Assam Board Exam

Class 9 History Chapter 1 ভাৰতবৰ্ষলৈ ইউৰীপীয় সকলৰ আগমন

Class 9 History Chapter 1 ভাৰতবৰ্ষলৈ ইউৰীপীয় সকলৰ আগমন in Assamese Medium|| All Question Answer

Class 9 History Chapter 1

Class 9 Social Science ( History) Chapter 1 ভাৰতবৰ্ষলৈ ইউৰীপীয় সকলৰ আগমন- Complete Question Answer in Assamese Medium


অতি চমু  প্ৰশ্ন উত্তৰ :

/ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ পোন প্ৰথমে উপস্থিত হৈছিল?

উত্তৰ :- ভাৰত আৰু পাশ্চাত্যৰ মাজত  সাগৰীয় পথ আবিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিকজন হ‘ল ভাস্ক‘-ডা–গামা।তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোন প্ৰথমে উপস্থিত হৈছিল।

২/ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাৱিকজন কোন আছিল?

উত্তৰঃ– জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাৱিকজন হ’ল ফান্সিছ ড্ৰেক।

৩/ ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল?

উত্তৰ:- ভাৰত ভূমিত পোন প্ৰথমে ‘জন মিলডেন হল’ নামৰ এজন ইংৰাজ নাৱিকে  ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতিপত্ৰ লৈ ১৫৯৯ খ্ৰীষ্টাব্দত ভাৰতত প্ৰৱেশ কৰিছিল।

৪/ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক’ত গঠন হৈছিল?

উত্তৰ :- ১৬০০ খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া  কোম্পানী লণ্ডনত গঠন হৈছিল।

৫. ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য় লিখা?

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিলঃ-

        ক) বেহা-বেপাৰ কৰা।

        খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

৬/ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?

উত্তৰ:- ইংৰাজ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপিত হৈছিল।

৭/ ‘ফৰ্ট উইলিয়াম’ কি?

উত্তৰঃ ‘ফৰ্ট উইলিয়াম হৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ৰখা এটা বাণিজ্য কুঠী।

৮/ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা।

উত্তৰঃ – পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ দুটা  হ’ল –

(ক) প্ৰথমটো, মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে।

(খ) দ্বিতীয়টো ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।

৯/ ‘ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল?

উত্তৰ:- ‘ভাৰত চৰকাৰ আইন’১৮৫৮ খ্ৰীষ্টাব্দত ২ আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল।

এই আইনখনৰ উদ্দেশ্য আছিল – ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া।

১০/ ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ‘ভাৰতীয় পৰিষদ আইন’ প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।

দীঘলীয়া প্ৰশ্নৰ উত্তৰ

১/ ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।

উত্তৰ: ১৬০০ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা ভাৰতবৰ্ষৰ লগত  ব্যৱসায় কৰাৰ অনুমতি লাভ কৰিছিল। মোগল সম্ৰাট জাহঙ্গীৰৰ ৰাজত্ব কালত উইলিয়াম হকিন্সক ভাৰতবৰ্ষৰ লগত ব্যৱসায় কৰাৰ অনুমতি আদায়ৰ বাবে পঠিয়ায় কিন্তু জাহাঙ্গীৰে তেওঁক বিশেষ গুৰুত্ব প্ৰদান নকৰাত তেওঁ বিফল হৈ উভতি আহে। পৰবৰ্তী কালত টমাছ ৰ ‘ নামৰ আন এজন ইংৰাজ সদাগৰক অনুমতি লাভৰ বাবে ভাৰতলৈ পঠিয়ায়।এইবাৰ জাহাঙ্গীৰে কোম্পানীক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ বাবে অনুমতি দিয়ে ।পৰবৰ্তী সময়ত ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্রাট ফাৰুখছিয়াৰক  সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্রস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্রাট ফাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্রান্ত সম্রাট ফাৰুখছিয়াৰক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেমিলটনে  চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সঁজাতী দলটোৰ প্ৰতি সম্রাটে সদয়ৰ ভাব দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইন্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নির্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।

এনেদৰেই ইংৰাজে ভাৰতত বেহা বেপাৰৰ পাতনি মেলিছিল।

২/ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা।

উত্তৰ: বাণিজ্যিক উদ্দেশ্যে ইংৰাজে ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় শাসকৰ দুর্বলতাৰ সুযোগ লৈ ৰাজনৈতিক দিশটোত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

      ১৬১১ খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। ১৬৩৬ খ্ৰীষ্টাব্দত কোম্পানিয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। ১৬৩৯ খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেন্ট জৰ্জ।

            ১৬৬১ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্টুগীজ ৰাজকণ্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল।ৰজা চাৰ্লছে ১৬৬৮ খ্ৰীষ্টাব্দত পঞ্চাশ হেজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল।

            ১৬৯০ খ্ৰীষ্টাব্দত জন চাৰ্ণক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাৱৰ লগত কৰা এখন চুক্তিৰ যোগেদি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালীঘাট ,সূতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জামিদাৰী স্বত্ত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়ই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল।

৩/ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।

উত্তৰঃ– ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ’ল – ৰবাৰ্ট ক্লাইব।

তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰা কৌশল চাৰিটা হ’ল –

ক/ ৰবাৰ্ট ক্লাইবে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।

খ/ তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰে পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল।

গ/ বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযোধ্যাৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে  কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিৰ্সজন দিব লগা হৈছিল।

ঘ/ পলাচী যুদ্ধত  বংগ ,বিহাৰ আৰু উৰিষ্যাৰ নৱাব ছিৰাজ উদ্-দৌলাক  চল চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰি ব্ৰিটিছ  সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।

৪/ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা।

উত্তৰঃ– ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ হ’ল –

ৰাজনৈতিক কাৰণঃ লর্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা স্বত্ববিলোপ নীতি আৰু ৱেলেচিয়ে প্রবর্তন কৰা কৰদ মৈত্রী প্রথাই ভাৰতীয় দেশীয় ৰজা- মহাৰজাক অসন্তুষ্ট কৰিছিল। স্বত্ববিলোপ নীতি  অনুসৰি কোনো দেশীয় ৰজাৰ নিজা পুত্র সন্তান নাথাকিলে তোলনীয়া পুতেকক ৰজা হিচাপে ঘোষণা কৰিব নোৱাৰিব। তেওঁৰ মৃত্যুৰ পিছত ৰাজ্যখন ইংৰাজ সাম্রাজ্যৰ অন্তর্ভুক্ত হব। কৰদ মৈত্রী প্রথা অনুসৰি দেশীয় ৰজাই ব্রিটিছ সেনাবাহিনী এটাক পোহপাল দিব লগা হৈছিল।

অৰ্থনৈতিক কাৰণ- ইংৰাজ চৰকাৰে কোনো কাৰণ নোহোৱাকৈ মাটিৰ খাজনাকে ধৰি অন্যান্য কৰ কাটাল আৰোপ কৰাৰ লগতে তাৰ পৰিমাণ দিনক দিনে বৃদ্ধি কৰিছিল, যাৰ ফলত ভাৰতবৰ্ষৰ জনসাধাৰণৰ আর্থিক অৱস্থা বেয়াৰ পিনে গৈছিল।

সামৰিক আৰু ধৰ্মীয় কাৰণ – ইংৰাজে ভৰতীয় লোকক সৈনিক হিচাপে নিয়োগ কৰিছিল। কিন্তু এই সৈনিক সকলৰ দা দৰমহা বা অন্যান্য সা সুবিধা ইউৰোপীয় সৈনিকৰ তুলনাত কম আছিল লগতে ভাৰতীয় সৈনিকক কিছুমান ধৰ্ম বিৰোধ কাম কৰিবলৈ বাধ্য কৰাইছিল,যাৰ ফলত ভাৰতীয় সৈনিক সকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈছিল।

তৎকালীন কাৰণ – চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ।এই ৰাইফলৰ গুলিটো ব্যৱহাৰ কৰোঁতে ইয়াৰ ওপৰৰ তৰপটো মুখেৰে কামুৰি চিঙি দিব লাগিছিল। এটা সময়ত প্ৰচলন হৈছিল যে তাত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ হয়। এই কথা গম পোৱাৰ লগে লগে ভাৰতীয় চিপাহীয়ে এই গুলি ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল আৰু চিপাহী বিদ্ৰোহ আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল।

৫/ চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।

উত্তৰঃ– চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল তলত উল্লেখ কৰা হ’ল–

(ক) চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ গৃহ চৰকাৰৰ হাতলৈ গৈছিল।

(খ) এই বিদ্ৰোহৰ পিছত ইংৰাজ চৰকাৰে কোম্পানীৰ সময়ত থকা সকলো অনুষ্ঠানৰ অৱসান ঘটাই নতুন শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল।

(গ) চিপাহী বিদ্ৰোহে ভাৰতীয় সমাজৰ পৰা জাতিভেদ প্ৰথা, উচ্চ নীচৰ, ধনী দুখীয়াৰ ব্যৱধান নোহোৱা কৰিছিল।

(ঘ) চিপাহী বিদ্ৰোহে সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰি এখন আধুনিক ভাৰতবৰ্ষৰ জন্ম দিয়াত অৰিহণা যোগাইছিল।

৬/ ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰঃ– ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ’ল –

(ক) ভাৰত চৰকাৰ আইনৰ দ্বাৰা ভাৰতৰ শাসনভাৰ কোম্পানিৰ হাতৰ পৰা ইংৰাজ চৰকাৰৰ হাতলৈ গৈছিল।

(খ) এই আইনৰ দ্বাৰা কোম্পানীৰ সময়ত শাসনৰ দায়িত্বত থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটোৱা হৈছিল।

(গ) ভাৰতবৰ্ষ শাসনৰ বাবে ভাৰত সচিবক নিযুক্তি দিয়া হৈছিল লগতে তেওঁক সহায় কৰাৰ বাবে পোন্ধৰজনীয়া এখন পৰিষদ গঠন কৰা হৈছিল।

(ঘ) এই আইনে গৱৰ্ণৰ জেনেৰেলক সৰ্ব্বোচ্চ শাসনকৰ্তাত পৰিণত কৰিছিল।

৭. লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয় লিখা।

উত্তৰঃ লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে তলত দিয়া হ’ল-

(ক) লৰ্ড কেনিঙে বছৰি পাঁচশ টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল।

(খ)  তেওঁ ভাৰতবৰ্ষ বিভিন্ন জাতি ধৰ্মৰ লোকক একগোট কৰি এটা মিশ্ৰিত সামৰিক বাহিনী গঠন কৰিছিল।

৮/ ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা।

উত্তৰঃ– ‘ভাৰতীয় পৰিষদ অইন‘ৰ দুটা গুণ হ’ল –

(i) ‘ভাৰতীয় পৰিষদ আইনে’ ভাৰতবৰ্ষক প্রথমবাৰৰ বাবে আধুনিক শাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰাই দিছিল।

(ii) এই আইনৰ দ্বাৰা ভাৰতীয় সকলে প্রথমবাৰৰ বাবে শাসনত অংশগ্রহণ কৰাৰ সুবিধা পাইছিল।

দোষ-

(ⅰ) ‘ভাৰতীয় পৰিষদ আইনে’ ভাৰতীয়সকলক শাসনত অংশগ্রহণ কৰাৰ সুবিধা দিছিল যদিওঁ ই কেৱল ধনী শ্রেণীব বা উচ্চ বংশজাত লোকৰ মাজতহে সীমাবদ্ধ আছিল।

(ii) ভাৰতীয় পৰিষদ আইনে বংগৰ গৱৰ্ণৰক অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰি তুলিছিল।

৯/ ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।

উত্তৰ: লর্ড ৰিপনে ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ব শাসনৰ বাট মুকলি কৰিছিল। তেওঁ স্থানীয় প্ৰশাসন ব্যবস্থাত এটা পৰিবর্তন আনিছিল যত প্রশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ মাধ্যম হিচাপে গ্রহণ কৰাৰ সুবিধা থাকে। ১৮৮২ খ্রীষ্টাব্দত তেওঁ প্রত্যেকটো মহকুমাতে একোখনকৈ লোকেল বোৰ্ড বা আঞ্চলিক পৰিষদ গঠন কৰিছিল লগতে গাঁও অঞ্চলসমূহত একোখনীকে প্রাথমিক ব’র্ড গঠন কৰিছিল। গাঁৱ অঞ্চলৰ দৰে নগৰ অঞ্চলসমূহো স্থানীয় স্বায়ত্ব শাসনৰ তলতীয়া হৈছিল। নগৰীয়া এলেকাত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰ পালিকাত শতকৰা পয়সঁত্তৰ জন সদস্যকে নির্বাচনৰ যোগেদি বাঁচনি কৰাৰ ব্যৱস্থা কৰা হিছিল। লর্ড ৰিপনে স্বায়ও শাসনৰ ক্ষেত্ৰত কৰা সংস্কাৰসমূহ ইংৰাজ্য চৰকাৰে গ্রহণ কৰা নাছিল যাৰ ফলত এইবোৰ সম্পূর্ণ হোৱা নাছিল।

১০. অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা।

উত্তৰ: ১৮ ৩৩ খ্ৰীষ্টাব্দৰ এখন আইনে ভাৰতীয়ক লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্রত অৰ্হতা নিৰ্ধাৰণৰ ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল যদিও কোম্পানীৰ হেমাহিৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। ১৮৫৩ খ্রীষ্টাব্দত লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় লোককো অবতীর্ণ হোৱাৰ অনুমতি দিছিল, কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে মাত্র কিছুসংখ্যকেহে এই পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিছিল। ১৮৬৫ খ্রীষ্টাব্দলৈকে এই পৰীক্ষাৰ সর্বোচ্চ বয়সৰ সীমা আছিল ২২ বছৰ কিন্তু ২২ বছৰৰ ঠাইত ২১ বছৰ কৰি দিয়াৰ লগে লগে ভাৰতীয়ৰ মাজত আৰু সমস্যাই গা কৰি উঠিছিল। এনেকুৱা কঠিন পৰিস্থিতিটো সত্যেন্দ্র নাথ ঠাকুৰে প্রথমবাৰৰ বাবে এই পৰীক্ষাত উত্তীর্ণ হৈছিল।   ইংৰাজ চৰকাৰৰ এনেবোৰ  বাধাৰ বিৰুদ্ধে ভাৰতীয় জনসাধাৰণে প্রতিবাদ সাব্যস্থ কৰিছিল আৰু ইংৰাজেও বাধ্য হৈ অসামৰিক সেৱাৰ পৰীক্ষাৰ নিয়মবোৰ  শিথিল কৰিছিল যাৰ ফলত প্রত্যেক বছৰে ভাৰতীয় সকলেও পৰীক্ষাত অৱতীর্ণ হৈ সফলতা লাভ কৰিছিল।

১১/ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ– ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হ’ল–

(i) ব্রিটিছ অধীন ভাৰতত অসামৰিক লোকসেৱা ব্রিটিছ চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল। আনহাতে, স্বাধীন ভাৰতত অসামৰিক লোকসেৱা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয়।

(ii) ব্রিটিছ অধীন ভাৰতত অসামৰিক লোকসেৱা বয়সৰ সীমা আছিল ২১ বছৰ। আনহাতে, স্বাধীন ভাৰতত লোকসেৱাৰ বয়সৰ সীমা ২১ তকৈ বেছি।

(iii) ব্রিটিছৰ শাসনকালত লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ডত অনুষ্ঠিত হৈছিল আনহাতে, স্বাধীন ভাৰতত লোকসেৱাৰ পৰীক্ষাসমূহ ভাৰততে অনুষ্ঠিত হয়।


Class 9 Social Science All Question Answer- Click Here


Class 9 Social Science ( History) Chapter 1 ভাৰতবৰ্ষলৈ ইউৰীপীয় সকলৰ আগমন – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment