Assam Board Exam

জ্ঞানপীঠ অথবা সাহিত্য অকাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক: মামণি ৰয়চম গোস্বামী | Assamese Essay on Favourite Writter | Mamani Raisom Goswami

জ্ঞানপীঠ অথবা সাহিত্য অকাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক: মামণি ৰয়চম গোস্বামী | Assamese Essay on Favourite Writter | Mamani Raisom Goswami

অসমীয়া ৰচনা – জ্ঞানপীঠ অথবা সাহিত্য অকাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক: মামণি ৰয়চম গোস্বামী – সাহিত্যিক গৰাকীৰ পৰিচয়, সাহিত্যকৃতি,সাহিত্যিক গৰাকীৰ বঁটাপ্রাপ্ত গ্ৰন্থ, সাহিত্যৰাজিৰ সামগ্রিক বিশ্লেষণ সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Favourite Writter | Mamani Raisom Goswami

Assamese Essay on Favourite Writter | Mamani Raisom Goswami


আৰম্ভণি:

যিসকল মহান মনিষীয়ে স্ব-প্রতিভাৰে উজ্জ্বলি উঠি দেশ মাতৃক পোহৰাই তুলিছে, তাৰ ভিতৰত অন্যতম হ’ল ড°মামণি ৰয়চম গোস্বামী। সাহিত্য অকাডেমী আৰু জ্ঞানপীঠৰ দৰে সৰ্বোচ্চ বঁটা লাভ কৰাৰ উপৰিও আন বহুতো সন্মানেৰে বিভূষিতা এই গৰাকী মহান সাহিত্যিকে তেওঁৰ জ্ঞান আৰু সাধনাৰ দীপ্তিৰে দেশক উজ্জ্বলাই তুলি বিশ্বত চমকণিৰ সৃষ্টি কৰিলে।


সাহিত্যিক গৰাকীৰ পৰিচয়:

মামণি ৰয়চম গোস্বামীৰ প্রকৃত নাম ইন্দিৰা গোস্বামী। তেখেতৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নবেম্বৰ তাৰিখে গুৱাহাটীৰ জগলিয়াত। পিতৃ আছিল উমাকান্ত গোস্বামী আৰু মাতৃ অগ্নিকা দেৱী। লতাশিল প্রাইমেৰী স্কুলৰ পৰা প্রাথমিক শিক্ষা, তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা, কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। ১৯৭৩ চনত “মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসীদাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন শীর্ষক বিষয়ত পি.এইচ.ডি-ডিগ্রী লাভ কৰে ।গোৱালপাৰাৰ সৈনিক স্কুলত কিছুদিন শিক্ষকতা কৰাৰ পাচত দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা-সাহিত্য বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত হয়।


সাহিত্যকৃতি:

মামণি ৰয়চম গোস্বামীয়ে অসমীয়া সাহিত্যলৈ অনেক অবদান আগবঢ়াই গৈছে। তেখেতৰ সাহিত্যকৃতি সমূহ হৈছে

গল্প সংকলন: চিনাকি মৰম, হৃদয় এক নদীৰ নাম, আৰু কইনা ।

উপন্যাস: চেনাবৰ স্রোত, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, নীলকণ্ঠী ব্রজ, অহিৰণ, দঁতাল হাতীৰ উঁৰে খোৱা হাওদা, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ, দাসৰথীৰ খোজ, ছিন্নমস্তাৰ মানুহটো, ইত্যাদি।

আত্মজীৱনীমূলক গ্রন্থ: আধা লেখা দস্তাবেজ

জীৱনী: মহীয়সী কমলা

অনুদিত গ্রন্থ: প্রেমচন্দৰ চুটিগল্প, আধাঘন্টা সময়, জাতক কথা। কলম, আহ্নিক আৰু Ramayana from Ganga to Brahmaputra.

সম্পাদনা: এৰি অহা দিনবোৰ আৰু Indian Floklo.


সাহিত্যিক গৰাকীৰ বঁটাপ্রাপ্ত গ্ৰন্থ:

‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ নামৰ সংকলনখনৰ বাবে তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।’ সংস্কাৰ, উদয়ভানুৰ চৰিত্র ‘ইত্যাদি নামৰ তিনিখন উপন্যাসৰ সংকলনৰ বাবে ১৯৮৯ চনত ভাৰত নিৰ্মাতা বঁটা লাভ কৰে। তদুপৰি ২০০১ চনত জীৱনজোৰা সাহিত্যকৃতিৰ বাবে ভাৰতৰ সর্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা লাভ কৰে। তেখেতে লাভ কৰা অন্যান্য বঁটা সমূহ হৈছে উত্তৰ প্রদেশ হিন্দী সন্থাৰ পৰা সৌহাদ বঁটা, আন্তর্জাতিক তুলসী বঁটা, ভাৰত চৰকাৰ পদ্মশ্রীসন্মান (প্রত্যাখ্যান কৰে), ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট উপাধি, আহোম সভাৰ জয়মতী বঁটা, শান্তিৰ ৰাষ্ট্রদূত বঁটা, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰফেছাৰ অৱ এমেৰিটাছ সন্মান , অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম ৰত্ন, কলকাতাৰ পৰা বটবৃক্ষ সন্মান ইত্যাদি।


সাহিত্যৰাজিৰ সামগ্রিক বিশ্লেষণ:

ব্যতিক্রমী চিন্তাধাৰাৰ গৰাকিনী, শৃংখলিত কার্যক্রমণিকাৰে সাহিত্য চর্চাৰ অত্যুৎসাহী ড° মামণি ৰয়চম গোস্বামীৰ সাহিত্যিক প্রতিভা অতুলনীয়। সাহিত্যিক হিচাপে তেওঁ যি কর্মৰ নিদর্শন দি গ’ল, সেয়া টান অর্থাৎ মজবুত। তেখেতৰ লিখনিত আমি বিচাৰি পাওঁ দুর্দশাগ্রস্ত, নিপীড়িত, দুখীয়া-নিচলা অর্থাৎ অসহায় মানুহৰ প্রতি নিগৰিত হোৱা কোমলতা আৰু অসহায় মানুহৰ তেজ শুহি খোৱা অমানুহৰ প্রতি কঠোৰতা। নাৰী-পুৰুষৰ সম মর্যাদা, ভেদাভেদ হীন সমাজ আৰু শান্তিৰ বাৰ্তা তেখেতৰ লিখনিত আমি বিচাৰি পাওঁ।


সামৰণি:

অসমীয়া ভাষা-সাহিত্যক বিশ্ব দৰবাৰত এক সুকীয়া স্থান দিবলৈ অহোপুৰুষাৰ্থ কৰা ড° মামণি ৰয়চম গোস্বাসী আছিল এক উদাৰ আৰু কৰুণাময়ী নাৰী। তেওঁৰ আদর্শত অনুপ্রাণিত হব শত-কোটি মানৱ। শান্তিপ্রিয় এই মহিয়সী নাৰী গৰাকীয়ে অসমৰ বুকুত চলি অহা হিংসা-প্রতিহিংসাৰ জুই নির্বাপিত কৰিবলৈ প্রচেষ্টা চলাইছিল। কিন্তু তেওঁৰ এই সপোনে বাস্তৱ ৰূপ নৌ পাওঁতেই শুই পৰিব লগীয়া হল নিয়তিৰ বুকুত। ২০১১ চনৰ ২৯ নৱেম্বৰত তেওঁ ইহ-সংসাৰ ত্যাগ কৰে। মামণি ৰয়চম গোস্বামীৰ প্রস্থান অসমীয়া কৃাতিৰ বাবে এক অপূৰণীয় ক্ষতি।


অসমীয়া ৰচনা – জ্ঞানপীঠ অথবা সাহিত্য অকাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক: মামণি ৰয়চম গোস্বামী – সাহিত্যিক গৰাকীৰ পৰিচয়, সাহিত্যকৃতি,সাহিত্যিক গৰাকীৰ বঁটাপ্রাপ্ত গ্ৰন্থ, সাহিত্যৰাজিৰ সামগ্রিক বিশ্লেষণ সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Favourite Writter | Mamani Raisom Goswami


For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

আধুনিক সমাজৰ ব্যাধি: অনুশাসনহীনতা | The Disease of Modern Society: Lack of Discipline Essay

The Disease of Modern Society: Lack of Discipline Essay

অসমীয়া ৰচনা – আধুনিক সমাজৰ ব্যাধি: অনুশাসনহীনতা – অনুশাসনহীনতাৰ সম্পৰ্কে বিস্তৃত আলোচনা | The Disease of Modern Society: Lack of Discipline Essay


সময়ৰ পৰিবৰ্তন আৰু সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে পৰিবর্তন হয় সমাজ ব্যবস্থাৰ। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অদ্ভুতপূর্ব উত্তৰণৰ ফলত সমাজ ব্যৱস্থাত আমূল পৰিবৰ্তনে দেখা দিছে। সেয়ে আজি বিশ্বায়নৰ যুগত পৰস্পৰাগত সমাজ ব্যৱস্থাত যি নতুনত্বৰ প্ৰভাৱ পৰিছে। সেয়ে আধুনিক সমাজ। সামাজিক ব্যাধিনো কি? আচলতে যিবোৰ কাৰকৰ বাবে সমাজ অশান্ত, অস্থিৰ আৰু বিশৃংখল হৈ পৰে; মানুহৰ জীৱনৰ গতিধাৰাত বাধাৰ সৃষ্টি কৰে; সেইবোৰেই হৈছে সামাজিক ব্যাধি। সমাজ হৈছে ব্যক্তিৰ সমষ্টি। সেয়ে সমাজ এখনক যদি এটা মানৱ শৰীৰৰ লগত তুলনা কৰা হয়, তেন্তে ইয়াৰ প্রতিজন ব্যক্তি হব সেই শৰীৰটোৰ অংগ প্রত্যংগ। শৰীৰটোৰ কোনো এটা অংগ ৰোগাক্রান্ত হ’লে যি দৰে গোটেই শৰীৰতে যন্ত্রণা অনুভূত হয়, একেদৰে সমাজৰ কোনো ব্যক্তি বিপথে গলে, কু-কর্মত লিপ্ত হ’লে তাৰ প্রভাৱ গোটেই সমাজখনতে পৰে। গতিকে সমাজখন ব্যাধিমুক্ত বা সুস্থ আৰু প্রগতিশীল হবলৈ হ’লে ইয়াৰ প্রতিজন ব্যক্তিয়েই হব লাগিব সৎ আৰু সুস্থ মানসিকতাৰ গৰাকী।আধুনিক সমাজ হৈ পৰিছে বন্ধনহীন, উন্মুক্ত সমাজ। সকলোৱে যেন বাধাহীন ভাবে স্ব-ইচ্ছাই নিজক হেৰুৱাই পেলাইছে ভোগবাদৰ লালসাত। মদ, ভাং, ড্রাগছ আদি নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা; হত্যা, লুণ্ঠন, ধর্ষণ, দুনীর্তি আদিয়ে সমাজ ছানি ধৰিছে। বৰ্বৰতাৰ সীমা চেৰাই মানুহ হৈ পৰিছে হিংসুক বন্যপ্রাণীৰ দৰে। মানুহেই মানুহৰ বাবে হৈ পৰিছে সন্ত্ৰাসৰ কাৰণ। কিশোৰ-কিশোৰী, যুৱক-যুবতী, পুৰুষ-নাৰী কোনো বাদ পৰি নোযোৱাকৈ লিপ্ত হৈছে অপৰাধ প্রৱণতাত। ভোগ বিলাস আৰু পশ্চিমীয়া সংস্কৃতিত মচগুল হৈ এচাম হৈ পৰিছে অত্যন্ত উচ্ছ্বংশল, দায়িত্বহীন আৰু বেপৰুৱা। এনে উচ্ছৃংশলতাই শিক্ষানুষ্ঠান, সাংস্কৃতিক – মঞ্চ, খেল-পথাৰ, চিনেমা গৃহ, পার্ক, ৰাজহুৱা সভা-সমিতি আদি সকলো ঠাইকে গ্রাস কৰি পেলাইছে। সমাজৰ এই অনিয়ন্ত্রিত অৱস্থাটো কৰ্কট ৰোগৰ দৰে দূৰাৰোগ্য ব্যাধি সদৃশ হৈ পৰিছে।ই সাম্প্রতিক কালৰ জটিল সামাজিক ব্যাধিৰ অনেক কাৰণ আছে যদিও ইয়াৰ মূল কাৰণ হৈছে অনুশাসনহীনতা। ‘অনুশাসন ‘শব্দটোৰ অৰ্থ ব্যাপক। আদেশ, আজ্ঞা, উপদেশ, বিধি বা নিয়ম আদি আটাইবোৰ দিশ সামৰি লয়। অনুশাসনে ব্যক্তিক সু-শৃংখলিত কৰি চৰিত্ৰবান হোৱাত সহায় কৰে। এই অনুশাসন প্রধানকৈ থাকিব লাগে নিজৰ ঘৰখনত আৰু পঢ়াশালীত। সততে কোৱা হয়- “ঘৰখনেই শিশুৰ শিক্ষাৰ কঠিয়াতলী। এটি শিশুৱে জন্ম হোৱাৰ পাছৰে পৰা প্ৰথমে নিজৰ পৰিয়ালৰ লোকসকলৰ সান্নিধ্য লাভ কৰে আৰু লাহে লাহে তেওঁলোকৰ কথা-বার্তা, আচাৰ-আচৰণ আদি অনুসৰণ কৰে। এক কথাত পৰিয়ালৰ মাজতে শিশুৰে জীৱনৰ আদি পাঠ শিকে। গতিকে ঘৰখনৰ সদস্য সকল যদি সংস্কাৰী, বিনয়ী, অধ্যৱসায়ী আৰু কর্মমুখী হয়, সেই ঘৰখনৰ শিশুও কালক্ৰমত তেনে ৰূপেই গঢ় লয়। গতিকে যি পৰিয়ালত অনুশাসন আছে, সংস্কাৰ আছে, তেনে পৰিয়ালত ডাঙৰ হোৱা শিশুৰ জীৱন সদায় সু-শৃংখল আৰু আদৰণীয় হয়। অনুশাসনৰ মেৰপাকৰ বাহিৰ হৈ কোনো শিশুৱেই বিপথে যাব নোৱাৰে বা যাবলৈ সাহস নকৰে।আধুনিক সমাজ ব্যৱস্থালৈ মন কৰিলে দেখা যায়  অধিকাংশ পিতৃ-মাতৃয়ে সন্তানৰ প্রতি নিজৰ দায়িত্ব পালন নকৰে। কর্ম ব্যস্ততাৰ বাবেই হওক বা অন্য কাৰণতে হওক নিজ পিতৃ-মাতৃয়েও সন্তানক সময় দিয়াত অপাৰগ। তাৰ পৰিৱৰ্তে হাতত তুলি দিয়ে মোবাইল ফোনটো বা টি-ভিৰ ৰিম’টটো। এনেবোৰ অভিভাৱকে সন্তানক সুখী কৰিবলৈকে বিচৰামাত্ৰকে বস্তু হাতত তুলি দিয়ে। ফলত শিশু অৱস্থাৰ পৰাই ভোগবাদী আৰু অধ্যয়ন বিমুখ হোৱাত ইন্ধন যোগায়। তেনে শিশুৱেই পিছলৈ এক উচ্ছৃংখল জীৱন যাপন কৰে আৰু ক্রমান্বয়ে অপৰাধ জগতত প্রৱেশ কৰে। বহুতো পিতৃ-মাতৃয়ে অতিমাত্রা সন্তান প্রীতিৰ বাবে সন্তানক কেতিয়াও শাসন নকৰে। তেনে শিশুৱে যি মন যায় তাকে বিনা দ্বিধাই কৰি যায় আৰু এটা বয়সত নিয়ন্ত্রণৰ বাহিৰলৈ গুচি যায়। সাম্প্রতিক কালৰ শিক্ষানুষ্ঠান সমূহতো বিভিন্ন কাৰণত অনুশাসন ব্যৱস্থা প্রায় নোহোৱাৰ দৰে হৈছে। এতিয়া ‘চেকনিৰ আগত বিদ্যা” নাই, কঠোৰ অনুশাসনো নাই। ফলত ছাত্র-ছাত্রী সকলে স্বাধীন মনেৰে, স্ব-ইচ্ছাৰে নিজক পৰিচালিত কৰিছে। কিন্তু এইটো সত্য যে উচিত-অনুশাসনৰ মাজত ডাঙৰ হোৱা আৰু শিক্ষা গ্রহণ কৰা ল’ৰা-ছোৱালী কেতিয়াও বিপথে যাব নোৱাৰে। তেওঁলোকৰ মনত থাকে ভয়, আত্মসন্মান  আৰু পৰিয়াল আৰু সমাজৰ প্রতি দায়বদ্ধতা।

সামৰণিত ক’ব লাগিব, এটি শিশুক এজন চৰিত্ৰবান আৰু সু-নাগৰিক ৰূপে গঢ়ি তুলিবৰ বাবে উচিত অনুশাসনৰ মাজত ৰাখি নৈতিক, আধ্যাত্মিক আদি সকলো দিশৰ জ্ঞানেৰে পৰিপুষ্ট কৰি তুলিবলৈ সকলো অভিভাৱক, শিক্ষক-শিক্ষয়িত্রী আৰু সমাজৰ বয়োজ্যেষ্ঠ সকল যত্নবান হোৱা উচিত। আজিৰ শিশু কাইলৈৰ নাগৰিক। গতিকে উচ্ছ্বংশল ছাত্র-ছাত্রীৰ পৰা দেশৰ মঙ্গল আশা কৰিব নোৱাৰি।

অসমীয়া ৰচনা – আধুনিক সমাজৰ ব্যাধি: অনুশাসনহীনতা – অনুশাসনহীনতাৰ সম্পৰ্কে বিস্তৃত আলোচনা | The Disease of Modern Society: Lack of Discipline Essay

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here


WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

অসমৰ প্রাকৃতিক দুর্যোগ | Assamese Essay on Natural Disaster of Assam

অসমৰ প্রাকৃতিক দুর্যোগ | Assamese Essay on Natural Disaster of Assam

অসমীয়া ৰচনা – অসমৰ প্রাকৃতিক দুর্যোগ – বানপানী, ভূমিকম্প , ধুমুহা সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Natural Disaster of Assam


 আৰম্ভণি:

প্রকৃতিজগতৰ বিভিন্ন উপাদানে মাজে সময়ে অস্বাভাবিক ৰূপ ধাৰণ কৰি তাণ্ডৱ বা ধ্বংস লীলা চলায়, তাকে প্রাকৃতিক দুর্যোগ বোলা হয়। প্রাকৃতিক দুর্যোগৰ পৰা পৃথিৱীৰ কোনো ঠাইয়ে মুক্ত নহয়। অসমৰ মুখ্য প্রাকৃতিক দুর্যোগ সমূহ হৈছে বানপানী, ভূমিকম্প, গৰা–খহনীয়া, ধুমুহা ইত্যাদি।


 বিৱৰণ:

অসমৰ প্রাকৃতিক দুর্যোগ সমূহৰ এটি চমু বিৱৰণ তলত দাঙি ধৰা হল

ক) বানপানী:

বানপানী অসমৰ প্রধান প্রাকৃতিক দুর্যোগ। প্রতি বছৰে বানপানীৰ ফলত অসমত বিস্তৰ ক্ষতি হয়। মানুহ আৰু জীৱজন্তৰ দুখ কোলাই-পাচিয়ে নধৰা হয়। খেতিৰ শষ্যৰ লগতে পোহনীয়া জীব-জন্তু, ঘৰ-দুৱাৰ আদি উটি-ভাঁহি যায়।

অসমৰ বানপানীৰ প্ৰধান কাৰণবোৰ হৈছে-

  • ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থলত বৰফগলা,
  • মৌচুমী বতাহৰ ফলত বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণ,
  • চুবুৰীয়া পাহাৰীয়া ৰাজ্যসমূহৰ পৰা বৰষুণৰ পানী অসমৰ নদী -সমূহলৈ বাগৰি অহা,
  • নদী সমূহৰ ভূ-গর্ভ বাম হৈ অহা, আৰু
  • অপৰিকল্পিত বান্ধ, মথাউৰি ইত্যাদি।

খ) ভূমিকম্প:

বানপানীৰ দৰে ভূমিকম্পও অসমৰ এটি উল্লেখযোগ্য প্রাকৃতিক দুর্যোগ। অসমৰ ভৌগোলিক অৱস্থান আল্পচ্ হিমালয়ান ভূঁইকপ কেন্দ্রৰ অন্তর্গত। সেয়ে মাজে সময়ে ভূমিকম্পৰ জোকাৰণিয়ে অসমৰ জন-সাধাৰণ  ত্ৰাসিত কৰি আহিছে। ১৮৩০ চনৰ পৰা অসমত অসংখ্য ভূমিকম্পৰ জোকাৰণি হৈছে। তাৰ ভিতৰত প্ৰধানকৈ চৈধ্যটাসান ডাঙৰ ভূঁইকপ হৈছে। সেইকেইটাৰ ভিতৰত ১৮৯৭ আৰু ১৯৫০ চনত হোৱা-ভূঁইকপ দুটাই বিস্তৰ ক্ষতি সাধন কৰিছিল।


গ) গৰাখহনীয়া:

গৰাখহনীয়া অসমৰ এটা ভয়াবহ প্রাকৃতিক দুর্যোগ হিচাপে পৰিগণিত হৈছে। বানপানী, অপৰিকল্পিত আৰু অবৈজ্ঞানিক ভাবে সৃষ্টি কৰা নদীবান্ধ, মথাউৰি আৰু গছ-গছনিৰ পৰিমাণ কমি অহাৰ বাবে বছৰি বহু হেক্টৰ মাটি খহি নদীৰ বুকুত জাহ গৈছে। গৰা-খহনীয়াৰ বাবে অনেক লোক গৃহহীন হ’বলগীয়া হৈছে। নদীবোৰৰ বুকু অতিকৈ বাম হৈ পৰিছে, ফলত অলপ বৰষুণতে বাৰিষা বানপানীৰ সৃষ্টি হয়। খহনীয়াৰ ফলত বিশ্বৰ ভিতৰতে বৃহত্তম নদীদ্বীপ মাজুলীৰ মাটি কালি কমি আহিছে।


ঘ) ধুমুহা:

ওপৰত উল্লিখিত দুৰ্যোগ সমূহৰ উপৰিও অসমত প্রতি বছৰে ধুমুহাই তাণ্ডব চলায়। বহাগ বিহুৰ আগে-পিছে অহা ধুমুহা বা বৰদৈচিলাই প্রতি বছৰে অসমত বিস্তৰ ক্ষতি সাধন কৰে।


সামৰণি:

প্রাকৃতিক দুর্যোগ সমূহ প্রকৃতিৰ দ্বাৰা সৃষ্ট, তাত মানুহৰ হাত নাই। সেয়ে প্রকৃতিক দুর্যোগসমূহক ৰোধ কৰিব পৰা ক্ষমতা মানুহৰ নাই। তথাপিও বুদ্ধি আৰু কৌশলৰ বলেৰে এই দুর্যোগ সমূহক কিছু পৰিমাণে নিয়ন্ত্রণ কৰিব পৰা হয় আৰু দুৰ্যোগৰ সময়ত বিস্তৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পৰা হয়। এই ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ গ্রহণ কৰি জনসাধাৰণক সজাগ আৰু সচেতন কৰি ৰাখিব লাগে।


অসমীয়া ৰচনা – অসমৰ প্রাকৃতিক দুর্যোগ – বানপানী, ভূমিকম্প , ধুমুহা সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Natural Disaster of Assam

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা | Assamese Essay on Advantages and Disadvantages of Science

Advantages and Disadvantages of Science

অসমীয়া ৰচনা – বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা – বিজ্ঞানৰ উপকাৰিতা, বিজ্ঞানৰ অপকাৰিতা, সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Advantages and Disadvantages of Science Essay


আৰম্ভণি:

বিশ্বৰ সকলো কার্য, সকলো প্রক্রিয়াৰে সুসংবদ্ধ বিধি আছে, আৰু সেই প্রক্রিয়া বা বিধিৰ প্রণালীবদ্ধ জ্ঞানেই হ’ল বিজ্ঞান। বর্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানে আমাৰ জীৱন পদ্ধতি, চিন্তা-চর্চা আদি সকলোতে প্রভাৱিত কৰিছে। বিজ্ঞান বাদ দি বর্তমানৰ মানুহে জীৱনৰ কোনো দিশতে খোজ দিব নোৱাৰে। ই মানৱ সভ্যতাৰ অগ্রগতিৰ অনবদ্য আহিলা। তথাপিও মানৱ প্ৰগতিৰ আহিলা হোৱাৰ সমান্তৰালভাৱে বিজ্ঞানৰ কিছুমান অপকাৰী দিশো নথকা নহয়। তলত এটি চমু বিশ্লেষণ দাঙি ধৰা হল।


 বিজ্ঞানৰ উপকাৰিতা:

বিজ্ঞান হৈছে মানৱ প্রগতিৰ মূলমন্ত্র। বিজ্ঞানৰ জয় মাত্রাই মানুহক সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত কৰাইছে। গতিকে বিজ্ঞানৰ উপকাৰী দিশো সীমাহীন। বিজ্ঞানৰ বলতে মানুহে বিভিন্ন ধৰণৰ যান-বাহন, ৰেল, জাহাজ, উৰাজাহাজ আদি আৱিষ্কাৰ কৰি যাতায়াত ব্যৱস্থা অধিক সূচল কৰি তুলিলে, যাৰ ফলত গোটেই পৃথিৱীখনকে সহজে পৰিভ্রমণ কৰিব পৰা হল। যোগাযোগৰ ক্ষেত্ৰত টেলিগ্রাম, টেলিফোন, ছপাশাল, ৰেডিঅ’, টেলিভিশ্যন আদিৰ উপৰিও বর্তমান যুগৰ মোবাইল ফোন, কম্পিউটাৰ, ইন্টাৰনেট আদিয়ে মুহুর্ততে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ কৰি তুলিছে। বিজুলি বাতিৰ আৱিষ্কাৰে গোটেই পৃথিৱী খনকে পোহৰাই তোলাৰ লগতে বিভিন্ন ধৰণৰ কল-কাৰখানা, উদ্যোগ আদি প্রতিষ্ঠা হোৱাত সহায়ক হ’ল। কৃষিৰ ক্ষেত্ৰটো অনেক যন্ত্রপাতি, কীট নাশক দ্রব্য, ৰাসায়নিক সাৰ আদিৰ আৱিষ্কাৰে মানুহৰ শ্রম লাঘৱ কৰাৰ উপৰিও উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে। চিকিৎসা বিজ্ঞানৰ অভূতপূর্ব উন্নতিৰ ফলত বহুতো দুৰাৰোগ্য ব্যাধি নিবাৰণ আৰু নিৰাময় কৰিবলৈ সক্ষম হোৱাৰ লগতে মানুহৰ গড় আয়ুস বৃদ্ধি হৈছে। তাৰোপৰি আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত আটাইবোৰ বস্তু বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। ৰন্ধন গেছ, ফ্রিজ, ফেন, এয়াৰ কুলাৰ, হিটাৰ, কাপোৰ ধোঁৱা মেজিন আদি অনেক সা-সামগ্ৰীয়ে মানুহৰ জীৱন আৰাম-দায়ক আৰু উন্নত কৰি তুলিছে। এইবোৰৰ উপৰিও বিজ্ঞানে দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন- ৰাতিৰ আৱিভাৱ আৰু গ্রহ-নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটেৰে মানুহে মহাকাশত বিচৰণ কৰিছে, জোনৰ বুকুত ভৰি দিছে, আনকি অন্যান্য গ্রহৰ বুকুতো খোপনি পুতিবলৈ প্রয়াস কৰিছে। বিজ্ঞানৰ সুক্ষ্ম দৃষ্টিৰ আগত এতিয়া আৰু একো বস্তুবে অদৃশ্য হৈ থকা নাই। এই আটাইবোৰ হৈছে মানৱজাতিৰ বাবে বিজ্ঞানৰ উপকাৰী দিশ, অন্য ভাষাত বিজ্ঞান মানৱ জাতিৰ বাবে আশীর্বাদ স্বৰূপ ।


বিজ্ঞানৰ অপকাৰিতা:

বিজ্ঞানৰ উপৰোক্ত উপকাৰিতা সমূহৰ সমান্তৰালভাবে বহুতো অপকাৰী দিশো নথকা নহয়। কিছু কিছু ক্ষেত্রত বিজ্ঞান মানৱজাতিৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ। ইয়াৰ অপকাৰী দিশবোৰে মানুহৰ মনত উদ্বেগ সৃষ্টি কৰিছে।

প্রথমতে, বিজ্ঞানৰ বলতে আজিৰ মানৱে বিভিন্ন মাৰণাস্ত আৱিষ্কাৰ কৰিছে, যিবোৰে ক্ষন্তেকতে মানৱজাতিক নিঃশেষ কৰিব পৰা ক্ষমতা আছে। দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই এটম ব’ম নিক্ষেপ কৰি জাপানৰ দুখন চহৰ ধ্বংসস্তুপত পৰিণত কৰাটোৱে তাৰ জ্বলন্ত উদাহৰণ।

দ্বিতীয়তে, বিভিন্ন ধৰণৰ কল-কাৰখানা, গাড়ী-মটৰৰ সংখ্যা বৃদ্ধিৰ ফলত প্রকৃতিৰ ভাৰসাম্যতা হ্রাস পাইছে। মাটি, পানী, বায়ু প্রদূষণৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেও পৰোক্ষভাৱে বিজ্ঞানেই অৰিহণা যোগাইছে।

তৃতীয়তে, বিজ্ঞানৰ বলতে চিকিৎসা পদ্ধতি যথেষ্ট  উন্নত হৈছে যদিও ৰোগ আৰু ৰোগীৰ সংখ্যা বৃদ্ধিৰ কাৰণো বিজ্ঞানেই। উদাহৰণ স্বৰূপে ক’ব পাৰি কৃষি পদ্ধতিত প্রয়োগ কৰা মাৰাত্মক কীটনাশক দ্রব্যৰ প্রয়োগে মানুহৰ স্বাস্থ্য, বতাহ, পানী, মাটি আদি সকলোতে ক্ষতিসাধন কৰিছে।

চতুৰ্থতে, বিজ্ঞানৰ সৃষ্টি কিছুমান বস্তু যেনে- মোবাইল ফোন, টি.ভি, কম্পিউটাৰ আদিত মানুহ অতিমাত্রা আসক্ত হৈ পৰিছে, যাৰ ফলত মানুহৰ শাৰীৰিক, মানসিক দুয়ো দিশত ক্ষতিসাধন কৰাৰ উপৰিও সময়ৰ অপব্যৱহাৰ, কর্মবিমুখ, অপাৰাধমূলক প্রবণতা বৃদ্ধি আদি কুপ্ৰভাৱে সমাজ ছানি ধৰিছে। এইবোৰৰ উপৰিও বিজ্ঞানৰ আন বহুতো অপকাৰী দিশ আছে


সামৰণি

বিজ্ঞানে মানুহৰ আদিম অৱস্থাৰ কষ্টকৰ জীৱনৰ অৱসান ঘটাই সভ্যতাৰ জখলাত উধাবলৈ সহায় কৰিছে। ই আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজত প্রচলিত অন্ধ-বিশ্বাস, কু-সংস্কাৰ আদি আঁতৰাই নতুন দৃষ্টিভঙ্গী গঢ়ি তোলাত সহায় কৰিছে। বিজ্ঞান এটি শক্তি মাথো। ইয়াৰ উপকাৰ আৰু অপকাৰ নিৰ্ভৰ কৰে প্ৰয়োগকাৰীৰ ইচ্ছাশক্তি আৰু জ্ঞানৰ ওপৰত। গতিকে বিজ্ঞানৰ আৱিষ্কাৰ সমূহৰ সৎ আৰু যথাযথ ব্যৱহাৰ কৰি তাৰ সুফল সমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটোহে মানৱ সমাজৰ কৰণীয়।


অসমীয়া ৰচনা – বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা – বিজ্ঞানৰ উপকাৰিতা, বিজ্ঞানৰ অপকাৰিতা, সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Advantages and Disadvantages of Science Essay


For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

মোৰ জীৱনৰ লক্ষ্য | Assamese Essay on Aim In Life

Aim In Life

অসমীয়া ৰচনা – মোৰ জীৱনৰ লক্ষ্য – মোৰ লক্ষ্য, লক্ষ্য বাচি লোৱাৰ কাৰণ, সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Aim In Life


আৰম্ভণি:

সময়ক যদি নদীৰ সোঁতৰ লগত তুলনা কৰা হয়, তেন্তে আমাৰ জীৱন এই সময় নদীত এৰি দিয়া একো-একোখন নৌকা।  আমাৰ বাবে আমাৰ জন্মই হৈছে এই কোবাল নদীৰ পাৰ, য’ৰ পৰা আমি অজান দিশে আমাৰ জীৱনযাত্রা আৰম্ভ কৰোঁ। এই যাত্ৰা বৰ খলা-বমা আৰু জটিল। সময়ৰ সোঁতক পৰাস্ত কৰি এই যাত্ৰাত সফলভাবে আগুৱাবলৈ হ’লে থাকিব লাগিব একোটা দৃঢ় মন আৰু স্থিৰ লক্ষ্য। এই লক্ষ্য ছাত্র অবস্থাতে স্থিৰ কৰিব লাগে, কিয়নো এটা নির্দ্দিষ্ট লক্ষ্য থাকিলেহে সেই লক্ষ্যৰ দিশে পূর্ণ দৃঢ়তা আৰু তীব্র বেগেৰে আগুৱাই যোৱাটো সম্ভৱ। লক্ষ্য বিহীন জীৱন বঠা নাইকীয়া নাৱৰ দৰে হয় আৰু মনুষ্য জীবন বৃথা হৈ পৰে।


মোৰ লক্ষ্যঃ

এই পৃথিৱীত মোৰ অস্তিত্বব গুৰুত্ব অনুধাৱন কৰি মই মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিছো আৰু লক্ষ্য প্রাপ্তিৰ বাবে কঠোৰ অধ্যবসায় কৰিবলৈ প্রস্তুত হৈছোঁ। মোৰ জীৱনৰ মূল লক্ষ্য হৈছে সফল ভাৱে মোৰ শিক্ষা জীৱন সম্পূর্ণ কৰি এজন আদর্শবান নাগৰিক হোৱা আৰু মোৰ অঞ্চলৰ লগতে দেশৰ উন্নতি আৰু বিকাশৰ বাবে কাম কৰা। সমাজৰ বা দেশৰ হকে সেৱা আগবঢ়াবলৈ প্রথমে নিজক প্রতিষ্ঠা কৰিব লাগিব। সেয়ে মই স্থিৰ কৰিছোঁ যে মই এজন সু-চিকিৎসক হিচাপে প্রতিষ্ঠিত হৈ মানৱ সেৱা আগবঢ়াম। মোৰ লক্ষ্যত উপনিত হ’বৰ বাবে মই সকলো প্ৰকাৰে যত্ন কৰিবলৈ প্রতিজ্ঞাবদ্ধ।


এই লক্ষ্য বাচি লোৱাৰ কাৰণ:

মই এই লক্ষ্য বাচি লোৱাৰ কাৰণ কেইবাটাও আছে।

প্রথমতে, আমাৰ দেশত চিকিৎসা সেৱাৰ যথেষ্ট উন্নতি হৈছে যদিও গাওঁ-ভুই আদি পিচপৰা অঞ্চলসমূহত এতিয়াও যথোচিত চিকিৎসাসেৱাৰ সুবিধা নাই। বহুতো চিকিৎসকে গাওঁ অঞ্চলসমূহত সেৱা আগবঢ়াব নিবিচাৰে। মই এনে পিচপৰা অঞ্চলত সেৱা আগবঢ়াই তাৰ জনসাধাৰণক উপকৃত কৰিব বিচাৰোঁ।

দ্বিতীয়তে, অন্ধবিশ্বাস হৈছে দেশৰ প্ৰগতিৰ অন্তৰায়। আমাৰ গাওঁ অঞ্চলসমূহৰ বহুতো লোক এতিয়াও অন্ধবিশ্বাসৰ কবলত আছে, যি সকলে ৰোগ নিৰাময়ৰ বাবে চিকিৎসকৰ ওচৰলৈ নগৈ বেজ, কবিৰাজৰ ওচৰলৈ যায়। এই লোক সকলৰ মনত বিজ্ঞান সন্মত  ভাবধাৰা জগাই তুলি চিকিৎসা বিজ্ঞানৰ প্রতি ধাউতি অনাটো মোৰ কর্তব্য বুলি ভাবো।

তৃতীয়তে, আমাৰ দেশৰ বহুতো লোক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। এই দৰিদ্রলোকসকলে অসুখত ভূগি যন্ত্রণাকাতৰ জীবন কটায়, অথচ টকাৰ অভাৱত চিকিৎসকৰ ওচৰ পাবগৈ নোৱাৰে। মই এনে দৰিদ্র লোকক বিনামূলীয়া চিকিৎসাসেৱা আগবঢ়াই তেওঁলোকক কিঞ্চিৎ সহায় কৰিব বিচাৰোঁ।


সামৰণি:

মোৰ জ্ঞাত যে এই লক্ষ্যত উপনীত হোৱাটো তেনেই সহজ নহয়। এজন সফল চিকিৎসক হিচাপে প্রতিষ্ঠিত হোৱালৈকে পদে পদে সন্মুখীন খ হব লাগিব বিভিন্ন জটিল পৰীক্ষাৰ। এইবোৰ অতিক্ৰম কৰি যাবলৈ মোৰ নিজৰ চেষ্টাৰ লগতে লাগিব মোৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰু সকলৰ অমূল্য আশীর্বাদ। মই যেন সকলোৰে আশীর্বাদ আৰু প্ৰেৰণা লাভ কৰি মোৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰোঁ তাৰেই কামনা কৰিলো।


অসমীয়া ৰচনা – মোৰ জীৱনৰ লক্ষ্য – মোৰ লক্ষ্য, লক্ষ্য বাচি লোৱাৰ কাৰণ, সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Aim In Life

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here


WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্রতিকাৰ | Assamese Essay on Environmental Pollution and Its Solution

Environmental Pollution and Its Solution

অসমীয়া ৰচনা – পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্রতিকাৰ। প্ৰদূষণৰ কাৰণ, প্ৰভাৱ আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Environmental Pollution and Its Solution


আৰম্ভণিঃ

সমগ্র বিশ্বব্রহ্মাণ্ডৰ ভিতৰত একমাত্র পৃথিৱীতেই জীৱজগত আছে। এই জীৱজগতত তিষ্ঠি থাকিবলৈ হ’লে পৃথিৱীৰ পৰিবেশ জীৱৰ অনুকূলে থকাটো প্রয়োজনীয়। পৰিৱেশ বুলিলে সাধাৰণতে  বায়ু, পানী, মাটি, সূর্য, জলীয় বাষ্প, বিভিন্ন প্ৰকাৰৰ গেছ, উদ্ভিদ, প্রাণী এই সকলোবোৰ সু – শৃংখলিত ভাৰাসাম্যকে বুজায়। যেতিয়া বিভিন্ন কাৰণত ভাৰাসাম্য বিনষ্ট হয় বা জীৱকুলৰ ওপৰত প্রতিকূল প্রভাৱ পেলাব পৰা পৰিবর্তন ঘটে। তেতিয়াই পৰিৱেশ প্রদূষিত হোৱা বুলি ক’ব পাৰি।


প্রদূষণৰ কাৰণঃ-

আমাৰ চৌপাশৰ পৰিৱেশ মূলত দুটা কাৰণত প্রদূষিত হৈ আহিছে – প্রাকৃতিক আৰু মানৱসৃষ্ট কাৰণত। প্রাকৃতিক ভাৱে হোৱা কার্যকলাপৰ ভিতৰত বানপানী, ভূমিকম্প, ঘূর্ণীবতাহ আদিয়ে জীব-জন্তুৰ মৃত্যু ঘটোৱা, খৰাং বতৰত লগা বনজুই আদিয়েই পৰিৱেশ পদূষিত কৰে। ইয়াৰ তুলনাত মানৱসৃষ্ট বিভিন্ন কার্যকলাপে যি হাৰত পৃথিৱীৰ মাটি, পানী, বায়ু প্রদূষিত কৰিছে; সিয়েই সমস্ত জীৱকূলৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে।


প্রদূষণৰ প্রকাৰ:

প্রদূষণক ঘাইকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হল- বায়ু প্রদূষণ, পানী প্রদূষণ, মাটি প্রদূষণ। সাম্প্রতিক সময়ত এবিধ প্রদূষণে মানুহক জ্বলা-কলা খুৱাইছে, বিশেষকৈ নগৰীয়া মানুহক। সেইবিধ হল শব্দ প্রদূষণ।

আধুনিক মানৱৰ বিভিন্ন কর্মই সর্বাধিক প্ৰদূষণ কৰিছে পৃথিৱীৰ বায়ুমণ্ডলক। মানুহৰ লগতে বিভিন্ন জীৱ-জন্তু জীয়াই থাকিবলৈ বিশুদ্ধ বায়ুৰ অতি প্রয়োজন। কিন্তু মানু্হে নিজৰ জীৱনক উন্নত কৰিবলৈ প্রচেষ্টা কৰা বিভিন্ন কল – কাৰখানাৰ পৰা ওলোৱা ধোঁৱা, কাৰ্বন-মন’ অক্সাইড, ছালফাৰ – ডাই অক্সাইডৰ দৰে বিষাক্ত গেছ, জৈৱ ইন্ধন চালিত গাড়ী-মটৰৰ পৰা ওলোৱা ধোঁৱাৰ  লগত জীৱদেহৰ প্রতি ক্ষতিকাৰক গেছবোৰে বায়ুৰ প্রদূষণ ঘটাই আনিছে। মানুহে ইন্ধন হিচাপে দহন কৰা কাঠ, কয়লা, কেৰাচিন আদিবোৰেও বা্যুক দূষিত নকৰাকৈ থকা নাই। তদুপৰি যুদ্ধ-বিগ্রহত ব্যৱহাৰ কৰা বিস্ফোৰকৰ লগতে নির্গত তেজস্ক্রিয় পদাৰ্থ আদিয়েই বায়ু প্রদূষিত কৰে।

পানীক প্রাণীৰৰ প্ৰাণ বুলি কোৱা হয়। কিন্তু এই পানীও প্রদূষিত হৈছে মানুহৰ কার্ম-কলাপৰ ফলত। মানুহৰ কার্য কলাপ যেনে- উদ্যোগৰ পৰা ওলোৱা আবর্জনা, ৰাসায়নিক পদার্থ আদি নদী বা সাগৰত পেলোৱা, কৃষি  কার্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ঔষধৰ অতিৰিক্ত অংশ বৰষুণত উটি গৈ নদী, জান- জুৰিত মিলিত হোৱা, উদ্যোগৰ পেলনীয়া পানী আদিয়ে পানী প্রদূষিত কৰাত আগভাগ লৈছে। তদুপৰি সাগৰ-মহাসাগৰৰ পৰা খাৰুৱা তেল উদ্‌ঘাটন কৰা প্রক্রিয়াই উপকূলীয় অঞ্চলবোৰৰ পানী প্রদূষিত কৰিছে।বায়ু আৰু পানীৰ পিছতেই আটাইতকৈ প্রয়োজনীয় উপকৰণ হল মাটি। কৃষি কার্য তথা বাসস্থানৰ কাৰণে মাটি নহ’লেই নহয়। কিন্তু এই মাটি ও প্রদূষিত কৰিছে আধুনিক মানৱে। ঔদ্যোগিক আবর্জনা তথা বিষাক্ত বর্জিত পদার্থ, নগৰৰ ঘৰুৱা আৱর্জনা, কৃষি ক্ষেত্রত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰে মাটি দূষিত কৰি আহিছে। আধুনিক মানৱ ব্যৱহাৰ কৰা জৈৱ অপচনশীল প্লাষ্টিকেও মাটিৰ উবৰর্তা শক্তি হ্রাস কৰি প্রদূষণ ঘটাইছে ।

এই তিনিবিধ প্রদূষণৰ লগতে শব্দ -প্রদূষণতে নগৰীয়া মানুহক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে। গাড়ী- মটৰ ৰ হৰ্ণ; কল – কাৰখানাৰ শব্দ,জেট প্লেনৰ শব্দ আদিয়ে শব্দ প্রদূষণৰ সৃষ্টি কৰি আহিছে। সাধাৰণতে ৬৫ ডেচিবেলৰ ওপৰৰ শব্দই মানুহৰ অশান্তিৰ সৃষ্টি কৰাৰ লগতে শৰীৰৰ ক্ষতি কৰিব পাৰে।

Find the list of Essays : Click Here


প্রদূষণৰ কু-প্রভাৱ

সভ্যতাৰ চকৰিত আগুৱাবলৈ গৈ মানুহে নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ নিচিনা হৈছে। এফালে বিলাসী জীৱন-যাপন কৰিবলৈ নানা তৰহৰ বৈজ্ঞানিক আৱিষ্কাৰ  কৰিছে, আনফালে সেই আৱিষ্কাৰে মানৱ জাতিৰ ভৱিষ্যতকে বিপদৰ মুখলৈ ঠেলি দিয়ে।

প্রদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্রভাৱ  পেলায়। বায়ু প্রদূষণৰ ফলত শ্বাস- প্রশ্বাসজনিত ৰোগ, ছালৰ কেঞ্চাৰৰ লগতে ই সৰু ল’ৰা-ছোৱালীৰ মস্তিষ্কৰ ক্ষতি কৰে।প্ৰদূষিত বায়ুৱে গোলকীয় উচ্চতা বৃদ্ধি কৰি পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱর্তন ঘটাইছে। এচিড বৰষুণৰ সৃষ্টি কৰি মানৱ-সৃষ্ট অট্টালিকাসমূহৰ ক্ষতি কৰিছে। একেদৰে পানী প্রদূষণে জান-জুৰি, নদী সাগৰৰ পানী প্রদূষিত কৰি জলজ প্রাণী আৰু উদ্ভিদসমূহৰ ক্ষতি কৰে। প্রদূষিত পানীৰ দ্বাৰা  মানুহৰ টাইফয়ত, কলেৰা, বিভিন্ন পেটৰ ৰোগ, স্নায়ু ৰোগ আদি হয়।

একেদৰে মাটি প্রদূষণেও মানৱ স্বাস্থ্যৰ ওপৰত প্রভাৱ পেলাইছে। মাটিৰ স্বাভাবিক গুণাগুণ নষ্ট হোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্রাস পাইছে। উদ্যোগিক আবর্জনাসমূহ মুকলি ঠাইত পেলোৱাৰ ফলত সেই ঠাইত কৃষিৰ  উৎপাদন হ্রাস পোৱাৰ লগতে মানুহৰ তথা জীৱ-জন্তুৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিছে। সেইদৰে শব্দ-প্রদূষণৰ কু-প্রভাৱ হিচাপে মানুহৰ কানৰ নানা ৰোগৰ লগতে ৰক্তচাপ বৃদ্ধি, অনিদ্রা, স্নায়ৱিক, বিকলতা, মানসিক উত্তেজনা আদি দেখিবলৈ পোৱা যায়।


সামৰণি-

সমগ্র বিশ্বৰ কাৰণেই প্রদূষণ আজি এৰাব নোৱাৰা সমস্যা হিচাপে মূৰ দাঙি উঠিছে। মানুহৰ কেতবোৰ অবাঞ্ছিত কাৰ্য-কলাপেই প্রদূষণৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে। এফালে বিজ্ঞানৰ জয় যাত্ৰা আৰু আনফালে এনে জয় যাত্ৰাৰ পথত সৃষ্টি হোৱা প্রদূষণ ই চিন্তাৰ বিষয়। কিয়নো পৃথিৱীৰ  বুকুত জীৱ তিষ্ঠি থাকিবলৈ হলে প্রদূষণ মুক্ত পৰিৱেশৰ প্রয়োজন। প্রদূষণৰ পৰা হাত সাৰিবলৈ উদ্যোগ, যান-বাহন অথবা ৰাসায়নিক সাৰৰ প্রয়োগ নিষিদ্ধ কৰিব নোৱাৰি যদি ও কেতবোৰ সাবধানতা অৱলম্বন কৰি প্রদূষণৰ  পৰিমাণ হ্রাস কৰিব পাৰি। কেৱল ৫ জুন তাৰিখত সভা-সমিতি অনুষ্ঠিত কৰি এই সমস্যাক আতঁৰাব নোৱাৰি। প্রতিজন ব্যক্তিয়ে এককভাৱে প্রচেষ্ঠা হাতত ল’লেহে পৃথিৱীক পদূষণ মুক্ত কৰাটো সম্ভৱ হ’ব।


অসমীয়া ৰচনা – পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্রতিকাৰ। প্ৰদূষণৰ কাৰণ, প্ৰভাৱ আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Environmental Pollution and Its Solution

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

বকুল ফুলৰ দৰে | একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্রন্থ | A Book you Love Published in the 21st century

Bakul Phulor Dore

একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্রন্থ | বকুল ফুলৰ দৰে | Bakul Phulor Dore (HSLC 2000, 2005, 2008, 2010, 2013, 2016, 2018, 2021)

Assamese Essay on A Book you Love Published in the 21st Centuryবকুল ফুলৰ দৰেBakul Phulor Dore’. Discover its theme, uniqueness, and why it’s your favorite book in this detailed essay.


একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্রন্থ

আৰম্ভণি:

গ্রন্থ হৈছে মানুহৰ জীৱনৰ আটাইতকৈ প্রিয় বন্ধু। গ্রন্থ অধ্যয়ণে মানুহৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ লগতে কল্পনা শক্তিও বৃদ্ধি কৰে। ভাল গ্রন্থই মানুহক জীৱনত সাহসেৰে আৰু দৃঢ়তাৰে আগবাঢ়ি যোৱাত সহায় কৰে। সৰুৰেপৰা সাধুকথাৰ পুথি, শিশু প্রৱন্ধ, আলোচনী, গল্প, কবিতা, ভ্রমণ কাহিনী আদি কৰি বহুত গ্রন্থ পঢ়িছো। এই গ্রন্থসমূহৰ ভিতৰত ড° মৃনাল কলিতাদেৱৰ দ্বাৰা ৰচিত শিশু সাহিত্য বঁটা প্ৰাপ্ত ‘বকুল ফুলৰ দৰে গ্ৰন্থখন মোৰ আটাইতকৈ প্রিয়।


গ্ৰন্থৰ পৰিচয়:

বকুল ফুলৰ দৰে‘ উপন্যাসখনৰ ড° মৃনাল কলিতাদেৱৰ দ্বাৰা বিৰচতি প্রথম উপন্যাস। এই গ্রন্থখন ২০১৫চনত বান্ধৱ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ হৈছিল। ২০২০ চনৰ জানুৱাৰী মাহৰপৰা ৩২টা খণ্ডত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপন্যাস পাঠ অনুষ্ঠানত এই গ্রন্থখন প্ৰচাৰিত হৈছিল। ‘বকুল ফুলৰ দৰে’ গ্রন্থখনৰ বাবে ২০২১ চনত ড° মৃনাল কলিতাদেৱে সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰিছিল।


গ্ৰন্থকাৰৰ চমু সাহিত্যিক পৰিচয় 

 ‘বকুল ফুলৰ দৰে‘ উপন্যাসখনৰ লেখক ড০ মৃণাল কলিতা অসমৰ এগৰাকী শিশু সাহিত্যিক, গল্পকাৰ, উপন্যাসিক আৰু নিবন্ধকাৰ | তেখেত বর্তমান গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক।

তেখেতৰ অন্যান্য গ্রন্থসমূহৰ নাম হৈছে – অনুশীলন (গল্প সংকলন), অযান্ত্রিক অনুশীলন (গল্প সংকলন), গড ফাদাৰৰ হাত আৰু চয়তানৰ মগজু (ৰচনা সংকলন), গণিতৰ বৰ্ণিল জগত (গণিত পুথি), ৰিব ৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (কাহিনী সংকলন) আদি।


গ্ৰন্থখন প্রিয় হোৱাৰ কাৰণ:

এই গ্রন্থখনে এজন শিক্ষক আৰু ভাল বন্ধুৱে কিদৰে এজন ছাত্ৰৰ জীৱন সলনি কৰি দিব পাৰে তাক দেখুৱাৰ লগতে সুৰাই এখন ঘৰ কিদৰে ধ্বংস কৰে তাকো সুন্দৰভাৱে উপস্থাপন কৰিছে। ‘বকুল ফুলৰ দৰে’ উপন্যাস খন মূলত: কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি ৰচনা কৰা সৰল প্ৰকাশ ভংগীৰ কিন্তু গভীৰ জীৱনবোধৰ এক সুন্দৰ উপন্যাস। উপন্যাস খনৰ কাহিনীত শিক্ষক আৰু ছাত্ৰৰ মাজত থকা সম্পর্ক, আবেগ-অনুভূতি অতি সুন্দৰকৈ প্ৰকাশ পাইছে। এই উপন্যাসখন শিশু-কিশোৰ-অভিভাৱক আৰু প্রতিজন শিক্ষকে পঢ়া উচিত, কিয়নো আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাত থকা ত্রুটি আৰু প্ৰতিকূলতাসমূহ উফৰাই কেনেকৈ সৰলতা, আন্তৰিকতা  মাজেৰে ছাত্র ছাত্রীক মানুহ হিচাপে গঢ় দিব দিব পাৰি তাৰেই বৃতান্ত আগবঢ়োৱা হৈছে। এনেবোৰ কাৰণতে এই গ্ৰন্থখন মোৰ প্ৰিয় হিচাপে পৰিগণিত হৈছে।


গ্ৰন্থৰ বিষয়বস্তু

কবি হীৰেণ ভট্টাচার্য্য দেৱৰ গীতৰ আধাৰত নামাংকিত উপন্যাসখনৰ বিষয়বস্তু এনেধৰণৰ – এখন হাইস্কুল আৰু তাত অধ্যয়ন কৰা অসীম, নিৰ্মলকে ধৰি ছাত্ৰসকলৰ লগতে তেওঁলোকৰ শিক্ষক আৰু বিদ্যালয়ৰ শিক্ষাদান প্রণালী। উপন্যাসৰ কাহিনীভাগ আৰম্ভ হৈছে বছেৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা দিনৰ পৰা । বিদ্যালয়ৰ এসময়ৰ মেধাবী ছাত্র অসীমে কাণে কাণ মাৰিহে নৱম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ উত্তীর্ণ হয়। তাৰ এই ফলাফলে বিশেষভাৱে দুজনক হতাশ কৰি তোলে, এজন বিদ্যালয়ৰ গণিতৰ শিক্ষক মহেন্দ্র মাষ্টৰ আৰু আনজন অসীমৰ বন্ধু নিৰ্মল। সুৰাপায়ী দেউতাকৰ পৰিয়ালটোৰ প্ৰতি অমনোযোগী মনোভাৱ আৰু আৰ্থিক অনাটনৰ বাবে অসীমে পঢ়া বাদ দি অৰ্থ উপার্জনেৰে ঘৰখনক সকাহ দিবলৈ সিদ্ধান্ত লয়। শিলৰ কুৱেৰীত শিলভঙা শ্রমিক হিচাপে কাম কৰি ঘৰ চলোৱাৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু বন্ধু নির্মলে তাৰ এই কাম কেতিয়াও সমৰ্থন কৰিব পৰা নাছিল। সেয়ে অনেক বুজাই বঢ়াই তাক পুনৰ স্কুললৈ আহিবলৈ বাধ্য কৰিছিল। কিন্তু দুর্ভাগ্যজনকভাৱে সেইদিনা শ্রেণীত ভাগৰত টোপনিয়াই থকা অসীমক মহেন্দ্ৰ মাষ্টৰে হাতত স্কেলেৰে বৰকৈ কোবাই। আগদিনা শিলে থেতেলা কৰা আঙুলিটোৰ পৰা টোপাটোপে তেজ ববলৈ আৰম্ভ কৰে। ইয়াৰ পাছত সি পঢ়াশুনাৰ পৰা বহু যোজন আঁতৰি আহিল । কিন্তু নতুনকৈ বিদ্যালয়ত যোগদান কৰা অভিনৱ মাষ্টৰে যেন আশাৰ বতৰা কঢ়িয়াই আনিলে। অসীমক বিদ্যালয়মুখী কৰাৰ চেষ্টা পুনৰ আৰম্ভ হ’ল। অভিনৱ মাষ্টৰৰ সমমর্মিতা তথা নিৰ্মলৰ অকৃত্ৰিম সহায়ে তাৰ হেৰোৱা আত্মবিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হয়। অসীমে পুনৰ স্কুলত ভৰি থয়। অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভেৰে পুনৰ নিজকে বিদ্যালয়ৰ ‘জুৱেল’ বুলি মহেন্দ্ৰ মাষ্টৰে দিয়া নামটো সাৰ্থক কৰিবলৈ সক্ষম হয়। এইয়াই থুলমূলকৈ গ্ৰন্থখনৰ কাহিনীৰ বিষয়বস্তু।


বিষয়বস্তুৰ বিশ্লেষণ

শিক্ষক আৰু শিক্ষার্থীৰ সম্পৰ্ক সদায় বন্ধুত্বপূর্ণ হ’ব লাগে। শিক্ষক ছাত্র-ছাত্রীৰ বাবে অভিভাৱক, বন্ধু, পথপ্রদর্শক, সুচিন্তক হোৱাৰ লগতে ছাত্র-ছাত্রীও শিক্ষকক সদায় আদৰ সন্মান তথা শ্রদ্ধা কৰিব লাগে। উপন্যাসখনত মহেন্দ্ৰ মাষ্টৰ আৰু অভিনৱ মাষ্টৰে দুটা পৃথক শিক্ষাদান প্ৰক্ৰিয়াৰ প্ৰতিনিধিত্ব কৰে। এজনে কঠোৰ অনুশাসনেৰে শিক্ষাৰ্থীক আগবঢ়াই নিবলৈ বিচাৰে আৰু আনজনে বন্ধু, দার্শনিক আৰু পথপ্ৰদৰ্শকৰ ভূমিকাৰে তেওঁলোকৰ অন্তৰত সোমাব বিচাৰে। কিন্তু মহেন্দ্র মাষ্টৰৰ নিচিনা পুৰণি ধ্যান ধাৰণা যে শিক্ষার্থীৰ বাবে ক্ষতিকাৰক সেই কথাকে উপন্যাসখনৰ জৰিয়তে উপলব্ধি কৰাবলৈ বিচাৰিছে।


সামৰণি

উপন্যাসখন মূলত: কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি কৈশোৰৰ ভাৱ জগতক উন্মোচন কৰা এক গভীৰ জীৱনবোধৰ উপন্যাস। উপন্যাসখনে সকলো বয়সৰ পাঠকৰ বাবেই ভিন্ন ধৰণৰ অৰ্থ আৰু তাৎপর্য বহন কৰিছে। গতিকে উপন্যাসখনক এখন ব্যতিক্রমী উপন্যাস বুলি অভিহিত কৰিব পাৰি।

বকুল ফুলৰ দৰে | Essay on the popular Assamese book ‘Bakul Phulor Dore’ published in the 21st century. Explore its literary value, charm, and significance to readers in this insightful write-up.

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

ছ’চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ | Assamese essay on Social Media and Its Impact

Social Media and Its Impact

ছ’চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ | Assamese Essay on Social Media and Its Impact.

Explore the influence of social media on society, its advantages, disadvantages, and its significance in the modern era.


আৰম্ভণিঃ

 সৃষ্টিকৰ্তাৰ সৃষ্টিৰ গূঢ়তম ৰহস্যৰ ভেদ কৰিবৰ কাৰণে মানুহৰ প্রচেষ্টা সীমাতীত। মানুহে নোপোৱাটো পাবলৈ আৰু নেদেখাটো চাবলৈ সদায় ব্যগ্র। সেয়ে মানুহে প্ৰকৃতিৰ বুকুত সৰ্বস্ব উদঘাটন কৰি ন  ন  দিশেৰে আগুৱাই যাবলৈ অহৰহ প্ৰচষ্টা চলাই আছে আৰু মানুহেই যে সকলো জীৱৰ ভিতৰত শ্রেষ্ঠ, তাক পদে পদে প্রতিপন্ন কৰি আহিছে। জুই আৰু লো আৱিষ্কাৰ হোৱাৰ দিন ধৰি বৰ্তমানলৈকে মানুহৰ দ্বাৰা সৃষ্ট বা আৱিষ্কৃত সামগ্রীৰ অন্তহীন সংজ্ঞা। এই সকলো আৱিষ্কাৰৰ মূলতেই হৈছে বিজ্ঞানৰ অৱদান আৰু সেই সকলোবোৰ ন ন পৰীক্ষা-নিৰীক্ষাৰেই ফচল। এনে ফচলৰ এবিধ নবতম সংযোজন হৈছে ছ’চিয়েল মিডিয়া। ছ’চিলেল মিডিয়াৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি,বিভিন্ন বার্তা-খবৰ পাব পাৰি।


ছচিয়েল মিডিয়া কি?:

বর্তমান যুগত যুৱ প্ৰজন্মৰ মাজত ছ’চিয়েল মিডিয়া অতিকৈ প্রিয় মাধ্যম। ছ’চিয়েল মিডিয়া এনে এবিধ মাধ্যম যাৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। বর্তমান যুগত ছ’চিয়েল মিডিয়া বুলি ক’লে ইণ্টাৰনেটেৰ বিভিন্ন ৱেবচাইট ফেচবুক, ব্রাটআপ, ইন্‌ন্টাগ্রাম, টুইটাৰ আদি মাধ্যমবোৰৰ কথা ক’ব পাৰি। এইকেইবিধ এনে এবিধ যোগাযোগ মাধ্যম, যাক কম্পিউটাৰ ছীষ্টেম, ম’বাইলৰ লগত সংযোগ কৰি এজনে আনজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে। অৱশ্যে এই সংযোগ ছেটেলাইট, টেলিফোন লাইন, অপটিকেল কেৱোল, ম’বাইল আদিৰ দ্বাৰাহে সম্ভৱ।


ছ’চিয়েল মিডিয়া  প্ৰচাৰ আৰু প্ৰসাৰঃ

 ছ’চিয়েল মিডিয়া বৰ্তমান যুগৰ এক জনপ্রিয় মাধ্যম। পৃথিৱীৰ প্রায় প্রতিজন মানুহেই বর্তমান যুগত ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। এই মাধ্যম বিধৰ ব্যৱহাৰৰ ফলত পৃথিৱীখন এখন ঘৰ আৰু প্ৰতিখন ৰাষ্ট্ৰয়ে ঘৰখনৰ সদস্যত পৰিণত হৈছে। ছ’ছিয়েল মিডিয়া এক গণমাধ্যম যাৰ জৰিয়তে ই-মেইল কৰি বিশ্বৰ যিকোনো ঠাইলৈ তথ্য প্ৰেৰণ কৰিব পাৰি বা তথ্য সংগ্ৰহ কৰিব পাৰি। সাধাৰণতে শিক্ষা, দৰৱ, ভাষা, ছফটৱেৰ, কম্পিউটাৰ ব্যৱসায়, আমোদ-প্রমোদ, বন্দুত্ব আদি বিভিন্ন সময়ত গণমাধ্যমস্বৰূপে ছ’চিয়েল মিডিয়াৰ দ্বাৰা সংগ্ৰহ বা স্থাপন কৰিব পাৰি।


ছ’চিয়েল মিডিয়া ইতিবাচক দিশ

ছ’চিয়েল মিডিয়া সহায়ত অতি কম সময় আৰু কম খৰচত বিশাল তথ্য প্ৰেৰণ বা সংগ্ৰহ কৰিব পাৰি, যিয়ে বিভিন্ন দিশত সফলতা অর্জন কৰাত সহায় কৰিছে। বর্তমান সমগ্র-বিশ্বত তিনি কোটিৰো অধিক লোকে এইবিধ মাধ্যম ব্যৱহাৰ কৰে। ছ’চিয়েল মিডিয়াৰ ইতিবাচক দিশ সমূহ হৈছে-

(ক) অতি কম সময়, কম খৰচত বিভিন্ন তথ্য সংগ্ৰহ আৰু প্ৰেৰণ কৰিব পাৰি।

(খ) বিশ্বৰ বিভিন্ন প্রান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি।

(গ) বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰ সংগ্ৰহ, চিঠিপত্ৰৰ আদান-প্রদান, ব্যৱসায় সম্বন্ধীয় আলোচনা, বিভিন্ন বিনোদন, কম্পিউটাৰ গেম, শিক্ষা তথা বৈজ্ঞানিক গবেষণা পত্র সংগ্রহ আৰু অধ্যয়ন আদি দৈনন্দিন ব্যৱহাৰ কৰা হয়।


ছ’চিয়েল মিডিয়া নেতিবাচক দিশ:

সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ কিছুমান থাকে। ছচিয়েল মিডিয়াৰ কিছুমান নেতিবাচক দিশ পৰিলক্ষিত হয়। ইয়াৰ দ্বাৰা যিদৰে সকলো ধৰণৰ জ্ঞান লাভৰ তথ্য আহৰণ কৰিব পাৰি, ঠিক সেইদৰে বহু ছাত্র-ছাত্রীয়ে প্রাপ্তবয়স্কৰ বাবে থকা অপ্রয়োজনীয় তথ্য সংগ্ৰহ কৰি ক্ষতিগ্রস্ত হোৱা দেখা গৈছে।  বহুতে আকৌ অপ্রয়োজনীয় ই- মেইল, মেছেজ, ভিডিঅ’ আদি প্ৰেৰণ কৰি সময় নষ্ট কৰে লগতে বিভিন্ন ধৰণৰ ফটো আপলোড কৰিও সময় নষ্ট কৰে। বিভিন্ন হকাৰে’ মাজে-সময়ে মানুহক বিপথে পৰিচালিত কৰাৰ উপৰিও, বিভিন্ন তথ্য পাতি ‘ভাইৰেল’ কৰাৰ বাবে কেতিয়াবা কোনো-কোনোৱে মৃত্যুক আকোঁৱালি লোৱাও দেখা যায়।


সামৰণি :

বর্তমান পৃথিৱীৰ প্ৰায় সকলো লোকৰ দৰে আমাৰ ভাৰতবৰ্ষতো ছ’চিয়েল মিডিয়া এক সহজলভ্য আৰু সুলভ মাধ্যম হৈ পৰিছে। উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াই বিশ্বৰ দূৰ-দূৰণিৰ সৰু-বৰ সকলো প্ৰান্তৰক সংযোগ ঘটাই। বিশাল পৃথিৱীখনক নিচেই সংকুচিত কৰি পেলাইছে। ছ’চিয়েল মিডিয়াৰ ঋণাত্মক দিশবোৰ ত্যাগ কৰি ধনাত্মক দিশবোৰ গ্ৰহণ কৰিব পাৰিলে যুৱ-প্ৰজন্ম লগতে এটা জাতি, এখন ৰাষ্ট্ৰৰ মংগল সাধন হ’ব।


ছ’চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ | Social Media and Its Impact – Assamese essay. Learn about the role of social media in society, its effects, benefits, and challenges in shaping the modern world.

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

পুথিভঁৰাল | Assamese Essay on Library

Library

Assamese essay on পুথিভঁৰাল | Library (Puthivhoral) –

Discover the importance of libraries, their role in education, and how they empower learning. Perfect for students and competitive exams in Assam. Boost your knowledge with this comprehensive guide!


আৰম্ভণি:

প্রজ্ঞাই প্রাণ পালে মনীষাই বুটলিব। মোৰ চিৰসঞ্চিত অক্ষয় ভাণ্ডাৰৰ হীৰা, মুকুতা, মৰকত মনি। যিসকল মনীষীৰ দীপ্ত কন্ঠ চিৰদিনৰ বাবে অতীতৰ বুকুত হেৰাই গল, যাৰ প্রত্যক্ষ সানিধ্য লাভ কৰি অক্ষয় জ্ঞান ভাণ্ডাৰৰ পৰা সোণৰ সফুৰা বুটলি ল’বলৈ আমি কোনোদিনেই সক্ষম নহঁও। সেইসকলৰ অমৰ লিখনি নিঃসৃত মধুময় বাণী জগতৰ লগত আমি পৰিচিত হব পাৰো গ্ৰন্থৰাজিৰ যোগেদি। এই গ্রন্থৰাজি যত সুশৃংখল আৰু সুৰক্ষিতভাৱে ৰখা  হয় সেয়েই পুথিভঁৰাল। পুথিভঁৰাল অতীত, বর্তমান আৰু ভৱিষ্যতৰ যোগসূত্র। অতীতৰ মনীষীসকলৰ অফুৰন্ত  জ্ঞানৰ ভাণ্ডাৰ বর্তমানৰ প্রতিভাৰ সংশ্ৰৱলৈ বা সংস্পৰ্শলৈ আহে। পুৰণিৰ আলমত নতুনৰ সৃষ্টি হয়। নতুন প্রতিভাই নৱ নৱ সৃষ্টিৰে মানৱ মনৰ খোৰাক যোগায়, অনুসন্ধিৎসাক ইন্ধন যোগায়, পুৰণি হৃদয়ৰ অযুত ভাৱৰাশিক নতুনৰ বোল সানি মনীষাই সঞ্চাৰিত কৰে নতুন হৃদয়লৈ আৰু তাৰেই পৰা ই প্রতিফলিত হব ভবিষ্যতৰ বুকুত। পুথিভঁৰালে জ্ঞানপীপাসুক নিত্য নতুন জ্ঞানৰ সন্ধান দিয়ে। অনুসন্ধিৎসুক গৱেষণাৰ সমল যোগায়, চিন্তাবিদক চিন্তাৰ সমল, ভাবুকক ভাৱৰ সমল যোগায়। মুঠ কথাত লৰা, বুঢ়া, ডেকা, বোৱাৰী আদি যিয়েই সাহিত্য, দর্শন, বিজ্ঞান, ধর্ম, ৰাজনীতি, অর্থনীতি, বাণিজ্য, আমোদ আদি যিহকে বিচাৰে তাৰেই সন্ধান দিয়ে পুথিভঁৰালে। পুথিভঁৰাল জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ। সেয়েহে পুথিভঁৰাল মানৱ জাতিৰ অতি আপুৰুগীয়া সম্পদ।


ইতিহাস:

পুথি ভঁৰাল  ইতিহাস অতি প্রাচীন। যিদিনাৰ পৰাই মানুহে জ্ঞান বৃক্ষৰ গুটি খাই জ্ঞান  লাভৰ, জ্ঞান বিকাশৰ প্রয়াস চলাই আহিছে সেইদিন ধৰি মানৱ সমাজত পুথিভঁৰালৰ ব্যৱহাৰ চলি আহিছে, অৱশ্যে প্রকাৰ ভেদে বর্ণমালা আৰু কাকত আবিষ্কাৰ হোৱাৰ আগতেই বেদৰ বাণী প্রচাৰিত আৰু সংৰক্ষিত হৈছিল, (স্মৰণ শক্তিয়েই তেতিয়া জ্ঞান সংৰক্ষণৰ মাধ্যম আছিল) তেতিয়া জ্ঞান- চর্চাৰ কাৰণে, আহৰণৰ উদ্দেশ্যে, জ্ঞান- পীপাসু পৰিব্রাজক, পর্যটকসকল দেশ দেশান্তৰে ঘূৰি ফুৰিছিল। বর্ণমালা আৱিষ্কাৰৰ পিচত মানুহে ভূর্জপত্র, তালপাত, সাঁচিপাত, জন্তুৰ ছাল, শিল, তামৰ ফলি আদিত জ্ঞান- সম্ভোৰ লিপিবদ্ধ কৰিবলৈ ধৰিলে। মিচৰ দেশত পেপিৰাচ নামৰ গছৰ পাত আৰু ছালত বাণী বোৰ লিপিবদ্ধ কৰা হৈছিল। তাৰপৰা ইংৰাজী ‘পেপাৰ ‘ শব্দৰ উৎপত্তি হয়। কাকত আৰু ছপাশাল আৱিষ্কাৰ হোৱাৰ পিছত পুথিভঁৰলাৰ উন্নয়ন ক্রমাত ব্যৱহাৰ দ্রুত হৈ আহিবলে ধৰে। খৃষ্টীয় প্রথম শতিকাত ৰোম নগৰীত প্রথম পুথিভঁৰাল প্রতিষ্ঠিত হোৱা বুলি ইতিহাসে সাক্ষ্য দিয়ে। তাৰ পিছত ভাৰত চীন, মিচৰ , তিব্বত আৰু বেবিলন নগৰত প্রাচীন পুথিভঁৰালৰ নিদর্শন পোৱা যায়। প্রাচীন কালৰে পৰাই হিন্দুৰ দেৱ দেৱীৰ মন্দিৰ বোৰ আৰু বৌদ্ধমঠ বোধ জ্ঞান- চৰ্চাৰ কেন্দ্ৰ আছিল। নালন্দা আৰু বিক্রমশীলাত পৃথিৱী বিখ্যাত পুথিভঁৰাল থকাৰ প্ৰমাণ পোৱা যায়। বাৰণসীতো এটি বিশাল গ্রন্থাগাৰ আছিল। শ্রী হৰ্ষৰো তেনে এটা পুথি ভঁৰাল আছে বুলি জনা যায়।

বর্তমান জগতত পুথিভঁৰালৰ বিপুল ব্যৱহাৰ হৈছে আৰু তাৰ লগে লগে তাৰ যোগেদি মানুহৰ জ্ঞানৰ পৰিসৰো দ্রুতভাৱে বৃদ্ধি পাইছে। ভাৰতত কলিকতা, মুম্বাই, দিল্লী আদি নগৰীত জাতীয় পুথি ভঁৰাল প্রতিষ্ঠিত হৈছে আৰু ৰাজ্যসমূহতো কেন্দ্রীয়, পুথিভঁৰাল গঢ়ি উঠাৰ উপৰিও জিলাই জিলাই পুথিভঁৰালসমূহ গঢ়ি উঠিছে। তদুপৰি জ্ঞান পিপাসু ৰাইজৰ উদ্যমতো গাঁৱে- ভূঁৱে অসংখ্য পুথি ভঁৰাল প্ৰতিষ্ঠিত হৈ গাঁৱৰ ৰাইজসকলৰ জ্ঞান বর্দ্ধনত মনোনিৱেশ কৰাই উদাৰ ভাৱ ধাৰাৰ সুদূৰপ্রসাৰী দৃষ্টিভংগী সমাজত গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।


শ্রেণী বিভাগঃ

পুথিভঁৰাল কেইবা শ্ৰেণীৰে আছে। যেনেঃ ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল আৰু বিদ্যালয় আদি অনুষ্ঠানসমূহৰ পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰালো আকৌ মালিকীস্বত্ব  অনুযায়ী ৰজাঘৰীয়া বা চৰকাৰৰ দ্ধাৰা প্রতিষ্ঠিত আৰু ৰাইজৰ দান বৰঙণি ওপৰত প্রতিষ্ঠিত এই দুই শ্রেণীৰ হ’ব পাৰে । এই দুই বিধৰ পুথিভঁৰাল সকলো শ্রেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে। বহুতো জ্ঞান- পীপাসু, অনুসন্ধিৎসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ কাৰণে আৰু গৱেষনা আদিৰ সুবিধাৰ কাৰণে নিজাকৈও পুথিভঁৰাল প্রতিষ্ঠা কৰে।বিদ্যালয়ৰ পুথিভঁৰাল বিদ্যালয়ৰ পুজিঁৰে প্রতিষ্ঠিত আৰু বিদ্যালয় দ্বাৰা পৰিচালিত হয়। শিক্ষক ছাত্র- ছাত্রী উভয়ৰ উপযোগী গ্ৰন্থ, পাঠ্যপুথি আদি বিদ্যালয়ৰ পুথিভঁৰাল  সম্পদ। উন্নত আৰু ধনী দেশসমূহত শ্ৰেণী পুথিভঁৰালৰো ব্যৱস্থা আছে, এনে পুথিভঁৰাল সমুহত কেৱল একোটা শ্রেনীৰ বাবে উপযোগী পাঠ্যপুথিসমূহ ৰখা হয়।


পৰিচালনাৰ নিয়মঃ

পুথিভঁৰাল পৰিচালনাৰ নির্দিষ্ট নিয়ম থাকে। সেই নিয়ম মানি নচলিলে নানা আহুকালৰ সৃষ্টি হয়। ৰাজহুৱা পুথিভঁৰালত সদস্যসকলকহে গ্ৰন্থ পঢ়িবলৈ দিয়া হয়। পুথিভঁৰাল সমূহ সুচাৰু ৰূপে পৰিচালিত হয় নিৰ্দ্দিষ্ট কিছু নিয়মৰ মাজেৰে। পাঠকসকলে যদি পুথিভঁৰালৰ নিয়ানুবৰ্তিতা মানি নচলে তেনেহলে নানান সমস্যাৰ উদ্ভৱ হয়। ৰাজহুৱা পুথিভঁৰালত সদস্যসকলক একো খন গ্ৰন্থ পঢ়িবলৈ এসপ্তাহ বা অতি বেছি, পোন্ধৰ দিন ৰখাৰহে নিয়ম। তাৰ পাছত সেইকেইখন গ্রন্থ ঘূৰাই দি পুনৰ নতুন গ্রন্থ নিব পৰাৰ নিয়ম বান্ধি ৰখা হৈছে । কোনো সদস্যই যদি পঢ়িবলৈ নি গ্রন্থ হেৰুৱাই বা নষ্ট কৰে তেনেহলে নিৰ্ধাৰিত  নিয়ম অনুসৰি তেওঁলোকে সেই গ্রন্থৰ মূল্য আদায় দিব। পুথিভঁৰাল সমূহত কিছুমান দুষ্পাপ্য আৰু বহুমূলীয়া গ্রন্থ থাকে, যিবোৰ পঢ়ৱৈক ঘৰলৈ নিবলৈ দিয়া নহয়। তেনে গ্রন্থ পুথি ভঁৰালৰ পঢ়া  কোঠাত পঢ়ি বা আৱশ্যকীয় কথা টুকি লৈ ঘূৰাই দিব লাগে।।

এটা জাতিৰ সভ্যতা, সংস্কৃতি তথা বৌদ্ধিক দিশত যিমানেই চহকী হয় সিমানেই সেই জাতিৰ পুথিভঁৰালসমূহো চহকী হৈ উঠে । পুথি ভঁৰালসমূহ হৈছে মানৱ সভ্যতাৰ প্রতীক স্বৰূপ  কাৰণ এটা জাতিৰ জ্ঞান- বিজ্ঞান, ভাষা- সাহিত্য সংস্কৃতিক কিমান চহকী আৰু বুৰঞ্জী কিমান গৌৰৱ গাঁঠাৰে ভৰপূৰ পুথিভঁৰালত সন্নিবিষ্ট পুথি সমূহেই  তাৰ পৰিচয় দাঙি ধৰে। জাতি,বৰ্ণ, ধর্ম, সম্প্রদায় নির্বিশেষে পুথিভঁৰালৰ দুৱাৰ সকলো শ্রেনীৰ লোকৰ বাবেই উন্মুক্ত। পুথি ভঁৰালক সার্বজনীন পাঠশালা বুলি অভিহিত কৰা হয় কাৰণ জ্ঞানপীপাসু লোকৰ জ্ঞান লাভৰ তৃষ্ণা নিবাৰণ ই এক পবিত্র মন্দিৰ।

প্রজ্ঞাৰ সাধনাৰ প্রতি আসক্ত সকলো শ্রেনীৰ লোকৰ বাবে সকলো প্রকাৰৰ গ্রন্থ, আলোচনী বাতৰি কাকত আদি ক্ৰয় কৰি পঢ়াতো সম্ভৱ নহয়। আমাৰ সমাজৰ এক প্রবচন আছে ‘ ৰাইজে নখ জোকাৰিলে নৈ বয়।” গতিকে প্রত্যেকজন ব্যক্তিৰ পৰা সামান্য পৰিমানৰ হলেও দান বৰঙণি যদি সংগ্রহ কৰা যায় আৰু এই প্রক্রিয়া যদি কিছু দীর্ঘম্যাদী হয় তাৰ ফলশ্রুতিত এটি বৃহৎ পুথিভঁৰাল গঢ় লৈ উঠিব পাৰে। ইয়াৰ বাবে লাগিব কিন্তু ৰাইজৰ উদ্যম, অনুপ্রেৰণা তথা উদ্যগী উদ্যোক্তা।

সাম্প্রতিক সময়ত সকলো শ্রেনীৰ লোকৰ জ্ঞান লাভৰ তৃষ্ণা নিবাৰনৰ হেতু মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা, সমাজ সচেতন কৰি গঢ়ি তুলিবলৈ আৰু বিশ্বৰ ক্ৰমবৰ্ধমান মৈত্রী আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগী গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা ভ্ৰাম্যমান বা চলন্ত পুথি ভঁৰালৰে ব্যৱস্থা কৰা হৈছে। এনে পুথিভঁৰাল, একোখন ঠাইত কিছুদিন ৰাখি পুনৰ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হয়। এনেধৰনৰ পুথিভঁৰালৰ যোগেদিও পঢ়ুৱৈয়ে নানা মূল্যৱান আপুৰুগীয়া গ্রন্থ অধ্যায়নৰ সুযোগ সুবিধা লাভ কৰে।


পৰিচালকৰ দায়িত্ব:

পুথিভঁৰাল এটিৰ স্থায়িত্ব নির্ভৰ কৰে সুপৰিচালনা নীতিৰ ওপৰত। এইক্ষেত্রত পৰিচালকজনৰ দায়িত্ব অধিক। পুথিভঁৰাল এটিৰ পৰিচালক জনক নির্বাচন কৰাৰ আগমূহুর্তত চাব লাগিব তেওঁৰ জ্ঞানৰ পৰিসৰ আৰু দক্ষতাৰ মাপকাঠি কিমান। এজন দক্ষ পৰিচালকে বিভিন্ন জন পঢ়ুৱৈ ৰুচি সন্মত গ্রন্থ প্ৰয়াহে পাঠকৰ সন্মুখত দাঙি ধৰিব পাৰে। পুথিভঁৰালত শ্রেণীবদ্ধ আৰু প্রণালীবদ্ধভাৱে গ্রন্থসমূহ সজাই থব পৰাটোও পৰিচালকজনৰ নৈপুন্যৰ পৰিচায়ক। পৰিচালক জনৰ সুদক্ষ নীতিৰ ওপৰত নির্ভৰ কৰি পঢ়োঁৱৈৰ সংখ্যা বৃদ্ধি হোৱাৰ পথো প্রশস্ত হয় । পঢ়ুৱৈৰ অভিৰুচি, অধ্যয়ন কৰিব পৰাটোও এক প্ৰকাৰৰ কলা। অভিৰুচি অনুযায়ী পুথি আগবঢ়াব পৰাতো তাতকৈও ডাঙৰ কলা। ইয়াৰ বাবে  পৰিচালকজন হব লাগিব প্ৰজ্ঞাৰ সাধক আৰু দায়িত্ববোধ সম্পন্ন এজন ব্যক্তি। সাম্প্রতিক সময়তে পুথি ভঁৰালৰ পৰিচালনা বিজ্ঞানৰ এক অংগ বুলি গণ্য কৰা হৈছে আৰু সেই অনুক্রমে পৰিচালকসকলক প্রশিক্ষন দিয়াৰ ব্যৱস্থা কৰা হৈছে বিশ্বৰ প্রায় সকলো দেশতে।


সামৰণি :

পুথিভঁৰালৰ সফলত নির্ভৰ কৰে পৰিচালকৰ দক্ষতা, পঢ়োৱৈ সমাজৰ আন্তৰিকতা আৰু নিয়মানুবর্তিতাৰ ওপৰত। আমাৰ অসম ৰাজ্য আৰ্থিক ভাৱে যিদৰে পিছপৰা  সেইদৰে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো তাতকৈও  বেছি পিছ পৰা, তাতকৈও বেছি পিছ পৰা পুথি ভঁৰাল অধ্যয়নৰ ক্ষেত্ৰত। পৰিতাপৰ কথা এই যে আমি যদি সমীক্ষা কৰি চাওঁ তেনেহলে দেখিম বহুতো শিক্ষিত লোকে বিদ্যালয় বা মহাবিদ্যালয় সমূহত নিৰ্ধাৰিত পাঠ্যক্ৰম হিচাপে অধ্যয়ন কৰা গ্ৰন্থৰ বাহিৰে আন এখনো গ্ৰন্থ জীৱনত চকুৰ আগত দাঙি লোৱা নাই। অসমত পঢ়োঁৱৈৰ সংখ্যা ইমানেই কম যে একোখন ছপা হোৱা গ্ৰন্থৰ বহুত সংখ্যক গ্ৰন্থ বিক্ৰী নোহোৱাকৈ বছৰৰ পাছত বছৰ ধৰি পুথি বিক্ৰেতাৰ ঘৰত পৰি থাকে।

বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী সকলে পুথি অধ্যয়নৰ দিশটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িব সিমানেই ভাষা সাহিত্যৰ ভঁৰালো চহকী হব আৰু সমগ্ৰ জাতিটো সিমানেই সভ্য, জ্ঞানী , মানী বুলি সকলোৰে পৰা সন্মান লভিবলৈ সক্ষম হব।


Assamese Essay on Library (Puthivhoral) – Unlock the power of knowledge! Explore the importance, benefits, and role of libraries in education and beyond. Ideal for students, exam prep, and essay writing in Assamese.

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

তোমাৰ প্রিয় সাহিত্যিক | Assamese Essay on My Favourite Writer

My Favourite Writer

তোমাৰ প্রিয় সাহিত্যিক | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা Assamese essay on My Favourite Writer: Explore the life, works, and impact of renowned literary figures in Assam’s rich cultural heritage.


আৰম্ভণি

অসমৰ  সাহিত্য ক্ষেত্ৰৰ গুৰি ধৰোতা সকলৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা এজন লেখত ল’ব লগীয়া সাহিত্যিক। মেধা আৰু প্ৰজ্ঞাৰ সাধনাৰে লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যজগত খনত নিজৰ নাম সোণালী আখৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ভাষা সাহিত্যৰ পুৰণি ভঁৰালটোক নতুন সৃষ্টিৰে যেন বিনন্দীয়াকৈ সজালে। এনে এগৰাকী সাহিত্যিক সকলো পাঠকৰ অনুপ্রেৰণাৰ উৎস। সকলো বয়সৰ পাঠকে তেখেতৰ ৰচনাৰাজিৰ পৰা অতি সহজে ৰস্বাদন কৰিব পাৰে সেয়েহে এইগৰাকী সাহিত্যিকেই মোৰ প্রিয় সাহিত্যিক হিচাপে বিবেচেনা কৰিলো। তেখেতৰ জীৱন দর্শন আৰু সাহিত্য ৰসে মোক বৰকৈ আকৃষ্ট কৰে।

lakshminath bezbaruah essay in assamese, My Favourite Writer

বংশৰ পৰিচয়, জন্ম, শিক্ষা, বিবাহ –

১৮৬৪ চন । লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা । তেওঁ এজন মুন্সিফ আছিল। তেওঁ নগাঁওৰ পৰা বৰপেটালৈ বদলি হওঁতে বৰ লুইতৰ বুকুৰে বৰপেটালৈ গৈছিল আৰু নাঁৱতে থানেশ্বৰী বেজবৰুৱা  গর্ভত অসমৰ যুগ যুগান্তৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ  জন্ম হয়। লক্ষ্মীপূর্ণিমা তিথিত জন্ম হৈছিল বাবে তেওঁক লক্ষ্মীনাথ বেজবৰুৱা নাম দিলে। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলত পঢ়ে আৰু তাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰে আৰু কলিকতাত বি.এ,  এম. এ. আৰু আইনো পঢ়িছিল। তেওঁ কলিকতাত থকা কালত বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞা সুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয় ।


সাহিত্যক প্ৰভাৱ

বেজবৰুৱা আছিল আগশাৰীৰ জাতীয়তাবাদী লেখক। কলিকতাৰ কলেজত পঢ়ি থকা সময়তে তেখেতে হেমচন্দ্র গোস্বামী, চন্দ্রকুমাৰ আগৰৱালা আদিৰ লগ লাগি জোনাকী নামৰ কাকত এখন উলিয়াই । পিছত এই জোনাকী লুপ্ত হোৱাত তেঁও বাঁহী নামৰ আলোচনী খন অকলে উলিয়াই আৰু তেখেতৰ মৃত্যুৰ পাছতো এই কাকত খন 1945 চনলৈ উলিয়াই থাকে। হাঁহিব নজনা অসমীয়া জাতিক তেখেতেই প্ৰথমে  হাস্য ৰসৰ সন্ধান দিয়ে। লিহিকৰে সাহিত্যিক জীৱণৰ পাতনি মেলে। কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা , কৃপাবৰ বৰুৱাৰ উভতনি, নোমল, পাচনি, চিকৰ পতি, নিকৰপতি আদিয়ে অসমৰ বুকুত হাঁহিৰ ৰোল তুলি কাণীয়া সোৰোপা আৰু ধোঁদ অসমীয়া জাতি টোক মৃদু বিদ্ৰোপৰে জাতীয় চেতনা জগাই তুলিবলৈ চেষ্টা কৰিছিল। তেখেতৰ একমাত্ৰ কবিতা পুথি কদমতলিত সন্নিবিষ্ট কৰা কবিতাবোৰে স্বাধীনচিতীয়া আৰু স্বদেশ প্ৰেমৰ ইংগিত  দাঙি ধৰে। বীণ  বৰাগী,  অসম সঙ্গীত এনে শ্ৰেষ্ঠ কবিতাৰ উদাহৰণ।  পদুম কুঁৱৰী হৈছে তেখেতৰ একমাত্ৰ উপন্যাস। এই উপন্যাসৰ যোগেদি হৰদত্ত আৰু বীৰদত্তৰ স্বদেশ প্রেম দাঙি ধৰিছে। চক্রধ্বজ সিংহ, জয়মতী কুৱৰী আদি ঐতিহাসিক নাটকৰ জৰিয়তে বেজবৰুবাই অসম বুৰঞ্জীৰ একোটাকৈ গৌৰৱ উজ্জ্বল কাহিনী জনসাধাৰণৰ মাজত প্ৰকাশ কৰে । চৰিত্র চিত্ৰণত বেজবৰুৱাদেৱৰ পাৰদর্শিতা অতুলনীয় জয়মতী কুঁৱৰী নাটকৰ ডালিমী চৰিত্রটি বেজবৰুৱাই অতি সুন্দৰ আৰু নিখুত ভাবে অংকন কৰিছে।  বুঢ়ী আইৰ সাধু ককাদেউতা আৰু নাতি লৰা, জুনুকা, সাধু কথাৰ কুকি তেখেতৰ মনোৰম সাধু কথাৰ পুথি।তেখেতৰ সাধু কথাবোৰ এনে শুৱলা আৰু  হৃদয় স্পর্শ যে লৰাৰ পৰা বুঢ়ালৈকে সমানে আনন্দ পায়। মোৰ জীৱন সোঁৱৰণ, বেজবৰুৱা কর্মময় জীবনৰ এক সুন্দৰ নিদর্শন। ৰচনাৰাজিৰে অসমীয়া সাহিত্য জগত খন তেওঁ চহকী কৰি গৈছে। তেখেত অসমীয়া জাতিৰ দাপোন স্বৰূপ।


ব্যক্তিত্ব –

তেখেত এগৰাকী ব্যক্তিত্ব সম্পন্ন  পুৰুষ আছিল। তেখেতৰ লিখনি আছিল  নিভাঁজ , বলিষ্ট আৰু প্ৰভাৱশালী। তেখেতৰ ৰচনাৰাজীত হাসৰসৰ উমান পায় বাবে ৰসৰাজ আখ্যা দিয়া হয়। অসমীয়া সাহিত্যৰ সকলো দিশৰে পথ পদর্শক হিচাপে তেখেতক সাহিত্যৰথী উপাধিৰে বিভূষিত কৰিছে। ১৯২৪ চনত বহা অসম সাহিত্য সভাৰ সপ্তম খন অধিৱেশনৰ তেওঁ সভাপতি আছিল।


সামৰণি –

 অসমীয়া জাতি আৰু সাহিত্যৰ যিটো অংগই অসম্পূর্ণ বা পাবলগীয়া অৱস্থাত দেখা পাইছিল তাৰেই পৰিপুষ্টিৰ বাবে বেজবৰুৱাই আহোপুৰুষাৰ্থ কৰিছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পাছতে একমাত্ৰ বেজবৰুৱাইহে ভাষা সাহিত্য সকলো অংগলৈ অনবৈদ্য অৱদান আগবঢ়াই গৈছে । এইজনা একনিষ্ঠ ভাষা সাহিত্যৰ পূজাৰীয়ে ১৯৩৮ চনত ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যূত অসমৰ যি ক্ষতি হ’ল সি অপুৰণীয় । শেষত তেখেতৰ ভাষাৰে কওঁ

 “বাজক ডবা, বাজক শঙ্খ, বাজক মৃদং খোল।

অসম আকৌ উন্নতি পথত জয় আই অসম বোল।”


My Favourite Writer in Assamese: A comprehensive essay on their achievements, famous works, and influence on Assamese literature. Lakshminath Bezbaruah essay in assamese

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here