Assam Board Exam

কানাইৰ চাতুৰী | Class 10 Assamese Chapter 13

Class 10 Assamese Chapter 13

Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

🧾 অধ্যায় ১৩ – কানাইৰ চাতুৰী

  • Subject: Assamese
  • Class: 10
  • Chapter Name: কানাইৰ চাতুৰী
  • Category: পদ্যাংশ
  • Board: SEBA / SCERT Assam
  • Medium: Assamese

🖊️ পাঠৰ সংক্ষিপ্তসাৰ (Chapter Summary)

“কানাইৰ চাতুৰী” কবিতাটোত কৃষ্ণৰ বাল্যকালৰ এক মজাৰ ঘটনা উপস্থাপন কৰা হৈছে। কানাইৰ চতুৰতা, বুদ্ধিমত্তা আৰু কথাৰ জাদু কবিতাটোৰ মূল কেন্দ্ৰবিন্দু। কবিৰ ৰসিকতাপূৰ্ণ ভাষা আৰু কৃষ্ণৰ শিশুসুলভ আচৰণই ছাত্ৰ-ছাত্ৰীৰ মন আকৰ্ষণ কৰে।


✅ Class 10 Chapter 13 Question Answer (Assamese Medium)

Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী– শ্রীধৰ-কন্দলী Complete Question Answer in Assamese Medium


কানাইৰ চাতুৰী

শ্রীধৰ-কন্দলী

দশম শ্ৰেণী

অসমীয়া

পাঠ 13

১। অতি চমু উত্তৰ দিয়া:

(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

উত্তৰ:- কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল।

(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

উত্তৰ:- কৃষ্ণই চাৰি পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।

গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ?

উত্তৰ:- দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল ।

 (ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?

উত্তৰ:- কপিল মুনিৰ মাতৃ আছিল দেৱহুতি ।

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?

উত্তৰ:- বামণ ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ।


২। তথাপি তোহাক দেখন্তে ডৰত

উৰি যায় মোৰ জিউ

এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।

উত্তৰ এই কথাষাৰ স্ত্রী কৃষ্ণৰ উক্তি।কৃষ্ণই মাকক উদ্দেশ্য  কৰি এইদৰে কৈছিল। মাতৃ যশোদাক দেখি শিশু জীউ উৰি গৈছিল।

শ্ৰী কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ। শিশু অৱস্থাত তেওঁ যশোদাৰ দ্বাৰা লালিত পালিত হৈছিল। যশোদাই কৃষ্ণক নিজ পুত্র বুলিয়ে ভাবিছিল আৰু কৃষ্ণই দুষ্টালি কৰোতে যশোদাই শাসন কৰিছিল। কৃষ্ণইও এটি সাধাৰণ মানৱ শিশুৰ দৰে মাক যশোদাৰ শাসনলৈ ভয় কৰি দেখুৱাইছিল আৰু ভয়ত জীউ উৰি যায়  বুলি কৈছিল।


৩। ‘মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম।”

কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱায় দেৱতাৰ কাৰ্য সাধন কৰিছিল,খৰচি মাৰি লিখা

উত্তৰ: ভগৱান কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।

তেওঁ দেৱতা সকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল।

এবাৰ দেৱতা আৰু অসুৰসকলৰ মাজত অমৃত মন্থন লৈ তুমুল প্রতিযোগিতা হৈছিল। সেই প্রতিযোগিতা অনুসৰি যি সকলে প্রথমে অমৃত খাব পাৰিব তেওঁলোক অমৰ হ’ব। অমৃত মন্থনত অসুৰ সকলক আগবঢ়া দেখি শ্রী কৃষ্ণই তেওঁলোকক বাধা দিবৰ বাবে কৌশল ৰচনা কৰিলে, কিয়নো অসুৰ সকল অমৰ হ’লে অসুৰৰ দপদপনিত দেৱতাসকল থাকিব নোৱাৰা হ’ব। সেয়ে শ্রী কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি অসুৰ সকলৰ দৃষ্টি তেওঁৰ ফালে ঢাল খুৱালে। অসুৰ  সকলে তধা লাগি মোহিনী নাৰীৰ ৰূপ চাই থাকোতেই দেৱতাসকলে অমৃত পান কৰিলে। এইদৰে শ্রী কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ কাৰ্য সাধন কৰিছিল।


৪/ মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু- কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।

উত্তৰ: শিশু কৃষ্ণই মাক যশোদাক অতি কৃপণ বুলি কৈছে। পুত্ৰ পৰিচৰ্যাৰ ক্ষেত্ৰত যশোদাই কৰা কৃপণালীৰ কথা ক’বলৈ কৃষ্ণৰ লাজ লাগে বুলি কৈছে।

বাঁহৰ বাঁহী বজোৱাৰ বাবে কৃষ্ণৰ দুই ওঁঠ ফাটি তেজ ওলায়। মাকে এই কথা জানিও তেওঁক ছয় ৰতি সোণেৰে এটা বাঁহী গঢ়াই নিদিয়ে। ৰাজ পটেশ্বৰী হৈও পইচা খৰচ নকৰা বাবে কৃষ্ণই লাজ পাইছে। গৰু চৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে এমুঠি ভাত দি পঠিয়ায়, যি মুঠিৰে তেওঁৰ পেট নভৰে। এগৰাহ খাই আনগৰাহ খাবলৈ নুজোৰে, ফলত আধা পেটেৰে থাকিব লগা হয়। সৰু গামোচাৰ দৰে নটুৱা পিন্ধি দিনটো গৰু চৰাই থাকোতে তেওঁক কাঁইটে বিন্ধে, অথচ মাকৰ খবৰেই নাই। চুলিত ধূলি পৰি পৰি জটা  বান্ধি যায়, কিন্তু মাকে তেল লগাই নিদিয়ে। মাকৰ এনেবোৰ গুণৰ কথাকে ক’বলৈ কৃষ্ণৰ লাজ লাগে বুলি কৈছে।


৫/ চমুটোকা লিখা:

ক) বামন: বামন আছিল বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। তেওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে বলিক পাতাললৈ পঠাইছিল। অর্থাৎ দান কৰা বাবে বলিৰ যি অহংকাৰ হৈছিল তাক বিনাশ কৰিছিল।


খ) দেবহুতি: দেবহুতি আছিল স্বায়ম্বুব মনুৰ কন্যা, কর্দম প্রজাপতিৰ পত্নী আৰু’ কপিল মুনিৰ মাক। ভগৱান কৃষ্ণই কর্দম প্রজাপতিৰ ঘৰত কপিল মুনি ৰূপে অৱতাৰ ধাৰণ কৰি, তত্ত্ব বিচাৰ কৰি দেবহুতিক তাৰিছিল।


গ) কপিল: কপিল আছিল এজন প্রসিদ্ধ মুনি। তেওঁ কর্দম মুনি আৰু দেৱহুতিৰ পুত্র। কপিল মুনি আছিল সাংখ্যা-দর্শনৰ প্রবর্তক। তেওঁ বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়। তেওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হেজাৰ পুত্র ভষ্মীভূত হয়।


ঘ) শ্রী ধৰ কন্দলী : শ্রীধৰ কন্দলী আছিল মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। শ্রীধৰ কন্দলীৰ কাব্যত বৈষ্ণৱ ধর্মৰ প্রভাৱ স্পষ্ট। তেওঁ ‘কাণখোৱা’ আৰু ঘুনুচা কীর্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰিছিল।


কংস – দৈৱকী আছিল দেৱকৰ জীয়েক, বসুদেৱৰ পত্নী আৰু ভগৱান কৃষ্ণৰ মাক। দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত ভায়েক কংসৰ মৃত্যু হ’ব বুলি আকাশবাণী শুনাৰ পিছতে কংসই দৈৱকী আৰু বসুদেৱক বন্দী কৰি ৰাখিছিল আৰু এটা এটাকে দৈৱকীৰ সাতটা সন্তান কংসই বধ কৰিছিল।


৬। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ: কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চৰিত্ৰৰ প্রদর্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গোপ শিশুসকল উপস্থিত হয় আৰু মাতৃ যশোদাক কৃষ্ণক খেলিবৰ বাবে জগাই দিবলৈ অনুৰোধ কৰে। শিশুসকলৰ কথা শুনি যশোদাই আহি কৃষ্ণক জগাই কিন্তু কৃষ্ণই অভিমান কৰি মাকক ক’লে যে তেওঁ চাৰি-পাঁচ দিনৰ লৈকে নুঠো আৰু নাখাও। যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে তেওঁৰ প্ৰাণে আৰু নশহা হৈছে।

কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক’লে যে, তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ  শ্রীবৃদ্ধি নহয়। নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়ো মই তোমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছো।

 নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰো, মোৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে মই ব্ৰহ্মৰ যোগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালো। তোমাৰ ঘৰলৈ আহি মোৰ সকলো ঐশ্বর্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মোক চিন্তা কৰাত মোৰ চতুর্ভূজ ৰূপ দেখি ত্রিদশৰ সকলো মোহিত হৈছিল। এতিয়া তুমি মোক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা।

        মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰিলো। মোক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অৱতাৰত মই বলিক ছলনা কৰিছিলো। কিন্তু, তুমি মোক মাটিখোৱা বুলি ককৰ্থনাহে কৰিলা। মোৰ ইমানবোৰ মহিমা দেখাৰ পাছতো তোমাৰ মনত আক্রোশৰ শেষ নাই।

   ইমান দিনে কাঠবাঁজী বুলি সমস্ত জগতে তোমাক হাঁহিলে। মই পুত্রৰূপে উপজি তোমাৰ সেই দুখ দূৰ কৰিলো। তথাপিও তুমি মোৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়ো তুমি ছয়ৰতি খৰচ কৰি মোক এটা সোণৰ বাঁহী বনাই দিব নোৱাৰিলা। বাঁহৰ বাঁহী বজাই মোৰ দুই ওঁঠ ফাটি গৈছে।   গৰু চৰাওঁতে ধূলি লাগি মোৰ কেঁকোৰা চুলিত জটা বান্ধিছে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পোৱা নাই। এইবোৰ কথা ক’বলৈ গ’লে মোৰ চকুলো নিগৰি পৰে। ইমানবোৰ দুখ-কষ্ট সহ্য কৰিব নোৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তোমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ।

        তেতিয়াহে তুমি মোৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশোদাই পুনৰ কৃষ্ণক চেনেহ কৰিবলৈ ধৰিলে আৰু ক’লে যশোদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশোদায়ে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।


৭/ কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা।

উত্তৰ: কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰি বহুতো কার্য সাধন কৰিছিল। তেওঁ নাৰায়ণ ৰূপে জলত শয়ন কৰি নাভিৰ পৰা ব্রহ্মাক উপজাই তিনিভূৱন সৃষ্টি কৰিছিল। চতুর্ভুজ ৰূপ ধৰি অসুৰ সকলক অচেতন কৰাইছিল। মোহিনী ৰূপ ধৰি দেৱতা সকলক অমৃত খুৱাই অমৰ কৰিছিল। কপিল মুনিৰ ৰূপ ধৰি দেৱহুতি মাতৃক তাৰিছিল। বামন ৰূপ ধৰি বালিক ছলনা কৰি দর্পচূর্ণ কৰিছিল।

এনেদৰে কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰি বহুতো কার্য সাধন কৰিছিল।


৮/ কবিতাটোত ‘কাঠবাঁজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?

উত্তৰ: কবিতাটোত ‘কাঠবাজী বুলি যশোদাক কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে সন্তান নথকা তিৰোতা।

কাঠবাঁজী বুলি পোৱা অপবাদৰ পৰা যশোদাক কৃষ্ণই ৰক্ষা কৰিলে।

কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ আৰু দৈৱকী ‘বসুদেৱৰ অষ্টম সন্তান। মহাপ্রতাপী কংসক বধ কৰিবৰ বাবে তেওঁ এই অৱতাৰ ধাৰণ কৰিছিল। জন্মৰ লগে লগে কৃষ্ণই আকাশবাণী কৰি তেওঁক নন্দৰাণী যশোদাৰ কোলাত দিবলৈ আৰু যশোদাৰ কোলাৰ পৰা যোগমায়াক আনি দৈৱকীৰ কোলাত দিবলৈ আদেশ কৰিছিল। সেইমতে পিতৃ বসুদেৱে শিশু কৃষ্ণক নি যশোদাৰ কোলাত দিছিলগৈ আৰু যোগমায়াক আনি দৈৱকীৰ কোলাত দিছিল। এই কথা জগতৰ কোনেও গম পোৱা নাছিল। আনকি দৈৱকী আৰু যশোদাইও নাজানিছিল। যশোদাই কৃষ্ণকে নিজ পুত্র বুলি ভাবি ডাঙৰ দীঘল কৰিছিল।

এনেদৰে কৃষ্ণই পুত্র ৰূপে যশোদাৰ কোলা শুৱনি কৰি কাঠবাজী বুলি পোৱা অপবাদৰ পৰা ৰক্ষা কৰিছিল।


৯/ তাৎপর্য ব্যাখ্যা কৰা:

ক) কাঠবাঁজী বুলি জগতে হাসয় দেখিলে সুমৰো হবি।

মই আসি তোৰ ঘৰে পুত্র ভৈলো সিটো দুখ দূৰ কৰি “

উত্তৰঃ উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা(নতুন) ৰ অন্তৰ্গত শ্রীধৰ-কন্দলীয়ে লিখা ‘কানাইৰ চাতুৰী’ নামৰ পদ্যটিৰ পৰা তুলি অনা হৈছে।

উক্ত কবিফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁ যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দর্শাই আছে, মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে উক্ত কবিতা শাৰী অৱতাৰণা কৰা হৈছে।

    কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ ।শিশু অৱস্থাত তেওঁ যশোদাৰ দ্বাৰা লালিত-পালিত হৈছিল।আনহাতে যশোদা আছিল সন্তানহীনা। সন্তান নথকা বাবে যশোদাক সকলোৱে কাঠবাঁজী বুলি উপহাস কৰিছিল।সেই দুখৰ পৰা মুক্তি পাবৰ বাবে তেওঁ একান্ত চিত্তে ভগৱানৰ আৰাধনা কৰিছিল। ভগবান কৃষ্ণই যশোদাৰ পুত্ৰ ৰূপে আবির্ভাৱ হৈ সেই কাঠবাঁজী বুলি পোৱা অপবাদৰ পৰা ৰক্ষা কৰিছিল।মাক যশোদাই কৃষ্ণক ভালদৰে যত্ন নলয় বুলি মাকৰ ওপৰত অভিমান কৰি যশোদাক সেই কথা সোঁৱৰাই দিছে।

এয়ে হৈছে উক্ত পদফাঁকিৰ তাৎপর্য।


(খ) মোহিনী স্বৰূপে      অমৃত পিয়ালো

                সাধিলো দেৱৰ কাম।

তোমাৰ ঘৰে আসি      বৰ যশ পাইলো

                লৈলো দধিচোৰ নাম।।

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।  

        উক্ত কবিতাফাকিৰ বক্তা হ’ল শ্রীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযোগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যাতে মাকে তেওঁক মৰম কৰে। কিয়নো কৃষ্ণৰ ভাৱ হৈছে মাক যশোদাই তেওঁক আদৰ-সন্মান নকৰে।

ভগৱান বিষ্ণুৱে বিভিন্ন সময়ত বিভিন্ন ৰূপ ধৰি অনেক কার্য সাধন কৰিছিল। এবাৰ দেৱতা আৰু অসুৰসকলৰ মাজত অমৃত মন্থন লৈ তুমুল প্রতিযোগিতা হৈছিল। অমৃত মন্থনত অসুৰ সকল আগবঢ়া দেখি কৃষ্ণই মোহিনী নাৰীৰ ৰূপ ধাৰণ কৰি অসুৰ সকলৰ দৃষ্টি তেওঁৰ ফালে ঢাল ঘোৰালে। সেই সুযোগতে দেৱতাসকলে অমৃত পান কৰি অমৰত্ব লাভ কৰিছিল।

এইজনা মহিমাময়ী ভগৱান বিষ্ণুৱে কৃষ্ণৰূপে মানৱ অৱতাৰ ধৰি যশোদাৰ ঘৰত দধিচোৰ নাম পাইছিল মাক যশোদাৰ ওপৰত অভিমান কৰি আক্ষেপেৰে কৃষ্ণই তেনেদৰে কৈছিল।

এয়ে হৈছে উক্ত পদ ফাঁকিৰ তাৎপর্য।


(গ) মই নাৰায়ণ               জগত কাৰণ

            তুমি গোৱালৰ জীউ।

তথাপি তোহাক        দেখন্তে ডৰত

            উৰি যায় মোৰ জীউ।।

উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

জগতৰ সৃষ্টিকর্তা’ নাৰায়ণ’ অর্থাৎ ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ হৈছে কৃষ্ণ। শিশু কালত কৃষ্ণ যশোদাৰ দ্বাৰা লালিত-পালিত হৈছিল। যশোদাই কৃষ্ণক নিজ পুত্র বুলি ভাবি ডাঙৰ কৰিছিল আৰু প্রয়োজন অনুসৰি শাসনো কৰিছিল। কৃষ্ণই নিজৰ ঐশ্বৰিক মহিমা নেদেখুৱাই যশোদাৰ ওচৰত এটি সাধাৰণ মানৱ শিশুৰ দৰে আচৰণ কৰিছিল আৰু মাকলৈ ভয় কৰি দেখুৱাইছিল।

মাক যশোদাই কৃষ্ণক অৱহেলা কৰে বুলি অভিমান কৰি মাকৰ বদগুণ বখানি কৈছে যে মই জগতৰ কাৰণ নাৰায়ণ, সৃষ্টি কৰ্তা আৰু পালন কৰ্তা। কিন্তু তুমি এজনী সাধাৰণ গোৱালৰ জীয়েক। তথাপি তোমাক দেখিলে মোৰ ভয়ত জীৱ উৰি যায়। বিশ্বব্রহ্মাণ্ডৰ অধিপতি হৈয়ো এজনী সাধাৰণ গোৱালৰ জীয়েকক ভয় কৰাতে ফুটি উঠিছে শিশু কৃষ্ণৰ মানৱ চৰিত্ৰৰ প্রকাশ। এয়ে হৈছে পদফাঁকিৰ তাৎপর্য।


ভাষা-বিষয়কঃ

১। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

(ক) আসি

(খ) খেড়ি

(গ) পুহাইল

(ঘ) নুজুৰাই

(ঙ) বিগুটিয়া

(চ) কিসৰ

উত্তৰঃ-ক) আসি    一    আহি

খ) খেড়ি    一     খেলা

গ) পুহাইল    一    পুৱাল

ঘ) নুজুৰাই    一    জুৰ নপৰে

ঙ) হন্তে    一    পৰা

চ) বিগুটিয়া    一    ঠাট্টা কৰা


২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰাঃ

(ক) সুন্দৰী

(খ) মাতৃ

(গ) মামা

উত্তৰঃ-

ক) সুন্দৰী    一    সুন্দৰ

খ) মাতৃ    一    পিতৃ

গ) মামা    一    মামী


৩। বিপৰীত শব্দ লিখাঃ

(ক) বিশ্বাস

(খ) দোষ

(গ) আনন্দ

(ঘ) অপমান

(ঙ) অমৃত

উত্তৰঃ-

ক) বিশ্বাস    一    অবিশ্বাস

খ) দোষ    一    গুণ

গ) আনন্দ    一    বিষাদ

ঘ) অপমান    一    সন্মান

ঙ) অমৃত    一    বিষ।


📚 মুখ্য টপিক (Key Points for Exam)

  • কৃষ্ণৰ বুদ্ধিমত্তা আৰু কথোপকথন
  • হালকা-ফুলকা ৰস আৰু কাব্যৰ চলচিত্র
  • কবিতাৰ ছন্দ, অলংকাৰ আৰু ধ্বনি-সৌন্দর্য
  • সামাজিক আৰু ধৰ্মীয় দিশৰ পৰিপ্ৰেক্ষিত

কানাইৰ চাতুৰী কবিতাটো ৰস, চাতুৰতা আৰু কৃষ্ণৰ ব্যতিক্ৰমী ব্যক্তিত্বৰে ভৰপূৰ। ছাত্ৰ-ছাত্ৰীয়ে এই পাঠৰ মাজেৰে কেৱল কাব্যিক অভিজ্ঞতাই নহয়, বৰং এক চহজ মানবিকতা আৰু সমাজবোধো বিকাশ কৰিব পাৰে।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com

Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

দৃশ্যান্তৰ | Class 10 Assamese Chapter 5

Class 10 Assamese Chapter 5

Class 10 Assamese Chapter 5 দৃশ্যান্তৰ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

🧾 অধ্যায় ৫ – দৃশ্যান্তৰ

  • Subject: Assamese
  • Class: 10
  • Chapter Name: দৃশ্যান্তৰ
  • Category: পদ্যাংশ
  • Board: SEBA / SCERT Assam
  • Medium: Assamese

🖊️ পাঠৰ সংক্ষিপ্তসাৰ (Chapter Summary)

‘দৃশ্যান্তৰ’ এখন আধুনিক পদ্য, য’ত জীৱনৰ পৰিৱৰ্তনশীলতা, সামাজিক দৃষ্টিভংগীৰ পৰিবর্তন, আৰু মানুহৰ চিন্তাভাবনাৰ ৰূপান্তৰ বর্ণনা কৰা হৈছে। কবিয়ে জীৱনৰ দৃশ্যবিন্যাসৰ সৈতে এক গভীৰ আত্মপৰিচয় স্থাপন কৰিছে।


✅ Class 10 Chapter 5 Question Answer (Assamese Medium)

Class 10 Assamese Chapter 5 দৃশ্যান্তৰ হৰেকৃষ্ণ ডেকা Complete Question Answer in Assamese Medium


দৃশ্যান্তৰ

হৰেকৃষ্ণ ডেকা

দশম শ্ৰেণী

অসমীয়া

পাঠ 5

১ (ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?

উত্তৰ: কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।

খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰ: মানুহজন কুকুৰীকণা আছিল, সেইবাবে তেওঁ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

উত্তৰ: মানুহজনে নিজৰ ঘৰৰ পদূলি নঙলামুখতে বিচাৰিছিল।

ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?

উত্তৰ: মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগীত আছিল।

ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰ: কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।


২/ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ: সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল। সেয়ে তেওঁ সন্দেহৰ দৃষ্টিয়ে কবিলৈ চাই সুধিছিল যে ভাৰাঘৰ বিচাৰি আহিছে নেকি? যদি আহিছে কুবেৰৰ মহলাত ভাৰাঘৰ বিচাৰি পোৱাটো ইমান সহজ নহয় আৰু পালেও তাত শান্তিৰে থাকিব নোৱাৰিব বুলি কৈছিল। কাৰণ তাত যখৰ পোৱালী সদৃশ কিছূমান স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক মানুহে বসবাস কৰে, যিয়ে কাৰো দুখ , মৰম চেনেহ উপলব্ধি নকৰে। আনকি কাৰোবাৰ মৃত্যু হলেও দাহ কৰিবলৈ কোনো আগবাঢ়ি নাহে।


৩। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰ: ‘দৃশ্যান্তৰ’ কবিতাটো কবি হৰেকৃষ্ণ ডেকাৰ এটি উৎকৃষ্ট সামাজিক কবিতা। দুটা দৃশ্যত উপস্থাপিত কথাৰ বর্ণনাৰ পার্থক্যৰে  সময়ৰ সোঁতত পৰিৱর্তন হোৱা মানৱ সভ্যতাৰ ব্যাখ্যাই কবিতাটোৰ প্রকৃত মূলভাৱ।

কবিতাটোৰ প্রথম দৃশ্যত বর্ণিত হৈছে এখন সুন্দৰ গাঁৱলীয়া চিত্র, য’ত আছে কেঁচা আলি, নঙলা, কাকিনী তামোল, বাঁহগছ আদিৰে পৰিবেষ্টিত পজা ঘৰ। সেইখন চিত্রত অংকিত হৈছে মানুহৰ মৰম-চেনেহ, আন্তৰিকতা আৰু এজনৰ আনজনৰ প্রতি থকা দায়বদ্ধতা।কবিতাটোৰ দ্বিতীয় দৃশ্যত অর্থাৎ পঁচিশ বছৰৰ পিছত একেডোখৰ ঠাইৰে পৰিৱৰ্তিত ৰূপ দেখুওৱা হৈছে। য’ত আছে ওখ ওখ অট্টালিকাৰে ভৰা এখন নগৰৰ প্রতিচ্ছবি। এই কংক্রীটৰ নগৰত বাস কৰা মানুহবোৰৰ মাজত নাই মৰম, ভালপোৱা, আন্তৰিকতা, সহায় সহযোগিতা ইত্যাদি। মানুহবোৰ কেৱল আত্মকেন্দ্রীক আৰু স্বাৰ্থ পৰ। যিয়ে কাৰো দুখ , মৰম, চেনেহ উপলব্ধি নকৰে। আনকি কাৰোবাৰ মৃত্যু হ’ লেও দাহ কৰিবলৈ কোনো আগবাঢ়ি নাহে।এইদৰে কবিতাটোত দুটা দৃশ্যৰ মাজেৰে আধুনিক সমাজত হেৰাই যোৱা মানৱতা, আন্তৰিকৰ্তা আৰু আত্মীয়তা গুণৰ অভাৱৰ কথা  সুন্দৰ আৰু সাৱলীল ভাৱে কবিয়ে কবিতাটিৰ মাজেৰে ফুটাই তুলিছে। আধুনিক মানুহে বাহ্যিক সুখ বহুত পাইছে যদিও প্রকৃত সুখৰ পৰা যে বঞ্চিত হৈ গৈ যে আছে, তাকে কবিয়ে কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে।


৪/ ‘বৰ শান্তিত আছো

এই পঁজাটিত।’

কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তর্নিহিত ভাৱ মোকলাই লিখা।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘দৃশ্যান্তৰ’ নামৰ কবিতাটোৰ অন্তৰ্গত।

পঁচিশ বছৰৰ আগত কবিয়ে যেতিয়া কুকুৰীকণা মানুহজনক হাতত ধৰি আগুৱাই দিছিল, তেতিয়া মানুহজনে এইদৰে কৈছিল। ঠাইডোখৰ আছিল গাঁৱলীয়া। কেঁচা আলি কেকুৰি, পজা ঘৰ, কাকিনী তামোল, বাঁহ গছ আদিৰে পৰিপূর্ণ এখন সুন্দৰ গাঁৱৰ প্রতিচ্ছবি। তাত বাস কৰা মানুহবোৰৰ মাজত আছিল মৰম-চেনেহ, আন্তৰিকতা আৰু দায়বদ্ধতা। সেয়ে পঁজা ঘৰত থাকিও কুকুৰীকণা মানুহজনে অকলশৰীয়া অনুভৱ কৰা নাছিল। ওচৰ চুবুৰীয়াৰ মৰম-চেনেহত তেওঁ সুখ-শান্তি বিচাৰি পাইছিল।

এয়ে’ হৈছে কথাষাৰৰ অন্তর্নিহিত ভাৱ।


৫/ হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?-কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰ: উক্ত কথাষাৰ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ লোকজনে কবিক সুধিছিল।

নগৰৰ কংক্রীটৰ উচ্চ অট্টালিকাত নিঃসঙ্গ ভাবে দুর্বিসহ জীৱন কটোৱা লোকজনে কবিয়ে তাত ভাৰাঘৰ বিচাৰি যোৱা বুলি ভাবিছিল।সেয়ে তেওঁ কবিক বুজাব বিচাৰিছিল যে সেই কুবেৰৰ মহলাত যদি তেওঁ ভাৰাঘৰ বিচাৰি আহিছে তেনেহ’লে তাত কোনো শান্তিত থাকিব নোৱাৰিব, কিয়নো তাত বাস কৰা মানুহবোৰৰ মাজত নাই মৰম-চেনেহ, আন্তৰিকতা, সামাজিক দায়বদ্ধতা ইত্যাদি। কথাষাৰৰ যোগেদি তেওঁ নগৰীয়া জীৱনৰ ৰুক্ষ বাস্তৱ প্রতিফলিত কৰিছে।


৬/ ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, ‘তোমাৰ ভাষাৰে বুজাই’ লিখা।

উত্তৰ: সমাজ পৰিৱৰ্তনশীল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিবৰ্তন হয় সামাজিক অৱস্থাৰ আৰু মানুহৰ নৈতিক আৰু আধ্যাত্মিক চেতনা-বোধৰ।

‘দৃশ্যান্তৰ’ কবিতাটিত কবিয়ে এখন গাঁৱলীয়া ঠাই আৰু এখন নগৰীয়া ঠাইৰ ছবি সুন্দৰকৈ প্রতিফলিত কৰিছে। কেঁচা আলি পদুলিৰে আবৃত পজা ঘৰত বাস কৰা সহজ-সৰল মানুহবোৰৰ মাজত থকা মৰম-চেনেহ, আন্তৰিকতা আৰু সামাজিক দায়বদ্ধতাৰ বিপৰীতে নগৰৰ ওখ ওখ অট্টালিকাত বাস কৰা মানুহবোৰৰ আন্তৰিকতা শূন্য যান্ত্রিক জীৱনৰ প্রতিচ্ছবি কবিতাটোত সুন্দৰকৈ বর্ণিত হৈছে। কবিয়ে লগ পোৱা কুকুৰীকণা মানুহজন যেতিয়া গাঁৱত বাস কৰিছিল, পজা ঘৰত থাকিয়ে তেওঁ বহুত শান্তিত আছিল তাত তেওঁ মানুহৰ মৰম-চেনেহ, সহায় সহযোগিতাৰ অভাৱ পোৱা নাছিল। একেডোখৰ ঠাই নগৰলৈ পৰিৱৰ্তন হোৱাৰ পাছত, সেই একেজন মানুহ যেতিয়া কংক্রীটৰ অট্টালিকাত থাকিব লগীয়া হল, তাত তেওঁ অতি নিসঙ্গ আৰু অশান্তিৰ জীৱন কটাব লগীয়া হৈছে। এনেদৰে কবিতাটোত কবিয়ে গ্রাম্য জীৱনৰ অকপট ৰূপ আৰু চহৰীয়া জীৱনৰ ৰুক্ষতাৰ সফল ছবি দাঙি ধৰিছে।


৭/ ‘দৃশ্যান্তৰ’ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া।

উত্তৰ: ‘দৃশ্যান্তৰ’ কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে হৰেকৃষ্ণ ডেকা তেখেতৰ জন্ম হৈছিল ১৯৪৩ চনত, তিনিচুকীয়াত। ইংৰাজী বিষয়ত এম.এ পাছ কৰি তেখেতে প্রথমে গুৱাহাটী কমার্চ কলেজত অধ্যাপনা কৰে আৰু পিছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়।

অসমীয়া সাহিত্যলৈ আগবঢ়োরা তেখেতৰ অৱদান বোৰ এনেধৰণৰ-

১/ কবিতা পুথি: ৰাতিৰ শোভাযাত্রা, আন এজন, Sea-Scare

২/ গল্প পুথি: গল্প আৰু কল্প, মধুসুদনৰ দলং, বন্দীয়াৰ আৰু মৃত্যুদণ্ড

৩/ উপন্যাস: আগন্তুক

তেখেত ‘The Sentinel ‘ আৰু ‘গৰিয়সী’ আলোচনীৰ সম্পাদক আছিল।

তেখেতে ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত কথা বঁটা আৰু ২০১০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।


৮। ব্যাখ্যা কৰাঃ

(ক) “মৰিলে দাহ কৰিবলৈও

         এজন মানুহ নাই।”

উত্তৰঃ-  উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমিয়াত উটি-ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।

বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল’ব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা-দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সৰলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে-আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক’ব বিচাৰিছে উক্ত কবিতাফাঁকিৰ দ্বাৰা।


খ) ‘যখৰ পোৱালিহঁতে কাক কোনে চায়।

উত্তৰঃ- প্ৰসংগঃ উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

আধুনিক জীৱনত মানুহৰ মাজত যে মানৱতা, আত্মীয়তা আদি মানৱীয় গুণবোৰ হেৰাই গৈছে, তাকে ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

কবিয়ে পঁচিশ  বছৰ  আগতে এজন মানুহ লগ পাইছিল ‘সম্পূর্ণ গাৱলীয়া সহজ সৰল পৰিৱেশত, যিজন মানুহে উৰুখা পজাত বাস কৰিও পৰম শান্তিৰে থকা বুলি কৈ সন্তুষ্টি পাইছিল। পঁচিশ বছৰ পিচত কবিয়ে সেইদোখৰ ঠাইতে পুনৰ সেই মানুহজনক মুখামুখি হৈছে ওখ অট্টালিকা, উচ্চ সভ্যতা তাত বিৰাজ মান যদিও সহজ সৰল মানুহৰ মনবোৰ যেন হেৰাই গৈছে। তেতিয়া মানুহজনে ওখ অট্টালিকাত বাস কৰিও অসন্তুষ্টি প্ৰকাশ কৰিছে। কাৰণ সেই কংক্রীটৰ অৰণ্যত মৃতদেহ দাহ কৰাৰ  দৰে মহৎ কর্ম কৰিবলৈ মানুহ পাবলৈ নাই। সেই মানুহবোৰক যখৰ পোৱালি’ বুলি কৈ মানুহজনে কৈছিল যে সেইবোৰে কাকো চিনি নাপায়। আৰু চিনিবলৈ ইচ্ছাও নকৰে। সকলো নিজক লৈয়ে ব্যস্ত। মানৱতা, আত্মীয়তা আদি শব্দবোৰ যেন হেৰাই গৈছে।


গ) ‘এই কংক্রীটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু

উত্তৰঃ-  উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

কংক্রীটৰ অৰণ্য অর্থাৎ আধুনিকতা কৃত্রিমতাৰ মাজত যে মানুহৰ সৰলতা নৈতিকতা আদি গুণবোৰ ক্রমান্বয়ে হেৰাই যাব ধৰিছে। তাকেই প্রকাশ কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাকি উল্লেখ কৰিছে।

সময় পৰিৱর্তনশীল। এই পৰিৱৰ্তনশীল  মানুহক মন, সাজ-সজ্জা, ধৰন-কৰণ আদি সকলোতে প্রভাৱ পেলায়। কবিয়ে পঁচিশ আগতে সম্পূর্ণ  গাৱলীয়া সহজ সৰল পৰিৱেশত এজন মানুহ লগ  পাইছিল, যিজনে উৰুখা পঁজাতে থাকিও সন্তুষ্ট  আছিল। পশিচ বহুৰ পিছত সেই একেদোখৰ ঠাইতে ভিন্ন পৰিৱেশত সেই মানুহজনকে কবিয়ে চৰম অসন্তুষ্টি ৰূপত লগ  পাইছিল। মানুহজনৰ চৰম অসন্তুষ্টি ব্যক্ত হৈছে, মৃতকত দাহ- সংস্কাৰ কৰিবলৈ মানুহ পাবলৈ নাই বোলা  কথাষাৰত। এয়াই মানৱতাৰ চৰম অৱক্ষয় । সেই কৃত্রিম পৰিৱেশত  সহজ সৰল মানুহজন হেৰাই গ’ল| কবিয়ে পুনৰ বিচাৰি নাপালে তেওঁক।


৯/ বিপৰীত শব্দ লিখা:

কেঁচা -পকা

গধূলি – পুৱা

পোহৰ – আন্ধাৰ

শান্তি – অশান্তি

ৰূপ- কুৰূপ


১০/ এটাকে সমার্থক শব্দ লিখা:

জোন-চন্দ্র

ঘৰ – গৃহ

চৰা – বেছি

দাহ- পোৰা/ জ্বলোৱা

উভতি – উলটি


১১। নঞার্থক শব্দ গঠন কৰা:

শান্তি- অশান্তি

চিনাকি –

সহায় – অসহায়সহায় – অসহায়


📚 মুখ্য দিশ (Key Points for Exam) – Class 10 Assamese Chapter 5

  • কবিতাৰ আধুনিক দৃষ্টিভংগী
  • শব্দচয়ন আৰু অলংকাৰ ব্যৱহাৰ
  • দৃশ্যান্তৰৰ মানৱিক আবেদন
  • নৱজাগৰণমূলক দৃষ্টিভংগী
  • কবিৰ সমকালীন সমাজচিন্তা

📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


দৃশ্যান্তৰ কবিতাটোৱে ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশত সহায় কৰে। পাঠটো মনোযোগ সহকাৰে পঢ়ি কবিৰ অনুভৱ বুজি পোৱাটো অতি প্ৰয়োজনীয়। এই পৃষ্ঠাটো Class 10 SEBA পৰীক্ষাৰ বাবে এক উৎকৃষ্ট সহায়িকা।

Class 10 Assamese Chapter 5 দৃশ্যান্তৰ Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

ভাৰতীয় সংস্কৃতি| Class 10 Assamese Chapter 7

Class 10 Assamese Chapter 7

Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

🧾 অধ্যায় ৭ – ভাৰতীয় সংস্কৃতি

  • Subject: Assamese
  • Class: 10 (X)
  • Chapter No.: 7
  • Chapter Name: ভাৰতীয় সংস্কৃতি
  • Category: গদ্যাংশ
  • Board: SEBA / SCERT Assam
  • Medium: Assamese

🖊️ পাঠৰ সংক্ষিপ্তসাৰ (Summary of the Chapter)

এই পাঠখনত ভাৰতীয় সংস্কৃতিৰ ঐতিহাসিক গঠনৰ বিষয়ে বিস্তৃত আলোচনা কৰা হৈছে। ভাৰত এখন বহুজাতিক, বহুভাষিক, আৰু বহুধাৰ্মিক দেশ। ইয়াৰ সংস্কৃতি বৈচিত্ৰ্যপূৰ্ণ কিন্তু একতাৰ জড়িয়েই গঠিত। ভাষা, ধৰ্ম, শিল্প, সঙ্গীত, সাহিত্য আদি সকলোতে ভাৰতীয় সংস্কৃতিৰ গভীৰতা আৰু দীৰ্ঘ ঐতিহ্য প্ৰকাশ পাইছে।


✅ Class 10 Chapter 7 Question Answer (Assamese Medium)

Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি – হেম বৰুৱা Complete Question Answer in Assamese Medium


ভাৰতীয় সংস্কৃতি

হেম বৰুৱা

দশম শ্ৰেণী

অসমীয়া

পাঠ – 7

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰ: ভাৰতীয় সংস্কৃতিৰ প্রাণ হৈছে ক্রমবর্দ্ধমান শক্তি।


২/ ‘ফ্রম ভল্গা টু গংগা’ কাৰ ৰচনা?

উত্তৰ: ‘ফ্রম ভল্গা টু গংগা’ পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা।


৩। সর্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমনৰ কি আখ্যা দিছে?

উত্তৰ: সৰ্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমনৰ আখ্যা এনেদৰে দিছে যে ই আৰ্যই অনার্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য।


৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?

উত্তৰ: বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।


৫/ শিৱ আৰু শক্তি পূজাৰ মূল ক’আৱিষ্কাৰ হৈছিল?

উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল।


৬। ইছলামীয় ভাস্কর্যৰ মূল সম্পদ কি?

উত্তৰ: গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কর্যৰ মূল সম্পদ।


৭। অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাববস্তু দুটা কি কি?

উত্তৰ: অজন্তাৰ ছবিবোৰতপ্রকাশ পোৱা ভাববস্তু দুটা হৈছে-সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।


৮)গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’লাগে বুলি মত প্রকাশ কৰিছে?

উত্তৰ: গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্রকাশ কৰিছে।


৯/ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?

উত্তৰ: সুকুমাৰ কলাৰ ভিতৰত চিত্র শিল্পক বেছি স্থায়ী বোলা হৈছে।


১০। হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।

উত্তৰঃ- অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা। তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল। “মমতাৰ চিঠি”, “আইতা”, “জাৰৰ দিনৰ সপোন” আদি তেখেতৰ বিখ্যাত কাব্য। “বালিচন্দা (১৯৫৯)” আৰু “মনময়ূৰী (১৯৬৫)” তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেতে “আধুনিক সাহিত্য”, “সাগৰ দেখিছা”, “সানমিহলি”, “ৰঙা কৰবীৰ ফুল”, “কিউপিড আৰু ছাইকী”, “বালিচন্দা”, “এই গাঁও এই গীত”, “মেকং নৈ দেখিলো”, “ইজৰাইল”, “স্মৃতিৰ পাপৰি” ইত্যাদি উল্লেখযোগ্য। বৰুৱা দেৱে “The Red River and the Blue Hill” নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল। “পছোৱা” নামৰ মাহেকীয়া আলোচনীখন তেখেতে সম্পাদনা কৰিছিল।


১২। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।’

এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, পাঠৰ আধাৰত বিচাৰ কৰা।

উত্তৰ: মানৱ সমাজৰ জ্ঞান, বিশ্বাস, ৰীতি-নীতি, আচাৰ-আচৰণ নৈতিকতা, উৎসৱ-অনুষ্ঠান, আইন কানোন, শিল্পকলা, আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্রিক ৰূপটোকে সংস্কৃতি বোলা হয়।

ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতবৰ্ষ এখন বহুজাতিক আৰু বহুভাষিক ৰাষ্ট্র। ইয়াত অনেক জাতি-জনগোষ্ঠীয়ে বাস কৰে। এই দেশত অতীতৰে পৰা বাস কৰা জাতি জনগোষ্ঠী সমূহৰ বাহিৰেও বিভিন্ন সময়ত অনেক বহিৰাগত জাতি জনগোষ্ঠীৰ সোঁত বৈছিল। এই বহিৰাগত গোষ্ঠীসমূহে নিজ নিজ ঠাইৰ ভাষা, ৰীতি-নীতি, খাদ্য প্রকৰণ, ধর্মীয় আচাৰ নীতি আদি লগত লৈ আহিছিল। বহিৰাগত গোষ্ঠীসমূহৰ যি সকল লোকে ভাৰতত নিগাজিকে থাকিবলৈ ল’লে, তেওঁলোকে পূর্বৰে পৰা ভাৰতত বাস কৰা লোকসকলৰ সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে। নিজৰ সংস্কৃতিৰ কিছু এৰিলে আৰু স্থানীয় সংস্কৃতিৰ কিছু ধৰিলে। এইদৰে এৰা ধৰাৰ নিয়ম গ্রহণ কৰি সংস্কৃতিৰ সমন্বয় হ’ল। ভাৰতৰ স্থানীয় অনেক জাতি-জনগোষ্ঠী আৰু বাহিৰৰ দেশৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয় স্থাপন হৈ বিৰাট ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হল। সেয়ে কোৱা হয়, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ।


১৩। ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰ:- সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পার্থক্য পৰিলক্ষিত হয় যদিও দুয়োটা দুয়োটাৰে পৰিপূৰক।

সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। এটা জাতি সুসভ্য হ’ব পাৰে, কিন্তু ইয়াৰ কোনো সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰিব পাৰে।সভ্যতাই দৰাচলতে মানুহৰ বহিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তজীৱনৰ প্রতিনিধিত্ব কৰে। মানুহে নিজৰ মস্তিষ্কৰ কর্ষণ আৰু বুদ্ধিৰ যথার্থ প্রয়োগৰ যোগেদি সভ্যতা নির্মাণ কৰে। আনহাতে হৃদয়বৃত্তিৰ কর্ষণ আৰু শৈল্পিক কাৰুকার্য নির্মাণেৰে সংস্কৃতি নির্মাণত সহায় কৰে।


১৪। উত্তৰ ভাৰতীয় ভাস্কর্য বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰ: উত্তৰ ভাৰতৰ ভাস্কর্য সংহতিৰ ভাস্কর্য। এই অঞ্চলৰ ভাস্কর্যত ইছলামীয় ভাস্কর্যৰ ভালেখিনি প্রভাৱ পৰা দেখা যায়। উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্রাদুর্ভাৱ সৰহ। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সুক্ষ্মতাৰ জৰিয়তে প্রকাশ পাইছে। এই গঠনৰ সূক্ষ্মতা ইছলামীয় ভাস্কর্যৰ সম্পদ। গতিকে উত্তৰ ভাৰতীয় ভাস্কর্য হিন্দু আৰু ইছলামীয় আদর্শ সন্নিবিষ্ট হৈ সৃষ্টি হোৱা এক নতুন পদ্ধতি।


১৫/ অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।

উত্তৰ: অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাস যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ’ল চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলতঃ দুটা ভাৱবস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ, প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ-মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।


১৬/ মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্রৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।

উত্তৰ: মোগল সম্রাট বাবৰৰ আমোলত চিত্র-শিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্রৱেশ কৰে। এই চিত্রশিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ। এনেধৰণৰ ব্যক্তিবাদী আর্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ।


১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?

উত্তৰ:উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়।গাম্ভীর্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্রভাৱ বুলিব পাৰি।


১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।

 উত্তৰ: বিভিন্ন জাতি-উপজাতি, বিভিন্ন সভ্যতা সংস্কৃতি, বিভিন্ন ধর্ম তথা ধর্মাৱলম্বী লোকৰ সমন্বয়ৰ ভাৰতীয় সংস্কৃতিলৈ ইছলামৰ অৰিহণা লেখত ল’বলগীয়া। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ইছলামীয় ভাস্কর্য ,স্থাপত্য, সুকুমাৰ কলা আদিয়ে ভাৰতীয় সংস্কৃতিলৈ অৰিহণা আগবঢ়াইছে। বিশেষকৈ ইছলাম ধৰ্মৰ ছুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি কোৱা হয় যদিও ছুফিবাদ আৰু ভাৰতীয় শাস্ত্র উপনিষদৰ মাজত বহুতো মিল আছে। আনহাতে ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্ৰদান কৰিছে। ফলত নতুন ধাৰাৰ সৃষ্টি হোৱাত  “তাজমহলৰ দৰে অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। ভাৰতৰ প্রচলিত চিত্রশিল্পৰ লগত ইছলামীয় চিত্রশিল্পৰ মিলন হৈ ভাৰতীয় চিত্রশিল্পক এক বৈচিত্র প্রদান কৰিছে। ইছলাম ধৰ্মৰ আধ্যাত্মিকতাবাদেও হিন্দু সমাজৰ ওপৰত সুকীয়া প্ৰভাৱ পেলাইছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰপৰা দূৰৈত ৰাখিছিল। অর্থাৎ ইছলাম ধৰ্মৰ প্রচলিত মানুহৰ মুক্তিৰ বাণীৰ দ্বাৰা ভাৰতীয়সকল প্ৰভাৱান্বিত হৈছিল। সাহিত্যৰ ক্ষেত্ৰতো পাঠান আৰু মোগল সাম্রাজ্যৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল। মুঠৰ ওপৰত স্থাপত্য, ভাস্কর্য, সংগীত, সাহিত্য আদি সকলোতে ইছলাম ধৰ্মৰ অৱদান অপৰিসীম ।


১৯। প্রাক্ মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে লিখা।

উত্তৰ: প্রাক্ মুছলিম যুগৰ ভাস্কর্য সমূহৰ আকাৰ বিশাল। এই ভাস্কর্য সমূহত কোণ আৰু সৰল ৰেখাৰ প্রাদুর্ভাব সৰহ। আনহাতে মুছলিমযুগৰ ভাস্কর্য সমূহৰ গঠন অতি সুক্ষ্ম। এই ভাস্কর্যসমূহত বৃত্ত আৰু বক্ৰ’ ৰেখাৰ প্রাদুর্ভাব সৰহ।

প্রাক মুছলিম যুগৰ শিল্পকলাত জনজীৱন বা সমধি জীৱনৰ আভাস পোৱা যায়। আনহাতে মুছলিম যুগৰ শিল্পকলাত ব্যক্তিবাদী, ইয়াৰ লক্ষ্য ব্যক্তিৰ জীৱন প্রকাশ।


২০/ ব্যাখ্যা কৰা-

ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

উত্তৰ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি “অসমীয়া সাহিত্য চয়নিকা”ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰত উল্লেখ কৰিছে।

ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাস সু-দীর্ঘ অর্থাৎ অতি প্রাচীন। আর্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিল। ভাৰতীয় সংস্কৃতিৰ মূল সূতি এই আর্যপূর্ব সংস্কৃতি আজিলৈকে প্রবাহিত হৈ আছে। ইয়াৰ প্রবাহ বাধাহীন গতিৰ বোৱঁতী সূতি আৰু নিৰবিচ্ছিন্ন ভাবে বৈ আহিছে। ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবর্ষলৈ নানা সংস্কৃতি সম্পন্ন জনগোষ্ঠীৰ আগমণ ঘটিছিল। এই জনগোষ্ঠীসমূহেও ভাৰতৰ শক্তিশালী সংস্কৃতিৰ প্রভাৱত পৰি নিজৰ সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰি তুলিছে।

ভাৰতীয় সংস্কৃতি কেৱল নিজৰ ভূ-খণ্ডৰ মাজতে সীমাবদ্ধ নাথাকি এচিয়াৰ সমগ্র দক্ষিণ পূব অঞ্চলতে বিয়পি পৰিছিল। ইয়াৰ প্রমাণ ব্রহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেচিয়া আদি ঠায়ে আজিও যোগান ধৰে।

শেষত ক’ব পাৰি বৈচিত্যময় ভাৰতভূমিৰ বিশাল সংস্কৃতিৰ সোঁত কোনো কালে স্তব্ধ হোৱা নাই, আৰু সংস্কৃতিৰ এই অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।


খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।

উত্তৰ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি “অসমীয়া সাহিত্য চয়নিকা”ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

লিখকে বিভিন্ন উত্থান-পতন সত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে।

অতীতৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা আজিৰ দৰে নাছিল। দেশখন বহুতো সৰু সৰু ৰাজ্যত বিভক্ত আছিল। প্রতিখন ৰাজ্যৰ শাসন ভাৰ লৈছিল একো একোজন ৰজাই। এনেদৰে পৰিয়ালকেন্দ্রীক শাসন ব্যৱস্থা প্রচলন আছিল। ৰজাসকলৰ মাজত বুজা-বুজি আৰু একতাৰ ভাব নাছিল। ৰজাসকলৰ মাজত ইজনে সিজনক আক্রমণ কৰি ৰাজ্য অধিকাৰ কৰাটোৱেই আছিল মূল লক্ষ্য। গতিকে কাৰোবাৰ উত্থান হৈছিল আৰু কাৰোবাৰ পৰাজয় হৈছিল। এই সকলোবোৰ বিৱৰণ ভাৰত বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈ আছে।তাৰোপৰি বিভিন্ন সময়ত বাহিৰা শত্রুৰ  আক্রমণেও ৰজাসকলক জুৰুলা কৰিছিল। বাহিৰা শত্রুৰ লগত হোৱা যুদ্ধ সমূহতো কেতিয়াবা জয় হৈছিল আৰু কেতিয়াবা পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল। এই সকলোবোৰ যুদ্ধ বিগ্রহৰ সবিশেষ বিৱৰণ- ভাৰত বুৰঞ্জীৰ পাতত সুন্দৰকৈ বর্ণিত হৈ আছে। সেয়ে কোৱা হৈছে- “ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।”


গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।

উত্তৰ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি “অসমীয়া সাহিত্য চয়নিকা”ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সকলো শিল্প সাধনাৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াক প্রকাশ কেনেকৈ কৰা হয়, তাকে এই কথাষাৰৰ জৰিয়তে ক’ব খোজা হৈছে।

আর্ট বা কলাৰ বিষয়বস্তু দুই ধৰণৰ এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। বাহ্যিক কলাৰ উদ্দেশ্য কাৰুকার্য আৰু জাক জমকতাৰ সৃষ্টি। আনহাতে আভ্যন্তৰিণ কলাৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দুষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে আমাক অন্তৰাত্মা স্পর্শ কৰি অভিভূত কৰে। প্রথমটোৱে প্রায়ে বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোয়ে নকৰে। প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে,দ্বিতীয়টোৰ নাই। গতিকে দেখা সায় সকলো কলা বা আর্টত এই দুই বিপৰীত পন্থাই কাম কৰে।


📚 মুখ্য দিশসমূহ (Key Points for Revision) – Class 10 Assamese Chapter 7

  • ভাৰতৰ বহু ধৰ্মীয়, ভাষিক আৰু জাতিগত গঠন
  • ধৰ্মীয় সহিষ্ণুতা আৰু সামাজিক সংহতি
  • সংস্কৃতিৰ ধাৰাবাহিকতা আৰু ঐতিহ্য
  • ভাৰতীয় সাহিত্য, সংগীত আৰু কলা
  • গ্লোবেলাইজেচনৰ প্ৰভাৱত সংস্কৃতি

📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


ভাৰতীয় সংস্কৃতি অধ্যায়টো ছাত্ৰ-ছাত্ৰীৰ বাবে ভাৰতৰ জাতীয় একতা, ধৰ্মীয় সহিষ্ণুতা, আৰু সাংস্কৃতিক গৌৰৱৰ বিষয়ে গভীৰ জ্ঞান আনে। এই পৃষ্ঠাটোত সকলো প্ৰয়োজনীয় তথ্য, প্ৰশ্ন-উত্তৰ, আৰু ভিডিঅ’ সহ এক সম্পূৰ্ণ সহায়িকা দিয়া হৈছে।

📌 Bookmark this page for easy reference during exam prep.

Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতিComplete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি| Class 10 Assamese Chapter 8

Class 10 Assamese Chapter 8

📖 অধ্যায়-৮ : অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Subject: Assamese (অসমীয়া)
Class: 10 (X)
Board: SEBA / SCERT Assam
Medium: Assamese
Chapter Name: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter Number: 8
Category: গদ্যাংশ (Prose)


✍️ পাঠৰ সংক্ষিপ্তসাৰ (Chapter Summary in Assamese)

অসম এখন বৈচিত্র্যপূৰ্ণ সংস্কৃতিৰ ৰাজ্য। ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰে – আদিবাসী, উপজাতি, অনান্য ভাষাভাষী লোক। এই অধ্যায়ত অসমত বাস কৰা এইসকল জনগোষ্ঠীৰ ভাষা, পৰম্পৰা, পৰিধান, খাদ্যাভ্যাস, সামাজিক সংস্কৃতি আদিৰ বিষয়ে আলোচনা কৰা হৈছে।

এই পাঠই শিক্ষাৰ্থীসকলক অসমৰ জনজীৱনৰ সংহতি আৰু একতাৰ বুজাবুজি আগবঢ়ায়।


✅ প্ৰশ্ন-উত্তৰ (All Question Answer – SEBA Format)

Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি – আব্দুছ ছাত্তাৰ Complete Question Answer in Assamese Medium


অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

আব্দুছ ছাত্তাৰ

দশম শ্ৰেণী

অসমীয়া

পাঠ – 8

ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

উত্তৰ: ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত’ গোষ্ঠীটো আছিল মঙ্গোলীয় গোষ্ঠী।


খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?

উত্তৰ: প্রাচীন কালৰে পৰা অসমদেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।


গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰ: ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।


ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰ: সকলোকে বান্ধি থোৱাএনাজৰীডাল আছিল অসমীয়া ভাষা।


ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোন বিলাক?

উত্তৰ: অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোকসকল হ’ল- আহোম, বড়ো, কার্বি, মিচিং, গাৰো, ৰাভা আদি।


২/ চমু উত্তৰ লিখাঃ

ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰ: অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কার্বি আদি লোক সকলক বুজায়।


খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালা ভাষা চলিছিল?

উত্তৰ: ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙালা ভাষা চলিছিল।


গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ক’পৰা অসমলৈ আহিছিল?

উত্তৰঃ চাহ-উদ্যোগৰ কৰ্মী সকল হৈছে- চাওঁতাল, কুর্মি, মোছহৰ, মুস্তা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।

তেওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ-প্রদেশৰ পৰা অসমলৈ আহিছিল।


৩/ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে-

অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।


৪/ ‘অসমৰ বৈচিত্রপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কৰা।

উত্তৰ: মানৱ সমাজৰ জ্ঞান, বিশ্বাস, ৰীতি-নীতি, আচাৰ-আচৰণ, নৈতিকতা, উৎসৱ-অনুষ্ঠান, আইন-কানোন, শিল্পকলা আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ আন দিশবোৰ সামৰা  সামগ্রিক ৰূপটোকে সংস্কৃতি বোলা হয়।

অসমীয়া সংস্কৃতি হৈছে বহুজাতিৰ সংমিশ্রিত সংস্কৃতি। অতীজতে অসম আছিল অনার্য সকলৰ যেনে- কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনগোষ্ঠীৰ বসতিস্থান। তাৰ পাছত মঙ্গোলীয় বহিৰাগত লোক সকল আহিল। ক্রমান্বয়ে বিভিন্ন কাৰণত বিভিন্ন ঠাইৰ পৰা অসমলৈ অনেক জাতি জনগোষ্ঠীৰ প্রব্রজন ঘটিল। এই বহিৰাগত জনগোষ্ঠী সমূহে নিজ নিজ ঠাইৰ ভাষা-সংস্কৃতি লগত লৈ আহিছিল। কালক্রমত বাহিৰৰ পৰা অহা জনগোষ্ঠীসমূহৰ বহুতো লোকে অসমতে নিগাজিকে থাকিবলৈ ল’লে আৰু অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে। সংস্কৃতিৰ এৰা-ধৰা আৰু দিয়া-লোৱা প্রথা আৰম্ভ হ’ল। এটা সম্প্রদায়ে আন এটা সম্প্রদায়ৰ ভাল লগা কিছু নিয়ম গ্রহণ কৰিবলৈ ধৰিলে। এনেদৰে স্বতঃস্ফূর্ত ভাৱে বিভিন্ন সম্প্রদায়ৰ মাজত সংস্কৃতিৰ আদান প্রদান ঘটিল আৰু বৃহৎ অসমীয় সংস্কৃতিৰ সৃষ্টি হ’ল।

গতিকে অসমীয়া সংস্কৃতি বুলিলে কোনো এটা বিশেষ জাতি-জনগোষ্ঠীৰ সংস্কৃতিক নুবুজায়। অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বাস কৰা সকলো জাতি-উপজাতি আৰু জনগোষ্ঠীৰ বিচিত্র সংস্কৃতি মিলন ঘটি অসমীয়া সংস্কৃতি গঢ়ি উঠিছে।


৫/ ‘বিশেষ এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।’-ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে- পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰঃ ইয়াত চাহ উদ্যোগৰ আৱেষ্টনীৰকথা উল্লেখ কৰিছে।

অসমলৈ বৃটিছসকল অহাৰ পিছতে তেওঁলোকে চাহ উৎপাদন আৰম্ভ কৰিছিল। এই চাহ উদ্যোগ হ’ল শ্রমিক প্রধান উদ্যোগ। শ্রমিকৰ চাহিদা পূৰাবৰ বাবে বৃটিছসকলে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা শ্রমিক আমদানি কৰিলে। এই শ্রমিক সকলৰ ভিতৰত চাঁওতাল, কুর্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং তাঁতী, লোহাৰ আদি উল্লেখযোগ্য। এই শ্রমিকসকল অসমলৈ আহিয়েই একো একোটা চাহ উদ্যোগিক এলেকাত থাকিবলৈ লৈ শ্রম দান কৰিবলৈ ল’লে। একোটা নির্দিষ্ট বাগান অঞ্চল বা ঔদ্যোগিক আৱেষ্টনীৰমাজত থাকি কঠোৰ শ্রমদানত ব্যস্ত থাকিবলগীয়া হোৱা বাবে এই শ্রমিক সকলে অসমৰ বৃহত্তৰ সমাজ-সংস্কৃতিৰ লগত পৰিচয় হোৱাৰ সুযোগ নাপালে। তদুপৰি এই লোক সকলৰ শিক্ষা-দীক্ষাৰ বাবেও কোনো পদক্ষেপ লোৱা নহ’ল। সেয়ে তেওঁলোক থলুৱা সংস্কৃতিৰ পৰা বহু আঁতৰি থাকিব লগীয়া হ’ল।


৬। ‘এটা সংমিশ্রিত-সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই।’- লেখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। ‘নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই’- বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

 উত্তৰ: সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰো ৰূপান্তৰ ঘটে। একেটা ভৌগোলিক এলেকাত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্রদায়ৰ মাজত সংস্কৃতিৰ আদান প্রদান হৈ এটা সংমিশ্রিত আৰু শক্তিশালী সংস্কৃতিৰ গঢ় লয়।অসম এখন বহুজাতিক ৰাজ্য। অসমীয়া সংস্কৃতিও বহুজাতিৰ সংস্কৃতিৰ সংমিশ্রণ ঘটি সৃষ্টি হোৱা এক শক্তিশালী সংস্কৃতি। অসমত পূর্বৰে পৰা বসবাস কৰি অহা অনার্য জাতি সমূহৰ সংস্কৃতিৰ লগত বাহিৰৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্রণ ঘটি এক বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিল। সংস্কৃতিৰ এই সমন্বয় ইমান গাঢ় আছিল যে তাক পৃথক পৃথককৈ বিচাৰি চোৱাৰ অৱকাশ নাই। অনেক জাতি-জনগোষ্ঠীৰ সংস্কৃতি জাহ গৈ অসমীয়া সংস্কৃতিৰ সৃষ্টি হ’ল আৰু আৰু এই সাংস্কৃতিক বান্ধোনে অসমীয়া জাতিক এক শক্তিশালী সংস্কৃতিসম্পন্ন জাতি হিচাপে প্রতিষ্ঠিত কৰিলে। এই কথা নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই।


৭/’লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। – কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।

উত্তৰ: পৰম্পৰাগত ভাবে চলি অহা সংস্কৃতিৰ ধাৰাই এক নতুনত্ব লাভ কৰাটোকে সংস্কৃতিৰ ৰূপান্তৰ ঘটা বুলিব পাৰি। অসমলৈ বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগোষ্ঠীৰ প্রব্ৰজন ঘটিছিল। এই বহিৰাগত লোক সকলে ক্রমান্বয়ে অসমৰ থলুৱা ভাষা সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে। নিজৰ লগত লৈ অহা ভাষা সংস্কৃতিৰ কিছু এৰিলে আৰু স্থানীয় সংস্কৃতিৰ কিছু ধৰিলে। এনেদৰে এৰাধৰা আৰু আদান-প্রদানৰ যোগেদি সংস্কৃতিৰ সংমিশ্রণ ঘটিল আৰু পৰম্পৰাগত সংস্কৃতিত এক নতুনত্বই দেখা দিলে। এটা জাতিৰ ভাল লগা ৰীতি-নীতি, সাজ-পাৰ, খাদ্যাভাস আদি আন এটা জাতিয়ে গ্রহণ কৰিবলৈ ধৰিলে। ফলত জাতিসমূহৰ মৌলিক সংস্কৃতি লুপ্ত হৈ এক সংমিশ্রিত সংস্কৃতিৰ সৃষ্টি হ’ল। এনেকৈ বহিৰাগত লোক সকলৰ আগমণৰ লোক পিছতে অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ।


৮/ তাৎপর্য ব্যাখ্যা কৰা:

ক) দেখা যায় সকলোকে বান্ধি যোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰদেৱে লিখা ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ‘নামৰ পাঠটিৰ পৰা অনা হৈছে।

অসম এখন বহুজাতিক আৰু বহুভাষিক ৰাজ্য। বহিৰাগত লোকসকল অসমলৈ অহাৰ আগতে অসমত বহুকেইটা জনজাতীয় গোষ্ঠীয়ে বাস কৰিছিল। ক্রমান্বয়ে বিভিন্ন ঠাইৰ পৰা বিভিন্ন কাৰণত অসমলৈ বহিৰাগত জাতি জনগোষ্ঠীসমূহৰ সোঁত বলৈ ধৰিলে। ইয়াৰে বহুসংখ্যকে অসমতে নিগাজীকে থাকিবলৈ ল’লে। এই আটাইবোৰ লোকৰ নিজৰ নিজৰ ভাষা, দোৱান বা উপভাষা আছে। কিন্তু সকলোবোৰ জাতি জনগোষ্ঠীৰ মাজত ভাৱৰ আদান প্রদানৰ একমাত্ৰ সামূহিক ভাষাটো হ’ল অসমীয়া ভাষা। অসমত বাস কৰা সকলো লোকে নিজৰ নিজৰ দোৱান বা উপভাষা ব্যৱহাৰ নকৰি অসমীয়া ভাষাৰ মাধ্যমেৰে ভাবৰ বিনিময় কৰে। আগৰ বৰ অসমৰ আটাইবোৰ ৰাজ্যৰ লোক আৰু বৰ্তমানৰ অসমত বাস কৰা সকলো লোকৰে ভাব বিনিময়ৰ উমৈহতীয়া ভাষাটো হ’ল ‘অসমীয়া ভাষা’ যি সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো দিশতে সকলোকে একত্রিত কৰি সবল অসমীয়া জাতি ৰূপে পৰিচয় দিয়াত সহায় কৰিছে।


খ) এই গোটেইবোৰ হল স্বতঃপ্রণোদিত ভাবে হোৱা প্রক্রিয়া।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰদেৱে লিখা ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ‘নামৰ পাঠটিৰ পৰা অনা হৈছে।

বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্রণ হৈ বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। অসমলৈ বিভিন্ন সময়ত বিভিন্ন কাৰণত বহুতো বহিৰাগত জাতি জনগোষ্ঠী আহিছিল।এই বহিৰাগত গোষ্ঠী সমূহৰ বহুসংখ্যক লোক অসমতে নিগাজিকৈ থাকিবলৈ ল’লে। লাহে লাহে তেওঁলোকে অসমত আগৰে পৰা বাস কৰি অহা লোক সকলৰ সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে। নিজৰ লগত লৈ অহা সংস্কৃতিৰ কিছু এৰিলে আৰু স্থানীয় সংস্কৃতিৰ কিছু ধৰিলে। এনেদৰে সংস্কৃতিৰ সমন্বয় হ’ল এটা সম্প্রদায়ৰ ভাললগা বোৰ আন এটা সম্প্রদায়ে গ্রহণ কৰিবলৈ ধৰিলে। কালক্ৰমত সামাজিক ব্যৱধান কমি আহিল। জাত-কুলৰ বিচাৰ হেৰাই গ’ল। চুৱাৰ অন্ত পৰিল। সকলো সম্প্রদায়ৰ লোকে হোটেলত একেলগে আহাৰ পৰিৱেশন কৰিবলৈ ল’লে। সামাজিক অনুষ্ঠানত হিন্দু-মুছলমান সকলোৱে যোগ দিয়া হ’ল। মৰা শ’ সৎকাৰ আৰু উৎসৱ-পার্বণত সকলো সম্প্রদায়ৰ লোকে যোগ দিবলৈ ল’লে। এই গোটেইবোৰ হ’ল স্বতঃ প্রণোদিত ভাবে হোৱা প্রক্রিয়া। কোনেও কাকো বল প্রয়োগ কৰি জাপি দিয়া নাই।


গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰদেৱে লিখা ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ‘নামৰ পাঠটিৰ পৰা অনা হৈছে।

ত্রয়োদশ শতিকাৰ পৰা অসমলৈ বহুতো বহিৰাগত লোকৰ আগমণ ঘটিছিল। আহোম, মুছলমান আৰু -ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোক ইয়ালৈ আহি নিগাজিকে থকাৰ সুযোগ পালে। সেই সময়ৰ অসমৰ স্থানীয় বাসিন্দা সকলে নির্বিবাদে এই লোক সকলক গ্রহণ কৰি ল’লে। সকলোৱে নিজ নিজ ধর্ম সংস্কৃতি ৰক্ষা কৰি চলিছিল। লাহে লাহে একে ভৌগোলিক পৰিবেষ্টনিত ওচৰা উচৰিকৈ থাকি এটা সম্প্রদায় আন এটা সম্প্রদায়ৰ দ্বাৰা প্ৰভাৱিত হল।বহিৰাগত লোক সকলে নিজৰ ভাষা-সংস্কৃতি এৰি স্থানীয় ভাষা-সংস্কৃতি গ্রহণ কৰিবলৈ ধৰিলে। এনেদৰে এৰা-ধৰা আৰু দিয়া লোৱাৰ ফলত বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিল।এটা সম্প্রদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্রহণ কৰিলে। খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণৰো সাল-সলনি হল। পোছাক পৰিচ্ছদতো পৰিবর্তনে দেখা দিলে। দৈনন্দিন ব্যৱহাৰৰ আচবাব পত্ৰতো পৰিৱৰ্তন সূচালে। এই গোটেইবোৰ আছিল দিয়া-লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। কোনেও কাকো জাপি দিয়া নাছিল।


ভাষা- বিষয়কঃ

১। সন্ধি ভাঙাঃ

 সংস্কৃতি, জলাঞ্জলি, স্বাধীন।

উত্তৰঃ- সংস্কৃতি = সম্ + কৃতি

জলাঞ্জলি = জল + অঞ্জলি

স্বাধীন = স্ব + অধীন


২। ‘প্ৰ’ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।

উত্তৰঃ- প্ৰয়োগ, প্ৰগতি, প্ৰণাম।


🎓 শিক্ষাৰ্থীসকলৰ বাবে সহায়ক

এই অধ্যায়ৰ দ্বাৰা শিক্ষাৰ্থীসকলে লাভ কৰিব:

  • ✅ অসমত থকা বিভিন্ন জনগোষ্ঠীৰ সম্পর্কে বুজাবুজি
  • ✅ SEBA পৰীক্ষাৰ বাবে মুখ্য প্ৰশ্নৰ উত্তৰ
  • ✅ সমীক্ষা, MCQ, Fill in the blanks (অতি শীঘ্ৰে সংযোজিত হ’ব)

📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Assamese Chapter 8 | অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি অধ্যায়টো শিক্ষাৰ্থীসকলক অসমীয়াৰ সমাজ জীৱনৰ বৈচিত্ৰ্য আৰু সংহতিৰ বুজাবুজি দিয়ে। এই পৃষ্ঠাটোত Class 10 Assamese Chapter 8 ৰ সকলো প্ৰশ্ন-উত্তৰ, মুখ্য দিশ, আৰু ভিডিও সহ একেবাৰে সম্পূৰ্ণ সহায়িকাৰূপে দিয়া হৈছে।

📌 Bookmark this page and stay updated for more Class 10 Assamese content.

মোৰ দেশ | Class 9 Assamese Chapter 5

Class 9 Assamese Chapter 5

Welcome to the dedicated page for Class 9 Assamese Chapter 5 – মোৰ দেশ, designed as per the SCERT Assam syllabus. This chapter encourages students to appreciate the diverse beauty, history, and richness of our country – India.

The question-answer notes here are written in simple Assamese, perfect for easy understanding, revision, and exam preparation.


📄 Chapter Details:

  • Chapter Name (English): My Country
  • Chapter Name (Assamese): মোৰ দেশ
  • Book: Class 9 Assamese (SCERT Assam)
  • Medium: Assamese
  • Subject: Assamese Language
  • Chapter Number: 5

Class 9 Assamese Chapter 5 মোৰ দেশ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

Class 9 Assamese Chapter 5 মোৰ দেশ | Complete Question Answer in Assamese Medium


মোৰ দেশ

নৱম শ্ৰেণী

অসমীয়া

১। ক) হীৰেন ভট্টাচার্যৰ ক’ত জন্ম হৈছিল?

উত্তৰ: হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল যোৰহাটত।

খ) হীৰেন ভট্টাচার্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।

উত্তৰ: হীৰেন ভট্টাচাৰ্যৰ সম্পাদনা কৰা দুখন কাকতৰ নাম হৈছে- চিত্রবন আৰু মনন।

গ) দেশৰ প্রতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?

উত্তৰ: দেশৰ প্রতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ।


২। ‘ মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰ: ‘মোৰ দেশ’ শীর্ষক কবিতাটো সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচার্যৰ এটি গভীৰ স্বদেশ প্রেম নিহিত কবিতা। সকলোৰে বাবে নিজৰ দেশখন অতি আপোন, অতি মৰমৰ।

বিশাল পৃথিৱীৰ অনেক দেশ ভ্ৰমণ কৰিলেও নিজৰ দেশৰ আপোন গোন্ধ ক’তো পোৱা নাযায়। কবিৰ বাবেও নিজৰ দেশখন তেওঁৰ প্রাণতকৈও আপোন, মৰমৰ। জীৱনৰ পাতনিৰ পৰা অন্তলৈকে নিজৰ দেশৰ মাটিৰ বুকুতে কবিয়ে ৰচিছে অনেক সপোন। এই দেশৰ প্রতিটো ধূলিকণা, প্রতিখিলা গছপাত, প্রতিটো পুৱা-গধূলিতে তেওঁ বিচাৰি পাইছে স্নিগ্ধ সুবাস। প্রতিটো ঋতুৱে কবিৰ জীৱনলৈ কঢ়িয়াই আনে নতুন বতৰা আৰু জীৱনৰ আশীর্বাদ।

নিজৰ দেশৰ বাবে কবি জীয়াই আছে আৰু নিজৰ দেশৰ বাবে মৰিবলৈও প্রস্তুত। এই দেশৰ ৰণুৱা, বণুৱা, হালোৱা সকলোৰে মাজত কবিৰ অন্তৰ নিহিত হৈ আছে । অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত সংহতিৰ প্রতীক হৈ কবি জীয়াই আছে। নিজৰ দেশৰ উন্নতি, ঐক্য, সংহতি, শান্তি আদি কবিৰ একান্তই কাম্য।

এয়ে হৈছে ‘ মোৰ দেশ’ কবিতাটোৰ মূলভাব।


৩/ ব্যাখ্যা কৰা:

ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্যৰ লিখা ‘মোৰ দেশ’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে দেশৰ ঐক্য আৰু সংহতিৰ মাজত যে পহৰী স্বৰূপ হৈ আছে তাকে কবিয়ে ক’ব বিচাৰিছে।

ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াত অনেক জাতি-জনগোষ্ঠীয়ে বাস কৰে। অঞ্চলভেদে ভাষা, ধর্ম, ৰীতি-নীতি, খাদ্য, সাজ-পাৰ আদি সকলো দিশতে থকা বিচিত্রতা মন কৰিবলগীয়া। গোষ্ঠীগত বা জাতিগত বিৰোধ আৰু সংঘ+ষই প্ৰায়ে দেশৰ ঐক্য, শান্তি আৰু প্ৰগতিত বাধাৰ সৃষ্টি নকৰা নহয়। তথাপিও সকলো ভাৰতীয়ৰ মনত এক ৰাষ্ট্ৰীয় প্রেম’ আৰু চেতনা নিহিত হৈ আছে।কবিৰ মনতো সেই ৰাষ্ট্ৰীয় চেতনা জাগৃত হৈ থকাৰ বাবে তেওঁ নিজকে অনৈক্যৰ মাজত ঐক্যৰ প্রতীক আৰু জাতিগত বা গোষ্ঠীগত বিৰোধৰ মাজত সংহতিৰ পহৰী স্বৰূপে  নিজকে অভিহিত কৰিছে। শান্তি, সম্প্রীতি আৰু ঐক্য কবিৰ একান্তই কাম্য।


খ) মোৰ জীৱনৰ আঁহে আঁহে

মোৰ যৌৱনৰ কৌঁহে কোঁহে সেই সপোনৰ কলৰোল।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচার্য দেৱে লিখা ‘মোৰ দেশ’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।

কবিতাফাঁকিৰ মাজেৰে কবিয়ে স্বদেশ প্ৰেমৰ বাৰ্তা সকলোকে বিলাইছে।

নিজৰ দেশ সকলোৰে বাবে অতি আপোন, অতি মৰমৰ। জন্মৰ – পৰা মৃত্যুলৈকে নিজৰ দেশৰ মাটিতে সকলোৱে কর্ম কৰে, জীয়াই থকাৰ সপোন ৰচে। কবিয়ে কাব্যিক ভাষাত তাকে ব্যক্ত কৰি তেওঁৰ জীৱন – যৌৱনৰ আশাভৰা সপোন এই দেশৰ মাটিতে ৰচনা কৰাৰ কথা কৈছে। তেওঁৰ প্রতিটো কাম আৰু প্রতিটো চিন্তাত জড়িত হৈ আছে ‘দেশৰ ভৱিষ্যতৰ সপোন। জীৱনৰ প্রতিটো ক্ষণত তেওঁ দেশখনৰ শান্তি, সম্প্রীতি আৰু উন্নতিৰ সপোন দেখিছে। তেওঁৰ প্ৰাণতকৈও আপোন এই স্বদেশৰ উন্নতিৰ বাবে দেখা সপোনৰ কলৰোলে  তেওঁক অনুপ্রাণিত কৰিছে।


৪/ কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্রকাশ পাইছে, বুজাই লিখা।

উত্তৰ: কবিতাটোত কবিৰ দেশপ্রেমৰ স্বৰূপ অতি সুন্দৰকৈ প্রকাশ পাইছে। প্রথম স্তৱকত দেশখনক কবিয়ে নিজৰ প্ৰাণতকৈও আপোন বুলি কৈছে। কবিৰ প্রতিটো কাম, প্রতিটো চিন্তাত জড়িত হৈ আছে দেশখনৰ ভৱিষ্যতৰ সপোন।নিজৰ বন্ধুবৰ্গৰ সৈতে কবিয়ে পৃথিৱীৰ অনেক দেশ ভ্রমণ কৰিছে যদিও নিজ দেশৰ আপোন গোন্ধ তেওঁ ক’তো বিচাৰি পোৱা নাই।নিজ দেশৰ প্রতিটো পুৱা , সন্ধিয়া আৰু ঋতু কবিৰ বাবে জীৱনৰ প্রেৰণা আৰু আশীর্বাদ।

“এই দেশৰ বাবে মই জীয়াই আছো। এই দেশৰ বাবে জীয়াই থাকিবলৈ মৰণ পণ কৰিছো।” এই বাক্যশাৰীয়ে কবিৰ স্বদেশৰ প্রতি থকা গভীৰ প্রেম, ভালপোৱা আৰু দায়বদ্ধতা সুন্দৰকৈ প্রতিফলিত কৰিছে। দেশৰ ৰণুৱা, বণুৱা , হালোৱা আদি সকলো লোকৰ মাজত কবিৰ অন্তৰ নিহিত হৈ আছে। নিজ দেশৰ ঐক্য, শান্তি আৰু প্রগতি কবিৰ একান্তই কাম্য বুলি ব্যক্ত কৰিছে।

এনেদৰে কবিতাটোত কবিৰ দেশপ্রেমৰ স্বৰূপ অতি সুন্দৰকৈ প্রকাশ পাইছে।


৫/ প্রতিটো ঋতুৱে কবিক কি দি যায়  বুলি কবিতাটোত উল্লেখ কৰিছে?

উত্তৰ: প্রতিটো ঋতুৱে কবিৰ জীৱনৰ মঙ্গলৰ বাবে আশীর্বাদ দি যায়  বুলি কবিতাটোত উল্লেখ কৰিছে।


৬। শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে?

উত্তৰ: শান্তিৰ চৰাইজনীক আঁজলি ভৰাই করিয়ে দিছে ভঁৰালৰ এমুঠি ধান আৰু তেওঁৰ প্ৰাণৰ ভাষাৰে লিখা একোটি গান।


৭/ সমার্থক শব্দ লিখা:

দেশ – ৰাষ্ট্র

কাম – কর্ম

কলৰোল- কলৰৱ

সাগৰ – সমুদ্র

সপোন –  স্বপ্ন

বন্ধু – মিত্র

শেষ – অন্ত

সম্ভাৰ – সামগ্ৰী

শইচ – শস্য

বুকু – হৃদয়

তৰংগ – ঢৌ

কল্লোল  – পানীৰ খলকনি


৮/বিপৰীতার্থক শব্দ লিখাঃ

সপোন – দিঠক

দেশ – বিদেশ

জীৱন – মৰণ

পাহাৰ – ভৈয়াম

ঐক্য – অনৈক্য

সংহতি – বিৰোধ

শক্ৰ – মিত্ৰ

শয়ন – জাগৰণ

বিশ্বাস – অবিশ্বাস


📥 This Page Includes:

  • ✅ Chapter 5 full question answers
  • ✅ Assamese medium answers as per SCERT Assam pattern
  • ✅ Student-friendly and exam-oriented

Conclusion

Class 9 Assamese Chapter 5 “মোৰ দেশ” instills a deep sense of patriotism and appreciation for the rich culture and natural beauty of Assam and India. Use this page for comprehensive study and exam preparation.

🌟 What You’ll Learn from This Chapter

  • The meaning of national pride
  • Cultural and geographical diversity of India
  • Unity in diversity
  • Importance of respecting and loving one’s country

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com


লোক সংস্কৃতি | Class 9 Assamese Chapter 12

Class 9 Assamese Chapter 12

Welcome to the official resource page for Class 9 Assamese Chapter 12 – লোকসংস্কৃতি. This chapter is part of the SCERT Assam curriculum and helps students explore the rich folk culture of Assam, including its traditions, art forms, and way of life.

These question answers are written in simple and easy-to-understand Assamese, making it ideal for students who want to prepare for exams, revise quickly, or learn deeply.


📄 Chapter Details:

  • Chapter Name (English): Folk Culture
  • Chapter Name (Assamese): লোকসংস্কৃতি
  • Book: Class 9 Assamese (SCERT Assam)
  • Medium: Assamese
  • Subject: Assamese Language
  • Chapter Number: 12

Class 9 Assamese Chapter 12 লোক সংস্কৃতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

Class 9 Assamese Chapter 12 লোক সংস্কৃতি| Complete Question Answer in Assamese Medium


লোক সংস্কৃতি

নৱম শ্ৰেণী

অসমীয়া

১/ক) লোক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?

উত্তৰ: লোক কৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয়।

খ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?

উত্তৰ: লোক সমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ।

গ) লোক কৃষ্টি কাক বোলে?

উত্তৰ: গঞা লোকে বছৰটোৰ বিভিন্ন সময়ত অনুষ্ঠিত কৰা সভা, উৎসৱ, গীত-নাচ, অভিনয় আদি কামবোৰৰ সমষ্টিকে লোক কৃষ্টি বোলা হয়।

ঘ) লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়?

উত্তৰ: লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু-সংস্কৃতি বোলা হয়।

ঙ) পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি?

উত্তৰ: পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম – বুঢ়ী আইৰ সাধু।


২/ লোক সমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্রহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে?

উত্তৰ: লোক সমাজক সমাজৰ নিম্নস্তৰৰ বুলি কিছুমান লোকতত্ত্ববিদে দিয়া ধাৰণা গ্রহণ যোগ্য নহয় বুলি লেখকে কৈছে। কিয়নো বিজ্ঞানসন্মত দৃষ্টিভঙ্গী হ’লেই যে কোনো এখন সমাজ উচ্চতৰ হ’ব আৰু তাৰ বিপৰীতে লোক বা গঞা সমাজ নিম্নস্তৰৰ হ’ব লাগিব, তেনে কোনো কথা নাই। আনহাতে গাঁৱতো শিক্ষিত মানুহে বাস কৰে আৰু নগৰ-চহৰতো বিভিন্ন কাম-কাজৰ বাবে গঞা লোকে বাস কৰে।


৩/ চমুটোকা লিখাঃ

ক) নিচুকনী গীত: নিচুকনী গীত অসমীয়া লোক সাহিত্যৰ এটি উল্লেখযোগ্য উপাদান। কেঁচুৱা ল’ৰা-ছোৱালীক শোৱাবলৈ বা টোপনি আনিবলৈ যিবোৰ গীত গোৱা হয়, সেইবোৰকে নিচুকনী গীত বোলা হয়। যেনে:

আমাৰে মইনা শুৱ এ..

বাৰীতে বগৰী ৰুব এ..

বাৰীৰে বগৰী পকি সৰি যাব

মইনাই বুটলি খাব।


খ) মালিতা বা কাহিনী গীত: মালিতা বা কাহিনী গীত সমূহ অসমীয়া লোক গীতৰ অন্তর্গত। পুৰণি আখ্যান, সাধুকথা আদিৰ ভিত্তিত এই গীতসমূহ সৃষ্টি হৈছে। মালিতা সমূহ লেথাৰি নিচিগাকে বর্ণনা কৰা পদ বা গীত।

যেনে: ফুলকোঁৱৰৰ মালিতা।


গ) সাঁথৰঃ সাঁথৰ সমূহ অসমীয়া লোক সাহিত্যৰে একোটি অংশ। সাঁথৰ সমূহ বুজিবৰ নিমিত্তে দিয়া গুপ্ত অৰ্থৰ এক বা অধিক ফাঁকি বা পদ। সাঁথৰ বোৰৰ অৰ্থ সহজে উলিয়াব নোৱাৰি, এইবোৰৰ অৰ্থ বিচাৰি পানীত পৰাৰ দৰে ককবকাই থাকিবলগীয়া হয়।

যেনে: ডিঙি আছে, মূৰ নাই।

কাণ আছে, চকু নাই।

পেট আছে, হাত নাই। মুখ আছে, জিতা নাই।

সেইটো কি কোৱা ভাই।


ঘ) জনশ্রুতি: জনশ্রুতি হৈছে গঞাসমাজত মুখে মুখে প্রচলন হোৱা কিছুমান কথা, এইবোৰৰ কোনো সত্যাসত্য যুক্তি নাথাকে। অন্যভাষাত জনশ্রুতিবোৰক লোকৰ মুখে শুনা কথা বা উৰাবাতৰি বুলিও ক’ব পাৰি।


ঙ) জিকিৰ: জিকিৰ সমূহ সাবলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ  তত্ত্ব, আদর্শ আৰু আচাৰ নীতিৰ মৌলিক ভাব-চিন্তা প্রকাশক কিছুসংখ্যক ভক্তিমূলক গীত। আজান ফকিৰে এই জিকিৰ সমূহ ৰচনা কৰিছিল। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাবাদর্শ, কলিমাৰ মহত্ত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কর্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্রকাশ কৰা হৈছে।


চ) দেহবিচাৰৰ গীত: দেহবিচাৰৰ গীত সমূহ মানুহৰ দেহতত্ত্ব সম্পর্কীয় আধ্যাত্মিক গীত। এই গীত সমূহত মানৰ দেহৰ ক্ষণস্থায়িত্ব, আত্মাৰ অবিনশ্বৰতা, কাম-ক্রোধ, লোভ-মোহ’ আদিৰ প্রভাৱ প্রধানকৈ প্রকাশ কৰা হয়। এই গীতবোৰত প্রতীকৰ মাধ্যমেদি, বিশেষকৈ দেহটোক ঘৰ, নাও, গছ আদিৰ সহায়ত উপলব্ধি কৰিবলৈ চেষ্টা কৰা হয়।


ছ) হুঁচৰিগীত: হুঁচৰি গীত হৈছে ব’হাগ বিহুত গাঁৱৰ ডেকা-গাভৰু সকলো মিলি বা জুম বান্ধি ঘৰে ঘৰে লৈ ঢোল, তাল, পেঁপা, গগনা আদি বজাই গৃহস্থৰ মংগল কামনা কৰি গোৱা গীত।

যেনে:দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই অ’ গোবিন্দাই ৰাম।


৪। লোক জীৱন তিনিটা ভাগত বিভক্ত।’- লোক জীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।

উত্তৰ: লোক জীৱন তিনিটা ভাগত বিভক্ত। ভাগ কেইটা হৈছে –

ক) সামাজিক আচাৰ-অনুষ্ঠান,

খ) ভৌতিক বা বস্তু সংস্কৃতি আৰু

গ) লোক পৰিৱেশ্য কলা।

ক) সামাজিক আচাৰ-অনুষ্ঠান: সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-মৃত্যু-বিবাহ আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা, অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। এইবোৰ প্রধানকৈ লোকবিশ্বাসৰ সৈতে জড়িত।

খ) ভৌতিক বা বস্তুসংস্কৃতি: লোক সংস্কৃতিৰ দৃশ্যমান দিশটোৱেই হ’ল ভৌতিক সংস্কৃতি। জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল নির্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়ন সামগ্রী।

গ) লোক পৰিৱেশ্য কলা: পৰম্পৰাগত সংগীত, নৃত্য-নাচ আৰু নাট-আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত-নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰে।


৫। বহলাই লিখা:

ক) সামাজিক আচাৰ- অনুষ্ঠান: সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-মৃত্যু-বিবাহ আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা, অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। এইবোৰ প্রধানভাবে লোকবিশ্বাসৰ সৈতে জড়িত।সামাজিক আচাৰ অনুষ্ঠান চাৰিটা ভাগত বিভক্ত। যেনে: উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল-ধেমালি, লোকঔষধ আৰু লোক ধর্ম। এই বোৰৰ মাজতে লোক সমাজৰ পৰম্পৰাগত জীৱন।


খ) লোক পৰিৱেশ্য কলা: লোক জীৱনৰ শেষৰ ভাগটো হৈছে লোক পৰিৱেশ্য কলা। লোক সমাজৰ পৰম্পৰাগত সংগীত, নৃত্য-নাচ আৰু নাট আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা, বা গীত গোৱা আদিক পৰিৱেশন কৰা বোলে। এনে ধৰণৰ পৰিৱেশন পদ্ধতি এজন বা কেইবাজনো লোকে লোক বাদ্য-যন্ত্র, নৃত্যৰ পোছাক -পৰিচ্ছদ আৰু দৃশ্য-বিৱৰণিৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিৰ তুলনাত আকস্মিক ধৰণৰ। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত-নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰে।


গ) ভৌতিক বা বস্তু সংস্কৃতি: ভৌতিক বা বস্তু সংস্কৃতি হ’ল লোক-সংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল নির্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্রী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তুসংস্কৃতিৰ অধ্যয়ন সামগ্রী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগ কেইটা হৈছে লোক কলা, লোক শিল্প, লোক-স্থপতি -কলা, লোক আভৰণ আৰু লোকৰন্ধন প্রণালী।


৬। লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্রেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ: লোক নাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লেখকে কৈছে। এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত বেছি গুৰুত্ব দিয়া নহয়।

সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্বহে বেছি। লোক- নাটত গীত-নৃত্য আৰু বাদ্যযন্ত্ৰৰ সমাহাৰ ঘটে আৰু সংলাপ অবিহনে অভিনয়ৰ দ্বাৰা কাহিনী পৰিস্ফুট কৰাৰ চেষ্টা কৰে।


৭/ লোক সাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা।

উত্তৰ: লোক সাহিত্যক পাঁচটা উপভাগত ভগাব পাৰি।

সেই ভাগবোৰ হৈছে:

ক) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত,

খ) গদ্যধর্মী লোককথা,

গ) প্রবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ,

ঘ) সাঁথৰ আৰু

ঙ) লোকভাষা।


৮। ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্রী কি? ইয়াৰ উপবিভাগ কি কি?

উত্তৰ: জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল নির্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্রী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্রী।

ভৌতিক বা বস্তু-সংস্কৃতিৰ উপবিভাগ কেইটা হৈছে-লোককলা, লোকশিল্প, লোক -স্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্রণালী।


৯/ ‘অ’ মাই যশোৱা হে, মাইহে যশোৱা গীতটি কোনে লিখিত ৰূপ দিয়ে?

উত্তৰ: অ’ মাই যশোৱা হে, মাইহে যশোৱা গীতটি ড° ভূপেন হাজৰিকাই লিখিত ৰূপ দিয়ে।


১০। তাৎপর্য ব্যাখ্যা কৰা:

ক) লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি।

উত্তৰ: সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিবৰ্তন ঘটে। পৰস্পৰাগত লোকসংস্কৃতিৰ উপাদান বোৰত আধুনিকতাৰ পৰশ পৰি সময় সাপেক্ষ স্থিতি লাভ কৰে। মানুহ শিক্ষিত হোৱাৰ লগে লগে মুখে মুখে চলি অহা গীত-মাতবোৰে লিখিত ৰূপ পালে আৰু কিছু নতুনত্ব লাভ কৰিলে। তেনেকৈ সভ্যতাৰ উন্নতিৰ লগে লগে মানুহৰ ৰুচিবোধ আৰু জীৱন ধাৰণৰ প্ৰণালী উন্নত হ’বলৈ ধৰিল।ফলত লোক সংস্কৃতিৰ উপাদান বোৰত বাহ্যিকতাৰ প্রভাৱ পৰিল। এনেকৈ সময় বাগৰাৰ লগে লগে আৰু সভ্যতাৰ ক্ৰমবিকাশৰ ফলত লোক সংস্কৃতিয়েও দ্বিতীয় অস্তিত্ব লাভ কৰিছে। তেনে অৱস্থাতো লোকসংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। সেয়ে কোৱা হৈছে লোকসংস্কৃতি পুৰণি হৈও নতুন, আৰু নতুন হৈও পুৰণি।


খ) সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিবর্তন ঘটে।

 উত্তৰ: গঞা সমাজে পালন কৰা বিভিন্ন উৎসৱ-পার্বণ, ৰীতি-নীতি, আচাৰ-আচৰণ, খাদ্য ৰীতি, সাজ সজ্জা, গীত-মাত, অভিনয় আদিৰ সামগ্ৰীক ৰূপটোৱেই হৈছে লোকসংস্কৃতি। কিন্তু এই লোক সংস্কৃতি এটা স্থৱিৰ বস্তু নহয়। সময়ৰ পৰিৱৰ্তনৰ  লগে লগে সভ্যতাৰ ক্ৰমবিকাশ ঘটে সভ্যতাৰ উন্নতিৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, ৰুচিবোধ ইত্যাদিৰ পৰিৱৰ্তন হয়। কৃষি, শিল্প, বাণিজ্য, শিক্ষা আদি সকলো ক্ষেত্রতে আমূল পৰিৱৰ্তন হয়। ফলত লোক সংস্কৃতিৰ ক্ষেত্ৰটো পৰিৱর্তনে দেখা দিয়ে বা নতুনত্বৰ প্রভাৱ পৰে। লোকসংস্কৃতিৰ পৰস্পৰাগত উপাদানবোৰত আধুনিকতাৰ প্ৰভাৱ পৰাৰ ফলত এক নতুন ৰূপ পায়, অর্থাৎ লোক-সংস্কৃতিৰ ৰূপান্তৰ ঘটে। সেয়ে কোৱা হৈছে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিবৰ্তন ঘটে।


১১/ তলৰ শব্দ কেইটাত মূৰ্দ্ধণ্য ‘ণ’ আৰু ‘ ষ’ হোৱাৰ কাৰণ দর্শোৱা:

কৃষি: কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধণ্য ষ হয়। কৃষি শব্দটোত স্বাভাৱিকতে ষ হৈছে।

অনুষ্ঠান: ষত্নবিধি মতে ট বর্গব লগত যুক্ত দন্ত্য স, মূৰ্দ্ধণ্য ষ হয়। অনুষ্ঠান শব্দটোত ঠ ৰ লগত যুক্ত হোৱা বাবে ষ হৈছে।

ধাৰণ: ণত্নবিধি মতে একেটা পদতে ঋ, ৰ আৰু ষ থাকিলে ন ৰ ঠাইত ণ হয়। ‘ধাৰণ’ শব্দটোত ‘ৰ’- থকাৰ বাবে ণ-হৈছে।

আহৰণ: ণত্নবিধি মতে একেটা পদতে য, ৱ বা হ থাকিলে ন ৰ ঠাইত ণ হয়। আহৰণ শব্দটোত ‘হ থকাৰ বাবে ণ হৈছে।


১২/ বিপৰীত অর্থ বুজোৱা শব্দ লিখা:

বিশ্বাস – অবিশ্বাস

মৌখিক – লিখিত

সংযোগ –  বিয়োগ

প্রয়োজনীয় – অপ্রয়োজনীয়

জন্ম- মৃত্যু

উচিত – অনুচিত


১৩। সমার্থক শব্দ লিখা:

গঞা – গাঁৱলীয়া

পিতা – পিতৃ

বেমাৰ – ৰোগ

চহৰ – নগৰ

লোক – জন


Class 9 Assamese Chapter 12 লোক সংস্কৃতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

📥 What This Page Includes:

  • ✅ Chapter 12 complete question answers
  • ✅ Explained in student-friendly Assamese
  • ✅ Based on SCERT textbook pattern
  • ✅ Prepared for best exam results

🧠 Why This Chapter Is Important:

  • Learn about Assam’s traditional lifestyle
  • Explore folk music, dance, dress, and food
  • Understand the role of culture in daily life
  • Great for cultural awareness and essay-type questions

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | Class 9 Assamese Chapter 4

Class 9 Assamese Chapter 4

📘 Class 9 Assamese Chapter 4 Overview

Welcome to our complete question-answer section for Class 9 Assamese Chapter 4 – “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক”. These notes are fully based on the SCERT Assam syllabus, carefully designed to help students of Assamese Medium schools understand and remember the concepts easily.

Whether you’re preparing for classwork, homework, or exams – these answers are written in clear, simple Assamese for quick learning and retention.

Class 9 Assamese Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

Class 9 Assamese Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক| Complete Question Answer in Assamese Medium


প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

নৱম শ্ৰেণী

অসমীয়া

১। ক) কবিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?

উত্তৰ: কবিয়ে আকাশক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

খ) কবিৰ প্রাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল?

উত্তৰঃ কবিৰ প্ৰাপ্য কি তাক সুধি প্রচণ্ড ধুমুহাই প্রশ্ন কৰিছিল।

গ) কবিক বিশাল দৃষ্টি কোনে দিলে?

উত্তৰ: কবিক বিশাল দৃষ্টি মহাকাশে দিলে।

ঘ) ‘মুমুর্ষু মানৱক জীৱনৰ বিদ্যুৎ

কিঞ্চিতো যদি দিব পাৰোঁ ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?

উত্তৰ ইয়াত ‘বিদ্যুৎ’ শব্দটোৱে মুমুর্ষু মানৱক মানৱতাবোধেৰে জীয়াই থাকিবলৈ দিব পৰা সাহস, প্রেৰণা, সহায় ইত্যাদিক বুজাইছে।

ঙ) প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল?

উত্তৰ: প্রচণ্ড ধুমুহাই কবিক তেওঁৰ প্রাপ্য কি বুলি প্রশ্ন কৰিছিল।


2/ বজ্রই কবিক’ কি কি দিলে?

উত্তৰ: বজ্রই কবিক গুৰুগম্ভীৰ শক্তিশালী কণ্ঠ আৰু সাহসৰ যুক্তি দিলে। যি কণ্ঠৰ দ্বাৰা তেওঁ গীত গাই দিগন্ত কঁপোৱাৰ সাহস পালে।


৩/ কবিয়ে ‘সঁচা উদাৰতা ‘কথাষাৰেৰে কি বুজাব খুজিছে?

উত্তৰ: কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে সংকীর্ণ মনোভাব ত্যাগ কৰি, আকাশৰ দৰে এক বিশাল মনৰ গৰাকী হৈ মানৱৰ কল্যাণৰ হকে কাম কৰা কথা বুজাইছে। অর্থাৎ যি উদাৰতাত কোনো কৃটিমতা নাথাকে, থাকে কেৱল মানৱতাবোধ আৰু মানৱৰ কল্যাণৰ জয়গান, তাকে সঁচা উদাৰতা বোলা হৈছে।


৪/ কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।

উত্তৰ: কবিয়ে ব্ৰজৰ পৰা পোৱা উদাত্ত কণ্ঠ আৰু ধুমুহাৰ পৰা পোৱা প্ৰচণ্ড শক্তিৰ দ্বাৰা গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে। কবিৰ গীতত আছে সঁচা মানৱতাৰ সুৰ। সেই সুৰে যেন দানৱৰূপী মানুহৰ মনৰ সংকীর্ণতাৰ পৰিধি ভাঙি মানৱিক উদাৰতাৰে দিগন্ত কঁপাই তুলিব।ধুমুহাৰ দৰে প্রচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্রয়োগ কৰিবলৈ কবি আগ্রহী আৰু ব্ৰজৰ দৰে নির্ভীক আৰু উদাত্ত কণ্ঠেৰে-বিশ্বৰ পৰিধি ভাঙি মানৱতাৰ জয়গান গাবলৈ কবি ইচ্ছুক।


৫/ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?

উত্তৰ: কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।

সমাজত চলি থকা হিংসা, বিদ্বেষ আৰু অন্যান্য অমানৱীয় কাম-কাজত লিপ্ত দানৱ ৰূপী মানুহবোৰৰ মনত গীতৰ দ্বাৰাই কবিয়ে মানৱতাবোধ জগাই তোলাৰ সংকল্প লৈছে। দানৱৰ শাৰীলৈ অৱনমিত হোৱা মানুহৰ অন্তৰ যাতে নিকা হয়, আৰু উদাৰ মনোভাব আৰু ভ্রাতৃত্ববোধ জাগি উঠে, তাৰবাবেই যেন কবিয়ে উদাত্ত কণ্ঠত মানৱতাৰ গীত গাবলৈ প্রয়াস কৰিছে।


৬/ আকাশ, ধুমুহা আৰু ব্ৰজক কবিয়ে কি কাৰণে প্রণিপাত জনাইছে বহলাই লিখা।

উত্তৰ: প্রকৃতিজগতৰ বিভিন্ন উপাদানৰ পৰা মানুহে বহু কথা শিকিব পাৰে। কবিয়েও যেন বিশাল আকাশৰপৰা লাভ কৰিলে এটা বিশাল মন আৰু উদাৰতা, ধুমুহাৰ পৰা পালে প্রচণ্ড কর্মশক্তি আৰু ব্ৰজৰ পৰা পালে এটা গুৰুগম্ভীৰ উদাত্ত কণ্ঠ। এইবোৰৰ দ্বাৰা কবিয়ে সংকীর্ণতাৰ পৰিধি ভাঙি, মানৱিক উদাৰতাৰ গীত গাই দিগন্ত কঁপোৱাৰ ইচ্ছা কৰিছিল। আকাশ, ধুমুহা আৰু ব্ৰজই কবিৰ সেই ইচ্ছা পূৰণ কৰাত আদর্শ আৰু অৱদান আগবঢ়ালে। সেইবাবে তেওঁ আকাশ, ধুমুহা আৰু বজ্রক শত-বাৰ প্রণিপাত কৰা বুলি উল্লেখ কৰিছে।


ক)বজ্রৰ গর্জনে বক্ষ উজাৰি ক’লে,

 তোমাৰ কাম্য কি কোৱা?

মই ক’লোঁ, বজ্র তোমাৰ

শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত, ড° ভূপেন হাজৰিকাদেৱে লিখা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ নামৰ  কবিতাটোৰ পৰা অনা হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ জগতৰ উপাদান বোৰৰ পৰা আহৰণ কৰা  শক্তি আৰু প্ৰেৰণা  কথা কৈছে।

প্রকৃতি জগতৰ ভালেমান উপাদান হৈছে কবি ড° ভূপেন হাজৰিকাৰ অনবদ্য সৃষ্টিৰ উৎস আৰু আদর্শ। তেওঁ বজ্রৰ দৰে নির্ভীক আৰু শক্তিশালী কণ্ঠৰ গৰাকী হ’ব বিচাৰে। আৰু সেই কণ্ঠেৰে মানৱতাৰ জয় গান গাই দিগন্ত কঁপোৱাৰ ইচ্ছা কৰিছে। কাব্যিক সুৰত কবিয়ে ব্যক্ত কৰিছে যে এদিন বজ্রই তেওঁক কি কামনা কৰে বুলি সুধিছিল আৰু প্ৰশ্ন উত্তৰত তেওঁ ব্ৰজৰ দৰে শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছিল।


খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছাই

সংকীর্ণতা এৰি দিয়া

অৱদান-ৰূপে তোমাৰ পূর্ণ বিশালতা

দিয়া যদি আজিয়েই দিয়া।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা দেৱে লিখা প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’- নামৰ কবিতাটিৰ পৰা উদ্ধৃত।

কবিতাফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতা বোধৰ কথা কোৱা হৈছে।

গীতিকবি ড° ভূপেন হাজৰিকা আছিল প্রকৃতার্থত এজন মহান আৰু উদাৰ ব্যক্তি। আকাশ যিদৰে বিশাল আৰু উদাৰ, য’ত সংকীর্ণতাৰ ঠাই নাই, কবিও আকাশৰ দৰে বিশাল আৰু উদাৰ মনৰ গৰাকী হ’ব বিচাৰে।কাৰো প্রতি বিভেদ আৰু সংকীর্ণ মনোভাব নাৰাখি সকলোকে সম-দৃষ্টিৰে চাব পৰা জনেই হৈছে মহান, যি দৰে আকাশে সকলো ঠাইকে দান কৰে নিজৰ নীলাভ। কবিৰ মনৰ আঁকাশতো আকাশৰ দৰে পৰিধি নাই, নাই সংকীর্ণতা, ভেদাভেদ আৰু বৈষম্যতা। আকাশৰ বিশালতাৰ আদৰ্শতে যেন কবি বিশাল আৰু উদাৰ মনৰ গৰাকী হ’ব পাৰিছে।


গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি

 আৰু ধুমুহাই প্রচণ্ড শক্তি

 বজ্রই দিলে মোক উদাত্ত কণ্ঠ

আৰু দিলে সাহসৰ যুক্তি।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা দেৱে লিখা “প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা উদ্ধৃত।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে।

এক ব্যতিক্রমী চিন্তাধাৰাৰে সমাজখনত পোহৰ বিলাবলৈ, মানুহৰ মনৰ পৰা সংকীর্ণতা দূৰ কৰিবলৈ আৰু জনতাৰ হৃদয় জয় কৰি মহান হ’বলৈ মানুহ হ’ব লাগিব কেইটামান বিশেষ গুণৰ অধিকাৰী। থাকিব লাগিব মনৰ বিশালতা আৰু উদাৰতা, প্রচণ্ড শক্তি আৰু নির্ভীক কণ্ঠ। গীতি কবি ড° ভূপেন হাজৰিকাই যেন এই গুণ কেইটা আয়ত্ত কৰিছিল প্রকৃতি জগতৰ পৰা, তেওঁক মনৰ বিশালতা প্রদান কৰিছিল মহাকাশে, প্রচণ্ড শক্তি পাইছিল ধুমুহাৰ পৰা আৰু উদাত্ত কণ্ঠ পাইছিল বজ্রৰ পৰা। অর্থাৎ ধুমুহা, মহাকাশ আৰু বজ্রৰ দ্বাৰা কবি অনুপ্রাণিত।


ঘ) মূমূর্ষ মানৱক জীৱনৰ বিদ্যুৎ

কিঞ্চিতো যদি দিব পাৰোঁ

আকাশ, ধুমুহা আৰু বজ্রক

তাৰ বাবে প্ৰণিপাত কৰোঁ।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা ড° ভূপেন হাজৰিকা দেৱে লিখা প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ নামৰ কবিতাটিৰ অন্তৰ্গত।

কবিতাফাঁকিত মানৱতাৰ সুৰ পৰিলক্ষিত হৈছে।

মানৱ সেৱা এক মহৎ কর্ম। সমাজৰ দুখীয়া, নিচলা, ভোকাতুৰ আৰু  মূমূর্ষু লোক সকলক কিঞ্চিত হ’লেও সহায় কৰিব পৰাটোৱেই হ’ল প্রকৃত মানৱতা। কবি ড° ভূপেন হাজৰিকা আছিল এগৰাকী প্রকৃত মানৱতাবাদী। তেওঁ গীত আৰু কথাৰ যোগেদি মানুহৰ মন সংস্কাৰ কৰি প্ৰকৃত মানুহ হোৱাৰ পথ দেখুৱাব বিচাৰিছিল। দুখীয়া, নিচলা, ক্ষুধাতুৰ লোকক সহায় কৰাটো তেওঁৰ কাম্য আছিল। তেওঁৰ সেই ইচ্ছা পুৰণ কৰিবৰ বাবে যিহেতু আকাশ, ধুমুহা আৰু বজ্রই দিছিল ক্রমে এটা বিশাল মন আৰু উদাৰতা, প্রচণ্ড শক্তি আৰু নির্ভীক কণ্ঠ, সেয়ে তেওঁ আকাশ, ধুমুহা আৰু বজ্রক প্রণিপাত জনাইছে।


৫/ সমার্থক শব্দ লিখা:

ধুমুহা – বৰ বতাহ

বুকু –হৃদয়

কাম্য – কামনা

সংকীর্ণতা – ঠেক

বিশাল – ডাঙৰ

দানৱ- দৈত্য

প্রণিপাত – সেৱা/প্রণাম

সিক্ত- তিতা/জেকা/ আর্দ্র


৬/ তলত দিয়া শব্দ কেইটা কি কি কাৰণে ‘ণ’ হৈছে লিখাঃ

উত্তৰ :-কণ্ঠ: ণত্ন বিধিমতে ট বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন সদায় মুর্দ্ধন্য ণ হয়। কণ্ঠ শব্দত মুর্দ্ধন্য ঠ যুক্ত হোৱা বাবে ‘ণ’ হৈছে।

পূর্ণ: ণত্নবিধি মতে একেটা পদতে ঋ, ৰ আৰু ষ ৰ পিছত থকা ‘ন’ সদায় ‘ণ’ হয়। পূর্ণ শব্দটোত ৰ (/) থকাৰ বাবে ‘ ণ’ হৈছে।

প্রচণ্ডঃ ণত্ন বিধি মতে ট বৰ্গৰ লগত যুক্ত হলে ‘ন’ ৰ ঠাইত ‘ণ’ হয়। প্রচণ্ড শব্দটোত ড যুক্ত হোৱা বাবে ‘ণ’ হৈছে।

সংকীর্ণতা: ণত্নবিধিমতে একেটা পদতে থকা ঋ, ৰ আৰু ষ ৰ পিছত সদায় ‘ণ’ হয়। সংকীর্ণতা শব্দত ৰ(/) থকাৰ বাবে ‘ণ’ হৈছে।

প্রণিপাত: ণত্নবিধি মতে প্র, পৰি আৰু নিৰ্‌ উপসৰ্গৰ পিছত থকা নম্, নী আৰু নু আদি ধাতুৰ ‘ন’ ‘ণ’ হয়। প্রণিপাত শব্দত সেয়ে ‘ণ’ হৈছে।


৮/ সন্ধি ভাঙা:

দিগন্ত = দিক্ + অন্ত

সর্বাকাশ = সর্ব + আকাশ

সংকীর্ণ = সম্ + কীর্ণ


Class 9 Assamese Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
Book: Class 9 Assamese – SCERT Assam
Medium: Assamese
Subject: Assamese (Language)
Chapter Number: 4


📄 What You’ll Get on This Page:

  • ✅ Full question and answer notes
  • ✅ Accurate SCERT Assam format
  • ✅ Easy-to-read language
  • ✅ Useful for revision & exam prep

Chapter Summary:

This chapter, “প্ৰচণ্ড ধুমূহাই প্ৰশ্ন কৰিলে মোক”, discusses a powerful moment where an individual faces overwhelming questions, and the storm of life pushes one to reflect deeply. The chapter highlights how nature, in its purest form, can challenge human emotions, beliefs, and actions. The protagonist’s interaction with nature brings out a sense of introspection, understanding, and courage.


📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য | Class 9 Assamese Chapter 9

Class 9 Assamese Chapter 9

🔍 Are you looking for Class 9 Assamese Chapter 9 question answers based on the latest SCERT Assam syllabus? You’ve landed on the right page! This post covers all important exam-oriented questions and answers from the lesson “ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য” — presented in easy-to-understand Assamese.


📖 পাঠৰ সংক্ষিপ্ত বিবৰণ

এই পাঠখনত ভাৰতৰ সাংস্কৃতিক, ধৰ্মীয়, ভাষাগত, আৰু ভূগোলিক বৈচিত্র্যৰ মাজতো কেনেদৰে একতাৰ ভাব বজাই ৰখা হৈছে, সেই বিষয়ে আলোচনা কৰা হৈছে। ভাৰতৰ “একতা-ই-শক্তি” সঁচাকৈয়ে এই পাঠৰ মূল শিক্ষাৰ মূল।

Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য| Complete Question Answer in Assamese Medium


ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য

নৱম শ্ৰেণী

অসমীয়া

১। ক) প্রাগৈতিহাসিক যুগত যি সকল ভাৰতীয় লোক পর্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?

উত্তৰ: প্রাগৈতিহাসিক যুগত যি সকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল।

খ) বুদ্ধদেৱৰ আচল নাম কি?

উত্তৰ: বুদ্ধদেৱৰ আচল নাম সিদ্ধার্থ।

গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা কোন?

উত্তৰ: মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা মহাঋষি ব্যাসদেৱ।

ঘ) কুশান বংশৰ শ্রেষ্ঠ ৰজাজনৰ নাম কি?

উত্তৰ: কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কনিষ্ক।

ঙ) জৈন ধৰ্মৰ প্ৰৱর্তক কোন?

উত্তৰ: জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ।


২/ কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্রতা লক্ষ্য কৰিব পাৰি, পাঠৰ সহায়ত লিখা।

উত্তৰ: ভাৰতৰ বিচিত্ৰতা পৰিলক্ষিত হোৱা দিশবোৰ হৈছে-

ক) ভৌগোলিক দিশত মাটি, পানী, বায়ু আদিৰ বিচিত্রতা,

খ) সামাজিক দিশত ভাষা, ধর্ম, ৰীতি-নীতি, সাজপাৰ, খাদ্যাভাস ইত্যাদিৰ বিচিত্রতা।

গ) অর্থনৈতিক দিশত ঠাই অনুযায়ী সম্পদৰ অসমতাপূর্ণ বিতৰণ, ধনী-দুখীয়াৰ ব্যৱধান, উপার্জনৰ অসমতা ইত্যাদি।


৩/ ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে লিখা।

উত্তৰ ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ ভৌগোলিক অৱস্থান বৈচিত্র্যপূর্ণ, ভাৰতৰ উত্তৰফালে আছে সুউচ্চ পর্বতমালা, দক্ষিণ ফালে সু-গভীৰ সাগৰ-মহাসাগৰ। এফালে বিস্তীর্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি; এফালে দ্বীপমালা, আনফালে হ্রদ-জলাশয়; এফালে গ্রীষ্মৰ তীব্রতা, আনফালে শীতৰ কঠোৰতা; এফালে মৌচুমী বায়ুৰ ফলত ধাৰাসাৰ বৰষুণ, আনফালে শুকান মৰুভূমি।

এনেবোৰ কাৰণতে ভাৰতৰ ভৌগোলিক অৱস্থান বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে।


৪/ আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বর্ণনা কৰা।

উত্তৰ: আৰ্যসকল ভাৰতলৈ অহাৰ পাছত ইয়ালৈ আন ভালেমান বিদেশী লোকৰ সোঁত বৈছিল। আৰ্যসকল অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্রৱল পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰে। সেইসকলৰ ভিতৰত শক, কুশান, পাঠান, মোগল, পর্তুগীজ, ইংৰাজ, ফৰাচী আদিয়েই প্রধান। এই বিদেশী জাতি সমূহৰ সৰহ ভাগেই ভাৰততে থাকিবলৈ লৈ, ভাৰতীয় সকলৰ লগত নিজকে মিলাই দিছিল।


৫/ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।

উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্রকৰণ বা খাদ্যাভাষ একে নহয়। পূৱ আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্রধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্রধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ-মাংস নচলে। কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ-মাংস খায়। জাতি বিশেষেও কিছুমান লোক নিৰামিষভোজী আৰু কিছুমান আমিষভোজী।


৬/ ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বর্ণনা কৰা।

উত্তৰ: ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ মাজত সাজ-পাৰৰ পাৰ্থক্য পৰিলক্ষিত হয়। পূৱ ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে। কিন্তু দক্ষিণ ভাৰতৰ লোকে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি যদিও বর্তমান লংপেন্টৰ প্রচলন অধিক। ভাৰতীয় তিৰোতাৰ প্রধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা পৰিধান কৰে।


৭/ আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।

উত্তৰ: আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ বহুতো বিদেশী জাতি আহিছিল। তাৰ ভিতৰত দুটা জাতিৰ পৰিচয় তলত দিয়া হৈছে

১/ মোগল সকল: মোগল সকল আছিল দক্ষিণ এছিয়াৰ এটা পৰাক্ৰমী মুছলমান জাতি। তেওঁলোকে অধিক পৰাক্ৰমেৰে যুদ্ধ-বিগ্রহ কৰি বহু ঠাইলৈ নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল। ১৫২৬ চনত বাবৰে ভাৰতত মোগল সাম্রাজ্য প্রতিষ্ঠা কৰিছিল, আৰু ১৮ শতিকাৰ মাজভাগলৈকে তেওঁলোকৰ ৰাজত্ব চলিছিল। মোগল সকলে প্রধানকৈ উত্তৰ ভাৰতৰ হিন্দু উপত্যকা, পাকিস্তান, দক্ষিণ ভাৰত, বাংলাদেশ আদিত ৰাজ্য স্থাপন-কৰিছিল।

মোগল সকল আছিল স্থাপত্য, ভাস্কর্য, চিত্রশিল্প আদি সকলো দিশতে অতুলনীয়। প্রায় দুটা দশক জোৰা মোগল শাসনৰ কালচোৱাত তাজমহলকে আদি কৰি নিৰ্মিত হোৱা অনেক শিল্পই ভাৰতীয় সংস্কৃতি সমৃদ্ধিশালী কৰি ৰাখিছে।

২/ ইংৰাজ সকল: ভাৰতত সাম্রাজ্য স্থাপন কৰা বহিৰাগত জাতিসমূহৰ ভিতৰত ইংৰাজসকল অন্যতম। ১৬০০ খ্রীষ্টাব্দত সুদূৰ ইংলেণ্ডৰ পৰা বৃটিছ ইষ্ট ইণ্ডিয়া কোস্পেনীয়ে বেপাৰ-বাণিজ্যৰ উদ্দেশ্যেৰে ভাৰতত প্ৰৱেশ কৰিছিল। ক্রমান্বয়ে তেওঁলোকে ভাৰতত ঔপনিৱেশ স্থাপন কৰি অর্থনৈতিক শোষণ আৰম্ভ কৰিলে। সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ তেওঁলোকে ৰাজনৈতিক ক্ষমতাও হস্তগত কৰিবলৈ সক্ষম হয় আৰু প্রায় ২০০ বছৰ কাল ভাৰত শাসন কৰে। অৱশেষত ভাৰতীয় লোকৰ কঠোৰ আৰু দীর্ঘদিনীয়া সংগ্ৰামৰ ওচৰত হেও মানি ইংৰাজ সকলে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হয়।


৮/ “যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে, সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি দিছে।” এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ বর্ণনা কৰা।

উত্তৰ: যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে, সেইবোৰেই আকৌ স্থান -বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি দিছে যেন ই বহুৰঙী সূতাৰে গঁথা এখনি ফুলাম দলিচাহে। উদাহৰণ স্বৰূপে অসমত বাস কৰা বিভিন্ন ধর্মাবলম্বী লোক সকলে ধর্মীয় দিশত বিভিন্ন আদর্শ পোষণ কৰিলেও তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতিৰূপে বান্ধি ৰাখিছে। আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত বিভিন্নতা থাকিলেও ধর্মীয় বান্ধোনে দুয়োজনকে এক কৰি ৰাখিছে। এনেদৰে কোনো এটা দিশত বিভিন্নতা বা বিচিত্রতা থাকিলেও আন এটা দিশত একতা পৰিলক্ষিত হয়। বিচিত্ৰতাৰ মাজতো থকা একতাৰ এনাজৰীয়েই হৈছে ভাৰতীয় জীৱনৰ মূল আদর্শ।


৯/ “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি।”- এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।

উত্তৰঃ সংগীত, চিত্রকলা, ভাস্কর্য, স্থাপত্য আদিয়েই হৈছে সুকুমাৰ কলা।আনহাতে মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-আচৰণ, নৈতিকতা উৎসৱ অনুষ্ঠান, আইন-কানোন, শিল্প-কলা আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্রিক ৰূপটোৱেই হৈছে সংস্কৃতি।

সুকুমাৰ কলা আৰু সংস্কৃতিয়ে ঐক্য স্থাপনৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাই আহিছে। ভাৰতীয় বিভিন্ন সংগীত, চিত্রকলা, স্থাপত্য-ভাস্কর্য আদিয়ে প্রাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি -ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত বিভিন্ন উৎসৱ-পার্বণ, যেনে-স্বাধীনতা দিৱস, গণতন্ত্র দিৱস, জন্মাষ্টমী, শিৱৰাত্রি, দেৱালী, হোলি, বিহু আদিত ধর্ম, সম্প্রদায় নির্বিশেষে আটাইয়ে সমিল মিলেৰে উদ্‌যাপন কৰা দেখা যায়।


১০/ ‘ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।”- তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ: মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-আচৰণ, নৈতিকতা, উৎসৱ-অনুষ্ঠান, আইন-কানোন, শিল্পকলা আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্রিক ৰূপটোকে সংস্কৃতি বোলা হয়।

ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। এই দেশত অতীতৰে পৰা বাস কৰা বিভিন্ন জাতি-উপজাতি সমূহৰ উপৰিও বিভিন্ন সময়ত অনেক বহিৰাগত জাতি জনগোষ্ঠীৰ সোঁত বৈছিল। স্বকীয় সংস্কৃতি লৈ ভাৰতবর্ষলৈ অহা এই লোক সকলে নিজৰ সংস্কৃতিকে ধৰি ৰাখিব নোৱাৰিলে। নিজৰ সংস্কৃতিৰ কিছু এৰিলে আৰু স্থানীয় সংস্কৃতিৰ কিছু ধৰিলে। এনেদৰে এৰাধৰাৰ নিয়মেৰে বিৰাট ভাৰতীয় সাংস্কৃতিক প্রৱাহত তেওঁলোকৰ সংস্কৃতি মিলি গ’ল, সমন্বয় সাধন হল। গতিকে ভাৰতীয় সংস্কৃতি হৈছে বিভিন্ন স্থানীয় আৰু বহিৰাগত জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা এক সমন্বিত সংস্কৃতি।


১১/ চমু উত্তৰ লিখা:

ক) কোনবোৰ লোক মঙ্গোলীয় গোষ্ঠীৰ?

উত্তৰ: নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ।

খ) সুকুমাৰ কলা কোনবিলাক?

উত্তৰ: কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কর্য এই পাঁচবিধক সুকুমাৰ কলা বোলে।

গ) কি কি গ্রন্থই প্রাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদর্শৰ ক্ষেত্রত ঐক্য ভাৱ গঢ়াত সহায় কৰিছে?

উত্তৰ: বেদ, উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ-মহাভাৰত আদি গ্রন্থই-প্ৰাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্য ভাৱ গঢ়াত সহায় কৰিছে।


১২/ কি কি পার্থক্য থকা সত্বেও ভাৰতীয় লোক সকলৰ মাজত এটি সামুহিক মিল আছে?

উত্তৰ: ভৌগোলিক অৱস্থানৰ পাৰ্থক্য, গোষ্ঠীগত পার্থক্য, ভাষা, ধর্ম, ৰীতি-নীতি, সাজ-পাৰ, খাদ্য-প্রকৰণ আদি অনেক বোৰ দিশত পার্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এটা সামূহিক মিল আছে।


১৩/ উত্তৰ ভাৰতৰ তিৰোতা সকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বর্ণনা দিয়া।

উত্তৰ: উত্তৰ ভাৰতৰ তিৰোতাসকলৰ পৰস্পৰাগত সাজ শাৰী যদিও অধিক সংখ্যক তিৰোতাই চুড়িদাৰ, পায়জমা আৰু দুপাট্টাসহ লেহেঙ্গা পৰিধান কৰা দেখা যায়।


১৪। চমুটোকা লিখা:

ক) সুকুমাৰ কলা: কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কর্য এই পাঁচবিধক সুকুমাৰ কলা বোলা হয়। সুকুমাৰ কলাৰ ভিতৰত চিত্রবিদ্যাই হৈছে আটাইতকৈ স্থায়ী। ভাৰতীয় সুকুমাৰ কলাই প্রাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰখাত সহায় কৰি আহিছে।

খ) সংগীত: গীত, বাদ্য আৰু নৃত্যৰ সমলয়কে সংগীত বোলা হয়। সা. ৰে, গা, মা, পা, ধাঁ, নি এই সাতোটাক সংগীতৰ সপ্তস্বৰ বোলা হয়। এই সংগীতৰ ধাৰা যুগ যুগ ধৰি প্রৱাহিত হৈ আছে আৰু মানুহৰ মনত অনাবিল তৃপ্তি প্রদান কৰি বাস্তৱৰ জটিলতাৰ মাজতো সুখানুভূতি লাভত সহায় কৰি আহিছে।

গ) কুশান: অতীজতে ভাৰতবৰ্ষলৈ প্রব্রজন ঘটা যাযাবৰী জাতি শক সকলৰ এটা বংশ হৈছে কুশান। এই লোক সকলে ভাৰতলৈ আহি যাযাবৰী অভ্যাস ত্যাগ কৰি অক্ষুনদীৰ পাৰত বাস কৰিবলৈ লয়। কুশান বংশৰ শ্রেষ্ঠ ৰজাজনৰ নাম আছিল কনিষ্ক।

ঘ) ব্যাস: ব্যাসদেৱ আছিল এগৰাকী মহান ঋষি। তেওঁ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা আৰু বেদ বিভাগ কর্তা বুলি খ্যাত। বেদৰ মন্ত্রসমূহ সংগ্রহ কৰি তেওঁ শৃংখলাবদ্ধ ভাৱে প্রস্তুত কৰিছিল। মহাঋষি ব্যাসদেৱ পৰাশৰৰ ঔৰসত অবিবাহিত কুমাৰী সত্যৱতীৰ সন্তান বুলি প্রবাদ আছে।

ঙ) মক্কা: মক্কা আৰৱ দেশৰ ৰাজধানী আছিল। ই এখন প্রাচীন চহৰ। মক্কাত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল। সেয়ে ইছলাম ধর্মাবলম্বী লোকসকলৰ বাবে মক্কা অতি পবিত্র’ ঠাই।

চ) বশিষ্ঠ্য: বশিষ্ঠ আছিল ব্রহ্মাৰ মানসপুত্র আৰু মন্ত্রদ্রষ্টা ঋষি আৰু সূর্যবংশৰ ৰজাসকলৰ কুল পুৰোহিত। গুৱাহাটী নগৰৰ দক্ষিণ ফালে পৰ্বতৰ কাণত বশিষ্ঠ মুনিৰ আশ্রম আছিল, এই ঠাইক বশিষ্ঠাশ্রম বোলা হয়। ই এখন পবিত্র তীর্থস্থান।


১৫/” ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূর্ণ দেশ।’ – কথাষাৰ বহলাই লিখা।

উত্তৰ: ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূর্ণ দেশ। কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল, তেতিয়া ভাৰতবৰ্ষই দর্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল।

দর্শনৰ ক্ষেত্ৰত বুদ্ধদেৱ, আদিশংকৰ, চাণক্য, মনু, কবিৰ, নানক, চৈতন্যদেৱ আদি মণিষি সকলে ভাৰতীয় দর্শনৰ ভেঁটি গঢ়ি থৈ গৈছিল। বিজ্ঞান, গণিত, জ্যোতির্বিজ্ঞান, চিকিৎসাবিজ্ঞান আদি দিশতো প্রাচীন ভাৰতবৰ্ষই যথেষ্ট উন্নতি সাধন কৰিছিল। শূন্য আৰু গাণিতিক সংখ্যাৰ প্রৱর্তক, গণিতজ্ঞ জ্যোতির্বিদ আর্যভট্ট আৰু বৰাহমিহিৰৰ নাম এই ক্ষেত্রত বিশেষভাবে উল্লেখযোগ্য। চিকিৎসা বিজ্ঞানত সুশ্রুত, চৰক আদিৰ অৱদান চিৰস্মৰণীয়। সাহিত্যৰ দিশত ৰামায়ণ, মহাভাৰতৰ পৰা আৰম্ভ কৰি বেদ, গীতা, ভাগৱত, পুৰাণ আদি গ্রন্থই যুগ যুগ ধৰি ভাৰতৰ ঐতিহ্য বহন কৰি আহিছে। পিছৰ পৰ্যায়ত, ভালেসংখ্যক ভাৰতীয় সাহিত্যিকে অনেক গ্রন্থ ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছিল। কালিদাস, বাণভট্ট, চাণক্য, কৌটিল্য, চৰক, কলহন, পনিণী, সুশ্রুত, সোমদেৱ, আৰু আন বহুতো লোকে সাহিত্যৰ দিশত সথেষ্ট বৰঙনি আগবঢ়াই গৈছে। গতিকে ক’ব পাৰি যে প্ৰাচীন ভাৰতবৰ্ষ আছিল মানৱ সভ্যতাৰ আটাইবোৰ দিশতে উন্নতিৰ শিখৰত বিচৰণ কৰা এক আদর্শ ভূমি।


১৭/ সন্ধি ভাঙা:

অনুষ্ঠান – অনুঃ +ঠান

জনাকীর্ণ – জন + অকীর্ণ

স্বাধীন – স্ব+অধীন

জন্মাষ্টমী -জন্ম + অষ্টমী


১৮/ প্রত্যয় নির্ণয় কৰা:

সুকীয়া -সুক+ঈয়া

শাৰীৰিক – শৰীৰ + ইক

সামাজিক – সমাজ + ইক

ভৌগোলিক – ভূগোল + ইক

ফুলনি – ফুল + অনি

ভাৰতীয় -ভাৰত+ঈয়

ফুলাম – ফুল+ আম

অবিনাশী – অবিনাশ + ঈ

বাল্মীকি – বাল্মক + ঈকি


১৯/ দুটাকৈ সমার্থক শব্দ লিখা:

হেতু – কাৰণ, নিমিত্ত

পৃথিৱী – ধৰিত্ৰী, বসুন্ধৰা

গ্রন্থ – কিতাপ, পুথি

মাতা – জননী, আই


২০/ বিপৰীত শব্দ লিখা:

পার্থক্য – সাদৃশ্য

ত্যাগ –  ভোগ

বৈচিত্র্য – ঐক্য

প্রাচীন – আধুনিক


Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

📚 Chapter Info

  • 📘 Subject: Assamese
  • 📗 Class: 9
  • 🏫 Board: SEBA / SCERT Assam
  • 📖 Chapter: 9 – ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য
  • 📂 Category: Question Answer
  • 🗣️ Medium: Assamese

📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন | Class 9 Assamese Chapter 10

Class 9 Assamese Chapter 10

📌 Introduction

Welcome to AssamBoardExam.com – your trusted learning partner for Class 9 Assamese Chapter 10.

On this page, you’ll find important Question Answers for Chapter 10 – পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, based on the SCERT Assam (SEBA) syllabus. These answers are perfect for school exams and final board exam preparation.

Use them for revision, home learning, and better chapter understanding.


📚 Chapter Details

  • Subject: Assamese
  • Class: 9
  • Chapter Number: 10
  • Chapter Title: পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
  • Board: SEBA / SCERT Assam
  • Medium: Assamese
  • Content Type: Question Answer

📖 Chapter Summary

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন পাঠটোৱে এটি গাঁও আৰু তাৰ উন্নয়ন যাত্ৰাৰ বিষয়ে বর্ণনা কৰে। পাঠখনত গাঁওখনৰ আগৰ অৱস্থা আৰু উন্নয়ন পৰৱৰ্তী চিত্রৰ তুলনামূলক দিশ দেখুৱোৱা হৈছে।

Class 9 Assamese Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন| Complete Question Answer in Assamese Medium


পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন

নৱম শ্ৰেণী

অসমীয়া

১। ) ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম ক’ত হৈছিল?

উত্তৰ: ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ উদয়পুৰত।

) পিপলান্ত্ৰি গাওঁখন অৱস্থিত?

উত্তৰ: পিপলান্ত্ৰি গাওঁখন ৰাজস্থানৰ ৰাজছমন্দ  জিলাত অৱস্থিত।

) কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনেগ্রীনিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল?

উত্তৰ: পিপলান্ত্ৰি গাওঁখনে মাৰ্বল পাথৰৰ বৃহৎ ভাণ্ডাৰ থকাৰ বাবে গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল।

) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তভূক্ত হৈছে?

উত্তৰ: ডেনমার্কৰ প্রাথমিক শিক্ষাৰ পাঠ্যক্রমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে।

) “Tree Sisters’ নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল?”

উত্তৰ: ‘Tree Sisters’ নামৰ চিনেমাখন আর্জেন্টিনাৰ এটা দলে নির্মাণ কৰিছিল।

) কিৰণ কোন আছিল?

উত্তৰ: কিৰণ আছিল শ্যাম সুন্দৰ পালিৱালৰ কন্যা।

) ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে?

উত্তৰ: ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে।

) ‘কিৰণ নিধি যোজনা আঁৰৰ মানুহজন কোন?

উত্তৰ: ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন শ্যাম সুন্দৰ পালিৱাল।

) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?

উত্তৰ: কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত ১১টা গছপুলি ৰোপণ কৰে।


/ পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল?

উত্তৰ: পিপলান্ত্ৰি গাঁওখনত মাৰ্বল পাথৰৰ বৃহৎ ভাণ্ডাৰ আছে। ফলত গাঁও খনত ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে-নিশাই কাম চলাৰ ফলত গাওঁখনৰ পৰিৱেশ দূষিত হয়।


/ শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাওঁখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা।

উত্তৰ: শ্যাম সুন্দৰ পালিৱাল আছিল পিপলান্ত্ৰি গাঁৱৰ মুখিয়াল। তেওঁৰ  যত্নতে গাওঁখনৰ মৃতপ্রায় ছবিখন সলনি হৈ পৃথিৱীৰ ভিতৰতে এখন আদর্শ গাওঁ হিচাপে পৰিগণিত হ’ল।

মাৰ্বলৰ বৃহৎ খনিয়ে গাওঁখনৰ সকলো শেষ কৰি দিছিল। ভূগর্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। গাওঁখনৰ মানুহে বিশুদ্ধ পানী, বায়ু আৰু জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল। তেনে সময়তে, শ্যাম সুন্দৰ পালিৱালে নিজৰ মৃত কন্যাসন্তানৰ স্মৃতিত এটি গছ পুলি ৰোপণ কৰে আৰু ‘কিৰণ নিধি যোজনা’ নামেৰে এখন আঁচনি প্রস্তুত কৰে। সেই আঁচনি মতে গাওঁখনত জন্ম হোৱা প্রতিজনী কন্যাসন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰিব লাগিব। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক আৰু চাৰিটা দায়িত্ব অর্পণ কৰে। সেই কেইটা হৈছে-

১। কন্যাসন্তানক লৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা,

২। পানী সংৰক্ষণ কৰা,

 ৩। গছ-গছনি ৰুই প্রতিপালন কৰা, আৰু

৪। খেতি বাতি কৰি নিজৰ প্রয়োজন পূৰণ কৰা।

গাঁৱৰ ৰাইজে উক্ত দায়িত্ববোৰ পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ চেহেৰা সলনি হ’বলৈ ধৰিলে আৰু পৃথিৱীৰ ভিতৰতে এখন আদর্শ গাওঁ হৈ পৰিল।


৪।কিৰণ নিধি যোজনাকি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?

উত্তৰ: ‘কিৰণ নিধি যোজনা’ হৈছে পিপলান্ত্ৰি গাঁও খনৰ উন্নয়নৰ কাৰণে কৰিবলগীয়া কিছুমান কামৰ আঁচনি। এই আঁচনি প্রস্তুত কৰিছিল শ্যাম সুন্দৰ পালিৱালে।

এই যোজনাৰ অধীনত গাঁওখনৰ মানুহে পালন কৰিবলগীয়া চাৰিটা বিশেষ দায়িত্ব হৈছে –

১/ কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা,

২/ পানী সংক্ষৰণ কৰা,

৩। গছ-গছনি ৰুই প্রতিপালন কৰা আৰু

৪/ খেতি বাতি কৰি নিজৰ প্রয়োজন পূৰণ কৰা।


/ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?

উত্তৰ: কন্যা সন্তান সুৰক্ষাৰ  বাবে শ্যাম সুন্দৰ পালিৱালে এক অভূতপূর্ব পদক্ষেপ গ্রহণ কৰিছিল। তেওঁৰ আহ্বানত গাঁৱত ছোৱালী সন্তান জন্ম হোৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ছোৱালী জন্ম হ’লে দুখ কৰাৰ সলনি আনন্দ-উল্লাস কৰা হয় আৰু সেই ছোৱালী জনীৰ নামত ১১১টা গছ পুলি ৰোপণ কৰা হয়। তাৰোপৰি তেওঁ কেইটামান নিয়ম কৰি দিছিল। নিয়ম কেইটা এনেধৰণৰ –

১/ গাঁৱৰ কোনো লোকে কন্যা ভ্রূণ হত্যা কৰিব নোৱাৰিব।

২/ ছোৱালীজনীক যেনেদৰে আলফুলে তুলি-তালি ডাঙৰ কৰা হ’ব, সেই একেই মৰম-চেনেহ আৰু যত্নৰে ১১১ টা গছ পুলিকো প্রতিপালন কৰিব লাগিব।

৩। কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

৪/ কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব।

৫। ছোৱালীৰ নামত বেংকত থোৱা ৩১,০০০ টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব।

৬/ ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছ পুলিবোৰ গাঁৱৰ সম্পত্তি হ’ব।

এখন ষ্টাম পেপাৰত এই নিয়মৰ চুক্তিত স্বাক্ষৰ কৰি গাঁৱৰ ৰাইজে প্রতিশ্রুতি দিবলগীয়া হয়।

এনেদৰে শ্যাম সুন্দৰ পালিৱালে কন্যাসন্তান সুৰক্ষাৰ বাবে এক সুন্দৰ আঁচনি লৈছিল।


/ পিপলান্ত্ৰি গাঁৱত প্রকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা।

উত্তৰ: পিপলান্ত্ৰি গাঁৱৰ মানুহে বুজি পাইছিল প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে গছ-গছনি অপৰিহার্য। শ্যাম সুন্দৰ পালিৱালে গ্রহণ কৰা আঁচনি মতে গাঁৱত কন্যা সন্তান জন্ম হ’লে ১১১ টা গছপুলি আৰু কোনো লোকৰ মৃত্যু হ’লে ১১ টা গছ পুলি ৰোপণ কাৰ্য আৰম্ভ হ’ল। গছ পুলিবোৰ নিজৰ ল’ৰা-ছোৱালীক কৰাৰ দৰে প্রতিপাল কৰিবলৈ ধৰিলে। লাহে লাহে গাওঁখন সেউজীয়া হ’বলৈ আৰম্ভ কৰিলে। প্রতিটো গছ-পুলিক এজোপা পূর্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্রতিজন লোকে পালন কৰিবলৈ ধৰিলে। আনকি ৰাখি বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পর্ক অধিক গভীৰ হৈ পৰে।


/ পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্রচাৰ কৰিছে?

উত্তৰ: পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী দেশ বিদেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে প্রচাৰ হৈছে।

প্রথমতে, ডেনমার্কৰ প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাওঁখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তর্ভূক্ত কৰা হৈছে।

দ্বিতীয়তে, ৰাজস্থানৰ শিক্ষাবিভাগে সপ্তম আৰু অষ্টম শ্রেণীৰ পাঠ্যক্রমত এই গাওঁখনৰ বিষয়ে পাঠ অন্তর্ভূক্ত কৰিছে।

তৃতীয়তে, আর্জেন্টিনাৰ এটা দলে আহি এই গাওঁখনক লৈ “Tree Sisters” নামৰ এখন চিনেমা নির্মান কৰে।

তাৰোপৰি বহুলোকে এই গাঁওখনক লৈ শতাধিক তথ্যচিত্র কৰিছে।দেশৰ প্ৰায়বোৰ বাতৰি কাকত সংবাদ মাধ্যম আদিত গাওঁখনৰ বিষয়ে প্রচাৰ চলোৱা হৈছে। ইউটিউব, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমতো গাওঁখনৰ বিষয়ে যথেষ্ট তথ্য প্রকাশ পাইছে।


৮/ পিপলান্ত্ৰি গাওঁখন কিয় এখন আদর্শ গাওঁ বুলি তুমি ভাৱা? পাঠটোৰ শিক্ষণীয় দিশ কোন বিলাক?

উত্তৰ: পিপলান্ত্ৰি গাওঁখন নিশ্চয় এখন আদর্শ গাওঁ। মাৰ্বল পাথৰৰ বৃহৎ খনিৰ বাবে গাওঁখনৰ প্রাকৃতিক পৰিৱেশ ধ্বংস হোৱাৰ লগতে মানুহ জীয়াই থাকিবৰ বাবে বিশুদ্ধ বতাহ, পানী, আনকি খাদ্যৰ নাটনি হৈ দুখলগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু গাঁৱৰ মানুহে শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনক পুনজীৱন দিবৰ বাবে যিবোৰ পদক্ষেপ ল’লে, সেইয়া আদর্শনীয়। এখন মৃতপ্রায় গাঁৱক সকলো দিশে আগুৱাই নি পৃথিৱীৰ ভিতৰতে আকর্ষণীয় কৰি তুলি পিপলান্ত্ৰি গাঁৱৰ মানুহে যি আদর্শ দেখুৱালে, তেনে চানেকি পৃথিৱীৰ ভিতৰতে বিৰল। পাঠটোৰ শিক্ষণীয় দিশবোৰ হৈছে

ক) প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে গছ-গছনি ৰোপণ অপৰিহার্য,

খ) ল’ৰা আৰু ছোৱালী সন্তানৰ মাজত কোনো বৈষম্য ৰাখিব নালাগে,

গ) কোনেও আৰামত জীৱন নকটাই কাম বন কৰি নিজেই উপার্জন কৰিব লাগে,

ঘ) পানী সংৰক্ষণ কৰিব লাগে,

ঙ) গছ-গছনি ৰোপণ আৰু প্রতিপালন কৰিব লাগে,

চ) যৌথ বা সমূহীয়া প্রচেষ্টাৰে সমাজ তথা নিজৰ অঞ্চলৰ বিকাশৰ বাবে কাম কৰিব লাগে।


৯/ বহলাই, বুজাই লিখাঃ

ক) বাৰটা মাহত তেৰটা খেতি: খেতিয়েই হৈছে আমাৰ দেশৰ অধিকাংশ মানুহৰ জীৱিকাৰ প্রধান আহিলা। খেতি পথাৰত শস্য উৎপাদন কৰি সেই শস্যৰে নিজৰ পৰিয়ালৰ প্ৰয়োজন পুৰণ কৰাৰ উপৰিও ৰাহি অংশ বজাৰত বিক্ৰী কৰি অৰ্থ উপার্জন কৰিব পাৰে।আমাৰ দেশত খেতিৰ প্রধান ঋতু দুটা-খাৰিফ আৰু ৰবি। দেখা যায় বহুতো লোকে বছৰটোৰ দুটা বা তিনিটা মাহ খেতিৰ কামত ব্যস্ত হয় আৰু বাকী সময়খিনি নিষ্কর্মা বা উপার্জনহীন হৈ থাকে। যিহেতু বছৰি জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে আৰু সেই অনুপাতে খেতিৰ মাটি বৃদ্ধি কৰিব নোৱাৰি, সেয়ে খেতিয়ক সকলে একে ডোখৰ মাটিতে বছৰৰ আন কেইটা মাহতো ভিন ভিন শষ্য উৎপাদন কৰিবলৈ চেষ্টা কৰিব লাগে। বছৰটোৰ আটাইকেইটা মাহতে যদি বতৰ অনুযায়ী কৰিব পৰা শস্য উৎপাদন কৰে তেতিয়া, স্বচ্চতাৰে জীৱন নির্বাহ কৰিব পাৰে।


খ) স্বচ্ছ ভাৰত অভিযান: স্বচ্ছ ভাৰত অভিযান সমগ্ৰ ভাৰতবৰ্ষ জুৰি প্ৰচাৰ আৰু কার্যকৰী কৰা এক বৃহৎ আঁচনি। এই অভিযানৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষক এখন পৰিষ্কাৰ পৰিচ্চন্ন দেশ হিচাপে গঢ়ি তোলা। ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে মহাত্মাগান্ধীৰ সমাধিস্থল ৰাজঘাটত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰে। আঁচনিখনৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ মূল লক্ষ্য আছিল মুকলিত শৌচ-প্ৰস্ৰাৱ  কৰা বন্ধ কৰা আৰু বিভিন্ন ধৰণৰ পেলনীয়া বস্তুৰ সঠিক নিষ্কাষণ কৰা। এই লক্ষ্য পূৰণৰ বাবে চৰকাৰে ২০১৪-২০১৯ বর্ষলৈকে দেশৰ দৰিদ্ৰ পৰিয়াল সমূহৰ বাবে প্রায় ৮৯.৯ কোটি পায়খানাঘৰ নিৰ্মাণৰ বাবে ৰাজ সাহার্য আগবঢ়ায়। আঁচনিখনৰ দ্বিতীয় পর্যায়ত সকলো অঞ্চলতে পৰিৱেশ পৰিষ্কাৰ কৰিবৰ বাবে হাতে কামে চাফাই অভিযান আৰম্ভ কৰা হয় আৰু সৰ্ব-সাধাৰণৰ মাজত চাফ-চিকুণ আৰু স্বাস্থ্যবিধি সন্মত যথোচিত নিয়মাৱলী প্রচাৰ কার্যসূচী গ্ৰহণ কৰা হয়।স্বচ্ছ ভাৰত অভিযান এখন উৎকৃষ্ট আঁচনি আৰু দেশৰ চুকে কোণে সকলো অঞ্চলতে এই আঁচনিৰ সফল ৰূপায়ণ কৰাটো প্রতিজন নাগৰিকৰ কর্তব্য।


গ) সামাজিক মাধ্যম: সামাজিক মাধ্যম হৈছে আধুনিক উন্নত প্রযুক্তি কৌশলৰ ফলত সম্ভৱ হৈ উঠা এক বাস্তৱ উমৈহতীয়া মঞ্চ, য’ত ইন্টাৰনেট সংযোগী ম’বাইল বা কম্পিউটাৰত চৰকাৰী, বেচৰকাৰী, ব্যক্তিগত আৰু ৰাজহুৱা অনুষ্ঠান -প্রতিষ্ঠান, বিভিন্ন সংগঠন আদিয়ে অনেক বিষয় উপস্থাপন কৰিব পাৰে। এই মাধ্যমে গোটেই পৃথিৱীখনকে এখন ঘৰ আৰু এটা পৰিয়ালৰ দৰে সাঙুৰি পেলাইছে। বর্তমান বহুলভাবে ব্যবহৃত ফেচবুক, টুইটাৰ, লিংকইন, ইউটিউব, ইন্সাষ্টাগ্রাম, ইমর্গ’ৰ, স্নেপচাট্ আদিবোৰ সামাজিক মাধ্যমৰ উদাহৰণ ।সামাজিক মাধ্যমৰ দ্বাৰা পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত বন্ধুত্ব স্থাপন কৰি বহুতো নেদেখা-নজনা কথা জানিব পাৰে আৰু বাৰ্তালাপ কৰিব পাৰে। সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য-সংস্কৃতি, খেলা-ধূলা, মনোৰঞ্জন, ব্যক্তিগত ধাৰণা, ইচ্ছা, সৃষ্টিশীল কর্মৰাজি আদি আটাইবোৰ বিষয় প্রচাৰ কৰিব পাৰে। ছাত্র-ছাত্রী সকলে যিকোনো বিষয়ৰ জ্ঞান সহজে আয়ত্ব কৰিব পাৰে। বর্তমান সামাজিক মাধ্যম মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে।


১০/ বাক্য ৰচনা কৰা:

হাতে কামে: সকলোৱে হাতে কামে লাগিলে কঠিন কামো সহজে হয়।

নিয়ম-শৃংখলা: আমি বিদ্যালয়ৰ নিয়ম-শৃংখলা মানি চলিব লাগে।

দিনে-নিশাই: – ৰামে দিনে-নিশাই অধ্যয়ন কৰিলেহে ভাল ফল পাব পাৰি।

খেতি-বাতি: আমাৰ দেশৰ অধিকাংশ লোকে খেতি-বাতি কৰি জীৱন নির্বাহ কৰে।

আনন্দ-উল্লাস: ফাকুৱা উৎসৱত সকলোৱে আনন্দ উল্লাস কৰে।


১১। কিয় মুর্দ্ধন্য ‘ণ’ হৈছে হৈছে লিখা: বৰষুণ, পৰিমাণ, ৰূপায়ণ

উত্তৰ: ণত্নবিধি মতে একেটা পদতে ঋ, ৰ আৰু ষ থাকিলে ‘ন’ৰ ঠাইত ‘ণ’ হয়। বৰষুণ, পৰিমাণ, ৰূপায়ণ- এই শব্দকেইটাত ‘ৰ থকাৰ বাবে মুর্দ্ধন্য ‘ণ’ হৈছে।


১২/ সমার্থক শব্দ লিখা:

মুক্ত – মুকলি

বায়ু -বতাহ

বৃহৎ – ডাঙৰ

পানী – জল

গছ – বৃক্ষ

চকু – নয়ন

গাও – গ্রাম


১৩/ তলৰ উপসর্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা:

প্রতি- প্রতিকাৰ / প্রতিনিধি

অধি -অধিকাৰ / অধিবেশন

উপ- উপকাৰ |উপস্থাপন

অব – অৱকাশ |অৱনতি

দুৰ -দুৰৰ্বীণ |দুৰৱস্থা


✅ Conclusion

We hope these Class 9 Assamese Chapter 10 – পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answers help you in your preparation. Stay connected with AssamBoardExam.com for chapter-wise Assamese study materials and updates for SCERT Assam.


🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

Class 6 Social Science Chapter 4 | দেশ-মহাদেশৰ কথা জাপান- সমাজ বিজ্ঞানৰ কৰ্মপুথি

Class 6 social science chapter 4

📚 Chapter Overview:

Welcome to the question-answer section of Chapter 4 – দেশ-মহাদেশৰ কথা: জাপান from the Class 6 Social Science (সমাজ বিজ্ঞানৰ কৰ্মপুথি) textbook under the SCERT Assam syllabus. This chapter introduces students to the fascinating geography, culture, and society of Japan.

We’ve compiled all the important short and long answer-type questions in Assamese to help Class 6 students easily prepare for school exams and beyond.

Class 6 social science assamese medium question answer|| Class 6| দেশ-মহাদেশৰ কথা জাপান || Class 6 social science chapter 4 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. মাটিকালিৰ ভিত্তিত সৰুৰ পৰা ডাঙৰলৈ একাদিক্রমে মহাদেশবোৰৰ নাম লিখোঁ আহা-

উত্তৰ :- এছিয়া ,ইউৰোপ , আফ্ৰিকা , উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা , ওচেনিয়া, এন্টাকর্টিকা বা কুমেৰু।


২. তলত দিয়া মানচিত্রখনত মহাদেশসমূহ চিনাক্ত কৰি নামবোৰ লিখা-

World Map

উত্তৰ :-

World map in Assamese


৩. তলৰ বিন্দুসমূহ সংযোগ কৰি জাপানৰ মানচিত্রখন সম্পূর্ণ কৰা-

Japan Map

উত্তৰ :-

Japan Map in Assamese

৪. জাপান সম্পর্কে তলত দিয়া শুদ্ধ উক্তিবোৰৰ কাষৰ ‘O’ চিনটো পূৰ কৰা-

(ক) জাপান এখন কৃষি প্রধান দেশ।

(খ) জাপান সম্পূর্ণভাৱে দ্বীপ দেশ।

(গ) জাপানত বৰষুণ একেবাৰে নহয়।

(ঘ) জাপানত অৰণ্য দেখা নাযায়।

(ঙ) জাপান ভূমিকম্পপ্রৱণ দেশ।

উত্তৰ:- (খ) জাপান সম্পূর্ণভাৱে দ্বীপ দেশ।

(ঙ) জাপান ভূমিকম্পপ্রৱণ দেশ।


৫. তলত দিয়া খালী ঠাইত জাপানৰ প্রধান বৈশিষ্ট্যবোৰ লিখা।

উত্তৰ :- ১. ই এখন সম্পূর্ণভাৱে দ্বীপ-দেশ । প্রায় ১৪,০০০ দ্বীপৰ সমষ্টি জাপান। ইয়াৰে প্রায় ২৫০ টা দ্বীপত জনবসতি আছে।

২. বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈৰ্ঘ্য প্রায় ২৯,৭৫১ কিলোমিটাৰ। কেউদিশে সাগৰ-মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্রিক সম্পদত চহকী।

৩. জাপান এখন পর্বত-পাহাবে আগুৰা দেশ। দেশখনত সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্র ১৫ শতাংশ। সেয়েহে কৃষিভূমি তেনেই কম।

৪. দেশখনৰ মুঠ মাটিকালিৰ প্রায় ৬৫ শতাংশ অৰণ্যই আৱৰি আছে।

৫. জাপান এখন ভূমিকম্প-প্রৱণ দেশ। দেশখনত ১০০ ৰো অধিক জাগ্রত আগ্নেয়গিৰি আছে। মাজে সময়ে ছুনামি অর্থাৎ অতি উচ্চ সাগৰৰ টৌ আৰু প্রৱল ঘূর্ণীবতাহেও দেশখনক আক্রান্ত কৰে।


🎯 Why Use Our Notes?

✅ SCERT Based Content
✅ Written in Simple Assamese
✅ Exam-Oriented Approach
✅ Free and Easy to Access


🔗 Related Study Materials:


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

Class 6 social science chapter 4 সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় সমাজ বিজ্ঞানৰ কৰ্মপুথি assamese medium question answer|| Class 6|| দেশ-মহাদেশৰ কথা জাপান || Class 6 social science chapter 4 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here