একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্রন্থ | বকুল ফুলৰ দৰে | Bakul Phulor Dore (HSLC 2000, 2005, 2008, 2010, 2013, 2016, 2018, 2021)
Assamese Essay on A Book you Love Published in the 21st Century – বকুল ফুলৰ দৰে ‘Bakul Phulor Dore’. Discover its theme, uniqueness, and why it’s your favorite book in this detailed essay.
Table of Contents
তোমাৰ প্ৰিয় গ্রন্থ
একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্রন্থ
আৰম্ভণি:
গ্রন্থ হৈছে মানুহৰ জীৱনৰ আটাইতকৈ প্রিয় বন্ধু। গ্রন্থ অধ্যয়ণে মানুহৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ লগতে কল্পনা শক্তিও বৃদ্ধি কৰে। ভাল গ্রন্থই মানুহক জীৱনত সাহসেৰে আৰু দৃঢ়তাৰে আগবাঢ়ি যোৱাত সহায় কৰে। সৰুৰেপৰা সাধুকথাৰ পুথি, শিশু প্রৱন্ধ, আলোচনী, গল্প, কবিতা, ভ্রমণ কাহিনী আদি কৰি বহুত গ্রন্থ পঢ়িছো। এই গ্রন্থসমূহৰ ভিতৰত ড° মৃনাল কলিতাদেৱৰ দ্বাৰা ৰচিত শিশু সাহিত্য বঁটা প্ৰাপ্ত ‘বকুল ফুলৰ দৰে গ্ৰন্থখন মোৰ আটাইতকৈ প্রিয়।
গ্ৰন্থৰ পৰিচয়:
‘বকুল ফুলৰ দৰে‘ উপন্যাসখনৰ ড° মৃনাল কলিতাদেৱৰ দ্বাৰা বিৰচতি প্রথম উপন্যাস। এই গ্রন্থখন ২০১৫চনত বান্ধৱ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ হৈছিল। ২০২০ চনৰ জানুৱাৰী মাহৰপৰা ৩২টা খণ্ডত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপন্যাস পাঠ অনুষ্ঠানত এই গ্রন্থখন প্ৰচাৰিত হৈছিল। ‘বকুল ফুলৰ দৰে’ গ্রন্থখনৰ বাবে ২০২১ চনত ড° মৃনাল কলিতাদেৱে সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰিছিল।
গ্ৰন্থকাৰৰ চমু সাহিত্যিক পৰিচয়
‘বকুল ফুলৰ দৰে‘ উপন্যাসখনৰ লেখক ড০ মৃণাল কলিতা অসমৰ এগৰাকী শিশু সাহিত্যিক, গল্পকাৰ, উপন্যাসিক আৰু নিবন্ধকাৰ | তেখেত বর্তমান গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক।
তেখেতৰ অন্যান্য গ্রন্থসমূহৰ নাম হৈছে – অনুশীলন (গল্প সংকলন), অযান্ত্রিক অনুশীলন (গল্প সংকলন), গড ফাদাৰৰ হাত আৰু চয়তানৰ মগজু (ৰচনা সংকলন), গণিতৰ বৰ্ণিল জগত (গণিত পুথি), ৰিব ৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (কাহিনী সংকলন) আদি।
গ্ৰন্থখন প্রিয় হোৱাৰ কাৰণ:
এই গ্রন্থখনে এজন শিক্ষক আৰু ভাল বন্ধুৱে কিদৰে এজন ছাত্ৰৰ জীৱন সলনি কৰি দিব পাৰে তাক দেখুৱাৰ লগতে সুৰাই এখন ঘৰ কিদৰে ধ্বংস কৰে তাকো সুন্দৰভাৱে উপস্থাপন কৰিছে। ‘বকুল ফুলৰ দৰে’ উপন্যাস খন মূলত: কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি ৰচনা কৰা সৰল প্ৰকাশ ভংগীৰ কিন্তু গভীৰ জীৱনবোধৰ এক সুন্দৰ উপন্যাস। উপন্যাস খনৰ কাহিনীত শিক্ষক আৰু ছাত্ৰৰ মাজত থকা সম্পর্ক, আবেগ-অনুভূতি অতি সুন্দৰকৈ প্ৰকাশ পাইছে। এই উপন্যাসখন শিশু-কিশোৰ-অভিভাৱক আৰু প্রতিজন শিক্ষকে পঢ়া উচিত, কিয়নো আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাত থকা ত্রুটি আৰু প্ৰতিকূলতাসমূহ উফৰাই কেনেকৈ সৰলতা, আন্তৰিকতা মাজেৰে ছাত্র ছাত্রীক মানুহ হিচাপে গঢ় দিব দিব পাৰি তাৰেই বৃতান্ত আগবঢ়োৱা হৈছে। এনেবোৰ কাৰণতে এই গ্ৰন্থখন মোৰ প্ৰিয় হিচাপে পৰিগণিত হৈছে।
গ্ৰন্থৰ বিষয়বস্তু
কবি হীৰেণ ভট্টাচার্য্য দেৱৰ গীতৰ আধাৰত নামাংকিত উপন্যাসখনৰ বিষয়বস্তু এনেধৰণৰ – এখন হাইস্কুল আৰু তাত অধ্যয়ন কৰা অসীম, নিৰ্মলকে ধৰি ছাত্ৰসকলৰ লগতে তেওঁলোকৰ শিক্ষক আৰু বিদ্যালয়ৰ শিক্ষাদান প্রণালী। উপন্যাসৰ কাহিনীভাগ আৰম্ভ হৈছে বছেৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা দিনৰ পৰা । বিদ্যালয়ৰ এসময়ৰ মেধাবী ছাত্র অসীমে কাণে কাণ মাৰিহে নৱম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ উত্তীর্ণ হয়। তাৰ এই ফলাফলে বিশেষভাৱে দুজনক হতাশ কৰি তোলে, এজন বিদ্যালয়ৰ গণিতৰ শিক্ষক মহেন্দ্র মাষ্টৰ আৰু আনজন অসীমৰ বন্ধু নিৰ্মল। সুৰাপায়ী দেউতাকৰ পৰিয়ালটোৰ প্ৰতি অমনোযোগী মনোভাৱ আৰু আৰ্থিক অনাটনৰ বাবে অসীমে পঢ়া বাদ দি অৰ্থ উপার্জনেৰে ঘৰখনক সকাহ দিবলৈ সিদ্ধান্ত লয়। শিলৰ কুৱেৰীত শিলভঙা শ্রমিক হিচাপে কাম কৰি ঘৰ চলোৱাৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু বন্ধু নির্মলে তাৰ এই কাম কেতিয়াও সমৰ্থন কৰিব পৰা নাছিল। সেয়ে অনেক বুজাই বঢ়াই তাক পুনৰ স্কুললৈ আহিবলৈ বাধ্য কৰিছিল। কিন্তু দুর্ভাগ্যজনকভাৱে সেইদিনা শ্রেণীত ভাগৰত টোপনিয়াই থকা অসীমক মহেন্দ্ৰ মাষ্টৰে হাতত স্কেলেৰে বৰকৈ কোবাই। আগদিনা শিলে থেতেলা কৰা আঙুলিটোৰ পৰা টোপাটোপে তেজ ববলৈ আৰম্ভ কৰে। ইয়াৰ পাছত সি পঢ়াশুনাৰ পৰা বহু যোজন আঁতৰি আহিল । কিন্তু নতুনকৈ বিদ্যালয়ত যোগদান কৰা অভিনৱ মাষ্টৰে যেন আশাৰ বতৰা কঢ়িয়াই আনিলে। অসীমক বিদ্যালয়মুখী কৰাৰ চেষ্টা পুনৰ আৰম্ভ হ’ল। অভিনৱ মাষ্টৰৰ সমমর্মিতা তথা নিৰ্মলৰ অকৃত্ৰিম সহায়ে তাৰ হেৰোৱা আত্মবিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হয়। অসীমে পুনৰ স্কুলত ভৰি থয়। অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভেৰে পুনৰ নিজকে বিদ্যালয়ৰ ‘জুৱেল’ বুলি মহেন্দ্ৰ মাষ্টৰে দিয়া নামটো সাৰ্থক কৰিবলৈ সক্ষম হয়। এইয়াই থুলমূলকৈ গ্ৰন্থখনৰ কাহিনীৰ বিষয়বস্তু।
বিষয়বস্তুৰ বিশ্লেষণ
শিক্ষক আৰু শিক্ষার্থীৰ সম্পৰ্ক সদায় বন্ধুত্বপূর্ণ হ’ব লাগে। শিক্ষক ছাত্র-ছাত্রীৰ বাবে অভিভাৱক, বন্ধু, পথপ্রদর্শক, সুচিন্তক হোৱাৰ লগতে ছাত্র-ছাত্রীও শিক্ষকক সদায় আদৰ সন্মান তথা শ্রদ্ধা কৰিব লাগে। উপন্যাসখনত মহেন্দ্ৰ মাষ্টৰ আৰু অভিনৱ মাষ্টৰে দুটা পৃথক শিক্ষাদান প্ৰক্ৰিয়াৰ প্ৰতিনিধিত্ব কৰে। এজনে কঠোৰ অনুশাসনেৰে শিক্ষাৰ্থীক আগবঢ়াই নিবলৈ বিচাৰে আৰু আনজনে বন্ধু, দার্শনিক আৰু পথপ্ৰদৰ্শকৰ ভূমিকাৰে তেওঁলোকৰ অন্তৰত সোমাব বিচাৰে। কিন্তু মহেন্দ্র মাষ্টৰৰ নিচিনা পুৰণি ধ্যান ধাৰণা যে শিক্ষার্থীৰ বাবে ক্ষতিকাৰক সেই কথাকে উপন্যাসখনৰ জৰিয়তে উপলব্ধি কৰাবলৈ বিচাৰিছে।
সামৰণি
উপন্যাসখন মূলত: কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি কৈশোৰৰ ভাৱ জগতক উন্মোচন কৰা এক গভীৰ জীৱনবোধৰ উপন্যাস। উপন্যাসখনে সকলো বয়সৰ পাঠকৰ বাবেই ভিন্ন ধৰণৰ অৰ্থ আৰু তাৎপর্য বহন কৰিছে। গতিকে উপন্যাসখনক এখন ব্যতিক্রমী উপন্যাস বুলি অভিহিত কৰিব পাৰি।
বকুল ফুলৰ দৰে | Essay on the popular Assamese book ‘Bakul Phulor Dore’ published in the 21st century. Explore its literary value, charm, and significance to readers in this insightful write-up.
For More details check our Youtube Channel Assam Board Exam
Find the list of Essays : Click Here