Assam Board Exam

পাৰস্যত এভুমুকি| Class 10 Assamese Chapter 12

Class 10 Assamese Chapter 12 পাৰস্যত এভুমুকি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

This chapter, “পাৰস্যত এভুমুকি” from Class 10 Assamese textbook, offers a thought-provoking look at global cultural interaction through the lens of a journey to Persia. It helps students explore the richness of Persian civilization and its relevance to Assamese learners. These notes, prepared as per SEBA guidelines, are ideal for scoring high in the exam.


পাঠ পৰিচয় (Overview):

এই পাঠখনত পাঠকজনৰ পাৰস্য ভ্ৰমণৰ অভিজ্ঞতা, সাহিত্যিক দৃষ্টিভংগী আৰু আন্তঃসাংস্কৃতিক সংলাপৰ আলোচনা কৰা হৈছে।

✅ Class 10 Assamese Chapter 12 – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ

Class 10 Assamese Chapter 12 | পাৰস্যত এভুমুকিComplete Question Answer in Assamese Medium


পাৰস্যত এভুমুকি

দশম শ্ৰেণী

অসমীয়া

পাঠ 12

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’অৱস্থিত?

উত্তৰ: লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।


খ) বুশ্বেৰ কি?

উত্তৰ: বুশ্বেৰ পাৰস্য উপসাগৰৰ বন্দৰ নগৰী।


গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?

উত্তৰ: বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি, আৰু ঘাছেম আছিল।


ঘ) বুশ্বেৰ বিমান বন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলিছে?

উত্তৰ: বুশ্বেৰ বিমান বন্দৰটো গুৰুত্বপূর্ণ বুলিছে কিয়নো ই ইৰাণৰ এটা সামৰিক ঘাটি আৰু তাত এটা নিউক্লীয় ৰিয়েক্টৰ আছে।


ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰ: লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে।


চ) মেহদি আৰু ঘাছেম কোন?

উত্তৰ: মেহদি আৰু ঘাছেম দুয়োজন ইৰাণী যুৱক। দুয়ো ‘জিঅ’লগ’ নামৰ ইটালিয়ান কোম্পানীটোৰ ‘মাডলগাৰ।


ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?

উত্তৰ মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম জিঅ’লগ’।


জ) ভেংকি কত থাকে?

উত্তৰ: ভেংকি বুশ্বেৰত থাকে।


ঝ) ভেংকিয়ে কি কৰে?

উত্তৰ: ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কৰে।


ঞ) আবুজাৰ কোন?

উত্তৰ: আবুজাৰ ৰিগৰ কৰ্মীসকলৰ ট্রেভেল এজেন্ট।


ট) ‘আগা’ শব্দৰ অৰ্থ কি?

উত্তৰ: ‘আগা’ শব্দটো শ্রীযুতৰ সমার্থক সন্মানীয় শব্দ। অর্থাৎ আগা শব্দৰ অর্থ শ্রীযুত।


ঠ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰ: ১৯৭৯ চনৰ পহিলা এপ্রিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।


ড) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্রতিষ্ঠাতা কোন?

উত্তৰ: ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্রতিষ্ঠাতা ইমাম আয়াতুল্লা খোমোনি।


ঢ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল?

উত্তৰ: ইৰাণৰ বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল য’ত পাৰমাণৱিক গৱেষণা চলাই থকা হৈছিল।


ণ) ইৰাণৰ ৰাজধানীৰ নাম কি?

উত্তৰ: ইৰাণৰ ৰাজধানীৰ নাম টেহৰাণ।


ত) টেহৰাণত বিমানবন্দৰ কেইটা?

উত্তৰ: টেহৰাণত বিমান বন্দৰ দুটা । মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট।


থ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?

উত্তৰ: লেখক থকা টেৰাণৰ হোটেল খনৰ নাম হোমা হোটেল।


দ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?

উত্তৰ: ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র নৱজীবি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।


ধ) ‘ স্লামবার্জাৰ’কি?

উত্তৰ: স্লামবার্জাৰ হৈছে তৈল উদ্যোগৰ সৈতে ঘনিষ্ঠভাৱে জড়িত  এটা বহুৰাষ্ট্ৰীয় কোম্পানী।


ন) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?

উত্তৰ: ইৰাণীসকলে নববর্ষক ন-ৰোজ বোলে।


প) বেহেষ্ট-ই-জাহৰা কি?

উত্তৰ: বেহেষ্ট-ই-জাহৰা টেহৰাণৰ মুখ্য সমাধিস্থল।


ফ) শ্বিৰীন ইবাডি কোন?

উত্তৰ: শ্বিৰীন ইবাডি ইৰাণৰ এগৰাকী ন’বেল বঁটা বিজয়ী, মানৱ অধিকাৰৰ অগ্রণী ৰণুৱা আছিল।


ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ: তিনিহাজাৰ বছৰীয়া এটা কিংবদন্তি মতে সম্রাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল।


ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?

উত্তৰ: লেখক ইৰাণলৈ তেল অন্বেষণৰ দায়িত্ব লৈ গৈছিল।


ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰ: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম – খোমেনি ইন্টাৰনেশ্যনেল এয়াৰ পট।


য) ‘কেন্দৰ অর্থ কি?

উত্তৰ: ‘কেন্দ’ৰ অর্থ চেনি।


২/ তেলৰ বাবে চলোৱা খনন কার্যত ‘ মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি?

উত্তৰ: তেলৰ বাবে চলোৱা খনন কার্যত ‘ মাডলগিং’ আহিলাসমূহৰ গুৰুত্বপূর্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্র আৱিষ্কাৰত আৰু কোনো বিপজ্জনক পৰিস্থিতি নোহোৱাকৈ খনন চলোৱাত সহায় কৰে। ভূতত্ত্ববিদ সকলৰ বাবে ই এবিধ গুৰুত্বপূর্ণ সঁজুলি। মাডলগিংইউনিটৰ পৰা প্ৰেৰণ কৰা তথ্যৰ ভিত্তিতে তেল পোৱা যাবনে নাযায় তাক জানিব পাৰি।


৩/ বুশ্বেৰ চহৰৰ এটা বিবৰণ দিয়া।

উত্তৰ: বুশ্বেৰ ইৰাণৰ এখন সৰু চহৰ। নগৰ পৰিকল্পনাই গুৰুত্ব লাভ কৰা বুশ্বেৰ চহৰ খন অতি মনোৰম। ৰাস্তাবোৰ চাৰিটা লেনৰ আৰু মাজত ডিভাইডাৰ আছে। চহৰখন অতি চাফা। প্রতিটো ঘৰ দেৱালেৰে ঘেৰা। প্রৱেশদ্বাৰত এখনকৈ মজবুত লোহাৰ গেট। আৱাসিক অঞ্চলৰ ঘৰ বোৰ দুই বা তিনিমহলীয়া। খুব বেছি ভিৰ নাই।


৪/ ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: ইৰাণ মানৱ সভ্যতাৰ প্রাচীন ইতিহাসৰ ধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীর্তিস্তম্ভ আদি সকলো দিশৰ সভ্যতা আজিও সজীৱ হৈ আছে । প্ৰায় চাৰি হাজাৰ বছৰ পূর্বে আৰ্য গোষ্ঠীৰ লোকসকল আহি ইৰাণত বাস কৰিবলৈ লয়। খ্রীষ্টপূর্ব ছয় শতিকা মান পূর্বে বিখ্যাত ৰজা  ছাইৰাছে ইৰাণবাসীক একগোট কৰি শাসন চলায়। ছাইৰাছৰ মৃত্যুৰ পিছতে আলেকজেণ্ডাৰে ইৰাণ আক্ৰমণ কৰি গ্রীক সাম্রাজ্য প্রতিষ্ঠা কৰে। খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে চলা গ্রীক শাসনৰ পাছত পাৰ্থীয়ান সকলে ইৰাণৰ শাসনভাৰ লয়। ৩৫০ বছৰীয়া পাৰ্থীয়ান শাসনৰ পাছত ছাফাভিদ সকলে চাৰিটা শতিকা ইৰাণ শাসন কৰে। ইয়াৰ পাছত আৰৱ সকলৰ আগমণ ঘটে আৰু কেইবা শতিকাজুৰি আৰৱ শাসন চলে। আৰৱ শাসনৰ পৰৱৰ্তীকালত বহুতো বিদেশীশক্তিৰ আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰে। ইয়াৰ পিছতে ছাফাভিদ বংশৰ শাসন চলে যদিও আফগানসকলৰ আক্রমণত ছাফাভিদ ৰাজত্বৰ পতন ঘটে।

ছাফাভিদ ৰাজত্বৰ পিছত নাদিৰশ্বাহ ইৰাণৰ ৰজা হয়। নাদিৰ শ্বাহৰ পিছত ইৰাণৰ দুটা শাসক বংশৰ মাজত সংঘাত হয় আৰু ১৭৯০ চনত কাজাৰ বংশ জয়ী হয় আৰু তেওঁলোকে প্রথম বিশ্বযুদ্ধ লৈকে ৰাজত্ব কৰে।প্রথম বিশ্বযুদ্ধৰ পাছত ৰেজাশ্বাহ পাহ্লাভিয়ে ইৰাণৰ শাসন ভাৰ হাতত লয়, আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্রচেষ্টাই গতিশীলতা লাভ কৰে।


৫) ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।

উত্তৰ : ভূতাত্ত্বিক দিশত ইৰাণ পৃথিৱীৰ ভিতৰতে তৈলভাণ্ডাৰত চহকী এখন দেশ। ইৰাণৰ তেল আৰু প্রাকৃতিক গেছৰ ওপৰত বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। ইৰাণৰ জাগ্ৰছ পর্বতমালাৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। পাৰস্য উপসাগৰীয় এই অঞ্চলটোত ডেৰশতকৈও অধিক তৈলক্ষেত্র আছে। তৈল ভাণ্ডাৰত চহকী হোৱা বাবেই দেশখনে যথেষ্ট পৰিমাণে বৈদেশীক মুদ্রা অর্জন কৰিবলৈ সক্ষম হৈছে।


৬/ জাগ্রছ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰ: জাগ্ৰছ পর্বতমালা ইৰাণৰ প্রাকৃতিক সৌন্দর্যৰ মুখ্য আকর্ষণ, পৃথিৱীৰ ইতিহাসৰ কোনোবা এটা ক্ষণত আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাত আৰম্ভ হৈছিল আৰু তাৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ সৃষ্টি হৈছিল জাগ্রছ পর্বতমালাৰ। জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একেই। এই জাগ্রছ পর্বত মালাৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ।


৭/ ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।

উত্তৰ: ইৰাণৰ কেইখনমান ঠাইৰ নাম হৈছে বুশ্বেৰ, টেহৰাণ, ডুবাই, চিৰাজ, আহৰাজ, ইছফাহান, নাটাঞ্জ, মাছাদ, য়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিল ইত্যাদি।


৮/ টেহৰাণৰ বিমানবন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?

উত্তৰ: টেহৰাণৰ বিমানবন্দৰ দুটা মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট।

মেহৰাবাদ বিমানবন্দৰটো চহৰত আৰু খোমেনি বিমান বন্দৰটো চহৰৰ পৰা দূৰত।


৯/ টেহৰাণৰ প্রাকৃতিক অৱস্থা কেনেকুৱা লিখা।

উত্তৰ: টেহৰাণ এখন অতি সুন্দৰ পৰিকল্পিত চহৰ। ৰাস্তাবোৰ ছটা লেনৰ আৰু অঞ্চলটোত যথেষ্ট মুকলি ঠাই আছে। ওখ ওখ পর্বতেৰে পৰিবেষ্টিত হোৱা বাবে টেহৰাণৰ প্রাকৃতিক সৌন্দৰ্য বৰ মনোৰম। বহুতে টেহৰাণক পেৰিছৰ লগত তুলনা কৰে। গ্রীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰাম দায়ক। শীতকালত বৰফ পৰে। এলব্রুজ পর্বত ৰাশিয়ে টেহৰাণক এই সুন্দৰ জলবায়ু প্রদান কৰিছে। মহানগৰীখনৰ বাবে খোৱা পানী আহে পৰ্বতৰ ওপৰৰ হিমবাহৰ পৰা।


১০/ স্লামবাজাৰ কোম্পানিৰ কার্যালয় ক’ত ক’ত আছে?

উত্তৰ: ‘স্লামবার্জাৰ’ নামৰ বহুৰাষ্ট্রীয় কোম্পানীটোৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাঁজৰে আছে।


১১/ ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।

উত্তৰ: বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে নববর্ষ ‘ন’ৰোজ উদ্‌যাপন কৰে। এই উৎসৱ দুসপ্তাহ জুৰি পালন কৰা হয়। উৎসৱৰ সময়ছোৱাত স্কুল কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়, হোটেল আদি সকলোতে নৱবর্ষ উদযাপন কৰিবৰ বাবে শিবিৰ স্থাপন কৰা হয়।

এই উৎসৱত ইৰাণীসকলে নতুন কাপোৰ লয় আৰু পিঠা-পনা খায়। এই উৎসৱত তেওঁলোকে আন কিছুমান বিষয়ো সামৰি লয়, যেনে-পৰিৱেশ আৰু নিজকে চাফচিকুণকৈ ৰখা, শত্রুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্রজ্জ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্রা ইত্যাদি।

সাধাৰণতে উৎসৱৰ সময়ত যিকোনো পাৰ্চী গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্যবস্তু সজোৱা হয়। প্রতিটো বস্তুৰে এটা প্রতীকী অর্থ আছে। বস্তুবোৰ হ ‘ল

১। ছবজে – পুনর্জন্মৰ প্রতীক

২/ চামানু – নতুন জীৱনৰ প্রতীক

৩। ছিব – সৌন্দৰ্যৰ প্রতীক

৪। ছেনজেড- প্রেমৰ প্রতীক

৫। ছিৰ – ঔষধ

৬। ছমাক – সূর্যোদয়ৰ বৰণ বুজায়, আৰু

৭। ছেৰকেহ ধৈর্যৰ প্রতীক।

এই সাতবিধ খাদ্যৰ কাষত থাকে পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতাপুথি।এনেদৰে ইৰাণীসকলে নববর্ষ বা ‘ন’ৰোজ উদযাপন কৰে।


১২/ বেহেষ্ট –ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰ: বেহেষ্ট-ই-জাহাৰা টেহৰাণৰ মুখ্য সমাধিস্থল আৰু টেহৰাণবাসীৰ জনপ্রিয় স্থান। ই কেইবা কিলোমিটাৰ দীঘল। এই সমাধিস্থলত খোৱা-বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে আছে। এই সমাধিস্থল ভ্রমণ কৰিলে টেহৰাণৰ সকলো কথা জানিব পাৰি। ইয়াতে ন’বেল বঁটা-বিজয়ী শ্বিৰীণ ইবাডিৰ পৰিয়ালৰ এজন সদস্যক সমাধিস্থ কৰা হৈছিল।


১৩/ শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্রামৰ বিষয়ে পাঠ্যপুথিৰ  সহায়ত লিখা।

উত্তৰ: শ্বিৰীণ ইবাডি আছিল ইৰাণৰ কঠোৰপন্থীৰ বিৰোদ্ধে চলোৱা সংগ্ৰামৰ নেত্রী আৰু শান্তিৰ ন’বেল বঁটা বিজয়ী।

তেওঁ ছাদ্দাম হুছেইন সমর্পিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে খোমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল। কঠোৰপন্থীৰ বিৰোদ্ধে তেওঁ অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ। তেওঁ সেইবোৰ লোকৰ বাবে খুঁজিছিল য’ত যুৱতীক ধর্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। অৱশেষত তেওঁ বিজয়ৰ মুখ দেখিলে আৰু মানৱ অধিকাৰৰ অগ্রণী ৰণুৱা হিচাপে সমগ্র বিশ্বতে পৰিচিত হৈ পৰিল।


ভাষা-বিষয়ক:

১/ তলত দিয়া শব্দ কেইটা কি ভাষাৰ লিখা: কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি

উত্তৰ: কেঁচি, দোৱাত, চিয়াহী, চিচা- এইকেইটা ফাৰ্চী ভাষাৰ শব্দ। আৰু

‘কেন্দি’ শব্দটো ইংৰাজী’ ভাষাৰ শব্দ।


২/ তলত দিয়া শব্দ কেইটাৰ অর্থ লিখা:

উত্তৰ খেলে মামনুন আৰু মিচি ছালাম –  এই শব্দকেইটাৰ অর্থ ধন্যবাদ


৩। তলত দিয়া শব্দ কেইটাৰ প্রতীকী অর্থ কি?

চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক, ছেৰ কেহ

উত্তৰ:- ছবজে (ঘেঁহু বা দাইল) – পুনর্জন্মৰ প্রতীক

ছামানু  (ঘেঁহুৰ পায়স) – নতুন জীৱনৰ প্রতীক

ছিব (আপেল) – স্বাস্থ্য আৰু সৌন্দর্যৰ প্রতীক

ছেনজেড (বনৰীয়া শুকান জলফাই) – প্রেমৰ প্রতীক

ছিৰ (নহৰু)- ঔষধৰ প্রতীক

ছমাক (এবিধ বগৰী) -সূর্যোদয়ৰ বৰণৰ প্রতীক

ছেৰকেহ (ভিনেগাৰ)- বয়স আৰু ধৈর্যৰ প্রতীক


৪) তলৰ শব্দ কেইটাত ‘ষ’ আৰু ‘ণ’ কিয় প্রয়োগ হৈছে লিখা: সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ

উত্তৰ: ষত্ববিধি মতে ট বৰ্গৰ কৰ্ণৰ লগত যুক্ত দন্ত্যস মূৰ্ধণ্য ষ হয়। সম্ভাষণ,অন্বেষণ, গৱেষণা-এই তিনিওটা শব্দতে ট বর্গৰ ‘ণ’ যুক্ত হৈ থকাৰ বাবে ষ হৈছে।

ণত্ববিধিমতে একেটা পদতে ঋ ৰ আৰু ষ থাকিলে দন্ত্য ন ৰ ঠাইত’ণ’ হয়। সম্ভাষণ, অন্বেষণ আৰু গৱেষণা এই কেইটা শব্দত ‘ষ’ থকাৰ বাবে ‘ণ’ হৈছে আৰু অৱতৰণ শব্দটোত ৰ’ থকাৰ বাবে ‘ণ’ হৈছে।ণ’ হয়। সম্ভাষণ, অন্বেষণ আৰু গৱেষণা এই কেইটা শব্দত ‘ষ’ থকাৰ বাবে ‘ণ’ হৈছে আৰু অৱতৰণ শব্দটোত ৰ’ থকাৰ বাবে ‘ণ’ হৈছে।


৫/ তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়োগ হৈছে লিখা

ইৰাণী = ইৰান+ঈ

আবাসিক = আবাস + ইক

বাণিজ্যিক = বাণিজ্য + ইক

শেহতীয়া = শেহত + ঈয়া

সোণালী = সোণ+ আলী

খৰচী = খৰচ+ঈ


📘 Chapter Summary (in Assamese):

“পাৰস্যত এভুমুকি” পাঠখনত লেখকজনে পাৰস্যভূমিত ভ্ৰমণকালত লাভ কৰা অভিজ্ঞতাৰ বৰ্ণনা দিছে। লেখকজনে তাত থকা ৰীতি-নীতি, সভ্যতা, সাংস্কৃতিক বৈচিত্ৰ্য, আৰু মানুহৰ আতিথ্য বৰ্ণনা কৰি পাৰস্যভূমিৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছে।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected

📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


Class 10 Assamese Chapter 12 পাৰস্যত এভুমুকি Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment