Assam Board Exam

মোৰ জীৱনৰ লক্ষ্য | Assamese Essay on Aim In Life

অসমীয়া ৰচনা – মোৰ জীৱনৰ লক্ষ্য – মোৰ লক্ষ্য, লক্ষ্য বাচি লোৱাৰ কাৰণ, সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Aim In Life


আৰম্ভণি:

সময়ক যদি নদীৰ সোঁতৰ লগত তুলনা কৰা হয়, তেন্তে আমাৰ জীৱন এই সময় নদীত এৰি দিয়া একো-একোখন নৌকা।  আমাৰ বাবে আমাৰ জন্মই হৈছে এই কোবাল নদীৰ পাৰ, য’ৰ পৰা আমি অজান দিশে আমাৰ জীৱনযাত্রা আৰম্ভ কৰোঁ। এই যাত্ৰা বৰ খলা-বমা আৰু জটিল। সময়ৰ সোঁতক পৰাস্ত কৰি এই যাত্ৰাত সফলভাবে আগুৱাবলৈ হ’লে থাকিব লাগিব একোটা দৃঢ় মন আৰু স্থিৰ লক্ষ্য। এই লক্ষ্য ছাত্র অবস্থাতে স্থিৰ কৰিব লাগে, কিয়নো এটা নির্দ্দিষ্ট লক্ষ্য থাকিলেহে সেই লক্ষ্যৰ দিশে পূর্ণ দৃঢ়তা আৰু তীব্র বেগেৰে আগুৱাই যোৱাটো সম্ভৱ। লক্ষ্য বিহীন জীৱন বঠা নাইকীয়া নাৱৰ দৰে হয় আৰু মনুষ্য জীবন বৃথা হৈ পৰে।


মোৰ লক্ষ্যঃ

এই পৃথিৱীত মোৰ অস্তিত্বব গুৰুত্ব অনুধাৱন কৰি মই মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিছো আৰু লক্ষ্য প্রাপ্তিৰ বাবে কঠোৰ অধ্যবসায় কৰিবলৈ প্রস্তুত হৈছোঁ। মোৰ জীৱনৰ মূল লক্ষ্য হৈছে সফল ভাৱে মোৰ শিক্ষা জীৱন সম্পূর্ণ কৰি এজন আদর্শবান নাগৰিক হোৱা আৰু মোৰ অঞ্চলৰ লগতে দেশৰ উন্নতি আৰু বিকাশৰ বাবে কাম কৰা। সমাজৰ বা দেশৰ হকে সেৱা আগবঢ়াবলৈ প্রথমে নিজক প্রতিষ্ঠা কৰিব লাগিব। সেয়ে মই স্থিৰ কৰিছোঁ যে মই এজন সু-চিকিৎসক হিচাপে প্রতিষ্ঠিত হৈ মানৱ সেৱা আগবঢ়াম। মোৰ লক্ষ্যত উপনিত হ’বৰ বাবে মই সকলো প্ৰকাৰে যত্ন কৰিবলৈ প্রতিজ্ঞাবদ্ধ।


এই লক্ষ্য বাচি লোৱাৰ কাৰণ:

মই এই লক্ষ্য বাচি লোৱাৰ কাৰণ কেইবাটাও আছে।

প্রথমতে, আমাৰ দেশত চিকিৎসা সেৱাৰ যথেষ্ট উন্নতি হৈছে যদিও গাওঁ-ভুই আদি পিচপৰা অঞ্চলসমূহত এতিয়াও যথোচিত চিকিৎসাসেৱাৰ সুবিধা নাই। বহুতো চিকিৎসকে গাওঁ অঞ্চলসমূহত সেৱা আগবঢ়াব নিবিচাৰে। মই এনে পিচপৰা অঞ্চলত সেৱা আগবঢ়াই তাৰ জনসাধাৰণক উপকৃত কৰিব বিচাৰোঁ।

দ্বিতীয়তে, অন্ধবিশ্বাস হৈছে দেশৰ প্ৰগতিৰ অন্তৰায়। আমাৰ গাওঁ অঞ্চলসমূহৰ বহুতো লোক এতিয়াও অন্ধবিশ্বাসৰ কবলত আছে, যি সকলে ৰোগ নিৰাময়ৰ বাবে চিকিৎসকৰ ওচৰলৈ নগৈ বেজ, কবিৰাজৰ ওচৰলৈ যায়। এই লোক সকলৰ মনত বিজ্ঞান সন্মত  ভাবধাৰা জগাই তুলি চিকিৎসা বিজ্ঞানৰ প্রতি ধাউতি অনাটো মোৰ কর্তব্য বুলি ভাবো।

তৃতীয়তে, আমাৰ দেশৰ বহুতো লোক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। এই দৰিদ্রলোকসকলে অসুখত ভূগি যন্ত্রণাকাতৰ জীবন কটায়, অথচ টকাৰ অভাৱত চিকিৎসকৰ ওচৰ পাবগৈ নোৱাৰে। মই এনে দৰিদ্র লোকক বিনামূলীয়া চিকিৎসাসেৱা আগবঢ়াই তেওঁলোকক কিঞ্চিৎ সহায় কৰিব বিচাৰোঁ।


সামৰণি:

মোৰ জ্ঞাত যে এই লক্ষ্যত উপনীত হোৱাটো তেনেই সহজ নহয়। এজন সফল চিকিৎসক হিচাপে প্রতিষ্ঠিত হোৱালৈকে পদে পদে সন্মুখীন খ হব লাগিব বিভিন্ন জটিল পৰীক্ষাৰ। এইবোৰ অতিক্ৰম কৰি যাবলৈ মোৰ নিজৰ চেষ্টাৰ লগতে লাগিব মোৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰু সকলৰ অমূল্য আশীর্বাদ। মই যেন সকলোৰে আশীর্বাদ আৰু প্ৰেৰণা লাভ কৰি মোৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰোঁ তাৰেই কামনা কৰিলো।


অসমীয়া ৰচনা – মোৰ জীৱনৰ লক্ষ্য – মোৰ লক্ষ্য, লক্ষ্য বাচি লোৱাৰ কাৰণ, সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Aim In Life

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here


  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment