিতা, আৰু মানৱতাৰ সতে জীৱন যাপন কৰাৰ ভিতৰত। লেখকে বিভিন্ন উদাহৰণৰ জৰিয়তে দেখুৱাইছে যে সুখ এটা মানসিক অৱস্থা, যি ব্যক্তি বিশেষৰ চিন্তা-ভাবনাৰ ওপৰত নিৰ্ভৰ কৰে।


Class 9 Assamese All Question Answer- Click Here


Class 9 Assamese Chapter 14 সুখ  Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

Class 9 Assamese Chapter 14 সুখ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9


📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment