Assam Board Exam

Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Class 10 Social Science Chapter 2 (Geography)

Class 10 Social Science Chapter 2 Geography পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer

Chapter Overview (in Assamese):

এই অধ্যায়ত পৰিৱেশৰ অৰ্থ, গঠন আৰু উপাদানসমূহৰ ওপৰত আলোচনা কৰা হৈছে। লগতে, মনুষ্যসৃষ্ট আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা, পৰিবেশ দূষণ, বন উজাৰ, জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱসমূহ বুজাব পৰা যায়। এই অধ্যায়টো পাঠকৰ পৰিৱেশ প্ৰতি দায়িত্বশীলতা বঢ়াবলৈ সহায়ক।

Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা- Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

ভূগোল খণ্ড


১) পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।

উত্তৰঃ- পৰিৱেশ  শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আৱশ্যকীয় উপাদানক সামৰি লয়। পৰিৱেশত জৈৱিক আৰু অজৈৱিক দুয়োটা উপাদানেই অন্তৰ্ভুক্ত হৈ থাকে। এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহেই পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্রয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে।

ভৌগলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল। পৃথিৱীৰ প্ৰাকৃতিক  অবস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলেৰে গঠিত ,সেইকেইটা হৈছে স্থলমণ্ডল , জলমণ্ডল , বায়ুমণ্ডল আৰু জীৱ মণ্ডল এই চাৰিটা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্ট  হোৱা অৱস্থাকে বহল অর্থত আমি পৰিৱেশ বুলি কওঁ। প্রখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিবেশ বোলা হয়।


২। পৰিবেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান হ’ল: 

(i) জৈৱ উপাদান: বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু ক্ষুদ্র ক্ষুদ্র অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্রাণী।

(ii) অজৈৱ উপাদান: মাটি , পানী , বায়ু আৰু সকলো জড় বা নির্জীৱ উপাদান।

৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।

উত্তৰঃ শিল , বালি , মাটি , খনিজ পদার্থ , পর্বত , পাহাৰ , মালভূমি , সমভূমি , নদী উপত্যকা , উপকূল আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়। ই  ভূপৃষ্ঠ মুঠ মাটকালিৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে।স্থলমণ্ডলৰ গুণাগুণ  আৰু  পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ তিনিটা মণ্ডল জলমণ্ডল , বায়ুমণ্ডল আৰু জীৱমণ্ডলে নির্ধাৰণ কৰে।


৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰঃ- সাগৰ, মহাসাগৰ, নদ, নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে।

৫) বায়ুমণ্ডল কিহেৰে গঠিত লিখা?

উত্তৰঃ- নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, হাইড্ৰ’জেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত।


৬) জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।

উত্তৰঃ- জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ, উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয় ।পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে – স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই- চিৰিকতি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে।


৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:  পৃথিৱীৰপৰিৱেশ স্থলমণ্ডল , বায়ুমণ্ডল , জলমণ্ডল আৰু জীৱমণ্ডল এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্রিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে। এই পৰিৱেশ পৰিৱৰ্তনশীল। স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে।

যিকোনো এটা গুৰুত্বপূর্ণ মণ্ডলত সংঘটিত হোৱা পৰিৱর্তনে পৰিবেশৰ অন্য তিনিওটা মণ্ডলকে প্রভাৱিত কৰে। যেতিয়া সূৰ্যৰ পৰা হোৱা অত্যধিক বিকিৰণৰ দ্বাৰা বায়ুমণ্ডল প্রভাবিত হয় তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলবো ক্ষতিসাধন হয়। ইয়াৰ জৰিয়তে বৰফ গলাৰ ফলত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ ভূপৃষ্ঠৰ উপকূলীয় অঞ্চলসমূহত বৃহৎ পৰিৱৰ্তন সংঘটিত হয়। ইয়াৰ ফলস্বৰূপে স্থলমণ্ডলৰ বহুতো অঞ্চল পানীৰ তলত বুৰ যায়। বায়ুমণ্ডলৰ অত্যধিক উষ্ণতাৰ ফলত স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলত বাস কৰা বহুতো অণুজীব, উদ্ভিদ তথা জীৱ-জন্তুৰ মৃত্যু হয়। আনহাতে, স্থলমণ্ডলত থকা গছ-গছনিসমূহ জধে-মধে কটাৰ ফলত অত্যধিক মাত্রাত সেউজগৃহ গেছসমূহ বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধি কৰিছে। যিটোৱে কেৱল পৃথিৱীৰ স্থলমণ্ডলত থকা জীৱসমূহৰে ক্ষতি কৰা নাই, বৰঞ্চ ই জলমণ্ডলৰ জীৱসমূহৰো ক্ষতিসাধন কৰিছে। এইদৰে এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজতে ওচৰ সম্বন্ধ আছে আৰু ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল।


৮। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

উত্তৰ: পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকসমূহ হ’ল:

(i) জনসংখ্যাৰ বৃদ্ধি।

(ii) ঔদ্যোগীকৰণ তথা নগৰীকৰণ।

(iii) পৰিৱেশত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱা।

(iv) নিৰ্বনানীকৰণ আৰু জলাশয়ৰ সংকোচন।

(v) পার্বত্য আৰু মৰু অঞ্চললৈ সম্প্ৰসাৰিত হোৱা মানৱ কার্যকলাপ।


৯) পৰিৱেশৰ সমস্যা মানে কি ব্য়াখ্যা কৰা।

উত্তৰঃ- এসময়ত যেতিয়া পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুত আছিল, তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল।

কিন্তু দিনে দিনে বৃদ্ধি হৈ অহা দ্রুত জনসংখ্যা, নগৰীকৰণৰ সম্প্ৰসাৰণ, ঔদ্যোগীকৰণ, নিৰ্বনানীকৰণ, জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ, জলাশয়ৰ সংকোচন আদিৰ ফলস্বৰূপে পৃথিৱীৰ চাৰিওটা মণ্ডলৰ উপাদানসমূহৰ মাজত থকা পাৰিপার্শ্বিক ভাৰসাম্যতা বিঘ্নিত হৈ পৰে। ইয়াৰ ফলতে প্ৰদূষণ, মৰকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, বৰফৰ গলন, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ দৰে বহুতো সমস্যাৰ উদ্ভৱ হৈছে। পৰিৱেশৰ লগত জড়িত এই সকলোবোৰ সমস্যাকে পাৰিৱেশিক বা পাৰিপার্শ্বিক সমস্যা বুলি কোৱা হয়।


১০। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

উত্তৰঃ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাবোৰক তিনিটা ভাগত ভগাব পাৰি সেইকেইটা হ’ল:

ক)      স্থানীয় সমস্যা,

খ)      আঞ্চলিক সমস্যা,

গ)      গোলকীয় সমস্যা।

(ক) স্থানীয় সমস্যা: উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ সমস্যা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত হয় সেই সমস্যাবোৰকে পৰিৱেশৰ স্থানীয় সমস্যা বুলি কোৱা হয়।উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা, ইত্যাদি।

খ) আঞ্চলিক সমস্যা: একো একোটা ভৌগােলিক অঞ্চলজুৰি সৃষ্টি হোৱা সমস্যাকে পৰিৱেশৰ আঞ্চলিক  সমস্যা বুলি কোৱা হয়। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী-অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ।

গ) গোলকীয় সমস্যা: সমগ্র বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যা বোৰকে গোলকীয়  সমস্যা বুলি কোৱা হয়।উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধি।


১১) পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।

উত্তৰ: উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ সমস্যা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত হয় সেই সমস্যাবোৰকে পৰিৱেশৰ স্থানীয় সমস্যা বুলি কোৱা হয়।উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা, ইত্যাদি।


১২) পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ- (i) অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা।

          (ii) মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা।

১৩) কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।

উত্তৰ: সমগ্র বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যা বোৰকে গোলকীয়  সমস্যা বুলি কোৱা হয়।উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধি।


১৪) পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।

উত্তৰঃ- পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে 一

১.      প্ৰদূষণ

২.      মৰুকৰণ

৩.      ভূমিস্খলন

৪.      ভূমিক্ষয়

৫.       গোলকীয় উত্তাপ বৃদ্ধি

৬.       কৃত্ৰিম বান

৭.       সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি।


১৫। প্ৰদূষণৰ অৰ্থ লিখা।

উত্তৰঃ কোনো বৰ্জিত বা অনিষ্টকাৰী পদার্থ বা দ্রব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱা প্রক্রিয়াকে প্রদূষণ বুলি কোৱা হয়।

১৬। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।

উত্তৰঃ পানী দূষিত কৰা পদাৰ্থ যেনে ৰাসায়নিক সাৰ , পদার্থকণা , অণুজীৱ বিকিৰণ , আদিৰ দৰে হানিকাৰক দ্রব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিবৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্রদূষণ বুলি কোৱা হয়।

1) পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষণ হয়।

২) উদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি বৈ যোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে।

3) কৃষিভূমিত ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগৰ ফলত সেইবোৰে  ওচৰ-পাজৰ অঞ্চলৰ পানী প্ৰদূষিত কৰে।


১৭) মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ- মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ’লে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু লগতে ইয়াৰ উৰ্বৰতা হ্ৰাস পায়। ইয়াকে মাটি প্ৰদূষণ বোলে।

মাটি প্ৰদূষণৰ কেইটামান কাৰণ হৈছে –

১.জলসিঞ্চন, ৰাসায়নিক সাৰ, কীটনাশক দৰৱ অত্যাধিক প্ৰয়োগ ফলত মাটি প্ৰদূষণ হয়।

২.ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই মাটি মিহলি হোৱাৰ ফলত মাটিপ্ৰদূষিত হৈছে।

৩. ভূ-গৰ্ভৰ পৰা খনিজ সম্পদবোৰ আহৰণ কৰোতে মাটি প্ৰদূষিত হয়।

4. খেতি পথাৰ, উদ্যোগ, ৰাস্তাঘাট আদি নিৰ্মাণৰ বাবে অত্যাধিক হাৰত হোৱা বনাঞ্চলসমূহ ধ্বংসৰ ফলত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হৈ মাটি প্ৰদূষণ হৈছে।


১৮) বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।

উত্তৰঃ- বায়ুমণ্ডলত বিভিন্ন প্ৰকাৰৰ গেছ যেনে নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই- অক্সাইড, মিথেন, আৰ্গন আদি নিৰ্দিষ্ট অনুপাতত থাকে। এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্যতা বজায় ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্যতা নষ্ট হ’লে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে।

প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ ফলত বায়ু প্ৰদূষণ হৈছে । উদাহণস্বৰূপে – প্ৰাকৃতিক কাৰক 一 আগ্নেয়গিৰি উদ্গীৰণ ফলত ওলোৱা ধোৱা, ধূলি, ছাই আৰু ছালফাৰ-ডাই- অক্সাইড গেছে বায়ু প্ৰদষণ কৰিছে।

বনজুই দহনৰ ফলতো বায়ুমণ্ডলৰ অনিষ্ট সাধন হয়।

মানৱ সৃষ্ট কাৰক 一শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ, জীৱাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত বায়ু প্ৰদূষণ হৈছে।


১৯। মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ পৃথিৱীৰ যিবিলাক অঞ্চলত কম পৰিমাণে বৰষুণ হয় আৰু অধিক মাত্রাত বাষ্পীভৱন হোৱাৰ ফলত উদ্ভিদ , মানুহ আৰু অন্যান্য প্রাণীৰ জীৱন ধাৰণ কষ্টকৰ তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায়। পৃথিৱীৰ ভূভাগৰ প্রায় ২০ শতাংশ মাটিকালি মৰুভূমি অঞ্চলসমূহে আগুৰি আছে।

মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্রকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নাইৰোবিত অনুষ্ঠিত এখন সন্মিলনত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো এনেধৰণৰ “ মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত এক মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।


২০। মৰুকৰণৰ- কাৰণ দর্শোৱা ৷

উত্তৰঃ মৰুকৰণ দুই প্ৰকাৰে সংঘটিত হয়:

(i) প্রাকৃতিক কাৰণ আৰু (ii) মানৱ কাৰণ

(i) প্রাকৃতিক কাৰণ: (ক) খৰাং বতৰ: বৰষূণৰ অভাৱত খৰাং বতৰৰ সৃষ্টি হয়। খৰাং অবস্থা মাটিৰ উৎপাদন ক্ষমতা  হ্ৰাস কৰাৰ উপৰিও উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলাই  মৰুকৰণৰ প্রক্রিয়া সৃষ্টি হোৱাত সহায় কৰে।

(খ) গোলকীয় উত্তাপ বৃদ্ধি: গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা উষ্ণতা বৃদ্ধিয়ে মৰুভূমিৰ পৰিৱেশ অধিক শুকান কৰি তুলি মৰুকৰণৰ প্রক্রিয়া দ্ৰুত গতিত হোৱাত সহায় কৰিছে।

(ii) মানৱজনিত কাৰণ: (ক) মানুহৰ কাৰ্যকলাপ:  মানুহৰ কার্যকলাপসমূহৰ ভিতৰত  অত্যধিক পশুচাৰণ , কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু নির্বনানীকৰণ আদি কাৰ্য্যই মৰুকৰণ হোৱাত সহায় কৰিছে

(খ) জনসংখ্যা বৃদ্ধি: জনসংখ্যা বৃদ্ধিয়ে মৰুভূমি অঞ্চলসমূহত মানুহৰ হেঁচা বৃদ্ধি কৰিছে , যিটোৱে মৰুভূমিৰ সম্প্ৰসাৰণৰ হোৱাত অৰিহণা যোগাইছে।


২১) মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?

উত্তৰঃ হয়,মৰুকৰণ সমস্যা সমাধান কৰিব পৰাটো সম্ভৱ । মৰুকৰণ সমস্যা ৰোধ কৰিবলৈ আমি কিছুমান ব্যৱস্থা হাতত লব পাৰোঁ। যেনে বনানীকৰণ , ৰষুণৰ পানী সংৰক্ষণ , মাটিৰ ক্ষয়ীভৱন ৰােধকৰণ , কৃত্রিম জলসিঞ্চন ব্যৱস্থাৰ নিৰ্মাণ , অর্ধ – অনুৰ্বৰ অঞ্চললৈ জলসিঞ্চন খাল সম্প্ৰসাৰণ আদি ।যিহেতু মৰুকৰণৰ সমস্যাটো কেৱল এখন দেশৰে সমস্যা নহয় , গতিকে আন্তর্জাতিক সহযোগ অবিহনে এই সমস্যাটো সমাধান কৰাটো অতি জটিল । মৰুকৰণ প্ৰক্ৰিয়াটো যিহেতু গােলকীয় উত্তাপ বৃদ্ধিৰ সৈতে জড়িত হৈ আছে , সেয়েহে গােলকীয় উত্তাপ হ্রাস কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে নিশ্চিতভাৱে মৰুকৰণ প্রক্রিয়া হ্রাস কৰিব।


২২) গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।

উত্তৰ: প্ৰাকৃতিক বা মানৱ-সৃষ্ট কাৰকৰ প্ৰভাৱত ভূ-পৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে। ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।

প্ৰাকৃতিক কাৰকঃ- বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত  সৌৰশক্তি শোষণ কৰিব পাৰে। এনে গেছ বোৰৰ ভিতৰত – কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়ে প্ৰধান। এই গেছ বোৰে পৃথিবীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা এনেবোৰ গেছক সেউজগৃহ গেছ বোলে। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে।

মানৱ-সৃষ্ট কাৰকঃ- বায়ুমণ্ডলত উত্তাপ বৃদ্ধিত সহায়ক হোৱা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ প্ৰধান কাৰক মানুহৰ কামকাজ। উদ্যোগ, কল-কাৰখানা, যান- বাহন, ৰেফ্ৰিজাৰেটাৰ, এ. চি.ৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে ধৰি বিভিন্ন সেউজগৃহ গেছৰ পৰিমাণ নিতৌ বাঢ়িছে। যিয়ে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰিছে।


২৩) গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।

উত্তৰঃ- গোলকীয় উত্তাপ বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব 一

(i) মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন

(ii) সাগৰ পৃষ্ঠৰ উত্থান

(iii) উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন

(iv) শস্য উৎপাদন হ্ৰাস

(v) মৰুকৰণ প্ৰক্ৰিয়া বৃদ্ধি পাব।


২৪। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ নিম্নেলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে:

(i) অপ্রয়োজনীয়ভাৱে গছ – গছনি কটা বন্ধ কৰিলে আৰু  অত্যাধিক হাৰত গছ-গছনি ৰোপণ কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰি।

(ii) বর্ধিত জনসংখ্যাৰ হাৰ নিয়ন্ত্রণ কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰি।

(iii)এ.চি., ৰেফ্ৰিজাৰেটৰ  আদিৰ দৰে ক্লৰ’ফ্লৰ’কার্বন নির্গত কৰা সঁজুলিসমূহৰ ব্যৱহাৰ হ্রাস কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হব।

 (iv) অনাৱশ্যকীয় বা অতিৰিক্ত উদ্যোগ আৰু যান-বাহনৰ চলাচল বন্ধ বা নিয়ন্ত্ৰণ কৰিব লাগিব।

(v) সৌৰশক্তি , বায়ুশক্তি , জৈৱশক্তি আদিৰ দৰে  অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হব।

(vi) মানুহৰ মাজত পৰিৱেশ সংৰক্ষণ আৰু সচেতনতা বৃদ্ধি কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হব।


🧠 Chapter Summary (Assamese):

পৰিৱেশ হৈছে জীৱ আৰু অজীৱ বস্তুৰ পৰস্পৰৰ সংযোগ। আধুনিক সভ্যতাৰ প্ৰভাৱত পৰিৱেশত বহু সমস্যা সৃষ্টি হৈছে, যেনে – বায়ু আৰু জল দূষণ, বন উজাৰ, প্লাষ্টিক প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন। এইবোৰৰ প্ৰতিকাৰ হিচাপে পরিবেশ সংৰক্ষণ প্ৰয়োজন।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা­­­­­­­­­­­­­­­­­­­­­- Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

Class 9 Social Science Chapter 3 (Geography) ভাৰতবৰ্ষৰ ভূগোল

Class 9 Social Science Chapter 3

Class 9 social science Chapter 3 Geography || Class 9 Social Science Chapter 3 (Geography) ভাৰতবৰ্ষৰ ভূগোল in assamese medium question answer|| Class 9|| ভূগোল খণ্ড || Class 9 social science chapter 3 Assamese Medium

📖 Chapter Overview (Assamese):

এই অধ্যায়ত ভাৰতবৰ্ষৰ ভৌগোলিক বৈশিষ্ট্য, সীমাবদ্ধতা, অঞ্চলসমূহ, নদী ব্যৱস্থা, পৰ্বত, মৈদান, আৰু পৰ্বতৰ জালিকা আদি বিষয় আলোচনা কৰা হৈছে। ভাৰত এখন ভূ-বৈচিত্ৰ্যপূৰ্ণ দেশ, য’ত বিভিন্ন প্ৰাকৃতিক পৰিৱেশ দেখা পোৱা যায়।

Geography class 9 social science assamese medium question answer|| Class 9|| ভাৰতবৰ্ষৰ ভূগোল || ভূগোল খণ্ড || Class 9 social science chapter 3 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|| 

নৱম শ্ৰেণী

ভূগোল খণ্ড

ভাৰতবৰ্ষৰ ভূগোল


১) ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা।

উত্তৰঃ- ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই দেশ খন এছিয়া মহাদেশৰ দক্ষিণাংশত  অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূ-খণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত । ভাৰতবৰ্ষ ৮°৪/২৮//উত্তৰৰ পৰা ৩৭°১৭/৫৩// উত্তৰ অক্ষৰেখা আৰু ৬৮°৭/৩৩// পূবৰ পৰা ৯৭°২৪/৪৭// পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত। ২৩°৩০/ উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ সোঁমাজেদি গৈছে । এই ৰেখাডাল ভাৰতক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে ।ইয়াৰে দক্ষিণ ভাগটো পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত ।উত্তৰা-দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। ভাৰতবৰ্ষ এখন বিশাল দেশ । আকাৰত ই পৃথিৱীৰ দেশ সমূহৰ ভিতৰত সপ্তম স্থানত আছে ।ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ । এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ জুৰি আছে।


২) ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬,১০০ কিলোমিটাৰ।

৩) ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।


৪) ভাৰতৰ ভূ-খণ্ড সম্পৰ্কে এটি চমুটোকা লিখা।

উত্তৰ: ভাৰতবৰ্ষ হৈছে এচিয়া মহাদেশত অৱস্থিত পৃথিৱীৰ সপ্তম খন বৃহৎ দেশ। ভাৰতবৰ্ষৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ  প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। পূবে বঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। এই উপকূল অঞ্চলত ভালেমান বন্দৰ গঢ়ি উঠিছে। ভাৰতৰ ভূ-খণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থল-ভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ-পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।


৫) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা।

উত্তৰঃ – উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় । তাৰে চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হ’ল –

(ক) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এই নদীবোৰত গোটেই বছৰজুৰি পানীৰ সোঁত থাকে । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়েই শুকাই যায়।

(খ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি – এই তিনিটা গতি স্পষ্টকৈ দেখা যায়, কিন্তু দক্ষিণ ভাৰতৰ নদী বিলাকত এই তিনিটা গতি স্পষ্ট দেখা নাযায়।

(গ) উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূৰ্ণ, কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকাসমূহ সিমান সাৰুৱা নহয়। সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়।

(ঘ) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু বহু দূৰ সমতলৰ মাজেদি বৈ যোৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা । সেয়েহে এই নদীবোৰ নাব্য নহয়।


৬) ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা কি কি?

উত্তৰঃ – ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা হ’ল –

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল  

(খ) উত্তৰ ভাৰতৰ সামভূমি অঞ্চল    

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু  

(ঘ) উপকূল অঞ্চল।


(৭) উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ – উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল – হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত । হিমালয়  আৰু ইয়াৰ ঠাল – ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয় । এই পৰ্বতমালা ভাৰতৰ লগতে নেপাল , ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে ।ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে । ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূৱা – পশ্চিমাকৈ বিস্তৃত হৈ আছে । এই অঞ্চল প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিলোমিটাৰ পৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত বহল ।এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায়  ৫,০০,০০০  বৰ্গ কিলোমিটাৰ আৰু এই অঞ্চলৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক।


৮) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ- উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট তলত আলোচনা কৰা হ’ল

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল । এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২,৪০০ কি. মি. বিস্তৃত। ইয়াক প্ৰধানকৈ -সিন্ধু-গঙ্গা – ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়।

(খ) উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭০,০০,০০০বৰ্গ কি.মি. আগুৰি আছে।

(গ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো পাঁচখন সৰু – বৰ সমভূমিৰ সমষ্টিয়েই গঠিত হৈছে। এই পাঁচখন সমভূমি হৈছে – পশ্চিম সমভূমি, পাঞ্জাব – হাৰিয়ানা সমভূমি, গংগা সমভূমি , উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি।

(ঘ) হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে।

(ঙ) সাৰুৱা মাটি আৰু সুচল যাতায়ত ব্যৱস্থাৰ বাবে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো জনবসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত আগবঢ়া।


৯) দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ- দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল –

(ক) দাক্ষিণাত্য মালভূমি অঞ্চলটোৰ আকৃতিত ত্ৰিভূজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত।

(খ) উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ – পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ দাক্ষিণাত্য মালভূমি অঞ্চলটো গঠিত হৈছে।

(গ)বিন্ধ্য, সাতপুৰা , মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে । ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত । আনহাতে দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ আৰু এই অংশটো সাতপুৰা , মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত।

(ঘ) দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বতশ্রেণী আৰু পূব সীমাত আছে পূর্বঘাট পর্বতশ্রেণী।

(ঙ) দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ওখ আৰু পূৰ্বঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলিয়া । এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায়বোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বঙ্গোপসাগৰত পৰিছে । এই নদীবিলাকৰ ভিতৰত মহানদী , গোদাবৰী , কৃষ্ণা , পেনাৰ আৰু কাবেৰীয়েই প্ৰধান।


১০)  উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ –উপকূল অঞ্চলৰ বৈশিষ্ট সমূহ তলত উল্লেখ কৰা হল

(ক) দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বঙ্গোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত।

(খ) ভাৰতৰ উপকূল অঞ্চলটো গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত ।

(গ) উপকূল অঞ্চলটো প্ৰায় ১,১০০ কিলোমিটাৰ দীঘল আৰু গড়ে ১২০  কিলোমিটাৰ বহল আৰু  সাগপৃষ্ঠৰ পৰা  উচ্চতা ৩০ -৫০মিটাৰ ভিতৰত।

(ঘ) ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক।

(ঙ) ভাৰতৰ উপকূল অঞ্চলটো পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত  ভগাব পাৰি। ইয়াৰ পূব উপকূল অঞ্চলটো এফালে বঙ্গোপসাগৰ আৰু আন ফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত আৰু পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত।


১১) ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান, যেনে – উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুবৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে।অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়।একে অক্ষাংশত অৱস্থিত হ’লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আর্দ্রতাৰ পাৰিমাণ কম-বেছি হয়। ফলত জলবায়ুও বেলেগ বেলেগ হয়।

ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা কর্কটক্রান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্রীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি।ভাৰতৰ ভূ – খণ্ড পৰ্বত – পাহাৰ, মালাভূমি, মৰুভূমি , সমভূমি , আদি ভূ – প্ৰকৃতিৰে গঠিত । এনে ভূ – প্ৰকৃতিৰ বাবেই ঠাই বিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনিছে। ফলত জলবায়ু বেলেগ বেলেগ হয়।


১২) ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ- ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট । দেশখনত বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰবাহিত হয় ।দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ -পশ্চিম মৌচুমী বতাহ বোলে । আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিম ঘাট পৰ্বতত বাধা পায়।তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে।এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰ এটা অংশ পশ্চিমঘাট পৰ্বত পাৰ হৈ বঙ্গোপসাগৰৰ ফালে আগবাঢ়ে। বঙ্গোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ – পূৰ্বাঞ্চলত প্ৰৱেশ কৰে । এই বতাহে মেঘালয় মালভূমিত বাধ্যপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে । এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায়  ১,২৫০  চেণ্টিমিতাৰ পৰ্যন্ত বৰষুণ হয় । এই দক্ষিণ – পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়।

আনহাতে উত্তৰ – পূব মৌচুমী বতাহ শীতকালত কালত বলে । এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ – পূব দিশেৰে ভাৰতলৈ প্ৰভাৱিত হয় বাবে ইয়াক উত্তৰ – পূব মৌচুমী বতাহ বোলে। উত্তৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ নহয়।ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে । স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় । কিন্তু , এই বতাহ বঙ্গোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয়ভাপ আহৰণ কৰে । জলীয়ভাপ যুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল  উপকূলত বৰষুণ হয়।


১৩) ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া।

উত্তৰ: দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবেই ভাৰতত যথেষ্ট বৰষুণ হয় ।ভাৰতৰ বাৰ্ষিক বৰষূণৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে ভাৰতৰ সকলো ঠাইতে বৰষুণৰ পৰিমাণ একে নহয়।  উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত বাৰ্ষিক ৩০০ চেণ্টিমিটাৰৰো অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিঃহিমালয় অঞ্চলত বৰষুণ গড়ে ৪০০চেণ্টিমিটাৰতকৈ অধিক হয়। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত বছৰি গড়ে ৫০ চেন্টিমিটাৰৰো কম বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। এই অঞ্চলত বাৰ্ষিক গড়ে ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়।


১৪) ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা।

উত্তৰঃ- ভাৰতৰ উদ্ভিদসমূহক ছয় ভাগত ভগোৱা হৈছে, সেইকেইবিধ হৈছে–

(ক) চিৰসেউজীয়া উদ্ভিদ।

(খ) মৌচুমীয় উদ্ভিদ।

(গ) কাঁইটীয়া মৰু উদ্ভিদ।

(ঘ) তৃণজাতীয় উদ্ভিদ।

(ঙ) ব-দ্বীপিয় উদ্ভিদ।

(চ) পাৰ্বত্য উদ্ভিদ।


১৫) ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি?

উত্তৰঃ- ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্টবোৰ হৈছে –

(ক) যিবোৰ অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিতাৰকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫0 চেণ্টিগ্ৰেডৰ পৰা ২৭° চেণ্টিগ্ৰেড হয়, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়।

(খ) বছৰৰ কোনো ঋতুতে এই উদ্ভিদৰ পাত নসৰে বাবে এই উদ্ভিদক চিৰসেউজীয়া উদ্ভিদ বোলে।

            (গ) চিৰসেউজীয়া বননিবোৰ ওখ ওখ গছ-গছনিৰে ভৰা ।ইয়াৰ গছবিলাক ৪৫ মিটাৰ পৰ্যন্ত ওখ হয় । ওখ গছ-গছনিৰ বাহিৰেও বেত, বাঁহ , ঢেঁকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়।

(ঘ) চিৰসেউজীয়া অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়।

(ঙ)পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামানি ভাগ, উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়।


১৬) ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ- ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্যসমূহ হ’ল –

(ক) উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰনত উচ্চতাৰ যথেষ্ট গুৰুত্ব আছে , কিয়নো উচ্চতা আৰু পৰ্বত পাহাৰৰ ঢাল অনুসৰি বৰষুণ ,উত্তাপ আৰু মাটিৰ গুণাগুণৰ তাৰতম্য ঘটে । সেইবাবে পাৰ্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায়।

(খ) বহিঃহিমালয়ৰ শিৱালিক পৰ্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমীয় অৰণ্যৰে আবৃত । ইয়াত শাল গছকে ধৰি ভালেমান মূল্যবান গছ আছে । এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ পোৱা যায়।

(গ) ইয়াৰ ঠিক ওপৰৰ ১,০০০  মিটাৰৰ  পৰা  ২,০০০  মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায় । ইয়াৰ উপৰিও  ১,৬০০  মিটাৰৰ পৰা  ৩,০০০  মিটাৰ উচ্চতাত সৰল গছ বেছিকৈ দেখা যায়।

(ঘ) কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল,দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে । ইয়াতকৈ অধিক উচ্চতাৰ পাৰ্বত্য অঞ্চলত আল্পীয় উদ্ভিদ দেখা যায়।


১৭) ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?

উত্তৰঃ – ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ বৰ্তমান জনসংখ্যা হৈছে  ১,২১০,৭৬২,৯৩২ জন। ২০১১  চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গকিলোমিটাৰত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব  ৩৮২ জন।


১৮) জনপ্ৰব্ৰজন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ: জনপ্ৰব্ৰজন দুই প্ৰকাৰৰ –

(১) আভ্যন্তৰীণ প্ৰব্ৰজন , আৰু  (২) বাহ্যিক প্ৰব্ৰজন

(১) আভ্যন্তৰীণ প্ৰব্ৰজন :- দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন বুলি কোৱা হয়।

(২) বাহ্যিক প্ৰব্ৰজন : – ভাৰতবৰ্ষ আৰু অন্য দেশবিলাকৰ মাজত হোৱা জনপ্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন বোলে। এই প্ৰকাৰৰ প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিও জনা যায়। যেনে – ভাৰতবৰ্ষ আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ মাজত হোৱা প্ৰব্ৰজনক বাহ্যিক বা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয়।


১৯) জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে?

উত্তৰঃ- জনপ্ৰব্ৰজনৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী । আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যাৰূপে  পৰিগণিত হৈছে । প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক , অৰ্থনৈতিক , পৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱর্তন আহিছে । জনপ্ৰব্ৰজনৰ ভাৰতত কেনে প্ৰভাৱ পেলাইছে তলত আলোচনা কৰা হ’ল –

(ক) প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে।

(খ) প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ-বাণিজ্য প্ৰসাৰ ঘটিছে।

(গ) প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাথঁনি সলনি কৰিছে। প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব, শিক্ষিতৰ হাৰ সলনি হৈছে । কোনো কোনো অঞ্চলত প্ৰব্ৰজনকাৰী  সংখ্যা ভূমিপুত্ৰ সকলক সংখ্যাতকৈ অধিক হোৱাৰ ফলত ভাষা , ধৰ্ম , সংস্কৃতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে।

(ঘ) প্ৰব্ৰজনে প্রত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে । জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নানা সমস্যাৰ সৃষ্টি হৈছে। দেশৰ ভূমিসম্পদৰ ওপৰত অত্যধিক হেঁচা পৰিছে, অৰণ্য আৰু আৰ্দ্ৰ ভূমিৰ পৰিৱেশতন্ত্ৰ বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু  শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি হৈছে।

(ঙ) প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।         

(চ) প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে।

(ছ) প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে। এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে।

(জ) প্ৰব্ৰজনৰ ফলত দেশখনৰ বা ৰাজ্যসমূহৰ ৰাজনৈতিক পৰিস্থিতিৰ পট পৰিৱৰ্তন হোৱাৰ উপক্ৰম হৈছে।


২০) ভাৰতৰ অৰ্থনৈতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ ভাৰতৰ অৰ্থনৈতিৰ মূল বৈশিষ্ট্যসমূহ হ’ল-

            (ক)নিম্ন জনমূৰি আয়

            (খ) জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি

            (গ) অত্যধিক জনসংখ্যাৰ চাপ

            (ঘ) দৰিদ্ৰতা

            (ঙ) কৃষি – নিৰ্ভৰশীলতা

            (চ) বৰ্ধিত নিবনুৱা সমস্যা আৰু

            (ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন।


২১) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি ?

উত্তৰঃ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ’ল-

                        ১) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ,

                        ২) চণ্ডীগড়,

                        ৩) দিল্লী

                        ৪) দাদ্ৰা আৰু নগৰ হাভেলী

                        ৫) দমন আৰু ডিউ

                        ৬) লাক্ষাদ্বীপ

                        ৭) পণ্ডিচেৰী।


২২) ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা।

উত্তৰঃ  ভাৰতৰ বৰ্তমান ৰাজ্য ২৯ খন আৰু সেইবোৰ হ’ল – অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, চত্তিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰেলা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা পঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উওৰাখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিমবংগ।


২৩) ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান?

উত্তৰঃ- ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ’ল -তেলেংগানা। ইয়াৰ সৰ্বমুঠ মাটিকালি হ’ল – ১,১৪,৮৪০ বৰ্গ কি. মি. আৰু ইয়াৰ জনসংখ্যা ৩৫.১৯ মিলিয়ন।


🧠 Chapter Summary (Assamese):

ভাৰতৰ ভূগোল এক বিস্তৃত আৰু বৈচিত্ৰ্যপূৰ্ণ বিষয়। উত্তৰত হিমালয় পৰ্বত আৰু দক্ষিণত বঙ্গোপসাগৰ, পশ্চিমত থাৰ মৰুভূমি আৰু পূৱত পুৰ্ব-প্ৰৱণ অঞ্চল এই ভূগোলক বিশেষ ৰূপ প্ৰদান কৰিছে। এই ভূ-বৈচিত্র্যই ভাৰতৰ কৃষি, জনজীৱন আৰু অর্থনীতি প্ৰভাৱিত কৰে।


📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now


Class 9 Social Science (Geography) in Assamese Medium

Class 9 Social Science Chapter 3 Geography Asaamese Medium

Class 9 Social Science Chapter 1 (Geography) ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Class 9 Social Science Chapter 1

Class 9 social science Chapter 1 Geography Class 9 Social Science Chapter 1 (Geography) ভূ-পৃষ্ঠৰ পৰিৱৰ্তন in assamese medium question answer|| Class 9|| ভূগোল খণ্ড || Class 9 social science chapter 1 Assamese Medium

📖 Chapter Overview (Assamese):

এই অধ্যায়টোত পৃথিৱীৰ ভূ-পৃষ্ঠত ঘটা পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। ভূমিকম্প, আগ্নেয়গিৰি, ক্ষয়, সঞ্চয় আদিয়ে কিদৰে ভূমিৰ গঠন আৰু আকৃতি পৰিৱৰ্তন কৰে, সেয়া ই ইয়াত বুজোৱা হৈছে।

Geography class 9 social science assamese medium question answer|| Class 9|| ভূ-পৃষ্ঠৰ পৰিৱৰ্তন || ভূগোল খণ্ড Class 9 social science chapter 1 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|| 

নৱম শ্ৰেণী

ভূগোল খণ্ড

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন


১ । ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ জলভাগ আৰু স্থলভাগে ৰে গঠিত। পৃথিবীৰ  মুঠ মাটকালিৰ  ৭১ শতাংশ জলভাগে আৰু বাকী ২৯ শতাংশ স্থলভাগে আগুৰি আছে। ৭১শতাংশ মাটিকালিৰ আছে ৫খন কৈ মহাসাগৰ আৰু ২৯ শতাংশ মাটিকালিৰ আছে ৭খনকৈ মহাদেশ ।মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ-পৰ্বত, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাত, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব। তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো  দেখা যায়।

ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ  ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰক বোৰে পৃথিৱীৰ উপৰিভাগৰ ভূ-অৱয়ব গঠন হোৱাত সহায় কৰে।


২। ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।

উত্তৰ:- কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ ফলত ভূ- পৃষ্ঠত পৰিৱৰ্তন ঘটে। ভূ- পৃষ্ঠৰ কিছুমান পৰিৱৰ্তন খুব লাহে লাহে হয় আৰু আন কিছুমান হঠাৎ বা কম সময়ৰ ভিতৰত হয় ।ভূ- পৃষ্ঠত পৰিবৰ্তন ঘটোৱা বাহ্যিক কাৰকবোৰ হ’ল – বতাহ, বৰষুণ সূৰ্যৰ উত্তাপ, হিমবাহ, নদী সাগৰৰ ঢৌ আদি আৰু আভ্যন্তৰীণ কাৰকবোৰ হ’ল – ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্গীৰণ আদি।


৩) বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।

উত্তৰঃ- ভূ- পৃষ্ঠত যিবোৰ কাৰকে বাহিৰৰ পৰা ক্ৰিয়া কৰে তেনেবোৰ কাৰকে বাহ্যিক কাৰক বোলে।

কেইটামান বাহ্যিক কাৰকৰ নাম হ’ল –  সুৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি।


৪) ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?

উত্তৰঃ- ভূ- পৃষ্ঠত যিবোৰ কাৰকে ভিতৰ ফালৰ পৰা ক্ৰিয়া কৰে তেনেবোৰ কাৰকে আভ্যন্তৰীণ  কাৰক বোলে। আভ্যন্তৰীণ কাৰকবোৰ আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে । আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰি থাকে। এইবোৰ কাৰকে সাধাৰণৰতে ভূ- পৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগতো অসমান কৰি ৰখাত অৰিহণা যোগায় । ভূমিকম্প সংঘটিত হ’লে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদ্গীৰণ সংঘঠিত হ’লে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়।

আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ আছে যাক ফলক বিৱতৰ্ণ বুলি কোৱা হয়। পৃথিবীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। সেয়েহে ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়।


(৫) নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্র আঁকা।

নদী অৱবাহিকা
নদী অৱবাহিকা

উত্তৰ:- এখন নদীয়ে ইয়াৰ উপনদী, শাখানদী, আদিৰ যোগেদি একো একোটা এলেকাৰ পানী নামনিলৈ কঢ়িয়াই নিয়ে । এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক নদী অৱবাহিকা বুলি কোৱা হয়। একোখন নদীৰ ক্ৰিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে।


৬) উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা।

উত্তৰ:- উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহত মিলিত হোৱা শাখা  – নদীসমূহক  উপনদী বোলে । ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদী হ’ল –

(১) কলং আৰু

(২) কপিলী।


৭) নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।

উত্তৰ: সাধাৰণতে নৈৰ পানীভাগ উচ্চ ভূমিৰ পৰা ক্রমে নামনিলৈ বৈ আহোঁতে নদী অৱবাহিকাৰ উপৰিভাগত স্বাভাবিকতে খনন কার্য সাধিত হয়। অৱশ্যে নৈ খননকাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন, অন্তৰভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আবৰণ, প্রবাহিত পানীৰ পৰিমাণ আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। নদী অৱবাহিকাৰ সকলো অংশতে কম-বেছি পৰিমাণে খনন কার্য চলে যদিও প্রধানকৈ নদীৰ গতিপথতহে খনন কাৰ্য সুস্পষ্ট হৈ পৰে।

নদী এখন উচ্চ ভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। কাৰন উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্রৱল, গতি পথ ঠেক আৰু গভীৰ হয়। সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে সোঁতে কঢ়িয়াই অনা গেদবোৰ  ভৈয়ামত জমা হ’বলৈ ধৰে ।ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে । এনেদৰে নদীৰ পানী ভাগৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বোৱাই নিয়াৰ কাৰণে নদীয়ে দুয়োপাৰত খনন কাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয়। নদীৰ এনেদৰে হোৱা খনন কাৰ্যকে পাৰ খনন বা পাৰ্শ্বখনন বোলা হয়। গৰাখহনীয়া নদীৰ পাৰ্শ্বখননৰে পৰিণতি।


৮) নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায়।

উত্তৰঃ- নদী এখন উচ্চ ভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। কাৰন উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্রৱল, গতি পথ ঠেক আৰু গভীৰ হয়। সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে সোঁতে কঢ়িয়াই অনা গেদবোৰ  ভৈয়ামত জমা হ’বলৈ ধৰে। ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে। এনেদৰে নদীৰ পানী ভাগৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বোৱাই নিয়াৰ কাৰণে নদীয়ে দুয়োপাৰত খনন কাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয় । নদীৰ এনেদৰে হোৱা খনন কাৰ্যকে পাৰ খনন বা পাৰ্শ্বখনন বোলা হয়। গৰাখহনীয়া নদীৰ পাৰ্শ্বখননৰে পৰিণতি।


(৯) অশ্বখুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।

উত্তৰঃ-

অশ্বখুৰা হ্ৰদ
অশ্বখুৰা হ্ৰদ

অশ্বখুৰা হ্ৰদ হ’ল নদীৰ খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা ঘোঁৰাৰ খূৰা আকৃতিৰ এটা হ্ৰদ।

এখন নদী সমতলৰ মৃদু ঢালেদি বৈ আহোঁতে ইয়াৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হৈ পৰে।  নদীৰ পাৰ্শ্বখনন কাৰ্যই নদীৰ গতিপথ আৰু অধিক একা-বেঁকা কৰি তোলে। নদীৰ এনে গতিক বক্রগতি বা সৰ্পিল গতি বুলি কোৱা হয়। সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ ইমানেই ভাঁজযুক্ত হৈ পৰে যে কোনো কোনো ঠাইত বাৰিষাৰ বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত নদীখনে কঢ়িয়াব নোৱাৰাত পৰে। তেতিয়া নদীয়ে নিজৰ গতি পোন কৰি গতিপথৰ ভাঁজ থকা অংশ এৰি দিয়ে । নদীয়ে এৰি যোৱা অংশ  ঘোঁৰাৰ খুৰা আকৃতিৰ হয়,আৰু পিছত পানী জমা হৈ হ্ৰদ বা বিলৰ সৃষ্টি হয় এনে হ্ৰদকঅশ্বখুৰা হ্ৰদ বোলা হয়।


১০) প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ- প্লাৱনভূমি হ’ল নদীৰ অৱক্ষেপন কাৰ্যৰ ফলত সৃষ্টি হোৱা এক পলসুৱা সমতল ভূমি।

নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত নদীৰ গতিপথৰ দুয়োপাৰে গেদ জমা হয় ।যুগ যুগ ধৰি জমা হোৱা গেদৰ ফলত এক সমতল ভূমিৰ সৃষ্টি হয় ইয়াক প্লাৱন ভূমি বোলে। সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি, বোকা, পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে। এইবোৰেই কালক্ৰমত প্লাৱনভূমিৰ সৃষ্টি কৰে। প্লাবনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী।


১১) নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।

উত্তৰঃ- নদীৰ বুকুত বালি – বোকা জমা হৈ অৰ্থাৎ নদীৰ অৱক্ষেপন কাৰ্যৰ ফলত বালিচৰ বোৰৰ সৃষ্টি হয়। বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা নৈৰ মাজভাগত গঢ়ি উঠে । এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ – আকৃতিৰ। বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ – আকৃতিৰ পৰিৱৰ্তন ঘটায় ।খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে । আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু – বৰ অসংখ্য বালিচৰ দেখা যায়।


১২) ব–দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ- নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিকদিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ । উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত নৈ গৈ পৰ , তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ  ‘ব’ ৰ দৰে । সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয়।


১৩) মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা।

উত্তৰঃ- মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে । ধূলি – বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে।


১৪) অৱনমন বুলিলে কি বুজায়।

উত্তৰঃ- মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি – বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি – বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে।


১৫) বালিয়াৰিৰৰ সৃষ্টি কেনেকৈ হয়।

উত্তৰ: মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি – বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি – বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে। অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয় , তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল’ব পাৰে। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয়। বতাহৰ ধৰ্ম , গতিপথ , শক্তি আৰু উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰৰ আকাৰ-আকৃতি বেলেগ বেলেগ হয়। তদুপৰি মৰুভূমিবোৰৰ প্ৰাকৃতিক পৰিৱেশ একে নোহোৱাৰ কাৰণেও বালিৰ পাহাৰবোৰৰ মাজত পাৰ্থক্য দেখা যায়।


১৬) ইনছেলবাৰ্গ কি?

উত্তৰঃ- মৰুভূমিত অৱস্থিত একো একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰক ইনছেলবাৰ্গ বোলে। জাৰ্মান শব্দ ‘ইনছেলবাৰ্গ’ ৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত।


১৭) হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা।

উত্তৰঃ- পৃথিৱীৰ অতি শীতল অঞ্চলবোৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে। এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চ অংশবোৰ পৰে । এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ- পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়।

            নদী আৰু হিমবাহৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল –

(ক) নদীৰ সোঁতৰ গতি প্ৰবল আৰু হিমবাহৰ সোঁতৰ গতি লেহেম।

(খ) নদীয়ে ক্ষিপ্ৰ গতিত ইয়াৰ খনন কাৰ্য্য চলায়। কিন্তু হিমবাহৰ খননৰ কাৰ্য্য লেহেমীয়া।

(গ) নদী গ্ৰীষ্ম  প্ৰধান অঞ্চলত থাকে  আৰু হিমবাহ শীত প্ৰধান অঞ্চলতহে থাকে।


১৮) গ্ৰাব কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।

উত্তৰঃ – হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে । এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰকে সামগ্ৰীকভাৱে গ্ৰাব বোলা হয় ।

বিভিন্ন প্ৰকাৰৰ গ্ৰাব

গ্ৰাব চাৰিপ্ৰকাৰৰ যেনে –

(১) পাৰ্শ্ব গ্ৰাব :- হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাবক পাৰ্শ্বগ্রাব বুলি কোৱা হয়।

(২) ভূমিগ্ৰাব:- হিমবাহ উপত্যকাৰ তলিয়েদি বৈ অহা গ্ৰাবক ভূমিগ্রাব বোলা হয়।

(৩) মধ্য গ্ৰাব:- কেতিয়াবা কোনো বিশেষ ঠাইত দুফালৰপৰা অহা দুটা হিমবাহ মিলি দুয়োটা হিমবাহৰ পাৰ্শ্বগ্রাব সংযোজিত হৈ ডাঙৰ হিমবাহটোৰ মাজেৰে বাহিত হবলৈ ধৰে। এনে গ্ৰাবক মধ্যগ্রাব বুলি কোৱা হয়।

(৪) প্ৰান্ত গ্ৰাব:- হিমবাহৰ শেষ সীমাত জমা হোৱা গ্ৰাবক প্ৰান্তগ্রাব বোলে।


১৯) হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰ: কেতিয়াবা কোনো কোনো পৰ্বতৰ গাৰে  কেইবাটাও হিমবাহ নামি আহে । তেতিয়া সকলো ফালৰ পৰা চলা খননৰ ফলত  পৰ্বতৰ শীৰ্ষাংশ চোকা জোঙৰ দৰে শৃংগৰ  সৃষ্টি  হয়। এনেদৰে হিমবাহৰ ক্ৰিয়া ফলত জোঙা শৃংগৰ সৃষ্টি হয়।


২০। উপকূল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ-মহাসাগৰে আগুৰি আছে। সাগৰ-মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়।


২১ । বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।

উত্তৰঃ ঢৌৱে সদায় ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ’লে তাত এক প্ৰকাৰৰ সমতল সদৃশ অৱয়ব সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়বক বালিয়াতট বোলা হয়। সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে।

উপকূলৰ বালিয়াতটবোৰে মানুহৰ বিনোদনৰ আকষৰ্ণ কেন্দ্ৰ।


(২২) সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।

উত্তৰঃ- সাগৰ – মহাসাগৰৰ উপকূল অঞ্চলত  বতাহ , বৰষূণ ,আৰু সাগৰৰ ঢৌবে ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে। ঢৌৰ ক্ৰিয়াৰ ফলতেই সাগৰ-মহাসাগৰৰ উপকূলত বিশেষ কিছুমান অৱয়বৰ সৃষ্টি হয়। উপকূলত সৃষ্টি হোৱা অৱয়ববোৰৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপনজনিত। উপকূল ভাগ গ্ৰেনাইট, বেছল্ট আদিৰ দৰে কঠিন শিলাৰদ্বাৰা গঠিত হ’লে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। সমুদ্ৰৰ তলীত ডাঙৰ ভূমিকম্প সংঘটিত হ’লে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তৰ ক্ষতিসাধন কৰে। এনে ধ্বংসাত্মক ঢৌক ছুনামি বোলা হয়।


২৩) তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাড় চিনেৰে দেখুওৱা।

          কাৰক              অৱয়ব

           নদী    –           প্লাৱনভূমি

                                 বালিয়াতট

                                 ইনছেলবাৰ্গ

         বতাহ      –        ব – দ্বীপ

                                বালিৰ পাহাৰ

                                পাৰ্শ্বগ্ৰাব 

        হিমবাহ     –      জোঙা শৃংগ

                                বালিচৰ

                                V – উপত্যকা

       সাগৰৰ ঢৌ   –     অশ্বখুৰা হ্ৰদ                      

                                  উপকূল

                                  U – উপত্যকা

উত্তৰঃ  (ক) নদী  –       (১) প্লাৱনভূমি

                                   (২) ব – দ্বীপ

                                   (৩) বালিচৰ

                                   (৪) অশ্বখুৰা হ্ৰদ

      (খ) বতাহ  –         (১) ইনছেলবাৰ্গ

                                 (২) বালিৰ পাহাৰ

     (গ)  হিমবাহ  –      (১) পাৰ্শ্বগ্ৰাব 

                                 (২) জোঙা শৃংগ

                                 (৩) U – উপত্যকা

                                 (৪)  V – উপত্যকা

   (ঘ) সাগৰৰ ঢৌ   –    (১) বালিয়াতট

                                  (২) উপকূল।


🧠 Chapter Summary (Assamese):

ভূ-পৃষ্ঠ এক নিৰন্তৰ পৰিৱর্তনশীল গঠন। ই দুটা প্ৰধান শক্তিৰ দ্বাৰা পৰিচালিত – অন্তৰ্গত (যেনে ভূমিকম্প, আগ্নেয়গিৰি) আৰু বাহ্যিক (যেনে ক্ষয় আৰু সঞ্চয়)। এইবোৰে পৰ্বত, উপত্যকা, নদীভূমি আদি গঠন কৰে। এই অধ্যায়টোত ইয়াৰ প্ৰক্ৰিয়া আৰু প্ৰভাৱ সম্পৰ্কে বিস্তৃত আলোচনা কৰা হৈছে।


📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now


Class 9 Social Science (Geography) in Assamese Medium

Class 9 Social Science Chapter 1 Geography Asaamese Medium

Class 9 Social Science Chapter 4 (Geography) অসমৰ ভূগোল

Class 9 Social Science Chapter 4 (Geography) অসমৰ ভূগোল

Class 9 social science Chapter 4 Geography অসমৰ ভূগোল in assamese medium question answer|| Class 9|| ভূগোল খণ্ড Class 9 Social Science Chapter 4 || Class 9 social science chapter 4 Assamese Medium

📖 Chapter Overview (Assamese):

এই অধ্যায়টোত অসমৰ ভূগোলিক অৱস্থান, প্ৰাকৃতিক বৈশিষ্ট্য, জলবায়ু, মাটিৰ প্ৰকাৰ, নদ-নদী আৰু খনিজ সম্পদ আদি সম্পূৰ্ণ ৰূপে আলোচনা কৰা হৈছে। অসম এখন সম্পদসমৃদ্ধ ৰাজ্য, যাৰ ভূগোল অধ্যয়নে ছাত্র-ছাত্ৰীসকলক স্থানীয় জ্ঞান লাভত সহায় কৰে।

Geography class 9 social science assamese medium question answer|| Class 9|| অসমৰ ভূগোল || ভূগোল খণ্ড Class 9 social science chapter 4 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

নৱম শ্ৰেণী

ভূগোল খণ্ড

অসমৰ ভূগোল


১। অসমৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি?

উঃ  অসমৰ ভূ-প্রাকৃতিক ভাগকেইটা হল (ক) ব্রহ্মপুত্র উপত্যকা, (খ) বৰাক উপত্যকা, (গ) কাৰ্বি মালভূমি আৰু (ঘ) বৰাইল আৰু দক্ষিণৰ পর্বত ৰাশি।


২।  ব্রহ্মপুত্র উপত্যকাৰৰ  ভূ-প্রকৃতিক অঞ্চলকেইটা কি কি?

উ: ব্রহ্মপুত্র উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চলকেইটা হ’ল- উত্তৰৰ প্রাদদেশ, অঞ্চল, ব্ৰহ্মপুত্ৰৰ  উত্তৰ আৰু দক্ষিন পাৰৰ সমভূমি অঞ্চল, ব্রহ্মপুত্রৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল, আৰু দক্ষিণৰ পাদদেশ অঞ্চল।


৩। ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্রত্যেকৰে চাৰি  খনকৈ প্রধান উপনৈৰ  নাম লিখা।

উ: ব্রহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ চাৰিখন উপনৈৰ নাম হ’ল- সোৱনশিৰি, ৰঙানদী, জীয়াভৰলী, ধনশিৰি, আৰু দক্ষিণ পাৰৰ চাৰিখন উপনৈৰ নাম হ’ল বুঢ়ীদিহিং, দিছাং, দিখৌ, কপিলী।


৪) ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়।

উত্তৰ: ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰ উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্র নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্র নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল-বালি- বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে।  ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি- বাতিৰ বাবে উপযোগী। ইয়াত জনবসতি ঘন আৰু যাতায়ত ব্যবস্থা উন্নত। উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্রায় ৩০ কিলোমিটাৰ বহল আৰু উজনি অংশত ঠেক, গড়ে প্রায় ১০ কিলোমিটাৰ বহল। আনহাতে, দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ বিস্তৃতিৰ বাবে কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল প্রায় ৫ কিলোমিটাৰ বহল।  উত্তৰ পাৰৰ দৰেই দক্ষিণ পাৰৰ সমভূমি অঞ্চলতো সাৰুৱা ভূমিৰ গঠিত বাবে এই অঞ্চটোত খেতি মাটি ভাল হয় আৰু জনবসতি ঘন।  যাতায়ত ব্যৱস্থাও উন্নত হৈছে।


৫। ব্রহ্মপুত্রৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বর্ণনা  দিয়া:

উঃ-  ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্রহ্মপুত্র নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক ব্রহ্মপুত্রৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাবনভূমি অৱশ্যে সকলো  ঠাইতে সমানে বহল নহয়। ব্রহ্মপুত্রৰ পাৰত  ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা তটবন্ধৰ  বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্রস্থ হ্রাস হৈছে। ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে। আনহাতে, দক্ষিণ পাৰৰ প্লাবনভূমি তুলনামূলকভাৱে ঠেক। অৱশ্যে ই বুঢ়ীদিহিং, দিচাং, ধনশ্রী, কলং-কপিলী আৰু  কুলশী নৈৰ মোহনা অঞ্চলত কিছু বহল হৈছে। ব্রহ্মপুত্র নদীৰ সুতি বোৰক সামৰি ইয়াৰ মাজৰ চৰ-চাপৰি অঞ্চলটোক সক্রিয় প্লাৱনভূমি বুলি কোৱা হয়।


৬/ মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি  সম্পৰ্কে  লিখা?

উঃ যোৰহাট জিলাৰ উত্তৰ অংশত মাজুলী নদীদ্বীপ অৱস্থিত। ই পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদীদ্বীপ বুলি জনা যায়। ২০১১ চনৰ লোকপ্রিয়ল অনুসৰি প্রায় ১.৬৮ লাখ জনস্ংখ্যাৰ বসতিস্থল মাজুলীয়ে প্রায় ৪২২ বর্গকিলোমিটাৰ মাটিকালি জুৰি আছে। ২০১৬ চনত মাজুলীক এখন জিলা হিচাপে ঘোষণা কৰা হৈছে। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে।

ব্রহ্মপুত্রৰ  বিশালতা আৰু ইয়াৰ সক্রিয় খনন, পৰিবহণ আৰু অৱক্ষেপন প্রক্রিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে। ব্রহ্মপুত্র নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জলন্ত সমস্যাৰূপে পৰিগণিত হৈছে। নদীখনৰ বুকুত প্ৰায় ৬০০ ৰো অধিক সৰু-বৰ আকাৰৰ বালিচৰ আছে।  এই বালিচৰ বোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অর্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন পৰিবহন আৰু অৱক্ষেপন প্রক্ৰিয়াৰ উপৰিও বানপানীৰ প্রভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদী দ্বীপৰ সৃষ্টি হৈছে।


৭। বৰাক উপত্যকাৰ চাৰিসীমাৰ আৰু বৈশিষ্ট চমুকে বর্ণনা কৰা ।

উঃ বৰাক উপত্যকাৰ চাৰিসীমাটো হৈছে –

উত্তৰে – মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি।

দক্ষিণে – মিজো পৰ্বত।

পূবে – মণিপুৰৰ পাহাৰীয়া অঞ্চল।

পশ্চিমে – বাংলাদেশৰ সুৰমা উপত্যকা।

বৰাক উপ্যতকাৰ বৈশিষ্ট সমূহ তলত আলোচনা কৰা হ’ল-

বৰাক উপত্যকাটো অসমৰ এটা গুৰুত্বপূর্ণ ভূ-প্রাকৃতিক অঞ্চল। বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্রায় ২২৫ কিলোমিটাৰ বৈ গৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে। এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায়। ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূৱ দিশত পৰ্বত-পাহাৰে আগুৰি আছে। উত্তৰফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে, পূৱফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফালে মিজো পর্বত অৱস্থিত। অৱশ্যে পশ্চিমফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুছিয়াৰা-সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে।


৮)কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য বৰ্ণনা চমুকৈ কৰা।

উত্তৰঃ- কাৰ্বি মালভূমিৰ চাৰিসীমাটো হৈছে-

উত্তৰে – ব্ৰহ্মপুত্ৰ সমভূমি ।

দক্ষিণে – বৰাক সমভূমি।

পূবে – নাগালেণ্ড আৰু

পশ্চিমে – মেঘালয় ।

উৎপত্তি আৰু ভূতাত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশ বিশেষ বুলি ক’ব পাৰি। কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূৱ আৰু পশ্চিম- দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূৱৰ খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কার্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি লৈছে। দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূৱলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে ৯০০ মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ-আকৃতি গঢ় লৈ উঠিছে।


৯)বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা ।

উত্তৰ : – বৰাইল আৰু দক্ষিণৰ পবৰ্ত ৰাশিৰ বৈশিষ্ট্যসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল –

নাগালেণ্ডৰ টুকেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পর্বতে প্রকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰফালে ঢাল খোৱা অংশটো ব্রহ্মপুত্র উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। উত্তৰফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ।


১০)অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ : – অসমৰ জলবায়ু ভৌগলিক ভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত।

অসমৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হৈছে –

অসমৰ মৌচুমী জলবায়ুৰ বাবে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে আৰু সেইবাবেই গ্ৰীষ্মকালত  সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰৰ নিম্নচাপৰ সৃষ্টি হয় । ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে  বিস্তৃত হিমালয় পৰ্বত শ্রেণী আৰু ইয়াৰ ঠাল – ঠেঙুলীয়ে গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ মৌচুমী বতাহক বাধা প্ৰদান কৰে । লগতে এই পৰ্বত শ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰবর্ষৰ ফালে প্ৰবাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও অসমক ৰক্ষা কৰে । গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে । বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ – পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলটো যথেষ্ট পৰিমানে বৰষুণ দিয়ে । মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয়বাস্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে। পাহৰৰ অনুবাত ঢালত কাৰ্বি পাহৰৰ পূৱ ফালে তথা ডিমা-হাচাও পাহাৰৰ উত্তৰ আৰু পূৱ ফালে বৰষুণৰ পৰিমাণ যঠেষ্ট কম। আনহাতে হিমালয়ৰ পৰ্বত শ্ৰেণীৰ পাদভূমি অঞ্চলত বৰষুণৰ পৰিমাণ বেছি।


১১) গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ   আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ ফলত   অসমত গ্ৰীষ্মকালৰ বৰষুণ হয়.


(১২) অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ : অসম ভৌগোলিক অৱস্থান, ভূ – প্ৰকৃতি, আৰব সাগৰ,বঙ্গোপসাগৰ,ভাৰত মহাসাগৰ জলভাগ আৰু, দক্ষিণ – পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদিয়ে অসমৰ জলবায়ুত যথেষ্ট প্ৰভাৱ পেলাইছে। ঋতুভেদে উত্তৰ – পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱ অসমৰ জলবায়ুত পৰে ।ইয়াৰোপৰি স্থানীয়ভাৱে প্ৰবাহিত পাৰ্বত্য বতাহ , উপত্যকা বতাহ আৰু নদ – নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্ৰভাৱ পেলায়।

সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে । এইবাবেই গ্ৰীষ্মকালত সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰ নিম্ন চাপৰ সৃষ্টি হয় ।

গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ – পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে।

ইয়াৰোপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ – পশ্চিম মৌচুমী  বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে।

শীতকালত উষ্ণতা হ্ৰাস পাই ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত এক উচ্চ চাপৰ সৃষ্টি হয় । আনহাতে সেই সময়ত বঙ্গোপসাগৰত তুলনামূলকভাৱে এক নিম্নচাপে বিৰাজ কৰে।

গ্ৰীষ্ম আৰু শীতকালৰ মাজত হোৱা এনে চাপৰ পাৰ্থক্যৰ বাবে শীতকালত বতাহৰ দিশৰো গ্ৰীষ্মকালৰ দক্ষিণ – পশ্চিম  মৌচুমীৰ সম্পূৰ্ণ ওলোটা হয় । সেয়েহে শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বঙ্গোপসাগৰৰ ফালে প্ৰবাহিত হয়  তাকে উত্তৰ – পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়।

শুষ্ক উত্তৰ – পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয়বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ – পশ্চিম অংশত কিছু পৰিমানে বৰষুণ দিয়ে  । আনহাতে এই সময়ত বায়ুমণ্ডলত অৰ্দ্ৰতাৰ পৰিমাণ যথেষ্ট হ্ৰাস পায় ।


১৩) অসমৰ প্ৰধান ঋতু কেইটা কি কি ? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ :- অসমত প্ৰধান ঋতু চাৰিটা ।

সেই কেইটা হ’ল –

(১) প্ৰাক্ মৌচুমী কাল

(২)  মৌচুমী কাল

(৩)  প্ৰত্যাৱৰ্তিত মৌচুমী কাল 

(৪) শুষ্ক শীতকাল

ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ’ল

(১) প্ৰাক্ মৌচুমী কাল : – অসমত প্ৰাক্ মৌচুমীকাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে’ মাহৰ শেষলৈকে বিৰাজ কৰে । প্ৰাক্ মৌচুমী কালৰ সময়ছোৱাত পোৱাৰ ভাগ আৰামদায়ক , উষ্ণ দুপৰীয়া , পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয় । এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয় । সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ’বলৈ ধৰে । অসমত এই প্ৰাক্ মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে।

২) মৌচুমী কাল : –  অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । অসমত এইটোৱেই বৰ্ষাকাল । এই সময়চোৱাত দক্ষিণ – পশ্চিম মৌচুমী বায়ুপ্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় । এই কালচোৱাৰ জুন , জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় । অসমৰ বছৰি হোৱা মুঠ বৰষুণৰ  প্ৰায় ৭০ শতাংশ এই তিনিমাহতে হয় । অতিপাত বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলো উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে ।

(৩) প্ৰত্যাৱৰ্তিত মৌচুমী কাল : – ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ – পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে । অৰ্থাৎ এই সময়ত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ – পূবৰ পৰা দক্ষিণ – পশ্চিম দিশলৈ হয় । ইয়াকে উত্তৰ – পূব মৌচুমী প্ৰৱাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়। সাধাৰণতে অক্টোবৰ আৰু নৱেম্বৰ দুমাহৰ বাবে অসমত প্ৰত্যাৱৰ্তিত মৌচুমী কাল বিৰাজ কৰে । এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে ।

(৪) শুষ্ক শীতকাল :- অসমত নৱেম্বৰ মাহৰ শেষ বা ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে শীতকাল । অসমত শীতকালৰ বৈশিষ্ট্য  হ’ল নিম্ন উষ্ণতা  পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক  অতি শুষ্ক অৱস্থা। সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয় ।


(১৪)  অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণ পৰিমাণ লিখা।

উত্তৰ :- অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল – উত্তৰ লক্ষীমপুৰ  বৰষুণ পৰিমাণ ৩৩৫    চে. মি. আৰু অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল – লামডিং বৰষুণৰ পৰিমাণ ১২৯ চে. মি.।


(১৫) অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?

উত্তৰ :- ভৌগোলিক অৱস্থান , ভূ – প্ৰকৃতি , আৰব সাগৰ , বঙ্গোপসাগৰ , ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ – পশ্চিম আৰ্দ্ৰ মৌচুমী বতাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলো ঠাইতে সমান নহয় ।সেয়েহে অসমৰ  জলবায়ুৰ ভিন্নতাৰ বাবে অসমৰ সকলো ঠাইতে সমান পৰিমাণে বৰষুণ নহয় ।

গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশ আৰু বৰাক উপত্যকাৰ প্ৰায় তিনিওফালৰ  অঞ্চল সমূহত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। মৌচুমী বতাহৰ শক্তি আৰু জলীয়বাষ্পৰ তাৰতম্যৰ বাবে পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূবফালে থকা ডিমা – হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালে বৰষুণ যথেষ্ট পৰিমাণে কম হয় । এনে কাৰণতেই নগাঁও জিলাৰ দক্ষিণ অংশত বৰষুণৰ পৰিমাণ যথেষ্ট কম হয়। অসমৰ মৌচুমী জলবায়ুৰ বাবে হিমালয় পৰ্বতশ্ৰেণীৰ পাদভূমি অঞ্চলত বৰষুণৰ পৰিমাণ সদায় বেছি হয়। দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে ।


১৬) অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ : –অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য আছে । ৰাজ্যখনৰ এক সুকীয়া ভূ – প্ৰাকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় ।

সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় । ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আৰু শিৱসাগৰ জিলা , নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় ।

আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বিআংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম ইয়াত বছৰি কেৱল ১২৯ চেণ্টিমিটাৰ বৰষুণ হয়।


১৭)  অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বৰ্ণনা দিয়া।

উত্তৰ : –  অসমত পোৱা মৃত্তিকাবোৰক চাৰি প্ৰকাৰে ভাগ কৰিব পাৰি । যেনে –

(১)  পলসুৱা মৃত্তিকা,

(২) গিৰিপদ মৃত্তিকা 

(৩)  পাহাৰীয়া মৃত্তিকা

(৪) কংকৰ মৃত্তিকা ।

 (১) পলসুৱা মৃত্তিকা  :-  অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে  পলসুৱা মাটি পোৱা যায় । নদী আৰু উপনৈবিলাকে কঢ়িয়াই অনা পলস সমভূমিত বছৰ বছৰ ধৰি জমা হোৱাৰ ফলত পলসুৱা মাটি গঠন হৈছে । পলসুৱা মাটি সাধাৰণতে সাৰুৱা হয়। পলসুৱা মাটি দুই প্ৰকাৰৰ । যেনে –

(ক) নতুন পলসুৱা মাটি আৰু

(খ) পুৰণি পলসুৱা মাটি । 

এই মৃত্তিকা ডাঠ আৰু ধোৱা বৰণীয়া। এই মৃত্তিকা  সামান্যভাবে অম্লীয়।  এই মৃত্তিকাত সাধাৰণতে ফছফৰিক এচিড, নাইট’জেন আৰু হিউমাছ প্রায় নাথাকে বুলিয়েই ক’ব পাৰি।

(২) গিৰিপদ মৃওিকাঃ গিৰিপদ মৃওিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পোৱা যায়। গিৰিপদ অঞ্চলতো ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। এই মৃওিকাৰ ডাঠ স্তৰ আছে।

৩) পাহাৰীয়া মৃওিকাঃ পাহাৰীয়া মৃওিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃওিকাৰ উৰ্বৰতা ঠাই ভেদে বেলেগ বেলেগ। নাইট্ৰ’জেন আৰু জৈৱিক পদাৰ্থ এই মৃওিকাত যথেষ্ট পৰিমাণে থাকে। প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃওিকাক দুই প্ৰকাৰে ভগাব পাৰি – ৰঙা বালিয়া মৃওিকা আৰু ৰঙাপলসুৱা মৃওিকা।

৪) কংকৰ মৃওিকাঃ এই মৃওিকা সাধাৰণতে ক’লা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিঅঁহীয়া। ইয়াত নাইট্ৰ’জেন, পটাছ, ফছফৰিক এছিড আৰু চূণ কম পৰিমাণে থাকে। এই মৃত্তিকা সাধাৰণতে কাৰ্বি আংলং জিলাৰ কিছু অংশ, গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাইল পৰ্বতৰ পাদদেশত পোৱা যায়।


(১৮) অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?

উত্তৰঃ –  অসমৰ মৃত্তিকা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা অৱক্ষয় হৈছে।

প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয় , সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই আদি।

মানৱ সৃষ্ট কাৰকবোৰৰ ভিতৰত –

(১) গছ – গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়।

(২) এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা।

(৩) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি।

(৪) মানুহৰ বসতি তথা অন্যান্য  কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা।

(৫) অধিক শস্য উৎপাদনৰ বাবে খেতি – পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়েই প্ৰধান।


১৯) বৰ্তমান অসমৰ জনসংখ্যা কিমান?

উত্তৰ :- বৰ্তমান অসমৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল মতে ৩১. 20 নিযুত।


২০) অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি।

উত্তৰ ;- অসমৰ অৰণ্যসমূহক পাঁচটা ভাগত ভাগ কৰিব পাৰি । যেনে –

(ক) ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য।

(খ) ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য।

(গ) ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য।

(ঘ) নৈপৰীয়া অৰণ্য আৰু

(ঙ) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য।

(ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য:  যিবোৰ  অঞ্চলত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেন্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় । ইয়াক বর্ষাৰণ্য বুলিও কোৱা হয়। অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই  অৰণ্য দেখা যায়। চিৰসেউজীয়া অৰণ্যত  পোৱা গছ সমূহ হৈছে হোলোং, মেকাই  নাহৰ, চিয়া নাহৰ, আমাৰি আদি।

(খ) ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য: ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশৰ ভাৱৰ অঞ্চল, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পাহাৰীয়া অঞ্চলৰ কিছু অংশ আৰু বৰাক উপত্যকাৰ দক্ষিণ ভাগত অর্ধচিৰসেউজীয়া অৰণ্য দেখা যায়। ব্রহ্মপুত্র উপত্যকাৰ ভাৱৰ অঞ্চলটোৰ মাটিভাগ হিমালয় পর্বতৰ পৰা নৈয়ে কঢ়িয়াই অনা শিল, বালি আদি গেদৰ দ্বাৰা গঠিত। এই মাটি গঠনত ঢিলা। এই অঞ্চলটোৰ পৰিৱেশ অর্ধচিৰসেউজীয়া অৰণ্যৰ বাবে অনুকূল। এনে অৰণ্যৰ প্ৰধান গছ-গছনি হৈছে নাহব, বনচোম, চাম, শিৰীষ, ঔ, গন্ধসৰৈ, অগৰু, পমা আদি। বাঁহ-বেত, ঢেঁকীয়া আদি এই অৰণ্যত যথেষ্ট পৰিমাণে পোৱা যায়।

(গ) ক্রান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য: নামনি ব্ৰহ্মপুত্র উপত্যকা, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাৰ কিছু কিছু অংশত এই অৰণ্য পোৱা যায়। সাধাৰণতে যিবোৰ অঞ্চলত বার্ষিক বৃষ্টিপাত ২০০-২৫০ চেন্টিমিটাৰ হয় সেইএলেকাবোৰত এই অৰণ্য পোৱা যায়।এই অৰণ্যত পোৱা গছ গছনিবোৰ হৈছে শাল,মাকৰি শাল, গমাৰী, আমলখি আদি।

(ঘ) নৈপৰীয়া অৰণ্য  : –   নৈ – বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ – ভাগত এই ধৰণৰ অৰণ্য দেখা যায়  । এই অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি । গছৰ ভিতৰত চোম , সোৱালু , উৰিয়াম , মজ , ঔ , আজাৰ আদি প্ৰধান।

(ঙ) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য: – সাধাৰণতে নৈৰ পৰা কিছু আঁতৰত প্লাৱনভূমিৰ শুকান পৰিৱেশত এই অৰণ্য দেখা যায় । এই অৰণ্যত দুই ধৰণৰ উদ্ভিদ পোৱা যায় ।  যেনে –ওখ গছ  আৰু ঘাঁহজাতীয় উদ্ভিদ          

ওখ গছ : শিশু , ভেলকৰ  , শিমলু , খৈৰা , বগৰি আদি প্রধান ওখ গছ।

            ঘাঁহজাতীয় উদ্ভিদ :–  বিৰিণা , খাগৰি , উলু , কুশৱন আদি প্ৰধান ঘাঁহজাতীয় উদ্ভিদ।


২১)  বৰ্ষাৰণ্য কাক বোলে ? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।

উত্তৰ :- বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত পোৱা অৰণ্য সমূহক বৰ্ষাৰণ্য  বুলি কোৱা হয় । অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা , তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই অৰণ্য পোৱা যায় ।

অসমৰ বৰ্ষাৰণ্যৰ প্ৰধান বৈশিষ্ট্য হ’ল – এই  অৰণ্যসমূহৰ তিনিতৰপিয়া চিৰসেউজীয়া  অৰণ্য পোৱা যায়  ইয়াৰ –  প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত । এই তৰপটোত হোলোং , মেকাই আদি অতি  ওখ গছ পোৱা যায় । দ্বিতীয় তৰপটো কিছু কম ওখ গছৰ দ্বাৰা গঠিত । এই তৰপত সাধাৰণতে নাহৰ , চিয়া নাহৰ , আমাৰি আদি গছ দেখা যায় ।তৃতীয় তৰপটো চাপৰ গছ – বন আদিৰ দ্বাৰা গঠিত । চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা , তৰা , বাঁহ – বেত , কপৌফুল আদি পোৱা যায়।


২২) নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পর্কে চমুকৈ লিখা।

উত্তৰ : – নৈপৰীয়া অৰণ্যৰ গুৰুত্ব হ’ল –  নৈ – বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ – ভাগত যি অৰণ্য দেখা যায় তাক নৈ – পৰীয়া অৰণ্য বুলি কোৱা হয় । এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছ যেনে মজ , ঔ,আজাৰ লগতে ঘাঁহজাতীয় উদ্ভিদ যেনে – নল , খাগৰি , তৰা , কৌপাত , বেত , ঝাও , কঁহুৱা আদি পোৱা যায়। কাজিৰঙা , ডিব্ৰু – চৈখোৱা , পবিতৰা , ওৰাং , আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যবোৰ প্ৰধানকৈ নৈপৰীয়া অঞ্চলত অৱস্থিত । বৰ্তমান এই অৰণ্যসমূহত থকা নৈপৰীয়া এলেকাসমূহলৈ বিভিন্ন কাৰণত জনবসতি সম্প্রসাৰিত হোৱাৰ ফলত এই অৰণ্যৰ দ্ৰুত গতিত সংকুচিত হৈছে। জনবসতিৰ আগমনে অৰণ্যখনক বিভিন্ন ধৰণৰ সংকটৰ সন্মুখীন কৰিছে । জনবসতীয়ে অৰণ্যখনৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে । লগতে গছ – গছনি , জীৱ – জন্তুৰ বাসস্থান বিনষ্ট কৰিছে।


২৩) কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।

উত্তৰ :- কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অৱস্থান হ’ল – গোলাঘাট , নগাঁও , আৰু শোণিতপুৰ জিলা । ইয়াৰ মাটিকালি ৮৫৮. ৯৮ বৰ্গ কিলোমিটাৰ ।


২৪) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা।

উত্তৰ :- অসমত ৰাষ্ট্ৰীয় উদ্যান  কেইখনৰ নাম আৰু অৱস্থান  তলত দিয়া হ’ল –

১/ কাজিৰঙা         –     গোলাঘাট , নগাঁও আৰু শোণিতপুৰ

২/ মানস              –     চিৰাং আৰু বাগছা

৩/ ওৰাং              –     ওদালগুৰি আৰু শোণিতপুৰ

৪/ নামেৰী            –     শোণিতপুৰ

৫/ ডিব্ৰু-ছৈখোৱা   –     ডিব্ৰুগড় আৰু তিনিচুকীয়া


২৫) অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা।

উত্তৰঃ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদূৰপ্ৰসাৰী। এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গঁড়, বনৰীয়া ম’হ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা  বনাঞ্চলবোৰে   অসমৰ জৈৱ-বৈচিত্ৰ্যৰ ৰক্ষা কৰাত সহায় কৰিছে। যদিহে এই অভয়াৰণ্যসমূহ নাথাকিল হয় তেন্তে মানুহৰ ধ্বংসাত্মক কাৰ্যৰ ফলত বহু জীৱ প্ৰজাতি লগতে গছ-গছনি প্ৰকৃতি বুকুৰ পৰা হেৰাই গল হয়।।অভয়াৰণ্যসমূহ মানুহৰ ধ্বংসাত্মক  প্ৰভাৱৰ পৰা মুক্ত সেয়ে অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।


২৬) স্বাধীনতাৰ পিছত কালছোৱাত অসমত প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা।

উত্তৰ :- ব্ৰিটিছৰ শাসনকালত অসমৰ পৰিসীমা যথেষ্ট ডাঙৰ আছিল । কিন্তু স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ যথেষ্ট পৰিৱৰ্তন হ‘ল ।

১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট  অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ  লগ লাগিছিল । ফলত সেই সময়ত অসমত ১১  খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল ।

১৯৬৩ চনৰ নাগালেণ্ড , ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসমৰ ৰাজ্যৰ পৰা পৃথক হয় সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি পায়। ১৯৭৩ চনত শ্বিলং পৰা গুৱাহাটীৰ দিছপুৰলৈ অসমৰ ৰাজধনীৰ অনা হয়।

 ১৯৭১ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে । ২০১১ চনৰ লোকপিয়ল মতে অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১.20 নিযুত । কিছুমান প্ৰশাসনিক সা – সুবিধা আৰু অসুবিধাৰ লগতে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা – আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে ।

বৰ্তমান অসমত সৰ্বমুঠ 33 খন জিলা আছে । এই 33 খন জিলাৰ ভিতৰত ৪ খন বি. টি. এ. ডি. অন্তর্গত জিলা আছে।


২৭) অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।

উত্তৰ :- অসমত বৰ্তমান ৩৩ খন জিলা আছে । এই জিলাসমূহৰ সদৰ ঠাই তলত দিয়া হ’ল –

 জিলাৰ নাম                                 জিলা সদৰ

(১) ধুবুৰী                  –          ধুবুৰী

(২) কোকৰাঝাৰ       –         কোকৰাঝাৰ

(৩) গোৱালপাৰা       –         গোৱালপাৰা

(৪) বঙাইগাঁও          –           বঙাইগাঁও

(৫) চিৰাং                –          কাজলগাঁও

(৬) বৰপেটা           –         বৰপেটা

(৭) নলবাৰী            –         নলবাৰী

(৮) বাগছা              –          মছলপুৰ

(৯) কামৰূপ গ্ৰাম্য    –          আমিন গাঁও

(১০) কামৰূপ মহানগৰ   –          গুৱাহাটী

(১১) দৰং                   –          মঙ্গলদৈ

(১২) ওদালগুৰি         –          ওদালগুৰি

(১৩) শোণিতপুৰ       –          তেজপুৰ

(১৪) লখিমপুৰ          –          লখিমপুৰ

(১৫) ধেমাজি           –          ধেমাজি

(১৬) নগাঁও              –          নগাওঁ

,(১৭) মৰিগাঁও          –          মৰিগাঁও

(১৮) গোলাঘাট         –          গোলাঘাট

(১৯) যোৰহাট         –          যোৰহাট

(২০) শিৱসাগৰ       –          শিৱসাগৰ

(২১) ডিব্ৰুগড়          –          ডিব্ৰুগড়

(২২) তিনিচুকীয়া     –          তিনিচুকীয়া

(২৩) কাৰ্বি আংলং   –          ডিফু

(২৪) ডিমা হাছাও    –          হাফলং

(২৫) কৰিমগঞ্জ     –          কৰিমগঞ্জ

(২৬) কাছাৰ         –          শিলচৰ

(২৭) হাইলাকান্দি –          হাইলাকান্দি ।

(২৮) বিশ্বনাথ      –          বিশ্বনাথ চাৰিআলি

(২৯) চৰাইদেউ      –          সোণাৰি

(৩০) হোজাই        –          হোজাই

(৩১) মাজুলী         –          গড়মূৰ

(৩২) দক্ষিণ শালমাৰা  –          হাটশিঙিমাৰ মানকাচৰ

(৩৩) পশ্চিম কাৰ্বি     –          হামৰেন ,আংলং


(২৮) অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক‘ত অৱস্থিত ? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।

উত্তৰ :- অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।

অসমৰ ৰাজধানী দিছপুৰ ।

            মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ জিলাখন হ’ল কাৰ্বি আংলং (মাটিকালি ১০,৪৩৪ বৰ্গ কিলোমিটাৰ ) আৰু আটাইতকৈ সৰু জিলাখন হ’ল কামৰূপ ( মাটিকালি ৬২৭ বৰ্গ কিলোমিটাৰ )।


২৯) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।

উত্তৰ :- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩ কোটি ১২ লাখ।জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখন হ’ল নগাওঁ (২.৮ নিযুত )  আৰু আটাইতকৈ সৰু জিলাখনৰ নাম হ’ল ডিমা – হাছাও (২.১ লাখ )।


৩০) চামুটোকা লিখা :

(ক) অসম আৰু মৌচুমী জলবায়ু

উত্তৰ: অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । অসমত এইটোৱেই বৰ্ষাকাল । এই সময়চোৱাত দক্ষিণ – পশ্চিম মৌচুমী বায়ুপ্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় । এই কালচোৱাৰ জুন , জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় । অসমৰ বছৰি হোৱা মুঠ বৰষুণৰ  প্ৰায় ৭০ শতাংশ এই তিনিমাহতে হয় । অতিপাত বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলো উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে ।

খ) দক্ষিণ – পশ্চিম মৌচুমী বতাহ।

উত্তৰ :- দক্ষিণ – পশ্চিম মৌচুমী বতাহ : – গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম ফালৰ পৰা প্ৰবাহিত হোৱা বতাহক দক্ষিণ – পশ্চিম মৌচুমী বতাহ বোলে । গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী  বতাহে কঢ়িয়াই অনা ডাৱৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশ আৰু বৰাক উপত্যকাৰ প্ৰায় তিনিফালৰ অঞ্চলসমূহত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে।

গ) উত্তৰ-পূব মৌচুমী বতাহঃ

উত্তৰ: শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় তাকে উত্তৰ-পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়। শুষ্ক উত্তৰ-পূৱ মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈ সমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ-পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে।

(ঙ) অসমৰ প্ৰাক্ – মৌচুমীকাল।

উত্তৰ : অসমত প্ৰাক্ মৌচুমীকাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে’ মাহৰ শেষলৈকে বিৰাজ কৰে। প্ৰাক্ মৌচুমী কালৰ সময়ছোৱাত পোৱাৰ ভাগ আৰামদায়ক , উষ্ণ দুপৰীয়া , পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয় । এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়। সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ’বলৈ ধৰে।

(চ) অসমত বৰষুণৰ স্থানিক বিতৰণ।

উত্তৰ :- অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য আছে । ৰাজ্যখনৰ এক সুকীয়া ভূ – প্ৰাকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় । ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আৰু শিৱসাগৰ জিলা , নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বিআংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম ইয়াত বছৰি কেৱল ১২৯ চেণ্টিমিটাৰ  বৰষুণ হয়।

(ছ) অসমৰ প্ৰশাসনিক বিভাগ

উত্তৰ: ব্ৰিটিছৰ শাসনকালত অসমৰ পৰিসীমা যথেষ্ট ডাঙৰ আছিল । কিন্তু স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ যথেষ্ট পৰিৱৰ্তন হ‘ল। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট  অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ  লগ লাগিছিল । ফলত সেই সময়ত অসমত ১১  খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল।

১৯৬৩ চনৰ নাগালেণ্ড , ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসমৰ ৰাজ্যৰ পৰা পৃথক হয় সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি পায়। ১৯৭৩ চনত শ্বিলং পৰা গুৱাহাটীৰ দিছপুৰলৈ অসমৰ ৰাজধনীৰ অনা হয়।

১৯৭১ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে । ২০১১ চনৰ লোকপিয়ল মতে অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১.20 নিযুত । কিছুমান প্ৰশাসনিক সা – সুবিধা আৰু অসুবিধাৰ লগতে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা – আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে ।

বৰ্তমান অসমত সৰ্বমুঠ 33 খন জিলা আছে । এই 33 খন জিলাৰ ভিতৰত ৪ খন বি. টি. এ. ডি. অন্তর্গত জিলা আছে।

(ঝ) বি টি এ ডি :-

উত্তৰ: বি টি এ ডি ২০০৩ চনত গঠিত হৈছিল। অসমৰ ৪ খন জিলা  কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি বি টি এ ডিৰ অন্তগত।


🧠 Chapter Summary (Assamese):

অসম উত্তৰ-পূৱ ভাৰতত অৱস্থিত, যাক প্ৰায় ৭টি পাহাৰী ৰাজ্যৰে আগুৰি ধৰা হৈছে। অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা মূল ভূমি গঠন কৰে। ইয়াত মাটি উৰ্বৰ, জলবায়ু উপযোগী, আৰু খনিজ সম্পদ পুষ্ট। এই সকলোয়ে অসমক এটা অর্থনৈতিক আৰু প্ৰাকৃতিক দিশৰ পৰা গুৰুত্বপূর্ণ ৰাজ্য হিচাপে গঢ়ি তোলে।


Class 9 Social Science (Geography) in Assamese Medium

Class 9 Social Science Chapter 4 Geography Asaamese Medium


📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now

Class 6 Social Science Chapter 12 সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ

Class 6 Social Science chapter 13 New Book

Class 6 social science Chapter 12 in assamese medium question answer|| Class 6|| সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ|| Class 6 social science chapter 12 Assamese Medium||

Class 6 Social Science chapter 12 New Book
Class 6 Social Science New Book

Class 6 social science assamese medium question answer || Class 6|| সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ || Class 6 social science chapter 12 Assamese Medium || For More Details check our Youtube Channel Assam Board Exam|

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:

(ক) পৰিয়াল বুলিলে কি বুজা?

উত্তৰ:- পৰিয়াল হ’ল সমাজৰ প্রাথমিক গোট, যত সদস্যসকলে শাৰীৰিক, মানসিক আৰু আৱেগিকভাবে সহায় কৰে।


(খ) পৰিয়াল এটাত সদস্য কি কি প্রকাৰে যোগ হয়।

উত্তৰ:- পৰিয়াল এটাত সদস্য জন্ম সূত্ৰে, বিবাহ সূত্ৰে, দত্তক সূত্তে।


(গ) পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে।

উত্তৰ:- শাৰীৰিক, মানসিক আৰু আৱেগিকভাবে ইজনে সিজনক সহায়-সহযোগ কৰিব লাগে, জন্মৰ পৰা আদৰ-যত্ন কৰি সন্তানক প্রয়োজনীয় শিক্ষা প্রদান কৰিব লাগে, সামাজিক প্রাণী হিচাপে গঢ় দিব লাগে, আৰু জ্যেষ্ঠজনৰ বেমাৰ-আজাৰত কনিষ্ঠসকলে যতন লব লাগে।


(ঘ) ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে?

উত্তৰ:- আমি পালন কৰা উৎসৱ-পার্বণ, ৰীতি-নীতি, কাম-কাজ আদিৰ যোগেদি পৰিয়ালৰ এটা প্রজন্মই আনটো প্রজন্মলৈ সামাজিক আদর্শ, মূল্যবোধ, জীৱন-প্রণালী আদি প্রবাহিত কৰে। এনেদৰেই আমাৰ পৰিয়ালসমূহে কর্মই ধর্ম, ত্যাগ, সেৱা, দান আদি আদর্শসমূহ অতীজৰে পৰা গ্ৰহণ কৰি আহিছে। এনেবোৰ কাৰণতেই ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ ভূমিকাক অতি উচ্চ স্থান দিয়া হৈছে। ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল হিচাপে বিবেচনা কৰা হয়। উপনিষদ আৰু হিতোপদেশত এনে ধাৰণাকেই ‘বসুদৈর কুটুম্বকম্’ বুলি কোৱা আছে।


২. পৰিয়ালৰ পৰা আমি কি কি পাওঁ।

উত্তৰ: পৰিয়ালৰ পৰা আমি আদৰ-স্নেহ, মৰম, শিক্ষা, সহানুভূতি, সহায়-সহযোগিতা, দায়িত্ববোধ আদি মূল্যৱান মানৱীয় গুণবোৰ পাওঁ।


১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) প্রতিবেশী মানে কি?

উত্তৰ: আমাৰ ওচৰে-পাজৰে বসবাস কৰা পৰিয়ালসমূহকে আমি প্রতিবেশী বুলি কওঁ।


(খ) ৰাইজ বুলিলে কি বুজা।

উত্তৰ: ৰাইজ বুলি ক’লে আমাৰ প্রতিবেশীসকল, গাঁৱৰ বাসিন্দাসকল বা দুই-তিনিখন গাঁৱৰ লোকসকলক একেলগেও বুজাব পাৰি।

বা

এখন গাঁৱৰ বা চহৰৰ মানুহবোৰ মিলি এটা সমাজ গঠন কৰে, এই সমাজত থকা সকলো মানুহক ৰাইজ বোলা হয়।


(গ) ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসব উল্লেখ কৰা।

উত্তৰ:  ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ৰাজহুৱা ভোজভাত খোৱা, জোনবিল মেলাৰ সময়ত একেলগে মাছধৰা ইত্যাদি।


(ঘ) সামুহিক গোটৰ এটা উদাহৰণ দিয়া।

উত্তৰ:  চহৰৰ আৱাসিক অঞ্চলবোৰ ভালদৰে পৰিচালনাৰ কাৰণে গঠন হোৱা আবাসিক কল্যাণ সমিতিবোৰ এটাসামুহিক গোটৰ উদাহৰণ।


(২) সমাজ এখন সুচাৰুৰূপে চলাত প্রতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা।

উত্তৰ:  সমাজ এখন পৰিচালিত হবলৈ প্রতিবেশীসকলৰ মাজত সুস্থ সম্পর্ক থকা আৱশ্যক। পৰিয়ালৰ পিছত প্রতিৱেশীসকলেই দ্বিতীয় সামাজিক গোটৰ সৃষ্টি কৰে। কোনো গাঁও বা একোটা অঞ্চলৰ সমূহীয়া সম্পত্তি, যেনে, ৰাস্তা-ঘাট, পুখুৰী, ৰাজহুৱা উপাসনা গৃহ, শিক্ষানুষ্ঠান আদি কেৱল এটা পৰিয়ালৰে নহয়, সেই ঠাইত থকা সমাজৰ প্ৰতিগৰাকী সদস্যৰ উমৈহতীয় সম্পদ। তেনে ক্ষেত্রত সমূহীয়া সিদ্ধান্ত লোৱা বা পৰিচালনা কৰা আদি কামত সকলোৰে সহযোগিতা থকাটো দৰকাৰ। প্ৰতিৱেশীসকলৰ মাজত থকা সমতা, একতা, উদাৰতা আৰু সহযোগিতাৰ মনোভাবে সমাজখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।


(৩)অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰ:  অসমৰ সমাজ জীৱনত ‘ৰাইজ’ এক গুৰুত্বপূর্ণ উপাদান। চৰকাৰ বা আইন- ব্যৱস্থাৰ আৰম্ভণিৰ আগৰেপৰা ৰাইজে অসমৰ সমাজৰ ৰীতি-নীতিৰ অভিভাৱক হিচাপে দায়িত্ব লৈ আহিছে। এখন গাঁৱৰ উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণ, উৎসৱ-পার্বণ উদ্যাপন, আপদ-বিপদ আৰু সুখৰ সময়ত গাঁৱৰ মানুহক ৰাইজে সহযোগিতা আগবঢ়োৱাৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ || Class 6 social science chapter 10 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

Class 6 Social Science Chapter 15 নতুন ভাবৰ উত্থান

Class 6 social science Chapter 15 in assamese medium question answer|| Class 6|| নতুন ভাবৰ উত্থান || Class 6 social science chapter 15 Assamese Medium||

Class 6 Social Science Chapter 15

Class 6 social science assamese medium question answer|| Class 6|| নতুন ভাবৰ উত্থান || Class 6 social science chapter 15 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

ইতিহাস খণ্ড

নতুন ভাবৰ উত্থান

অনুশীলনী:

() উত্তৰ লিখা

() কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল

উত্তৰ:-         সমাজত প্ৰচলিত বৰ্ণ প্ৰথা, জটিল ধৰ্মীয় নীতি নিয়ম, আৰু আৰ্থ সামাজিক পৰিবৰ্তনৰ ফলত পৰবৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল।

() জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা কি কি ?

উত্তৰ:-         জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা হৈছে – অহিংসা , সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰাহ্মচৰ্য।

() জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল?

উত্তৰ:-         জৈন ধৰ্ম ভাৰতৰ গুজৰাট , উত্তৰ ভাৰত, তামিলনাডু , কৰ্ণাটক আদি ঠাইত বিস্তৃত হৈ আছিল।

() গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল?

উত্তৰ:-         গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূল কাৰণ হ’ল – মানুহৰ সুখ – শান্তিৰ উপায় বিচৰা।

() কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল?

উত্তৰ:-         সকলো জীৱৰ প্ৰতি দয়া, অহিংসা আৰু সমাজৰ ভেদ-ভাৱ পাহৰি কেনেকৈ এক শুদ্ধ জীৱন – যাপন কৰিব পাৰি সেই কথাবোৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল।

) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল?

উত্তৰ:-         বৌদ্ধ বিহাৰবোৰৰ কাম আছিল বৌদ্ধ ধৰ্মৰ কথা বা মতবাদ সমূহ প্ৰচাৰ কৰা।

() পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল?

উত্তৰ:-         পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে স্থায়ীভাৱে বৌদ্ধ মঠ মন্দিৰ নিৰ্মাণ কৰাৰ উপৰিও এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰশিল্প অংকিত কৰিছিল। ইয়াৰ উপৰিও তেঁওলোকে নিজ ৰাজ্যত বৌদ্ধ মহামেল আয়োজন কৰি দেশ বিদেশৰ বহুতো গুণী-জ্ঞানী, দাৰ্শনিক পণ্ডিতক আমন্ত্ৰণ কৰি আনি ধৰ্ম চৰ্চা কৰিছিল।

() সত্য অসত্য নিৰূপণ কৰা

() জৈন ধৰ্মই কৰ্মফল আৰু পুনৰ্জন্ম বিশ্বাস কৰে।

উত্তৰ:- সত্য।

() বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল।

উত্তৰ:- অসত্য।

() বুদ্ধদেৱে সাৰনাথত দিব্য জ্ঞান লাভ কৰিছিল।

উত্তৰ:- অসত্য।

() বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল।

উত্তৰ:- সত্য।

() সকলো বয়সৰ লোকে বৌদ্ধসংঘৰ সদস্য পাৰিছিল।

উত্তৰ:- সত্য।

() চমুকৈ উত্তৰ লিখা

() ক্ষত্ৰিয়সকলে কিয় ব্ৰাহ্মণৰ সমমৰ্যদা দাবী কৰিছিল?

উত্তৰ:- ব্ৰাহ্মণসকলে সমাজত ক্ষত্ৰিয় সকলতকৈ উচ্চ স্থান অধিকাৰ কৰি আহিছিল। কিন্তু কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি সকলোতে শক্তিশালী হৈ উঠাত ব্ৰাহ্মণৰ সমমৰ্যদা দাবী কৰিছিল।

() মহাবীৰে কিয়জিনউপাধি পাইছিল?

উত্তৰ:- মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল বাবে ‘ জিন ‘ উপাধি পাইছিল। 

() জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি ?

উত্তৰ:- জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হ’ল – শ্বেতাম্বৰ আৰু দিগম্বৰ।

() বুদ্ধদেৱে প্ৰথমে ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰ:- বুদ্ধ দেৱে প্ৰথমে বাৰনসীৰ ওচৰৰ সাৰনাথত ধৰ্ম প্ৰচাৰ কৰিছিল।

() বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল?

উত্তৰ:- বৌদ্ধ ধৰ্মৰ মূল মতবাদ আছিল  অষ্টাংগিক মাৰ্গ, সেইবোৰ হ’ল –  সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ কৰ্ম, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান।

(৪) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত মিলখিনিৰ এখন তালিকা বনোৱা।

উত্তৰ:

বৌদ্ধ ধৰ্মজৈন ধৰ্ম
(ক) বলি বিধান, জীৱ হত্যা যাগ যজ্ঞ প্ৰয়োজন নাই।(ক) বলি বিধান, জীৱ হত্যা যাগ যজ্ঞ প্ৰয়োজন নাই।
(খ) বৌদ্ধ ধৰ্মৰ বাণীসমূহ পালি ভাষাত প্ৰচাৰ কৰা হৈছিল।(খ) জৈন ধৰ্মৰ বাণীসমূহো পালি ভাষাত প্ৰচাৰ কৰা হৈছিল।

() ‘ অংশৰ লগতমিলোৱা — 

উত্তৰ:- 

ত্ৰিপিটকবৌদ্ধ ধৰ্মগ্ৰন্থ।
কুশীনাৰাবুদ্ধ দেৱৰ মহাপৰিনিবাৰ্ণৰ ঠাই।
কৈৱল্যতপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল।
কুন্দপুৰমহাবীৰৰ জন্ম স্থান।
পূৰ্ৱজৈন ধৰ্ম গ্ৰন্থ।
সাৰনাথবৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই।
কপিলাবস্তুবুদ্ধ দেৱৰ জন্ম স্থান।

Class 6 Social Science Chapter 15 Question Answer

Class 6 Social Science Chapter 15 Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


Class 6 Social Science Content

Sl. No.Contents
Chapter 1সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3পৃথিৱীৰ গতি
Chapter 4পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
Chapter 6পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Chapter 7অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি 
Chapter 8আমাৰ ভাৰত
Chapter 9কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10আদি প্ৰস্তৰ যুগ
Chapter 11আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12প্ৰাচীন নগৰীয়া সভ্যতা 
Chapter 13বৈদিক সভ্যতা 
Chapter 14মহাজনপদ
Chapter 15নতুন ভাবৰ উত্থান 
Chapter 16মৌৰ্য সাম্ৰাজ্য
Chapter 17আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Chapter 23কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

Class 6 Social Science Chapter 7 মানুহৰ জীৱন প্ৰণালীত বিকাশ

Class 6 Social Science chapter 13 New Book

Class 6 social science Chapter 7 in assamese medium question answer|| Class 6|| মানুহৰ জীৱন প্ৰণালীত বিকাশ|| Class 6 social science chapter 7 Assamese Medium||

class 6 social science assamese medium question answer|| Class 6|| মানুহৰ জীৱন প্ৰণালীত বিকাশ || Class 6 social science chapter 7 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

মানুহৰ জীৱন প্ৰণালীত বিকাশ


১. (ক) আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্রহণ কৰিছিল?

উত্তৰ:- আদিম মানুহে গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি খাদ্য হিচাপে গ্রহণ কৰিছিল।


খ) আদিম মানুহৰ আশ্রয়স্থলবোৰ কেনে আছিল?

উত্তৰ:- শিলৰ গুহা আৰু গছৰ খোৰোং আদিম মানুহৰ আশ্রয়স্থল আছিল।


(গ) আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল?

উত্তৰ:- শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড় আদি আদিম যুগৰ সঁজুলি আছিল। সেইবোৰ তেওঁলোকে শিলৰ ওপৰত ঘঁহি ঘঁহি প্ৰস্তুত কৰি লৈছিল।


ঘ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?

উত্তৰঃ জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এটা উল্লেখযোগ্য ঘটনা। আদিম মানুহে লক্ষ্য কৰিছিল শিলে শিলে জোৰকৈ ঘহঁনি খালেও জুইৰ ফিৰিঙতি ওলায়। এনেদৰে সৃষ্টি হোৱা জুই দেখি আদিম মানুহে প্রথমতে ভয় খাইছিল। তেতিয়াও কিন্তু তেওঁলোকে জুইৰ ব্যৱহাৰ জনা নাছিল। তেওঁলোকে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত ঘহঁনি খালে জুইৰ শিখা ওলায় আৰু সেই শিখা শুকান ঘাঁহ গছৰ পাত আদিত লাগিলে জুই জ্বলি উঠে। তাৰ পিছৰপৰা তেওঁলোকে শিল ঘঁহি দুই জ্বলাবলৈ শিকিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল, যি মানৱ সভ্যতাৰ বাবে এটা গুৰুত্বপূর্ণ আৱিষ্কাৰ আছিল।


২. চমুটোকা লিখা-

(ক) আদিম মানুহৰ খাদ্যাভ্যাস

উত্তৰ:- আদিম মানুহে জীয়াই থকাৰ বাবে জীৱ-জন্ত চিকাৰ কৰাৰ লগতে উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল | গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি সংগ্ৰহ কৰি কেচাই খাইছিল।


খ)আদিম মানুহৰ আশ্রয়স্থল

উত্তৰ:- আদিম যুগত মানুহ বহুতো প্রাকৃতিক প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল। নিজৰ সুৰক্ষা আৰু মৌলিক প্রয়োজন পূৰ কৰিবলৈ তেতিয়া লোকসকলে গোট বা দল বান্ধি যাযাবৰী জীৱন – যাপন কৰিছিল। যি সময়ত তেওঁলোকে এনেধৰণৰ কষ্টকৰ জীৱন- যাপন কৰিছিল, সেই সময়ত ৰ’দ, বৰষুণ, বতাহ আদিৰ পৰা হাত সাৰি থকাৰ লগতে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শিলৰ গুহা আৰু গছৰ খোৰোং আদিকে আশ্ৰয় হিচাপে বাচনি কৰি লৈছিল। 


৩। জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা।

উত্তৰঃ জুইৰ আৱিষ্কাৰ আছিল আদিম মানুহৰ জীৱনত এক বৈপ্লৱিক পৰিৱৰ্তন। প্রাথমিকভাৱে তেওঁলোকে শিল ঘঁহি বা দুটা শিলৰ সংঘৰ্ষৰ ফলত জুইৰ ফিৰিঙতি গুলাই আহে বুলি গম পাইছিল। যদিও প্রথমে তেওঁলোকে জুই দেখি ভয় খাইছিল, পিছত জুইৰ  গুৰুত্ব উপলব্ধি কৰি ইয়াক নিজৰ জীৱনলৈ অন্তর্ভুক্ত কৰিছিল।

জুইৰ আৱিষ্কাৰে আদিম মানুহৰ খাদ্যাভ্যাসত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁলোকে খাদ্য ৰান্ধিবলৈ শিকিলে, যাৰ ফলত খাদ্য অধিক পুষ্টিকৰ আৰু হজমযোগ্য হ’ল। আনহাতে, জুইৰ সহায়ত ঠাণ্ডা পৰিস্থিতিত শৰীৰৰ উষ্ণতা বজাই ৰাখিবলৈ সক্ষম হ’ল।

জুইয়ে মানুহৰ আশ্রয়স্থল ৰক্ষাতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ সহাত তেওঁলোকে বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ সক্ষম হ’ল। জুইৰ পোহৰে আন্ধাৰ আঁতৰাই আনিলে, যাৰ ফলত নিশাও কিছু কার্যক্ষম হ’ব পাৰিছিল।

ইয়াৰ উপৰিও জুইৰ সহায়ত তেওঁলোকে নতুন নতুন সজুঁলি আৰু অস্ত্র তৈয়াৰ কৰিবলৈ শকিলে। ইয়াৰে ফলত মানৱ সভ্যতাৰ উন্নতি আৰু যান্ত্রিক অগ্ৰগতিৰ বাট মুকলি হ’ল।

জুইৰ আৱিষ্কাৰে আদিম মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ দৈনন্দিন জীৱন, খাদ্যাভ্যাস, আশ্ৰয় আৰু সজুঁলি ব্যৱস্থাত এক নতুন দিগন্ত আনিছিল।  এই আবিষ্কাৰেই মানৱ সভ্যতাৰ অগ্ৰগতিত এটা দীপস্তম্ভ হিচাপে বিবেচিত।


১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মানুহে পোহা প্রথম জন্তবিধ কি আছিল?

উত্তৰ:- মানুহে পোহা প্রথম জন্তবিধ আছিল কুকুৰ।


(খ) পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল?

উত্তৰ:- বহুতো পণ্ডিতৰ মতে মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ আছিল কুকুৰ। সময় আগবঢ়াৰ লগে লগে তেওঁলোকে গৰু, ছাগলী, ঘোঁৰা আদি জীৱ জন্তুকো পোহপাল দিবলৈ শিকিছিল। এনেদৰেই পশুপালন যুগৰ আৰম্ভ হৈছিল।


২।কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল?

উত্তৰ:- মানুহে যাযাবৰী জীৱন কটাই থকা কালত পুৰুষসকলে চিকাৰ কৰিছিল আৰু মহিলাসকলে ফল-মূল, শিপা, ঘাঁহ আদি গোটাইছিল। তেওঁলোকে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য’ত পেলাই দিয়া হয় তাতেই পুনৰ একেই গছ গজে আৰু ফলো ধৰে। খাদ্য বিচাৰি এঠাইৰপৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল। গুটিৰপৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল। এইদৰে কৃষিৰ আৰম্ভণি আৰু বিকাশ হৈছিল।


১।তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) আদিম মানুহে কেতিয়াৰপৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে?

উত্তৰ:- আদিম মানুহে জীৱ-জন্তুৰপৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল।


(খ) বর্তমান সময়তো খাদ্য-সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা।

 উত্তৰ:- বৰ্তমান সময়তো খাদ্য-সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম হ’ল জাৰোৱা জনগোষ্ঠী।


(গ) গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল?

উত্তৰ:- জীৱ-জন্তুৰ লগতে শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য। তেতিয়া আজিৰ দৰে পানী কঢ়িওৱাৰ সুবিধাও নাছিল। সেয়েহে, সকলোৱে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল। এইদৰে নৈ-নিজৰা আদিৰ সমীপতে গাওঁবোৰ গঢ়ি উঠিছিল।


ঘ) মানুহে প্রথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?

উত্তৰ:- মানুহে প্রথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল।


(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল?

উত্তৰ:- চকাৰ আবিষ্কাৰৰ পাছৰেপৰা মানুহে বস্তুৰ আদান প্ৰদান আৰু পাছলৈ যাতায়তৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ফলত বস্তু বাহানিৰ আদান – প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ’বলৈ ধৰে।


তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

১। আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল?

উত্তৰ:- আদিম মানুহে লাহে লাহে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ ধৰে। বহু লোক খেতিৰ উপৰি বিভিন্ন পাত্ৰ তৈয়াৰ কৰা, পশুপালন কৰা আদি কামতো নিয়োজিত হয়। লাহে লাহে গাওঁৰ মানুহৰ মাজতো বিভিন্ন সামগ্ৰীৰ আদান প্রদান, অহা যোৱা চলিবলৈ ধৰে। বেছিকৈ উৎপাদন কৰা শস্যবোৰ তেওঁলোকে আন সা-সামগ্রী প্রস্তুত কৰা লোকৰ লগত বিনিময় কৰাব সুযোগ ওলাল।এইদৰে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি হৈছিল।


২. অতীতত প্রথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল?

 উত্তৰ:- আদিম মানুহবোৰে তেওঁলোকৰ সামগ্ৰীবোৰ বিনিময়ৰ কাৰণে কেতবোৰ সুচল ঠাই বাছি লয়। সেই ঠাইবোৰেই পাছলৈ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠে।


৩. আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা |

উত্তৰ:- আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰকেইখনমান ঠাইৰ নাম হ’ল-  বেলান উপত্যকা, মির্জাপুৰ, বাগোৰ, বুর্জহোম আদি।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|মানুহৰ জীৱন প্ৰণালীত বিকাশ|| Class 6 social science chapter 7 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

Class 6 Social Science Chapter 14 মহাজনপদ

Class 6 social science Chapter 14 in assamese medium question answer|| Class 6|| মহাজনপদ|| Class 6 social science chapter 14 Assamese Medium||

Class 6 social science Chapter 14

Class 6 social science assamese medium question answer|| Class 6|| মহাজনপদ || Class 6 social science chapter 14 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

ইতিহাস খণ্ড

মহাজনপদ

অনুশীলনী:


() সঁচামিছা নিৰ্ণয় কৰা —               

() পুৰাতত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল।

উত্তৰ:- সঁচা।

() জনপদৰ দিনৰ বিভিন্ন ৰঙৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল।

উত্তৰ:- সঁচা।

() মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল।

উত্তৰ:- মিছা।

() মহাজনপদৰ দিনত শস্যৰ ওপৰত / অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল।

উত্তৰ:- সঁচা।

() মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰতি হৈ আছিল।

উত্তৰ:- মিছা।

() শুদ্ধ উত্তৰটো বাছি উলিওৱা

() তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল?

(১) মগদ।   

(২) লিচ্ছবী।    

(৩) অঙ্গ।   

(৪) অৱন্তি।

উত্তৰ:- (২) লিচ্ছবী।

() মগধ ৰাজ্যৰ কাষতে থকা নদীখন

(১) গংগা   

(২) যমুনা   

(৩) কোশী   

(৪) মহানদী

উত্তৰ:- (২) গংগা।

() তলৰ কোনখন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয়?

(১) কোশল।   

(২) বৎস।  

(৩) হস্তিনাপুৰ।  

(৪) অৱন্তি। 

উত্তৰ:- (৩) হস্তিনাপুৰ।

() কোন বৃত্তিৰ লোক মহাজনপদসমূহত  নাছিল?

(১) বাঢ়ৈ 

(২) কুমাৰ 

(৩) শিপিনী 

(৪) পেছাদাৰী স্থপতি

উত্তৰ:- (৪) পেছাদাৰী স্থপতি।

() কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?

(১) বিম্বিসাৰ।   

(২) অজাতশত্ৰু।   

(৩) মহাপদ্মনন্দ।  

(৪) চন্দ্ৰগুপ্ত মৌৰ্য। 

উত্তৰ:- (৪) চন্দ্ৰগুপ্ত মৌৰ্য।

() উত্তৰ লিখা

() মহাজনপদৰ দিনত কি উপায়েৰে খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল?

উত্তৰ:-  মহাজনপদ সমূহৰ দিনত উন্নত ধৰনৰ লোৰে তৈয়াৰী সা-সঁজুলি ব্যৱহাৰ কৰি আৰু বীজ সিচি, পুলি ৰোপন কৰি অধিক শস্য উৎপাদন কৰিছিল।

() ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল?

উত্তৰ:- ৰাজন পদৰ নিৰ্বাচন আৰ্য সকলে কৰিছিল।

() মহাজনপদৰ ৰজা সকলে কিয় দুৰ্গ নিৰ্মাণ কৰিছিল?

উত্তৰ:- আনৰ আক্ৰমনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, নিজৰ প্ৰতিপ্ৰত্তি বজাই ৰাখিবলৈ আৰু দুৰ্গৰ ভিতৰত বসবাস কৰা জনসাধাৰণক নিজৰ অধীনত ৰাখিবলৈ মহাজনপদৰ ৰজা সকলে দুৰ্গ নিৰ্মাণ কৰিছিল।

() মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল?

উত্তৰ:- মগধ শক্তিশালী হোৱাৰ মূলতে আছিল ইয়াৰ প্ৰাকৃতিক সম্পদৰাজি। প্ৰধান নদী গংগা আৰু শোণ মগধৰ মাজেদি বৈ গৈছিল বাবে এই বিস্তৃত অঞ্চল সাৰুৱা আছিল। ইয়াৰ ফলত পৰিৱহন, পানীযোগান আদিৰ সুবিধা হৈছিল। তদুপৰি মগধৰ বহু অঞ্চল হাবি-বননিৰে পৰিপূৰ্ণ আছিল। হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশিক্ষণ দি সৈন্য বাহীনীৰ কামত লগোৱা হৈছিল। অন্যহাতে হাবিত থকা মূল্যৱান কাঠবোৰৰ জৰিয়তে ঘৰ সজা, জন্তুৰে টনা গাড়ী সজা ৰথ আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাত সহায় হৈছিল। ইয়াৰ ওপৰি মগধৰ কোনো কোনো অঞ্চলত লো’ৰ খনি পোৱা গৈছিল। এইবোৰৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ, কৃষিৰ সা-সঁজুলি আৰু অন্যান্য আচবাব নিৰ্মাণত সহায় হৈছিল। সেয়েহে, এই সকলোফালৰ পৰা মগধ শক্তিশালী হৈ পৰিছিল।

() মহাজনপদৰ দিনত লিপিক বিশেষকৈ কি কি কামত ব্যৱহাৰ কৰিছিল?

উত্তৰ:- মহাজনপদৰ দিনত লিপিক বিশেষকৈ ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰয়োজনীয় হিচাব-নিকাচ ৰাখিবৰ বাবে আৰু দূৰ-দূৰণিলৈ খবৰ পঠিয়াবলৈ লিপি প্ৰয়োগ কৰিছিল। লিপিৰ সহায়ত ৰজাসকলে কৰ সম্পৰ্কীয় হিচাব লিখিত ৰূপত ৰাখিছিল।

() দলত আলোচনা কৰি উত্তৰ লিখা

(জনপদৰ দিনত ৰজা নিৰ্বাচন বৰ্তমান শাসক সকলৰ নিৰ্বাচনৰ মাজত কি অমিল দেখা যায়?

উত্তৰ:- জনপদৰ দিনত ৰজাক চহকী, বাহুবলী, শক্তিশালী, যুদ্ধ-বিগ্ৰহত নেতৃত্ব দিব পৰা গুণ আদিৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত কৰা হৈছিল। আনহাতে বৰ্তমান শাসকসকলৰ নিৰ্বাচন জনসাধাৰণৰ ভোটদানৰ দ্বাৰাহে সাব্যস্ত হয়।

() মহাজনপদসমূহৰ সময়ত জনসাধাৰণে কি কি কৰ শোধাইছিল?

উত্তৰ:- মহাজনপদসমূহৰ সময়ত জনসাধাৰণে শোধোৱা কৰ বোৰ হ’ল —

(i) শস্যৰ ওপৰত কৰ শোধাইছিল।

(ii) বাঢ়ৈ বা শিপিনী সকলে মাহত এদিন ৰজাৰ ঘৰত পৰিশ্ৰম কৰি কৰ শোধাইছিল।

(iii) পশুপালক সকলে জীৱ – জন্তু অথবা জীৱ – জন্তুৰ পৰা উৎপন্ন বস্তুৰ বাবদ কৰ শোধাইছিল।

(iv) ব্যৱসায়ীসকলে তেওঁলোকে বেচা – কিনা কৰিবলৈ অনা বস্তুৰ ওপৰত কৰ শোধাইছিল।

(v) চিকাৰী বা অৰণ্যত বাস কৰা লোকসকলে জীৱ – জন্তু বা কাঠৰ সামগ্ৰী যোগান ধৰি কৰ শোধাইছিল।

() মানচিত্ৰ চাই উত্তৰ লিখা

() সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত? বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্য চুই গৈছে?

উত্তৰ:- সিন্ধু নদী ভাৰতৰ উত্তৰ – পশ্চিম দিশত অৱস্থিত । ই বৰ্তমান ভাৰতৰ জম্মু – কাশ্মীৰৰ মাজেৰে বৈ গৈছে।

() প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?

উত্তৰ:- প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত।


Class 6 Social Science Chapter 14 Question Answer

Class 6 Social Science Chapter 14 Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


Class 6 Social Science Content

Sl. No.Contents
Chapter 1সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3পৃথিৱীৰ গতি
Chapter 4পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
Chapter 6পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Chapter 7অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি 
Chapter 8আমাৰ ভাৰত
Chapter 9কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10আদি প্ৰস্তৰ যুগ
Chapter 11আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12প্ৰাচীন নগৰীয়া সভ্যতা 
Chapter 13বৈদিক সভ্যতা 
Chapter 14মহাজনপদ
Chapter 15নতুন ভাবৰ উত্থান 
Chapter 16মৌৰ্য সাম্ৰাজ্য
Chapter 17আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Chapter 23কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

Class 10 History Chapter 1 বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

Class 10 History Chapter 1

Class 10 History Chapter 1 বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer

This chapter explores a crucial phase in Indian history — the partition of Bengal in 1905 and the rise of the Swadeshi Movement. Designed specifically for SEBA Class 10 students, this page includes all key notes, Q&A, and video explanations in Assamese to help students understand the historical context and score better in HSLC 2025.

Class 10 History Chapter 1 (Social Science) বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

ইতিহাস খণ্ড

বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন


অতি চমু প্রশ্ন উত্তৰ

১। বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? 

উত্তৰঃ বংগবিভাজন ভাইচৰয় লর্ড নেথানিয়েল কার্জনৰ শাসনকালত সংঘটিত হৈছিল।

২।  ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ  বিভাজন কার্যকৰী হৈছিল? 

উত্তৰঃ ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ  বিভাজন কার্যকৰী কৰা হৈছিল।

৩। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল ? 

উত্তৰঃ বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ ১৯০৫ চনৰ ২০ জুলাই তাৰিখে  দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হৈছিল।

৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল? 

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কৰিছিল – ভূপেন্দ্রনাথ দত্ত। 

৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

উত্তৰঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো গঠন কৰা হৈছিল- ১৯০৬ খ্রীষ্টাব্দৰ ১১ মার্চ তাৰিখে।  

৬। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?

উত্তৰঃ বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল- আচার্য প্রফুল্ল ৰায় । 

৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ’বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

উত্তৰঃ  দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনত ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷

৯। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?

উত্তৰঃ ১৯১১ খ্রীষ্টাব্দৰ ১২ ডিচেম্বৰত বংগদেশৰ একত্ৰিকৰণ  হৈছিল ।


চমু প্রশ্ন উত্তৰ

১। বংগ বিভাজনে সৃষ্টিকৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ।

উত্তৰঃ বংগ বিভাজনে সৃষ্টিকৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হ’ল- ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী।


২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

উত্তৰঃ শাসনৰ সুবিধাৰ্থে লৰ্ড কাৰ্জনে বংগ বিভক্ত কৰিছিল যদিও ইয়াৰ অন্তনিৰ্হিত উদ্দেশ্য বেলেগ হিচাপে পৰিগণিত হৈছিল। সেইবোৰ হ’ল –

(ক) কাৰ্জনে কৰা বংগ বিভাজনৰ মূখ্য উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজৰ একতা ভংগ কৰা।

(খ) বংগ বিভাজনৰ দ্বাৰা ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ অনুগত কৰিব বিচাৰিছিল আৰু ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিহগুটি সিচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল।

(গ) বংগ বিভাজনক ইংৰাজ বিদ্ৰোহী কংগ্ৰেছৰ চৰমপন্থী সকলক দমন কৰাৰ বাবে এপাট অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।


৩। বংগ বিভাজনবিৰোধী ‘আন্দোলনে স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।

উত্তৰঃ  ১৯০৩ চনৰ ৬ ডিচেম্বৰত বংগভংগৰ প্ৰস্তাৱ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত বংগভংগৰ পৰিকল্পনা চৰকাৰীভাৱে গ্ৰহণ কৰা লৈকে বংগৰ বিভিন্ন অঞ্চল প্ৰতিবাদী সভাৰ জৰিয়তে জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে সংগ্ৰামৰ জোঁৱাৰ তুলিছিল। বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামেৰে জনাজাত হৈছিল।


৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ লৰ্ড কাৰ্জনে কৰা বংগ ভংগৰ বিৰুদ্ধে আৰম্ভ হোৱা স্বদেশী আন্দোলনত বংগৰ ছাত্ৰ সমাজে অংশগ্ৰহণ কৰি আগুৱাই নিছিল। এই ছাত্ৰ সমাজক আন্দোলনৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যে বংগ চৰকাৰৰ মুখ্য সচিব কাৰ্লাইলে এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছিল যদিও ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হোৱা নাছিল। এই ছাত্ৰসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জাতীয়তাবাদী নেতাসকলে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰচেষ্টাত ১৯০৫ চনৰ ৬ আগষ্টত  বংগ জাতীয় বিদ্যালয় নামৰ প্ৰথমখন জাতীয় শিক্ষানুষ্ঠান গঠন হয়। ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপিত হয়। ১৯০৬ চনৰ ১১ মাৰ্চৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠান জাতীয় শিক্ষা পৰিষদ স্থাপিত হয়। পৰবৰ্তী পৰ্যায়ত বংগ দেশত বহুকেইখন প্ৰাথমিক শিক্ষানুষ্ঠানৰ লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপিত হয়।


৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ অৰ্থনীতি তথা উদ্যোগ খণ্ডলৈ স্বদেশী আন্দোলনৰ অৱদান অতি গুৰুত্বপূৰ্ণ। বিদেশী বস্তু বয়কট আন্দোলনৰ কাৰ্যসূচী হিচাপে গ্ৰহণ কৰাৰে পৰা বংগদেশৰ বিভিন্ন ঠাইত কুটীৰ শিল্প উদ্যোগৰ লগতে ডাঙৰ শিল্প উদ্যোগ গঢ় লৈ উঠিছিল। সূতা কটা কল, তাঁতশাল উদ্যোগ জুইশলা উদ্যোগ আদি কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগে লগে জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানীবোৰ গঢ়ি উঠিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্বদেশী ভাণ্ডাৰ, সৰলা দেৱীয়ে লক্ষীৰ ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল, প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ আৰু জামেছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল। এনেদৰে এই বিখ্যাত আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি তুলিছিল।


৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কার্যসূচী গ্রহণ কৰিছিল? 

উত্তৰঃ লৰ্ড কাৰ্জনে কৰা বংগ ভংগৰ বিৰোদ্ধে আৰম্ভ হোৱা স্বদেশী আন্দোলনক দমন কৰাৰ উদ্দেশ্যে ইংৰাজ চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল। তেঁওলোকে কংগ্ৰেছৰ উদাৰপন্থী নেতা সকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেঁওলোকক বিভিন্ন উপাধি, পদ আৰু পদক প্ৰদান কৰিছিল। তেঁওলোকে কাৰোবাক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, সংসদৰ সদস্যৰ পদ আদি যাচি বংগ ভংগৰ পৰিকল্পনাত তেঁওলোকৰ সমৰ্থন আশা কৰিছিল। কিন্তু এইবোৰে স্বদেশী আন্দোলনৰ স্থিতি দুৰ্বল কৰিব পৰা নাছিল। বহুকেইগৰাকী কংগ্ৰেছী নেতাই ইংৰাজে আগবঢ়োৱা উপাধী, পদক আদি বৰ্জন কৰিছিল।


৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ’ল-

(ক)  জাতীয় সাহিত্যৰ বিকাশ:- বংগ বিভাজনৰ বিৰুদ্ধে আৰম্ভ হোৱা স্বদেশী আন্দোলনে জাতীয় শিক্ষা সৃষ্টিক বিশেষ অৰিহনা যোগাইছিল। সেই সময়ত প্ৰকাশিত বহু কেইখন আলোচনী যেনে- বেংগলী, যোগান্তৰ আদিৰ লগতে বহুকেইখন নাটক যেনে ছিৰাজউদ্দৌলা, মিৰকাচিম আদিয়ে জাতীয়তাবাদ আৰু দেশভক্তিৰ উদ্যোম জাগ্ৰত কৰাত সহায় কৰিছিল।

(খ) জাতীয় শিক্ষাৰ বিকাশ:- স্বদেশী আন্দোলনে জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগাইছিল। জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ উদ্দেশ্যে বংগৰ জাতীয়তাবাদী নেতাসকলে বংগৰ বিভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। ১৯০৫ চনৰ ৬ আগষ্টত ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো স্থাপন কৰে। পৰবৰ্তী পৰ্যায়ত বহুকেইখন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপিত হৈছিল।

(গ) স্বদেশী আন্দোলনে মহিলালৈ আগবঢ়োৱা অৱদান:- স্বদেশী আন্দোলনে বংগদেশৰ মহিলা সকলক আন্দোলনৰ লগত জড়িত হোৱাৰ প্ৰৱনতা গঢ়ি তুলিছিল। ভাৰতীয় মহিলাসকলক ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই আনি নিজৰ নিজৰ প্ৰতিভা বিকাশত সহায় কৰিছিল। বংগদেশৰ নাৰীৰ সাহসীকতা দেখি বিট্ৰিছ চৰকাৰ স্তম্ভিত হৈছিল।


৮।  স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।

উত্তৰঃ  স্বদেশী আন্দোলনৰ তিনিটা অৱদান হ’ল-

(ক)    স্বদেশী অন্দোলনে ভাৰতবাসীৰ গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ সকলো জনসাধাৰণে যে আন্দোলনত যোগদান কৰিলে সফলতা লাভ কৰিব পাৰি সেইকথা তেঁওলোকে স্বদেশী আন্দোলনৰ পৰা আয়ত্ব কৰিছিল।

(খ)     ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিৱেদনৰ মাজেৰে সহনশীল চিন্তা ৰাখি ইংৰাজৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। কিন্তু বংগবিভাজনে তেঁওলোকৰ এই চিন্তাৰ পৰিবৰ্তন কৰিছিল।

(গ)     স্বদেশী আন্দোলনৰ দ্বাৰা ভাৰতীয় সকলে পোনপ্ৰথমবাৰৰ বাবে ইংৰাজৰ ওচৰত স্বৰাজ দাবী কৰিছিল।

(ঘ)     স্বদেশী আন্দোলনৰ দ্বাৰা ভাৰতবৰ্ষত সহস্ৰ বিপ্লৱৰ সূচনা হৈছিল।


📘 Key Events:

  • ১৯০৫: বংগবিভাজন ঘোষণা
  • ১৯০৫–১৯১১: স্বদেশী আৰু বয়কট আন্দোলন
  • ১৯১১: বংগবিভাজন ৰদ

📘 Chapter Summary (সংক্ষিপ্তসাৰ):

  • 1905 চনত লর্ড কাৰ্জনে বংগদেশ বিভাজন কৰে।
  • ইয়াৰ বিৰুদ্ধে ভাৰতত তীব্ৰ প্ৰতিবাদ উঠে।
  • এই বিভাজনৰ ফলত স্বদেশী আন্দোলন আৰম্ভ হয়।
  • স্বদেশী আন্দোলনে আত্মনিৰ্ভৰশীলতা আৰু দেশী সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 History Chapter 1 (Social Science) বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Complete Question Answer in Assamese Medium

Class 10 Economics Chapter 2 অৰ্থনৈতিক উন্নয়ন

Class 10 Economics Chapter 2

Class 10 Social Science Economics Chapter 2 অৰ্থনৈতিক উন্নয়ন­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer

📖 Chapter Overview (in Assamese):

এই অধ্যায়টোত “অর্থনৈতিক উন্নয়ন” বা উন্নতিৰ ধাৰণা, পৰিমাপক, আৰু বিকাশৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হৈছে। উন্নয়নৰ সংজ্ঞা, চৰকাৰী উদ্যোগ, সমাজৰ দৃষ্টিভংগী, আৰু সমতা-অসাম্য বিষয়ে তাত্ত্বিক আৰু বাস্তৱজ্ঞান আলোচনা কৰা হৈছে।

Class 10 Social Science ( Political Science and Economics) Chapter 2 অৰ্থনৈতিক উন্নয়ন­­­­­­­­­­­­­­­­­­­­­ – Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

অৰ্থনীতি বিজ্ঞান

অৰ্থনৈতিক উন্নয়ন

অতি চমু উত্তৰৰ প্রশ্ন :

 ১। ব্যাখ্যা কৰা ( এটা বাক্যত ):

(ক) অর্থনৈতিক বিকাশ। 

উত্তৰঃ অর্থনৈতিক বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি।

(খ) অর্থনৈতিক উন্নয়ন। 

উত্তৰঃ দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰি উৎপাদন ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধনেৰে জীৱন ধাৰণৰ সাধাৰণ মানৰ উন্নতি হোৱা ব্যৱস্থাই হৈছে অর্থনৈতিক উন্নয়ন। 

(গ) মানব উন্নয়ন। 

উত্তৰঃ জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মান, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নেই মানৱ উন্নয়ন।

(ঘ) অর্থনৈতিক পৰিকল্পনা ৷ 

উত্তৰঃ নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ’ল অৰ্থনৈতিক পৰিকল্পনা।

(ঙ) গণতান্ত্রিক পৰিকল্পনা। 

উত্তৰঃ যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ’ল গণতান্ত্ৰিক পৰিকল্পনা।

(চ) উদাৰীকৰণ। 

উত্তৰঃ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল উদাৰীকৰণ।

(ছ) ব্যক্তিগতকৰণ। 

উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠান সমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ।

(জ) গোলকীকৰণ বা বিশ্বায়ন। 

উত্তৰঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ বা বিশ্বায়ন। 


চমু উত্তৰৰ প্ৰশ্ন:

২। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা। 

উত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য হলঃ

(ক)  অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত; আনহাতে, অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল। কিয়নো অৰ্থনৈতিক বিকাশত  জাতীয় আয় বৃদ্ধিকেই অধিক গুৰুত্ব দিয়া হয়। কিন্তু অৰ্থনৈতিক উন্নয়নত আয়ৰ বিতৰণৰ প্ৰসংগও সোমাই থাকে, যিটো অৰ্থনৈতিক বিকাশত নাথাকে।

(খ) অৰ্থনৈতিক বিকাশ হ’লেই অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক’ব নোৱাৰি। কিন্তু অৰ্থনৈতিক উন্নয়নৰ বাবে অৰ্থনৈতিক বিকাশ হ’বই লাগিব।


৩। মানব উন্নয়নৰ তিনিটা সূচক কি কি ? 

উত্তৰঃ মানৱ উন্নয়ন সূচক তিনিটা হলঃ 

(ক) প্রত্যাশিত আয়ুস।

(খ) শিক্ষা বা সাক্ষৰতা।

(গ) জীৱন ধাৰণৰ মান। 


৪। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ? 

উত্তৰঃ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হোৱাটোৱে মানৱ উন্নয়নক বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। এই পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লৈছে।


৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হলঃ 

( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা। 

( খ ) আঞ্চলিক বৈষম্য দূৰ কৰা।

( গ ) দৰিদ্ৰতা নির্মূল কৰা। 


৬। নিটি ( NITI ) আয়োগৰ সদস্যসকল কোন কোন ? 

উত্তৰঃ NITI আয়োগৰ অধক্ষ্য হ’ল প্ৰধানমন্ত্ৰী আৰু উপাধক্ষ্যক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে। ইয়াৰ উপৰিও আয়োগৰ অনান্য সদস্য সমূহ হ’ল – ৰাজ্যসমূহৰ মূখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপ- ৰাজ্যপাল সমূহ, ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মূখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।


দীঘল উত্তৰৰ প্রশ্ন:

৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা ( ১৯৫১-১৯৯১ ) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰপৰা বৰ্তমানলৈ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা। 

উত্তৰঃ গুৰিৰে পৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা হৈছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা। যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহৱাস্থান হয়, সেই আৰ্থিক ব্যৱস্থাই হ’ল মিশ্ৰিত আৰ্থিক ব্যৱস্থা। ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতৰ ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰাটো এক প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ আছিল – অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, আত্মনিৰ্ভৰ্শীলতা অৰ্জন কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। কিন্তু দুবাৰকৈ সীমান্তত সংঘটিত হোৱা যুদ্ধ (১৯৬১-৬২ চনত চীনৰ সৈতে আৰু ১৯৬৫ চনত পাকিস্থানৰ সৈতে হোৱা যুদ্ধ), সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি আৰু ৰাজনৈতিক দৃশ্যপট পৰিবৰ্তনৰ ফলত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ হাৰ আশানুৰূপ নহ’ল। ষাঠি দশকত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ প্ৰভাৱো মাত্ৰ কেইখনমান ৰাজ্য যেনে – পাঞ্জাৱ হাৰিয়ানাৰ মাজতে সীমাবদ্ধ আছিল।

ভাৰতৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয়ছোৱাই ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিবৰ্তন সাধিত হয়। উদাৰীকৰণ, ব্যক্তিগত কৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ  গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পালে। এই তাৎপৰ্যপূৰ্ণ পৰিবৰ্তনৰ তিনিটা মূল কাৰণ হ’ল –

(ক) চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমান বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে  লোকচান ভৰিব লগীয়া হৈছিল।

(খ) প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মূদ্ৰাস্ফিতি বা সা-সামগ্ৰীৰ নেৰা-নেপেৰা  মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিলে।

(গ) ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমণ হৈছিল। ফলস্বৰূপে ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। এনে এক দুৰ্যোগপূৰ্ণ সময়ত বিশ্ববেংকেও পৰামৰ্শ আগবঢ়ালে যে  ভাৰতীয় অৰ্থনীতিৰ গাথঁনিমূলক পৰিবৰ্তন হ’ব লাগে। এনে এক পটভূমিয়েই সেই সময়ত পি. ভি. নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে  অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিলে। এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ, গোলকীকৰণ বা বিশ্বায়ানৰ কাৰ্যসূচীক উদগনি যোগাইছিল।


৮। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতিৰ দ্বিতীয় সময়ছোৱাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হৈছিল। এই পৰিৱৰ্তনৰ মূল কাৰণ তিনিটা হ’ল-

(ক) চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমান বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল।

(খ) সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মূদ্ৰাষ্ফীতি বা সা- সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক জুৰুলা কৰিছিল।

(গ) ১৯৯০-১৯৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বানিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমণ হৈছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যিৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল।


৯। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা। 

উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হ’ল –

(ক) অৰ্থনৈতিক সংস্কাৰৰ ফলত অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। উদাহৰণস্বৰূপে ১৯৫১ চনৰ পৰা ২০০৪ চনলৈকে অৰ্থনৈতিক উন্নয়নৰ হাৰ তেনেই কম আছিল। কিন্তু ২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮ চনত বাৰ্ষিক উন্নয়নৰ হাৰ বৃদ্ধি পাই হৈছিল ক্ৰমে ৯.৫%, ৯.৬%।

(খ) দ্বিতীয়তে, পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে। অৱশ্যে খুচুৰা মূল্যসূচী সেই একে হাৰত কমি অহা নাই।

(গ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মূদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই পৰিমাণ বৰ্তমান ৩২৮.৭ বিলিয়ন ডলাৰ হৈছে।


১০। অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে কেটবোৰ সমস্যাৰ সৃষ্টি কৰিছে, যেনে –

(ক) এই সংস্কাৰ নীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তিব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে। এই প্ৰতিযোগিতা সুস্থ হ’ব লাগিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ’ব লাগিব।

(খ) পণ্যৰ প্ৰতি অত্যাধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্ৰতি এক ভাবুকি হ’ব পাৰে।


১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল –

(ক)  দেশৰ উন্নতি উন্নত ৰাজ্যসমূহৰ  সম পৰ্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০% লৈ বৃদ্ধি কৰা।

(খ) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আচঁনি গ্ৰহণ কৰা।

(গ) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটো সমাধান কৰা।

(ঘ) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা।

(ঙ) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ্শীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰনৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা।

(চ) জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰি জলবায়ু পৰিবৰ্তনৰ সমস্যাটো মোকাবিলা কৰা।


🧠 Chapter Summary (Assamese):

অর্থনৈতিক উন্নয়ন মানে কেৱল ধনৰ বৃদ্ধি নহয়, ই মানৱ জীৱনৰ গুণগত উন্নয়ন, শিক্ষা, স্বাস্থ্য, আৰু ন্যায়সংগত বিতৰণৰ সৈতে জড়িত। এই পাঠই এই দিশবোৰত গভীৰ বুজ দিবলৈ সহায় কৰে।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science ( Political Science and Economics) Chapter 2 অৰ্থনৈতিক উন্নয়ন­­­­­­­­­­­­­­­­­­­­­- Complete Question Answer in Assamese Medium