Assam Board Exam

মই অসমীয়া| Class 10 Assamese Chapter 4

Class 10 Assamese Chapter 4 মই অসমীয়া– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

মই অসমীয়া” is a deeply emotional and patriotic Assamese poem that highlights the poet’s pride in their language, culture, and heritage. The poem reinforces the importance of preserving Assamese identity, unity, and values in the face of modern challenges. Through beautiful metaphors and rhythmic verses, the poet urges readers to embrace their cultural roots.


✍️ Chapter Summary (সাৰাংশ)

“মই অসমীয়া” কবিতাটোত অসমীয়াৰ নিজা পৰিচয়, ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰত গভীৰ গৰ্ব আৰু মমতা প্ৰকাশ পাইছে। কবিতাটোত অসমীয়াৰ আত্ম-চেতনাৰ জাগৰণ, মাতৃভাষাৰ মাহাত্ম্য আৰু সমাজৰ একতাবদ্ধতাক প্রাধান্য দিয়া হৈছে। কবিয়ে কৈছে যে আমি অসমীয়া হোৱাৰ গৰ্বেৰে মাথা উচু কৰি আগবাঢ়িবলৈ লাগিব।

Class 10 Assamese Chapter 4 | মই অসমীয়া Complete Question Answer in Assamese Medium


মই অসমীয়া

দশম শ্ৰেণী

অসমীয়া

পাঠ 4

১। ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰ: চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হৈছে-বেদুইন।


খ) মোগল সকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰ: মোগল সকলে অসমৰ লুইতৰ পাৰৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল।


গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?

উত্তৰ: অসমৰ হেংদাং জিলিকিছিল শৰাইঘাটৰ সমৰ সলীত।


ঘ) অসমীয়া সকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

উত্তৰ: অসমীয়া সকলে মহ’ৰ শিঙেৰে তৈয়াৰী পেঁপা, বজাইছিল।


ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

উত্তৰ: অসমৰ স্বৰ্গদেৱেহাঁহকণী আৰু বৰা চাউল আদিৰে দেউল সাজিছিল।


২/ ‘অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ: উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিত থকা চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটিৰ অন্তৰ্গত। কবিতাফাঁকিৰ দ্বাৰা  কবি চৈয়দ আব্দুল মালিকৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অশেষ ভালপোৱা প্ৰকাশ পাইছে।

প্ৰ্ৱল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। সেই সময়ত আহোমসকলে অসমত ৰাজত্ব কৰিছিল। মোগলসকলে ইতিমধ্যে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি গণ্য কৰিছিল।ভাৰতৰ উত্তৰ-পূৱ দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল।মোগলসকলে মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আগবাঢ়ি আহিছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনাসকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে যি  শস্য-শ্যামলা ভূমি দেখিছিল। যুদ্ধভূমিত থিয় হৈ সেই সেউজীয়া পৰিৱেশত হেং-দাঙৰ চিকমিকনি দেখিছিল। স্বদেশ ৰক্ষাৰ বাবে অসমীয়া পুৰুষ-তিৰোতা সকলোৱে হেংদাং লৈ অসীম সাহসেৰে যুঁজ দি মোগলক পৰাজিত কৰিছিল  এয়ে হৈছে উক্ত কবিতাফাঁকিৰ তাৎপর্য।


৩/ অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।

উত্তৰ: সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহোমসকল । সেই সময়ছোৱাত ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ মন মেলিছিল মোগলসকলে। নিজৰ বিজয় , বিক্ৰম আদিৰ জয়গান কৰি আহি অসম আক্ৰমণৰ উদ্দেশ্যেৰে লুইতৰ পাৰৰ সেউজীয়া দুৱৰি বনত ভৰি দিলেহি।  অনাসায়ে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি।

পিছে মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ ৰক্ষাৰ্থে  তেওঁলোকে লুইতৰ বগা পানীক ৰঙা কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল । অসমীয়াৰ পুৰুষ-মহিলা  এনে ৰূপ দেখি শিৰ নত কৰি মোগলসকল অহা বাটেৰে উভতাইছিল।  


৪। “ক’ত অত বল পালে অসমৰ সেনানীয়ে

 শুকান সান্দহ আৰু পানী আঁজলিত।

–কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ: উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিত থকা চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটিৰ অন্তৰ্গত।  কবি চৈয়দ আব্দুল মালিকৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি অশেষ ভালপোৱা এই কবিতটিৰ মাজেৰে প্ৰকাশ  কৰিছে।

প্ৰ্ৱল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। সেই সময়ত আহোমসকলে অসমত ৰাজত্ব কৰিছিল। আহোমসকলে অসমখন যাতে মোগলৰ হাতলৈ নাযায় তাৰ বাবে আহোমে সকলো প্ৰকাৰৰ ৰণকৌশল তৈয়াৰ কৰিছিল। সেই অনুসৰি শত্ৰুসৈন্যক ভেটিবলৈ ৰণচণ্ডী  মূৰ্তিৰে অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল। তেওঁলোকে ৰণচণ্ডী মূৰ্তি ধৰি মোগলৰ বিৰুদ্ধে ৰনাংগনত নিজৰ বুকু পাতি দিছিল। অসমীয়া সকলৰ দেশ প্ৰেম সাহস ,শক্তি আৰু স্বাধীনচিতীয়া মনোভাৱ দেখি মোগলসকল স্তম্ভিত হ’ল। গৰম পানীৰে সান্দহ গুড়ি খায় জীয়াই থকা মানুহ ইমান বলবন্ত হ’ব পাৰে বুলি মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল । বীৰদৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল। মোগলৰ শক্তিক  পদানত কৰিলে অসমৰ পুৰুষ-নাৰীয়ে। দৰাচলতে  মানসিক শক্তিয়ে বলীৱান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।


৫। “মই অসমীয়া” কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে  বুজাই লিখা।

উত্তৰঃ “মই অমীয়া” কবিতাটোত  অসমৰ প্ৰাচীন ইতিহাস বৰ্ণিত হোৱাৰ লগতে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সুন্দৰকৈ কবিতাটোত প্রতিফলিত হৈছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। আমাৰ সেউজ বননিখন মিনা কৰা বুলিও তেওঁ কৈছে।পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। দূবৰিৰ পাতে পাতে নিয়ৰৰ টোপাল মুকুতা – মণিৰ দৰে জিলিকি উঠে। অসমৰ ধূলি বালিয়ে যেন পৰি থাকে মৰকত মণি আৰু সোণৰ দৰে মূল্যৱান সম্পদ । অসমত ভৰিত পিন্ধা খৰমৰ চোলাটোও সজা হয়  হাতীদাঁতেৰে। মূল্যৱান মণিৰে নিৰ্মিত দলঙত অসমীয়া মানুহে ভৰি ধোৱা কাৰ্য সৰ্ম্প্ন কৰে। বাঘৰ নখেৰে আঙঠি,আৰু খাৰু তৈয়াৰ কৰি গৌৰৱেৰে পিন্ধে।  ম’হৰ শিঙেৰে তৈয়াৰি পেঁপা বজাই মনৰ আনন্দ প্ৰকাশ কৰে। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছ বোৰেও যেন কাণত থুৰীয়া পিন্ধি নিজৰ সৌন্দৰ্য প্ৰকাশ কৰে। ভেকুলীবোৰে কপালত ফোঁট লৈ সাজিকাচি থাকে।

        প্ৰকৃতিয়ে আচলতে অসমক অকৃপণ হাতেৰে সকলো দিছে।যাৰ ফলত অসমে সুন্দৰ ৰূপ ধাৰণ কৰিব পাৰিছে। এইবোৰে অসমখনক স্বৰ্গপুৰী কৰি তুলিছে। এইদৰে কবিতাটোত অসমৰ  বিনন্দীয়া ৰূপ সুন্দৰ ভাৱে প্ৰকাশ পাইছে আৰু পাঠকক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজলৈ লৈ যোৱাত কবি সক্ষম হৈছে


৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক “গল্পসম্ৰাট” বুলিও কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে “বেদুইন”। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস কেইখন হ’ল  “সুৰুযমুখীৰ স্বপ্ন”, “ৰূপতীৰ্থৰ যাত্ৰী”, “ধন্য নৰতনু ভাল”, আদি উল্লেখনীয়। “অঘৰী আত্মাৰ কাহিনী” নামৰ শীৰ্ষক উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ’ল – “পৰশমণি”, “আধাৰশিলা”, “মৰহা ফুল”, “স্বাক্ষৰ”, “ছবিঘৰ”, “ৰঙাগড়া”, “ৰজনীগন্ধাৰ চকুলো” ইত্যাদি। তেওঁৰ গল্প, উপন্যাসৰ আলমত “জেতুকা পাতৰ দৰে”, “মমতাজ” আদি চলচ্চিত্ৰও নিৰ্মিত হৈছে। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।


৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।

উত্তৰঃ পৰাক্ৰমী মোগলসকল দেশবিজয় উদ্দেশ্যৰে অসমলৈ আহিছিল যদিও অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি তেওঁলোক মুগ্ধ আৰু বিস্মিত হৈছিল। তেওঁলোকে অসমৰ ভক্তি প্ৰেম আৰু সৌন্দৰ্য্য দেখা পাইছিল। স্বাধীন অসমৰ সুমধুৰ সংগীতৰ ধ্বনিয়ে তেওঁলোকক মোহিত কৰিছিল।  চৌদিশে পাহাৰে আৱৰা অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা , নিয়ৰসিক্ত দূৱৰিৰ পাতবোৰো যেন মুকুতা খচিতহে। প্রকৃতিপ্রদত্ত সম্পদেৰে চহকী অসমত আনকি পুঠিমাছেও সোণৰ থুৰীয়া পিন্ধে, ভেকুলীয়েও ফোঁট লৈ সাজিকাচি থাকে। অসমৰ ধোদবোৰেও সাজি উলিয়ায় ৰাজআলি। কৃষিপ্রধান দেশ অসমত আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ’ল সাজে, হাঁহ-কণী-চাউলেৰে দেউল সজায়। সাগৰসদৃশ পুখুৰীৰে সজ্জিত এই দেশ। ৰংঘৰ, কাৰেংঘৰ আদি প্রাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। অসমৰ ধূলিত সোণ, হীৰা-মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰত ভৰাই ঘৰে ঘৰে বিলোৱা হয় সোণ, ৰূপৰ দৰে মূল্যৱান ধাতু।

প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোকৰ মুখৰ মাত মৌসনা। অতিথিপৰায়ণ অসমৰ লোকৰ গান শুনি শিলো যেন কোমল হয়। এই দেশ ভক্তিধৰ্মৰ বাবে বিখ্যাত। নাম কীৰ্তনৰ সুললিত সুৰে ইয়াৰ আকাশ বতাহ কঁপাই থাকে।

এইদৰে মোগলসকলে অসমৰ ৰূপ সৌন্দৰ্য্য দেখি মোহিত হৈছিল।


৮| ব্যাখ্যা কৰাঃ

(ক)মোগল এবাৰ পালে শকতিৰ নৱ পৰিচয়

দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।


উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। 

       যুদ্ধক্ষেত্ৰত অসমীয়াৰ বীৰত্ব আৰু গ্ভীৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগলে  কেনেকৈ পালে, তাকেই ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে।  

মোগল সকলে আহোমসকলক পৰাস্ত কৰি  অসমত মুছলমানৰ ৰাজত্ব চলাবলৈ আৰু নিজৰ পৰাক্ৰম দেখুৱাই কামৰূপক নিজৰ কৰি লবলৈ ইচ্ছা কৰি অসমৰ যুদ্ধ ক্ষেত্ৰত উপস্থিত হৈছিল। আহোমসকলে অসমখন যাতে মোগলৰ হাতলৈ নাযায় তাৰ বাবে আহোমে সকলো প্ৰকাৰৰ ৰণকৌশল তৈয়াৰ কৰিছিল। সেই অনুসৰি শত্ৰুসৈন্যক ভেটিবলৈ ৰণচণ্ডী  মূৰ্তিৰে অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। তেওঁলোকে ৰণচণ্ডী মূৰ্তি ধৰি মোগলৰ বিৰুদ্ধে ৰনাংগনত নিজৰ বুকু পাতি দিছিল। অসমীয়া সকলৰ দেশ প্ৰেম সাহস ,শক্তি আৰু স্বাধীনচিতীয়া মনোভাৱ দেখি মোগলসকল স্তম্ভিত হ’ল।। অসমীয়াৰ পুৰুষ-মহিলা  এনে ৰূপ দেখি শিৰ নত কৰি মোগলসকল অহা বাটেৰে উভতাইছিল।  

উক্ত কবিতাফাঁকিৰ মাজেৰে  অসমীয়া সেনানীৰ বীৰত্বৰ কাহিনী ফুটাই তোলাত কবি সাৰ্থক হৈছে।


(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত,

হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা ,

ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।


উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

চহকী অসমৰ প্ৰাচুৰ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

অসমৰ প্ৰাকৃতিক শোভা অতি মনোৰম আৰু সমগ্ৰ দেশখন মূল্যৱান সম্পদৰে ভৰা। প্ৰকৃতিয়ে আচলতে অসমক অকৃপণ হাতেৰে সকলো দিছে। মোগলে অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্য্য দেখি মুগ্ধ আৰু বিস্মিত হৈছিল। কবিৰ বৰ্ণনা অনুসৰি চৌদিশে পাহাৰে আৱৰা অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা ,দুৱৰি বনত নিয়ৰ যেন মুকুতাৰ থোপা হৈ ওলমি থাকে। অসমৰ ধূলিয়ে বালিয়ে যেন বাখৰৰ দৰে মূল্যৱান সামগ্ৰী পৰি থাকে যাৰ বাবে খোজ দিলেই ভাঙি যোৱাৰ সম্ভাৱণা থাকে।অসমত ভৰিত পিন্ধা খৰমৰ চোলাটোও সজা হয়  হাতীদাঁতেৰে। বাঘৰ নখেৰে অলংকাৰ নিমাৰ্ণ কৰা হয়। মূল্যৱান প্ৰৱাল মণিৰে নিৰ্মিত দলঙত অসমীয়া মানুহে ভৰি ধোৱা কাৰ্য সৰ্ম্প্ন কৰে।

কবিতাফাঁকিৰ মাজেৰে অসমৰ বিনন্দীয়া সৌন্দৰ্যৰ বৰ্ণনা কবিয়ে অতি সুন্দৰ আৰু সাৱলীল ভাৱে উপস্থাপন কৰিছে।


(গ) মোহ গ’ল দূৰণিৰ বিদেশী মোগল 

অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,

অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ

দূৰৰ মোগল আহি হ’ল অসমীয়া । ।


উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

অসমৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ মোগলৰ অসমৰ বিষয়ে অনুভৱৰ কথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে।  

প্ৰ্ৱল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনাসকলে।স্বদেশ ৰক্ষাৰ বাবে অসমীয়া পুৰুষ-তিৰোতা সকলোৱে হেংদাং লৈ অসীম সাহসেৰে যুঁজ দি মোগলক পৰাজিত কৰিছিল । পৰাজিত মোগলৰ বহুতেই যুদ্ধ বন্দী হিচাপে অসমত থাকি পিছলৈ হাৰে হিমজুৱে অসমীয়া হৈ পৰিছিল।মোগলে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি মুগ্ধ আৰু বিস্মিত হৈছিল। তেওঁলোকে অসমৰ ভক্তি প্ৰেম আৰু সৌন্দৰ্য্য দেখা পাইছিল। স্বাধীন অসমৰ সুমধুৰ সংগীতৰ ধ্বনিয়ে তেওঁলোকক মোহিত কৰিছিল।  চৌদিশে পাহাৰে আৱৰা অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা , নিয়ৰসিক্ত দূৱৰিৰ পাতবোৰো যেন মুকুতা খচিতহে। প্রকৃতিপ্রদত্ত সম্পদেৰে চহকী অসমত আনকি পুঠিমাছেও সোণৰ থুৰীয়া পিন্ধে, ভেকুলীয়েও ফোঁট লৈ সাজিকাচি থাকে। অসমৰ ধোদবোৰেও সাজি উলিয়ায় ৰাজআলি। কৃষিপ্রধান দেশ অসমত আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ’ল সাজে, হাঁহ-কণী-চাউলেৰে দেউল সজায়। সাগৰসদৃশ পুখুৰীৰে সজ্জিত এই দেশ। ৰংঘৰ, কাৰেংঘৰ আদি প্রাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। অসমৰ ধূলিত সোণ, হীৰা-মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰত ভৰাই ঘৰে ঘৰে বিলোৱা হয় সোণ, ৰূপৰ দৰে মূল্যৱান ধাতু।প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোকৰ মুখৰ মাত মৌসনা। অতিথিপৰায়ণ অসমৰ লোকৰ গান শুনি শিলো যেন কোমল হয়। অসমৰ সৰগীয় ৰূপে মোগল সকলক মোহিলে আৰু অসমতে অসমীয়া হৈ চিৰদিন থাকি গ’ল।


৯। “মই অসমীয়া” কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তোমাৰ কথাৰে বুজাই লিখা । 

উত্তৰ – “মই অসমীয়া” কবিতাটোৰ দ্বাৰা কবি চৈয়দ আব্দুল মালিকৰ স্বদেশৰ প্ৰতি থকা আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা গভীৰ ভালপোৱা সুন্দৰকৈ প্ৰকাশ পাইছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব  দেখি বিস্মিত হৈছিল। অসমীয়া মানুহৰ স্বদেশ প্ৰীতি মোগলৰ অন্তৰ স্পৰ্শ কৰিছিল।

প্ৰৱল প্ৰতাপী মোগলকো অসমৰ পুৰুষ – মহিলায়ে ৰণচণ্ডী মূৰ্তি ধৰি ৰণত পৰাস্ত কৰিলে। এই পৰাজয়ৰ পিছত মোগলে অসম সেনানীৰ বল – শক্তিৰ নতুনপৰিচয় লাভ কৰিলে। সেয়েহে যুদ্ধত পৰাজিত হৈ যুদ্ধ বন্দী হিচাপে থাকি যোৱা সৈনিক সকলে অসমীয়া লোকৰ স্বদেশৰ প্ৰতি থকা আনুগত্য দেখি  মোহিত হৈছিল আৰু নিজকে এই দেশৰ লগত একাকাৰ কৰি দিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয় গাথা আজিও যেন অক্ষুন্ন হৈ আছে। সেয়েহে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্রশংসা কৰিছে আৰু নিজকে ইয়াৰ লগত বিলিন কৰি দিব খুজিছে।


১০। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।

উত্তৰঃ “মই অসমীয়া” কবিতাটোত কবি চৈয়দ আব্দুল মালিকৰ নিজ জন্মভূমি প্ৰতি থকা নিভাজ ভালপোৱা সুন্দৰৰূপত প্ৰকাশ পাইছে।

কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজকে গৌৰৱ অনুভৱ কৰে। নিজৰ জন্মভূমিৰ প্ৰতি থকা গভীৰ আনুগত্য আৰু স্বজাতিৰ প্রতি থকা নিভাঁজ ভালপোৱাক তেওঁ নিজৰ ধৰ্মৰূপে জ্ঞান  কৰে। অসমৰ চোতালত সাজি উঠা দূৱৰি বনত কবিয়ে স্বৰ্গৰ নন্দন কানৰ প্ৰতিছবি দেখা পায়। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে জ্ঞান  কৰে।কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগতো অসমীয়া ভাষাটো শুনিব বিচাৰে। সেয়েহে কবিয়ে অসমৰ বাবে যুজিব খুজিছে, আৰু অসমৰ বাবে মৰিবও খুজিছে। মৰিলেও পুনৰ অসমী আই বুকুত পুনৰ  জনম ল’ব বিচাৰিছে।

স্বদেশৰ প্ৰতি থকা গভীৰ  আনুগত্য আৰু স্বজাতিৰ প্রতি থকা নিভাঁজ ভালপোৱাৰ বাবেই কবিয়ে মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে।


১১/ ‘মই অসমীয়া ‘কবিতাটোৰ সাৰাংশ লিখা

উত্তৰ: ‘মই অসমীয়া ‘কবিতাটোৰ মাজেৰে কবি চৈয়দ আব্দুল মালিকৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্রতি থকা নিভাঁজ ভালপোৱা প্রকাশিত হৈছে। মোগলসকলে অসম আক্রমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া লৰা-তিৰোতাৰ মাজত দেখা পোৱা স্বদেশপ্রেমে মোগল সকলৰ অন্তৰ ছুইছে। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল। হাড়ে- হিমজুৰে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। কবিয়ে নিজকে মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। অসমীয়। জাতিৰ বীৰত্বৰ সেই বিজয়গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে। কবিয়ে সেয়েহে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। মৰিলেও অসমীয়া হৈ জনম লোৱাটোৱে তেওঁ কামনা কৰিছে। অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ।। এয়ে হৈছে মই অসমীয়া’ কবিতাটোৰ সাৰাংশ।


১২ । “মই অসমীয়া” কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।

উত্তৰঃ- “মই অসমীয়া” কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে। সেই সময়ৰ অসমৰ লোকসকল অতি সাহসী আছিল আৰু মাতৃভূমিৰ প্ৰতি প্ৰেম চিৰপ্ৰৱাহমান আছিল।  পশ্চিম দিশৰ পৰা অহা পৰাক্ৰমী মোগলক যুদ্ধত পৰাস্ত কৰিবলৈ অসমীয়া পুৰুষ নাৰী সকলে ৰনচণ্ডী মুৰ্তি ধৰি হাতত হেংদাং লৈ সমৰ থলীলৈ ওলাই আহিছিল। নিজ মাতৃভূমিৰ বাবে অসমীয়া পুৰুষ নাৰীয়ে বুকু পাতি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। অসমীয়া মানুহৰ এনে দেশ প্ৰেম আৰু বিৰত্ব দেখি মোগল সকল বিস্মিত হৈছিল। মোগল সকলৰ অন্তৰ আত্মা চুই গৈছিল অসমীয়া মানুহৰ স্বদেশৰ প্ৰতি থকা আনুগত্য দেখি। সেয়েহে যোৱাৰ সময়ত তেওঁলোকে অসমীয়া পুৰুষ নাৰী সকলক প্ৰশংসাই ওপচায় তুলিছিল।

 অসমৰ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্য্যয়ো যুদ্ধত পৰাজিত মোগলসকলক মোহিত কৰিছিল। অসমৰ চৌদিশে আৱৰি থকা পাহাৰ, প্ৰতিটো পাতৰ মিনা কৰা ৰূপ, ,দুৱৰি বনত মুকুতাৰ থোপাৰ সৌন্দৰ্য্য ,ধূলি মিহলি থকা মৰকত মণি আদিয়ে মোগলসকলক আকৰ্ষিত কৰিছিল। প্ৰাকৃতিক সম্পদত চহকী অসমীয়া মানুহে হাতীদাঁতেৰে খৰমৰ চোলা বনাইছিল, প্ৰৱাল মণিৰে নিৰ্মিত দলঙত ভৰি ধুইছিল,বাঘৰ নখেৰে অলংকাৰ তৈয়াৰ কৰিছিল, ম’হৰ শিঙৰ পেপা বজাইছিল। ৰংঘৰ, কাৰেংঘৰে অসমক স্বৰ্গপুৰীৰ সৌন্দৰ্য্য প্ৰদান কৰিছিল।  এইদৰে অতীতৰ অসমখন সকলো দিশৰ পৰা চহকী আৰু সমৃদ্ধশালী আছিল।

 কবিয়ে সুন্দৰ আৰু পাঞ্জল বৰ্ননাৰে অসমৰ অতীত গৌৰৱ কবিতাটোত ফুটাই তুলিছে।


(৩) বিপৰীত শব্দ লিখাঃ

গৌৰৱ; আলোক , স্বাধীনতা; পৰাজিত; সপোন ,মৰণ।

উত্তৰঃ-

গৌৰৱ – কালিমা

আলোক – আন্ধাৰ

স্বাধীনতা – পৰাধীনতা

পৰাজিত – বিজয়ী

সপোন – দিঠক

মৰণ – জনম


📚 Extra Learning Tips

  • ✅ Memorize key lines from the poem to use in answers.
  • ✅ Practice writing short and long answers based on SEBA pattern.
  • ✅ Understand poetic devices like alliteration, imagery, and symbolism used.

📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected

📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


Class 10 Assamese Chapter 4 মই অসমীয়া Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment