Assam Board Exam

Class 12 Political Science Chapter 2 দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বি-মেৰুৰ পৰিসমাপ্তি

Class 12 Political Science Chapter 2 in Assamese Medium দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বি-মেৰুৰ পৰিসমাপ্তি – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

Class 12 Political Science Chapter 2 (Part 1) দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বি-মেৰুৰ পৰিসমাপ্তি || সমসাময়িক বিশ্ব ৰাজনীতি All Question Answer


দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড

দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বি-মেৰুৰ পৰিসমাপ্তি

1. ছোভিয়েট ব্যৱস্থা বুলিলে কি বুজা? ছোভিয়েট ব্যৱস্থাৰ দুৰ্বলতা সমূহ আলোচনা কৰা।

 উঃ-1917 চনৰ বলছেভিক  বিপ্লৱৰ পিছত ছোভিয়েট ইউনিয়ন গঠন কৰা হয়। লেনিনৰ নেতৃত্বত প্রতিষ্ঠিত ছোভিয়েট সংঘ সমাজবাদী আদর্শ আৰু সমতা নীতিৰ ওপৰত প্রতিষ্ঠিত।

ছোভিয়েট ব্যবস্থা বুলিলে সমাজবাদী আদর্শক বুজোৱা হয়। যিটো পুঁজিবাদৰ বিপৰীত। সেয়েহে সমাজবাদে ব্যক্তিগত মালিকানা আৰু ব্যক্তিগত সম্পত্তি ব্যৱস্থাৰ উচ্ছেদ সাধন কৰি সমতাৰ ভিত্তিত সাম্যবাদী সমাজ গঠন কৰিছিল। উৎপাদন ব্যৱস্থাৰ ৰাষ্ট্রীয়কৰণ, উৎপাদিত সামগ্রীৰ সমবিতৰণ আদি কার্যকৰী কৰি ছোভিয়েট সমাজৰ পৰা শোষন, বৈষম্য আৰু অসমতা দূৰ কৰি শ্রেণীহীন সমাজবাদী সমাজ প্রতিষ্ঠিত হৈছিল। এই ব্যৱস্থা কার্যকৰী কৰাৰ ফলত ছোভিয়েট সংঘত শিক্ষা, স্বাস্থ্য, যাতায়ত, যোগাযোগ ইত্যাদিৰ দ্রুত উন্নয়ন হৈছিল। যাৰ ফলত বহু ৰাষ্ট্রই নিজ দেশত সমাজবাদী ব্যৱস্থা কার্যকৰী কৰিছিল।

ছোভিয়েট ব্যৱস্থাৰ দুর্বলতাসমূহ তলত আলোচনা কৰা হ ‘ল-

i)ছোভিয়েট সংঘৰাজ্যত সমাজবাদী আদর্শ কার্যকৰী কৰাৰ ফলৰ জনগণৰ শ্রম সন্তুষ্টি নাছিল।

ii) এই ব্যৱস্থাত অধিক কেন্দ্রীয়কৰণ হোৱাৰ ফলত জনসাধাৰণ অসুবিধাৰ সম্মুখীন হৈছিল।

iii) এই ব্যৱস্থাত এটা ৰাজনৈতিক দলে শাসন ব্যৱস্থা নিয়ন্ত্রণ কৰাৰ ফলত একনায়কত্ববাদী শাসন প্রতিষ্ঠা হৈছিল।

iv) এই ব্যবস্থা বিষয়াকেন্দ্রিক আৰু স্বেচ্ছাচাৰী আছিল।

v) গণতন্ত্র আৰু বাক্ স্বাধীনতা নথকাৰ বাবে জনগণে মনৰ ভাৱ প্রকাশত বাধাৰ সম্মুখীন হৈছিল।

2. ছোভিয়েট সংঘৰাজ্য খণ্ডিতকৰণৰ কাৰণসমূহ উল্লেখ কৰা। (HS 2018, 2017, 2019, 2020, 2022)

উত্তৰ -ছোভিয়েট সংঘৰ পতনৰ অন্তৰালতা বহুবোৰ কাৰণ নিহিত হৈ আছে। এই কাৰণসমূহৰ ভিতৰত অধিকাংশই ছোভিয়েট সমাজ ব্যবস্থাৰ বুকুত দীর্ঘকাল ধৰি বর্তি থকা বিৰোধ বা অন্ত দ্বন্দ। কিন্তু এনে পতনৰ তাৎক্ষণিক কাৰণ আছিল গর্বাচেভে সূচনা কৰা সংস্কাৰমূলক কার্যসূচীসমূহ। ছোভিয়েট সংঘৰ পতনৰ মূল কাৰণসমূহৰ ভিতৰত অন্যতম আছিল-

i) 1960 দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অর্থনীতিৰ স্থবিৰতা।

ii) পাৰমাণৱিক আৰু বিশ্ব মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অর্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ।

iii) প্রশাসনিক ক্ষেত্রত গঢ়ি উঠা দুর্নীতি আৰু ছোভিয়েট সাম্যবাদী দলৰ মাজত ক্রমাগত ভাৱে বৃদ্ধি পোৱা স্বৈৰতন্ত্রীয় প্ৰৱণতা।

iv) ছোভিয়েট ‘সংঘৰ বিভিন্ন গণৰাজ্যত গঢ়ি উঠা জাতীয়তাবাদী চেতনা আৰু স্বাধীনতাৰ হকে গঢ়ি উঠা আকাংক্ষা।

v) প্রযুক্তি তথা বিকাশৰ ক্ষেত্ৰত ছোভিয়েট সংঘ আৰু ইউৰোপীয় দেশ তথা মার্কিন যুক্তৰাষ্ট্ৰৰ মাজত বৃদ্ধি পোৱা ব্যবধান ।

vi) ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট সংঘই চলোৱা অবদমন।

vii) গর্বাচেভৰ উদ্যোগত আৰম্ভ হোৱা সংস্কাৰ কার্যসূচীসমূহৰ প্রতিক্রিয়া আৰু পৰিণতিৰ মুখামুখি হোৱাৰ বাবে প্রয়োজনীয় প্রস্তুতি আৰু পৰিকল্পনাৰ অভাৱ।

এইবোৰেই হৈছে ছোভিয়েট সংঘৰাজ্যৰ খণ্ডিতকৰণৰ মূল কাৰণ।

3.  ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পর্ক আলোচনা কৰা।

উত্তৰ: ছোভিয়েট সংঘৰ পতনৰ পিছত বা ভাৰত আৰু ৰাছিয়াৰ মাজত এক সু-সম্পর্ক গঢ়ি  উঠিছিল। ৰাছিয়াৰ লগত বর্তি থকা মধুৰ আৰু বন্ধুত্বসুলভ সম্পৰ্কৰ আধাৰ  হ’ল আর্ন্তজাতিক ক্ষেত্রত দুয়োখন দেশে পোষন কৰা কেতবোৰ উমৈহতীয়া মূল্যবোধ আৰু দ্বি-পাক্ষিক আদান-প্রদানৰ জৰিয়তে দুয়োখন দেশে লাভ কৰা পাৰস্পৰিক লাভা লাভ। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পর্ক তলত দিয়াধৰণে দাঙি ধৰিব পাৰি-

i) আর্ন্তজাতিক ক্ষেত্ৰত দুয়োখন দেশে কেতবোৰ মৌলিক প্রমূল্যৰ প্রচাৰ আৰু প্ৰসাৰৰ হকে যৌথভাৱে কাম কৰি আহিছে।

ii) 2001 চনত দুয়োখন দেশৰ মাজত ভাৰত ৰাছিয়া কৌশলগত চুক্তিৰ আধাৰত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হয়।

iii) কাশ্মীৰৰ প্ৰশ্নত ৰাছিয়াই ভাৰতবৰ্ষৰ স্থিতি সমর্থন কৰি আহিছে। চীনৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা  কৰাটো ৰাছিয়াই ভাৰতক সহায় কৰি আহিছে।

iv) আর্ন্তজাতিক সন্ত্রাসবাদ সম্পর্কত দুয়োখন দেশে তথ্যৰ আদান- প্রদান কৰি আহিছে । শক্তি যোগানৰ পৰা অস্ত্র যোগানলৈ ভাৰতে ৰাছিয়াৰ পৰা লাভান্বিত হৈছে।

ইয়াৰ ওপৰিও সামৰিক ক্ষেত্ৰতো ভাৰতৰ লগত ৰাছিয়াৰ সম্পর্ক গভীৰ। তৈল সংকটৰ সময়তো ৰাছিয়াই ভাৰতক বিভিন্ন ধৰনে সহায় কৰি আহিছে। পাৰমাণবিক শক্তিৰ ক্ষেত্ৰতো ভাৰতে  ৰাছিয়াৰ পৰা উপকৃত হৈছে। গতিকে আমি কব পাৰো যে ভাৰতবৰ্ষ লগত ৰাছিয়াৰ সম্পক অতি মধুৰ আৰু সুদৃঢ়।

4. ছোভিয়েট সংঘৰাজ্য পতনৰ ফলাফলসমূহ আলোচনা কৰা। (HS 2012, 2018, 2020)

উত্তৰ: ছোভিয়েট সংঘৰাজ্যৰ পতনে বিশ্ব ৰাজনীতিত সুদূৰ প্ৰসাৰী প্রভাৱ পেলোৱা পৰিলক্ষিত হয়। ইয়াৰ মূল ফলাফলসমূহ তলত আলোচনা কৰা হল-

  1. শীতল যুদ্ধৰ অবসান:- ছোভিয়েট সংঘ ভাঙোনৰ প্ৰথম আৰু প্রধান ফলশ্রুতি হৈছে শীতল যুদ্ধৰ সংঘাতৰ অৱসান। এই ভাঙোনে বিশ্বত সমাজবাদী আৰু পুজিবাদী আদৰ্শৰ শ্রেষ্ঠতা প্রতিষ্ঠাৰ যুজঁ খনৰ অৱসান ঘটায়।
  2. একক বিশ্ব মহাশক্তি হিচাপে মার্কিন যুক্তৰাষ্ট্রৰ উত্থান- ছোভিয়েট সংঘ ভাঙোনৰ পাছত একক মহাশক্তি হিচাপে ৰৈ যোৱা আমেৰিক যুক্তৰাষ্ট্রই গোটেই বিশ্বতে নিজৰ আধিপত্য প্রতিষ্ঠা কৰিছিল।
  3. ছোভিয়েট সংঘ ভাঙোনৰ ফলশ্রুতিত ‘ বহু সংখ্যক নতুন স্বাধীন ৰাষ্ট্রৰ উত্থানঃ- ছোভিয়েট সংঘৰ পতনৰ লগে লগে পৃথিৱীত কেইবাখনো স্বাধীন ৰাষ্ট্রই জন্ম লাভ কৰে। ছোভিয়েট সংঘ 15 খন পৃথক গণৰাজ্যত বিভক্ত হৈ NATO ৰ সদস্য পদ লাভ কৰি পুঁজীবাদী আৰু গোলকীকৰণ ব্যৱস্থাৰ প্রতি আগ্ৰহী হয়।
  4. বিশ্ব অর্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু  বিশ্বায়ন প্রক্রিয়াৰ সূচনা:- ছোভিয়েট সংঘৰ পতনৰ পিছত বিশ্বৰ অর্থনীতিত উদাৰীকৰন, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্রক্রিয়া আৰম্ভ হোৱা পৰিলক্ষিত হয় আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ উদ্যোগতে পূজীবাদী অর্থনীতিয়ে সমগ্র বিশ্বক প্রভাৱিত কৰে।

ওপৰত উল্লেখ কৰাবোৰেই হৈছে ছোভিয়েট সংঘ ভাঙোনৰ প্রধান ফলাফল। এই পতনে বিংশ শতিকাৰ আন্তজাতিক ৰাজনীতিৰ চৰিত্র সমম্পূর্ণ ৰূপে সলনি কৰি দিয়ে।

5. ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট কোনে আৰম্ভ কৰিছিল? (HS 2016)

উত্তৰঃ মিখাইল গর্বাচেভে।

6. কেতিয়া পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? (HS 2014, 2015)

উত্তৰ: 1968 চনৰ 1 জুলাইত।

7. বার্লিন দেবাল (Berlin Wall) কেতিয়া ভংগ কৰা হৈছিল? (HS 2014, 2015)

উত্তৰ: 1989 চনত।

8.  আতংক প্ৰতিকাৰ (Shock therapy) বুলিলে কি বুজা? (HS 2013)

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভাঙোনৰ ফলত সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহত পুঁজিবাদী ব্যবস্থা গ্ৰহণৰ ফলত এক অচলাবস্থা বা ত্ৰাসৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিৰ পৰা উক্ত ৰাষ্ট্ৰসমূহক উপসম দিয়া আৰু আর্থ-সামাজিক-ৰাজনৈতিক উন্নয়নৰ বাবে আমেৰিকাৰ সহযোগত বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিয়ে যি বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল, তাক Shock therapy বা আতংক প্ৰতিকাৰ ব্যবস্থা বুলি কোৱা হয়।

9. আঘাত নিৰাময় বুলিলে কি বুজা? ইয়াৰ ফলাফলবোৰ আলোচনা কৰা

Or

     সংকট নিৰাময় বুলিলে কি বুজা।

উত্তৰ: ছোভিয়েট সংঘৰাজ্যৰ পতনৰ লগে লগে সাম্যবাদী আদর্শৰ অৱসান ঘটে আৰু ইয়াৰ লগে লগে পুজীবাদী শক্তিশালী আদর্শ হিচাপে প্রতিষ্ঠিত হয়। ছোভিয়েট সংঘৰ পতনে ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰত অর্থনৈতিক অস্থিৰতা সৃষ্টি কৰে। এনে অস্থিৰতা দূৰ কৰিবৰ বাবে বিশ্ব বেংক আৰু আর্ন্তজাতিক মুদ্রানিধিয়ে কিছুমান সংস্কাৰমূলক কাম আৰম্ভ কৰে। এই সংস্কাৰসমূহে ছোভিয়েটৰ পূৰ্বৰ ব্যৱস্থা আঁতৰাই  পুঁজীবাদী অর্থনৈতিক ব্যৱস্থা প্রতিষ্ঠা কৰে। বিশ্ব বেংক বা আন্তর্জাতিক মুদ্রানীধিয়ে বিশ্বাস কৰিছিল যে তেওঁলোকে সূচনা কৰা সংস্কাৰে এই দেশসমূহৰ জনসাধাৰণে সম্মুখীন হোৱা সংকট আৰু  অনিশ্চয়তা দূৰ কৰিব আৰু সেয়েহে এই কার্যসূচী সমূহক আঘাত নিৰাময় বা সংকট নিৰাময় বুলি কোৱা হয়।

আঘাত নিৰাময়ৰ ফলাফলসমূহ হ’ল-

i) সমাজবাদী অর্থনীতিৰ পৰা পুজীবাদী অর্থনীতিলৈ পৰিবৰ্তন:- আঘাত নিৰাময় ব্যৱস্থাৰ ফলত সমাজবাদী অর্থনীতিৰ সংস্কাৰ সাধন কৰি পুজীবাদী অর্থ ব্যৱস্থা প্রবর্তনৰ হকে পৰামর্শ আগবঢ়োৱা হৈছিল। এই গোটেই পৰিবৰ্তন প্রক্রিয়াত পুজীবাদী আৰু সমাজ বাদৰ মাজত কোনো তৃতীয় বিকল্প দেখা পোৱা নগৈছিল।

ii) উদ্যোগ ব্যৱস্থাৰ নিঃশেষকৰণঃ- ছোভিয়েট সংঘৰ উদ্যোগত গঢ়ি উঠা উদ্যোগসমূহ আঘাত নিৰাময়ৰ ফলত ধ্বংস হৈ পৰে। কাৰণ ই পুঁজীবাদী ব্যৱস্থা প্রর্বতনেৰে বৃহৎ উদ্যোগসমূহ অতি কম দামত ব্যক্তিগত কোম্পানী বা কোনো ব্যক্তিৰ হাতত বিক্ৰী কৰিবলৈ দিয়া হয়। ইতিহাসত এই ব্যৱস্থাক বৃহত্তম গেৰেজ বিক্রী বুলি কোৱা হয়।

iii) অভাৱনীয় মূল্য বৃদ্ধি আৰু দেশীয় মুদ্রাৰ মূল্য হ্রাস:- সমাজবাদৰ পৰা পুজীবাদলৈ পৰিবৰ্তন হোৱা সময়ত ৰাছিয়ান মুদ্ৰা ‘ ৰুবল ৰ মূল্য দ্রুত গতিত হ্রাস পায়। তাৰোপৰি দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্ৰীৰ মূল্যও অভাৱনীয়  হাৰত বৃদ্ধি পায়। যিয়ে সাধাৰণ জনগণক জুৰুলা কৰি তুলিছিল।

iv) সামাজিক কল্যান ব্যৱস্থাৰ বিনাশঃ- আঘাত নিৰাময়ৰ জৰিয়তে জনকল্যানমূলক আঁচনি গ্ৰহণ কৰা হৈছিল যদিও ই ছোভিয়েটত আগৰে পৰা চলি থকা সামাজিক কল্যানমূলক আঁচনিসমূহ ধ্বংস কৰিছিল। আঁচনি ৰূপায়ণৰ বাবে থকা চৰকাৰী ধন উঠাই লোৱাত গৰিষ্ঠ সংখ্যক লোক দৰিদ্ৰতাৰ কবলত পৰিছিল।

v) দুর্বল গণতান্ত্রিক প্রক্রিয়া:- আঘাত নিৰাময়ৰ ফলস্বৰূপে নতুনকৈ স্বাধীন হোৱা গণৰাজ্যসমূহত গণতন্ত্র প্রতিষ্ঠা কৰিবলে চেষ্টা কৰা হয় যদিও ই দুর্বল আদর্শ হিচাপেহে প্রতিষ্ঠিত হয় আৰু ৰাষ্ট্ৰপতিৰ নেতৃত্বত একধৰনৰ একনায়কত্ববাদী শাসনহে প্রতিষ্ঠিত হয়

এইবোৰেই হৈছে আঘাত নিৰাময়ৰ ফলাফল।

10. মিখাইল গর্বাছেভ কোন আছিল? তেওঁ ছোভিয়েট ব্যৱস্থাত কার্যকৰী কৰা সংস্কাৰ মূলক নীতিসমূহ আলোচনা কৰা।

উত্তৰ: মিখাইল গর্বাচেভয়ে ছোভিয়েট সংঘৰাজ্যৰ শেষৰ জন ৰাষ্ট্রপতি আছিল। 1985 চনৰ 11 মার্চ তাৰিখে তেওঁ ছোভিয়েট সমাজবাদী দলৰ সাধাৰণ সম্পাদকৰ পদত অধস্থিত হয়। পৰবৰ্তী সময়ত তেওঁ ৰাষ্ট্রপতিৰ কার্যকাল আৰম্ভ কৰি ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ সাধনৰ প্রস্তুতি আৰম্ভ কৰে।

মিখাইল গর্বাচেভে ছেভিয়েট সংঘৰাজ্যত ৰক্ষণশীলভাৱে কার্যকৰী হৈ থকা সমাজবাদী আদর্শত সংস্কাৰ সাধন কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ ছোভিয়েটে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান বিচাৰিছিল। এই ক্ষেত্রত তেওঁ দুটা প্রধান সংস্কাৰমূলক নীতি ‘গ্লাচনোষ্ট আৰু ‘ পেৰেষ্টোইকা’ প্রর্বতন কৰে। ‘গ্লাচনোষ্ট’ শব্দৰ অসমীয়া অর্থ হল ব্যাপক স্বচ্ছতা। এই নীতিৰ জৰিয়তে তেওঁ অর্থনৈতিক ক্ষেত্রত ব্যাপক স্বচ্ছতা অনাৰ প্ৰয়াস কৰিছিল। পেৰেষ্টোইকাৰ অর্থ হ ল পুনৰ নির্মাণ। যাৰ জৰিয়তে তেওঁ উৎপাদন ব্যৱস্থাৰ ৰাষ্ট্রীয়কৰণৰ পৰিবৰ্তে মিশ্ৰ ব্যৱস্থাৰ প্রয়োজনৰ সিদ্ধান্ত লৈছিল। ইয়াৰ উপৰিও ছোভিয়েট ব্যবস্থাৰ পুনৰ নির্মাণ কৰিবৰ বাবে তেওঁ মানৱ অধিকাৰক সন্মান  জনোৱা আৰু সমালোচক তথা প্রতিদ্বন্দীসকলৰ মুক্ত কৰি দিয়া তথা মত প্রকাশৰ অধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব দিছিল। তাৰোপৰি তেওঁ অস্ত্র-শস্ত্র প্রস্তুত কৰাত আমেৰিকাৰ সৈতে চলাই থকা প্রতিযোগিতাৰ অৱসান ঘটায় শান্তিপূর্ণ সম্পর্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিছিল।

            গর্বাচেভেৰ উক্ত সংস্কাৰ নীতি ব্যাপকভাৱে সমালোচিত হৈছিল । সমাজবাদী দলৰ ভিতৰৰ পৰাই ইয়াক বিৰোধিতা কৰাৰ ফলত ৰাজনৈতিক অস্থিৰতা, অর্থনৈতিক অনগ্ৰসৰতা, সামাজিক বিশৃংখলতা সৃষ্টি হৈছিল। জনসাধাৰণে তেওঁ প্রদান কৰা ব্যক্তি স্বাধীনতা উপভোগ কৰাৰ পিছত পুনৰ সাম্যবাদী দলৰ কঠোৰ নীতি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পৰিস্থিতি নিয়ন্ত্রণৰ বাহিবলৈ যোৱাৰ ফলস্বৰূপে গর্বাচেভৰ শাসননীতি বিফল হয়। আৰু চোভিয়েট সংঘৰাজ্যৰ পতন হয়।


Class 12 Political Science All Question Answer – Click Here

Class 12 Political Science Chapter 2 In Assamese Medium (Part 1) দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বি-মেৰুৰ পৰিসমাপ্তি – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment