Assam Board Exam

ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে | Class 6 Assamese Chapter 5

Class 6 Assamese Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 6

📚 Chapter Details:

  • 📖 Subject (বিষয়): অসমীয়া
  • 🏫 Class (শ্ৰেণী):
  • 🔢 Chapter Number (পাঠ নং):
  • 📄 Chapter Name (পাঠৰ নাম): ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে

✍️ অধ্যায়ৰ সংক্ষিপ্ত পৰিচয় (Chapter Overview):

এই পাঠটোৰ মূলত একটি কবিতা, য’ত কবিয়ে বৰষুণৰ সৌন্দৰ্য, শব্দ আৰু অনুভূতিক ব্যাখ্যা কৰিছে। শিশুসকলৰ মনত সৃষ্টিশীলতা আৰু প্ৰাকৃতিক অনুভৱ জগাবলৈ এই কবিতাটো লিখা হৈছে। বৰষুণৰ টুপটাপ ধ্বনি, মাটিৰ গোন্ধ আৰু গছৰ পাতত পৰি থকা পানী বিন্দুৰ দৰে উপাদানবোৰে কবিতাটোক জীৱন্ত কৰি তোলে।

Class 6 Assamese Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে| Complete Question Answer in Assamese Medium


ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে

ষষ্ঠ শ্ৰেণী

অসমীয়া


১: তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা–

(i) ৰ’দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে?

(ক) হাঁহি থাকে।

(খ) দোঁ খাই থাকে।

(গ) নাচি থাকে।

(ঘ) ওফোন্দ পাতি থাকে।

উত্তৰঃ (খ) দোঁ খাই থাকে।


(ii) কবিয়ে কবিতাটোত কি গণিব নোৱৰাৰ কথা কৈছে?

(ক) পানীৰ টোপ।

(খ) ঘাঁহ-বন।

(গ) সেউজী পাত।

(ঘ) পূবালী বতাহ।

উত্তৰঃ (ক) পানীৰ টোপ।


২। শব্দ-তার্থ মিলাও আহা-

শব্দঅৰ্থ
দোঁ খাইবাহিৰলৈ
ওফোন্দওপঙে
বাজলে’বেঁকা হৈ মূৰ তল কৰি
ভাহেঠেহ

উত্তৰঃ 

শব্দঅৰ্থ
দোঁ খাইবেঁকা হৈ মূৰ তল কৰি
ওফোন্দঠেহ
বাজলে’বাহিৰলৈ
ভাহেওপঙে

৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ’দত কেনেদৰে থাকে বুলি কৈছে।

উত্তৰঃ কবিয়ে ৰ’দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দোঁ খাই থাকে বুলি কৈছে।


(খ) কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে?

উত্তৰঃ কবিয়ে পানীৰ টোপালবোৰ বেছি হোৱাৰ কাৰণে গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে।


(গ) কবিয়ে কি গীত শুনি ভাল পায়?

উত্তৰঃ কবিয়ে ৰিম ঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়।


(ঘ) কবিতাটোত কোনে কোনে হাঁহে, ওফোন্দ পাতে আৰু চকুপানী টোকে বুলি কৈছে?

উত্তৰঃ কবিতাটোত বৰষুণ আহিলে গছ-লতা , ঘাঁহ-বনে, বিজুলীয়ে হাঁহে, ডাৱৰে ওফোন্দ পাতে আৰু আকাশে চকুপানী টোকে বুলি কৈছে।


(ঙ) কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক’ত মেলি দিয়ে?

উত্তৰঃ কবিয়ে বৰষুণ আঁতৰিলে, বাহিৰলৈ ওলাই আহি নিজৰাত কাগজৰ নাও মেলি দিয়ে।


(চ) কবিয়ে কোনে, ক’ত আৰু কি হৈ ভাহে বুলি কৈছে?

উত্তৰঃ কবিয়ে নাওখন ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জোনটি হৈ ভাহে বুলি কৈছে।


৪। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা।

পূবালী
ণি
কা
ষু

(ক) কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে?

উত্তৰঃ কবিয়ে পূবালী বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে।

(খ) কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰোঁ বুলি কৈছে?

উত্তৰঃ কবিয়ে পানীৰ টোপ গণিব নোৱাৰোঁ বুলি কৈছে।

(গ) কাৰ সেউজী পাত দোঁ খাই থাকে?

উত্তৰঃ গছৰ সেউজী পাত দোঁ খাই থাকে।

(ঘ) কবিয়ে ৰিম ঝিম ঝিম ঝিমকৈ কি অহাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে ৰিম ঝিম ৰিম ঝিমকৈ বৰষুণ অহাৰ কথা কৈছে।


৫। তলত দিয়া কবিতাৰ স্তৱককেইটা গদ্যৰূপত লিখা আৰু পঢ়া।

উদাহৰণ-

পদ্যৰূপগদ্যৰূপ
এটোপা দুটোপা কৰি বৰষুণ আহে গছ-লতা ঘাঁহ-বনে। মিচিকি হাঁহে।যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে, তেতিয়া গছ-লতা, ঘাঁহ-বনে মিচিকিয়াই হাঁহে। অর্থাৎ, বৰষুণৰ পানী পাই গছ-লতা, ঘাঁহ-বনবোৰ সজীৱ হৈ উঠে।
ইমান পানীৰ টোপ নোৱাৰোঁ গণিব ভাল পাওঁ ৰিম ঝিম গীতহে শুনিব।
বৰষুণ আঁতৰিলে বাজলে’ ওলাওঁ মেলি দিওঁ নিজৰাত কাগজৰ নাও।

উত্তৰঃ 

পদ্যৰূপগদ্যৰূপ
এটোপা দুটোপা কৰি বৰষুণ আহে গছ-লতা ঘাঁহ-বনে। মিচিকি হাঁহে।যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে, তেতিয়া গছ-লতা, ঘাঁহ-বনে মিচিকিয়াই হাঁহে। অর্থাৎ, বৰষুণৰ পানী পাই গছ-লতা, ঘাঁহ-বনবোৰ সজীৱ হৈ উঠে।
ইমান পানীৰ টোপ নোৱাৰোঁ গণিব ভাল পাওঁ ৰিম ঝিম গীতহে শুনিব।বৰষুণৰ টোপালবোৰ ইমান বেছি যে সিহঁতক গণিব নোৱাৰি। কবিয়ে ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে গীত শুনি ভাল পায়।
বৰষুণ আঁতৰিলে বাজলে’ ওলাওঁ মেলি দিওঁ নিজৰাত কাগজৰ নাও।বৰষুণ আঁতৰাৰ পিছত, কবিয়ে বাহিৰলৈ ওলাই মেলি, নিজৰাত কাগজৰ নাও মেলি দিয়ে।

৬। কবিতাটোৰপৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা।

শুকাইকথাহে
আহেগণি
গণিবনাও
বিতাহেখাই
অকণীশুনিব
ওলাওঁহাঁহে

উত্তৰঃ 

শুকাইখাই
আহেহাঁহে
গণিবশুনিব
বতাহেকথাহে
অকণীগণি
ওলাওঁনাও

৭। কবিতাটিৰ মূলভাব কোৱা আৰু লিখা।

উত্তৰঃ কবিতাটোৰ জৰিয়তে কবিয়ে নৱকান্ত বৰুৱাই বর্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন সুন্দৰ আৰু সাৱলীল ৰূপত প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে বাবে পানীৰ অভাৱত গছ-গছনি  শুকাই যায়। কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত আমাৰ চৌপাশে সেউজীয়া ৰূপ লয় আৰু প্ৰকৃতি উজ্জীৱিত হৈ উঠে। নৈ-বিল, খাল-ডোং আদি পানীৰে পৰিপূৰ্ণ হৈ পৰে। কেতিয়াবা বৰষুণৰ অতিপাতত পানী বাট-পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে তেতিয়া কণ কণ ল’ৰা-ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত ওমলে।


৮। তলত দিয়া শব্দকেইটাৰ বিপৰীত অর্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা।

(i) কান্দে _________

উত্তৰঃ হাঁহে।

(ii) ডুবে _________

উত্তৰঃ ভাহে।

(iii) আৰম্ভ ________

উত্তৰঃ শেষ।

(iv) পাৰোঁ ________

উত্তৰঃ নোৱাৰোঁ।

(v) জপাই ________

উত্তৰঃ মেলে।

(vi) সোমাওঁ ________

উত্তৰঃ ওলাওঁ।


৯। বাক্য ৰচনা কৰা-

(i) পথাৰ = আঘোণ মাহৰ সোণোৱালী পথাৰ খন দেখিলেই মন প্ৰান ভৰি পৰে।

(ii) বৰষুণ= খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে।

(iii) ডাৱৰ = ডাৱৰে আকাশখন ঢাকি পেলাইছে।

(iv) নিজৰা = বৰষুণ আঁতৰাৰ পিছত, কবিয়ে বাহিৰলৈ ওলাই মেলি, নিজৰাত কাগজৰ নাও মেলি দিয়ে।

(v) নাও  = মই নাওঁত উঠি ভাল পাওঁ।


১০। পঢ়া আৰু লিখা।

(ক) তলত দিয়া পদ্যফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা।

বগাকৈ বগলী বহলাই বহিছে 

বলুকাত বিয়লি বেলা, 

বকুল বাগৰিছে ববচা বনতে 

বুটলি বিলাওঁগৈ ব‘লা।

উত্তৰঃ পদ্যফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো হ’ল- ব।


(খ) তলত দিয়া পদ্যফাকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা।

ইমান পানীৰ টোপ 

নোৱাৰোঁ গণিব 

ভালপাওঁ ৰিম ঝিম 

গীতহে শুনিব।

উত্তৰঃ পদ্যফাকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো হ’ল- ব।


(গ) শংকৰদেৱৰ পদফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা।

হেন শুনি জাম্বৱন্ত। 

ধাইলা মহা বলৱন্ত।।

উত্তৰঃ শংকৰদেৱৰ পদফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো হ’ল- ৱন্ত।


১১। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা-

বিশেষ্যবিশেষণবাক্য
ঘৰঘৰুৱাঘৰুৱা কাম-কাজবোৰ নিয়াৰিকৈ কৰিবা।
সাৰ
নিথৰ
ভাগৰ
জাবৰ

উত্তৰঃ

বিশেষ্যবিশেষণবাক্য
ঘৰঘৰুৱাঘৰুৱা কাম-কাজবোৰ নিয়াৰিকৈ কৰিবা।
সাৰসাৰুৱাধান খেতিৰ বাবে সাৰুৱা মাটি উপযোগী।
নিথৰনিথৰুৱাঘাট মাউৰা লৰা জন নিথৰুৱা হৈ পথাৰৰ দাঁতিত পৰি আছে।
ভাগৰভাগৰুৱাৰীমাই গোটেই দিনটো কাম কৰি ভাগৰুৱা হৈ পৰিছে।
জাবৰজাবৰুৱাল’ৰা-ছোৱালীবোৰে খেল পথাৰখন জাবৰুৱা কৰি তুলিছে।

১২। পঢ়া আৰু আবৃত্তি কৰা-

বসন্ত

১। মালতী ফুলিল, সেউতী উঠিল, 

কেতেকী গা-মুৰি দিলে; 

সুৰীয়া কুলিয়ে গল কঁপাই গাই 

বননিৰ বাতৰি দিলে।

২। বকুলে সিঁচিলে তৰা একোকণি 

মদাৰে খেলিলে ফাঁকু,

যুতি ফুলজুপি নিশাহ এৰিলে

পদুমে মেলিলে চকু।

৩। থুৰিত কৰবীৰে সাঁচিলে মৌটুপি,

ভূমিয়ে মেলিলে চঁপা,

চৰাই হালধীয়া মৌ-মতলীয়া

উলটি কৰিলে কৃপা।


১৩। ওপৰৰ কবিতাকেইফাকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা।

উত্তৰঃ ওপৰৰ কবিতাকেইফাকিত উল্লেখ থকা চৰাই নাম হ’ল- কেতেকী,  কুলি চৰাই।

ফুলৰ নাম হ’ল- মালতী, সেউতী, কেতেকী, বকুল, মদাৰ, যুতি, পদুম, কৰবীৰ চঁপা।


১৬। দলত আলোচনা কৰি কোৱা।

(ক) ধুমুহা-বৰষুণ আহিলে তুমি কি কৰা?

উত্তৰঃ ধুমুহা-বৰষুণ আহিলে মই ঘৰৰ ভিতৰত থাকোঁ।


(খ) শিল-বৰষুণ পৰিলে তোমাৰ কেনে লাগে?

উত্তৰঃ শিল-বৰষুণ পৰিলে ভয় লাগে ।


(গ) বৰষুণ দিলে তোমাৰ চৌপাশৰ কি কি পৰিৱৰ্তন চকুত পৰে?

উত্তৰঃ বৰষুণ দিলে গছ-লতাবোৰ সতেজ হৈ উঠে, পথাৰত পানী জমা হয়,  নৈ-বিল, খাল-ডোং আদি পানীৰে ওপচি পৰে।


Class 6 Assamese All Question Answer- Click Here


Class 6 Assamese Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


🎥 Watch Class 6 Assamese Videos

📺 YouTube Playlist for Class 6 Assamese
👉 Watch Now


6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment