Assam Board Exam

Class 7 Social Science Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ

Class 7 Social Science Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ – সমাধান in Assamese Medium|| All Question Answer

Class 7 Social Science Chapter 2

Class 7 Social Science Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ – Complete Question Answer in Assamese Medium


ভুগোল খণ্ড

পৃথিৱীৰ অভ্যন্তৰ ভাগ

অনুশীলনী

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) পৃথিৱীৰ পৃষ্ঠৰপৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰপৰা কেন্দ্ৰলৈ টা স্তৰেৰে গঠিত।

(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।

উত্তৰঃ ভূত্বক গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ।

(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল- ভূত্বক/গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।

উত্তৰঃ পৃথিৱীৰ গৰ্ভ মানে হ’ল- কেন্দ্ৰমণ্ডল।

(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।

উত্তৰঃ জীৱাষ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়।

(ঙ) আটাইতকৈ টান মণিকবিধ হ’ল সোণ/হীৰা/দস্তা।

উত্তৰঃ আটাইতকৈ টান মণিকবিধ হ’ল হীৰা।

২। খালী ঠাই পূৰ কৰা–

(ক) ভূপৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে ___________________ বাঢ়ি গৈ থাকে।

উত্তৰঃ ভূপৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে।

(খ) ভূত্বক স্তৰক __________________ বুলিও জনা যায়।

উত্তৰঃ ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায়।

(গ) মাটি _______________ আৰু _________________ পদাৰ্থৰে গঠিত।

উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত।

(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ___________________ শিল বোলে।

উত্তৰঃ মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে।

(ঙ) মণিকবোৰ সাধাৰণতে ___________________ পদার্থ।

উত্তৰঃ মণিকবোৰ সাধাৰণতে কঠিন পদার্থ।

৩। চমু উত্তৰ লিখাঃ (৩০টা মান শব্দৰ ভিতৰত)

(ক) ভূত্বক বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগত থকা পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ ভুত্বকতে অৱস্থিত। ভুত্বকটো গড়ে প্ৰায় ২০ কিলোমিটাৰ ডাঠ। ভূ-ত্বকৰ শিলবোৰ সাধাৰণতে ছিলিকন এলুমিনিয়াম পদাৰ্থৰে গঠিত বাবে ইয়াক ছিয়াল স্তৰ বোলা হয়। ইয়াৰ ছিয়াল (sial) শব্দই Si য়ে ছিলিকন আৰু Al শব্দয়ে এলুমিনিয়ামক বুজাইছে।

(খ) আগ্নেয় শিল কাক বোলে?

উত্তৰঃ প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোৰ ফাঁট মেলিলে সেই ফালেদি মেগমাবোৰ বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ-পৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফল তাপ বিকিৰণ কৰি গোট মাৰি আগ্নেয় শিলৰ সৃষ্টি হয়। আনহাতে কেতিয়াবা এই মেগমাবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি শীতল হৈ ভূ-পৃষ্ঠৰ ভিতৰতো এই শিলৰ সৃষ্টি হয়।

(গ) মাটি বুলিলে কি বুজা?

উত্তৰঃ শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূর্ণ-বিচূর্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হৈ যি কোমল অংশৰ সৃষ্টি কৰে তাক মাটি বোলে। মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত।

(ঘ) মণিক কি?

উত্তৰঃ পৃথিৱীত প্রাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থ সমূহেই হ’ল মনিক। মনিকবোৰ সাধাৰণতে কঠিন পদার্থ। বৰণ, বৰ্ণৰেখা, ৰূপ আৰু স্বচ্ছতা আদিবোৰ হৈছে মনিকৰ মূল ধর্ম। মনিক দুই ভাগত ভাগ কৰিব পাৰি। (ক)  শিল গঠনকাৰী মনিক আৰু (খ) আকৰ গঠনকাৰী মনিক।

(ঙ) হিউমাছ’ কাক বোলে?

উত্তৰঃ সাধাৰণতে মাটিৰ জৈৱিক উপাদানকেই হিউমাছ বোলে। মাটিত মিহলি হৈ থকা গছ- গছনিৰ ডাল-পাতৰ অংশ, বিভিন্ন জীৱ-জন্ত কীট-পতংগৰ মৃতদেহ, বৃষ্ঠা আদি ৰ’দত শুকাই পানীত পচি আৰু অনুজীৱৰ প্ৰভাৱত হিউমাচৰ সৃষ্টি হয়।

৪। উত্তৰ লিখা– (১০০টা মান শব্দৰ ভিতৰত)

(ক) পৃথিৱীৰ পৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি? চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰপৰা কেন্দ্রলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সেইবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ মূল তিনিটা স্তৰ চিনাক্ত কৰি ভাগ কৰা হৈছে। 

পৃথিৱীৰ  অভ্যন্তৰ ভাগৰ স্তৰসমূহ

এই স্তৰ তিনিটা হ’ল ক্রমে– 

(ক) ভূত্বক

(খ) গুৰুমণ্ডল

(গ) কেন্দ্রমণ্ডল

(ক) ভূত্বক: পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অবয়ৱসমূহ ভূত্বকতে অৱস্থিত। ভূত্বকৰ গভীৰতা আন দুটা স্তৰতকৈ কম। ই গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ। অৱশ্যে মহাদেশীয় অংশত ই ১৬ কিল’মিটাৰৰ পৰা ৬০ কিল’মিটাৰ ডাঠ আৰু মহাসাগৰ তলিত ই মাত্র ৫ কিল’মিটাৰৰ পৰা ১০ কিল’মিটাৰ পর্যন্তহে ডাঠ। ভূ-ত্বকটো ছিলিকন (Si) আৰু এলুমিনিয়াম (Al) জাতীয় পদাৰ্থৰে গঠিত বাবে ইয়াক Sial স্তৰ বুলি কোৱা হয়।

 (খ) গুৰুমণ্ডল: ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ’ল গুৰুমণ্ডল। এই স্তৰটো প্রায় ২,৯০০ কিল’মিটাৰ ডাঠ। এই স্তৰটো সাধাৰণতে ছিলিকন (Si) আৰু মেগনেছিয়াম (Ma) য়ে গঠিত বাবে ইয়াক ছিমা (sima) স্তৰ বোলা হয়।

(গ) কেন্দ্রমণ্ডল: গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱেই হ’ল কেন্দ্রমণ্ডল। ইয়েই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্রায় ৩,৪৮৬ কিল’মিটাৰ ডাঠ। এই স্তৰটো লো আৰু নিকেলে গঠিত বাবে ইয়াক Nife (নিফ) স্তৰ বুলি কোৱা হয়। ইয়াৰ Ni শব্দই য়ে ‘নিকেল’ ক বুজাইছে আৰু Fe য়ে ‘লো’ ক বুজাইছে।

(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা।

উত্তৰঃ উৎপত্তি অনুযায়ী শিলক তিনি প্ৰকাৰে ভাগ কৰিব পাৰি। এই তিনি প্ৰকাৰৰ শিল হ’ল– 

(ক) আগ্নেয় শিল।

(খ) গেদীয় শিল। আৰু

(গ) ৰূপান্তৰিত শিল।

(ক) আগ্নেয় শিল: প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোৰ ফাঁট মেলিলে সেই ফালেদি মেগমাবোৰ বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ-পৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফল তাপ বিকিৰণ কৰি গোট মাৰি আগ্নেয় শিলৰ সৃষ্টি হয়। আনহাতে কেতিয়াবা এই মেগমাবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি শীতল হৈ ভূ-পৃষ্ঠৰ ভিতৰতো এই শিলৰ সৃষ্টি হয়।

(খ) গেদীয় শিল: পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয়শিল কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক ক্রিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুর্বল হৈ ভাঙিবলৈ ধৰে। পিছত এই ভগা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্রদ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি জমা হয়, তেতিয়া এহাতে ওপৰৰ গেদৰ প্ৰচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ থকা লো, চুণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলে।

(গ) ৰূপান্তৰিত শিল: আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে।

(গ) শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ (ক) পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদার্থবোৰকে শিল বোলা হয়। আনহাতে, শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূর্ণ-বিচূর্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হৈ যি কোমল অংশৰ সৃষ্টি কৰে তাক মাটি বোলে।

(খ) শিলবোৰ সাধাৰণতে কঠিন আনহাতে মাটিবোৰ সাধাৰণতে কোমল।

(ঘ) “মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে”- কথাষাৰ বুজাই লিখা।

উত্তৰঃ মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। মাটিৰ লগত জীৱ-জগতৰ এক ওতঃপ্রোত সম্পর্ক আছে। আমাৰ জীৱন যাত্ৰা, আচাৰ ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্ৰতিষ্ঠান, যাতায়ত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰতেই নিৰ্ভৰশীল। মাটিৰ অংশ হিচাপে পর্বত-পাহাৰ, মালভূমি-সমভূমি আদিতো জীৱজগতৰ আবাসস্থলী। জলমণ্ডল, মৰুপ্ৰধান আৰু শীত প্ৰধান অঞ্চলটো জীৱজগত বিদ্যমান। মাটিত পোৱা বিভিন্ন খনিজ পদাৰ্থ যেনে নাইট্ৰজেন, পটেছিয়াম, লো, তাম আদিয়ে উদ্ভিদ বংশ বৃদ্ধিত সহায় কৰে।

(ঙ) “মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য” কথাষাৰ বুজাই লিখা।

উত্তৰঃ মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শিলৰ পৰাই মাটি সৃষ্টি হয়। শিলবিলাক সময়ৰ সোঁতত জলবায়বীয় কাৰক যেনে শীত , তাপ, বতাহ, ৰ’দ, বৰষুণ আদিৰ প্ৰভাৱত জহি-খহি, চূর্ণ-বিচুর্ণ হৈ মাটিৰ সৃষ্টি হয়।

(চ) ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা।

উত্তৰঃ ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱজগতক বিশেষভাৱে প্ৰভাৱ পেলাইছে। ভূ-ত্বকত পোৱা বিভিন্ন খনিজ পদাৰ্থ যেনে নাইট্ৰজেন, পটেছিয়াম, মেগনেছিয়াম, ছালফাৰ, লো, তাম আদিয়ে উদ্ভিদ আৰু জীৱৰ বৃদ্ধি আৰু বিকাশত অৰিহনা যোগায়। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় খাদ্য দ্ৰৱ্য, নানান ধৰণৰ সামগ্ৰী, বাসস্থান আদি ভূ-ত্বকত পোৱা শিল, মাটি, মণিকৰ পৰাই আহৰণ কৰা হয়।

Class 7 Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment