Assam Board Exam

Class 10 Social Science Chapter 4 অসমৰ ভূগোল Page 3

Class 10 Social Science Chapter 4

Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল– সমাধান in Assamese Medium|| All Question Answer

📖 Chapter Overview (in Assamese):

এই পাঠত অসমৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক সম্পদ, জলবায়ু, মাটিৰ ধৰণ, বনাঞ্চল, আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত আলোচনা কৰা হৈছে। পৰিৱেশ আৰু সম্পদ ব্যৱস্থাপনাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে।

Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

অসমৰ ভূগোল

ভূগোল খণ্ড


২৫) অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?

উত্তৰঃ- অসমৰ প্ৰধান মাহজাতীয় শস্যবোৰ হৈছে – মাটি মাহ, মগু মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ আৰু বুট মাহ।


২৬। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমৰ  কাৰ্বি আংলং আৰু ডিমা হাচাও পাৰ্বত্য জিলা দুখনত  ঝুম খেতি কৰা হয় কাৰ্বি আলং জিলাৰ ৫৪৫২ বর্গ কিল’মিটাৰ আৰু ডিমা হাছাও জিলাৰ ২৫৯৭ বর্গ কিল’মিটাৰ মাটিত ঝুম খেতি কৰা হয়। ঝুম খেতি সাধাৰণে জনজাতীয় লোকসকলে পাহাৰৰ এঢলীয়া মাটিত গছ গছনি কাটি চাফা কৰি পৰম্পৰাগত পদ্ধতিৰে খেতি কৰে আৰু দুই তিনি বছৰলৈ মাটিৰ উৰ্বৰতা শেষ নোহোৱালৈকে কৰি থাকে। পিছত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পালে আন এডোখৰ ঠাই নিৰ্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰে। ঝুম খেতি  এক প্রকাৰ মিশ্রিত কৃষি যদিও ইয়াৰ পৰা ভাল উৎপাদন পোৱা নাযায়। ঝুম খেতিয়ে বননি ধ্বংস , ভূমিক্ষয় , বায়ু প্ৰদূষণ , মাটিৰ উৰ্বৰতা হ্রাস আদিৰ নিচিনা পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰে।


২৭) ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি?

উত্তৰঃ- ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ হৈছে

(ক) ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।

(খ) ৰাজ্যখনৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা

(গ) ৰাজ্যখনৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা

(ঘ) বৃহৎসংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা


২৮) সেৱাখণ্ডৰ উদ্যোগ বুলিলে কি বুজা? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ- অৰ্থনীতিত যিবোৰ উদ্যোগে উৎপাদিত সা-সামগ্ৰী উপভোক্তা বা গ্ৰাহকক উপলব্ধ কৰায়, সেইবোৰ খণ্ডৰ লগত জড়িত উদ্যোগক সেৱাখণ্ডৰ উদ্যোগ বোলে।

সেৱা খণ্ডৰ উদ্যোগবোৰ হৈছে – বাণিজ্য, যোগাযোগ আৰু পৰিবহণ, পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়, বেংক আৰু বীমা সকলো ধৰণৰ ব্যৱসায়, লোক প্ৰশাসন।

  উদাহৰণস্বৰূপে, বাণিজ্যৰ জৰিয়তে উপভোক্তাই উৎপাদিত সামগ্ৰী পায়। যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা উৎপাদিত সা-সামগ্ৰী এঠাইৰ পৰা আন এঠাইলৈ অনা নিয়া কৰাৰ লগত জড়িত।


২৯। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি ?

উত্তৰঃ অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ হ’ল- বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্রস্তুতকৰণ উদ্যোগ, কাগজ উদ্যোগ আৰু মীন পালন, পশু পালন আদি।


৩০। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ। অসমৰ চাহ পৃথিৱী বিখ্যাত। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই উদ্যোগে অসমৰ হাজাৰ হাজাৰ লােকক কর্মসংস্থান দিছে। চাহ খেতিৰ বাবে প্ৰয়োজনীয় অনুকূল প্ৰাকৃতিক পৰিৱেশৰ বাবে ৰাজ্যখনত চাহ উদ্যোগ  গঢ়ি উঠিছে । অসমত প্রায় ৭৬৫ খন চাহ বাগিচা আছে আৰু ৭৮,০১১ খন সৰু চাহ বাগিচা আছে। অসমত প্রায় ৩১৮ হাজাৰ  হেক্টৰ মাটিত চাহ খেতি কৰা হয় আৰু ২০১৬ চনত অসমে প্রায় ৬৬৯ হাজাৰ টন চাহ উৎপাদন কৰিছে। অসমৰ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ তথ্যমতে অসমত ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৮৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰে আৰু প্রায় ১০৭ হাজাৰ টন চাহ উৎপাদন কৰি আহিছে। অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে। গােটেই ভাৰতবৰ্ষৰ ভিতৰত ৫০  শতাংশতকৈ অধিক চাহ উৎপাদন অকল অসমতে হয়। দেশৰ ভিতৰত অসমে চাহ উৎপাদনত শীর্ষস্থান দখল কৰি আহিছে।


৩১। অসমৰ মীন উদ্যোগৰ বর্তমান অবস্থা কেনেকুৱা ?

উত্তৰঃ বর্তমান সময়ত অসমৰ অর্থনৈতিক খণ্ডত  মীন উদ্যোগে যথেষ্ট অগ্রগতি লাভ কৰিছে। অসমত মীন উদ্যোগৰ যথেষ্ট থল আছে।  অসমত অসংখ্যা নদ – নদী , প্লাৱন ভূমি , বিল , জলাহ ভূমি আৰু পিটনি , পুখুৰী , খাল আদিৰ দৰে বহুতো নদী উপনদীৰে ভৰা য’ত যথেষ্ট পৰিমাণে মাছ পোৱা যায়। আনহাতে , ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ প্লাৱন ভূমিৰ জলাহ বোৰতো প্রাকৃতিকভাৱে যথেষ্ট পৰিমাণৰ মাছ পোৱা যায়।  অসমত ২০১১-১২ চনৰ উপলব্ধ তথ্য অনুসৰি অনুসৰি  প্রায়  ৬০ হেজাৰ হেক্টৰ মাটিকালি সামৰি ৪৩০খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে লগতে ৪০ হেজাৰ হেক্টৰ মাটিক সামৰি লোৱা প্রায় ৭৬৭ খন অপঞ্জীয়নভুক্ত অন্য বিল আছে। তদুপৰি যথেষ্ট সংখ্যক পুখুৰী , জলাহ , পিটনি , জলাশয় মৎস্যক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়।

মুঠ ৩.৯৪ লাখ হেক্টৰ মীন উৎপাদন ক্ষেত্ৰৰ পৰা  ২০১১-১২ চনত প্ৰায় ৪৪৯০ নিযুত মাছৰ পোনা উৎপাদন কৰা হৈছিল। সেই বছৰতে ৰাজ্যখনত মুঠ ২.৪৪ লাখ টন মাছ উৎপাদন কৰা হৈছিল। যোৱা ১০ বছৰত অসমত মাছৰ পোনা উৎপাদন প্ৰায় ২.৫ গুণ বৃদ্ধি হৈছে যদিও ১.৫ গুণহে মাছৰ উৎপাদন বৃদ্ধি পাইছে।

   জিলা ভিত্তিত মাছৰ পোনা উৎপাদনৰ তথ্যৰ পৰা দেখা যায় ২০১১-১২ বৰ্ষত বৰপেটা জিলাই সৰ্বাধিক মাছৰ পোনা উৎপাদন কৰিছে। তাৰ পিছত কৰিমগঞ্জ আৰু নগাঁও জিলাত অধিক মাছৰ পোনা উৎপাদন হৈছে। সেইদৰে মৎস্য উৎপাদনত নগাঁও জিলা প্ৰথম, কাছাৰ আৰু ধুবুৰী জিলা দ্বিতীয় আৰু তৃতীয় স্থানত আছে

  অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত আশা কৰা ধৰণে বিশেষ অৰিহণা যোগাব পৰা নাই। এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনত মীন উদ্যোগ খণ্ডই কেৱল দুই শতাংশ অৱদান আগবঢ়াইছে। প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমত মাছ উৎপাদন তেনেই সন্তোষজনক নহয়। অসমে বৰ্তমান বাহিৰৰ পৰা বছৰি ০.২০ লাখ টন মাছ ৰপ্তানি কৰে। ৰাজ্যখনত বছৰি ০.৫২ লাখ টন মাছৰ নাটনি হয়। সেয়েহে অসমত মাছৰ দাম অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে।


৩২) অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা?

উত্তৰঃ-অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ হৈছে

(ক) অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পৰম্পৰাগতভাৱে পুৰণি পদ্ধতিৰে চলি আছে।

(খ) অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা।

(গ) জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয়।

(ঘ) বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসমৰ কৃষি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুঠ খেতি কৰা মাটিৰ ২৫ শতাংশতকৈও অধিক মাটিৰ শস্য বছৰী বানপানীয়ে নষ্ট কৰে আৰু গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে বুজন পৰিমাণৰ সাৰুৱা মাটি নদীৰ বুকুত জাহ গৈছে।

(ঙ) খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষিকাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ।

(চ) শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়।

(ছ) শস্য বিশেষকৈ খাদ্য শস্য সংৰক্ষণৰ সুবিধা অতি সীমিত।

(জ) কৃষকে উৎপন্ন কৰা শস্যৰ উচিত মূল্য কৃষকে প্ৰত্যক্ষভাৱে লাভ কৰিব পৰা ব্যৱস্থা নোহোৱাৰ ফলত কৃষকসকল আৰ্থিকভাৱে দুৰ্বল হৈ আছে।

(ঝ) কৃষকসকলে উন্নত মানৰ বীজ, প্ৰয়োজনীয় সাৰ, কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ।

(ঞ) কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত তুলনামূলকভাৱে কম খৰচী বিজুলী শক্তিৰ ব্যৱহাৰ তেনেই সীমিত হৈ আছে।

(ট) কৃষি উন্নতিৰ বাবে ৰাজ্যখনত সামগ্ৰিক আন্তঃগাঁঠনিৰ অভাৱ।


৩৩। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।

উত্তৰঃ অসমৰ ঔদ্যোগিক বিকাশ মন্থৰ হৈ থকাৰ প্ৰধান কাৰণসমূহ হৈছেঃ

(ক ) ৰাজ্যখনৰ প্রাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন সাধন কৰিবলৈ সর্বাত্মক তথা সুসংহত পৰিকল্পনাৰ অভাৱ।

(খ) প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ

(গ) অনুন্নত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

(ঘ) মূলধনৰ অভাৱ

(ঙ) ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়

(চ) স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ

(ছ) উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ

(জ) বিনিয়োগ সন্তুোষজনক নহয়, বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয়।


৩৪) অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা।

উত্তৰঃ- ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত এই পৰ্যন্ত আশানুৰূপ উন্নয়ন নোহোৱাৰ কাৰণসমূহ হৈছে 一

i) অনুন্নত পৰিবহন ব্যৱস্থাঃ-অনুন্নত পৰিৱহণ ব্যৱস্থাৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত এই পৰ্যন্ত আশানুৰূপ উন্নয়ন হোৱা নাই। অসমৰ বহুতো পৰ্যটন স্থলী লৈ যাবলৈ আজি পৰ্যন্ত সুগম বাট- পথৰ ব্যৱস্থা হোৱা নাই। প্ৰায় বিলাক পৰ্যটন স্থলীত কেৱল পথ পৰিবহন ব্যৱস্থাহে উপলব্ধ। ৰে’ল পথ বা আকাশীপথেৰে এতিয়াও সেইবোৰলৈ যাব পৰা অৱস্থা হোৱা নাই।

ii) পৰ্যটনস্থলীৰ দুৰ্বল আন্তঃগাঁথনিঃ- পৰ্যটন উদ্যোগটোৰ ভালদৰে বিকাশ নোহোৱাৰ অন্য এক কাৰণ হৈছে – পৰ্যটনস্থলীৰ আশে-পাশে পৰ্যাপ্ত পৰিমাণে থকা খোৱা, শুৱাৰ ভাল ব্যৱস্থাৰ বাবে হোটেল, ৰেস্তোৰা আদিৰ অভাৱ ǀ

iii) বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱঃ-অসমত থকা পৰ্যটনস্থলীৰ সম্পৰ্কে   বাতৰি-কাকত বা কোনো বৈদ্যুতিক মাধ্যমসমূহত  বিজ্ঞাপন খুব কম পৰিমাণে প্ৰকাশ পায়। যাৰ ফলত বাহিৰৰ পৰ্যটকসকলে অসমত উপলব্ধ পৰ্যটনস্থলীৰ সম্পৰ্কে জ্ঞাত নহয় যাৰ ফলত এই উদ্যোগৰ বিকাশ ভৱা মতে হোৱা নাই।

iv) অপৰ্যাপ্ত মূলধন বিনিয়োগঃ- বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয়। যাৰ ফলত ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত এই পৰ্যন্ত আশানুৰূপ উন্নয়ন হোৱা নাই।


৩৫) অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?

উত্তৰঃ- স্বাধীনতাৰ আগলৈকে অসমত চাহ উদ্যোগ আৰু ডিগবৈ তেল উদ্যোগটোৰ বাহিৰে বিশেষ কোনো উদ্যোগ নাছিল। কিন্তু যোৱা তিনিটা দশকত ৰাজ্যখনত উদ্যোগীকৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি উন্নত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। তাৰ ফলস্বৰূপে ন ন উদ্যোগ গঢ়ি উঠিছে। এই উদ্যোগসমূহৰ ভিতৰত তেল শোধনাগাৰ, পেট্ৰ’ৰাসায়নিক উদ্যোগ, সাৰ কাৰখানা, কাগজ কল, চিমেন্ট উদ্যোগ, চেনী কল, কপাহ উদ্যোগ, মৰাপাট কল আদিয়ে প্ৰধান। বৰ্তমান অসমত ১০০ তকৈও অধিক মধ্যমীয়া বিধৰ আৰু ১৭,৫০০ টা সৰু উদ্যোগ আছে। আনহাতে, হস্ততাঁত আৰু হস্তশিল্পৰ ক্ষেত্ৰত অসম আগবঢ়া। মুগা সূতাৰ উৎপাদন অসমৰ এটা একচেটীয়া উদ্যোগ। পাটশিল্প, বাঁহ-বেতৰ শিল্প, কাঁহ-পিতলৰ শিল্পৰ ক্ষেত্ৰত অসমত এই পৰ্যন্ত উপযুক্ত বজাৰ গঢ়ি উঠা নাই। এইবিলাকত পৰ্যাপ্ত মূলধন বিনিয়োগ হোৱা নাই। চৰকাৰৰ অনিদ্দা আৰু সদিচ্ছাৰ অভাৱত অসমত আজিও স্থানীয় শিল্পজাত সামগ্ৰীয়ে বাহিৰৰ পৰা অহা শিল্পজাত সামগ্ৰীৰ সৈতে ফেৰ মাৰিবলগীয়া হয়। অন্যথা এই হস্তশিল্পজাত সামগ্ৰীয়ে অসমৰ মান বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল হয়।

                 ঠিক তেনেদৰে খনিজ সম্পদতো অসম এখন চহকী ৰাজ্য। খনিজ সম্পদৰাজীৰ পৰা অসমে ভালেখিনি ৰাজহ লাভ কৰে। বনজ সম্পদতো অসমখন চহকী। অসমৰ হাবিত উপলব্ধ বাঁহ, বেত, খেৰ, খৰি, বিল, খালৰ মৎস্য সম্পদৰ পৰা আৰু নদীৰ বুকুত শিল-বালিৰ পৰা অজস্ৰ ৰাজহ লাভ কৰে। পৰ্যটন উদ্যোগটোৰো অসমত যথেষ্ট সম্ভাৱনা লুকাই আছে। সুবিধাজনক যাতায়ত আৰু যোগাযোগ ব্যৱস্থা, বিজ্ঞাপন আদিৰ জৰিয়তে এই উদ্যোগটোৰ বিকাশ সাধন কৰিব পাৰি। ভূমি আৰু জলসম্পদতো অসমখন চহকী ৰাজ্য। কিন্তু মাটিৰ গুণাগুণৰ ভিত্তিত উপযুক্ত ভূমি ব্যৱহাৰৰ পৰিকল্পনা এতিয়াও হোৱা নাই। অসমৰ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ উপনৈৰ প্ৰচুৰ জলসম্পদ বৰ্তমানলৈকে আশাপ্ৰদভাৱে ব্যৱহাৰ হোৱা নাই। উপযুক্ত পৰিকল্পনাৰে অসমৰ জলসম্পদ, কৃষি, উদ্যোগ, শক্তি আৰু পৰিবহন খণ্ডত ব্যৱহাৰ কৰিলে তাৰ পৰা ৰাজ্যখনৰ  অৰ্থনৈতিক বিকাশ তৰাম্বিত হ’ব বুলি আশা কৰিব পাৰি। 

ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ দৰে অসমতো মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা আছে। অসমৰ জনসংখ্যাৰ বৃত্তিগত বৈশিষ্ট্য লক্ষ্য কৰিলে দেখা যায় যে, প্ৰথমিক বৃত্তিৰ বাহিৰে দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক খণ্ডত ৰাজ্যখনে বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই। ৰাজ্যখনৰ বৃহৎ জনসংখ্যাৰ কৰ্মদক্ষতা বৃদ্ধি কৰি অৰ্থনৈতিক খণ্ডসমূহত নিয়োগৰ ব্যৱস্থা কৰিব পাৰিলেহে মানৱ সম্পদৰ উন্নতি আশা কৰিব পাৰি। ইয়াৰ উপৰিও জনসাধাৰণৰ দুৰ্বল শ্ৰেণীৰ লোক, বিশেষকৈ দৰিদ্ৰ, অক্ষম আৰু মহিলাসকলক উপযুক্তভাৱে সৱলীকৰণ কৰিব লাগিব। কেৱল অৰ্থনৈতিক উন্নতিৰ নামত প্ৰাকৃতিক সম্পদৰাজী অবিবেচকভাৱে ব্যৱহাৰ কৰিলে এটা সময়ত এইবোৰ নোহোৱা হৈ গ’লে তাৰ কু-ফল জণগণে ভোগ কৰিব লাগিব।


🧠 Chapter Summary (Assamese):

অসম এখন সুন্দৰ আৰু সম্পদ-সমৃদ্ধ ৰাজ্য। ইয়াৰ ভূ-অৱস্থান আৰু পৰিৱেশ গঠন পৃথিৱীৰ অন্য অংশৰ সৈতে তুলনাত ভিন্ন। এই পাঠৰ জৰিয়তে অসমৰ মাটি, জলবায়ু, বনজ আৰু খনিজ সম্পদৰ ওপৰত গভীৰ জ্ঞান লাভ কৰিব পাৰি।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science Chapter 4 ( Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 4 অসমৰ ভূগোল Page 2

Class 10 Social Science Chapter 4

Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল– সমাধান in Assamese Medium|| All Question Answer

📖 Chapter Overview (in Assamese):

এই পাঠত অসমৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক সম্পদ, জলবায়ু, মাটিৰ ধৰণ, বনাঞ্চল, আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত আলোচনা কৰা হৈছে। পৰিৱেশ আৰু সম্পদ ব্যৱস্থাপনাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে।

Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

অসমৰ ভূগোল

ভূগোল খণ্ড


১৩। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।

উত্তৰ অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ হৈছে-

 (ক) পাহাৰ, মালভূমি, সমভূমি, প্লাবন ভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূপ্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়

(খ) অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।

(গ) ৰাজ্যখনৰ পিছপৰা পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে চৰকাৰে গ্রহণ কৰা আঁচনিসমূহ নিৰ্ধাৰিত সময়ত আৰু সঠিক ৰূপত কাৰ্য্যকৰী নকৰাৰ বাবে পৰিবহণ ব্যৱস্থাৰ দ্রুত উন্নয়ন সম্ভৱ হৈ উঠা নাই।

(ঘ) সময়ে সময়ে উদ্ভৱ হোৱা গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সমস্যাৰ লগতে উগ্ৰপন্থীৰ সমস্যাৰ ফলত সৃষ্টি হোৱা সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে ৰাজ্যখনত দেশী- বিদেশী বিনিয়োগ হ্ৰাস পাইছে। ইয়াৰ ফলত বেপাৰ-বাণিজ্যৰ সম্প্ৰসাৰণ সীমিত হৈছে আৰু পৰিবহন ব্যৱস্থা বাধাগ্ৰস্ত হৈছে।

(ঙ) অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে যদিও ইয়াৰ উন্নয়নৰ বাবে এতিয়াও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে ৰাজ্যখনৰ পৰিবহন ব্যৱস্থাটোৱেও উন্নতি লাভ কৰিব।


১৪) সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি?

উত্তৰ আমাৰ পৰিৱেশত থকা যিবিলাক দ্রব্য বা বস্তুক  ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ। সেই বিলাককে সম্পদ বুলি কোৱা হয়।

অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হৈছে – ভূমি সম্পদ, বনজ সম্পদ, খনিজ সম্পদ আৰু জল সম্পদ।


১৫) অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা।

উত্তৰঃ- অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হৈছে – ডিগবৈ, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী, বৰহোলা আৰু আমগুৰি।


১৬) অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ- অসমখন জলসম্পদত চহকী ৰাজ্য। অসমত পৰ্যাপ্ত পৰিমাণে পৃষ্ঠ-জল আৰু ভূ-তল জল আছে। প্ৰচুৰ বৰষুণ, গোটেই বছৰ ধৰি বৈ থকা নদ-নদীৰ জলপ্ৰৱাহ, খাল, পিতনি, জলাহ, আৰ্দ্ৰভূমি আদি জলৰাশিয়ে অসমৰ পৃষ্ঠ-জল সম্পদ সমৃদ্ধ কৰি ৰাখিছে। ৰাজ্যখনৰ দুখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈবোৰে দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰি ৰাখিছে। ৰাজ্যখনত অলেখ সৰু-বৰ পিতনি আৰু জলাহৰ ওপৰিও প্ৰায় তিনি হাজাৰৰো অধিক আৰ্দ্ৰভূমি আছে। এইবোৰত নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ পোৱা যায়। পৃষ্ঠ-জল সাধাৰণতে বোৱতী নদ-নদীৰ জলৰাশি কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্ৰয়োজনত, উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ হৈ আছে। আনহাতে, সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূ-তল জলসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূমিপৃষ্ঠৰ পৰা ৫ মিটাৰ গভীৰতাৰ ভিতৰতে ভূ-তল জল স্তৰ পোৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰিও ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।


১৭। অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি ?

উত্তৰঃ অসম প্রাকৃতিক সম্পদত চহকী ৰাজ্য কিন্তু বৰ্তমান সময়ত প্রাকৃতিক আৰু মানৱজনিত কাৰকৰ বাবে প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয় হয়।

প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ প্রধান কাৰণসমূহ হ’ল:

 (ক) জনসংখ্যা বৃদ্ধিঃ- অবাধ হাৰত বৃদ্ধি পোৱা জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলাইছে। ন ন অঞ্চলত মানুহৰ বসতি হোৱাৰ ফলত অৰণ্য, কৃষিভূমি  আদিবোৰ সংকুচিত হৈ আহিছে। বহুতো জীৱ-জন্তু বিলুপ্তি পাইছে।

(খ) পৰিৱেশ প্ৰদূষণঃ- মানুহৰ অবিবেচক কাম-কাজবোৰৰ ফলত পৰিৱেশ প্ৰদূষণ দ্ৰুত গতিত বৃদ্ধি পাইছে। নিৰ্বনানীকৰণ, উদ্যোগীকৰণ, নগৰীকৰণ আদি প্ৰক্ৰিয়া অব্যাহত থকাৰ ফলত সম্পদৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। বায়ু, মাটি আৰু পানী প্ৰদূষণে আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।

(গ) বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱঃ- সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত নীতি আঁচনি প্ৰস্তুত কৰি তাক বাস্তৱায়িত কৰিবলৈ ব্যক্তিগত, সামাজিক বা চৰকাৰী পৰ্যায়ত তৎপৰতা দেখিবলৈ পোৱা নাযায়। বহু সময়ত চৰকাৰীভাৱে কোনো পদক্ষেপ ল’লেও জনসাধাৰণৰ মাজত সচেতনতাৰ অভাৱে সেইবোৰ অৰ্থহীন কৰে।

(ঘ) সম্পদ অপব্যৱহাৰঃ- প্ৰাকৃতিক সম্পদসমূহ প্ৰকৃতিৰ মুক্ত দান বুলিও কোৱা হয়। কিন্তু এই পৰ্যন্ত মানুহে ইয়াৰ সদব্যৱহাৰ কৰিবলৈ শিকা নাই। সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহৰ অদূৰদৰ্শী মনোভাৱহে দেখা যায়।


১৮। বর্ধিত জনসংখ্যাৰ প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে ?

উত্তৰ বৰ্দ্ধিত জনসংখ্যাই তলত দিয়া ধৰণে প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰভাৱ পেলাইছে

(ক) বর্ধিত জনসংখ্যাৰ কাৰণে অধিক বাসভূমিৰ প্ৰয়োজন হৈছে। বসতি স্থাপন কৰিবলৈ বনাঞ্চল ধ্বংস কৰিবলগীয়া হৈছে। যাৰ ফলত প্ৰাকৃতিক সম্পদ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে।

(খ ) জনসংখ্যা বৃদ্ধিৰ বাবে খাদ্য – শস্যৰ উৎপাদন বৃদ্ধিৰ প্ৰয়োজন হৈছে। খেতি কৰিবলৈ কৃষিযোগ্য মাটিৰ সংকোচন হৈছে।

(গ ) বর্ধিত জনসংখ্যাই পৰিবহণ , উদ্যোগ আৰু শক্তি খণ্ডৰ সমান্তৰাল বিকাশ সূচায় যাৰফলত অনবীকৰণযোগ্য খনিজ সম্পদসমূহৰ পৰিমাণ হ্রাস পাইছে। বায়ু , পানী আৰু ভূমি সম্পদবােৰ প্ৰদূষিত হৈছে।

(ঘ ) অধিক শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ, কীটনাশক দৰব ব্যবহৃত হৈছে, যাৰ ফলত মাটি, পানী প্ৰদূষিত হৈ জৈৱ-বৈচিত্র্যত বিৰূপ প্ৰতিক্ৰিয়া হৈছে।

(ঙ ) জলাশয়, আর্দ্রভূমি ধ্বংস হৈছে।


১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা ( সমস্যা ) নে সম্পদ ? আলোচনা কৰা।

উত্তৰঃ অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বাবে এক সহিব নোৱাৰা বোজা হৈ পৰাটো সত্য যাৰ ফলত অসমৰ প্ৰাকৃতিক সম্পদ সমূহ অবক্ষয় হৈছে কিন্তু এই বৃহৎ জনসংখ্যাক বোজা হ’বলৈ নিদি সম্পদ হিচাপে গঢ়ি তুলাৰ বাবে তলত দিয়া ধৰণৰ সঠিক পদক্ষেপ গ্রহণ কৰিব লাগিব।

 (ক) গ্রাম্যাঞ্চলত আৰু মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ ব্যৱস্থা গ্রহণেৰে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিব লাগিব।

(খ) চৰকাৰে  শিক্ষা সম্প্রসাৰণৰ বাবে অধিক পুঁজিৰ ব্যৱস্থা কৰিব লাগিব।

(গ) চৰকাৰে বৃত্তিমূলক প্রশিক্ষণ প্রতিষ্ঠান আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা উচিত।

(ঘ) চৰকাৰে ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্যখনত যুৱচামৰ কাৰ্মসংস্থানৰ অৰ্হতা বৃদ্ধিৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰা উচিত যাতে তেওঁলোকে শিক্ষাগত অৰ্হতা , বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞান লাভ কৰিব পাৰে।

(ঙ) ৰাজ্যখনৰ মেধাবী ল’ৰা – ছোৱালী বোৰক উচ্চশিক্ষাৰ বাবে উদগতি কৰিব লাগে। তেওঁলােকক অর্থনৈতিকভাবে এই ক্ষেত্ৰত সহায় – সহযোগিতা আগবঢ়োৱা প্ৰয়োজন ।

(চ) কাৰিকৰি শিক্ষাৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে এই শিক্ষা লাভ কৰি কোনোৱে নিবনুৱা হৈ থাকিব নালাগে।


২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্রহণ কৰিব লাগে ?

উত্তৰঃ অসমত মানৱ সম্পদ গঢ়াৰ কাৰণে লোৱাপদক্ষেপসমূহ হ’ল :

(ক) গ্রাম্যাঞ্চলত আৰু মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ ব্যৱস্থা গ্রহণেৰে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিব লাগিব।

(খ ) চৰকাৰে  শিক্ষা সম্প্রসাৰণৰ বাবে অধিক পুঁজিৰ ব্যৱস্থা কৰিব লাগিব।

(গ ) চৰকাৰে বৃত্তিমূলক প্রশিক্ষণ প্রতিষ্ঠান আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰিব লাগিব।

(ঘ) চৰকাৰে ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্যখনত যুৱচামৰ কাৰ্মসংস্থানৰ অৰ্হতা বৃদ্ধিৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰা উচিত যাতে তেওঁলোকে শিক্ষাগত অৰ্হতা , বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞান লাভ কৰিব পাৰে।

 (ঙ) ৰাজ্যখনৰ মেধাবী ল’ৰা – ছোৱালী বোৰক উচ্চশিক্ষাৰ বাবে উদগতি কৰিব লাগে। তেওঁলােকক অর্থনৈতিকভাবে এই ক্ষেত্ৰত সহায় – সহযোগিতা আগবঢ়োৱা প্ৰয়োজন ।

(চ) কাৰিকৰি শিক্ষাৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে এই শিক্ষা লাভ কৰি কোনোৱে নিবনুৱা হৈ থাকিব নালাগে।


২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসম এখন কৃষি প্রধান ৰজ্য। ৰাজ্যখনৰ লোকসকলৰ প্রধান জীৱিকা হ’ল কৃষি । অসমৰ প্ৰায় ৭৫ শতাংশ লোকে কৃষি কাৰ্যৰ দ্বাৰা প্রত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা নির্বাহ কৰে। অসমৰ অর্থনৈতিক উন্নতিত কৃষিখণ্ডই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। কৃষিয়েই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি।

 চাহ , মৰাপাট , ৰবৰ আদি কৃষিজাত সামগ্রি ৰপ্তানি কৰি অসমে অধিক ৰাজহ উপার্জন কৰিব পাৰিছে। দেশৰ ভিতৰত ৫০ শতাংশ চাহ অসমতেই উৎপাদন কৰা হয়। ইয়ে অসমৰ অর্থনীতি বুজন সংখ্যক উপার্জন আনি দিছে।

ইয়াৰ উপৰিও ৰেচম উদ্যোগ অসমৰ এটা প্ৰধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনিবিধ ৰেচম-এৰি, মুগা আৰু নুনি পাট উৎপাদন কৰা হয়।অসমৰ মুগা সূতা পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত মুগা সূতাৰ ৯৭ শতাংশ অসমত উৎপাদিত হয়। আনহাতে  ভাৰতত উৎপাদন হোৱা এৰি সূতাৰ ৬৫ শতাংশ উৎপাদিত হয় অসমত। ৰেচম উদ্যোগে অসমৰ অৰ্থনীতিত এক গুৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

অসমত থকা আন কৃষিভিত্তিক উদ্যোগসমূহ হৈছে  যেনে – খাদ্য – সামগ্রী নির্মাণকাৰী উদ্যোগ  , কাগজ উদ্যোগ , চেনি উদ্যোগ , তৈলবীজ উদ্যোগ আদি সম্পূৰ্ণৰূপে কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল।

অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়, যেনে-আহু ধান, শালিধান আৰু বড়োধান। ধানৰ উপৰি অসমৰ প্রধান খাদ্যশস্য হৈছে- ঘেঁহু, গোমধান আৰু নানাবিধ মাহ জাতীয় শস্য।


২২) অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।

উত্তৰঃ- অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা হৈছে 一

1) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

2) উত্তৰ পাৰৰ সমভূমি অঞ্চল

3) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

4) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

5) বৰাক উপত্যকা অঞ্চল

6) পাৰ্বত্য অঞ্চল

এইদৰে কৃষি অসমৰ অৰ্থনীতিৰ এটা প্রধান স্তম্ভৰূপে দেখা যায়। অসমৰ ৰাজহৰ এক বুজন পৰিমাণ কৃষি খণ্ডৰ পৰাই লাভ কৰা হয়।

এই অঞ্চল কেইটাৰ বৈশিষ্ট্য হৈছে 一

ক ) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- কামৰূপ , কামৰূপ ( মহানগৰ ) , নলবাৰী , বাক্সা , বৰপেটা , বঙাইগাঁও , চিৰাং , কোকৰাঝাৰ , ধুবুৰী আৰু গােৱালপাৰা এই দহখন জিলা এই অঞ্চলৰ অন্তর্গত।এই অঞ্চলৰ  মুঠ কৃষিভূমি হ’ল ৯.৩০ লাখ হেক্টৰ। ৪.৬৯ লাখ হেক্টৰ  মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

খ ) উত্তৰ পাৰৰ সমভূমি অঞ্চল :- দৰং , ওদালগুৰি , শােণিতপুৰ , লখিমপুৰ আৰু ধেমাজি এই পাঁচখন জিলা এই অঞ্চলৰ অন্তর্গত। এই অঞ্চলটোৰ মুঠ কৃষি ভূমি হল ৫.৩৭ লাখ হেক্টৰ ইয়াৰে ৩.৩৬ লাখ হেক্টৰ মাটিত  এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

গ ) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- নগাঁও আৰু মৰিগাঁও জিলাক লৈ গঠিত। মুঠ কৃষিভূমি হ’ল ৩.২৮ লাখ হেক্টৰ। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ০.৮৬ লাখ হেক্টৰ

ঘ ) উজনিব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , গোলাঘাট আৰু যোৰহাট জিলাৰে গঠিত এই অঞ্চলৰ। মুঠ কৃষিভূমি ৬.২০ লাখ হেক্টৰ। ৩১.২৯ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

ঙ ) বৰাক উপত্যকা অঞ্চল :- কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলা এই অঞ্চলৰ অন্তৰ্গত। জিলাখনৰ মুঠ কৃষিভূমি ২.৪২ লাখ হেক্টৰ। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমি হ’ল ১.০২ লাখ হেক্টৰ।

চ ) পার্বত্য অঞ্চল :- কাৰ্বি আলং আৰু ডিমা হাচাও জিলা এই অঞ্চলৰ অন্তৰ্গত। মুঠ কৃষিভূমি হৈছে ১.৫৪ লাখ হেক্টৰ। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমি হ’ল ১.০১ লাখ হেক্টৰ। ইয়াৰে বেছি ভাগেত ঝুম খেতি কৰা হয়।


২৩। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমৰ প্ৰধান শস্য হ’ল ধান। ৰাজ্যখনৰ আটাইকেইটা কৃষি-বায়বীয় অঞ্চলতে ধান খেতি কৰা হয়। অসমত প্ৰধানকৈ তিনি প্রকাৰৰ ধান খেতি কৰা হয় সেইবোৰ হ’ল- আহু ধান,শালি ধান,  বড়ো ধান।

ক ) শালি ধান :- অসমত বিস্তৃতভাৱে শালি ধানৰ খেতি কৰা হয়। অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্রায় ৭০ শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয়। এই খেতি ৰোপন পদ্ধতিৰে জুলাই – আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ – ডিচেম্বৰ মাহত চপোৱা হয়।

খ ) আহু ধান :- আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি ব্রহ্মপুত্র উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃত ভাৱে কৰা হয়। এই খেতি ফেব্ৰুৱাৰী – মার্চ মাহত আৰম্ভ কৰি জুন – জুলাই মাহত এই খেতি চপোৱা হয়।

গ ) বড়ো ধান :- বড়ো ধানৰ খেতি অসমৰ প্রায় আটাইকেইখন জিলাতে কৰা হয়। এই ধানৰ খেতি সাধাৰণতে দ ঠাই বিলাকত শীতকালত আৰম্ভ কৰি বাৰিষা  জুন – জুলাই মাহত বানপানী হোৱাৰ আগে আগে চপোৱা হয়। এই খেতি বানপীড়িত অঞ্চলৰ কৃষকসকলৰ মাজত অতিকৈ জনপ্রিয় কাৰণ বানপানীয়ে শালি ধানৰ খেতি নষ্ট কৰি পেলায়।


২৪)  ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?

উত্তৰঃ- ধান  অসমৰ প্ৰধান শস্য। অসমৰ আটাইকেইটা কৃষি জলবায়ৱীয় অঞ্চলতে ধান খেতি কৰা হয়। অসমৰ সমভূমি এলেকাৰ লগতে পাহাৰীয়া অঞ্চলতো ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়।  ২০১১-১২ চনত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰি ৫০.৪৫ লাখ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছিল। ধান খেতিৰ বাবে অনুকূল জলবায়ু , পর্যাপ্ত পানী , উৰ্বৰ ভূমি , প্লাৱন ভূমি এই আটাইকেইটা কাৰক অসমত বিৰাজমান বাবে ধান অসমৰ প্ৰধান শস্যত পৰিণত হৈছে।


🧠 Chapter Summary (Assamese):

অসম এখন সুন্দৰ আৰু সম্পদ-সমৃদ্ধ ৰাজ্য। ইয়াৰ ভূ-অৱস্থান আৰু পৰিৱেশ গঠন পৃথিৱীৰ অন্য অংশৰ সৈতে তুলনাত ভিন্ন। এই পাঠৰ জৰিয়তে অসমৰ মাটি, জলবায়ু, বনজ আৰু খনিজ সম্পদৰ ওপৰত গভীৰ জ্ঞান লাভ কৰিব পাৰি।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science Chapter 4 ( Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 2- Geography MCQs Part 2

Class 10 Social Science Chapter 2

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Science Chapter 2 (Geography)­­­­­ – as per the New Exam Pattern Complete MCQs in Assamese Medium

Chapter Overview (in Assamese):

এই অধ্যায়ত পৰিৱেশৰ অৰ্থ, গঠন আৰু উপাদানসমূহৰ ওপৰত আলোচনা কৰা হৈছে। লগতে, মনুষ্যসৃষ্ট আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা, পৰিবেশ দূষণ, বন উজাৰ, জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱসমূহ বুজাব পৰা যায়। এই অধ্যায়টো পাঠকৰ পৰিৱেশ প্ৰতি দায়িত্বশীলতা বঢ়াবলৈ সহায়ক।

Class 10 Social Science Chapter 2 (Geography)­­­­­ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা– Complete MCQs in Assamese Medium

দশম শ্ৰেণী

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

ভূগোল খণ্ড


৩১) ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা সমূহক কেই ধৰণে বিবেচনা কৰিব পাৰি?

(a) ৩ ধৰণে।

(b) ৫ ধৰণে।

(c) ৪ ধৰণে।

(d) ৬ ধৰণে।

উত্তৰ (a) ৩ ধৰণে।


৩২) তলৰ কোনটো পৰিৱেশৰ স্থানীয় সমস্যা?

(A) ক্ষুদ্র উদ্যোগ আৰু সীমিত ভূমি প্রদূষণ।

(B) অসমৰ বানপানী সমস্যা।

(C) গোলকীয় উত্তাপ।

(D) বিশাল উদ্যোগকি অঞ্চলৰ পানী প্রদূষণ।

উত্তৰ (A) ক্ষুদ্র উদ্যোগ আৰু সীমিত ভূমি প্রদূষণ।


৩৩) অসমৰ ব্ৰহ্মপুত্র নদীৰ ফলত হোৱা পাৰ খহনীয়া কেনেধৰণৰ পৰিৱেশিক সমস্যাৰ উদাহৰণ

(a) স্থানীয়

(b) আঞ্চলিক

(c) ৰাষ্ট্ৰীয়

(d) গোলকীয়

উত্তৰ (b) আঞ্চলিক


৩৪) গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে-

(ক) বায়ুমণ্ডলত নাইট্ৰ’জেনৰ উপস্থিতি বৃদ্ধি

(খ) বায়ুমণ্ডলত অক্সিজেনৰ উপস্থিতি বৃদ্ধি

(গ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ উপস্থিতি বৃদ্ধি

(ঘ) বায়ুমণ্ডলত মিথেনৰ উপস্থিতি বৃদ্ধি

উত্তৰ (গ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ উপস্থিতি বৃদ্ধি


৩৫) …….ৰ মতে পৰিৱেশ হৈছে মাটি, পানী, বায়ু আৰু জীৱৰ আন্তঃক্ৰিয়াৰ পৰিণতি।

(ক) কার্ল ৰিটাৰ

(খ) আর্নেল্ডো ফ’ষ্টিনি

(গ) ইমানুৱেল কাণ্ট

(ঘ) পিটাৰ হেগেট

উঃ (ঘ) পিটাৰ হেগেট


৩৬)’ Homo sapiens’ ৰ অৰ্থঃ

(ক) উদ্ভিদ

(খ) প্রাণী

(গ) মানুহ

(ঘ) মাটি

উঃ(গ) মানুহ


৩৭) তলৰ কোনটো এটা সেউজগৃহ গেছ?

(ক) কার্বন ডাই-অক্সাইড (CO₂)

(খ) মিথেন (CH)

(গ) নাইট্রাছ অক্সাইড (N₂O)

(ঘ) ইয়াৰ আটাইকেইটা

উঃ(ঘ) ইয়াৰ আটাইকেইটা


৩৮) ইয়াংছি নদী ত অৱস্থিত।

(ক) চীন দেশ

(খ) ভাৰত

(গ) আমেৰিকা

(ঘ) কানাডা

উঃ (ক) চীন দেশ


৩৯) ভূপৃষ্ঠৰ গেছীয় তৰপটোক…… বুলি কোৱা হয়।

(ক) বায়ুমণ্ডল

(খ) জীৱ মণ্ডল

(গ) স্থল মণ্ডল

(ঘ) এটাও নহয়

উত্তৰ (ক) বায়ুমণ্ডল


৪০) ভূপৃষ্ঠৰ জীৱ থকা অংশটোক ….. বুলি জনা যায়।

(ক) জীৱমণ্ডল

(খ) বায়ু মণ্ডল

(গ) জল মণ্ডল

(ঘ) এটাও নহয়

উত্তৰ (ক) জীৱমণ্ডল


৪১) মেৰু অঞ্চলৰ বৰফাবৃত এলেকাবোৰক কি নামেৰে জনা যায়?

উত্তৰ শীতল মৰুভূমি

৪২) ভাৰতৰ কোনটো অংশ বৃহৎভাবে মৰুকৰণৰ দ্বাৰা প্রভাৱিত হৈছে?

উত্তৰ ভাৰতৰ উত্তৰ-পশ্চিম অংশটো

৪৩) পৰিৱেশৰ উপাদান কেইটা কি কি?

উঃ ২ টা । জৈৱ উপাদান আৰু অজৈৱ উপাদান

৪৪) গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত কোনটো সেউজগৃহ গেছৰ অৱদান সর্বাধিক?

উত্তৰ কার্বন ডাই-অক্সাইড

৪৫) পৃথিৱীৰ পৰিৱেশ নিৰ্ধাৰণ কৰা প্ৰধান মণ্ডলকেইটা কি কি?

উত্তৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল।


৪৬) কেতিয়া এছিড বৰষুণৰ সৃষ্টি হয়?

উত্তৰ বায়ুমণ্ডলত নাইট্র ‘জেন ডাই-অক্সাইড আৰু ছালফাৰ ডাই-অক্সাইডৰ গাঢ়তা অধিক হ’লে এছিড বৰষুণৰ সৃষ্টি হয়।

৪৭) এছিড বৰষুণৰ দ্বাৰা অধিক মাত্ৰাত প্রভাৱিত কেইখনমান ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, পূব কানাডা আৰু পশ্চিম ইউৰোপ।

৪৮) মৰুকৰণত অৰিহণা আগবঢ়োৱা মানৱসৃষ্ট কাৰককেইটা কি কি?

উত্তৰ নিৰ্বনানীকৰণ, অত্যধিক পশুচাৰণ আৰু কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণ।

৪৯) ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত নাইৰোবিত মৰুকৰণৰ ওপৰত অনুষ্ঠিত সন্মিলনত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো লিখা।

উত্তৰ ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত নাইৰোবিত মৰুকৰণৰ ওপৰত অনুষ্ঠিত সম্মিলনখনত মৰকৰণ আগবঢ়োৱা সংজ্ঞাটো হৈছিল “মৰকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট হৈ অৱশেষত মৰু সদৃশ অৱস্থাৰ সৃষ্টি হয়।”


৫০) এছিড বৰষুণৰ পৰা হোৱা ক্ষতিসমূহ উল্লেখ কৰা।

উঃ এছিড বৰষুণৰ পৰা হোৱা ক্ষতিসমূহ হ’লঃ

(i) ই অৰণ্য ধ্বংস কৰে।

(ii) জলাশয় আৰু নদীসমূহৰ পানী দূষিত কৰে।

(iii) জলজ উদ্ভিদ আৰু প্ৰাণীসমূহৰ বিলুপ্তি ঘটায়।

( iv) কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন কৰে।


৫১) সত্য নে অসত্য উল্লেখ কৰা

১। মৰুভূমি আৰু মৰুকৰণে একে অর্থ প্রকাশ কৰে।

 উত্তৰ অসত্য

২) শেহতীয়া পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ মূল কাৰণ হৈছে মানৱ কার্যকলাপসমূহ।

উত্তৰ সত্য

৩) ভূপৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ ৩০ শতাংশ বায়ুমণ্ডলত থকা মেঘ আদিৰ লগতে ভূপৃষ্ঠই প্রতিফলিত কৰে।

উত্তৰ সত্য

৪) জীৱ-জগতৰ প্রতিটো জীৱ সমষ্টি বা সম্প্রদায়ে চাৰিওফালৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰ সত্য

৫) এটা আঞ্চলিক সমস্যাই একাধিক দেশক সামাৰিব পাৰে।

উত্তৰ সত্য

৬) মৰুকৰণৰ সমস্যা কেৱল উত্তৰ আমেৰিকাতহে আছে।

উত্তৰ অসত্য

৭) গোলকীয় সমস্যাৰ ব্যৱস্থাপনাত ব্যক্তিগত প্রয়াস আৱশ্যক হয়।

উত্তৰ অসত্য

৮) মৰুভূমিৰ পৰিৱেশ শুকান।

উত্তৰ সত্য

৯) প্রাকৃতিক কাৰকৰ পৰিপ্ৰেক্ষিতত বৰ্তমান উষ্ণতাৰ পৰিৱৰ্তন সাধন হৈছে।

উত্তৰ অসত্য

১০। আফ্ৰিকাৰ মুঠ শুষ্ক অঞ্চলৰ প্ৰায় ১৮ শতাংশ মৰকৰণৰ দ্বাৰা প্ৰভাৱিত হৈছে।

উত্তৰ সত্য


🧠 Chapter Summary (Assamese):

পৰিৱেশ হৈছে জীৱ আৰু অজীৱ বস্তুৰ পৰস্পৰৰ সংযোগ। আধুনিক সভ্যতাৰ প্ৰভাৱত পৰিৱেশত বহু সমস্যা সৃষ্টি হৈছে, যেনে – বায়ু আৰু জল দূষণ, বন উজাৰ, প্লাষ্টিক প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন। এইবোৰৰ প্ৰতিকাৰ হিচাপে পরিবেশ সংৰক্ষণ প্ৰয়োজন।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science Chapter 2 (Geography)­­­­­ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা– Complete Question Answer in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 2- Geography MCQs

Class 10 Social Science Chapter 2

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Science Chapter 2 (Geography)­­­­­ – as per the New Exam Pattern Complete MCQs in Assamese Medium

Chapter Overview (in Assamese):

এই অধ্যায়ত পৰিৱেশৰ অৰ্থ, গঠন আৰু উপাদানসমূহৰ ওপৰত আলোচনা কৰা হৈছে। লগতে, মনুষ্যসৃষ্ট আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা, পৰিবেশ দূষণ, বন উজাৰ, জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱসমূহ বুজাব পৰা যায়। এই অধ্যায়টো পাঠকৰ পৰিৱেশ প্ৰতি দায়িত্বশীলতা বঢ়াবলৈ সহায়ক

Class 10 Social Science Chapter 2 (Geography)­­­­­ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা– Complete MCQs in Assamese Medium

দশম শ্ৰেণী

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

ভূগোল খণ্ড


১) শুদ্ধ বিকল্পটো বাছি উলিওৱা

a) নাইট্ৰজেন।     i) ২০.৯৪%

b) অক্সিজেন।     ii) ০.৯৩৪%

c) কাৰ্বন ডাই অক্সাইড। iii) ০.০৩৫%

d) আৰ্গন।         iv) ৭৮.০৮%

A) a – iv, b – i, c – iii, d – ii

B) a – iv  , b – iii , c – ii , d – i

 C) a – iv , b – iii, c – i , d – iii

D) a – iv, b – ii, c – iii, d- i

Ans A) a – iv, b – i, c – iii, d – ii


২) মৰুকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কোনখন মহাদেশ অধিক মাত্রাত প্রভাৱিত?

(ক) উত্তৰ আমেৰিকা

(খ) দক্ষিণ আমেৰিকা

(গ) ইউৰোপ

(ঘ) আফ্রিকা

উঃ(ক) উত্তৰ আমেৰিকা


৩) মাউন্ট পিনাটুব’ ত অৱস্থিত।

(ক) চিলি

(খ) ফ্রান্স

(গ) ব্রাজিল

(ঘ) ফিলিপাইন

উঃ(ঘ) ফিলিপাইন


৪) গোলকীয় উষ্ণতা ফলত বৃদ্ধি পাইছে

(a)  সমুদ্রৰ জলপৃষ্ঠ হ্রাস

b) শস্য উৎপাদন বৃদ্ধি

(c) মানুহৰ মৃত্যুৰ হাৰ কমি যোৱা

(d)সমুদ্রৰ জলপৃষ্ঠ বৃদ্ধি

উত্তৰ d)সমুদ্রৰ জলপৃষ্ঠ বৃদ্ধি


৫) ভূপৃষ্ঠৰ পৰা প্ৰায় উচ্চতা পর্যন্ত বায়ুমণ্ডল বিস্তৃত হৈ আছে।

(ক) ৫,০০০ কিঃমিঃ

(খ) ১০,০০০ কিঃমিঃ

(গ) ১৫,০০০ কিঃমিঃ

(ঘ) ২০,০০০ কিঃমিঃ

উঃ (খ) ১০,০০০ কিঃমিঃ


৬) জলমণ্ডল আৰু ইয়াৰ অৱস্থাৰ পৰিবর্তন নির্ভৰ কৰে।

 (a) স্থলমণ্ডল

(c) জীৱমণ্ডল

(b) বায়ুমণ্ডল

(d) ওপৰৰ আটাইকেইটা

উত্তৰ (d)  ওপৰৰ আটাইকেইটা


৭) পিটাৰ হেগেট আছিল

(a) ভূতত্ববিদ

(b) ভূগোলবিদ

(c) পৰিৱেশ বিজ্ঞানী

(d) মনোবিজ্ঞানী

উত্তৰ (b) ভূগোলবিদ


৮) জীৱমণ্ডলত বৰ্তমানলৈ চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা হৈছে

(ক) ২.৭ নিযুত

(খ) ২.৩৫ নিযুত

(গ) ১.২৫ নিযুত

(ঘ) ১.৭৫ নিযুত

উঃ(ঘ) ১.৭৫ নিযুত


৯) বায়ুমণ্ডলত থকা সর্বাধিক পৰিমাণৰ গেছ দুবিধ কি কি?

(i) হিলিয়াম।

(ii) নাইট্রজেন।

(iii) অক্সিজেন।

(iv) কার্বন ডাই-অক্সাইড।

(A) i আৰু ii (B) ii আৰু iii (C) iii আৰু iv (D) i আৰু iv

উত্তৰ (B) ii আৰু iii


১০) তলৰ কোনটো প্রদূষকৰ উদাহৰণ নহয়

A) ছালফাৰ ডাই-অক্সাইড।

 (B) জিংক।

(C) পানী

 (D) কাৰ্বন মন অক্সাইড

উত্তৰ (C) পানী


১১) এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়

(A) মেৰু অঞ্চলত।

B) অৰণ্য অঞ্চলত।

 (C ) ঘাঁহনি অঞ্চলত।

(D) উদ্যোগিক অঞ্চলত

উত্তৰ (D) উদ্যোগিক অঞ্চলত


১২) কোন চনত মাউন্ট পিনাটু’ব’ৰ বিস্ফোৰণ হৈছিল?

a)১৯৯০

 b) ১৯৯১

c) ১৯৯৩

d)১৯৯৪

উত্তৰ b) ১৯৯১


১৩) তলৰ বাক্য দুটা বিবেচনা কৰা।

উক্তি ‘A’ অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে সহজ কথাত প্রদূষণ বোলে।

যুক্তি ‘R’ ছালফাৰ ডাই-অক্সাইড, কার্বন ডাই-অক্সাইড আদি পৰিবেশ প্রদূষক।

(A) উক্তি ‘A’ আৰু যুক্তি ‘R’ দুয়োটা শুদ্ধ আৰু যুক্তি ‘R’ উক্তি ‘A’ ৰ শুদ্ধ বাখ্যা।

(B) উক্তি ‘A’ আৰু যুক্তি ‘R’ দুয়োটাই শুদ্ধ, কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) ‘A’ উক্তি শুদ্ধ, ‘R’ অশুদ্ধ।

(D) ‘A’ উক্তি অশুদ্ধ, ‘R’ যুক্তি শুদ্ধ।

উত্তৰ (A) উক্তি ‘A’ আৰু যুক্তি ‘R’ দুয়োটা শুদ্ধ আৰু যুক্তি ‘R’ উক্তি ‘A’ ৰ শুদ্ধ বাখ্যা।


১৪) তলত উল্লেখ কৰা কোনটো প্রক্রিয়াৰ জৰিয়তে আমি গোলকীয় উত্তাপ নিয়ন্ত্রণ কৰিব পাৰো।

a)বননি ধ্বংস কৰণ

(b)গছ ৰোপন

(c) নগৰীকৰণ

 (d) উদ্যোগীকৰণ

উত্তৰ (b)গছ ৰোপন


১৫) তলত উল্লেখ কৰা কোনবোৰ কাৰক দ্রুত গতিত পৃথিৱীৰ পৰিৱেশ পৰিবৰ্তনৰ ক্ষেত্রত দায়বদ্ধ

(i)জনসংখ্যা বৃদ্ধি

 (ii) উদ্যোগীকৰণ

(iii) বনানীকৰণ

(iv)  নগৰীকৰণ

(a) (i), (ii) আৰু (iii) শুদ্ধ

(b) (i), (ii) আৰু (iv) শুদ্ধ

(c) (ii) আৰু (iv) শুদ্ধ)

(d) (i) আৰু (ii) শুদ্ধ

উত্তৰ b (i), (ii) আৰু (iv) শুদ্ধ


১৬) তলৰ কোনটো গেছৰ বৃদ্ধিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে?

a) অক্সিজেন

b) কার্বন-ডাই-অক্সাইড

c)নাইট্র’জেন-ডাই-অক্সাইড

d) কার্বন-মন-অক্সাইড

উত্তৰ c)নাইট্র’জেন-ডাই-অক্সাইড


১৭) সম্প্রতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ মৰুকৰণৰ কবলত আছে।

(a) 20 শতাংশ

(b) 30 শতাংশ

(c)35 শতাংশ

(d) 40 শতাংশ

 উত্তৰ (a) 20 শতাংশ


১৮) তলৰ কোনটো গোলকীয় উষ্ণতাৰ প্রতক্ষ্য পৰিণতি?

(a ) খনিজ পদার্থৰ অভাৱ

(b)  মৰুভূমিৰ গঠন

(c) ভূমিস্খলন

(d) সাগৰৰ জলপৃষ্ঠ বৃদ্ধি

উত্তৰ (d) সাগৰৰ জলপৃষ্ঠ বৃদ্ধি


১৯) ফিলিপিন্‌ৰ মাউন্ট পিনাটু’ব’ৰ আগ্নেয়গিৰিটোৰ উদ্গিৰণ ঘটিছিল

(a) ১৯৯০

(b) ১৯৯৩

(c) ১৯৯১

(d) ১৯৯২

উত্তৰ (c) ১৯৯১


20. শিল্প বিপ্লৱ আৰম্ভ হৈছিল-

(a) এচিয়াত।

(b) আফ্রিকাত।

(c) উত্তৰ আমেৰিকাত।

(d) ইউৰোপত।

উত্তৰ (d) ইউৰোপত।


২১) ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সম্মিলনখন হৈছিল-

(a) ব্রাজিলত।

(b) নাইৰ’বিত।

(c) মেক্সিকোত।

(d) ৰোমত।

উত্তৰ (b) নাইৰ’বিত।


২২)  উত্তৰ আমেৰিকা মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে

(a) ২১%

(b) ২৪%

(c) ২৩%

(d) ২৭%

উত্তৰ (d) ২৭%


২৩) তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?

(a) কার্বন ডাইঅক্সাইড।

(b) অয’ন

(c) মিথেন।

(d) নাইট্রাছ অক্সাইড।

উত্তৰ (b) অয’ন


২৪) বায়ুমণ্ডলত থকা নাইট্ৰ ‘জেন গেছৰ পৰিমাণ-

(a) ৭৪.০৮%

(b) ৭৬.০৬%

(c) ৭৮.০৮%

(d) ৭৭.০৫%

উত্তৰ (c) ৭৮.০৮%


২৫) বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ-

(a) ০৩.২৫%

(b) ১৯.৩৫%

(c) ২১.৯০%

(d) ২০.৯৮%

উত্তৰ (d) ২০.৯৮%


২৬) বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ-

(a) ০.০১%

(b) ০.৮১%

(c) ০.৯৩%

(d) ০.০৮%

উত্তৰ (c) ০.৯৩%


২৭) বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ-

(a) ০.০৩৫%

(b) ০.০৩১%

(c) ০.০৩৪%

(d) ০.০৩২%

উত্তৰ (a) ০.০৩৫%


২৮) গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল-

(a) মিথেন।

(b) নাইট্রাছ অক্সাইড।

(c) ক্ল’ৰফ্ল’ৰ কাৰ্বন।

(d) কার্বন-ডাই-অক্সাইড।

উত্তৰ (d) কার্বন-ডাই-অক্সাইড।


২৯) বৰ্তমান পৃথিৱীৰ বয়স-

(a) ৪৭০০ নিযুত বছৰ।

(b) ৪৬০০ নিযুত বছৰ।

(c) ৩৪০০ নিযুত বছৰ।

(d) ৫০০০ নিযুত বছৰ।

উত্তৰ b) ৪৬০০ নিযুত বছৰ।


৩০) জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে-

(a) ৮৩%

(b) ৭১%

(c) ৫১%

(d) ৬১%

উত্তৰ (b) ৭১%


Summary (Assamese):

পৰিৱেশ হৈছে জীৱ আৰু অজীৱ বস্তুৰ পৰস্পৰৰ সংযোগ। আধুনিক সভ্যতাৰ প্ৰভাৱত পৰিৱেশত বহু সমস্যা সৃষ্টি হৈছে, যেনে – বায়ু আৰু জল দূষণ, বন উজাৰ, প্লাষ্টিক প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন। এইবোৰৰ প্ৰতিকাৰ হিচাপে পরিবেশ সংৰক্ষণ প্ৰয়োজন।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science Chapter 2 (Geography)­­­­­ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা– Complete Question Answer in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 1- Geography MCQs Part 3

Class 10 Social Science Chapter 1 (Geography)­­­­­ -

অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Chapter 1 (Geography)­­­­­ – as per the New Exam Pattern Complete MCQs in Assamese Medium Part 3

📘 Chapter Overview (in Assamese):

এই অধ্যায়ত অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু আৰু সম্পদৰ প্ৰকাৰসমূহ আলোচনা কৰা হৈছে। এটি স্থানবিশেষৰ ভৌগোলিক অৱস্থা আৰু সম্পদে কিদৰে তাৰ অৰ্থনৈতিক গঠন প্ৰভাৱিত কৰে, সেয়া শিকিব পাৰি। সম্পদৰ প্ৰকাৰ – প্ৰাকৃতিক, মানবিক আৰু প্ৰযুক্তিগত দিশসমূহ এই অধ্যায়ৰ মুখ্য অংশ।

Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete MCQs in Assamese Medium

দশম শ্ৰেণী

অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

ভূগোল খণ্ড

অতি চমু প্রশ্নোত্তৰ :

1.  ভূগোল বিষয়টোৰ প্ৰধান শাখা বা ভাগ দুটাৰ নাম লিখা।

উত্তৰ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল।

2. কাক আধুনিক অর্থনৈতিক ভূগোল পিতৃ স্বৰূপে গণ্য কৰা হয়?

উঃ জর্জ ছিজহ’ম।

3. সম্পদ হিচাপে গণ্য বলৈ প্ৰয়োজন হোৱা অপৰিহাৰ্য গুণ দুটা কি কি?

উঃ কাৰ্যকাৰিতা আৰু উপযোগিতা।

4.  এখন দেশৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সম্পদটো কি?

উত্তৰ মানৱ সম্পদ।

5. মানুহৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্রাথমিক বৃত্তিটো কি?

উঃ কৃষি কার্য।

6. ভাৰতৰ এবিধ জাতীয় সম্পদৰ উদাহৰণ দিয়া।

উঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

7. অসমৰ কেইবিধমান বিলুপ্ত বলৈ ধৰা উদ্ভিদ প্রজাতিৰ নাম লিখা।

উঃ সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন, অগৰু, চিৰতা, জাইফল, শতমূল, শুকলতি ইত্যাদি।

8. অসমৰ কেইবিধমান বিলুপ্ত বলৈ ধৰা জীৱজন্তুৰ নাম লিখা।

উঃ সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ, নল গাহৰি, শিহু, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকেন

9.  প্রাথমিক বৃত্তিৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰ কৃষিকার্য, বনজ সম্পদ আহৰণ, মাছধৰা কাৰ্য ইত্যাদি।

10. দ্বিতীয়ক বৃত্তিৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰ শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন প্ৰকাৰৰ নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।

11. অর্থনৈতিক ভূগোল অধ্যয়নৰ বিভিন্ন পদ্ধতিসমূহ কি কি?

উত্তৰ আচৰণগত পদ্ধতি, নীতি-নিয়মগত পদ্ধতি, তন্ত্র-বিশ্লেষণ পদ্ধতি, আঞ্চলিক পদ্ধতি আৰু প্রতিষ্ঠানীয় পদ্ধতি।

12. জিম্মাৰমানৰ মতে যিকোনো বস্তু সম্পদ বলৈ লে দুটা ধর্ম থকা বাঞ্চনীয়। এই দুটা কি কি?

উঃ কাৰ্যকাৰিতা আৰু উপকাৰিতা।

13. মানুহ দুই প্ৰকাৰে সম্পদৰ সৈতে জড়িত। এই প্ৰকাৰ দুটা কি কি?

উত্তৰ সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে।

14. মানবসৃষ্ট সম্পদৰ উদাহৰণ দিয়া।

উঃ কৃষিৰ সঁজুলি, যান-বাহন , কার্যালয়, বিদ্যালয়, উদ্যোগ, বাট-পথ, ঘৰ ইত্যাদি।

15. নিৰপেক্ষ বা নিষ্ক্রিয় সম্পদ বুলিলে কি বুজা?

উত্তৰ প্রকৃতিত উপলব্ধ যিবোৰ সম্পদ মানুহৰ বাবে উপকাৰীও নহয় অপকাৰীও নহয়, তেনেবোৰ সম্পদক নিৰপেক্ষ বা নিষ্ক্রিয় সম্পদ বুলি কোৱা হয়।

16. প্রতিৰোধক বুলিলে কি বুজা?

উঃ যিবোৰ পদার্থ বা পৰিঘটনা মানুহৰ বাবে ক্ষতিকৰ সেইবোৰক প্ৰতিৰোধক বুলি কোৱা হয়।

17.  প্ৰতিৰোধকৰ উদাহৰণ দিয়া।

উত্তৰ বানাক্রান্ত অঞ্চল, অনুৰ্বৰ ভূমি ইত্যাদি।

18. শক্তিৰ উৎস হিচাপে ব্যবহৃত কিছুমান প্রাকৃতিক সম্পদৰ নাম উল্লেখ কৰা।

উঃ প্রাকৃতিক গেছ, খনিজ তেল, কয়লা ইত্যাদি।

19. ভূগোলৰ কোনটো শাখাৰ সৈতেশস্যৰ উৎপাদনজড়িত?

উঃ কৃষি ভূগোল।

20. IUCN সম্পূর্ণ ৰূপটো কি?

উত্তৰ International Union for Conservation of Nature.

21. তলত দিয়াবোৰৰ সৰ্ম্পূণ ৰূপসমূহ লিখা:

1. IUCN

2.  CSE

3. UNESCO

4. GIS

5. UNDP

6. WWF :

উত্তৰসমূহ:

1. IUCN : International Union for Conservation of Nature

2. CSE : Centre for Science and Environment

3. UNESCO : United Nations Educational, Scientific and Cultural Organisation

4. GIS: Geographical Information System

5. UNDP : United Nations Development Programme

6. WWF : World Wide Fund for Nature

22. তলত দিয়া উক্তিকেইটা সত্য নে অসত্য উল্লেখ কৰা

1. মানুহৰ কাৰ্যকলাপসমূহ ভিন্ন ভিন্ন ধৰণৰ হোৱা বাবে অর্থনৈতিক ভূগোলত বিভিন্ন বিশেষ শাখা গঢ় লৈ উঠিছে।

উঃ সত্য

2. পৃথিৱীৰ বিভিন্ন স্থানৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানবসৃষ্ট পৰিৱেশ বেলেগ বেলেগ হয়।

উঃ সত্য

3. পৃথিৱীত উপলব্ধ সকলোবোৰ পদার্থই সম্পদ।

উঃ অসত্য

4. অৰণ্য হৈছে নৱীকৰণযোগ্য সম্পদ।

উঃ সত্য

5.  সম্পদৰ প্ৰকৃতি গতিশীল।

উঃ সত্য

6. প্ৰতিৰোধক আৰু নিষ্ক্রিয় সামগ্রী সম্পদলৈ ৰূপান্তৰিত কৰিব নোৱাৰি।

উঃ অসত্য

7.  সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ’বও পাৰে

উত্তৰ সত্য

8. সোণ এবিধ অজীবীয় সম্পদ আৰু একে সময়তে ই প্রাকৃতিক সম্পদ, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদো হয়। 

উত্তৰ সত্য

9. প্রাকৃতিক সম্পদসমূহ অধাতৱ ৰূপত বিৰাজ নকৰে।

উঃ অসত্য

10. ঘৰ হৈছে সম্পত্তিৰ এটা উদাহৰণ।

উঃ সত্য

খালী ঠাই পূৰণ কৰা :

1. অর্থনৈতিক ভূগোল হ’ল……ভূগোলৰ এক অন্যতম গুৰুত্বপূৰ্ণ শাখা।

উঃ মানৱ

2. উৎপাদন বা নির্মাণ কার্যকলাপসমূহ….বৃত্তিৰ অন্তর্গত।

উঃ দ্বিতীয়ক বৃত্তিৰ

3. বিনিময় মূল্য থকা সামগ্রীসমূহক…. বোলে।

উঃ সম্পত্তি

4. মহাকাশ ….সম্পদৰ শ্ৰেণীভূক্ত।

উঃ আন্তর্জাতিক সম্পদৰ

5. সাম্প্রতিক কালত অর্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত….পদ্ধতি…..পদ্ধতি আৰু….. নিদর্শন ব্যৱহাৰ কৰা হয়।

উঃ সাংখ্যিক, ভৌগোলিক তথ্য বিশ্লেষণ , বিভিন্ন সূত্র-নিদর্শন

6. চি. এফ. জন্ম আৰু জি. জি. ডার্কেনৱাল্ডৰ মতে অর্থনৈতিক ভূগোল ….কাৰ্যকলাপৰ লগত জড়িত।

উঃ উৎপাদনক্ষম

7. ….বৃত্তিৰ কেইটামান উদাহৰণ হৈছে পৰিবহণ, যোগাযোগ, বিপণন, পর্যটনমূলক কার্যকলাপ ইত্যাদি

উঃ তৃতীয়ক

8. এখন দেশৰ অৰ্থনৈতিক উন্নয়ন….. ৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। 

উঃ সম্পদ

9.  কৃষি ভূগোল হৈছে ….ভূগোলৰ এটা  শাখা।

উঃ অর্থনৈতিক

10. মানুহৰ বাবে অত্যাৱশ্যকীয় আটাইবোৰ সামগ্রীক….. বুলি জনা যায়।

উত্তৰ সম্পদ

11. …… মানে হৈছে সেইবোৰ সামগ্ৰী যাৰ বিনিময় মূল্য আছে।

উঃ সম্পত্তি

12. গঠনৰ ভিত্তিত সম্পদক……আৰু….. হিচাপে শ্রেণীবিভাজন কৰিব পাৰি।

উঃ জীৱীয় সম্পদ; অজীৱীয় সম্পদ

13. প্রাকৃতিক ভাৱে সৃষ্টি হোৱাৰ পাছত পৃথিবীত বিতৰণ হোৱা সম্পদ সমূহক ….. বুলি জনা যায়।

উঃ প্রাকৃতিক সম্পদ

14. ব্যৱহাৰৰ পাছত পুনঃসৃষ্টি কৰিব নোৱৰা সম্পদ সমূহক …..বুলি কোৱা হয়।

উঃ অনৱীকৰণযোগ্য সম্পদ

15. ব্যক্তিগত সম্পদক …..বুলিও জনা যায়।

উঃ নিজস্ব সম্পদ

16.  মহাসাগৰ, সাগৰ, অৰণ্য, বায়ুমণ্ডল আদি…… ৰ উদাহৰণ।

উঃ আন্তর্জাতিক সম্পদ

17…..ৰ কল্যাণৰ বাবে আন্তর্জাতিক সম্পদ ব্যৱহাৰ কৰা হয়।

উঃ মানৱ জাতি

18. CSE ৰ সম্পূৰ্ণ ৰূপটো হৈছে।

উঃ Centre for Science and Environment

19. …..মানে হৈছে এনে কিছুমান মানৱ কাৰ্যকলাপ যাৰ জৰিয়তে দ্বিতীয়ক আৰু তৃতীয়ক কার্যকলাপসমূহ অধিক উৎপাদনক্ষম আৰু সহজ কৰিব পৰা যায়।

উঃ চতুর্থক বৃত্তি

21. যিবিলাক মানৱ কাৰ্যকলাপৰ দ্বাৰা প্ৰাথমিক কাৰ্যকলাপৰ জৰিয়তে যোগান ধৰা কেঁচামালক প্ৰযুক্তিৰ সহায়ত ব্যৱহাৰোপযোগী ৰূপলৈ পৰিৱৰ্তন কৰিব পৰা যায়, তেনে কার্যকলাপ বা বৃত্তিক ….. বুলি জনা যায়।

উঃ দ্বিতীয়ক বৃত্তি


🧠 Chapter Summary (Assamese):

অৰ্থনৈতিক ভূগোল হৈছে সেই শাখা যি এটা অঞ্চলত লোক, সম্পদ, আৰু উৎপাদনৰ সংযোগ অধ্যয়ন কৰে। সম্পদবোৰ প্ৰাকৃতিক (মাটি, জল, খনিজ), মানবিক (জনশক্তি, শিক্ষা), আৰু প্ৰযুক্তিগত (যন্ত্ৰপাতি, গৱেষণা) হিচাপে ভাগ কৰিব পাৰি। এই অধ্যায়ত এই সকলো দিশ বিশ্লেষণ কৰা হৈছে।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel →


Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 1- Geography MCQs Part 2

Class 10 Social Science Chapter 1 (Geography)­­­­­ -

অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Chapter 1 (Geography)­­­­­ – as per the New Exam Pattern Complete MCQs in Assamese Medium Part 2

📘 Chapter Overview (in Assamese):

এই অধ্যায়ত অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু আৰু সম্পদৰ প্ৰকাৰসমূহ আলোচনা কৰা হৈছে। এটি স্থানবিশেষৰ ভৌগোলিক অৱস্থা আৰু সম্পদে কিদৰে তাৰ অৰ্থনৈতিক গঠন প্ৰভাৱিত কৰে, সেয়া শিকিব পাৰি। সম্পদৰ প্ৰকাৰ – প্ৰাকৃতিক, মানবিক আৰু প্ৰযুক্তিগত দিশসমূহ এই অধ্যায়ৰ মুখ্য অংশ।

Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete MCQs in Assamese Medium

দশম শ্ৰেণী

অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

ভূগোল খণ্ড

31. তলৰ কোনটো চতুর্থক বৃত্তি হয়—

(a) মিস্ত্রি।

 (b) শিক্ষক।

 (c) কৃষক।

(d) ব্যৱসায়ী।

উত্তৰঃ (b) শিক্ষক।

32. তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়

(a) প্রযুক্তি।

(b) উদ্যোগ।

(c) সৌৰশক্তি।

(d) বিদ্যালয়।

উত্তৰঃ (c) সৌৰশক্তি।

33. তলৰ কোনটো এটা অজীবীয় সম্পদ?

(a) বায়ু।

(b) বেক্টেৰিয়া।

(c) ভেঁকুৰ।

 (d) শস্য।

উত্তৰঃ (a) বায়ু।

34. সোণ এবিধ

(a) কৃত্রিম সম্পদ।

(b) জৈৱিক সম্পদ।

(c) প্রাকৃতিক সম্পদ।

(d) মানৱ সম্পদ।

উত্তৰঃ (c) প্রাকৃতিক সম্পদ

35. তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়

(a) ভাল চৰিত্ৰ।

(b) কর্মদক্ষতা।

(c) শিক্ষা।

(d) চৰকাৰ।

উত্তৰঃ (d) চৰকাৰ।

36. যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক….. বোলা হয়।

(A) সম্পত্তি

(B) সম্পদ

(C) পণ্য

(D) এটাও নহয় ৷  

উত্তৰ : (A) সম্পত্তি

37.  বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়

(A) ১ জানুৱাৰী তাৰিখে

(B) ১৫ আগষ্ট তাৰিখে

(C) ৫ জুন তাৰিখে

 (D) এটাও নহয়।

উত্তৰ :(C) ৫ জুন তাৰিখে

38. সকলো প্ৰকাৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মীসকল কোনটো বৃত্তি  অন্তৰ্ভুক্ত

(A) প্রাথমিক খণ্ডৰ

(B) দ্বিতীয়ক খণ্ডৰ

(C) তৃতীয়ক খণ্ডৰ

(D) চতুৰ্থক খণ্ডৰ

 উত্তৰ : (B) দ্বিতীয়ক খণ্ডৰ।

39. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ ?

(a) বায়ু।

(b) পানী।

(c) শস্য।

(d) কয়লা।

উত্তৰ: কয়লা

40. ভাৰতীয় বন গবেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল

a)1986

 b) 1987

c) 1988

d) 1982 চনত

উত্তৰ: a 1986

41 .বেংক ব্যৱস্থাটো……বৃত্তিৰ অন্তর্ভুক্ত।

(ক) প্রাথমিক

(খ) দ্বিতীয়ক

 (গ) তৃতীয়ক

(ঘ) চতুর্থক

উঃ (গ) তৃতীয়ক

42. পেলনীয়া দ্রব্যসমূহৰ পুনৰাৱৰ্তনৰ বাবে অপৰিহাৰ্য প্রয়োজনটো হৈছে……..

 (ক) উৎসতে বর্জিত পদার্থসমূহৰ পৃথকীকৰণ

(খ) কাৰ্যটোৰ পৰা হোৱা লাভ

(গ) প্রস্তুত সামগ্ৰীৰ বাবে বজাৰ

( ঘ) উপযুক্ত প্রযুক্তিৰ উপলব্ধতা

উত্তৰ: (ক) উৎসতে বর্জিত পদার্থসমূহৰ পৃথকীকৰণ

43.  প্রাকৃতিক সম্পদসমূহ পোৱা যায়…..

(ক) গোটা বা কঠিন অবস্থাত

(খ) তৰল বা গেছীয় অবস্থাত

(গ) ধাতরীয় বা অধাতবীয় অৱস্থাত

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰ: (ঘ) ওপৰৰ আটাইকেইটা

44. লোৰ আকৰৰ পৰা তীখা উৎপাদন কৰা কাৰ্যটো ……বৃত্তিৰ উদাহৰণ।

(ক) প্রাথমিক

(খ) দ্বিতীয়ক

(গ) তৃতীয়ক

(ঘ) চতুর্থক

(গ) তৃতীয়ক

উঃ (খ) দ্বিতীয়ক

45. সৌৰ শক্তি হৈছে এবিধ …..শক্তিৰ উৎস।

(ক) অনৱীকৰণযোগ্য

(খ) নৱীকৰণযোগ্য

(গ) জীৱীয়

(ঘ) অজীৱীয়

উঃ (খ) নৱীকৰণযোগ্য

46. উদ্ভিদ হৈছে ….সম্পদৰ উদাহৰণ।

(ক) প্রাকৃতিক

(খ) জীবীয়

(গ) নৱীকৰণযোগ্য

(ঘ) ইয়াৰ আটাইকেইটা

উঃ (ঘ) ইয়াৰ আটাইকেইটা

47. তলৰ কোনটো সম্পত্তিৰ অন্তৰ্ভূক্ত নহয়?

(ক) কোম্পানীৰ অংশ

(খ) যন্ত্রপাতি

(গ) জনস্বাস্থ্য

(ঘ) ভূমি আৰু বাসগৃহ

উঃ (গ) জনস্বাস্থ্য

48. …….. ভিত্তিত সম্পদসমূহক ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তর্জাতিক সম্পদ হিচাপে শ্রেণীবিভাজন কৰিব পাৰি।

(ক) উৎপত্তি

(খ) মালিকীস্বত্ব

(গ) উপলব্ধতা

(ঘ) গঠন

উঃ (খ) মালিকীস্বত্ব

49. ……. চনত IUCN গঠিত হৈছিল।

(ক) 1948

(খ) 1952

(গ) 1956

(ঘ) 1962

উঃ(ক) 1948

50. কোনবিধ বৃত্তিত খনিজ সম্পদ আহৰণ অন্তর্ভুক্ত?

(ক) প্রাথমিক বৃত্তি

(খ) দ্বিতীয়ক বৃত্তি

(গ) তৃতীয়ক বৃত্তি

(ঘ) ইয়াৰ এটাও নহয়

উঃ (ক) প্রাথমিক বৃত্তি

51. যিবিলাক মানৱ কাৰ্যকলাপৰ জৰিয়তে প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্যকলাপৰ দ্বাৰা উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায়, সেইবোৰক ….. জনা যায়।

(ক) প্রাথমিক বৃত্তি

(খ) দ্বিতীয়ক বৃত্তি

(গ) তৃতীয়ক বৃত্তি

(ঘ) চতুর্থক বৃত্তি

উঃ (গ) তৃতীয়ক বৃত্তি

52. যিবিলাক মানৰ কাৰ্যকলাপৰ জৰিয়তে মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে যায়। বুলি জনা

(ক) প্রাথমিক বৃত্তি

(খ) দ্বিতীয়ক বৃত্তি

(গ) তৃতীয়ক বৃত্তি

(ঘ) চতুর্থক বৃত্তি

উঃ (ক) প্রাথমিক বৃত্তি

53) ….হৈছে অর্থনৈতিক ভূগোলৰ এটা শাখা কৃষিকার্য, শস্যৰ উৎপাদন আৰু ইয়াৰ আনুষংগিক তত্ত্বৰ বিষয়ে অধ্যয়ন কৰা হয়।

(ক) ঔদ্যোগিক ভূগোল

(খ) কৃষি ভূগোল

(গ) সম্পদ ভূগোল

(ঘ) বজাৰ ভূগোল

উত্তৰ: (খ) কৃষি ভুগোল


🧠 Chapter Summary (Assamese):

অৰ্থনৈতিক ভূগোল হৈছে সেই শাখা যি এটা অঞ্চলত লোক, সম্পদ, আৰু উৎপাদনৰ সংযোগ অধ্যয়ন কৰে। সম্পদবোৰ প্ৰাকৃতিক (মাটি, জল, খনিজ), মানবিক (জনশক্তি, শিক্ষা), আৰু প্ৰযুক্তিগত (যন্ত্ৰপাতি, গৱেষণা) হিচাপে ভাগ কৰিব পাৰি। এই অধ্যায়ত এই সকলো দিশ বিশ্লেষণ কৰা হৈছে।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel →


Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 1- Geography MCQs

Class 10 Social Science Chapter 1 (Geography)­­­­­ -

অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Chapter 1 (Geography)­­­­­ – as per the New Exam Pattern Complete MCQs in Assamese Medium

📘 Chapter Overview (in Assamese):

এই অধ্যায়ত অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু আৰু সম্পদৰ প্ৰকাৰসমূহ আলোচনা কৰা হৈছে। এটি স্থানবিশেষৰ ভৌগোলিক অৱস্থা আৰু সম্পদে কিদৰে তাৰ অৰ্থনৈতিক গঠন প্ৰভাৱিত কৰে, সেয়া শিকিব পাৰি। সম্পদৰ প্ৰকাৰ – প্ৰাকৃতিক, মানবিক আৰু প্ৰযুক্তিগত দিশসমূহ এই অধ্যায়ৰ মুখ্য অংশ।

Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete MCQs in Assamese Medium

দশম শ্ৰেণী

অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

ভূগোল খণ্ড

1. মানুহৰ চাৰিপ্ৰকাৰৰ অর্থনৈতিক বৃত্তিৰ উদাহৰণৰ শুদ্ধ ক্রমটো হৈছে

a) বেংক – পৰিবহন – শিল্পোৎপাদন- মাছধৰা কাৰ্য্য

b) মাছধৰা কাৰ্য্য –  শিল্পোৎপাদন – পৰিবহন – বেংক

c) পৰিবহন -বেংক – মাছধৰা কাৰ্য – পৰিবহন

d) শিল্পোৎপাদন – বেংক – মাছ ধৰা কার্য – পৰিবহন

উত্তৰ: b) মাছধৰা কাৰ্য্য –  শিল্পোৎপাদন – পৰিবহন – বেংক

2. তলৰ কোনটো প্রাকৃতিক সম্পদ হয়

a) প্রযুক্তি

b) সৌৰ শক্তি

c) উদ্যোগ

d) কাৰ্য্যালয়

উত্তৰ: b) সৌৰ শক্তি

3. শুদ্ধ বিকল্পটো বাছি উলিওৱা                  

ⅰ) ব্যক্তিগত সম্পদ                                            a) পৰিবহন

ii) জাতীয় সম্পদ                                              (b) প্রাকৃতিক গেছ

iii) অনবীকৰণযোগ্য সম্পদ                             (c) বতাহ

iv) চিৰ বিৰাজমান সম্পদ                                 (d) ভাল চৰিত্র

a)  i-b,    ii-d,    iii-a,     iv-c

b)  i-d,    ii-c.    iii-a,     iv-b

c)  i-a,     ii-c.    iii-b,    iv-d

d)  i-d,    ii-a,    iii-b,    iv-c

উত্তৰ:   d) i-d,    ii-a,    iii-b,    iv-c

4. দামোদৰ নদী আছে

(a) অসম

(b) বিহাৰ

(c) গুজৰাট

(d) পশ্চিম বংগ

উত্তৰ: (d) পশ্চিম বংগ

5. অসমৰ এবিধ মূল্যবান উদ্ভিদ যি বিলুপ্ত হৈ গৈ আছে সেয়া হৈছে

a) আম গছ

b) নাৰিকল গছ

c) কল গছ

d) সর্পগন্ধা

উত্তৰ: d)সর্পগন্ধা

6. তলৰ A আৰু B অংশত সম্পদৰ শ্ৰেণী বিভাজন কৰি দেখুৱা হৈছে। A অংশৰ কোনটোৰ লগত B অংশৰ যি কোনো এটা মিলিলে উপস্থাপন টো শুদ্ধ হ’ব-

a) সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদৰ শ্রেণী বিভাজন            i) জৈৱিক আৰু অজৈৱিক

b) মালিকীস্বতক ভিত্তি কৰি সম্পদৰ শ্ৰেণী বিভাজন      (ii) নবীকৰণযোগ্য আৰু অনবীকৰনযোগ্য সম্পদ

c) গঠন অনুসৰি সম্পদৰ শ্রেণীবিভাজন।                      (iii) প্রাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ

(d) উপলব্ধ অনুসৰি সম্পদৰ শ্ৰেণীবিভাজন।                (iv) ব্যক্তিগত, জাতীয় আৰু আন্তর্জাতিক

A) a – i,    b – ii ,   c – iii ,  d  – iv

B) a – iii ,  b -iv,    c – i ,   d – ii

C) a – ii,   b – iv,   c – iii,   d – i

D) a – ii ,  b -iv,    c – i ,  d – iii

উত্তৰ:   B) a – iii ,   b -iv,   c – i ,  d – ii

7.  তলৰ কোনটো অজৈৱিক সম্পদ

 a) বায়ু

 b) উদ্ভিদ

 c) ভেঁকুৰ

 d) জীৱ জন্তু

উত্তৰ:  a) বায়ু

8.  আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ

(a) George Chishholm (জর্জ চিজহ’ম)

(b) GG Darkenwald (জি. জি, ডার্কেনবালল্ড)

(c) C.F. Jones (চি, এফ জন্স)

(d) Zimmermann (জিম্মাৰমান)

উত্তৰ: (a) George Chishholm (জর্জ চিজহ’ম)

9. খনিৰ লগত জড়িত বৃত্তি হ’ল

a) প্ৰাথমিক

(b) দ্বিতীয়ক

c) তৃতীয়ক

(d)চতুর্থক

উত্তৰ: a) প্ৰাথমিক

10.  IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?

(A) UNESCO

(B) UNO

(C) WWF

(D) UNEP

উত্তৰ: (A) UNESCO

11.  তলত দিয়া বিকল্পবোৰৰ পৰা আন্তর্জাতিক সম্পদৰ উদাহৰণ বাছি উলিওৱা।

(i) বায়ুমণ্ডল। (ii) শিক্ষানুষ্ঠান

a) (i) আৰু (ii) উভয়ে শুদ্ধ

b) কেৱল i শুদ্ধ

c) কেৱল ii শুদ্ধ

d) i আৰু ii অশুদ্ধ

উত্তৰ: b

12.  তলৰ কোনটো সম্পদ সংৰক্ষণৰ পদ্ধতিৰ অন্তর্ভুক্ত নহয়?

(A) জ্ঞান আৰু শিক্ষা সম্প্রসারণ।

(B) সম্পদৰ ভঁৰাল সঠিক মূল্যয়ান

(C) বর্জিত দ্রব্য পৰিমাণ বৃদ্ধি।

(D) অভিযোজন

উত্তৰ: C) বর্জিত দ্রব্য পৰিমাণ বৃদ্ধি।

13. সম্পদ হ’বলৈ হ’লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা শুণ দুটা থাকিব লাগিব” উক্তিটো কোনে কৈছিল

A)  চি. এফ, জল।

B)  জি. জি. ডার্কেনবাল্ড।

C)  জিম্মাৰমান

(D)  জুলিয়ান হাঙ্গলে।

উত্তৰ:   C) জিম্মাৰমান

14. তলত দিয়া ক’ড ব্যৱহাৰ কৰি মানুহৰ অথৈনৈতিক বৃত্তিৰ প্ৰকাৰৰ সৈতে সিহঁতৰ উপযুক্ত উদাহৰণসমূহ তলৰ তালিকা দুখনৰ পৰা মিলোৱা

(a) প্রাথমিক বৃত্তি।                    (1) যাতায়াত।

(b) দ্বিতীয়ক বৃত্তি।                    (2) নির্মাণ তথা পুনৰ নির্মাণ।

(c) তৃতীয়ক বৃত্তি।                     (3) কৃষি কার্য।

(d) চতুর্থক বৃত্তি।                      (4) প্রচাষ মাধ্যম

(A) a-2,           b-1,      c-4,      d-3

(B) a-3,           b-2,      c-1,      d -4

(C) a-4,            b -3,     c -2,     d -1

(D) a-1,            b-4,      c-3       d-2

উত্তৰ: (B) a – 3,     b – 2,    c – 1,    d – 4

15.  তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সম্পদৰ অর্ন্তগত?

(a) Education (শিক্ষা)

(b) Coal (কয়লা)

(c) Educational Instituation (শৈক্ষিক প্রতিষ্ঠান)

(d) Ocean ( মহাসাগৰ )

উত্তৰ: (d) মহাসাগৰ

16. মালিকীস্বত্বৰ ভিত্তিত সম্পদৰ এটা ভাগ হ’ল-

a) মানৱ সম্পদ

b) জীবিয় সম্পদ

c)জাতীয় সম্পদ

d) নবীকৰণ যোগ্য সম্পদ

উত্তৰ: (c) জাতীয় সম্পদ

17. তলত দিয়াবোৰৰ কোনটো অজৈৱিক সম্পদ?

a) জীব-জন্ত

b) সাগৰ মহাসাগৰ

c) উদ্ভিদ

d) শস্য

উত্তৰ: (b) সাগৰ মহাসাগৰ

18. তুমি অধ্যয়ন কৰা বিদ্যালয়খন কি সম্পদৰ শ্ৰেণীত পৰে?

a) ব্যক্তিগত

b) জাতীয়

c) আন্তর্জাতিক জাতীয়

d) স্থানিক

উত্তৰ: b) জাতীয় 

19. তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ।

(a) Water (পানী)

(b) Crude Oil (খাৰুৱা তেল)

(c) Human being (মানুহ)

(d) Sun rays (সূর্যৰ ৰশ্মি

উত্তৰ: (b) Crude Oil (খাৰুৱা তেল)

20. তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ।

(a) Water (পানী)

(b) Crude Oil (খাৰুৱা তেল)

(c) Human being (মানুহ)

(d) Sun rays (সূর্যৰ ৰশ্মি)

উত্তৰ: (b) Crude Oil (খাৰুৱা তেল)

21. তলৰ কোনটো মানৱসৃষ্ট সম্পদ?

(a) নদ-নদী।

(b) খনিজ তেল।

(c) জলসিঞ্চন নলা।

(d) অৰণ্য।

উত্তৰঃ (c) জলসিঞ্চন নলা।

22. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী।

(a) এশিঙীয়া গড়)

(b) গাহৰি

(c)  বৰটোকোলা

(d) হাটী

উত্তৰ: (c)বৰটোকোলা

23. তলৰ কোনটো অজীৱীয় সম্পদ?

(a) বায়ু।

(b) উদ্ভিদ।

(c) জীৱ-জন্তু।

(d) শস্য।

উত্তৰঃ (a) বায়ু।

24. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?

(a) বায়ু।

(b) পানী।

(c) শস্য।

(d) কয়লা।

উত্তৰঃ (d) কয়লা

25. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?

(a) UNESCO.

(b) UNO.

(c) WWF.

(d) UNEP.

উত্তৰঃ (a) UNESCO

26. ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সি হল

(a) প্রাকৃতিক ভূগোল।

(b) মানৱ ভূগোল।

(c) অর্থনৈতিক ভূগোল।

(d) আঞ্চলিক ভূগোল।

উত্তৰঃ (c) অর্থনৈতিক ভূগোল।

27. অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হল

(a) কার্ল ৰিটাৰ।

(b) জর্জ ছিছ হম।

(c) ডার্কেনৱাল্ড।

(d) ফেইট্রিফ বাটজেল।

উত্তৰঃ (b) জর্জ ছিছ হম।

28. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?

(a) কৃষি কার্য।

(b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।

(c) মাছ ধৰা।

(d) বনজ সম্পদ আহৰণ।

উত্তৰঃ (b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।

29. তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়

(a) শিল্পোৎপাদন প্রক্রিয়া।

(b) যাতায়াত আৰু পৰিবহণ কার্য।

(c) প্ৰচাৰ মাধ্যম।

(d) মাছ ধৰা কাৰ্য।

উত্তৰঃ (a) শিল্পোৎপাদন প্রক্রিয়া।

30. তলৰ কোনটো তৃতীয়ক বৃত্তি হয়

(a) কৃষি কার্য।

(b) চিকাৰ।

(c) নিৰ্মাণ কার্য।

 (d) বেপাৰ বাণিজ্য।

উত্তৰঃ (d) বেপাৰ বাণিজ্য।


🧠 Chapter Summary (Assamese):

অৰ্থনৈতিক ভূগোল হৈছে সেই শাখা যি এটা অঞ্চলত লোক, সম্পদ, আৰু উৎপাদনৰ সংযোগ অধ্যয়ন কৰে। সম্পদবোৰ প্ৰাকৃতিক (মাটি, জল, খনিজ), মানবিক (জনশক্তি, শিক্ষা), আৰু প্ৰযুক্তিগত (যন্ত্ৰপাতি, গৱেষণা) হিচাপে ভাগ কৰিব পাৰি। এই অধ্যায়ত এই সকলো দিশ বিশ্লেষণ কৰা হৈছে।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ (Page 2)

Class 10 Social Science Chapter 1

Class 10 Social Science Chapter 1 Geography অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer (Page 2)

📘 Chapter Overview (in Assamese):

এই অধ্যায়ত অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু আৰু সম্পদৰ প্ৰকাৰসমূহ আলোচনা কৰা হৈছে। এটি স্থানবিশেষৰ ভৌগোলিক অৱস্থা আৰু সম্পদে কিদৰে তাৰ অৰ্থনৈতিক গঠন প্ৰভাৱিত কৰে, সেয়া শিকিব পাৰি। সম্পদৰ প্ৰকাৰ – প্ৰাকৃতিক, মানবিক আৰু প্ৰযুক্তিগত দিশসমূহ এই অধ্যায়ৰ মুখ্য অংশ।

Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

ভূগোল খণ্ড

12. প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।

উত্তৰ – যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।

 উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি ।প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া, গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰকৃতিক সম্পদৰ বেছি সংখ্যকেই কল-কাৰখানা, উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰো।


13. মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।

উত্তৰ- মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰা সম্পদবোৰক মানৱ-সৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে নিজৰ প্ৰয়োজন অনুসৰি নিজে ব্যৱহাৰ উপযোগী কৰি লয়। যেনে – ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে মানুহে লাস বিলাসৰ বাবে ন ন সম্পদ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, বাঁহৰ পৰা কাগজ; কপাহৰ পৰা কাপোৰ; খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰৱৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি। মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্রীবোৰকে মানৱ-সৃষ্ট সম্পদ বোলা হয়।


14. নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ:  নৱীকৰণযোগ্য সম্পদ – পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবোৰৰ ভিতৰত  যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

অনৱীকৰণযোগ্য সম্পদ – যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।


15. সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি?

উত্তৰ: সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়।

সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কাৰক কেইটাৰ বিৱৰণ তলত উল্লেখ কৰা হল

(ক) সীমিত সম্পদ: প্রকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত। পৃথিৱীৰ কোনো দেশতেই সকলো সম্পদ উপলব্ধ নহয়। সেয়ে দেশখনত উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে। মানুহে বর্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই অনৱীকৰণযোগ্য। সেয়ে সীমিত সম্পদবোৰ দীর্ঘ দিন ধৰি ব্যৱহাৰোপযোগী কৰি ৰাখিবলৈ হ’লে সেইবোৰ পৰিকল্পিতভাৱে ব্যবহাৰ কৰিব লাগে।

(খ) বর্দ্ধিত জনসংখ্যা: জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্রয়োজনীয়তাও বাঢ়ি আহিছে। বর্দ্ধিত জনসংখ্যাই উপলব্ধ সম্পদ দ্রুতগতিত নিঃশেষ কৰে। সেয়ে পৰিকল্পিতভাৱে ব্যবহাৰ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লাগে।

(গ) বিপন্ন প্রজাতিৰ সংৰক্ষণ: বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্রদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে। পাৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুতো জন্তু যেনে-বাঘ, সিংহ, হাতী, গঁড় আদিৰ মুঠ সংখ্যা দ্রুতগতিত হ্রাস পাইছে। অসমৰ বহুতো মূল্যবান উদ্ভিদ প্রজাতি, যেনে- সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন আদি বিলুপ্তিৰ গৰাহত পৰিছে। তেনেদৰে, সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ আদি জন্তু বিপদাপন্ন হৈ পৰিছে। এনেধৰণৰ জীৱীয় সম্পদৰ ধ্বংসই জীৱমণ্ডলত কিছুমান নেতিবাচক প্রভাৱ পেলাব পাৰে। গতিকে, পৃথিৱীৰ জীৱীয় আৰু অজীৱীয় সম্পদ সমূহক বিবেচনাপূর্ণ ভাবে সংৰক্ষণ কৰাটো নিতান্তই জৰুৰী।


16. সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ- সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ’ল 

(ক) পুনৰাৱর্তন – সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিলে সম্পদৰ কেঁচা সামগ্রী সংৰক্ষণ হব।

(খ) অভিযোজন বা নবপ্রচলন – অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্রকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নবপ্রচলন প্রক্রিয়াৰ প্রয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।

(গ) জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ – সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ অতি প্রয়োজন।সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা কৰাতো দৰকাৰী।

(ঘ) সংৰক্ষণ সম্পর্কীয় আইনৰ কার্যকৰীকৰণ – সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পর্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ’ব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ন হ’ব লাগে।

(ঙ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন – সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

(চ) সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ – সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদঘাটনতো সহায়ক হ’ব।


17. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰ: দ্রুত জনসংখ্যা বৃদ্ধি, বর্তমান মজুত থকা সম্পদসমূহৰ অত্যধিক ব্যৱহাৰ, সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে কৰা ব্যবহাৰৰ ফলত হোৱা বর্ধিত পাৰিপার্শ্বিক সমস্যা আদিৰ পৰিণামস্বৰূপে বিশ্বৰ বহুতো গুৰুত্বপূর্ণ সম্পদ নিঃশেষ হ’বলৈ ধৰিছে। উপযুক্ত পৰিমাণৰ সম্পদৰ অবিহনে পৃথিৱীত জীবন যাপন কৰাটো যথেষ্ট কষ্টকৰ হৈ উঠাৰ লগতে কোনো দেশেই উন্নতি বা প্রগতি লাভ কৰিব নোৱাৰিব। সেয়েহে, মজুত সম্পদ সমূহৰ সংৰক্ষণ কৰাৰ লগতে সম্পদ সমূহৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা পৰিবেশ প্রদূষণ হ্রাস কৰাৰ উদ্দেশ্যেৰে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রতিষ্ঠা হৈছে। এইক্ষেত্রত বিশেষভাৱে উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছেঃ

(ক) IUCN: IUCN ৰ সম্পূৰ্ণ অৰ্থ হৈছে International Union for Conservation of Nature। 1948 চনত UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যায়ন, গবেষণা আৰু প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰা।

(খ) পৰিবেশ, বন তথা জলবায়ু পৰিবৰ্তন মন্ত্রণালয়: ভাৰতত প্রাকৃতিক সম্পদ সমূহৰ সংৰক্ষণৰ কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ, বন তথা জলবায়ু পৰিবৰ্তন মন্ত্রণালয়ৰ প্রতিষ্ঠা কৰা হৈছিল। প্রাকৃতিক সম্পদ সমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্রণালয়টো দায়বদ্ধ। এই মন্ত্রণালয়ৰ অংশ হিচাপে ১৯৮৬ চনত ভাৰতীয় বন গবেষণা আৰু শিক্ষা সংস্থা নামে এটা স্বতন্ত্র প্রতিষ্ঠান স্থাপন কৰা হয়।

(গ) বেচৰকাৰী প্রতিষ্ঠানসমূহ: ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বে-চৰকাৰী অনুষ্ঠান হ’ল বিজ্ঞান আৰু পৰিবেশ কেন্দ্র (চি এছই), গীনপিচ ইন্ডিয়া, ৱাইল্ড লাইফ স্ট্রাষ্ট অৱ ইণ্ডিয়া আদি। তদুপৰি, অসমতো অসম বিজ্ঞান সমিতি, আৰণ্য আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ, জৈৱ-বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে।


18. চমুটোকা লিখাঃ

(ক) সম্পদ – মানুহৰ জীৱন-ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় সেই কেইটা হ’ল- প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ আৰু মানৱ সম্পদ।  কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ  বৈশিষ্ট্য।


(খ) মানৱ সম্পদ – প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে- ডাক্তৰ, শ্ৰমিক, কৃষক,শিক্ষক ইত্যাদি।


(গ) সম্পত্তি – যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয়। ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰি সম্পত্তিৰ যোগান তুলনামূলকভাবে সীমিত আৰু ইয়াক এজনৰপৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে ভূমি, ঘৰ-দুৱাৰ, যন্ত্র-পাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। কিয়নো ইয়াৰ বজাৰ মূল্য আছে।


(ঘ) নৱীকৰণযোগ্য সম্পদ – পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।


(ঙ) ব্যক্তিগত সম্পদ – মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি। যেনে ─ ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।


(চ) জাতীয় সম্পদ – এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ─ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।।


(ছ) জীৱীয় সম্পদ – প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।


(জ) সম্পদ সংৰক্ষণ – কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে।


(ঝ) সম্পদৰ পুনৰাৱর্তন – সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিলে সম্পদৰ কেঁচা সামগ্রী সংৰক্ষণ হব।


(ঞ) IUCN: IUCN ৰ সম্পূৰ্ণ অৰ্থ হৈছে International Union for Conservation of Nature । 1948 চনত UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যায়ন, গবেষণা আৰু প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰা।


19. পার্থক্য লিখাঃ

(ক) সম্পদ আৰু সম্পত্তি।

উত্তৰ মানুহৰ জীৱন-ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় সেই কেইটা হ’ল- প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ আৰু মানৱ সম্পদ।  কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ  বৈশিষ্ট্য ।

যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয়। ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰি সম্পত্তিৰ যোগান তুলনামূলকভাবে সীমিত আৰু ইয়াক এজনৰপৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে ভূমি, ঘৰ-দুৱাৰ, যন্ত্র-পাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। কিয়নো  ইয়াৰ বজাৰ মূল্য আছে।


(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল।

উত্তৰঃ- অর্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰ অন্তর্গত এটা প্রধান শাখা। মানৱ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্য-কলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

আনহাতে, সম্পদ ভূগোল হৈছে অর্থনৈতিক ভূগোলৰ এটা শাখা। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।


(গ) সম্পদ আৰু নিষ্ক্ৰয় সামগ্রী  

উত্তৰ:  মানুহৰ জীৱন-ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় সেই কেইটা হ’ল- প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ আৰু মানৱ সম্পদ। কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ  বৈশিষ্ট্য।

            যিবোৰে সামগ্রীয়ে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিষ্ক্ৰিয় সামগ্ৰীহে আছিল।


(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ।

উত্তৰঃ-প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।

আনহাতে, যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে।মাটি, শিল, ভূমি, নদ-নদী, পানী, বায়ু, খনিজ-পদার্থ, কয়লা আদি অজীৱীয় সম্পদ।


(ঙ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ।

উত্তৰ: নৱীকৰণযোগ্য সম্পদ – পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

অনৱীকৰণযোগ্য সম্পদ – যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।


(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ

উত্তৰ: ব্যক্তিগত সম্পদ – মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি। যেনে ─ ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

জাতীয় সম্পদ: এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ─ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।


(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ

উত্তৰ: মানৱ-সৃষ্ট সম্পদ: মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰা সম্পদ বোৰক মানৱ-সৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে নিজৰ প্ৰয়োজন অনুসৰি নিজে ব্যৱহাৰ উপযোগী কৰি লয়। যেনে – ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে মানুহে লাস বিলাসৰ বাবে ন ন সম্পদ সৃষ্টি কৰিছে।

মানৱ সম্পদ – প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে 一 কৃষক, ডাক্তৰ, শ্ৰমিক ইত্যাদি।


(জ) সম্পদৰ পুনৰাৱর্তন আৰু অভিযোজন

উত্তৰঃ- সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিব পাৰি

আনহাতে, অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক অভিযোজন বোলে।উদাহৰণস্বৰূপে; ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।


20. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?

  1. নদ-নদী            
  2. খনিজ তেল
  3. জলসিঞ্চন নলা 
  4. অৰণ্য

উত্তৰঃ- জলসিঞ্চন নলা।


(খ) তলৰ কোনটো অজীৱীয় সম্পদ?

  1. বায়ু                  
  2. গছ-গছনি
  3. জীৱ-জন্তু        
  4. ভেঁকুৰ

উত্তৰঃ- বায়ু।


(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?

  1. বায়ু                    
  2. পানী
  3. শস্য                  
  4. কয়লা

উত্তৰঃ- কয়লা।


(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?

  1. এশিঙিয়া গঁড়    
  2. নল গাহৰি
  3. জিৰাফ             
  4. মিথুন

উত্তৰঃ- নল গাহৰি।


(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তর্গত?

  1. UNESCO       
  2. UNO
  3. WWF            
  4. UNEP

উত্তৰঃ- UNESCO.


Class 10 Social Science Chapter 1
Class 10 Social Science Chapter 1

🧠 Chapter Summary (Assamese):

অৰ্থনৈতিক ভূগোল হৈছে সেই শাখা যি এটা অঞ্চলত লোক, সম্পদ, আৰু উৎপাদনৰ সংযোগ অধ্যয়ন কৰে। সম্পদবোৰ প্ৰাকৃতিক (মাটি, জল, খনিজ), মানবিক (জনশক্তি, শিক্ষা), আৰু প্ৰযুক্তিগত (যন্ত্ৰপাতি, গৱেষণা) হিচাপে ভাগ কৰিব পাৰি। এই অধ্যায়ত এই সকলো দিশ বিশ্লেষণ কৰা হৈছে।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here


Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ (Page 1)

Class 10 Social Science Chapter 1

Class 10 Social Science Chapter 1 Geography অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer

📘 Chapter Overview (in Assamese):

এই অধ্যায়ত অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু আৰু সম্পদৰ প্ৰকাৰসমূহ আলোচনা কৰা হৈছে। এটি স্থানবিশেষৰ ভৌগোলিক অৱস্থা আৰু সম্পদে কিদৰে তাৰ অৰ্থনৈতিক গঠন প্ৰভাৱিত কৰে, সেয়া শিকিব পাৰি। সম্পদৰ প্ৰকাৰ – প্ৰাকৃতিক, মানবিক আৰু প্ৰযুক্তিগত দিশসমূহ এই অধ্যায়ৰ মুখ্য অংশ।

Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

ভূগোল খণ্ড


1. অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ উল্লেখ কৰা।

উত্তৰ: ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

            সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলোধৰণৰ কথা আলোচনা কৰাই হল অর্থনেতিক ভূগোলৰ মূল বিষয়বস্তু।

অর্থনৈতিক ভূগোল প্রধান শাখাবোৰ হ’ল:

(ক) কৃষি ভূগোল।

(খ) ঔদ্যোগিক ভূগোল।

(গ) সম্পদ ভূগোল

(ঘ) পৰিবহণ ভূগোল।

(ঙ) বজাৰ ভূগোল।

(চ) পৰিকল্পনা আৰু উন্নয়ন ভূগোল।

(ছ) পর্যটন ভূগোল।


2. অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়। অর্থনৈতিক ভূগোলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখা, পৰম্পৰাগত অর্থনৈতিক ভূগোল আৰু আধুনিক অর্থনৈতিক ভূগোলৰ অধীনত পাঁচটা বিশেষ প্রশ্নৰ ওপৰত প্রতিষ্ঠিত:

(ক) পৰম্পৰাগত অর্থনৈতিক ভূগোলৰ অন্তৰ্গত প্ৰশ্ন তিনিটা হৈছে-

  1. অর্থনৈতিক কার্যটো ক’ত অৱস্থিত? অৰ্থাৎ অৰ্থনৈতিক ভূগোলে অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱা ভৌগোলিক স্থান, পৰিৱেশ, পৰিস্থিতিবোৰৰ সম্পৰ্কে  বিশদভাৱে আলোচনা কৰে।
  2. অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি?  অৰ্থনৈতিক ভূগোলে আৰ্থিক কাম-কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াবোৰৰ বিষয়ে অধ্যয়ন কৰে ।
  3. অর্থনৈতিক কার্যটো অন্য কি কি পৰিঘটনাৰ সৈতে জড়িত? অৰ্থনৈতিক ভূগোলে ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰকৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহৰ পৰিঘটনাসমূহ আলোচনা কৰে।

(খ) আধুনিক অর্থনৈতিক ভূগোলৰ অন্তৰ্গত প্ৰশ্ন ২ টা হৈছে

  1. অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাতে কিয় হৈছে?  অৰ্থনৈতিক কাৰ্য সমূহ অনুকূল পৰিৱেশত হৈছে নে  প্ৰতিকূল ভৌগোলিক পৰিৱেশত হৈছে তাৰ  বিৱৰণ অধ্যয়ন কৰে।
  2. অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাৰ পৰিৱর্তে আন ঠাইত হ’লে বেছি ভাল নহ’লহেঁতেন নে? অৰ্থনৈতিক ভূগোলৰ সুবিধাজনক স্থান আৰু পৰিৱেশত অৰ্থনৈতিক কাৰ্যসমূহৰ সুবিধা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰে।

লগতে অৰ্থনৈতিক ভূগোলে মানুহৰ চাৰি প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তি,  অৰ্থনৈতিক ভূগোলৰ পদ্ধতি আৰু অৰ্থনৈতিক ভূগোলৰ শাখা প্রশাখা সমূহ বিতংকৈ আলোচনা কৰে।


3. মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?

উত্তৰ:  পৃথিৱীত জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যৰে মানুহে দৈনন্দিন জীৱনৰ প্রয়োজনীয় উপাদানসমূহ আহৰণ কৰিবলৈ সম্পাদন কৰা বিভিন্ন কার্যকলাপসমূহক মানুহৰ অৰ্থনৈতিক বৃত্তি বুলি কোৱা হয়। মানুহৰ বিভিন্ন অর্থনৈতিক কার্যকলাপ বা বৃত্তিসমূহ হৈছে:-

প্রাথমিক বৃত্তি – যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে- কৃষি কার্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।

দ্বিতীয়ক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে- শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নির্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।

তৃতীয়ক বৃত্তি : যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে- যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।

চতুর্থক বৃত্তি : যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে- বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ।


4. অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ- অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তুসমূহ হৈছে 一

কৃষি ভূগোল – অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা হৈছে কৃষি ভূগোল।ইয়াত কৃষি কার্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্রকাৰ, কৃষি কার্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

ঔদ্যোগিক ভূগোল- ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদ্যোগৰ প্রকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্রীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

সম্পদ ভূগোল – ইয়াত সম্পদৰ প্রকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

পৰিবহণ ভূগোল – ইয়াত পৰিবহণ ব্যৱস্থাৰ প্রকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে – ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্রৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।

বজাৰ ভূগোল – ইয়াত বজাৰ স্থাপনৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্রকাৰ আৰু  বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।

পৰিকল্পনা আৰু উন্নয়ন ভূগোল – ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।

পর্যটন ভূগোল – ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্রকাৰ, পর্যটনৰ ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।


5. সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয়?

উত্তৰ – সম্পদ ভূগোল অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা কিয়নো সম্পদ অবিহনে অৰ্থনৈতিক ভূগোলৰ বাখ্যা সম্ভৱ নহয়। সম্পদৰ প্রকাৰ, অঞ্চলভেদে সম্পদৰ বিতৰণ, সম্পদ উদ্ঘাটন ,সম্পদ আৰু মানুহৰ সম্পৰ্ক, সম্পদ উৎপাদনৰ লগত জড়িত কাৰক সমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আদি বিষয়ে বিস্তৃত ভাৱে অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ আন শাখা উপশাখাবোৰৰ অধ্যয়নতো সম্পদক ভূগোলৰ বাখ্যা এৰাই চলিব নোৱাৰি। ইয়াৰ উপৰিও, এখন দেশৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে।


6. সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।

সম্পদৰ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়

(ক) কাৰ্যকাৰিতা- সম্পদ হ’বলৈ হ’লে কোনো এটা  বস্তু বা সামগ্ৰীৰ   কাৰ্যকাৰিতা গুণ থাকিব লাগিব অৰ্থাৎ বস্তু বা সামগ্ৰীটোৱে নিজৰ, আনৰ বা সমাজৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ  তাৰ কাৰ্যকাৰিতা গুণটো থাকিব লাগিব।

(খ) উপকাৰিতা – সম্পদ হ’বলৈ হ’লে বস্তু বা সামগ্ৰীটোৱে ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব পাৰিব লাগিব।

(গ) পৰিৱৰ্তনশীলতা – সম্পদৰ সদায় পৰিৱৰ্তন হৈ থাকে। আজি আমি যিটো সম্পদ ব্যৱহাৰ কৰি আছোঁ ভবিষ্যতে সেই একে সম্পদটো আমি ব্যৱহাৰ নকৰিব পাৰো বা আজি যিটো বস্তু আমি প্ৰকৃতি বুকুত পেলাই থৈছোঁ নিৰপেক্ষ সামগ্রি হিচাপে  ভবিষ্যতে সেইটো সম্পদলৈ ৰূপান্তৰিত হবও পাৰে।

উদাৰণস্বৰূপে যেতিয়া লৈকে কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জনা নাছিল তেতিয়া লৈকে প্ৰকৃতিৰ বুকুত কয়লা পেট্ৰলিয়াম নিৰপেক্ষ সামগ্রি হিচাপে পৰি আছিল কিন্তু যেতিয়াই কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জানিলে তেতিয়া পৰা ই সম্পদলৈ ৰূপান্তৰিত হল। অৰ্থাৎ সম্পদ পৰিবৰ্তন হৈ থাকে।


7. সম্পদ পৰিৱৰ্তনশীল’- ব্যাখ্যা কৰা।

উত্তৰ: সম্পদ সদায় পৰিৱৰ্তন হৈ থাকে। আজি আমি যিটো সম্পদ ব্যৱহাৰ কৰি আছোঁ ভবিষ্যতে সেই একে সম্পদটো আমি ব্যৱহাৰ নকৰিব পাৰো বা আজি যিটো বস্তু আমি প্ৰকৃতি বুকুত পেলাই থৈছোঁ নিৰপেক্ষ সামগ্রি হিচাপে  ভবিষ্যতে সেইটো সম্পদলৈ ৰূপান্তৰিত হবও পাৰে। উদাহৰণস্বৰূপে যেতিয়া লৈকে কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জনা নাছিল তেতিয়া লৈকে প্ৰকৃতিৰ বুকুত কয়লা পেট্ৰলিয়াম নিৰপেক্ষ সামগ্রি হিচাপে পৰি আছিল কিন্তু যেতিয়াই কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জানিলে তেতিয়া পৰা ই সম্পদলৈ ৰূপান্তৰিত হল। অৰ্থাৎ সম্পদ পৰিবৰ্তন হৈ থাকে।


8. সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ- মানুহৰ জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে হৈছে সম্পদ। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ।  এই সম্পদবোৰ মানুহে নিজৰ শক্তি, বিদ্যা- বুদ্ধি আৰু কৌশল প্রয়োগ কৰি ব্যৱহাৰ কৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়োজন- খাদ্য, আশ্রয় আৰু বস্ত্ৰকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে। কেৱল ব্যক্তিগত পৰ্যায়তে সম্পদৰ প্ৰয়োজন আছে তেনে নহয় , সম্পদৰ অবিহনে কোনাে এখন দেশেই উন্নতি কৰিব নােৱাৰে। উদ্যোগ , কৃষি, বেপাৰ – বাণিজ্যৰ বাবে খনিজ সম্পদ , কৃষিজাত সম্পদ, বনজ সম্পদ , মানৱ সম্পদ আদিৰ প্রয়োজন। কোনো এখন দেশ বা এটা জাতি যি অর্থনৈতিক দিশত উন্নতি হয় সেইটো কেৱল সম্ভৱ হয় সম্পদৰ সদ্‌ ব্যৱহাৰৰ ওপৰত। গতিকে সম্পদৰ প্ৰয়োজনীয়তাক আমি নুই কৰিব নোৱাৰো।


9.  সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সম্পদ আৰু মানুহৰ মাজত এক এৰাব নোৱৰা সম্পৰ্ক আছে। সম্পদৰ  অবিহনে মানুহৰ উন্নয়ন যেনেকৈ সম্ভব নহয় তেনেদৰে মানুহৰ অবিহনে সম্পদৰো মূল্য নাই অৰ্থাৎ এটা আনটোৰ পৰিপূৰক।

সম্পদৰ সৈতে মানুহ দুই ধৰণে জড়িত হৈ থাকে। সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদ উপভোগকাৰী হিচাপে।

(ক) সম্পদৰ উৎপাদক হিচাপে: মানুহৰ বাবে প্রয়োজনীয় সৰহ সংখ্যক সম্পদ প্ৰকৃতিৰ বুকুত পোৱা যায় যদিও তাৰে বেছিভাগ সম্পদ কেঁচা সামগ্ৰীৰ ৰূপত বা ব্যৱহাৰ অনুপযোগী অৱস্থাত পোৱা যায়। এনেবোৰ সম্পদ মানুহে প্রয়োজন অনুসৰি ব্যৱহাৰোপযোগী কৰি লয়।খনিজ সম্পদ বনজ সম্পদ , জলজ সম্পদ , কৃষি সম্পদ আদি মানুহৰ অবিহনে বিকাশ কৰা সম্ভৱ নহয়। গতিকে মানুহ হৈছে সকলো সম্পদৰ প্রধান ৰূপান্তৰক।

(খ) সম্পদ উপভোগকাৰী হিচাপে: মানুহ সম্পদৰ উপভোক্তা। মানুহে খাদ্য শস্য , কাপোৰ , খনিজ তেল আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু মানৱ – সৃষ্ট সামগ্রীবোৰ উপভোগ বা ব্যৱহাৰ কৰে। পানী, বায়ু , খাদ্য , বস্ত্র , বাসস্থান আদি প্রয়োজনীয়  সম্পদৰ অবিহনে মানুহে স্বাভাৱিক জীৱন – যাপন কৰিব নোৱাৰে। পৃথিৱীত মানু্হৰ জীৱন – ধাৰণত সম্পদে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।


10. সম্পদ আৰু  বিজ্ঞান – প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।

উত্তৰঃ সম্পদ আৰু বিজ্ঞান – প্রযুক্তিৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে । সম্পদ উৎঘাটন আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজন হয়।  সম্পদ আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ মাজৰ সম্পৰ্ক তলত আলোচনা কৰা হল

(i)  সম্পদৰ সৃষ্টিৰ মূলতে আছে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা । পৃথিৱীত উপলভ্য প্রায় সকলোবোৰ সম্পদৰ আৱিষ্কাৰৰ ক্ষেত্ৰত  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক সহায় কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদেই পৃথিৱীত লুপ্ত আৰু অজ্ঞাত হৈ থাকিলহেঁতেন।  উদাহৰণস্বৰূপে বিজ্ঞান – প্রযুক্তিৰ ব্যৱহাৰ ফলত বর্তমান আমি ব্যৱহাৰ কৰি থকা বহুতো খনিজ সম্পদ ভূ – গর্ভৰ তলৰ পৰা আহৰণ কৰিব পাৰিছো নহলে এই সম্পদ সমূহ লুপ্ত অৱস্থাত থাকিল হেঁতেন।

(ii)  বিজ্ঞান প্রযুক্তি উন্নয়নৰ ফলত মানুহে কৌশল আৰু শ্রম ব্যৱহাৰ কৰি সকলোধৰণৰ নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক সামগ্রী একোটা মূল্যবান সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিছে।

(iii)  বিজ্ঞান আৰু প্রযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰত সহায় কৰিছে। বিজ্ঞানী আৰু গৱেষক সকলে পূর্বস্থিত সম্পদবোৰৰ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি এই সম্পদসমূহ অধিক উপযোগী কৰি তুলিছে। উদাহৰণস্বৰূপে বাঁহ এবিধ প্ৰাকৃতিক সম্পদ। প্রাচীন কালত মানুহে ইয়াৰ ব্যৱহাৰ জৰিয়তে  ঘৰ বাৰী সাজিছিল, কৃষি,সজুঁলি তৈয়াৰ কৰিছিল অৰ্থাৎ দৈনন্দিন জীবন-যাত্ৰাত এই বাঁহে মানুহৰ প্ৰয়োজন পূৰণ কৰিছিল। কিন্তু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই বাঁহৰ পৰা কাগজ তৈয়াৰ কৰিব পাৰিছে ঠিক তেনেদৰে কপাহৰ পৰা কাপোৰ,  ইত্যাদি বহুতো সমগ্রী তৈয়াৰ কৰা মূলতে হল বিজ্ঞান প্ৰযুক্তি বিদ্যা।


11. উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।

উত্তৰঃ

Classification of Resources
Class 10 Social Science Chapter 1

(ক) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি সেই কেইটা হৈছে –

(i) প্ৰাকৃতিক সম্পদ- যিবোৰ সম্পদ  প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।যেনে – সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ-পদাৰ্থ, নদ-নদী আদি।

(ii) মানৱ সৃষ্ট সম্পদ- মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে। যেনে 一 ৰাস্তা-ঘাট, অট্টালিকা, দলং ইত্যাদি।

(iii) মানৱ সম্পদ- প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে 一 কৃষক, ডাক্তৰ, শ্ৰমিক ইত্যাদি।

খ) প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি 一

(i) জীৱীয় সম্পদ-  প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰ হৈছে জীৱীয় সম্পদ। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।

(ii) অজীৱীয় সম্পদ- প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে। মাটি, শিল, ভূমি, নদ-নদী, পানী, বায়ু, খনিজ-পদার্থ, কয়লা আদি অজীৱীয় সম্পদ।

গ) উপলব্ধতা আৰু স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদ সমূহক দুটা ভাগত ভাগ কৰিব পাৰি সেই কেইটা হৈছে –

(i) নৱীকৰণযোগ্য সম্পদ- পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

(ii) অনৱীকৰণযোগ্য সম্পদঃ- যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।

(ঘ) মালিকীস্বত্বৰ ভিত্তি কৰি সম্পদক তিনিটা ভাগত বিভক্ত কৰিব পাৰি 一

i) ব্যক্তিগত সম্পদ- মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি। যেনে ─ ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

ii) জাতীয় সম্পদ – এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ─ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।।

iii) আন্তৰ্জাতিক সম্পদ – সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদ যেনে 一সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তর্জাতিক বা বিশ্ব সম্পদ বোলে।



🧠 Chapter Summary (Assamese):

অৰ্থনৈতিক ভূগোল হৈছে সেই শাখা যি এটা অঞ্চলত লোক, সম্পদ, আৰু উৎপাদনৰ সংযোগ অধ্যয়ন কৰে। সম্পদবোৰ প্ৰাকৃতিক (মাটি, জল, খনিজ), মানবিক (জনশক্তি, শিক্ষা), আৰু প্ৰযুক্তিগত (যন্ত্ৰপাতি, গৱেষণা) হিচাপে ভাগ কৰিব পাৰি। এই অধ্যায়ত এই সকলো দিশ বিশ্লেষণ কৰা হৈছে।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 4 অসমৰ ভূগোল

Class 10 Social Science Chapter 4

Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল– সমাধান in Assamese Medium|| All Question Answer

📖 Chapter Overview (in Assamese):

এই পাঠত অসমৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক সম্পদ, জলবায়ু, মাটিৰ ধৰণ, বনাঞ্চল, আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত আলোচনা কৰা হৈছে। পৰিৱেশ আৰু সম্পদ ব্যৱস্থাপনাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে।

Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

অসমৰ ভূগোল

ভূগোল খণ্ড


১। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা।

উত্তৰঃ অসম ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এক অতি উল্লেখযোগ্য ৰাজ্য। অসমৰ মুঠ মাটিকালি প্রায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ই ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্রায় ২.৪ শতাংশ আগুৰি আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে  ৩১২.০৫ লাখ অৰ্থাৎ ভাৰতৰ মুঠ জনসংখ্যা ২.৬  শতাংশ লোকে অসমত বাস কৰে।

অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত  ১৫৯.৩৯ লাখ পুৰুষ জনসংখ্যা আৰু ১৫২.৬৬ লাখ মহিলা জনসংখ্যা।  ১৯০১ চনত অসমত জনসংখ্যাৰ ঘনত্ব আছিল প্রতি বর্গ কিলোমিটাৰত ৪২ জন ।স্বাধীনতাৰ পিছত অসমৰ জনসংখ্যা যথেষ্ট বৃদ্ধি পায় ২০১১ চনলৈ অসমৰ জন সংখ্যাৰ  ঘনত্ব হল গৈ প্ৰতি বর্গ কিলোমিটাৰত ৩৯৮ জন । অসমৰ মুঠ জনসংখ্যাৰ প্রায় ৮৫ শতাংশ জনসংখ্যাই ব্রহ্মপুত্র উপত্যকাত বাস কৰে। ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ব্রহ্মপুত্র উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব  প্রতি বর্গ কিলো মিটাৰত প্ৰায় ১৫০২ জন। আনহাতে অসমৰ বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ১১% লোকে বসবাস কৰে।২০১১ চনৰ লোকপিয়লৰ তথ্য মতে বৰাক উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব  প্রতি বর্গ কিলো মিটাৰত প্ৰায় ৫৪৫ জন। অসমৰ পাৰ্বত্য অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩.৭৫ শতাংশ লোকে বসবাস কৰে।২০১১ চনৰ লোক পিয়লৰ মতে পাৰ্বত্য অঞ্চলটোৰ জন সংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৬৮ জন।


২) অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা।

উত্তৰ: অসমৰ জনসাধাৰণ লাহে লাহে সজাগ আৰু সচেতন হৈ ফলত অসমত প্ৰতিটো দশকত  ক্ৰমান্বয়ে শিক্ষিতৰ হাৰ বৃদ্ধি পায় অহা দেখা গৈছে। ১৯৯১ চনৰ লোকপিয়লৰ মতে অসমৰ শিক্ষিত হাৰ আছিল ৫২.৮৯% । তাৰ পৰবৰ্তী দশকত অৰ্থাৎ ২০০১ চনৰ  অসমৰ শিক্ষিতৰ হাৰ  ৬৩.২৫% হল  এনেদৰে ক্ৰমান্বয়ে শিক্ষিত হাৰ বৃদ্ধি পায় ২০১১ চনত হল গৈ ৭২.১৯%।


৩) ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?

উত্তৰ: ২০১১ চনৰ তথ্য মতে অসমত ৭ প্ৰথম শ্ৰেণীৰ নগৰ আছে সেইকেইখন হল গুৱাহাটী,শিলচৰ,ডিব্ৰুগড়, যোৰহাট, নগাঁও,তিনিচুকীয়া আৰু তেজপুৰ।

৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে সেইকেইখন হল ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ, আৰু গোৱালপাৰা।


৪) ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: জনসংখ্যা পৰিৱৰ্তনশীল। জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন- এই তিনি প্রকাৰে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিবৰ্তনক  সহায় কৰে। পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনবহুল দেশৰ ৰাজ্য অসমতো ভাৰতৰ অন্য ৰাজ্যৰ দৰে জনসংখ্যা বৃদ্ধি হৈছে। অসমৰ জনসংখ্যা বৃদ্ধি ধাৰা লক্ষ্য কৰিলে দেখা যায় যে ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩,২৮৯,৬৮০ জন ই ভাৰতৰ মুঠ জসংখ্যাৰ ১.৩৮ শতাংশ। ১৯০১ পৰা প্ৰতিটো দশকতে জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ ১৯৪১ চনত জনসংখ্যা হয়গৈ ৬,৬৯৪,৭৯০ জন, ই ভাৰতৰ মুঠ জনসংখ্যাৰ ২.১০ শতাংশ। ইয়াৰ পৰা গম পোৱা গল যে ১৯০১ চনৰ পৰা ১৯৪১ চনলৈকে অসমৰ জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি হৈছে। কিন্তু স্বাধীনোত্তৰ কালত অৰ্থাৎ ১৯৫১ চনৰ পৰা সীমান্তৰ অঞ্চলৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত জন সংখ্যা দ্ৰুত গতিত বৃদ্ধি হৈ ১৯৫১ – ১৯৬১ দশকত অসমৰ জনসংখ্যাৰ হল গৈ ৩৪.৯৮ শতাংশ। কিন্তু ইয়াৰ পৰবৰ্তী দশকত কেইটাত জন সাধাৰণ সজাগ আৰু সচেতন ফলত জন্মৰ হাৰ কমি গৈছে আৰু বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনৰ সংখ্যা ৰোধ হোৱাৰ বাবে জনসংখ্যা বৃদ্ধি ক্রমশঃ নিম্নগামী হৈছে ২০০১ চনত জনসংখ্যা বৃদ্ধি হাৰ হৈছে ১৮.৯২ শতাংশ আৰু ২০১১ চনত জনসংখ্যাৰ বৃদ্ধি হাৰ হৈছে ১৭.০৭ শতাংশ।


৫। ভৌগলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালোচনা কৰা

উত্তৰ: অসমৰ জনসংখ্যাৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যখনৰ সকলো অঞ্চল বা ঠাইত জনসংখ্যাৰ বিতৰণ সমান নহয়। কোনো অঞ্চলত জনসংখ্যা বেছি অর্থাৎ জনবসতি ঘন আৰু কোনো অঞ্চলত জনসংখ্যা কম অর্থাৎ জনবসতি সেৰেঙা। অসমৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্রাকৃতিক পৰিৱেশ অনুসৰি ৰাজ্যখনৰ জনসংখ্যা বিতৰণ সকলো অঞ্চলতে সমান হোৱা নাই। সেয়ে অঞ্চলভেদে জনসংখ্যাৰ ঘনত্বও একে নহয়। সাধাৰণতে অসমৰ যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অর্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি অসমত সেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে,অসমৰ যিবোৰ অঞ্চলত অনুকূল প্রাকৃতিক আৰু অর্থনৈতিক অৱস্থা বিৰাজ কৰিছে সেই বোৰ ঠাইত জনবসতি ঘন হয়।

Assam Map

অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলটো সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকার্য্য আৰু যাতায়াত ব্যৱস্থা উন্নত বাবে তাত জনবসতি ঘন। সেয়েহে ব্রহ্মপুত্র উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লোকে বসবাস কৰে। আকৌ ব্রহ্মপুত্র উপত্যকাৰ ভিতৰত নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলটো জনসংখ্যাৰ বিতৰণ বেছি ইয়াত ব্রহ্মপুত্র উপত্যকাৰ প্ৰায় ৩৬% লোকে বাস কৰে আনহাতে ব্রহ্মপুত্র উপত্যকাৰ মধ্য অংশত ২৭% আৰু উজনি অংশত ২১% লোকে বসবাস কৰে।

আনহাতে, অসমৰ বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকৰ্ম আৰু যাতায়াতৰ বাবে সুচল হোৱাৰ কাৰণে এই অঞ্চলতো জনবসতি ঘন। অসমৰ মুঠ জনসংখ্যাৰ প্রায় ১১ শতাংশ লোকে  বৰাক উপত্যকাত বাস কৰে।

            প্ৰতিকূল ভূ প্রাকৃতিক অৱস্থাৰ বাবে অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনক সামৰি লোৱা পার্বত্য অঞ্চলটোৰ জন সংখ্যা বিতৰণ নিচেই কম। ইয়াত অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩.৭৫% লোকে বাস কৰে।

            অসমৰ জিলাসমূহৰ ভিতৰত ২০১১ চনৰ লোকপিয়ল মতে নগাঁও জিলাৰ জন সংখ্যা বেছি আৰু কামৰূপ মেট্রোৰ জন সংখ্যাৰ ঘনত্ব বেছি। আনহাতে ডিমা হাছাও জিলা কম জনসংখ্যা আৰু কম জনসংখ্যা ঘনত্ব থকা জিলা।


৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ: অসমৰ জনসংখ্যাৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যখনৰ সকলো অঞ্চল বা ঠাইত  জনসংখ্যাৰ বিতৰণ সমান নহয়। কোনো অঞ্চলত জনসংখ্যা বেছি  আৰু কোনো অঞ্চলত জনসংখ্যা কম । অসমৰ জনসংখ্যাৰ ভিন্নতাৰ প্ৰধান কাৰণ সমূহ হৈছে –

i)  ভূ – প্রাকৃতিক তাৰতম্যতা- অসমৰ যিবোৰ অঞ্চলত সমতল ভূমি আছে তাত জনবসতি বিতৰণ বেছি আনহাতে অসমৰ যিবোৰ অঞ্চল পাহাৰীয়া সেইবোৰ অঞ্চলত জনবসতি বিতৰণ কম। উদাহণস্বৰূপে অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল আৰু বৰাক সমভূমি অঞ্চলত জনবসতি বিতৰণ বেছি। আনহাতে অসমৰ পাৰ্বত্য অঞ্চলটোৰ জনবসতিৰ বিতৰণ কম।

ii) পৰিবহণ তথা যোগাযোগ ব্যৱস্থাৰ – যিবোৰ অঞ্চলত সমতল ভূমি আছে তাত যাতায়ত পৰিবহণৰ বাবে উপযোগী । সুচল যাতায়ত ব্যৱস্থাৰ বাবে এনে অঞ্চলত জনবসতি বিতৰণ বেছি আনহাতে পাহাৰীয়া অঞ্চলত যাতায়ত পৰিবহণ ব্যৱস্থা বাবে উপযোগী নহয় সেইবাবে তাত জনবসতি বিতৰণ কম। উদাহণস্বৰূপে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অঞ্চলটোৰ যাতায়ত পৰিবহণৰ ব্যৱস্থা উন্নত বাবে তাত জনসংখ্যাৰ বিতৰণ বেছি আনহাতে পাৰ্বত্য অঞ্চলটো যাতায়ত পৰিবহণৰ ব্যৱস্থা উন্নত নহয় বাবে তাত জনসংখ্যাৰ বিতৰণ কম।

iii) সাৰুৱা মাটি-  যিবোৰ অঞ্চলত সাৰুৱা মাটি আছে তাত কৃষি কাৰ্য্যৰ বাবে উপযোগী সেইবাবে তেনে অঞ্চলত জনবসতি বিতৰণ বেছি উদাহণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাত অঞ্চলটো আৰু বৰাক উপত্যকাৰ অঞ্চলটো সাৰুৱা মাটি বাবে তাত কৃষি কাৰ্য্য ভাল হয় সেইবাবে তাত জনবসতি বিতৰণ বেছি আনহাতে পাৰ্বত্য অঞ্চলটোৰ মাটি কৃষি কাৰ্য্যৰ বাবে উপযোগী নহয় বাবে তাত জন বসতি কম।

iv) অনান্য কাৰণ – জলবায়ুৰ ক্ষেত্ৰত থকা ভিন্নতা আৰু ,অঞ্চলসমূহৰ অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা, বিভিন্ন সম্পদৰ উপলব্ধতাৰ ক্ষেত্ৰত থকা ভিন্নতা আদি কাৰণ বোৰৰ বাবে অসমৰ জনসংখ্যা বিতৰণ একে নহয়।


৭) ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

উত্তৰঃ- ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা জিলা – নগাঁও।

            ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলা – কামৰূপ মেট্ৰ’।

২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা থকা জিলা – ডিমাহাছাও।

২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলা – ডিমাহাছাও।


৮) অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ- অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা। ইয়াৰে এটা হৈছে – জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু আনটো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা প্ৰব্ৰজন।

(ক) জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিঃ-  জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি জন্মহাৰ আৰু মৃত্যুহাৰৰ ওপৰত নিৰ্ভৰশীল। মৃত্যু হাৰতকৈ জন্মহাৰ অধিক হ’লে জনসংখ্যা বৃদ্ধি হয়। স্বাধীনোত্তৰ পিছৰ সময় ছোৱাত অসমত সু চিকিৎসা ব্যৱস্থা উপলব্ধতা , জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত হোৱা বিকাশ ,  অৰ্থনৈতিক ক্ষেত্ৰত হোৱা বিকাশৰ বাবে মৃত্যুহাৰ হ্ৰাস পাই আহিছে আৰু জন্মৰ হাৰ বৃদ্ধি পাইছে যাৰ ফলত অসমৰ জনসংখ্যা বৃদ্ধি হৈছে।

(খ) জনপ্ৰব্ৰজন :- অসমৰ জনসংখ্যা বৃদ্ধিৰ প্রধান কাৰণটো হ’ল জনপ্রব্রজন। ১৮২৬ চনৰ পৰাই ৰাজ্যখনলৈ বিভিন্ন ঠাইৰ পৰা জনপ্ৰব্ৰজন ঘটিছিল যদিও স্বাধীনোত্তৰ কালৰ পৰা এই প্ৰব্ৰজনৰ সোঁত অধিক সক্রিয় হৈ পৰিছিল। দেশ বিভাজনৰ সময়ছােৱাত পূর্ব পাকিস্তানৰ অৰ্থাৎ বাংলাদেশ পৰা বৃহৎ সংখ্যক হিন্দু শৰণাৰ্থীৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল। যাৰ ফলস্বৰূপে অসমৰ জন সংখ্যা বৃদ্ধি পালে । ইয়াৰ পাছতো বাংলাদেশৰ পৰা অবাধ জনপ্ৰবজন ঘটিয়েই আছে। ১৯৫১ চনৰ পৰা ২০০১ চনলৈ এই সময়ছোৱাত ভাৰতৰ ১৮৫ শতাংশ জনসংখ্যা বৃদ্ধিৰ হাৰৰ বিপৰীতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৩২ শতাংশ। অৱশ্যে শেহতীয়া বৰ্ষসমূহত চৰকাৰৰ বলিষ্ঠ পদক্ষেপ আৰু জনসাধাৰনৰ সজাগতাৰ ফলত এই বৃদ্ধি কিছু পৰিমাণে হ্রাস পাইছে।


৯। অসমলৈ প্রাচীন কালৰ পৰা বর্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা।

উত্তৰ: অসমৰ ভৌগোলিক অৱস্থান, মনোমোহা প্রাকৃতিক পৰিৱেশ, প্ৰাচুৰ্যৰে ভৰা জলসম্পদ, নদী উপত্যকাৰ সাৰুৱা মাটি, প্ৰচুৰ বৰষুণ আৰু নানা প্রজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদৰ অৱস্থিতিয়ে প্ৰব্ৰজনকাৰী সকলক বাৰুকৈয়ে অসমলৈ আকর্ষণ কৰিছিল। সেয়েহে বিভিন্ন সময়ত অসমলৈ অনেক জনগোষ্ঠীৰ লোকৰ আগমন ঘটিছিল। ফলত অসমত নানা ভাষা, ধর্ম, সংস্কৃতি আৰু জাতি-জনগোষ্ঠীৰ লোকৰ সমাগম হৈছিল। বর্তমান অসম ভাৰতবৰ্ষৰ এখন অন্যতম বৈচিত্র্যময় ৰাজ্য। এইদৰে সময়ে সময়ে অসমলৈ হোৱা জন প্রৱজনৰ বিষয়ে একাদিক্রমে তলত উল্লেখ কৰা হ’লঃ

অসমলৈ জন প্ৰব্ৰজন ঘটা প্ৰথমটো জনস্রোত আছিল অষ্ট্রিক জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ – পূৱ এছিয়াৰ পৰা অসমলৈ আহিছিল। এই জনগোষ্ঠীৰ লোক সকলৰ কিছুসংখ্যক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰি আছে।

            অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্রোত আছিল তিব্বতীয়া বৰ্মন ভাষা কোৱা মংগোলীয় জনগোষ্ঠীৰ লোকসকল ৷ এওঁলোক মধ্য এছিয়াৰ হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহি অসমৰ বিভিন্ন অংশত থিতাপি লৈছিল। বৰ্তমান অসমত বাস কৰা খাছীয়া লোক সকলক বাদ দি সকলো জন জাতি যেনে বড়ো, মিছিং, তিৱা, দেউৰী, সোণোৱাল, কছাৰী আৰু পাহাৰ অঞ্চলত বাস কৰা কাৰ্বি, ডিমাছা, কুকি, গাৰো, মাৰ, হাজং, ৰেঙমা, জেমি, নগা আদি এই মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত।

            মংগোলীয়সকলৰ পিছত অসমলৈ প্ৰব্ৰজন ঘটা জনস্রোতটো আছিল সিন্ধু – আর্য ভাষা কোৱা লোকসকল। এওঁলোক আহিছিল গংগা সমভূমিৰ পৰা। এই আৰ্যসকল ককেছীয় জনগোষ্ঠীৰ অন্তৰ্গত লোক। বর্তমান অসমত বাস কৰা সৰহ সংখ্যক অজনজাতীয় লোকে যেনে ব্রাহ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত্ত আদি জাতিৰ লোকসকল এই জনগোষ্ঠীৰ অন্তৰ্গত।  এওঁলোকে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি আছে।

অসমলৈ আগমন হোৱা পৰৱৰ্তী জনস্রোতটো আছিল আহােমসকল।আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক চীনদেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। এওঁলোকে প্রথমে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্রায় গোটেই ব্রহ্মপুত্র উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্রায় ছয়শ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্রতি আহোমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।

ব্রিটিছে ১৮২৬ খ্রীঃত অসম অধিকাৰ কৰিছিল। অসম অধিকাৰ কৰাৰ পিছত তেওঁলোকক প্রশাসনীয়, অর্থনৈতিক আৰু বাণিজ্যিক কার্যকলাপ সমূহ চলাবলৈ কিছুমান শিক্ষিত তথা দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰয়োজন হৈছিল। সেয়েহে ব্রিটিছসকলে তেওঁলোকৰ হৈ কাম কৰিবলৈ বংগ, বিহাৰ, উত্তৰ প্রদেশ, ৰাজস্থান, নেপাল আদি ঠাইৰ পৰা শিক্ষিত লোকক অসমলৈ আনিছিল।

ইয়াৰ পিছত ব্ৰিটিছ সকলে অসমৰ চাহ বাগিচাত কাম কৰিবলৈ চোটনাগপুৰ মালভূমি অঞ্চলৰ পৰা বনুৱা সকলক আনি চাহ বাগিচা অঞ্চলত বসতি স্থাপনৰ সুবিধা কৰি দিলে।

অসমলৈ আগমন ঘটা আন এটা উল্লেখযোগ্য জনস্রোত হৈছে বাংলাদেশৰ পৰা অহা ভূমিহীন মুছলমান কৃষকসকল। প্রায় উনৈশ শতিকাৰ শেষৰ দশকৰ পৰা বৰ্তমানলৈকে এই প্রব্রজন অব্যাহত আছে। এওঁ লোক ব্রহ্মপুত্ৰ আৰু বৰাক নদীৰ প্লাৱনভূমি আৰু চৰ অঞ্চলত বসতি কৰি আছে।

অর্থনৈতিক, সামাজিক তথা শৈক্ষিক আদি বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ পৰাও অসমলৈ বহুতো লোকৰ প্ৰব্ৰজন ঘটি বৰ্তমান স্থায়ী ভাৱে বসবাস কৰি আছে। এই লোকসকল প্ৰধানকৈ ৰাজস্থান, পঞ্জাব, পশ্চিমবংগ, মণিপুৰ আদি ৰাজ্যৰ পৰা আগমন ঘটিছে।


১০) অসমৰ আহোমসকলৰ জনগোষ্টীয় পৰিচয় দাঙি ধৰা।

উত্তৰ: আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক চীনদেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। এওঁলোকে প্রথমে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্রায় গোটেই ব্রহ্মপুত্র উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্রায় ছয়শ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্রতি আহোমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।


১১। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছেচমুকৈ আলোচনা কৰা।

উত্তৰ: দেশ বা অঞ্চল এটাৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে সুচল পৰিবহণ ব্যৱস্থাৰ ওপৰত। উন্নত পৰিৱহণ ব্যৱস্থাই বিভিন্ন ঠাইৰ লগত সংযোগ স্থাপন কৰি যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলে। লগতে ঠাই সমূহৰ মাজত সম্পদ আদান প্ৰদানৰ উপৰিও জ্ঞান, সভ্যতা সংস্কৃতিৰো বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেয়েহে উন্নত পথ পৰিবহণ, ৰেল পৰিবহণ, আকাশী পৰিবহণ, আৰু জল পৰিবহণ ব্যৱস্থাই হৈছে ঠাই এখনৰ অৰ্থনৈতিক জীৱন ৰেখা।

            অসম হৈছে সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ দুৱাৰমুখ। গতিকে উত্তৰ- পূৰ্বাঞ্চলৰ উন্নয়ন অসমৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। এই ৰাজ্যসমূহৰ অৰ্থনীতিত প্রয়োজন হোৱা বিভিন্ন দ্রব্যসমূহ পৰিবহণ ব্যৱস্থাৰ বিভিন্ন মাধ্যমেৰে অসমৰ মাজেৰে পৰিবাহিত হয়। ইয়ে অসমৰ অর্থনীতিৰ বিকাশত যথেষ্ট সহায় কৰিছে। অসম ৰাজ্যখনক পৰিবহণ ব্যৱস্থাইহে ভাৰতবৰ্ষৰ অন্য অংশৰ সৈতে সংলগ্ন কৰিছে।  চাহপাত , খাৰুৱা তেল , প্রাকৃতিক গেছ , চূণশিল আদি স্থানীয়ভাৱে উৎপাদিত দ্রব্যসমূহ ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি কৰি ৰাজ্য খনে অৰ্থনৈতিক দিশত সবল হব পাৰিছে কেৱল , পৰিবহণ ব্যৱস্থাৰ মাধ্যমৰ বাবে। সেয়েহে আমি কব পাৰি যে অসমৰ অর্থনৈতিক উন্নয়ন সাধনৰ ক্ষেত্ৰত পৰিবহণ ব্যৱস্থাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ৷


১২) অসমৰ জল পৰিবহনৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰ: অসমৰ জল পৰিবহন ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থা। অসমত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহে মিলি এক বিস্তৃত জলপথৰ সৃষ্টি কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ ওপৰত ৮৯১ কিঃমিঃ জোৰা নাব্য জলপথ আছে। ই দেশৰ ভিতৰত দ্বিতীয় বৃহৎ  জলপথ। আনহাতে বৰাক নদী ওপৰত ১২১ কিঃমিঃ নাব্য জলপথ আছে। যি দেশৰ ভিতৰত ষষ্ঠ বৃহৎ জলপথ। এই দুটা জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচত মালবস্তু পৰিবহণ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে। অসমত জলপৰিবহন ব্যৱস্থাৰ উন্নতিৰ অৰ্থে দুটা চৰকাৰী সংস্থাই প্ৰচেষ্টা চলাই আছে। তাৰে এটা হৈছে – কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু আনটো হৈছে – আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। পাণ্ডু ধুবুৰী আদিকে ধৰি ব্ৰহ্মপুত্ৰ সৰু-ডাঙৰ কেইবাটাও নদী বন্দৰ অসমত আছে। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ উপনৈবিলাকত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬ খন ফেৰী চলি আছে। যাত্ৰী আৰু মালবস্তু কঢ়িয়াবলৈ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰত ৩০ যোৰতকৈও বেছি ফেৰীঘাট আছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ সুচল পথ পৰিবহণ ব্যৱস্থা নথকা ভিতৰুৱা অঞ্চল বিলাকক সামৰি যাত্ৰী আৰু বয়-বস্তু কঢ়িওৱাৰ বাবে বিভাগটোৱে ৬১ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰিছে। তাৰোপৰি ব্যক্তিগত মালিকানাধীন ভালেমান ফেৰী সেৱা আৰু ভুটভুটী সেৱা অসংগঠিত খণ্ডত চলি আছে।

অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ সুবিধাসমূহ হৈছে-

(ক) অসম নদীমাতৃক ৰাজ্য হোৱাৰ বাবে ইয়াত জলপৰিবহণ ব্যৱস্থাৰ প্ৰসাৰৰ বাবে অনেক সুযোগ আৰু সুবিধা আছে,

(খ) অসমৰ প্ৰাকৃতিক দুর্যোগ বিশেষকৈ বানপানীৰ সময়ত জল পৰিবহণ ব্যৱস্থাই উল্লেখযোগ্য ভূমিকা পালন কৰা দেখা যায়।

 (গ) পথ পৰিবহণৰ ক্ষেত্ৰত পিছপৰা ঠাইসমূহৰ জনসাধাৰণৰ যাতায়াত আৰু মালবস্তু অনা-নিয়াৰ বাবে জল পৰিবহণ ব্যৱস্থাই সহায় কৰি আহিছে।


🧠 Chapter Summary (Assamese):

অসম এখন সুন্দৰ আৰু সম্পদ-সমৃদ্ধ ৰাজ্য। ইয়াৰ ভূ-অৱস্থান আৰু পৰিৱেশ গঠন পৃথিৱীৰ অন্য অংশৰ সৈতে তুলনাত ভিন্ন। এই পাঠৰ জৰিয়তে অসমৰ মাটি, জলবায়ু, বনজ আৰু খনিজ সম্পদৰ ওপৰত গভীৰ জ্ঞান লাভ কৰিব পাৰি।


📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer

🔸 অসমীয়া ৰচনা – Click Here



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now


Class 10 Social Science Chapter 4 ( Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium