Assam Board Exam

বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘বড়োসকল’ | Class 10 Assamese Rapid Reader

Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘বড়োসকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

In this chapter of বৈচিত্র্যময় অসম, titled “বড়োসকল”, students learn about one of Assam’s oldest and most culturally rich indigenous communities – the Bodos. This lesson explores their social structure, language, traditions, religious beliefs, and unique identity within Assam’s ethnic mosaic. These notes are tailored for SEBA Class 10 students appearing in the 2025 exam.


📘 পাঠ পৰিচয় (Overview):

এই পাঠত “বড়ো” জনগোষ্ঠীৰ ইতিহাস, ভাষা, ধৰ্ম, সংস্কৃতি, পৰম্পৰা, আৰু সামাজিক সংগঠনৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে।


📌 মূল বিষয়বস্তু:

  • বড়ো জনগোষ্ঠীৰ পৰিচয়
  • ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা
  • বসবাসৰ অঞ্চল
  • উৎসৱ, গান-বাজনা, খাদ্য
  • অসমীয়া সমাজৰ সৈতে সম্পৰ্ক

Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘বড়োসকল’ | Complete Question Answer in Assamese Medium


বৈচিত্র্যময় অসম দ্ৰুতপাঠ

‘বড়োসকল’

দশম শ্ৰেণী

অসমীয়া

১। বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তর্ভুক্ত?

উত্তৰ: বড়োভাষা হৈছে চীনা তিব্বত-বৰ্মীয় ভাষাগোষ্ঠীৰ অন্তর্ভুক্ত।


২। বড়ো ভাষাই কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল?

উত্তৰ: বড়ো ভাষাই ১৯৬৩ চনত প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল।


৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্রন্থৰ নাম লিখা ?

উত্তৰ: বড়োসকলৰ বিষয়ে লিখা দুখন গ্রন্থৰ নাম হৈছে গংগাচৰণ কছাৰীৰ ‘বড়ো ফিছা ও আইন’ আৰু চিত্তৰঞ্জন মোছাহাৰীৰ  ‘ফৈমাল মিজিংক’।


৪। বড়োভাষাৰ প্রথম গ্রন্থখন কি?

উত্তৰ: বড়োভাষাৰ প্রথম গ্রন্থখন হৈছে গংগাচৰণ কছাৰীৰ ‘বড়ো ফিছা ও আইন।


৫। বড়োসকলে পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা।

উত্তৰ: বড়োসকলে পৰম্পৰাগতসাজপাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম হৈছে দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখ্ৰেব, থাইগিৰ বিবাৰ, হাজৌ আগৰ ইত্যাদি।


৬। চমুটোকা লিখা:

ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী: ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আছিল এজনপ্রখ্যাত নৃত্য শিল্পী। তেখেতৰ জন্ম হৈছিল ১৯২৬ চনত, গোসাইগাওঁ মহকুমাৰ অন্তর্গত বামুণকুৰা গাঁৱত। তেখেতৰ প্রচেষ্টাতে বড়ো নৃত্য ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়লৈ উন্নীত হয়।

ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে অংশগ্রহণ কৰা কেইটামান মুখ্য অনুষ্ঠান হৈছে-

ক) ১৯৫৫ চনত দিল্লীত হোৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্রদর্শনী অনুষ্ঠানত বিবাহ গীত পৰিৱেশন।

খ) ১৯৫৭ চনৰ ২৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত গণতন্ত্র দিৱসত সাংস্কৃতিক দলৰ অংশগ্রহণ ।

গ) ১৯৯২ চনত এছিয়া মেলা ১৩-ত বড়ো নাছিনা নৃত্য প্রদর্শন।

ঘ) ১৯৭৬ চনত গুৱাহাটীত হোৱা ভাৰত- ছ’ভিয়েট  মন্ত্রী  সন্মিলনত বড়ো কৃষ্টি প্রদর্শন।

ঙ) ১৯৮২ চনৰ ২৯ জুলাইত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা ‘জনজাতি লোক-নৃত্য প্রদর্শনী অনুষ্ঠানত অংশ গ্রহণ।

এইজনা প্রখ্যাত শিল্পীয়ে ১৯৮২ চনত ‘সংগীত নাটক একাডেমী’ বঁটা লাভ কৰিছিল।


খ) শোভা ব্রহ্মঃ শোভা ব্রহ্ম ভাৰতৰ এজন প্রখ্যাত ভাস্কর্যবিদ আৰু অসমৰ কলা জগতৰ পথ প্রদর্শক। তেখেতৰ জন্ম হৈছিল ১৯২৯ চনৰ ১৮ অক্টোবৰ তাৰিখে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত।ললিত কলাৰত্ন ড° শোভা ব্রহ্মদেৱে ১৯৫০ চনত ৰবীন্দ্রনাথ ঠাকুৰৰ শান্তি-নিকেতনত নাম ভর্তি কৰি ১৯৫৭ চনত সুখ্যাতিৰে শিল্প বিষয়ত স্নাতক ডিগ্রী লয়। নিজৰ শিল্পকলাক নতুন ৰূপে সুসজ্জিত কৰি গঢ়ি তুলিবৰ বাবে নিৰলস-প্রচেষ্টা চলাই যোৱা ব্রহ্মদেৱক ১৯৬৪ চনত চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছিল। তেখেতৰ প্ৰতিখন ছবিয়ে একোখন কিতাপৰ দৰে। তেখেতৰ ছবিসমূহ দেশ-বিদেশৰ অনেক ঠাইত প্রদর্শন কৰা হৈছে আৰু দেশৰ বিভিন্ন সংগ্রহালয়ত স্থান দিয়া হৈছে।

নিজৰ কৰ্মৰাজিৰ বাবে ৰাজ্যিক পর্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিভিন্ন বঁটা পাবলৈ সক্ষম হোৱা ব্রহ্মাদেৱে সাহিত্য চর্চাও কৰিছিল আৰু ভালেকেইখন গ্রন্থ প্রকাশ কৰিছিল।

চিত্র শিল্প আৰু ভাস্কৰ্যৰ লগতে সাহিত্য চর্চাত প্রাণ ঢালি দিয়া এইজন মহান শিল্পীৰ দেহাৱসান ঘটে ২০১২ চনৰ ৫ মার্চ তাৰিখে।


গ) বিনেশ্বৰ ব্ৰহ্ম: শ্বহীদ বিনেশ্বৰ ব্রহ্ম এজন তীক্ষ্ণ মেধাসম্পন্ন, বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক আছিল। তেখেতৰ জন্ম হৈছিল ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত। ‘হিন্দুস্তান সাৰ নিগম’ আৰু কৃষি সম্প্রসাৰণ বিভাগত চাকৰি জীৱন আৰম্ভ কৰি পিছলৈ পদোন্নতি লাভ কৰা ব্রহ্মাদেৱে বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী, ৰাজবংশী আদি আঠটা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল।

বিনেশ্বৰ ব্রহ্ম ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সম্পাদক আছিল। তেখেতে দুটা কার্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। তেখেতে দুখন কবিতাপুথি আৰু এখন প্রবন্ধ পুথি প্রকাশ কৰিছিল।

২০০০ চনৰ ১৯ আগষ্ট তাৰিখে নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেখেতৰ মৃত্যু হয়।


📘 Chapter Summary (সংক্ষেপ):

বড়ো জনগোষ্ঠী অসমৰ এক গুৰুত্বপূর্ণ আদিবাসী গোট। তেওঁলোকৰ নিজা ভাষা, ধৰ্মীয় বিশ্বাস, আঞ্চলিক সংস্কৃতি, আৰু সামাজিক সংগঠন অসমীয়া সমাজক বৈচিত্র্যময় বনাই তোলে।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com



Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘বড়োসকল’ Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


📘 FAQs – Frequently Asked Questions:

Q1: Who are the Bodo people in Assam?
A: They are one of the earliest ethnic groups in Assam, known for their language, music, and tribal culture.

Q2: Why is this chapter important?
A: It educates students about the ethnic diversity and heritage of Assam, useful for Rapid Reader and essay-type questions.

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment