Class 9 social science Chapter 1 Geography Class 9 Social Science Chapter 1 (Geography) ভূ-পৃষ্ঠৰ পৰিৱৰ্তন in assamese medium question answer|| Class 9|| ভূগোল খণ্ড || Class 9 social science chapter 1 Assamese Medium
📖 Chapter Overview (Assamese):
এই অধ্যায়টোত পৃথিৱীৰ ভূ-পৃষ্ঠত ঘটা পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। ভূমিকম্প, আগ্নেয়গিৰি, ক্ষয়, সঞ্চয় আদিয়ে কিদৰে ভূমিৰ গঠন আৰু আকৃতি পৰিৱৰ্তন কৰে, সেয়া ই ইয়াত বুজোৱা হৈছে।
ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
Geography class 9 social science assamese medium question answer|| Class 9|| ভূ-পৃষ্ঠৰ পৰিৱৰ্তন || ভূগোল খণ্ড Class 9 social science chapter 1 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
নৱম শ্ৰেণী
ভূগোল খণ্ড
ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
১ । ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগ জলভাগ আৰু স্থলভাগে ৰে গঠিত। পৃথিবীৰ মুঠ মাটকালিৰ ৭১ শতাংশ জলভাগে আৰু বাকী ২৯ শতাংশ স্থলভাগে আগুৰি আছে। ৭১শতাংশ মাটিকালিৰ আছে ৫খন কৈ মহাসাগৰ আৰু ২৯ শতাংশ মাটিকালিৰ আছে ৭খনকৈ মহাদেশ ।মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ-পৰ্বত, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাত, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব। তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো দেখা যায়।
ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰক বোৰে পৃথিৱীৰ উপৰিভাগৰ ভূ-অৱয়ব গঠন হোৱাত সহায় কৰে।
২। ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।
উত্তৰ:- কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ ফলত ভূ- পৃষ্ঠত পৰিৱৰ্তন ঘটে। ভূ- পৃষ্ঠৰ কিছুমান পৰিৱৰ্তন খুব লাহে লাহে হয় আৰু আন কিছুমান হঠাৎ বা কম সময়ৰ ভিতৰত হয় ।ভূ- পৃষ্ঠত পৰিবৰ্তন ঘটোৱা বাহ্যিক কাৰকবোৰ হ’ল – বতাহ, বৰষুণ সূৰ্যৰ উত্তাপ, হিমবাহ, নদী সাগৰৰ ঢৌ আদি আৰু আভ্যন্তৰীণ কাৰকবোৰ হ’ল – ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্গীৰণ আদি।
৩) বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।
উত্তৰঃ- ভূ- পৃষ্ঠত যিবোৰ কাৰকে বাহিৰৰ পৰা ক্ৰিয়া কৰে তেনেবোৰ কাৰকে বাহ্যিক কাৰক বোলে।
কেইটামান বাহ্যিক কাৰকৰ নাম হ’ল – সুৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি।
৪) ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?
উত্তৰঃ- ভূ- পৃষ্ঠত যিবোৰ কাৰকে ভিতৰ ফালৰ পৰা ক্ৰিয়া কৰে তেনেবোৰ কাৰকে আভ্যন্তৰীণ কাৰক বোলে। আভ্যন্তৰীণ কাৰকবোৰ আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে । আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰি থাকে। এইবোৰ কাৰকে সাধাৰণৰতে ভূ- পৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগতো অসমান কৰি ৰখাত অৰিহণা যোগায় । ভূমিকম্প সংঘটিত হ’লে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদ্গীৰণ সংঘঠিত হ’লে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়।
আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ আছে যাক ফলক বিৱতৰ্ণ বুলি কোৱা হয়। পৃথিবীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। সেয়েহে ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়।
(৫) নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্র আঁকা।

উত্তৰ:- এখন নদীয়ে ইয়াৰ উপনদী, শাখানদী, আদিৰ যোগেদি একো একোটা এলেকাৰ পানী নামনিলৈ কঢ়িয়াই নিয়ে । এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক নদী অৱবাহিকা বুলি কোৱা হয়। একোখন নদীৰ ক্ৰিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে।
৬) উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা।
উত্তৰ:- উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহত মিলিত হোৱা শাখা – নদীসমূহক উপনদী বোলে । ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদী হ’ল –
(১) কলং আৰু
(২) কপিলী।
৭) নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।
উত্তৰ: সাধাৰণতে নৈৰ পানীভাগ উচ্চ ভূমিৰ পৰা ক্রমে নামনিলৈ বৈ আহোঁতে নদী অৱবাহিকাৰ উপৰিভাগত স্বাভাবিকতে খনন কার্য সাধিত হয়। অৱশ্যে নৈ খননকাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন, অন্তৰভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আবৰণ, প্রবাহিত পানীৰ পৰিমাণ আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। নদী অৱবাহিকাৰ সকলো অংশতে কম-বেছি পৰিমাণে খনন কার্য চলে যদিও প্রধানকৈ নদীৰ গতিপথতহে খনন কাৰ্য সুস্পষ্ট হৈ পৰে।
নদী এখন উচ্চ ভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। কাৰন উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্রৱল, গতি পথ ঠেক আৰু গভীৰ হয়। সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে ।ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে । এনেদৰে নদীৰ পানী ভাগৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বোৱাই নিয়াৰ কাৰণে নদীয়ে দুয়োপাৰত খনন কাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয়। নদীৰ এনেদৰে হোৱা খনন কাৰ্যকে পাৰ খনন বা পাৰ্শ্বখনন বোলা হয়। গৰাখহনীয়া নদীৰ পাৰ্শ্বখননৰে পৰিণতি।
৮) নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায়।
উত্তৰঃ- নদী এখন উচ্চ ভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। কাৰন উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্রৱল, গতি পথ ঠেক আৰু গভীৰ হয়। সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে। ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে। এনেদৰে নদীৰ পানী ভাগৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বোৱাই নিয়াৰ কাৰণে নদীয়ে দুয়োপাৰত খনন কাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয় । নদীৰ এনেদৰে হোৱা খনন কাৰ্যকে পাৰ খনন বা পাৰ্শ্বখনন বোলা হয়। গৰাখহনীয়া নদীৰ পাৰ্শ্বখননৰে পৰিণতি।
(৯) অশ্বখুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।
উত্তৰঃ-

অশ্বখুৰা হ্ৰদ হ’ল নদীৰ খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা ঘোঁৰাৰ খূৰা আকৃতিৰ এটা হ্ৰদ।
এখন নদী সমতলৰ মৃদু ঢালেদি বৈ আহোঁতে ইয়াৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হৈ পৰে। নদীৰ পাৰ্শ্বখনন কাৰ্যই নদীৰ গতিপথ আৰু অধিক একা-বেঁকা কৰি তোলে। নদীৰ এনে গতিক বক্রগতি বা সৰ্পিল গতি বুলি কোৱা হয়। সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ ইমানেই ভাঁজযুক্ত হৈ পৰে যে কোনো কোনো ঠাইত বাৰিষাৰ বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত নদীখনে কঢ়িয়াব নোৱাৰাত পৰে। তেতিয়া নদীয়ে নিজৰ গতি পোন কৰি গতিপথৰ ভাঁজ থকা অংশ এৰি দিয়ে । নদীয়ে এৰি যোৱা অংশ ঘোঁৰাৰ খুৰা আকৃতিৰ হয়,আৰু পিছত পানী জমা হৈ হ্ৰদ বা বিলৰ সৃষ্টি হয় এনে হ্ৰদকঅশ্বখুৰা হ্ৰদ বোলা হয়।
১০) প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰঃ- প্লাৱনভূমি হ’ল নদীৰ অৱক্ষেপন কাৰ্যৰ ফলত সৃষ্টি হোৱা এক পলসুৱা সমতল ভূমি।
নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত নদীৰ গতিপথৰ দুয়োপাৰে গেদ জমা হয় ।যুগ যুগ ধৰি জমা হোৱা গেদৰ ফলত এক সমতল ভূমিৰ সৃষ্টি হয় ইয়াক প্লাৱন ভূমি বোলে। সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি, বোকা, পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে। এইবোৰেই কালক্ৰমত প্লাৱনভূমিৰ সৃষ্টি কৰে। প্লাবনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী।
১১) নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।
উত্তৰঃ- নদীৰ বুকুত বালি – বোকা জমা হৈ অৰ্থাৎ নদীৰ অৱক্ষেপন কাৰ্যৰ ফলত বালিচৰ বোৰৰ সৃষ্টি হয়। বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা নৈৰ মাজভাগত গঢ়ি উঠে । এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ – আকৃতিৰ। বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ – আকৃতিৰ পৰিৱৰ্তন ঘটায় ।খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে । আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু – বৰ অসংখ্য বালিচৰ দেখা যায়।
১২) ব–দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰঃ- নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিকদিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ । উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত নৈ গৈ পৰ , তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ ‘ব’ ৰ দৰে । সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয়।
১৩) মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা।
উত্তৰঃ- মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে । ধূলি – বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে।
১৪) অৱনমন বুলিলে কি বুজায়।
উত্তৰঃ- মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি – বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি – বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে।
১৫) বালিয়াৰিৰৰ সৃষ্টি কেনেকৈ হয়।
উত্তৰ: মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি – বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি – বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে। অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয় , তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল’ব পাৰে। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয়। বতাহৰ ধৰ্ম , গতিপথ , শক্তি আৰু উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰৰ আকাৰ-আকৃতি বেলেগ বেলেগ হয়। তদুপৰি মৰুভূমিবোৰৰ প্ৰাকৃতিক পৰিৱেশ একে নোহোৱাৰ কাৰণেও বালিৰ পাহাৰবোৰৰ মাজত পাৰ্থক্য দেখা যায়।
১৬) ইনছেলবাৰ্গ কি?
উত্তৰঃ- মৰুভূমিত অৱস্থিত একো একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰক ইনছেলবাৰ্গ বোলে। জাৰ্মান শব্দ ‘ইনছেলবাৰ্গ’ ৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত।
১৭) হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা।
উত্তৰঃ- পৃথিৱীৰ অতি শীতল অঞ্চলবোৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে। এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চ অংশবোৰ পৰে । এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ- পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়।
নদী আৰু হিমবাহৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল –
(ক) নদীৰ সোঁতৰ গতি প্ৰবল আৰু হিমবাহৰ সোঁতৰ গতি লেহেম।
(খ) নদীয়ে ক্ষিপ্ৰ গতিত ইয়াৰ খনন কাৰ্য্য চলায়। কিন্তু হিমবাহৰ খননৰ কাৰ্য্য লেহেমীয়া।
(গ) নদী গ্ৰীষ্ম প্ৰধান অঞ্চলত থাকে আৰু হিমবাহ শীত প্ৰধান অঞ্চলতহে থাকে।
১৮) গ্ৰাব কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।
উত্তৰঃ – হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে । এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰকে সামগ্ৰীকভাৱে গ্ৰাব বোলা হয় ।

গ্ৰাব চাৰিপ্ৰকাৰৰ যেনে –
(১) পাৰ্শ্ব গ্ৰাব :- হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাবক পাৰ্শ্বগ্রাব বুলি কোৱা হয়।
(২) ভূমিগ্ৰাব:- হিমবাহ উপত্যকাৰ তলিয়েদি বৈ অহা গ্ৰাবক ভূমিগ্রাব বোলা হয়।
(৩) মধ্য গ্ৰাব:- কেতিয়াবা কোনো বিশেষ ঠাইত দুফালৰপৰা অহা দুটা হিমবাহ মিলি দুয়োটা হিমবাহৰ পাৰ্শ্বগ্রাব সংযোজিত হৈ ডাঙৰ হিমবাহটোৰ মাজেৰে বাহিত হবলৈ ধৰে। এনে গ্ৰাবক মধ্যগ্রাব বুলি কোৱা হয়।
(৪) প্ৰান্ত গ্ৰাব:- হিমবাহৰ শেষ সীমাত জমা হোৱা গ্ৰাবক প্ৰান্তগ্রাব বোলে।
১৯) হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ: কেতিয়াবা কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহে । তেতিয়া সকলো ফালৰ পৰা চলা খননৰ ফলত পৰ্বতৰ শীৰ্ষাংশ চোকা জোঙৰ দৰে শৃংগৰ সৃষ্টি হয়। এনেদৰে হিমবাহৰ ক্ৰিয়া ফলত জোঙা শৃংগৰ সৃষ্টি হয়।
২০। উপকূল কাক বোলে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ-মহাসাগৰে আগুৰি আছে। সাগৰ-মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়।
২১ । বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
উত্তৰঃ ঢৌৱে সদায় ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ’লে তাত এক প্ৰকাৰৰ সমতল সদৃশ অৱয়ব সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়বক বালিয়াতট বোলা হয়। সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে।
উপকূলৰ বালিয়াতটবোৰে মানুহৰ বিনোদনৰ আকষৰ্ণ কেন্দ্ৰ।
(২২) সাগৰ– মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।
উত্তৰঃ- সাগৰ – মহাসাগৰৰ উপকূল অঞ্চলত বতাহ , বৰষূণ ,আৰু সাগৰৰ ঢৌবে ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে। ঢৌৰ ক্ৰিয়াৰ ফলতেই সাগৰ-মহাসাগৰৰ উপকূলত বিশেষ কিছুমান অৱয়বৰ সৃষ্টি হয়। উপকূলত সৃষ্টি হোৱা অৱয়ববোৰৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপনজনিত। উপকূল ভাগ গ্ৰেনাইট, বেছল্ট আদিৰ দৰে কঠিন শিলাৰদ্বাৰা গঠিত হ’লে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। সমুদ্ৰৰ তলীত ডাঙৰ ভূমিকম্প সংঘটিত হ’লে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তৰ ক্ষতিসাধন কৰে। এনে ধ্বংসাত্মক ঢৌক ছুনামি বোলা হয়।
২৩) তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাড় চিনেৰে দেখুওৱা।
কাৰক অৱয়ব
নদী – প্লাৱনভূমি
বালিয়াতট
ইনছেলবাৰ্গ
বতাহ – ব – দ্বীপ
বালিৰ পাহাৰ
পাৰ্শ্বগ্ৰাব
হিমবাহ – জোঙা শৃংগ
বালিচৰ
V – উপত্যকা
সাগৰৰ ঢৌ – অশ্বখুৰা হ্ৰদ
উপকূল
U – উপত্যকা
উত্তৰঃ (ক) নদী – (১) প্লাৱনভূমি
(২) ব – দ্বীপ
(৩) বালিচৰ
(৪) অশ্বখুৰা হ্ৰদ
(খ) বতাহ – (১) ইনছেলবাৰ্গ
(২) বালিৰ পাহাৰ
(গ) হিমবাহ – (১) পাৰ্শ্বগ্ৰাব
(২) জোঙা শৃংগ
(৩) U – উপত্যকা
(৪) V – উপত্যকা
(ঘ) সাগৰৰ ঢৌ – (১) বালিয়াতট
(২) উপকূল।
🧠 Chapter Summary (Assamese):
ভূ-পৃষ্ঠ এক নিৰন্তৰ পৰিৱর্তনশীল গঠন। ই দুটা প্ৰধান শক্তিৰ দ্বাৰা পৰিচালিত – অন্তৰ্গত (যেনে ভূমিকম্প, আগ্নেয়গিৰি) আৰু বাহ্যিক (যেনে ক্ষয় আৰু সঞ্চয়)। এইবোৰে পৰ্বত, উপত্যকা, নদীভূমি আদি গঠন কৰে। এই অধ্যায়টোত ইয়াৰ প্ৰক্ৰিয়া আৰু প্ৰভাৱ সম্পৰ্কে বিস্তৃত আলোচনা কৰা হৈছে।
📌 Important Links
- 📚 Class 9 All Subjects: Click Here
- 🧪 Class 9 Assamese: Explore Now
- 🌍 Class 9 Social Science: Check Here
- 🧪 Class 9 Science: Click Here
- 📚 অসমীয়া ৰচনা – Click Here
🔗 More Study Materials
🔔 Join Our Study Groups
📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now
▶️ Youtube Channel: Watch Now
Class 9 Social Science (Geography) in Assamese Medium