Assam Board Exam

Class 6 Social Science Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি

Class 6 Social Science Chapter 8

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| ভাৰতীয় সভ্যতাৰ আৰম্ভণি|| Class 6 social science chapter 8 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| ভাৰতীয় সভ্যতাৰ আৰম্ভণি || Class 6 social science chapter 8 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) সভ্যতা বুলিলে কি বুজা।

উত্তৰ: সভ্যতা হৈছে মানুহৰ সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, ৰাজনৈতিক, নৈতিক আৰু সাংস্কৃতিক উন্নতিৰ অৱস্থা।


(খ) সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ: সভ্যতাৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল। এইবোৰৰ পৰা শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল।

(খ) দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ মাজত থকা অর্থনৈতিক সম্পর্ক আছিল। ইয়াৰ ফলত আভ্যন্তৰীণ আৰু বহিঃবাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল।

(গ) সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে।

(ঘ) সৃষ্টিশীল কাম-কাজ, যেনে, লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰ দ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায়।

(ঙ) উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্রব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধিশালী গাঁও আছিল।


(গ) নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল।

উত্তৰ: নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিল।


(ঘ) যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম লিখা।

উত্তৰ: যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম হ’ল-

১. সিন্ধু সভ্যতা।

২. মেছ’পটেমিয়া সভ্যতা।


১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়?

উত্তৰ: সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা আৰু সিন্ধু – সৰস্বতি সভ্যতা নামেৰে জনা যায়।


(খ) হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা।

উত্তৰ:  হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম হ’ল-  লোথাল, ধোলভিৰা।


(গ) হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ নগৰবোৰক গাঁথনিৰ ফালৰ পৰা দুৰ্গ আৰু নামনি চহৰ  এই দুই  ভাগত ভগাব পাৰি। দুর্গ হ’ল চহৰৰ ওখ অংশ, য’ত ৰাজহুৱা গৃহ, শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিল। আনহাতে নামনি চহৰ আছিল সাধাৰণ প্ৰজাৰ বাসস্থান।


২. চমুটোকা লিখা – হৰপ্পা সভ্যতাৰ সময়ৰ

(ক) সৰস্বতী নদী

উত্তৰ:- হৰপ্পা সভ্যতাৰ সময়ত সৰস্বতী নদীৰ কাষত অসংখ্য ঠাই আছিল, যিবোৰক এতিয়া ভাৰতত ‘ঘগ্নাৰ’ আৰু পাকিস্তানত ‘হকৰা’ বুলি অভিহিত কৰা হৈছে। এই নদীখনত বাৰিষাৰ সময়তহে পানী থাকে। ঋগ্‌বেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায়।


(খ) ঘৰ- দুৱাৰ

উত্তৰ:- হৰপ্পা সভ্যতাৰ সময়ৰ নগৰবোৰক গাঁথনিৰ ফালৰ পৰা দুৰ্গ আৰু নামনি চহৰ এই দুই ভাগত ভগাব পাৰি। দুর্গ হ’ল চহৰৰ ওখ অংশ, য’ত ৰাজহুৱা গৃহ, শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিল। এই অঞ্চলতে শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল। নামনি চহৰত আছিল সাধাৰণ প্ৰজাৰ বাসস্থান | এই ঘৰবোৰ ঘাইপথৰ দুয়োকাষে সজা হৈছিল। ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। তাত খটখটিৰ ব্যৱস্থা আছিল।প্রত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনিঘৰ আৰু একাধিক শোৱা কোঠালীৰ ব্যৱস্থা আছিল। বেছিভাগ ঘৰেই দুমহলীয়া আছিল। ঘৰবোৰ ইটাৰে সজা হৈছিল।


(গ) ৰাস্তা -ঘাট

উত্তৰ:- হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰবোৰৰ ৰাস্তা -ঘাটবোৰ আছিল আহল- বহল আৰু সাধাৰণতে ইটো-সিটোৰ সমান্তৰাল। মূল ঘাইপথৰপৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান ব্যৱধানত আন পথত লগ লাগিছিল। সমগ্ৰ চহৰখনৰ বাট -পথবোৰ আয়তাকাৰে বিভক্ত হৈ আছিল। কিছুমান আলিবাট পোৰা ইটাৰে সজাৰ প্ৰমানো পোৱা গৈছে। ৰাস্তাৰ ভাজবোৰ কোণযুক্ত নহৈ ধেনুভিৰীয়াকৈ সঁজা হৈছিল যাতে জন্তুৱে টনা গাড়ী সহজে পাৰ হৈ যাব পাৰে।


(খ) জল – নিষ্কাষণ ব্যৱস্থা

উত্তৰ:- হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল- নিষ্কাষণ, অর্থাৎ পানী যোৱাৰ ব্যৱস্থা সু- পৰিকল্পিত আছিল। প্রত্যেক ঘৰৰে ব্যবহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল | এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পৰা বুজিব পাৰি যে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুনকৈ থকাত বিশেষ গুৰুত্ব দিছিল।


৩। “হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।”- ব্যাখ্যা কৰা।

উত্তৰঃ “হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।” —এই বক্তব্যটো হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনা আৰু জল-নিষ্কাষণ ব্যৱস্থা পৰ্যালোচনা কৰিলে স্পষ্ট হয়।

হৰপ্পা সভ্যতাৰ চহৰসমূহ সু-পৰিকল্পিত আছিল। প্রত্যেক ঘৰত ব্যৱহৃত পানী ওলাই যাবলৈ বিশেষ ব্যৱস্থা আছিল। প্রত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল | এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পৰা বুজিব পাৰি যে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুনকৈ থকাত বিশেষ গুৰুত্ব দিছিল।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক)হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ লোকসকল কৃষি, পশুপালন আৰু হস্তশিল্পৰ লগত জড়িত আছিল।


(খ) হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পর্ক আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছপটেমিয়া আৰু পাৰস্যৰ লোকসকলৰ লগত বাণিজ্যিক সম্পর্ক আছিল।


(গ) বহিজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্রমাণ পোৱা যায়?

উত্তৰ:- হৰপ্পা সভ্যতাৰ ছীল- মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছপটেমিয়া আৰু পাৰস্যৰপৰা উদ্ধাৰ কৰা হৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কথা প্ৰমাণ কৰে।


(ঘ) হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বার্লি, সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহ আদি শস্যৰ খেতি কৰিছিল।


(ঙ) হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ সময়ছোৱাত পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ- অলংকাৰ, তামৰ বাচন- বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাওঁ আদি হস্তশিল্পৰ প্ৰচলন আছিল।


চ) কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক’ব পাৰি?

উত্তৰ:- বিভিন্ন খননত পোৱা বিদেশী সামগ্রী, ছীল-মোহৰ, মাটিৰ পাত্ৰ আদিৰ ওপৰত ভিত্তি কৰি আমি ক’ব পাৰো যে হৰপ্পা সভ্যতাৰ লগত মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছিল।


২. চমুটোকা লিখা- হৰপ্পাকালীন (ক) জীৱিকা

উত্তৰ:- হৰপ্পা সভ্যতাৰ সময়ছোৱাত লোকসকল কৃষি, পশুপালন আৰু হস্তশিল্পৰ নিচিনা বৃত্তিৰ লগত জড়িত আছিল। হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বার্লি, সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহ আদিৰ খেতি কৰিছিল। হৰপ্পা সভ্যতাৰ লোকসকলে হাতী, উট, ম’হ, গৰু, ভেড়া আদি পালন কৰিছিল |


(খ) বাণিজ্য

উত্তৰ:- হৰপ্পা সভ্যতাৰ ছীল মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছপটেমিয়া আৰু পাৰস্যৰপৰা উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছ’ পটেমিয়া ছীল-মোহৰ হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। সেই সময়ত স্থলপথ আৰু জলপথ উভয়েদি বেহা- বেপাৰ চলিছিল।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ‘ইউনিকর্ণ’ কি?

উত্তৰ:- হৰপ্পাৰ ছীল-মোহৰবোৰত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখা যায়, যাক ইউনিকর্ণ বুলি কোৱা হয়।


(খ) ছীল-মোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে?

উত্তৰ:- ছীল-মোহৰবোৰত ষাঁড়গৰু, ভেড়া, বাঘ, আৰু হাতীৰ প্ৰতিচ্ছবি পোৱা গৈছে।


(গ) হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে?

উত্তৰ:- হৰপ্পাকালীন লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে।


২. চমুটোকা লিখা- হৰপ্পাৰ সময়ৰ

(ক) ধর্মীয় বিশ্বাস

উত্তৰ:- হৰপ্পাকালীন সভ্যতাত ভিন ভিন ঠাইৰপৰা উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰে নিৰ্মিত নাৰী মুৰ্ত্তি এটাক ইতিহাসবিদসকলে ধর্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়।তদুপৰি ছীল-মোহৰবোৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক পশুপতি শিৱ বুলি অভিহিত কৰা দেখা যায়।


খ) ভাষা আৰু লিপি

উত্তৰ:- হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়। সেয়েহে বিভিন্ন উৎসৰপৰা উদ্ধাৰ হোৱা লিপিসমূহৰ পাঠোদ্ধাৰ এতিয়াও সম্ভৱ হৈ উঠা নাই। কিন্তু ভাষাবিদসকল নিশ্চিত হৈছে যে তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্রলিপি আছিল। অর্থাৎ, ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। এতিয়ালৈ প্রায় ৫০০ চিত্রলিপি উদ্ধাৰ হৈছে। বাক্যবোৰ সোঁফালৰপৰা বাওঁফাললৈ লিখা হৈছিল। এই লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিব পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ দুমহলীয়া আছিল।


(খ) হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ সোঁফালৰপৰা বাওঁফাললৈ লিখা হৈছিল।


(গ) হৰপ্পা সভ্যতাৰ মোহৰ বোৰত কিহৰ চিত্ৰ খোদিত আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন জন্তু যেনে, ষাঁড়গৰু, ভেড়া, বাঘ, আৰু হাতীৰ চিত্ৰ খোদিত আছিল।


(ঘ) ১৯২১ চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কার্য চলিছিল ?

উত্তৰ:- ১৯২১ চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কার্য চলিছিল।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| ভাৰতীয় সভ্যতাৰ আৰম্ভণি || Class 6 social science chapter 8 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Social Science Chapter 10 ভাৰতীয় সংস্কৃতিৰ ভেটি

Class 6 Social Science chapter 13 New Book

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| ভাৰতীয় সংস্কৃতিৰ ভেটি || Class 6 social science chapter 10 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| ভাৰতীয় সংস্কৃতিৰ ভেটি || Class 6 social science chapter 10 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

() ‘বেদমানে কি?

উত্তৰ:- বেদ হৈছে সংস্কৃত ভাষাত ৰচিত ভাৰতৰ প্ৰাচীন আৰু পবিত্র গ্রন্থ। সংস্কৃত ভাষাত ‘বেদ’ মানে হ’ল ‘জ্ঞান’। সেয়ে বেদক জ্ঞান আৰু প্রজ্ঞাৰ উৎস বুলি গণ্য কৰা হয়।


() গ্রাম কি?

উত্তৰ:- গ্রাম’ হ’ল কেইটামান ‘কুল’ বা পৰিয়ালৰ সমষ্টি।


() বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰীকীমানৰ নাম লিখা।

উত্তৰ:- বৈদিক যুগৰ কেইগৰাকীমান উল্লেখযোগ্য নাৰী হ’ল- বিশ্বৱাৰা, লোপামুদ্রা, ঘোষ, অপলা আদি।


) বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ:-বৈদিক যুগৰ সমাজ পিতৃপ্রধান আছিল। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। পৰিয়াল আছিল আটাইতকৈ সৰু গোট যাক ‘কুল’ বা ‘গৃহ’ বুলি জনা গৈছিল। গৃহ বা পৰিয়ালৰ মুৰব্বীজনক গৃহপতি বোলা হৈছিল। কেইটামান ‘কুল’ বা পৰিয়ালৰ সমষ্টিক ‘গ্রাম’বোলা হৈছিল।। ‘গ্রাম’ৰ মুৰব্বীজনক ‘গ্রামণী’ বোলা হৈছিল। কেইবাখনো ‘গ্রাম’ বা গাঁও লগ লাগি একোখন ‘বিশ’ গঠিত হৈছিল আৰু বিশৰ মুৰব্বীজনক ‘বিশপতি’ বোলা হৈছিল। আনহাতে কেইবাখনো বিশ লগ লাগি একোখন ‘জন’ গঠিত হৈছিল। ‘জন’ আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোট যাৰ মুৰব্বীজনক ৰাজন’ বোলা হৈছিল। সেনানী আৰু পুৰোহিতে ৰাজনক কাম-কাজত সহায় কৰিছিল। ইয়াৰ উপৰি ৰাজনক সহায় কৰিবলৈ সভা আৰু সমিতিও আছিল। যদিও এই সমাজখন পুৰুষপ্রধান আছিল, ধর্মীয় আৰু ৰাজনৈতিক কাম-কাজত মহিলাসকলেও সমানেই অংশ গ্রহণ কৰিছিল।


) বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি?

উত্তৰ:- বেদত উল্লেখ থকা মূল ধাৰণাকেইটা হ’ল-

ধর্ম, অর্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন করা।

কর্ম, অর্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া।

মোক্ষ, অর্থাৎ আধ্যাত্মিক চিন্তা-চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰপৰা মুক্তি লাভ কৰা।


১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

() জড়বাদৰ প্ৰচাৰক কোন আছিল?

উত্তৰ:-জড়বাদৰ প্ৰচাৰক আছিল চার্বাক।


() লোকায়ত বুলিলে কি বুজা?

উত্তৰ:-জড়বাদৰ প্ৰচাৰক আছিল চার্বাক।চার্বাক তথা তেওঁৰ অনুগামীসকলে জড়বস্তুকে পৰমসত্তা বুলি স্বীকাৰ কৰে। সেয়েহে এই মতবাদক জড়বাদ বোলা হয়। সাধাৰণ মানুহৰ মাজত লোকপ্রিয় হোৱা কাৰণে ইয়াক লোকায়ত বুলিও জনা যায়।


() কোনে প্রথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল?

উত্তৰ:-দার্শনিক বৃহস্পতিয়ে প্রথম জড়বাদৰ ধাৰণা প্রকাশ কৰিছিল।


() জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি?

উত্তৰ:- জড়বাদৰ মতে জগতৰ সকলো বস্তু মাটি, পানী, অগ্নি আৰু বায়ুৰ সমষ্টি।


১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মহাবীৰ কোন আছিল?

উত্তৰ:-মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক।


(খ) জৈনধর্মত মুঠ কিমানগৰাকী তীর্থংকৰ আছে? প্রথমজন তীর্থংকৰ কোন আছিল?

উত্তৰ:- জৈন ধৰ্মত মুঠ ২৪ জন তীৰ্থংকৰ আছে। প্ৰথমজন তীৰ্থংকৰ ঋষভনাথ আছিল।


(গ) জৈন ধৰ্মৰ নীতি পাঁচটা কি কি?

উত্তৰ:-উত্তৰঃ জৈন ধৰ্মৰ নীতি পাঁচটা হ’ল-

(i) অহিংসা: কোনো জীৱিত বস্তুৰ অনিষ্ট সাধন নকৰা।

(ii) সত্য: সদায় সঁচা কথা কোৱা।

(iii) অস্তেয়: চুৰি নকৰা।

(iv) ত্যাগ: সম্পত্তি নৰখা।

v) ব্ৰহ্মচার্য: ব্ৰহ্মচাৰী জীৱন-যাপন কৰা।


(ঘ) জৈন ধর্ম গ্রহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা।

উত্তৰ:-জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম হ’ল- বিম্বিসাৰ আৰু অজাতশত্রু।

(ঙ) জৈন ধৰ্মৰ অনুগামীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰ:-জৈন ধৰ্মৰ অনুগামীসকলক দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুটা ভাগত ভাগ কৰিব পাৰি।


(চ) মহাবীৰৰ শিকনিসমূহ প্রাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰ:-মহাবীৰৰ শিকনিসমূহ প্রাকৃত ভাষাত ‘অংগ’ নামেৰে সন্নিৱিষ্ট কৰা হৈছে।


২) ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল?

উত্তৰঃ সামাজিক আৰু ধর্মীয় সংকটৰ ফলত আত্মিক সন্ধানৰ বাবে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰা জন্ম লৈছিল।


৩) বর্ধমান মহাবীৰে সন্ন্যাসী জীৱন-যাপন কৰিবলৈ কিয় মতপোষণ কৰিছিল?

উত্তৰঃ বর্ধমান মহাবীৰে আত্ম-শুদ্ধি আৰু মোক্ষ লাভৰ বাবে সন্ন্যাসী জীৱন-যাপন কৰিবলৈ কিয় মতপোষণ কৰিছিল।


১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

ক) বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক কোন আছিল?

উত্তৰঃ বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ আছিল।


(খ) গৌতমবুদ্ধৰ পিতৃপ্রদত্ত নাম কি আছিল?

উত্তৰঃ গৌতমবুদ্ধৰ পিতৃপ্রদত্ত নাম সিদ্ধার্থ আছিল।


(গ) গৌতমবুদ্ধই কোন ঠাইত তপস্যাত বহিছিল?

উত্তৰঃ গৌতমবুদ্ধই বোধগয়া ঠাইত তপস্যাত বহিছিল।


(ঘ) ‘বোধিদ্রুম’ বুলি কোনজোপা গছক কোৱা হয়?

উত্তৰঃ যিজোপা আঁহত গছৰ তলত গৌতম বৌদ্ধই দিব্যজ্ঞান লাভ কৰিছিল সেই গছজোপাক ‘বোধিদ্রুম’ বুলি জনা যায়।


(ঙ) বৌদ্ধ মতবাদৰ মূল চাৰিটা মহৎ সত্য কি?

উত্তৰঃ বৌদ্ধ মতবাদৰ মূল চাৰিটা মহৎ সত্য হ’ল-

(i) পৃথিৱীখন দুখময়।

(ii) মানুহৰ আশা-আকাংক্ষাৰপৰা দুখৰ উৎপত্তি হয়।

(iii) আশা-আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয়। আৰু

iv) সেই মুক্তিৰ বাবে অষ্ট মার্গ বা আঠটা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে।


(চ) বৌদ্ধধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বৌদ্ধধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হ’ল- ত্রিপিটক।


(ছ) বৌদ্ধধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ তিনিটা কি আছিল?

উত্তৰঃ বৌদ্ধধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ তিনিটা নালন্দা, বিক্রমশীলা আৰু তক্ষশীলা আছিল।


২। বৌদ্ধ ধৰ্মৰ মূল মতবাদকেইটা বৰ্ণনা কৰা।

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূল মতবাদকেইটা  হ’ল-

(i) পৃথিৱীখন দুখময়।

(ii) মানুহৰ আশা-আকাংক্ষাৰপৰা দুখৰ উৎপত্তি হয়।

(iii) আশা-আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয়। আৰু

iv) সেই মুক্তিৰ বাবে অষ্ট মার্গ বা আঠটা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে। সেই অষ্ট মার্গ কেইটা হ’ল- সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ কর্ম, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান।


৩) ভাৰতৰ সভ্যতা-সংস্কৃতিৰ প্রতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ সভ্যতা-সংস্কৃতিলৈ বৌদ্ধ ধর্মৰ অৱদান অসীম। পালি ভাষাত লিখা ত্রিপিটকৰ উপৰি বৃদ্ধ দেৱৰ পূর্বজন্মৰ কাহিনীৰ আধাৰত ৰচিত জাতক কথা আজিও সমাদৃত। সাঁচী, বল্লভী, নালন্দা আদি স্তুপসমূহ বৌদ্ধ ধৰ্মৰে অৱদান। এই স্তুপসমূহ ভাৰতৰ ঐতিহ্যৰ এক গৌৰৱময় উপাদানৰ লগতে পর্যটকৰ আকৰ্ষণৰ কেন্দ্র। গান্ধাৰ চিত্রশিল্প, অজন্তা-ইলোৰাৰ গুহাচিত্রসমূহ বৌদ্ধ কলাৰ উৎকৃষ্ট নিদর্শন। বৌদ্ধসকলে স্তূপৰ উপৰি চৈত (প্রার্থনা গৃহ) আৰু বিহাৰ নির্মাণ কৰি ভাৰতৰ স্থাপত্যৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই থৈ গৈছে।


১) তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) জনজাতি বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে একোটা অঞ্চলত আদিম কালৰে পৰা বাস কৰি থকা একোটা সামাজিক গোটক জনজাতি বোলা হয়। জনজাতীয় লোকসকলৰ তেওঁলোকৰ নিজা ভাষা , ৰীতি-নীতি আৰু সংস্কৃতি আছে। তেওঁলোকৰ জীৱন – নির্বাহৰ পদ্ধতি , সামাজিক ব্যৱস্থা আৰু পৰম্পৰাবোৰো সুকীয়া ।


(খ) জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰপৰা জানিব পাৰো?

উত্তৰঃ জনজাতিবোৰৰ অতীতৰ বিষয়ে আমি সাধাৰণ মানুহৰ মুখে মুখে চলি অহা লোক-পৰম্পৰা (লোককথা, লোকাচাৰ) আদিৰপৰা জানিব পাৰো।


(গ) ড’নিপ’ল’ ৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে?

উত্তৰঃড’নিপ’ল’ৰ উপাসনা অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনগোষ্ঠীৰ লোকে কৰে।


(ঘ) জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্ববব স্থান দিয়ে?

উত্তৰঃ জনজাতীয় বিশ্বাসে মূলতঃ প্রকৃতিক পৱিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে।


(ঙ) মুণ্ডা আৰু চাঁওতাল আদিবাসীসকলে কাক উপাসনা কৰে?

উত্তৰঃমুণ্ডা আৰু চাঁওতাল আদিবাসীসকলে সমগ্র পৃথিৱীখনৰ সৃষ্টি-কর্তা হিচাপে চিংবংগাক উপাসনা কৰে।


২) ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বর্ণনা কৰা।

উত্তৰঃ ভাৰতৰ জনজাতি জনগোষ্ঠীবোৰে সাধাৰণতে প্ৰকৃতি পূজা কৰে আৰু প্ৰকৃতিত থকা বিভিন্ন উপাদান যেনে গছ-গছনি, নদী, পাহাৰ, পশুপক্ষী আদি কেৱল প্ৰাকৃতিক বস্তু হিচাপে নহয়, ঈশ্বৰ ৰূপে আৰু পৱিত্ৰ শক্তি হিচাপে গণ্য কৰে। এই জনজাতি সকলে প্রকৃতিৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি উঠাইছে, যি তেওঁলোকৰ জীৱনধাৰাৰ মূল ভিত্তি। তেওঁলোকৰ বিশ্বাস আৰু পৰম্পৰা মূলত মৌখিক কাহিনী, গাথা, আৰু উৎসৱৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰৱাহিত হৈ থাকে।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| ভাৰতীয় সংস্কৃতিৰ ভেটি || Class 6 social science chapter 10 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Social Science Chapter 9 প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ

Class 6 Social Science chapter 13 New Book

Class 6 social science Chapter 9 in assamese medium question answer|| Class 6|| প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ || Class 6 social science chapter 9 Assamese Medium||

class 6 social science assamese medium question answer|| Class 6|| প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ || Class 6 social science chapter 9 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ


তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—

(ক) মৌর্য বংশৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰ: মৌর্য বংশৰ প্রতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌর্য আছিল।


(খ) অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক কোন?

উত্তৰ: অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক চাণক্য বা কৌটিল্য।


(গ) বর্তমান ভাৰতৰ কোন অঞ্চলত মৌর্যসকলৰ ৰাজ্য অৱস্থিত আছিল?

উত্তৰ: মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ  উত্তৰ প্ৰদেশ ,বিহাৰ, মধ্য প্ৰদেশ ,গুজৰাট, উৰিষ্যা , বাংলাদেশ,আৰু পাকিস্তান অঞ্চলত বিস্তৃত আছিল।


(ঘ) মৌর্য ৰজাসকলৰ ভিতৰত কাক শ্রেষ্ঠ ৰজা বুলি জনা যায়?

উত্তৰ: মৌর্য ৰজাসকলৰ ভিতৰত অশোকক শ্রেষ্ঠ ৰজা বুলি জনা যায়।


(ঙ) শৃংগ বংশৰ প্রতিষ্ঠাপক কোন?

উত্তৰ: শৃংগ বংশৰ প্রতিষ্ঠাপক আছিল পূষ্যমিত্র শৃংগ।


(চ) পূষ্যমিত্র শৃংগ কোনটো বর্ণৰ লোক আছিল?

উত্তৰ: পূষ্যমিত্র শৃংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল।


(ছ) গুপ্ত বংশৰ প্রতিষ্ঠাপক কোন?

উত্তৰ: গুপ্ত বংশৰ প্রতিষ্ঠাপক আছিল শ্রীগুপ্ত।


(জ) মৌর্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?

উত্তৰ: মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল।


(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল?

উত্তৰ: অশোকৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী বুলি কোৱা হৈছিল।


(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?

উত্তৰ: অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্ত্বাৱধান কৰা।


(ট) মৌর্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা কি আছিল?

উত্তৰ: মৌৰ্যসকলৰ সময়ত চাৰিটা প্রধান বৰ্ণ আছিল — ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ।


(ঠ) গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন কোন?

উত্তৰ: গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন হ’ল সমুদ্ৰগুপ্ত

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—

(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।

উত্তৰ: মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নামহ’ল  চোল, চেৰা আৰু পাণ্ড্য।


(খ) পাণ্ড্য বংশৰ ৰাজধানী কি আছিল?

উত্তৰ: পাণ্ড্য বংশৰ ৰাজধানী মাডুৰাই আছিল।


(গ) উৰাইয়ুৰ কোনখন ৰাজ্যৰ শাসনকেন্দ্ৰ আছিল?

উত্তৰ: চোল বংশৰ শাসনকেন্দ্ৰ আছিল উৰাইয়ুৰ।


(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?

উত্তৰ: চেৰা বংশৰ অঞ্চলটোক কেৰেলা বুলি জনা গৈছিল।


(ঙ) কাক অন্ধ বুলি জনা গৈছিল?

উত্তৰ: সাতবাহন বংশক অন্ধ বুলি জনা গৈছিল।


(চ) চালুক্য বংশৰ প্রতিষ্ঠাপক কোন?

উত্তৰ: চালুক্য বংশৰ প্রতিষ্ঠাপক আছিল প্ৰথম পুলকেশী।


(ছ) পল্লৱ বংশৰ প্ৰথম বজা কোন আছিল?

উত্তৰ: পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহবিষ্ণু।


(জ) কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল?

উত্তৰ: কাঞ্চীপুৰম আছিল পল্লৱসকলৰ ৰাজধানী।


(ঝ) দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি কি আছিল?

উত্তৰ: দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি আছিল কৃষিকাৰ্য।

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—

(ক) প্রাচীন কামৰূপৰ প্রথমটো ঐতিহাসিক বংশৰ নাম কি?

উত্তৰ: প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ বর্মন বংশ।


(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্রৱর্তন কৰিছিল?

উত্তৰ: কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰৱর্তন কৰিছিল।


(গ) বর্মন বংশৰ শ্রেষ্ঠ ৰজা কোন আছিল?

উত্তৰ: বর্মন বংশৰ শ্রেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন।


(ঘ) চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?

উত্তৰ: চীনা পৰিব্রাজক হিউয়েন চাং ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কামৰূপলৈ আহিছিল।


(ঙ) বিষয় বুলিলে কি বুজা?

উত্তৰ শাসন সুবিধাৰ বাবে কামৰূপ ৰাজ্য খনক বিভিন্ন প্ৰশাসনিক গোটত বিভক্ত কৰা হৈছিল এনে গোটবোৰক বিষয় বোলা হৈছিল।


(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।

উত্তৰ কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম হ’ল – কৃষি, কাপোৰ বোৱা, কাঁহ – পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা।

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—

(ক) গুপ্তযুগক কিয় সোনালী যুগ বুলি কোৱা হৈছিল?

উত্তৰ: শিক্ষা, সাহিত্য, কলা আৰু বিজ্ঞানৰ বিকাশৰ বাবে গুপ্তযুগক সোনালী যুগ বুলি কোৱা হৈছিল।


(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।

উত্তৰ: অভিজ্ঞান শকুন্তলম, ৰঘুবংশম, মালাবিকাগ্নিমিত্রম।


(গ) বর্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?

উত্তৰ: বর্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক হৰিসেন আছিল।


(ঘ) দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?

উত্তৰ: দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম হ’ল অমৰকোষ।


(ঙ) দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল?

উত্তৰ:  দক্ষিণ ভাৰতত সংস্কৃত, তামিল, তেলেগু, কানাড়া, মালায়ালাম ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল।


Class 6 Social Science Chapter 9 Question Answer

Class 6 Social Science Chapter 9 Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


Class 6 Social Science Content

Sl. No.Contents
Chapter 1সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3পৃথিৱীৰ গতি
Chapter 4পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
Chapter 6পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Chapter 7অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি 
Chapter 8আমাৰ ভাৰত
Chapter 9কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10আদি প্ৰস্তৰ যুগ
Chapter 11আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12প্ৰাচীন নগৰীয়া সভ্যতা 
Chapter 13বৈদিক সভ্যতা 
Chapter 14মহাজনপদ
Chapter 15নতুন ভাবৰ উত্থান 
Chapter 16মৌৰ্য সাম্ৰাজ্য
Chapter 17আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Chapter 23কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Social Science Chapter 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ

Class 6 Social Science chapter 13 New Book

Class 6 social science Chapter 6 in assamese medium question answer|| Class 6|| ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ|| Class 6 social science chapter 6 Assamese Medium||

class 6 social science assamese medium question answer|| Class 6|| ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ || Class 6 social science chapter 6 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ


১/ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক কি বুলি জনা যায়?

উত্তৰ:- শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক শংকৰাব্দ বুলি জনা যায়।


(খ) ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰপৰা হৈছে?

উত্তৰ:- ভাস্কৰাব্দৰ আৰম্ভণি ভাস্কৰবৰ্মন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰপৰা হৈছে।


(গ) মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম কি?

উত্তৰ:- মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম হিজৰী।


(ঘ) গ্ৰেগৰিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰপৰা গণনা কৰা হয়?

উত্তৰ:- গ্ৰেগৰিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো যীশুখ্ৰীষ্টৰ জন্ম বছৰৰপৰা গণনা কৰা হয়।


(ঙ) এক দশক বুলিলে কি বুজা?

উত্তৰ:- এক দশক বুলিলে ১০ বছৰীয়া এছোৱা সময়ক বুজোৱা হয়।


(চ) ১০০০ বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?

উত্তৰ:- ১০০০ বছৰক একেলগে বুজাবলৈ সহস্রাব্দ শব্দ ব্যৱহাৰ কৰা হয়


২/ ইতিহাস আৰু কাহিনীৰ মাজত কি পার্থক্য আছে?

উত্তৰ:- ইতিহাস হ’ল অতীতত ঘটা প্রকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। আনহাতে কাহিনী হ’ল মানুহে কল্পনাৰে সাজি লোৱা এটা সাধুকথা।


৩) ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান কি?

উত্তৰ:- ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান হ’ল-সত্যতাৰ নিৰূপণৰ কাৰণে উৎস আৰু ধাৰাবাহিকতা।


১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—

(ক) ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা?

উত্তৰ: ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা হয় সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা জানিব পৰা যায়।


(খ) ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা।

উত্তৰ:- ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম হ’ল-

(১) তাম্ৰলিপি

(২) শিলালিপি


গ) এপিগ্রাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে?

উত্তৰ:- এপিগ্রাফিষ্টসকলে শিলালিপি, তাম্রলিপি, মুদ্রা আদিৰ বিষয়ে অধ্যয়ন কৰে।


(ঘ)জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়?

উত্তৰ:- জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক পুৰাজীৱবিজ্ঞানী বুলি জনা যায়।


(ঙ) নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে?

উত্তৰ:- নৃতত্ত্ববিদসকলে প্রত্নতাত্ত্বিক স্থানত থকা পুৰণি শিল্পকর্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে।


২) ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে?

উত্তৰ:- ইতিহাসবিদসকলে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰথমে সেইবোৰ তুলনা কৰি চায় কোনটো উৎস অধিক নিৰ্ভৰযোগ্য তাক বিচাৰি উলিয়ায় আনি উৎসসমূহৰ সত্যতা নিৰূপণ কৰে।


৩) ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বর্ণনা কৰা

উত্তৰ:- ইতিহাস হৈছে এক বৈজ্ঞানিক প্রক্রিয়া। নানা উৎস ইতিহাসবিদসকলক তথ্যৰ যোগান ধৰি অতীতক পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। প্রত্নতাত্বিকসকলে আদিম লোকসকলৰ বিষয়ে তথ্য উদঘাটন কৰাত আগভাগ লয়।পুৰাজীৱবিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে । নৃতত্ববিদসকলে প্রত্নতাত্বিক স্থানত থকা শিল্প-কর্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে।লিপিবিদসকলে প্রাচীন শিলালিপিৰপৰা তথ্য উদঘাটন কৰে। সাহিত্য আৰু ভাষাৰ বিশেষজ্ঞসকলেও ইতিহাস লিখনত অৰিহণা যোগায়।এইদৰে নানা বিষয়ে ইতিহাস লিখনত সহায় কৰে।


১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—

ক) সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল?

উত্তৰ:- সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ- পশ্চিম অঞ্চলটোক বুজোৱা হৈছিল।


(খ) ভাৰত উপমহাদেশ বুলিলে বর্তমান কোনটো অঞ্চলক বুজায়?

উত্তৰ:- ভাৰত উপমহাদেশৰ বুলিলে বর্তমান ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান, আৰু নেপালক বুজায়।


গ) অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰ:- অশোকে ভাৰতক বুজাবলৈ শিলালিপিত ‘জম্বুদ্বীপ’ শব্দ ব্যৱহাৰ কৰিছিল।


(ঘ) প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰ:- প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ শব্দ ব্যৱহাৰ কৰিছিল।


(ঙ) প্রাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল?

উত্তৰ:- প্রাচীন চীনাসকলে ভাৰতক ‘য়িন্তু’ বা ‘ য়িন্দু’ বুলি কৈছিল।


চ) ভাৰতৰ কোনটো অঞ্চলক’ ভাৰতম’ বুলি কোৱা হৈছিল?

উত্তৰ:- ভাৰতৰ দক্ষিণ অঞ্চলক’ ভাৰতম’ বুলি কোৱা হৈছিল।


২) ‘ভাৰত’ শব্দটো কিদৰে আহিল বর্ণনা কৰা।

উত্তৰ:- প্ৰাচীন কালত ‘ভৰত’ নামৰ এজন শক্তিশালী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ নামৰ পৰাই দেশখনৰ নাম ‘ভাৰত’ হৈছে বুলি সকলোৱে বিশ্বাস কৰে।


৩) ইণ্ডিয়া নামটোৰ উৎপত্তি বর্ণনা কৰা।

উত্তৰ:- প্রাচীন গ্রীকসকলে সিন্ধু অঞ্চলটোৰ নাম ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ ৰাখিছিল। ‘হিন্দ’ৰ প্ৰাৰম্ভিক ‘হ’ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল। এনেদৰেই ‘ইণ্ডিয়া’ নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ|| Class 6 social science chapter 6 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Social Science Chapter 4 দেশ-মহাদেশৰ কথা: জাপান

Class 6 Social Science Chapter 4

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| দেশ-মহাদেশৰ কথা: জাপান || Class 6 social science chapter 4 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| দেশ-মহাদেশৰ কথা: জাপান|| Class 6 social science chapter 4 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি?

উত্তৰ:- পৃথিৱীৰ মহাদেশবোৰৰ নাম হৈছে-  এছিয়া, ইউৰোপ, আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টার্কটিকা বা কুমেৰু মহাদেশ।


(খ) সম্পূর্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম কি?

উত্তৰ:- সম্পূর্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম হৈছে-  ওচেনিয়া।


(গ) পৃথিৱীৰ দীর্ঘতম পর্বতমালাৰ নাম কি?

উত্তৰ:- পৃথিৱীৰ দীর্ঘতম পর্বতমালাৰ নাম হৈছে –  এণ্ডিজ পর্বতমালা


(ঘ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন?

উত্তৰ:-পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে ছাহাৰা।


(ঙ) পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?

উত্তৰ:- পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে- নীলনদী।


(চ) পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি?

উত্তৰ:- পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে আমাজন।


(ছ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি?

উত্তৰ:- পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে – এছিয়া


২. চমুটোকা লিখা-

(ক) এছিয়া মহাদেশ

উত্তৰ:- এছিয়া হ’ল পৃথিৱীৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ মুঠ মাটিভাগৰ ১/৩ অংশ এই মহাদেশখনে সামৰি আছে। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলার্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা-পশ্চিমাকৈ কর্কট-ক্রান্তি ৰেখা গৈছে। এছিয়া মহদেশখনৰ উত্তৰে হিমালয় পর্বতমালা অবস্থিত। ইয়াৰ উত্তৰ-পশ্চিম অংশত উত্তৰা-দক্ষিণাকৈ আছে উৰাল পর্বতমালা। উৰাল পর্বতমালাই এছিয়া মহাদেশ আৰু  ইউৰোপমহাদেশক পৃথক কৰিছে।


(খ) ইউৰোপ মহাদেশ

উত্তৰ:- ইউৰোপ মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা-পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফাল পানীৰে আগুৰা। আল্পস হ’ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পর্বতমালা।


(গ) আফ্রিকা মহাদেশ

উত্তৰ:- পৃথিৱীৰ দ্বিতীয় সর্ববৃহৎ মহাদেশ হ’ল আফ্রিকা। বিষুৱৰেখা মহাদেশখনৰ প্ৰায় সোঁমাজেদি গৈছে। গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলার্ধতে প্রায় সমানভাৱে বিস্তৃত হৈ আছে। এইখনেই একমাত্র মহাদেশ যাৰ মাজেৰে কৰ্কট-ক্রান্তি, মকৰ-ক্রান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে। বিষুবীয় অঞ্চলত অৱস্থিত হোৱা বাবে আফ্রিকা মহাদেশৰ জলবায়ু তুলনামূলকভাবে অধিক উষ্ণ। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা এই মহাদেশতেই অৱস্থিত। আফ্রিকা মহাদেশক চাৰিওফালে কেইবাখনো সাগৰ-মহাসাগৰে আগুৰি আছে। চুয়েজ খালে আফ্রিকা মহাদেশক এছিয়া মহাদেশৰপৰা আৰু জিৱাল্টৰ প্ৰণালীয়ে ইউৰোপ মহাদেশৰপৰা পৃথক কৰিছে। পৃথিৱীৰ আটাইতকৈ দীঘল নীলনদী আফ্রিকা মহাদেশতে আছে।


(ঘ) উত্তৰ আমেৰিকা

উত্তৰ:- পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ’ল উত্তৰ আমেৰিকা। এক ঠেক ভূ-খণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ-লাগি আছে। এই ঠেক ভূ-খণ্ডক পানামা যোজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূর্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ৰকি উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পর্বতমালা। মহাদেশখনক তিনিখন মহাসাগৰে আগুৰি আছে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দেশ দুখনে উত্তৰ আমেৰিকাৰ প্ৰায় ৭৫% আগুৰি আছে। ইয়াত অৱস্থিত কেৰিবিয়ান দ্বীপপুঞ্জক ৱেষ্ট-ইণ্ডিজ বুলিও কোৱা হয়। এই মহাদেশখনৰ ভিতৰত মৰুভূমি, নাতিশীতোষ্ণ অৰণ্য, টাইগা হাবি আৰু ওখ ঘাঁহনি অঞ্চল আছে।


১. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) জাপান দেশখনৰ দুটা প্রধান বিশেষত্ব উল্লেখ কৰা।

উত্তৰ:- জাপান দেশখনৰ দুটা প্রধান বিশেষত্ব উল্লেখ কৰা হ’ল-

১) ই এখন সম্পূর্ণভাৱে দ্বীপ-দেশ । প্রায় ১৪,০০০ দ্বীপৰ সমষ্টি জাপান। ইয়াৰে প্রায় ২৫০ টা দ্বীপত জনবসতি আছে।

২. বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈর্ঘ্য প্রায় ২৯,৭৫১ কিলোমিটাৰ। কেউদিশে সাগৰ-মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্রিক সম্পদত চহকী।


(খ) জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ?

উত্তৰ:- জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হন্‌ছুৱেই আটাইতকৈ ডাঙৰ।


(গ) জাপানৰ এখন সমতলভূমিৰ নাম লিখা।

উত্তৰ:- জাপানৰ এখন সমতলভূমিৰ নাম হ’ল- কান্টো


(ঘ) জাপানত অনুভূত ঋতুকেইটা কি কি?

উত্তৰ:- জাপানত অনুভূত ঋতুকেইটা হ’ল- শীত, বসন্ত, গ্রীষ্ম আৰু শৰৎ।


(ঙ) কোনটো ঋতুক ‘ফল’ বুলি কোৱা হয়?

উত্তৰ:- শৰৎ ঋতুক ‘ফল’ বুলি কোৱা হয়।


(চ) জাপানৰ ক’ত ক’ত সৰলবর্গীয় গছ পোৱা যায়?

উত্তৰ:- জাপানৰ পাহাৰীয়া শীতল ঠাইবোৰত সৰলবর্গীয় গছ পোৱা যায়।


(ছ) জাপানৰ বেছিভাগ মানুহে কি ধর্ম পালন কৰে?

উত্তৰ:- জাপানৰ বেছিভাগ মানুহে ছিন্ত ধর্ম পালন কৰে।


(জ) জাপানত শিক্ষিতৰ হাৰ কিমান?

উত্তৰ:- জাপানত শিক্ষিতৰ হাৰ হ’ল ৯৯%


২. জাপানক কিয় ‘দ্বীপ-দেশ’ বুলি কোৱা হয়?

উত্তৰ:- জাপান দেশ খন প্রায় ১৪,০০০ দ্বীপ আছে ।ইয়াৰে প্রায় ২৫০ টা দ্বীপত জনবসতি আছে। জাপান দেশ খন বহুতো দ্বীপৰ সমষ্টি  হোৱাৰ বাবে ইয়াক দ্বীপ-দেশ বুলি কোৱা হয়।


৩. জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:- জাপান এখন উদ্যোগৰ ক্ষেত্রত আগবঢ়া ৰাষ্ট্র। দেশখনৰ অর্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। জাপানৰ প্রধান উদ্যোগ অঞ্চল ৰাজধানী ট’কিঅ’ মহানগৰৰপৰা কিউছুৰ উত্তৰ অংশ পর্যন্ত প্রায় ১,০০০ কিলোমিটাৰ জুৰি আছে। ইয়াৰ ভিতৰত (ক) ট’কিঅ’-ইয়োক’হামা, (খ) ওছাকা-কোবে- কিয়ট’, (গ) নগ’য়া আৰু (ঘ) উত্তৰ-কিউছু- এই চাৰিটা ঔদ্যোগিক অঞ্চল পৰে।। জাপানৰ উদ্যোগবোৰৰ ভিতৰত লো-তীখাৰ উদ্যোগ, জাহাজ, উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ,ৰাসায়নিক উদ্যোগ, যন্ত্র-পাতি নির্মাণ উদ্যোগ আৰু বয়ন উদ্যোগেই প্রধান। জাপান দেশখন যদিও উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া, কেঁচামালৰ ক্ষেত্ৰত কিন্তু দেশখন সিমান চহকী নহয়। প্রয়োজনীয় বেছিভাগ কেঁচামালেই জাপানে অন্য দেশৰপৰা আমদানি কৰে।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| দেশ-মহাদেশৰ কথা: জাপান || Class 6 social science chapter 4 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here


Class 6 Social Science Chapter 4

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Social Science Chapter 3 ভূ- অৱয়ব আৰু মানুহ

Class 6 Social Science Chapter 3

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| ভূ- অৱয়ব আৰু মানুহ || Class 6 social science chapter 3 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| ভূ- অৱয়ব আৰু মানুহ || Class 6 social science chapter 3 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) পৃথিৱীৰ কোন অংশত প্রধান ভূ-অবয়ববোৰ দেখা যায়?

উত্তৰ:- পৃথিৱীৰ প্রধান ভূ-অবয়ববোৰ মূলত : জলভাগ আৰু স্থলভাগত দেখা যায়।


(খ) স্থলভাগত পোৱা প্রধান ভূ-অবয়ববোৰৰ নাম লিখা।

উত্তৰ:- স্থলভাগত পোৱা প্রধান ভূ-অবয়ববোৰ হৈছে- পৰ্বত-পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা।


(গ) পর্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।

উত্তৰ:- পৰ্বতৰ লগত মালভূমিৰ পাৰ্থক্য হ’ল – পৰ্বতত ঠিয় শিখৰ থাকে, আনহাতে মালভূমিত শিখৰৰ পৰিবৰ্তে ওপৰিভাগ বহল আৰু সমতল ।


(ঘ) সমভূমি কেনেকৈ গঠিত হয়?

উত্তৰ:- নৈ, জান – জুৰিৰ বোৱতী পানীয়ে উচ্চ ভূমিৰপৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে, যুগ যুগ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় সমভূমিৰ সৃষ্টি কৰে ।


(ঙ) মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি?

উত্তৰ:- মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ’ল –

(ক) মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল। মালভূমি অঞ্চলত লোৰ আকৰ, কয়লা, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়।

(খ) আগ্নেয়গিৰিৰপৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়।


(চ) পার্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা?

উত্তৰ:- পাৰ্বত্য অঞ্চলসমূহৰ উচ্চভূমিসমূহ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। পাৰ্বত্য অঞ্চলসমূহত কৃষিকার্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ। সেয়েহে এনে অঞ্চলবোৰত জনবসতি সেৰেঙা।


২. পর্বত-পাহাৰে মানুহক কিদৰে সহায় কৰে, বহলাই লিখা।

উত্তৰ:- পৰ্বত – পাহাৰ মানুহক বিভিন্ন ধৰণে সহায় কৰে সেইবোৰ হৈছে-

(১) পৰ্বত-পাহাৰ সমূহত খনিজ সম্পদ পোৱা যায় সেইবোৰ মানুহে নানা কামত ব্যৱহাৰ কৰে ।

(২) পৰ্বত-পাহাৰৰ পৰা উৎপত্তি হোৱা নদীৰ পানীভাগ মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপৰিও জলবিদুৎ শক্তি উৎপাদনত ব্যৱহাৰ কৰে ।

(৩) পাহাৰৰ এঢলীয়া ঢালত মানুহে খেতি বাতি কৰে ।

(৪) পৰ্বত-পাহাৰ সমূহত পোৱা ঔষধি উদ্ভিদ সমূহে মানুহক যথেষ্ঠ উপকাৰ কৰে ।


৩. নদী, পাহাৰ আদি ভূ-অবয়ব দেখুৱাই এখন ছবি আঁকা।

উত্তৰ:-

Class 6 Social Science Chapter 3

১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) জলমণ্ডল কাক বোলে?

উত্তৰ:- সাগৰ-মহাসাগৰ, উপসাগৰ, নদ-নদী, হ্রদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়।


(খ) পৃথিৱীৰ গভীৰতম অংশৰ নাম কি?

উত্তৰ:- পৃথিৱীৰ গভীৰতম অংশৰ নাম হ’ল মেৰিয়ানা খাত।


(গ) সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা।

উত্তৰ:- সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হৈছে-  কাস্পিয়ান সাগৰ।


(ঘ) নদীৰ উৎস বুলিলে কি বুজা?

উত্তৰ:- যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে।


(ঙ) শাখা নৈ কি?

উত্তৰ:-  এখন নদীৰপৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে।


২) চমু টোকা লিখা-

(ক) সাগৰ-মহাসাগৰ

উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ বিশাল পানীভাগৰ একো একোটা বৃহৎ খণ্ডক মহাসাগৰ বুলি কোৱা হয়। আমাৰ  পৃথিৱীত ৫ খন মহাসাগৰ আছে। তাৰ ভিতৰত  প্রশান্ত মহাসাগৰ পৃথিৱীৰ  বৃহত্তম আৰু গভীৰতম মহাসাগৰ। আনহাতে উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত ক্ষূদ্ৰতম মহাসাগৰ। মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশক আকৌ সাগৰ বা উপসাগৰ বুলি কোৱা হয়। এই অংশবোৰ সাধাৰণতে মহাদেশৰ গাতে লাগি থাকে, উদাহৰণস্বৰূপে, আৰৱ সাগৰ, বংগোপসাগৰ। কিছুমান সাগৰ আকৌ সম্পূর্ণ মহাদেশৰ ভিতৰভাগত অৱস্থিত, যেনে, ‘কাস্পিয়ান সাগৰ, আৰল সাগৰ । সাগৰ-মহাসাগৰবোৰ নানা প্রজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল। সাগৰ-মহাসাগৰত থকা প্ৰাণীবোৰৰ ভিতৰত তিমি মাছেই সর্ববৃহৎ।


(খ) নদ-নদী

উত্তৰ:- ভূ-পৃষ্ঠত উচ্চভূমিৰপৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্রবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফগলা পানী আৰু ভূ-গর্ভৰপৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কবে। নদীৰ উৎস পর্বত-পাহাৰ, মালভূমিৰ দৰে উচ্চভূমি হ’ব পাৰে। যি ঠাইৰপৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস  বোলে। কোনো এখন নদীলৈ যিমান ঠাইৰপৰা পানী আহে সেই গোটেইখিনি ঠাইকে নদীখনৰ অৱবাহিকা  বোলে। আনহাতে এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নদীত মিলিলে সৰু নৈখনক উপনৈ  বোলা হয় । আকৌ এখন নদীৰপৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখননদীতে পৰিলে তাক শাখা নৈ  বোলে। উৎসৰপৰা নানা ঠাইৰ মাজেৰে বৈ গৈ নদী কোনো হ্রদ বা সাগৰত পৰে। এনেদৰে নদী গৈ সাগৰ বা হৃদত মিলিত হোৱা অংশক মোহনা বোলে।


(গ) সিক্তভূমি বা আর্দ্রভূমি

উত্তৰ:- নদী উপত্যকা, পর্বত-পাহাৰ, মালভূমি আদিত সৰু-ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আর্দ্রভূমি বা সিক্তভূমি বুলি কোৱা হয়। সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতলভূমিবোৰত থকা জলাশয়, যেনে, বিল, জলাহ, ডোৱা, হোলা পুখুৰী, দলনি, পিটনি আদি একো একোটা আর্দ্রভূমি। সাগৰৰ পাৰতো এনে আর্দ্রভূমি দেখা যায়। প্রাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰি মানুহে খান্দি বা নৈ আদিত বান্ধ দিও আর্দ্রভূমিৰ সৃষ্টি কৰিব পাৰে। আর্দ্রভূমিবোৰ বছৰটোৰ বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে। এইবোৰত জলজ উদ্ভিদ আৰু মাছ-কাছ প্ৰচুৰ পৰিমাণে দেখা যায়। আর্দ্রভুভূমিবোৰলৈ পৰিভ্ৰমি চৰাই আহে। সেয়েহে এইবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে।


(ঘ) হ্রদ

উত্তৰ:- স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্রদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্রদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্রদ হ’ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্রদ। আকাৰত বিশাল হ্রদক সাগৰ বুলিও অভিহিত কৰা হয়। উদাহৰণস্বৰূপে, কাস্পিয়ান হ্রদ, যাক সাগৰ বুলিও কোৱা হয়। বৰষুণ, হিমবাহ, নৈ, ভূ-গর্ভৰ পানী আদি বিভিন্ন উৎসৰপৰা হ্ৰদলৈ পানীভাগ আহে। কিছুমান হ্ৰদৰ পানী সুস্বাদু বা নির্মল আৰু আন কিছুমানৰ পানী লুণীয়া। ভাৰতত থকা উল্লেখযোগ্য হ্রদ হ’ল সম্বৰ, পুস্কৰ, ল’কটক আদি।


৩) মানুহৰ ওপৰত ভূ-অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা।

উত্তৰ:-  ভু-অৱয়বে মানুহৰ বসতি, আর্থিক কাম-কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্রণ কৰে। কোনো এটা অঞ্চলৰ জনবসতি ঘন বা সেৰেঙা হোৱাটো মূলতঃ ভূ-প্রকৃতি আৰু ভূ-অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি খনিজাত দ্রব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায়-বাণিজ্যৰ বিস্তৰ আদিও বহু পৰিমাণে ভূ-অৱয়বৰ ওপৰতে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, যিবোৰ অঞ্চলৰ  ভূ-প্রকৃতি  অনুকূল লগতে সমতল ভূমি আছে, খনিজাত দ্রব্যৰ অৱস্থিতি আছে, নদ – নদী আছে সেইবোৰ অঞ্চলৰ জনবসতি ঘন আনহাতে  যিবোৰ অঞ্চলৰ  ভূ-প্রকৃতি  প্ৰতিকূল লগতে সমতল ভূমি নাই, পানী সহজে উপলব্ধ নহয় সেইবোৰ অঞ্চলৰ জনবসতি সেৰেঙা। এইদৰে মানুহে প্রাকৃতিক অৱয়বসমূহৰ লগতে খাপ খুৱাই জীৱন-নির্বাহ কৰি আহিছে।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| ভূ- অৱয়ব আৰু মানুহ|| Class 6 social science chapter 3 Assamese Medium


For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here


Class 6 Social Science Chapter 3

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Social Science Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ

Class 6 Social Science Chapter 2

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| সময় মণ্ডল আৰু মানচিত্ৰ || Class 6 social science chapter 2 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| সময় মণ্ডল আৰু মানচিত্ৰ|| Class 6 social science chapter 2 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান?

উত্তৰ:- দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হৈছে ১ ঘণ্টা।


(খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?

উত্তৰ:-পৃথিৱীখনক ২৪ টা সময় মণ্ডলত ভাগ কৰা হৈছে।


(গ) ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে?

উত্তৰ:- ভাৰতৰ মাজেৰে যোৱা ৮২৩০’ পূব দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে।


২. সময় মণ্ডল কেনেকৈ গণনা কৰা হয়?

উত্তৰ:- পৃথিৱীৰ মাজেৰে কল্পনা কৰা মূখ্য দ্ৰাঘিমাৰেখাডাল (০) গ্ৰীণউইচ চহৰৰ মান মন্দিৰৰ ওপৰেদি গৈছে। মূখ্য দ্ৰাঘিমাৰেখাডালৰ পূব আৰু পশ্চিমলৈ যোৱা প্ৰত্যেকডাল দ্ৰাঘিমাৰেখাৰ সময়ৰ পাৰ্থক্য হৈছে 4 মিনিট। এনেদৰে 15 ডাল দ্ৰাঘিমাৰেখা অতিক্ৰম কৰোতে সময় লাগে 1 ঘণ্টা। যিহেতু পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰে সেয়ে মূখ্য দ্ৰাঘিমাৰেখাৰ পূবৰ ঠাইখিনিত পশ্চিমৰ ঠাই খিনিকৈ সময় আগবাঢ়ি থাকে। উদাহৰণস্বৰূপে গ্ৰীণউইচৰ মান মন্দিৰত (০) যেতিয়া দুপৰীয়া 12 বাজিব তেতিয়া গ্ৰীণউইচৰ পূবৰ 15  পূব দ্ৰাঘিমাৰেখাত দুপৰীয়া 1 বাজিব আৰু গ্ৰীণউইচৰ পশ্চিমৰ 15  দ্ৰাঘিমাৰেখাত ৰাতিপুৱা 11 বজিব। অৰ্থাৎ পূবলৈ গ’লে 1 যোগ দিব লাগিব আৰু পশ্চিমলৈ গ’লে 1 বিয়োগ কৰিব লাগিব।

            তলত এখন চিত্ৰ অংকণ কৰা হ’ল-

সময় মণ্ডল Class 6 Social Science Chapter 2

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?

উত্তৰ:- মানচিত্ৰৰ উপাদান 4 টা । সেইকেইটা হ’ল- দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন।


(খ) প্রধান দিশ চাৰিটা কি কি?

উত্তৰ:- প্রধান দিশ চাৰিটা- উত্তৰ , দক্ষিণ , পূব আৰু পশ্চিম (West)।


(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?

উত্তৰ:- ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্রাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনী  বোলে।

বা

ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্বৰ অনুপাতেই হ’ল মানচিত্ৰ খনৰ মাপনী।


২. কিছু ক্ষেত্রত গোলকতকৈ মানচিত্র কিয় বেছি সুবিধাজনক?

উত্তৰ:- গোলকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে, গোটেই পৃথিৱী খনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো ব্যৱহাৰ কৰিব পাৰি কিন্তু মানচিত্ৰত পৃথিৱীৰ কোনো এটা অংশৰ বিষয়ে বিত্ংকৈ অধ্যয়ন কৰিবলৈ গোলকতকৈ বেছি সুবিধাজনক ।


৩. মানচিত্র আৰু নক্সাৰ মাজত পার্থক্য কি?

উত্তৰ:- গোটেই পৃথিৱীখনৰ কোনো এটা অংশ সৰু আকাৰলৈ  পৰিৱৰ্তন কৰি কোনো সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ’ল মানচিত্ৰ ।

আনহাতে ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ’ল নক্সা ।


৪. মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহয় কৰে?

উত্তৰ:- মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰি, কুৱা, খেতি-পথাৰ আদিৰ তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাৱ নোৱাৰি । গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয় ।এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে । সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰ গোটেই পৃথিৱীতে একে। মানচিত্ৰত ব্যৱহাৰ হোৱা এই সাংকেতিক চিহ্নবোৰ অধ্যয়ন কৰি পৃথিৱীৰ যিকোনো ঠাইৰ বিষয়ে বিতংকৈ জানিব পাৰো ।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| সময় মণ্ডল আৰু মানচিত্ৰ || Class 6 social science chapter 2 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

Class 6 Social Science Chapter 2 in Assamese Medium Complete Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Social Science Chapter 1আমাৰ পৃথিৱী

Class 6 Social Science Chapter 1

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) সূৰ্যৰ পৰিয়ালটোৰ নাম কি?

উত্তৰ:- সূৰ্যৰ পৰিয়ালটোৰ নামহ’লসৌৰজগত।


(খ) পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা।

উত্তৰ:- পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ’লচন্দ্ৰ।


২. সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্রমে লিখা।

উত্তৰ:- সূর্যৰপৰা দূৰত্ব অনুসৰি গ্রহবোৰৰ নাম হ’ল- (১) বুধ (Mercury), (২) শুক্র (Venus), (৩) পৃথিৱী (Earth), (৪) মংগল (Mars), (৫) বৃহস্পতি (Jupiter), (৬) শনি (Saturn), (৭) ইউৰেনাচ (Uranus) আৰু (৮) নেপচুন (Neptune)।


৩. চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ’লেও পৃথিৱীৰপৰা দুয়োটাকে কিয় সমান দেখি?

উত্তৰ:- চন্দ্রটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰপৰা চন্দ্ৰ আৰু সূর্য দুয়োটাকে আকাৰত প্রায় সমান  দেখি। 


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আর্হিটো কি?

উত্তৰ:-বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আর্হিটো হ’ল গোলক


(খ) পৃথিৱীৰ পৰিধি কিমান?

উত্তৰ:- পৃথিৱীৰ পৰিধি হ’ল প্ৰায় ৪০,০০০ কিলোমিটাৰ।


(গ) পৃথিৱীয়ে কোন দিশৰপৰা কোন দিশলৈ ঘূৰে?

উত্তৰ:- পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূৱ দিশলৈ ঘূৰে ।


(ঘ) পৃথিৱীৰ মেৰুদণ্ড কাক বোলে?

উত্তৰ:- পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে।  এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।


২. পৃথিৱীৰ দুই মেৰু আৰু বিষুৱৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা।

উত্তৰ:-

Class 6 Social Science Chapter 1 Q2

(ক) অক্ষৰেখা কাক বোলে?

উত্তৰ:- বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বোলে।


(খ) বিষুৱৰেখাৰ কৌণিক মান কিমান?

উত্তৰ:- বিষুৱৰেখাৰ কৌণিক মান হ’ল ০


(গ) সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান?

উত্তৰ:- সুমেৰু কৌণিক মান হ’ল ৯০০   উত্তৰ   আৰুকুমেৰুৰ কৌণিক মান হ’ল ৯০দক্ষিণ 


২. বিষুৱৰেখাৰ বিষয়ে বর্ণনা কৰা।

উত্তৰ:- আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূবা-পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালকে বিষুৱৰেখা বুলি কোৱা হয়। এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলার্ধ  আৰু দক্ষিণ অংশক দক্ষিণ গোলার্ধ বোলা হয়। বিষুৱৰেখাৰ অন্য এক নাম হ’ল নিৰক্ষৰেখা। বিষুৱৰেখাৰ কৌণিক মান হ’ল ০অর্থাৎ, ০অক্ষাংশ ।


৩. এটা গোলকৰ ছবি আঁকি তাত প্রধান অক্ষৰেখা কেইডাল দেখুওৱা। 

উত্তৰ:-

Class 6 Social Science Chapter 1 Q3

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) দ্রাঘিমাৰেখা কাক বোলে?

উত্তৰ:- প্ৰাথমিক দ্রাঘিমাৰ পূৱ আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অর্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা বোলা হয়।

বা

উত্তৰ-মেৰুৰ পৰা দক্ষিণ-মেৰুলৈকে অংকন কৰা কাল্পনিক অর্ধবৃত্ত ৰেখাবোৰকে দ্রাঘিমাৰেখা বোলে।


(খ) দ্রাঘিমাংশ কি?

উত্তৰ:- দ্রাঘিমাৰেখাৰ  কৌণিক মানকে দ্রাঘিমাংশ বুলি কোৱা হয়। দ্রাঘিমাৰেখাৰ কৌণিক মান বা জোখক ডিগ্রী (০) হিচাপে প্রকাশ কৰা হয়।


(গ) পৃথিৱীৰ পূব আৰু পশ্চিম- এই দুয়ো দিশে মুঠ কিমানডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে?

উত্তৰ:- পৃথিৱীৰ পূব আৰু পশ্চিম- এই দুয়ো দিশে মুঠ 360 ডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে ।


(ঘ) মুখ্য দ্রাঘিমাৰেখা কাক বোলে?

উত্তৰ:- ০ আৰু ১৮০°পূব বা ০ আৰু  ১৮০পশ্চিম দ্রাঘিমাৰেখা লগ হৈ পৃথিৱীৰ উপৰিভাগত এটা পূর্ণ বৃত্তৰ সৃষ্টি কৰে। এই পূর্ণ বৃত্তাকাৰ দ্রাঘিমাৰেখাডালকেই মুখ্য দ্রাঘিমাৰেখা  বুলি কোৱা হয়। মুখ্য দ্রাঘিমাৰেখা ডালে পৃথিৱীখনক পূবা-পশ্চিমাকৈ দুটা সমান অংশত ভাগ কৰে। পূব দিশৰ ভাগটোক পূব গোলার্ধ আৰু পশ্চিম দিশৰ ভাগটোক পশ্চিম গোলার্ধ  বোলা হয়।

বা

উত্তৰ:- উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দু সংযোগ কৰি পৃথিৱীৰ উপৰিভাগত যি এডাল কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাকে মুখ্য দ্রাঘিমাৰেখা  বুলি কোৱা হয়। মুখ্য দ্রাঘিমাৰেখাভালে পৃথিৱীখনক পূবা-পশ্চিমাকৈ দুটা সমান অংশত ভাগ কৰে। পূব দিশৰ ভাগটোক পূব গোলার্ধ আৰু পশ্চিম দিশৰ ভাগটোক পশ্চিম গোলার্ধ  বোলা হয়।

 তলত মুখ্য দ্রাঘিমাৰেখা চিত্ৰ অংকণ কৰা হ’ল –

Class 6 Social Science Chapter 1 Q1

২. দ্রাঘিমাৰেখাৰ বিষয়ে বর্ণনা কৰা।

উত্তৰ:-প্ৰাথমিক দ্রাঘিমাৰ পূৱ আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অর্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা বোলা হয়। পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360 ডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে । দ্রাঘিমাৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সর্বাধিক আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্রমান্বয়ে কমি গৈ মেৰুবিন্দুত দ্রাঘিমাৰেখাবোৰ লগ হৈ যায়। তলত দ্রাঘিমাৰেখা চিত্ৰ অংকণ কৰা হ’ল –


৩. অক্ষৰেখা আৰু দ্রাঘিমাৰেখাৰ মাজৰ পার্থক্য লিখা।

উত্তৰ:- (ক) বিষুৱৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ পূৱা-পশ্চিমাকৈ যিবোৰ  ৰেখা কল্পনা কৰা হৈছে তাক  অক্ষৰেখা বোলে।

আনহাতে প্ৰাথমিক দ্রাঘিমাৰ পূৱ আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা বোলা হয়।

(খ) অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল ।

আনহাতে দ্রাঘিমাৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয়।

(গ)অক্ষৰেখাবোৰ হৈছে পূর্ণবৃত্ত ।

আনহাতে দ্রাঘিমাৰেখাবোৰ হৈছে অর্ধবৃত্ত।

(ঘ)পৃথিৱীৰ উপৰিভাগত মুঠ 180 ডাল অক্ষৰেখা আছে।

আনহাতে পৃথিৱীৰ উপৰিভাগত মুঠ 360 ডাল দ্রাঘিমাৰেখা আছে।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ‘NASA’ৰ সম্পূর্ণ ৰূপটো কি?

উত্তৰ:-NASA ৰ সম্পূর্ণ ৰূপটো হ’ল National Aeronautics and Space Administration


(খ) সূর্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে?

উত্তৰ:- সূর্যই নিজ কক্ষপথেৰে হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।


(গ) পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে?

উত্তৰ:- পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ২৪ ঘণ্টা অৰ্থাৎ২৩ ঘন্টা ৫৬ মিনিট ৪ ছেকেণ্ড সময় লাগে।


(ঘ) অপসূৰ আৰু অনুসূৰ কাক বোলে?

উত্তৰ:-  পৃথিৱীয়ে সূর্যক প্রদক্ষিণ কৰি থাকোঁতে ৪ জুলাইৰ  দিনাখন পৃথিৱীয়ে সূৰ্যৰপৰা আটাইতকৈ দূৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অপসূৰ বোলে।

আনহাতে পৃথিৱীয়ে সূর্যক প্রদক্ষিণ কৰি থাকোঁতে ৩ জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অনুসুৰ বোলে।


(ঙ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?

উত্তৰ:- পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ১২ মাহ অৰ্থাৎ ৩৬৫ দিন ৫ ঘণ্টা ৫৬ মিনিট ১৬ ছেকেণ্ড সময় লাগে।


২. আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা।

উত্তৰ:- পৃথিৱীয়ে নিজ কক্ষতলৰ লগত ৬৬৩০’ কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাবে ঘূৰি আছে। ইয়েই হৈছে পৃথিবীৰ আহ্নিক গতি বা আৱর্তন গতি। এইদৰে এপাক ঘুৰোঁতে পৃথিৱীক ২৩ ঘন্টা ৫৬ মিনিট ৪ ছেকেণ্ড সময় লাগে।

            ইয়াৰ দুটা ফলাফল হ’ল –

(ক) আহ্নিক গতি ফলত দিন ৰাতি হয়।

(খ) আহ্নিক গতি বা আৱৰ্তন গতিৰ ফলত ভূ-পৃষ্ঠৰ ভিন্‌-ভিন্ ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয়।


৩. বার্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা।

উত্তৰ:- পৃথিৱীয়ে নিজে ঘুৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘুৰোঁতে এবছৰ সময় লাগে। ইয়াকেই পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্রমণ গতি বোলে।

            ইয়াৰ দুটা ফলাফল হ’ল –

(ক) বাৰ্ষিক গতিৰ ফলত  মাহ , বছৰ, ঋতু পৰিৱৰ্তন হয়।

(খ) সাগৰীয় সোঁত, বতাহৰ গতি, তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ মূল কাৰণ হ’ল বার্ষিক গতি।

(গ) উদ্ভিদৰ বৃদ্ধি, ফল-মূল আদি বছৰৰ সকলো সময়তে একেধৰণে নোহোৱাটোও বার্ষিক গতিৰে ফল।


৪. পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন-ৰাতি নহয়?

উত্তৰ:- পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ  পৰা পূবলৈ অবিৰামভাবে ঘুৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটোত ৰাতি হয়। যাৰ ফলত পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন-ৰাতি নহয়।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| আমাৰ পৃথিৱী || Class 6 social science chapter 1 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel