Assam Board Exam

Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Class 10 Social Science Chapter 2 Geography পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer

Class 10 Social Science Chapter 2

Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা- Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

ভূগোল খণ্ড


১) পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।

উত্তৰঃ- পৰিৱেশ  শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আৱশ্যকীয় উপাদানক সামৰি লয়। পৰিৱেশত জৈৱিক আৰু অজৈৱিক দুয়োটা উপাদানেই অন্তৰ্ভুক্ত হৈ থাকে। এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহেই পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্রয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে।

ভৌগলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল। পৃথিৱীৰ প্ৰাকৃতিক  অবস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলেৰে গঠিত ,সেইকেইটা হৈছে স্থলমণ্ডল , জলমণ্ডল , বায়ুমণ্ডল আৰু জীৱ মণ্ডল এই চাৰিটা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্ট  হোৱা অৱস্থাকে বহল অর্থত আমি পৰিৱেশ বুলি কওঁ। প্রখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিবেশ বোলা হয়।

২। পৰিবেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান হ’ল: 

(i) জৈৱ উপাদান: বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু ক্ষুদ্র ক্ষুদ্র অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্রাণী।

(ii) অজৈৱ উপাদান: মাটি , পানী , বায়ু আৰু সকলো জড় বা নির্জীৱ উপাদান।

৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।

উত্তৰঃ শিল , বালি , মাটি , খনিজ পদার্থ , পর্বত , পাহাৰ , মালভূমি , সমভূমি , নদী উপত্যকা , উপকূল আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়। ই  ভূপৃষ্ঠ মুঠ মাটকালিৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে।স্থলমণ্ডলৰ গুণাগুণ  আৰু  পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ তিনিটা মণ্ডল জলমণ্ডল , বায়ুমণ্ডল আৰু জীৱমণ্ডলে নির্ধাৰণ কৰে।

৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰঃ- সাগৰ, মহাসাগৰ, নদ, নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে।

৫) বায়ুমণ্ডল কিহেৰে গঠিত লিখা?

উত্তৰঃ- নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, হাইড্ৰ’জেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত।

৬) জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।

উত্তৰঃ- জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ, উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয় ।পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে – স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই- চিৰিকতি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে।

৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:  পৃথিৱীৰপৰিৱেশ স্থলমণ্ডল , বায়ুমণ্ডল , জলমণ্ডল আৰু জীৱমণ্ডল এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্রিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে। এই পৰিৱেশ পৰিৱৰ্তনশীল। স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে।

যিকোনো এটা গুৰুত্বপূর্ণ মণ্ডলত সংঘটিত হোৱা পৰিৱর্তনে পৰিবেশৰ অন্য তিনিওটা মণ্ডলকে প্রভাৱিত কৰে। যেতিয়া সূৰ্যৰ পৰা হোৱা অত্যধিক বিকিৰণৰ দ্বাৰা বায়ুমণ্ডল প্রভাবিত হয় তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলবো ক্ষতিসাধন হয়। ইয়াৰ জৰিয়তে বৰফ গলাৰ ফলত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ ভূপৃষ্ঠৰ উপকূলীয় অঞ্চলসমূহত বৃহৎ পৰিৱৰ্তন সংঘটিত হয়। ইয়াৰ ফলস্বৰূপে স্থলমণ্ডলৰ বহুতো অঞ্চল পানীৰ তলত বুৰ যায়। বায়ুমণ্ডলৰ অত্যধিক উষ্ণতাৰ ফলত স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলত বাস কৰা বহুতো অণুজীব, উদ্ভিদ তথা জীৱ-জন্তুৰ মৃত্যু হয়। আনহাতে, স্থলমণ্ডলত থকা গছ-গছনিসমূহ জধে-মধে কটাৰ ফলত অত্যধিক মাত্রাত সেউজগৃহ গেছসমূহ বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধি কৰিছে। যিটোৱে কেৱল পৃথিৱীৰ স্থলমণ্ডলত থকা জীৱসমূহৰে ক্ষতি কৰা নাই, বৰঞ্চ ই জলমণ্ডলৰ জীৱসমূহৰো ক্ষতিসাধন কৰিছে। এইদৰে এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজতে ওচৰ সম্বন্ধ আছে আৰু ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল।

৮। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

উত্তৰ: পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকসমূহ হ’ল:

(i) জনসংখ্যাৰ বৃদ্ধি।

(ii) ঔদ্যোগীকৰণ তথা নগৰীকৰণ।

(iii) পৰিৱেশত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱা।

(iv) নিৰ্বনানীকৰণ আৰু জলাশয়ৰ সংকোচন।

(v) পার্বত্য আৰু মৰু অঞ্চললৈ সম্প্ৰসাৰিত হোৱা মানৱ কার্যকলাপ।

৯) পৰিৱেশৰ সমস্যা মানে কি ব্য়াখ্যা কৰা।

উত্তৰঃ- এসময়ত যেতিয়া পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুত আছিল, তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল।

কিন্তু দিনে দিনে বৃদ্ধি হৈ অহা দ্রুত জনসংখ্যা, নগৰীকৰণৰ সম্প্ৰসাৰণ, ঔদ্যোগীকৰণ, নিৰ্বনানীকৰণ, জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ, জলাশয়ৰ সংকোচন আদিৰ ফলস্বৰূপে পৃথিৱীৰ চাৰিওটা মণ্ডলৰ উপাদানসমূহৰ মাজত থকা পাৰিপার্শ্বিক ভাৰসাম্যতা বিঘ্নিত হৈ পৰে। ইয়াৰ ফলতে প্ৰদূষণ, মৰকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, বৰফৰ গলন, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ দৰে বহুতো সমস্যাৰ উদ্ভৱ হৈছে। পৰিৱেশৰ লগত জড়িত এই সকলোবোৰ সমস্যাকে পাৰিৱেশিক বা পাৰিপার্শ্বিক সমস্যা বুলি কোৱা হয়।

১০। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

উত্তৰঃ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাবোৰক তিনিটা ভাগত ভগাব পাৰি সেইকেইটা হ’ল:

ক)      স্থানীয় সমস্যা,

খ)      আঞ্চলিক সমস্যা,

গ)      গোলকীয় সমস্যা।

(ক) স্থানীয় সমস্যা: উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ সমস্যা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত হয় সেই সমস্যাবোৰকে পৰিৱেশৰ স্থানীয় সমস্যা বুলি কোৱা হয়।উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা, ইত্যাদি।

খ) আঞ্চলিক সমস্যা: একো একোটা ভৌগােলিক অঞ্চলজুৰি সৃষ্টি হোৱা সমস্যাকে পৰিৱেশৰ আঞ্চলিক  সমস্যা বুলি কোৱা হয়। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী-অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ।

গ) গোলকীয় সমস্যা: সমগ্র বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যা বোৰকে গোলকীয়  সমস্যা বুলি কোৱা হয়।উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধি।

১১) পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।

উত্তৰ: উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ সমস্যা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত হয় সেই সমস্যাবোৰকে পৰিৱেশৰ স্থানীয় সমস্যা বুলি কোৱা হয়।উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা, ইত্যাদি।

১২) পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ- (i) অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা।

          (ii) মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা।

১৩) কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।

উত্তৰ: সমগ্র বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যা বোৰকে গোলকীয়  সমস্যা বুলি কোৱা হয়।উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধি।

১৪) পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।

উত্তৰঃ- পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে 一

১.      প্ৰদূষণ

২.      মৰুকৰণ

৩.      ভূমিস্খলন

৪.      ভূমিক্ষয়

৫.       গোলকীয় উত্তাপ বৃদ্ধি

৬.       কৃত্ৰিম বান

৭.       সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি।

১৫। প্ৰদূষণৰ অৰ্থ লিখা।

উত্তৰঃ কোনো বৰ্জিত বা অনিষ্টকাৰী পদার্থ বা দ্রব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱা প্রক্রিয়াকে প্রদূষণ বুলি কোৱা হয়।

১৬। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।

উত্তৰঃ পানী দূষিত কৰা পদাৰ্থ যেনে ৰাসায়নিক সাৰ , পদার্থকণা , অণুজীৱ বিকিৰণ , আদিৰ দৰে হানিকাৰক দ্রব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিবৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্রদূষণ বুলি কোৱা হয়।

1) পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষণ হয়।

২) উদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি বৈ যোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে।

3) কৃষিভূমিত ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগৰ ফলত সেইবোৰে  ওচৰ-পাজৰ অঞ্চলৰ পানী প্ৰদূষিত কৰে।

১৭) মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ- মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ’লে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু লগতে ইয়াৰ উৰ্বৰতা হ্ৰাস পায়। ইয়াকে মাটি প্ৰদূষণ বোলে।

মাটি প্ৰদূষণৰ কেইটামান কাৰণ হৈছে –

১.জলসিঞ্চন, ৰাসায়নিক সাৰ, কীটনাশক দৰৱ অত্যাধিক প্ৰয়োগ ফলত মাটি প্ৰদূষণ হয়।

২.ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই মাটি মিহলি হোৱাৰ ফলত মাটিপ্ৰদূষিত হৈছে।

৩. ভূ-গৰ্ভৰ পৰা খনিজ সম্পদবোৰ আহৰণ কৰোতে মাটি প্ৰদূষিত হয়।

4. খেতি পথাৰ, উদ্যোগ, ৰাস্তাঘাট আদি নিৰ্মাণৰ বাবে অত্যাধিক হাৰত হোৱা বনাঞ্চলসমূহ ধ্বংসৰ ফলত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হৈ মাটি প্ৰদূষণ হৈছে।

১৮) বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।

উত্তৰঃ- বায়ুমণ্ডলত বিভিন্ন প্ৰকাৰৰ গেছ যেনে নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই- অক্সাইড, মিথেন, আৰ্গন আদি নিৰ্দিষ্ট অনুপাতত থাকে। এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্যতা বজায় ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্যতা নষ্ট হ’লে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে।

প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ ফলত বায়ু প্ৰদূষণ হৈছে । উদাহণস্বৰূপে – প্ৰাকৃতিক কাৰক 一 আগ্নেয়গিৰি উদ্গীৰণ ফলত ওলোৱা ধোৱা, ধূলি, ছাই আৰু ছালফাৰ-ডাই- অক্সাইড গেছে বায়ু প্ৰদষণ কৰিছে।

বনজুই দহনৰ ফলতো বায়ুমণ্ডলৰ অনিষ্ট সাধন হয়।

মানৱ সৃষ্ট কাৰক 一শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ, জীৱাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত বায়ু প্ৰদূষণ হৈছে।

১৯। মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ পৃথিৱীৰ যিবিলাক অঞ্চলত কম পৰিমাণে বৰষুণ হয় আৰু অধিক মাত্রাত বাষ্পীভৱন হোৱাৰ ফলত উদ্ভিদ , মানুহ আৰু অন্যান্য প্রাণীৰ জীৱন ধাৰণ কষ্টকৰ তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায়। পৃথিৱীৰ ভূভাগৰ প্রায় ২০ শতাংশ মাটিকালি মৰুভূমি অঞ্চলসমূহে আগুৰি আছে।

মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্রকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নাইৰোবিত অনুষ্ঠিত এখন সন্মিলনত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো এনেধৰণৰ “ মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত এক মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।

২০। মৰুকৰণৰ- কাৰণ দর্শোৱা ৷

উত্তৰঃ মৰুকৰণ দুই প্ৰকাৰে সংঘটিত হয়:

(i) প্রাকৃতিক কাৰণ আৰু (ii) মানৱ কাৰণ

(i) প্রাকৃতিক কাৰণ: (ক) খৰাং বতৰ: বৰষূণৰ অভাৱত খৰাং বতৰৰ সৃষ্টি হয়। খৰাং অবস্থা মাটিৰ উৎপাদন ক্ষমতা  হ্ৰাস কৰাৰ উপৰিও উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলাই  মৰুকৰণৰ প্রক্রিয়া সৃষ্টি হোৱাত সহায় কৰে।

(খ) গোলকীয় উত্তাপ বৃদ্ধি: গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা উষ্ণতা বৃদ্ধিয়ে মৰুভূমিৰ পৰিৱেশ অধিক শুকান কৰি তুলি মৰুকৰণৰ প্রক্রিয়া দ্ৰুত গতিত হোৱাত সহায় কৰিছে।

(ii) মানৱজনিত কাৰণ: (ক) মানুহৰ কাৰ্যকলাপ:  মানুহৰ কার্যকলাপসমূহৰ ভিতৰত  অত্যধিক পশুচাৰণ , কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু নির্বনানীকৰণ আদি কাৰ্য্যই মৰুকৰণ হোৱাত সহায় কৰিছে

(খ) জনসংখ্যা বৃদ্ধি: জনসংখ্যা বৃদ্ধিয়ে মৰুভূমি অঞ্চলসমূহত মানুহৰ হেঁচা বৃদ্ধি কৰিছে , যিটোৱে মৰুভূমিৰ সম্প্ৰসাৰণৰ হোৱাত অৰিহণা যোগাইছে।

২১) মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?

উত্তৰঃ হয়,মৰুকৰণ সমস্যা সমাধান কৰিব পৰাটো সম্ভৱ । মৰুকৰণ সমস্যা ৰোধ কৰিবলৈ আমি কিছুমান ব্যৱস্থা হাতত লব পাৰোঁ। যেনে বনানীকৰণ , ৰষুণৰ পানী সংৰক্ষণ , মাটিৰ ক্ষয়ীভৱন ৰােধকৰণ , কৃত্রিম জলসিঞ্চন ব্যৱস্থাৰ নিৰ্মাণ , অর্ধ – অনুৰ্বৰ অঞ্চললৈ জলসিঞ্চন খাল সম্প্ৰসাৰণ আদি ।যিহেতু মৰুকৰণৰ সমস্যাটো কেৱল এখন দেশৰে সমস্যা নহয় , গতিকে আন্তর্জাতিক সহযোগ অবিহনে এই সমস্যাটো সমাধান কৰাটো অতি জটিল । মৰুকৰণ প্ৰক্ৰিয়াটো যিহেতু গােলকীয় উত্তাপ বৃদ্ধিৰ সৈতে জড়িত হৈ আছে , সেয়েহে গােলকীয় উত্তাপ হ্রাস কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে নিশ্চিতভাৱে মৰুকৰণ প্রক্রিয়া হ্রাস কৰিব।

২২) গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।

উত্তৰ: প্ৰাকৃতিক বা মানৱ-সৃষ্ট কাৰকৰ প্ৰভাৱত ভূ-পৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে। ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।

প্ৰাকৃতিক কাৰকঃ- বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত  সৌৰশক্তি শোষণ কৰিব পাৰে। এনে গেছ বোৰৰ ভিতৰত – কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়ে প্ৰধান। এই গেছ বোৰে পৃথিবীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা এনেবোৰ গেছক সেউজগৃহ গেছ বোলে। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে।

মানৱ-সৃষ্ট কাৰকঃ- বায়ুমণ্ডলত উত্তাপ বৃদ্ধিত সহায়ক হোৱা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ প্ৰধান কাৰক মানুহৰ কামকাজ। উদ্যোগ, কল-কাৰখানা, যান- বাহন, ৰেফ্ৰিজাৰেটাৰ, এ. চি.ৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে ধৰি বিভিন্ন সেউজগৃহ গেছৰ পৰিমাণ নিতৌ বাঢ়িছে। যিয়ে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰিছে।

২৩) গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।

উত্তৰঃ- গোলকীয় উত্তাপ বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব 一

(i) মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন

(ii) সাগৰ পৃষ্ঠৰ উত্থান

(iii) উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন

(iv) শস্য উৎপাদন হ্ৰাস

(v) মৰুকৰণ প্ৰক্ৰিয়া বৃদ্ধি পাব।

২৪। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ নিম্নেলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে:

(i) অপ্রয়োজনীয়ভাৱে গছ – গছনি কটা বন্ধ কৰিলে আৰু  অত্যাধিক হাৰত গছ-গছনি ৰোপণ কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰি।

(ii) বর্ধিত জনসংখ্যাৰ হাৰ নিয়ন্ত্রণ কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰি।

(iii)এ.চি., ৰেফ্ৰিজাৰেটৰ  আদিৰ দৰে ক্লৰ’ফ্লৰ’কার্বন নির্গত কৰা সঁজুলিসমূহৰ ব্যৱহাৰ হ্রাস কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হব।

 (iv) অনাৱশ্যকীয় বা অতিৰিক্ত উদ্যোগ আৰু যান-বাহনৰ চলাচল বন্ধ বা নিয়ন্ত্ৰণ কৰিব লাগিব।

(v) সৌৰশক্তি , বায়ুশক্তি , জৈৱশক্তি আদিৰ দৰে  অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হব।

(vi) মানুহৰ মাজত পৰিৱেশ সংৰক্ষণ আৰু সচেতনতা বৃদ্ধি কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হব।


Class 10 Social Science All Question AnswerClick Here


Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা­­­­­­­­­­­­­­­­­­­­­- Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment