Assam Board Exam

কৰুণতম| Class 12 Assamese Chapter 8 Complete Solution

কৰুণতম| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 8 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


কৰুণতম| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 8

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -8

কৰুণতম

নিৰ্মলপ্রভা বৰদলৈ


(ক) অতি চমু প্রশ্নঃ

১) নিৰ্মলপ্রভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম লিখা।

উত্তৰঃ নিৰ্মলপ্রভা  বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম ‘বনফৰিঙৰ ৰং।


২/ নিৰ্মলপ্রভা বৰদলৈয়ে কোনখন পুথিৰবাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?

উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘সুদীর্ঘ দিন আৰু ঋতু’ নামৰ কবিতা পুথিৰ  বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে।


৩/ ‘কৰণতম’ কবিতাটো কবিৰ কোনখন কবিতাপুথিত সংকলিত হৈছে?

উত্তৰ: ‘কৰুণতম’ কবিতাটো কবিৰ ‘দিনৰ পাছত দিন ‘নামৰ কবিতাপুথিত সংকলিত হৈছে।


৪/ ‘কৰুণতম’ কোন শ্রেণীৰ কবিতা?

উত্তৰ: ‘কৰণতম ‘কবিতাটো অসমীয়া লোক জীৱনৰ আধাৰত ৰচিত এটি আধুনিক কবিতা।


৫/ নিৰ্মলপ্রভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা।

উত্তৰ: নির্মলপ্রভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য হৈছে নগৰীয়া জীৱনৰ প্রতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্রতি আকর্ষণ।


খ) চমু প্রশ্ন:

১) নির্মলপ্রভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম লিখা।

উত্তৰ: নির্মলপ্রভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম হৈছে

ক) বনফৰিঙৰ বং

খ) দিনৰ পাছত দিন

গ) সুদীর্ঘ দিন আৰু ঋতু।


২/ নিৰ্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰ: নিৰ্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হৈছে ‘সোণবৰণীয়া আই’ আৰু সুৰীয়া মাত’।


৩/ নির্মলপ্রভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা।

উত্তৰ: নির্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম হৈছে-‘দেবী’, ‘শিৱ’ আৰু ‘সূর্য্য’।


৪/ ‘কৰণতম’ আৰু সুবাস শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰ: ‘কৰণতম’ আৰু সুবাস শব্দ দুটাৰ অর্থ ক্রমে- দুখজনক আৰু ভালগোন্ধ.।


৫/ ‘কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: ‘ কৰুণতম ‘ কবিতাৰ আধাৰত লিখিব পৰা আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য

হৈছে- ক) বিষয় বস্তু বাস্তৱধর্মী আৰু

খ) কৃষক, শ্রমিক আদি সাধাৰণ জনতাৰ সুখ-দুখ আৰু সংগ্ৰামৰ ছবি উপস্থাপন।


গ) দীঘল প্রশ্ন:

১) ‘কৰুণতম কবিতাৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰ: ‘কৰুণতম’ শব্দটিৰ অৰ্থ হৈছে দুখজনক। অতীতৰ মধুৰ স্মৃতিয়ে কেতিয়াবা মানুহৰ মনত সৃষ্টি কৰে দুখৰ যন্ত্রণা। কবি নির্মল প্ৰভা বৰদলৈ আছিল এগৰাকী গাঁৱলীয়া চহা খেতিয়কৰ ছোৱালী। সৰুৰে পৰা তেওঁ কৃষক পিতৃ আৰু শিপিনী মাতৃৰ কৰ্মসংস্কৃতিৰ প্রভাৱত ডাঙৰ হৈছিল। পিতৃ-মাতৃৰ কষ্টকৰ জীৱনৰ সাক্ষী আছিল কবি। নগৰীয়া জীৱন অতিবাহিত কৰিলেও তেঁও মুকলিমূৰীয়া গাঁৱলীয়া জীৱনৰ মধুৰতা আৰু তেওঁৰ লালন পালনৰ বাবে পিতৃ-মাতৃৰ ত্যাগ আৰু কষ্ট কবিয়ে কেতিয়াও পাহৰিব নোৱাৰে। সেই স্মৃতিবোৰে কবিৰ মনত বিষাদ আৰু কৰুণতাই দোলা দিয়ে।

কবিয়ে যেতিয়াই আহিনৰ পথাৰৰ গোন্ধ পায়, তেতিয়াই তেওঁৰ কৃষক পিতৃলৈ মনত পৰে। একেদৰে দোকানৰ জাপ ভঙা গামোচা বা বোৱা কাপোৰৰ সুবাসত তেওঁ বিচাৰি পায় মাকৰ স্মৃতি। যিবোৰ স্মৃতিয়ে কবিৰ মন কাৰুণ্যতাৰে ভৰাই তোলে। সেইদিশৰ পৰা বিচাৰ কৰিলে কবিতাটোৰ নাম ‘কৰণতম’ দিয়াটো যথাযথ হৈছে।


২/ ‘কৰণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্রতি গভীৰ শ্রদ্ধা প্রকাশ পাইছে নেকি বিচাৰ কৰা।

উত্তৰ: ‘কৰুণতম ‘কবিতাত কবিৰ পিতৃ-মাতৃৰ প্রতি গভীৰ শ্রদ্ধা প্রকাশ পাইছে। পিতৃ-মাতৃৰ প্রতি গভীৰ শ্রদ্ধা থকাৰ বাবেহে কবিয়ে তেওঁলোকৰ স্মৃতি কঢ়িয়াই লৈ ফুৰিছে। নগৰীয়া যান্ত্রিক আৰু বিলাস বহুল জীৱনত দিন কটালেও কবিয়ে পাহৰিব পৰা নাই গাঁৱলীয়া চহা জীৱনৰ আৱেগ মধুৰ দিনবোৰ।

আহিনৰ পথাৰৰ গোন্ধ পালে কবিৰ মনত তেওঁৰ পিতৃৰ স্মৃতি জাগ্রত হয়। কিয়নো কবিৰ পিতৃ আছিল এজন কৃষক। কৃষি কৰ্মৰে তেওঁ জীৱন-জীৱিকা চলাইছিল। একেদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত তেওঁৰ মাতৃ-স্মৃতি জাগ্রত কৰে। কবিৰ আই আছিল এগৰাকী শিপিনী, দুয়ো পিতৃ-মাতৃয়ে নিজ কর্মৰ চানেকী সময় বালিত ৰাখি থৈ গৈছে। এতিয়া কবি আধুনিক জীৱন-যাপন কৰা নগৰীয়া। তথাপি তেওঁ মনৰ একোণত লৈ ফুৰিছে পিতৃ-মাতৃৰ স্মৃতি; তাতেই তেওঁলোকৰ প্রতি কবিৰ একোণত লৈ ফুৰিছে পিতৃ-মাতৃৰ স্মৃতি; তাতেই তেওঁলোকৰ প্ৰতি কবিৰ গভীৰ শ্রদ্ধাৰ ভাব নিগৰিত হৈছে।


৩।’ কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্রকাশ পাইছে বিচাৰ কৰা।

উত্তৰ: ‘কৰণতম’ কবিতাটোত কবিৰ অন্তৰৰ গভীৰ দুখবোধ স্পষ্টকৈ  প্রকাশ পাইছে। ‘কবিৰ জন্ম হৈছিল এটি গাঁৱলীয়া কৃষকৰ পৰিয়ালত। গাঁৱৰ সুন্দৰ পৰিৱেশত কবিৰ শৈশৱ , কৈশোৰ অতিবাহিত হৈছিল। গাঁৱৰ খেতি – বাতি, বোৱা-কটা আদি কৰ্মৰ মাজেদি কৃষকৰ জীবন অতিবাহিত হলেও তাত বিচাৰি পোৱা যায়  জীয়াই থকাৰ মাদকতা’, মৰম-চেনেহ, আন্তৰিকতা আৰু অকৃত্রিম জীৱনশৈলী। এই জীৱনশৈলী নগৰীয়া জীৱনশৈলীঠকৈ সম্পূর্ণ বিপৰীত। সেয়ে গাঁৱৰ পৰিৱেশৰ পৰা গৈ নগৰীয়া হোৱা কবিৰ মনত এটি দুখবোধে খুন্দিয়াই থাকে। গাঁৱত খেতি-বাতি, বোবা-কটা, বা আন হস্তশিল্পৰ কৰ্মসংস্কৃতি প্ৰজন্মৰ পৰা প্রজন্মলৈ প্রবাহিত হৈ থাকে; যিদৰে কবিৰ মানস পটত দেউতাকৰ কৃষি কর্ম, মাকৰ বোৱা-কটা আদি কৰ্মৰাজিৰ ছবি ভাঁহি থাকে। এই কর্মৰাজিয়েই হৈছে অসমীয়া জাতীয় সংস্কৃতিৰ অনন্য পৰিচয়। এই পৰিচয় কবিয়ে লাভ কৰিছে তেওঁৰ পিতৃ-মাতৃৰ পৰা। কিন্তু কবিয়ে নিজৰ সন্তানৰ বাবে তেনে কোনো কৃতি বা কর্ম পৰিচয় ৰাখি যাব নোৱাৰিব বুলি গভীৰ দুখ ব্যক্ত কৰিছে।


৪। ‘কৰুণতম’ কবিতাত প্রকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাটৰ চিত্র অংকন হোৱা বুলি ক’পাৰি নেকি বিচাৰ কৰা।

উত্তৰ: ‘কৰুণতম’ কবিতাত নিশ্চয় কবিয়ে প্রকাৰান্তৰে গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাটৰ চিত্র অংকন কৰিছে। গাঁৱৰ মুক্ত পৰিবেশত জন্ম গ্রহণ কৰি ডাঙৰ-দীঘল হোৱা কবি কর্মসূত্রে এতিয়া নগৰৰ নগৰীয়া। কবিৰ পিতৃ-মাতৃ, আৰু পূর্ব প্রজন্মই কৃষি কর্ম, বোৱা-কটা আৰু আন হস্ত শিল্পত নিয়োজিত হৈ জীৱন-জীবিকা চলাইছিল আৰু পিছৰ প্ৰজন্মলৈ সেই আদর্শ দি থৈ গৈছিল, গাঁৱৰ চহা লোকে কৃষি কর্ম কৰি, নিজ পৰিশ্ৰ্মেৰে  উৎপাদিত চাউলৰ ভাত খায়, কিন্তু নগৰৰ মানুহে দোকানৰ পৰা ক্রয় কৰে। একেদৰে গাঁৱৰ শিপিনীয়ে নিজ হাতে গামোচা বৈ উলিয়ায়, কিন্তু নগৰৰ মানুহে দোকানত ক্ৰয় কৰি নিজৰ চাহিদা পুৰণ কৰে। গাঁৱৰ মানুহৰ কৰ্মৰাজি আৰু জীবনাদর্শ নগৰত পাবলৈ নাই। সেইখিনিতে কবিৰ নগৰীয়া জীৱনৰ প্রতি বিদ্বেষ ভাব আছে। নিজ পিতৃ মাতৃৰ স্মৃতি বহন কৰিৰ পৰাকৈ কবিৰ পিতৃ-মাতৃয়ে যি কর্মচানেকি দেখুৱাই গৈছিল; নগৰত বাস কৰা কবিয়ে নিজৰ সন্তানৰ কাৰণে তেনে কোনো কর্মচানেকি দি যাব নোৱাৰিব বুলি দুখ আৰু আক্ষেপ প্রকাশ কৰিছে। এইবোৰ দিশৰ পৰা কবিতাটোত গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাটৰ চিত্র অংকিত হোৱা বুলি কব পাৰি।


৫/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

মই মোক

মোৰ সন্তানৰ কাৰণে

ক’থৈ যাম

ক’ত ??

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত কবি নির্মল প্রভা বৰদলৈয়ে লিখা ‘কৰণতম’ কবিতাটোৰ পৰা অনা হৈছে।

কবিয়ে নিজৰ স্মৃতি তেওঁৰ সন্তানৰ বাবে বা পিছৰ প্ৰজন্মৰ বাবে কত কেনেকৈ ৰাখি থৈ যাব, তাৰ বাবে উদ্বেগ প্রকাশ কৰি কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

মানুহে জীৱন কালত কৰি যোৱা কৰ্মৰাজি, আর্হি, আদর্শ আদিৰ কাৰণে মৃত্যুৰ পিছতো মানুহে সোঁৱৰণ কৰে। কবিৰ পিতৃ-মাতৃ আছিল গাঁৱৰ চহা লোক। কৃষিকর্ম, বোৱা-কটা আদি কামৰ দ্বাৰা তেওঁলোকে জীৱন-জীৱিকা চলাইছিল। সেয়ে কবিয়ে আহিনৰ পথাৰৰ গোন্ধ পালে তেওঁৰ কৃষক পিতৃলৈ মনত পৰে আৰু দোকানৰ জাপভঙা গামোচাৰ সুবাসত বিচাৰি পায় শিপিনী’ মাতৃক। কিন্তু, কবি এতিয়া নগৰীয়া। নগৰৰ কৰ্মসংস্কৃতি গাঁৱৰ দৰে নহয়। গতিকে যি কৰ্মৰ দ্বাৰা কবিয়ে নিজৰ স্মৃতি তেওঁৰ সন্তানৰ বাবে ৰাখি থৈ যাব, তাক লৈ কবি উদ্বিগ্ন। গাঁৱৰ পৰস্পৰা, লোক সংস্কৃতি যুগ যুগ ধৰি প্রজন্মৰ  পৰা প্রজন্মলৈ প্রবাহিত হৈ আছে। কিন্তু নগৰৰ যান্ত্ৰিক জীৱনৰ কৃত্রিমতাত মানুহে বিচাৰি নাপায় মানুহক। গতিকে কবিয়ে বিচাৰি পোৱা নাই তেওঁ মৰাৰ পিছত তেওঁৰ স্মৃতি বহন কৰিব পৰা স্বাক্ষৰ ক’ত, কিদৰে এৰি থৈ যাব।


H.S. পৰীক্ষাত অহা প্রশ্ন সমূহ:

১। ডঃ নির্মল প্রভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্রহণ কৰে? (H.S.’13)

উত্তৰ ডঃ নির্মল প্রভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু’ আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্রহণ কৰে।


২)  ‘কৰুণতম’ কবিতাটিৰ আধাৰ লোকজীৱন-কথাষাৰ শুদ্ধনে? (-22)

উত্তৰ ‘লোক’ শব্দটোৱে গঞা লোকক বুজায়, যি খেতি-বাতিৰ দ্বাৰা জীৱন নির্বাহ কৰে। কবিতাটোত কবিৰ কৃষক পিতৃ আৰু শিপিনী-মাতৃৰ স্মৃতি ৰোমন্থন কৰা হৈছে। সেয়ে কথাষাৰ সম্পূর্ণ শুদ্ধ।


৩। ‘কৰুণতম ‘কবিতাটিত কবিয়ে মাতৃৰ স্মৃতি কেনেকৈ জাগ্রত হয় বুলি কৈছে? ২৩

উত্তৰ: ‘কৰুণতম ‘কবিতাটিত কবিয়ে দোকানৰ জাপ ভঙা গামোচাৰ সুবাস পালে মাতৃৰ স্মৃতি জাগ্রত হয় বুলি উল্লেখ কৰিছে।


৪। ‘কৰুণতম কবিতাটিত অসমৰ গ্রাম্য জীৱনৰ ছবি কেনেদৰে প্রকাশ পাইছে?

 উত্তৰ ‘কৰুণতম’ কবিতাটিত অসমৰ গ্ৰাম্য জীৱনৰ ছবি সুন্দৰকৈ প্ৰকাশ পাইছে।গাঁৱলীয়া লোকৰ জীৱন-জীৱিকাৰ মূল উৎস হৈছে খেতি-বাতি, বোৱা কটা ইত্যাদি। কবিৰ পিতৃ আছিল এগৰাকী কৃষক। সেয়ে আহিনৰ পথাৰৰ গোন্ধ পালেই পিতৃৰ স্মৃতি কবিৰ মনত জাগ্রত হয়। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ স্মৃতি জাগ্ৰত কৰি তোলে, কিয়নো কবিৰ মাতৃ আছিল এগৰাকী শিপিনী আৰু বোৱা-কটাই আছিল তেওঁৰ মূল কর্ম। আহিনৰ পথাৰ, জাপ ভঙা গামোচা আদি শব্দবোৰে কবিতাটোত অসমৰ গ্ৰাম্য জীৱনৰ ছবি প্রকট কৰি তুলিছে।


৫/ ডঃ নিৰ্মল প্রভা বৰদলৈ অসম সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল?

উত্তৰ: ডঃ নির্মল প্রভা বৰদলৈ ১৯৯১ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনৰ সভাপতি আছিল।


Mastering Class 12 Assamese Chapter 8 কৰুণতম is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.


Class 12 Assamese Chapter 8 কৰুণতম Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment