Class 6 Assamese Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 6
📚 Chapter Details
শ্ৰেণী (Class) | ষষ্ঠ (Class 6) |
---|---|
বিষয় (Subject) | অসমীয়া (Assamese) |
পাঠ (Chapter) | পাঠ ৪: ৰোওঁগৈ ব’লা গছৰ পুলি |
পাঠ্যপুথি | আমি আৰু আমাৰ পৰিৱেশ |
শিক্ষা মণ্ডলী (Board) | SEBA, Assam |
মাধ্যম | অসমীয়া মাধ্যম |
🔍 Chapter Overview (পাঠ পৰিচয়)
এই পাঠৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে গছৰ পুলিৰ বিষয়টো ভালদৰে বুজিব পাৰে। গছ কেনেকৈ পুলি হৈ নতুন গছ জন্ম দিয়ে, ই গছৰ জীৱনচক্ৰৰ এক গুৰুত্বপূৰ্ণ ধাপ। এই পাঠৰ মাধ্যমে পৰিৱেশ, গছৰ গঠন আৰু তাত থকা জীৱন ধাৰণাৰ বিষয়ে এক ধাৰণা দিব।
ৰোওঁগৈ ব’লা গছৰ পুলি
Class 6 Assamese Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি| Complete Question Answer in Assamese Medium
ৰোওঁগৈ ব’লা গছৰ পুলি
ষষ্ঠ শ্ৰেণী
অসমীয়া
পাঠভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পুৰ কৰা-
(i) নাটিকাখনৰ প্রথম দৃশ্যত গুণ্গুণ্কৈ গীত গাই কোনে ছবি আঁকি আছিল?
(ক) সুমনাই।
(খ) ৰিতুপনে।
(গ) মননে।
(ঘ) আকাশীয়ে।
উত্তৰঃ (গ) মননে।
(ii) সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল?
(ক) গছৰ পুলিত পানী দিবৰ বাবে।
(খ) শুকান গোবৰ গুড়ি কৰিবৰ বাবে।
(গ) গছৰ পুলি ৰুবৰ বাবে।
(ঘ) গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে।
উত্তৰঃ (গ) গছৰ পুলি ৰুবৰ বাবে।
২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰ কাৰণ মনন, সুমনা, আৰু ৰিতুপনে চুবুৰিটোৰ খেল পথাৰত বন মহোৎসৱ পাতি গছ পুলি ৰোৱাৰ সিদ্ধান্ত লৈছিল।
৩। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা।
ফেৰেঙণি, প্রদর্শনী, জোপোহা, বন মহোৎসৱ, শীতল, খন্তি।
উত্তৰ:- ফেৰেঙণি: বাঁহৰ লগত চাকি লগোৱা সঁজুলি
প্ৰদৰ্শনী: কোনো বস্তু বা কাম জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰা কাৰ্য
জোপোহা: সৰু গছপুলিৰে ভৰা ঠাই
বন মহোৎসৱ: গছ ৰোৱাৰ উৎসৱ
শীতল: ঠাণ্ডা
খন্তি: মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি
৪। পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্রকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা।
উত্তৰ আকাশীয়ে জিলা পুথিঁভৰালত প্ৰদৰ্শন কৰিবলৈ এজোপা আধা কটা গছৰ ছবি আঁকিছিল। যাৰ দ্বাৰা বুজাৱা গৈছিল যে গছজোপাৰ ওপৰত হয়তো যথেষ্ট যত্ন লোৱা হোৱা নাই বা কাটি পেলোৱা হৈছে আধা অংশ ।এই দৃশ্যই দেখুৱায় যে গছবোৰো জীৱন্ত, আৰু যদি সময়মতে যত্ন লোৱা নাযায়, তেন্তে সিঁহতেও কষ্ট পায়।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) মননে ছবিখন কিয় আঁকিছিল?
উত্তৰঃ জিলা পুথিঁভৰালত অনুষ্ঠিত হোৱা বন মহোৎসৱত প্ৰদৰ্শন কৰিবলৈ মননে ছবিখন আঁকিছিল।
(খ) গছে আমাক কি কি দিয়ে বুলি মননে কৈছে?
উত্তৰ: গছে আমাক ফুল , ফল, শীতল ছাঁ দিয়ে বুলি মননে কৈছে।
(গ) আকাশীয়ে গছৰ মূঢ়াটোৰ গা-গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে?
উত্তৰঃ আকাশীয়ে গছৰ মূঢ়াটোৰ গা-গছ ডোখৰত চকু – মুখ আঁকি মানুহৰ নিচিনা কৰিছে আৰু আঠাৰ টোপালবোৰক বুকু ফাটি বৈ যোৱা তেজৰ লগত সূচাইছে।
(ঘ) বন মহোৎসৱ সপ্তাহৰ সামৰণী সভাখন ক’ত অনুষ্ঠিত হ’ব?
উত্তৰঃ বন মহোৎসৱ সপ্তাহৰ সামৰণী সভাখন জিলা পুথিঁভৰালত অনুষ্ঠিত হ’ব।
(ঙ) পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল?
উত্তৰঃ পৱন খুৰাই মননহঁতক বুট – নাৰিকল খুৱাব বুলি কৈছিল।
(চ) ‘যাওঁ আহা সকলোটি’ শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল?
উত্তৰঃ ‘যাওঁ আহা সকলোটি’ শীৰ্ষক গানটো ৰিতুপনে গাবলৈ আৰম্ভ কৰিছিল।
৬। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) মননে ছবিখনৰ জৰিয়তে কি ভাব ফুটাই তুলিব বিচাৰিছে?
উত্তৰঃ গছবোৰ বৰ মৰমিয়াল আৰু আপোন মানুহৰ দৰে সিঁহতে আমাক ফুল, ফল আৰু শীতল ছাঁ দিয়ে, গতিকে গছ বোৰক আমি সংৰক্ষণ আৰু প্ৰতি পালন কৰিব লাগে সেই ভাবটোৱে মননে ছবিখনৰ জৰিয়তে ফুটাই তুলিব বিচাৰিছে।
(খ) সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ’ব বুলি শংকা কৰিছে। তাইৰ এই শংকা কোনে, কেনেদৰে দূৰ হ’ব বুলি কৈছে?
উত্তৰঃ সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ গৰু-ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছে।
ক্লাবৰ নবীনদা, দীপদা, বাবুল দাদাহঁতে জেওৰা দি গছৰ পুলিবোৰ বেৰি দিব বুলি ৰিতুপনে তাইৰ এই শংকাটো দূৰ কৰিছিল।
(গ) মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল?
উত্তৰঃ মননহঁতে গছৰ তলে তলে বিচাৰি পোৱা গছ পুলিবোৰ ৰোৱাৰ পৰিকল্পনা কৰিছিল। তাৰ বাবে সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কৈ লগতে ঘৰত থকা শুকান গোবৰ গুড়ি কৰি থোৱা তাৰে এমোনা লৈ আহি গছ পুলিবোৰ ৰোৱাৰ পৰিকল্পনা কৰিছিল।
৭। কোনে, কাক আৰু কি প্রসংগত কৈছিল লিখা।
(ক) “আমাৰ মানুকণহঁতে, মানে ‘ক’ শ্ৰেণীৰ ল’ৰা-ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়।”
উত্তৰঃ এই কথাষাৰ ৰিতুপনে মননক কৈছিল।
শনিবাৰে জিলা পুথিভঁৰালত বন মহোৎসৱ সপ্তাহৰ সামৰণী সভাত তেঁওলোকৰ স্কুলৰ বৰ্ণালী বাইদেৱে তালৈ লৈ যোৱাৰ কথা মননে ৰিতুপনৰ আগত ব্যক্ত কৰাৰ পিছত ৰিতুপন উক্ত কথাষাৰ কৈছিল।
(খ) “তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে, তাৰে এমোনা লৈ আহিবা।”
উত্তৰঃ উক্ত কথাষাৰ মননে ৰিতুপনক কৈছিল।
খেল – পথাৰত গছ পুলি ৰোপন কৰিবলৈ শুকান গোবৰ গুড়ি আনিবলৈ মননে ৰিতুপনক কৈছিল।
৮। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক’ অংশ | ‘খ’ অংশ |
মালতী পেহীয়ে | খুব ভাল পাইছে। |
জোপোহা হৈ থকা পাতখিনি | পকা কল এথোকা পঠাই দিব। |
ঘোষকে ক’ব | চুলিৰ নিচিনা লাগিছে। |
মাণিক বৰদেউতাই কথাটো শুনি | মাননীয় ৰাইজ, আজিৰপৰা বন মহোৎসৱ আৱস্ত হৈছে। |
জগত খুৰাৰ খুৰীয়ে | বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে। |
উত্তৰঃ
‘ক’ অংশ | খ অংশ |
মালতী পেহীয়ে | বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে। |
জোপোহা হৈ থকা পাতখিনি | চুলিৰ নিচিনা লাগিছে। |
ঘোষকে ক’ব | মাননীয় ৰাইজ, আজিৰপৰা বন মহোৎসৱ আৰম্ভ হৈছে। |
মাণিক বৰদেউতাই কথাটো শুনি | খুব ভাল পাইছে। |
জগত খুৰাৰ খুৰীয়ে | পকা কল এথোকা পঠাই দিব। |
৯। নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: ভাৱৰীয়াসকলৰ তালিকা:
মনন , সুমনা, আকাশী, ৰিতুপন, ঘোষক, মাণিক বৰদেউতা, পৱন খুৰা, মালতী পেহী, জগত খুৰাৰ খুৰী
১০। ‘ক’ অংশৰ শব্দবোৰৰ লগত ‘খ’ অংশত থকা নির্দিষ্টতাবাচক প্রত্যয়বোৰ লগ লগাই শব্দ লিখা।
‘ক’ অংশ | ‘খ’ অংশ |
ছবি | -টো |
আঁহত | -খন |
পুখুৰী | -জোপা |
ছোৱালী | -চটা |
কাঠ | -জনী |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
ছবি | -খন ⇒ ছবিখন |
আঁহত | -জোপা ⇒ আঁহতজোপা |
পুখুৰী | -টো ⇒ পুখুৰীটো |
ছোৱালী | -জনী ⇒ ছোৱালীজনী |
কাঠ | -চটা ⇒ কাঠচটা |
১১। তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা-
মনন | চকু | তাই | মই | আৰু | দিওঁ | চুবুৰি |
ধুনীয়া | আহা | সিহঁত | ভাল | যদি | আমি | জেওৰা |
বিশেষ্য | বিশেষণ | সৰ্বনাম | অব্যয় | ক্ৰিয়া |
উত্তৰঃ
বিশেষ্য | বিশেষণ | সৰ্বনাম | অব্যয় | ক্ৰিয়া |
মনন | ধুনীয়া | তাই | আৰু | দিওঁ |
চকু | ভাল | মই | যদি | আহা |
চুবুৰি | সিহঁত | |||
জেওৰা | আমি |
১২। বাক্য ৰচনা কৰা-
(i) প্রদর্শনী = জিলা পুথিঁভৰালত অনুষ্ঠিত হোৱা বন মহোৎসৱত প্ৰদৰ্শনীত মননে ছবি আঁকি প্ৰথম স্থান পাইছিল।
(ii) খেলপথাৰ = আমাৰ বিদ্যালয়ত এখন খেল – পথাৰ আছে।
(iii) ধৰণী =পৃথিৱীৰ অন্য এটা নাম ধৰণী।
(iv) পুথিভঁৰাল = আমাৰ বিদ্যালয়ৰ পুথিভঁৰালত বহুতো ভাল কিতাপ আছে।
(v) গছপুলি = মননহঁতে গছৰ তলে তলে বিচাৰি পোৱা গছ পুলিবোৰ ৰোৱাৰ পৰিকল্পনা কৰিছিল।
📚 Chapter Summary (সাৰাংশ)
“ৰোওঁগৈ ব’লা গছৰ পুলি” পাঠটোৰ মাজেৰে শিশুসকলে গছৰ বৃদ্ধি আৰু গছৰ পুলিৰ গুৰুত্ব বুজিব পাৰে। পুলিয়ে নতুন গছ হোৱাৰ সম্ভাৱনা বহন কৰে। এই পাঠটোৱে শিক্ষাৰ্থীক গছৰ জীৱনচক্ৰ আৰু প্ৰাকৃতিক পৰিবেশৰ প্ৰতি সজাগ কৰি তোলে।
Class 6 Assamese Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
🎥 Watch Class 6 Assamese Videos
📺 YouTube Playlist for Class 6 Assamese
👉 Watch Now
🔗 Related Study Resources
6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |
📲 Stay Connected
Get the latest updates and chapter releases via: