Assamese essay on পুথিভঁৰাল | Library (Puthivhoral) –
Discover the importance of libraries, their role in education, and how they empower learning. Perfect for students and competitive exams in Assam. Boost your knowledge with this comprehensive guide!
Table of Contents
আৰম্ভণি:
প্রজ্ঞাই প্রাণ পালে মনীষাই বুটলিব। মোৰ চিৰসঞ্চিত অক্ষয় ভাণ্ডাৰৰ হীৰা, মুকুতা, মৰকত মনি। যিসকল মনীষীৰ দীপ্ত কন্ঠ চিৰদিনৰ বাবে অতীতৰ বুকুত হেৰাই গল, যাৰ প্রত্যক্ষ সানিধ্য লাভ কৰি অক্ষয় জ্ঞান ভাণ্ডাৰৰ পৰা সোণৰ সফুৰা বুটলি ল’বলৈ আমি কোনোদিনেই সক্ষম নহঁও। সেইসকলৰ অমৰ লিখনি নিঃসৃত মধুময় বাণী জগতৰ লগত আমি পৰিচিত হব পাৰো গ্ৰন্থৰাজিৰ যোগেদি। এই গ্রন্থৰাজি যত সুশৃংখল আৰু সুৰক্ষিতভাৱে ৰখা হয় সেয়েই পুথিভঁৰাল। পুথিভঁৰাল অতীত, বর্তমান আৰু ভৱিষ্যতৰ যোগসূত্র। অতীতৰ মনীষীসকলৰ অফুৰন্ত জ্ঞানৰ ভাণ্ডাৰ বর্তমানৰ প্রতিভাৰ সংশ্ৰৱলৈ বা সংস্পৰ্শলৈ আহে। পুৰণিৰ আলমত নতুনৰ সৃষ্টি হয়। নতুন প্রতিভাই নৱ নৱ সৃষ্টিৰে মানৱ মনৰ খোৰাক যোগায়, অনুসন্ধিৎসাক ইন্ধন যোগায়, পুৰণি হৃদয়ৰ অযুত ভাৱৰাশিক নতুনৰ বোল সানি মনীষাই সঞ্চাৰিত কৰে নতুন হৃদয়লৈ আৰু তাৰেই পৰা ই প্রতিফলিত হব ভবিষ্যতৰ বুকুত। পুথিভঁৰালে জ্ঞানপীপাসুক নিত্য নতুন জ্ঞানৰ সন্ধান দিয়ে। অনুসন্ধিৎসুক গৱেষণাৰ সমল যোগায়, চিন্তাবিদক চিন্তাৰ সমল, ভাবুকক ভাৱৰ সমল যোগায়। মুঠ কথাত লৰা, বুঢ়া, ডেকা, বোৱাৰী আদি যিয়েই সাহিত্য, দর্শন, বিজ্ঞান, ধর্ম, ৰাজনীতি, অর্থনীতি, বাণিজ্য, আমোদ আদি যিহকে বিচাৰে তাৰেই সন্ধান দিয়ে পুথিভঁৰালে। পুথিভঁৰাল জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ। সেয়েহে পুথিভঁৰাল মানৱ জাতিৰ অতি আপুৰুগীয়া সম্পদ।
ইতিহাস:
পুথি ভঁৰাল ইতিহাস অতি প্রাচীন। যিদিনাৰ পৰাই মানুহে জ্ঞান বৃক্ষৰ গুটি খাই জ্ঞান লাভৰ, জ্ঞান বিকাশৰ প্রয়াস চলাই আহিছে সেইদিন ধৰি মানৱ সমাজত পুথিভঁৰালৰ ব্যৱহাৰ চলি আহিছে, অৱশ্যে প্রকাৰ ভেদে বর্ণমালা আৰু কাকত আবিষ্কাৰ হোৱাৰ আগতেই বেদৰ বাণী প্রচাৰিত আৰু সংৰক্ষিত হৈছিল, (স্মৰণ শক্তিয়েই তেতিয়া জ্ঞান সংৰক্ষণৰ মাধ্যম আছিল) তেতিয়া জ্ঞান- চর্চাৰ কাৰণে, আহৰণৰ উদ্দেশ্যে, জ্ঞান- পীপাসু পৰিব্রাজক, পর্যটকসকল দেশ দেশান্তৰে ঘূৰি ফুৰিছিল। বর্ণমালা আৱিষ্কাৰৰ পিচত মানুহে ভূর্জপত্র, তালপাত, সাঁচিপাত, জন্তুৰ ছাল, শিল, তামৰ ফলি আদিত জ্ঞান- সম্ভোৰ লিপিবদ্ধ কৰিবলৈ ধৰিলে। মিচৰ দেশত পেপিৰাচ নামৰ গছৰ পাত আৰু ছালত বাণী বোৰ লিপিবদ্ধ কৰা হৈছিল। তাৰপৰা ইংৰাজী ‘পেপাৰ ‘ শব্দৰ উৎপত্তি হয়। কাকত আৰু ছপাশাল আৱিষ্কাৰ হোৱাৰ পিছত পুথিভঁৰলাৰ উন্নয়ন ক্রমাত ব্যৱহাৰ দ্রুত হৈ আহিবলে ধৰে। খৃষ্টীয় প্রথম শতিকাত ৰোম নগৰীত প্রথম পুথিভঁৰাল প্রতিষ্ঠিত হোৱা বুলি ইতিহাসে সাক্ষ্য দিয়ে। তাৰ পিছত ভাৰত চীন, মিচৰ , তিব্বত আৰু বেবিলন নগৰত প্রাচীন পুথিভঁৰালৰ নিদর্শন পোৱা যায়। প্রাচীন কালৰে পৰাই হিন্দুৰ দেৱ দেৱীৰ মন্দিৰ বোৰ আৰু বৌদ্ধমঠ বোধ জ্ঞান- চৰ্চাৰ কেন্দ্ৰ আছিল। নালন্দা আৰু বিক্রমশীলাত পৃথিৱী বিখ্যাত পুথিভঁৰাল থকাৰ প্ৰমাণ পোৱা যায়। বাৰণসীতো এটি বিশাল গ্রন্থাগাৰ আছিল। শ্রী হৰ্ষৰো তেনে এটা পুথি ভঁৰাল আছে বুলি জনা যায়।
বর্তমান জগতত পুথিভঁৰালৰ বিপুল ব্যৱহাৰ হৈছে আৰু তাৰ লগে লগে তাৰ যোগেদি মানুহৰ জ্ঞানৰ পৰিসৰো দ্রুতভাৱে বৃদ্ধি পাইছে। ভাৰতত কলিকতা, মুম্বাই, দিল্লী আদি নগৰীত জাতীয় পুথি ভঁৰাল প্রতিষ্ঠিত হৈছে আৰু ৰাজ্যসমূহতো কেন্দ্রীয়, পুথিভঁৰাল গঢ়ি উঠাৰ উপৰিও জিলাই জিলাই পুথিভঁৰালসমূহ গঢ়ি উঠিছে। তদুপৰি জ্ঞান পিপাসু ৰাইজৰ উদ্যমতো গাঁৱে- ভূঁৱে অসংখ্য পুথি ভঁৰাল প্ৰতিষ্ঠিত হৈ গাঁৱৰ ৰাইজসকলৰ জ্ঞান বর্দ্ধনত মনোনিৱেশ কৰাই উদাৰ ভাৱ ধাৰাৰ সুদূৰপ্রসাৰী দৃষ্টিভংগী সমাজত গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।
শ্রেণী বিভাগঃ
পুথিভঁৰাল কেইবা শ্ৰেণীৰে আছে। যেনেঃ ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল আৰু বিদ্যালয় আদি অনুষ্ঠানসমূহৰ পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰালো আকৌ মালিকীস্বত্ব অনুযায়ী ৰজাঘৰীয়া বা চৰকাৰৰ দ্ধাৰা প্রতিষ্ঠিত আৰু ৰাইজৰ দান বৰঙণি ওপৰত প্রতিষ্ঠিত এই দুই শ্রেণীৰ হ’ব পাৰে । এই দুই বিধৰ পুথিভঁৰাল সকলো শ্রেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে। বহুতো জ্ঞান- পীপাসু, অনুসন্ধিৎসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ কাৰণে আৰু গৱেষনা আদিৰ সুবিধাৰ কাৰণে নিজাকৈও পুথিভঁৰাল প্রতিষ্ঠা কৰে।বিদ্যালয়ৰ পুথিভঁৰাল বিদ্যালয়ৰ পুজিঁৰে প্রতিষ্ঠিত আৰু বিদ্যালয় দ্বাৰা পৰিচালিত হয়। শিক্ষক ছাত্র- ছাত্রী উভয়ৰ উপযোগী গ্ৰন্থ, পাঠ্যপুথি আদি বিদ্যালয়ৰ পুথিভঁৰাল সম্পদ। উন্নত আৰু ধনী দেশসমূহত শ্ৰেণী পুথিভঁৰালৰো ব্যৱস্থা আছে, এনে পুথিভঁৰাল সমুহত কেৱল একোটা শ্রেনীৰ বাবে উপযোগী পাঠ্যপুথিসমূহ ৰখা হয়।
পৰিচালনাৰ নিয়মঃ
পুথিভঁৰাল পৰিচালনাৰ নির্দিষ্ট নিয়ম থাকে। সেই নিয়ম মানি নচলিলে নানা আহুকালৰ সৃষ্টি হয়। ৰাজহুৱা পুথিভঁৰালত সদস্যসকলকহে গ্ৰন্থ পঢ়িবলৈ দিয়া হয়। পুথিভঁৰাল সমূহ সুচাৰু ৰূপে পৰিচালিত হয় নিৰ্দ্দিষ্ট কিছু নিয়মৰ মাজেৰে। পাঠকসকলে যদি পুথিভঁৰালৰ নিয়ানুবৰ্তিতা মানি নচলে তেনেহলে নানান সমস্যাৰ উদ্ভৱ হয়। ৰাজহুৱা পুথিভঁৰালত সদস্যসকলক একো খন গ্ৰন্থ পঢ়িবলৈ এসপ্তাহ বা অতি বেছি, পোন্ধৰ দিন ৰখাৰহে নিয়ম। তাৰ পাছত সেইকেইখন গ্রন্থ ঘূৰাই দি পুনৰ নতুন গ্রন্থ নিব পৰাৰ নিয়ম বান্ধি ৰখা হৈছে । কোনো সদস্যই যদি পঢ়িবলৈ নি গ্রন্থ হেৰুৱাই বা নষ্ট কৰে তেনেহলে নিৰ্ধাৰিত নিয়ম অনুসৰি তেওঁলোকে সেই গ্রন্থৰ মূল্য আদায় দিব। পুথিভঁৰাল সমূহত কিছুমান দুষ্পাপ্য আৰু বহুমূলীয়া গ্রন্থ থাকে, যিবোৰ পঢ়ৱৈক ঘৰলৈ নিবলৈ দিয়া নহয়। তেনে গ্রন্থ পুথি ভঁৰালৰ পঢ়া কোঠাত পঢ়ি বা আৱশ্যকীয় কথা টুকি লৈ ঘূৰাই দিব লাগে।।
এটা জাতিৰ সভ্যতা, সংস্কৃতি তথা বৌদ্ধিক দিশত যিমানেই চহকী হয় সিমানেই সেই জাতিৰ পুথিভঁৰালসমূহো চহকী হৈ উঠে । পুথি ভঁৰালসমূহ হৈছে মানৱ সভ্যতাৰ প্রতীক স্বৰূপ কাৰণ এটা জাতিৰ জ্ঞান- বিজ্ঞান, ভাষা- সাহিত্য সংস্কৃতিক কিমান চহকী আৰু বুৰঞ্জী কিমান গৌৰৱ গাঁঠাৰে ভৰপূৰ পুথিভঁৰালত সন্নিবিষ্ট পুথি সমূহেই তাৰ পৰিচয় দাঙি ধৰে। জাতি,বৰ্ণ, ধর্ম, সম্প্রদায় নির্বিশেষে পুথিভঁৰালৰ দুৱাৰ সকলো শ্রেনীৰ লোকৰ বাবেই উন্মুক্ত। পুথি ভঁৰালক সার্বজনীন পাঠশালা বুলি অভিহিত কৰা হয় কাৰণ জ্ঞানপীপাসু লোকৰ জ্ঞান লাভৰ তৃষ্ণা নিবাৰণ ই এক পবিত্র মন্দিৰ।
প্রজ্ঞাৰ সাধনাৰ প্রতি আসক্ত সকলো শ্রেনীৰ লোকৰ বাবে সকলো প্রকাৰৰ গ্রন্থ, আলোচনী বাতৰি কাকত আদি ক্ৰয় কৰি পঢ়াতো সম্ভৱ নহয়। আমাৰ সমাজৰ এক প্রবচন আছে ‘ ৰাইজে নখ জোকাৰিলে নৈ বয়।” গতিকে প্রত্যেকজন ব্যক্তিৰ পৰা সামান্য পৰিমানৰ হলেও দান বৰঙণি যদি সংগ্রহ কৰা যায় আৰু এই প্রক্রিয়া যদি কিছু দীর্ঘম্যাদী হয় তাৰ ফলশ্রুতিত এটি বৃহৎ পুথিভঁৰাল গঢ় লৈ উঠিব পাৰে। ইয়াৰ বাবে লাগিব কিন্তু ৰাইজৰ উদ্যম, অনুপ্রেৰণা তথা উদ্যগী উদ্যোক্তা।
সাম্প্রতিক সময়ত সকলো শ্রেনীৰ লোকৰ জ্ঞান লাভৰ তৃষ্ণা নিবাৰনৰ হেতু মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা, সমাজ সচেতন কৰি গঢ়ি তুলিবলৈ আৰু বিশ্বৰ ক্ৰমবৰ্ধমান মৈত্রী আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগী গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা ভ্ৰাম্যমান বা চলন্ত পুথি ভঁৰালৰে ব্যৱস্থা কৰা হৈছে। এনে পুথিভঁৰাল, একোখন ঠাইত কিছুদিন ৰাখি পুনৰ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হয়। এনেধৰনৰ পুথিভঁৰালৰ যোগেদিও পঢ়ুৱৈয়ে নানা মূল্যৱান আপুৰুগীয়া গ্রন্থ অধ্যায়নৰ সুযোগ সুবিধা লাভ কৰে।
পৰিচালকৰ দায়িত্ব:
পুথিভঁৰাল এটিৰ স্থায়িত্ব নির্ভৰ কৰে সুপৰিচালনা নীতিৰ ওপৰত। এইক্ষেত্রত পৰিচালকজনৰ দায়িত্ব অধিক। পুথিভঁৰাল এটিৰ পৰিচালক জনক নির্বাচন কৰাৰ আগমূহুর্তত চাব লাগিব তেওঁৰ জ্ঞানৰ পৰিসৰ আৰু দক্ষতাৰ মাপকাঠি কিমান। এজন দক্ষ পৰিচালকে বিভিন্ন জন পঢ়ুৱৈ ৰুচি সন্মত গ্রন্থ প্ৰয়াহে পাঠকৰ সন্মুখত দাঙি ধৰিব পাৰে। পুথিভঁৰালত শ্রেণীবদ্ধ আৰু প্রণালীবদ্ধভাৱে গ্রন্থসমূহ সজাই থব পৰাটোও পৰিচালকজনৰ নৈপুন্যৰ পৰিচায়ক। পৰিচালক জনৰ সুদক্ষ নীতিৰ ওপৰত নির্ভৰ কৰি পঢ়োঁৱৈৰ সংখ্যা বৃদ্ধি হোৱাৰ পথো প্রশস্ত হয় । পঢ়ুৱৈৰ অভিৰুচি, অধ্যয়ন কৰিব পৰাটোও এক প্ৰকাৰৰ কলা। অভিৰুচি অনুযায়ী পুথি আগবঢ়াব পৰাতো তাতকৈও ডাঙৰ কলা। ইয়াৰ বাবে পৰিচালকজন হব লাগিব প্ৰজ্ঞাৰ সাধক আৰু দায়িত্ববোধ সম্পন্ন এজন ব্যক্তি। সাম্প্রতিক সময়তে পুথি ভঁৰালৰ পৰিচালনা বিজ্ঞানৰ এক অংগ বুলি গণ্য কৰা হৈছে আৰু সেই অনুক্রমে পৰিচালকসকলক প্রশিক্ষন দিয়াৰ ব্যৱস্থা কৰা হৈছে বিশ্বৰ প্রায় সকলো দেশতে।
সামৰণি :
পুথিভঁৰালৰ সফলত নির্ভৰ কৰে পৰিচালকৰ দক্ষতা, পঢ়োৱৈ সমাজৰ আন্তৰিকতা আৰু নিয়মানুবর্তিতাৰ ওপৰত। আমাৰ অসম ৰাজ্য আৰ্থিক ভাৱে যিদৰে পিছপৰা সেইদৰে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো তাতকৈও বেছি পিছ পৰা, তাতকৈও বেছি পিছ পৰা পুথি ভঁৰাল অধ্যয়নৰ ক্ষেত্ৰত। পৰিতাপৰ কথা এই যে আমি যদি সমীক্ষা কৰি চাওঁ তেনেহলে দেখিম বহুতো শিক্ষিত লোকে বিদ্যালয় বা মহাবিদ্যালয় সমূহত নিৰ্ধাৰিত পাঠ্যক্ৰম হিচাপে অধ্যয়ন কৰা গ্ৰন্থৰ বাহিৰে আন এখনো গ্ৰন্থ জীৱনত চকুৰ আগত দাঙি লোৱা নাই। অসমত পঢ়োঁৱৈৰ সংখ্যা ইমানেই কম যে একোখন ছপা হোৱা গ্ৰন্থৰ বহুত সংখ্যক গ্ৰন্থ বিক্ৰী নোহোৱাকৈ বছৰৰ পাছত বছৰ ধৰি পুথি বিক্ৰেতাৰ ঘৰত পৰি থাকে।
বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী সকলে পুথি অধ্যয়নৰ দিশটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িব সিমানেই ভাষা সাহিত্যৰ ভঁৰালো চহকী হব আৰু সমগ্ৰ জাতিটো সিমানেই সভ্য, জ্ঞানী , মানী বুলি সকলোৰে পৰা সন্মান লভিবলৈ সক্ষম হব।
Assamese Essay on Library (Puthivhoral) – Unlock the power of knowledge! Explore the importance, benefits, and role of libraries in education and beyond. Ideal for students, exam prep, and essay writing in Assamese.
For More details check our Youtube Channel Assam Board Exam
Find the list of Essays : Click Here