Assam Board Exam

Class 10 History Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

Class 10 History Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম – সমাধান in Assamese Medium|| All Question Answer||

Class 10 Social Science ( History) Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম – Complete Question Answer in Assamese Medium

Class 10 History Chapter 2


দশম শ্ৰেণী

ইতিহাস খণ্ড 

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

অতি চমু উত্তৰৰ প্রশ্ন :

১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে হৈছিল ।

২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্রথমতে প্রয়োগ কৰিছিল?

উত্তৰঃ সত্যাগ্রহৰ কৌশল গান্ধীয়ে দক্ষিণ আফ্রিকাৰ নাটালত পোনপ্ৰথমতে প্ৰয়োগ  কৰিছিল ।

৩। ৰবীন্দ্রনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল? 

উত্তৰঃ জালিৱানৱালাবাগৰ  হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্যাগ কৰিছিল ।

৪। কাৰ কাৰ নেতৃত্বত ভাৰতৰ খিলাফৎ আন্দোলনৰ সূচনা হৈছিল? 

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ।

৫। চৌৰীচৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ চৌৰীচৌৰা ঘটনা ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল ।

৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? 

উত্তৰঃ চাইমন বিৰোধী প্ৰতিবাদত হোৱা পুলিচৰ লাঠি চালনাত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল।

৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?

উত্তৰঃ  ১৯২৯ চনত ভাৰতীয় জাতীয় কংগেছৰ জৱাহৰলাল নেহেৰুৰ সভাপতিত্বত বহা লাহোৰ অধিবেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।

৮। গান্ধীজীয়ে সৱৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল । সৱৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান? 

উত্তৰঃ গান্ধীজীয়ে সৱৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল । সৱৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব আছিল ৩৮৫ কিঃমিঃ । 

৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায়?

উত্তৰঃ সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা  যায় ।

১০। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল? 

উত্তৰঃ লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল।

১১। ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্রধানমন্ত্রীজনৰ নাম কিআছিল?

উত্তৰঃ ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্রধানমন্ত্রীজনৰ নাম হ’ল- ৰামছে মেকডোনাল্ডে।

১২। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম ‘ শ্লোগান দিছিল?

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম ‘ শ্লোগান দিছিল।

১৩। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা হ’ল- কেপ্টেইন মোহন সিং। 

১৪।  “মোক তেজ দিয়া , মই তোমালোকক স্বাধীনতা দিম ” এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? 

উত্তৰঃ “মোক তেজ দিয়া , মই তোমালোকক স্বাধীনতা দিম ” এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্র বসুৰ আছিল।

১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ ৰেখা নামেৰে জনা যায়।

১। সত্যাগ্রহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। 

উত্তৰঃ সত্যাগ্রহ’ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্রিকাত বৰ্ণবাদৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰতিবাদী সংগ্ৰামত সত্যাগ্ৰহ শব্দটো প্ৰয়োগ কৰিছিল। এই শব্দটো ‘সত্য’ আৰু ‘আগ্রহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অর্থ ‘সত্যৰ প্ৰতি আগ্ৰহ’, অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। সত্যগ্ৰহৰ ভিত্তি হ’ল অহিংসা।

যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

(ক) চম্পাৰণ: চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্রদান কৰিছিল,

(খ) খেড়া : খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল।

 (গ) আহমেদাবাদ: আহমেদাবাদত বঞ্চিত মিল শ্রমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল।  

এই প্রতিটো কার্যসূচীতে তেওঁ ‘সত্যাগ্রহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল

২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল? 

উত্তৰঃ প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, মুছলমানৰ ধৰ্মগুৰু খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বার্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্রহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। তেওঁ খিলাফৎ সমিতিক অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল’বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল।

৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

উত্তৰঃ অসহযোগ আন্দোলন আছিল সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ভাৰতীয় জনসাধাৰণৰ কৰা প্ৰথমটো আন্দোলন। অসহযোগ আন্দোলন আৰম্ভ কৰাৰ কাৰণ কেইটা আছিল –

(১) প্রথম বিশ্বযুদ্ধৰ ফলত ভাৰতৰ অর্থনীতি আৰু মানৱ সম্পদৰ ওপৰত বিৰূপ প্রভাৱ পৰা।

(২) ১৯১৯ চনৰ ৰাওলাট আইনৰ প্ৰণয়ণ।

(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড।

(৪) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ।

(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফৎ আন্দোলন।

উপৰোক্ত কাৰণবোৰৰ বাবে মহাত্মা গান্ধীয়ে অহিংসা প্ৰথাৰে ১৯২০ চনত ইংৰাজৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। এই আন্দোলনে মানুহৰ আৱেগক উজ্জীবিত কৰি তুলিছিল। হিন্দু-মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল। নানান ঠাইত বিদেশী সামগ্ৰী জ্বলাই দিয়া হৈছিল। বিদেশী ব্যয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। বৃহৎ সংখ্যক ছাত্র-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ কৰি আন্দোলনত জড়িত হৈ পৰিছিল। বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কংগ্ৰেছে বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। চৰকাৰী উকিল সকলে চৰকাৰৰ কোট-কাচাৰী ত্যাগ কৰি আন্দোলনত জপিয়াই পৰিছিল। মহিলা সকলে আন্দোলন চলাই নিবলৈ তিলক স্বৰাজ পুঁজি নামেৰে এটা সংগঠন গঢ়ি তুলিছিল। জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্রায় গোটেই দেশখনেই ভ্রমণ কৰিছিল।

কিন্তু এই আন্দোলন চলি থকা সময়তে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘর্ষত তিনিজন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিচক হত্যা কৰে। অহিংসা পথেৰে আৰম্ভ কৰা আন্দোলনত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ লগে-লগে এই অসহযোগ আন্দোলন বন্ধ কৰি দিছিল।

৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? 

উত্তৰঃ চাইমন কমিছনৰ বিফলতাৰ পিছত ১৯২৮ চনৰ কলিকতাৰ জাতীয় কংগ্ৰেছৰ অধিবেশনত ব্ৰিটিছ চৰকাৰক এই সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্রদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ’ব। কিন্তু ব্ৰিটিছ চৰকাৰে ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাছিল। তাৰ পৰিবৰ্তে লোণ আইন নামৰ এখন নতুন আইন জাৰী কৰিছিল। মহাত্মা গান্ধীয়ে এই আন্দোলনক প্ৰত্যাহ্বান জনাই সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিলৈ খোজ কাঢ়ি লোণ আইন ভংগ কৰিছিল লগতে স্বাধীনতা সংগ্ৰামৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ হোৱা বুলি ঘোষনা কৰিছিল।

          এই আন্দোলনত হাজাৰ হাজাৰ স্বাধীনতা প্ৰেমী পুৰুষ মহিলাই অংশ গ্ৰহণ কৰিছিল। বিভিন্ন ঠাইত প্ৰতিবাদী সভা, শোভাযাত্ৰা আদি গঢ়ি তোলা হৈছিল। আন্দোলন চলি থকা সময়তে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথম ঘুৰণীয়া মেজমেলত ভাৰতৰ পৰা কোনো এজন ব্যক্তি প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা নাছিল যাৰ বাবে কংগ্ৰেছে এই মেজমেল ব্যৰ্থ হোৱা বুলি ঘোষনা কৰিছিল। আন্দোলন দমন কৰাৰ বাবে চৰকাৰে গান্ধী আৰু নেহেৰুক গ্ৰেপ্তাৰ কৰিছিল যদিও জনসাধাৰণৰ প্ৰতিবাদত তেওঁলোকক এৰি দিবলৈ বাধ্য হৈছিল। অৱশেষত গান্ধী আৰউইন চুক্তিৰ দ্বাৰা এই আন্দোলনৰ সমাপ্তি ঘটিছিল।

৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজানে ? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ ১৯৪২ চনৰ মাৰ্চ মাহত ব্রিটিছ যুদ্ধ পর্যালোচনা সমিতিয়ে চাৰ ষ্টেনফোর্ড ক্রিপছক নতুন সাংবিধানিক প্রস্তাৱসহ ভাৰতলৈ প্ৰেৰণ কৰিছিল। তেওঁ ঠিক যুদ্ধৰ পিছতেই স্ব-শাসিত এখন ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল। তেওঁ ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰিছিল, কিন্তু তৎকালে ক্ষমতা হস্তান্তৰৰ বিষয়ে তেওঁ কোনো প্রস্তাৱ নিদিয়াৰ বাবে কংগ্ৰেছ আৰু মুছলিম লিগ দুয়ো পক্ষই তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল আৰু ভাৰতত্যাগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ অন্যান্য কাৰণবোৰ আছিল- জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূর্ববংগত সন্ত্রাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাব।

          ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচী এক মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজো। যদিও এই আন্দোলন দীর্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্রামত জনসাধাৰণৰ এই স্বতঃস্ফূর্ত অংশগ্রহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ছাত্র, মহিলা, খেতিয়ক আৰু শ্রমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কার্যসূচীলৈ পৰিণত কৰিছিল। ‘ভাৰত ত্যাগ আন্দোলন’ৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ থকা নাছিল। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰৰ লগত কৰিবলগীয়া এটাই বুজাপৰা বাকী আছিল সেয়া হ’ল কেৱল ক্ষমতাৰ হস্তান্তৰ।

৬। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমুটোকা লিখা। 

উত্তৰঃ ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্রথমে পোষণ কৰিছিল মালয়ত ব্রিটিছ সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে।

১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ’ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ গঠন কৰা হৈছিল। ইয়াৰ পিছত ১৯৪২ চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নির্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীবিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। বেংকক অধিবেশনে সুভাষ চন্দ্র বসুকো জাপানলৈ নিমন্ত্রণ জনায়। তেওঁক জাপানত উপস্থিত হোৱাৰ পিছতে ৰাসবিহাৰী বসুই ভাৰতীয় স্বতন্ত্র লীগৰ সভাপতিৰ আসন ত্যাগ কৰি সুভাষ বসুক উক্ত পদলৈ আদৰণি জনায়। লগতে আই এন এব সর্বোচ্চ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়। ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়। গঠন কৰি ব্ৰিটিছৰ-মুক্ত ভাৰত গঠনৰ সংকল্প গ্রহণ কৰে। ভাৰতীয় জাতীয় সেনা বাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু ‘জান্সি ৰাণী ৰেজিমেণ্টা নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’। ব্রিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্রহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্রাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্ম-সমর্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্ম- সমর্পণ কৰিবলৈ বাধ্য কৰে। ইয়াৰ পিছত ১৯৪৫ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হয় আৰু তাৰ লগে লগে ভাৰতীয় জাতীয় সেনা বাহিনীটোৰ যুদ্ধ জয়ৰ পৰিকল্পনাৰ অন্ত: পৰে।

Class 10 Social Science All Question Answer- Click Here


Class 10 Social Science ( History) Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment