Assam Board Exam

Class 6 Social Science Chapter 19 জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

Class 6 social science Chapter 19 in assamese medium question answer|| Class 6|| Class 6 Social Science Chapter 19 জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ|| Class 6 social science chapter 19 Assamese Medium||

Class 6 social science Chapter 19

Class 6 social science assamese medium question answer|| Class 6|| জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ|| Class 6 social science chapter 19 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

অৰ্থনীতি আৰু ৰাজনীতি খণ্ড

জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

অনুশীলনী:

() প্ৰযুক্তি কাক বোলে? তুমি জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম লিখা।

উত্তৰ:- কোনো কাৰ্যৰ পৰিচালনা আৰু সম্পাদন সুচল কৰাৰ উদ্দেশ্য ব্যৱহৃত বিজ্ঞানসন্মত চিন্তা – চৰ্চা, আহিলাপাতি আৰু কৌশল আদিৰ সমষ্টিক প্ৰযুক্তি বোলে। 

          কেইবিধ মান প্ৰযুক্তিসম্বল হৈছে- কম্পিউটাৰ, মোবাইল, মটৰ চাইকেল, উৰাজাহাজ, বাছ আদি।

() আমাৰ জীৱনযাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেধৰণেসহায় কৰিছে লিখা।

উত্তৰ:- আমাৰ জীৱন – যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে যথেষ্ঠ সহায় কৰিছে। ৰাতি পোৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰযুক্তিৰ পৰা লাভ কৰাৰ সহায়ৰ বাবে আমাৰ জীৱন আগৰ তুলনাত অধিক আৰামদায়ক আৰু সহজ হৈ পৰিছে। প্ৰযুক্তিৰ জ্ঞানে মানুহৰ জীৱন ক্ৰমান্নয়ে উন্নতৰ পৰা উন্নত স্তৰলৈ গৈছে। উদাহণস্বৰূপে – প্ৰযুক্তিৰ সহায় লৈ গোবৰৰ পৰা গোবৰ গেছ প্ৰস্তুত কৰি আৰু সূৰ্যৰ পৰা সৌৰশক্তি আহৰণ কৰি বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰিছে। সেয়ে ক’ব পাৰি যে মানৱ সভ্যতাত প্ৰযুক্তিয়ে যথেষ্ঠ সহায় কৰিছে।

() প্ৰযুক্তি অবিহনে আমাৰ জীৱনধাৰণ প্ৰণালী কেনেকুৱা হেঁতেন বৰ্ণনা কৰা।

উত্তৰ:- প্ৰযুক্তিয়ে আমাৰ জীৱন ধাৰণ প্ৰণালী অধিক সহজ আৰু আৰামদায়ক কৰি তুলিছে। প্ৰযুক্তিৰ অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী জটিল আৰু কষ্টকৰ হ’লহেতেন। চিলিণ্ডাৰ‌ গেছ আদি আৱিস্কাৰ হোৱাৰ আগতে মানুহে গছ কাটি খৰি কাটি খাদ্য বস্তু সিজাব লগীয়া হৈছিল ।কৃষকে কোৰ, নাঙল, হাল বায় পৰম্পৰাগত প্ৰদ্ধতিৰে অধিক শ্ৰম আৰু অধিক সময় ব্যয় কৰি খেতি কৰিব লগীয়া হৈছিল। কিন্তু প্ৰযুক্তি ফলত টেক্টৰ, পাৱাৰ টিলাৰে খেতি কৰাৰ ফলত কৃষকৰ কষ্ট  আৰু সময় ৰাহি হ’ল। দূৰ-দূৰণি ঠাইলৈ আগতে  মানুহে খোজ-কাঢ়ি বা জন্তুৰ পিঠিত উঠি যাব লগা হৈছিল যাৰ ফলত অধিক কষ্ট আৰু সময় লাগিছিল। যান-বাহন আৱিস্কাৰ হোৱাৰ পিছত দূৰ-দূৰণিৰ ঠাইলৈ অধিক কম সময়তে মানুহ যাব পৰা হ’ল। মুঠতে প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ শাৰীৰিক কষ্ট লাঘৱ কৰাৰ লগতে বহুখিনি সময় ৰাহি কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিলে। ইয়াৰ পৰা ইয়াকে গম পালো যে প্ৰযুক্তিৰ অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী অধিক কষ্টকৰ হ’লহেতেন।

() ‘ নদীৰ পানী প্ৰকৃতিৰ দান এনে ধৰে আৰু কি কি প্ৰকৃতিৰ দান আছে ? সেইবোৰক আমি কি কি কামত ব্যৱহাৰ কৰোঁ ? ব্যাখ্যা কৰা।

উত্তৰ:- আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বেছিভাগ বস্তু প্ৰকৃতিৰ পৰা ব্যৱহাৰ কৰি প্ৰযুক্তিৰ সহায়ত আমাৰ কামত ব্যৱহাৰ কৰো। উদাহৰণস্বৰূপে প্ৰকৃতিৰ পৰা পোৱা পানী আমি খোৱা পানী হিচাপে গ্ৰহণ কৰাৰ উপৰিও কৃষি আৰু উদ্যোগত ব্যৱহাৰ কৰো। গছ-গছনি প্ৰকৃতিৰ দান, আমি গছ-গছনিৰ পৰা প্ৰযুক্তিৰ সহায়ত আমাৰ প্ৰয়োজনীয় সা-সজুঁলি যেনে ঘৰ-দুৱাৰ, চকী-মেজ, বিচনা তৈয়াৰ কৰি লও। ইয়াৰ উপৰিও খাৰুৱা তেল প্ৰকৃতিৰে দান, এই খাৰুৱা তেল প্ৰযুক্তিৰ দ্বাৰা যান-বাহনৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰো। এনেদৰে আমি প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন সামগ্ৰী প্ৰযুক্তিৰ সহায়ত বিভিন্ন কামত ব্যৱহাৰ কৰো।

() খালী ঠাই পূৰ কৰা

() মানুহৰ অভাৱ………………

উত্তৰ:- অসীম।

() জীৱনধাৰণৰ মান ………………… কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক ………………….. 

উত্তৰ:- উন্নত, হাবিয়াস।

() মানৱ সভ্যতা …………………… আৰু ……………. সমন্বয়ৰ ফল।

উত্তৰ:- প্ৰকৃতি , প্ৰযুক্তিৰ।

() প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক………………. আৰু ……………….. কৰি তুলিছে।

উত্তৰ:- খৰতকীয়া, আৰমদায়ক।

() গোবৰৰ পৰা ……………….. আৰু সূৰ্যৰ ৰশ্মিৰপৰা ……………….. প্ৰস্তুত কৰা হয়।

উত্তৰ :- গোবৰগেছ, সৌৰশক্তি।

) অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধ কৈ লিখা

() অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত/ সীমাহীন।

উত্তৰ:- সীমিত।

(খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে/নালাগে।

উত্তৰ:- নালাগে।

(গ) প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত অহৰ্নিশে সহায়/ অসুবিধা কৰিছে।

উত্তৰ:- সহায়।

() প্ৰযুক্তিৰ সহায় নোলোৱাকৈ/ লৈ মানুহে সূৰ্য্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে। 

উত্তৰ:- লৈ।

(ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি/ অচিনাকি।

উত্তৰ:- চিনাকি।


Class 6 Social Science Chapter 19 Question Answer

Class 6 Social Science Chapter 19 Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


Class 6 Social Science Content

Sl. No.Contents
Chapter 1সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3পৃথিৱীৰ গতি
Chapter 4পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
Chapter 6পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Chapter 7অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি 
Chapter 8আমাৰ ভাৰত
Chapter 9কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10আদি প্ৰস্তৰ যুগ
Chapter 11আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12প্ৰাচীন নগৰীয়া সভ্যতা 
Chapter 13বৈদিক সভ্যতা 
Chapter 14মহাজনপদ
Chapter 15নতুন ভাবৰ উত্থান 
Chapter 16মৌৰ্য সাম্ৰাজ্য
Chapter 17আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Chapter 23কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment